ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় J : ৰামানুজনৰ সাস্থ্য পৰিল

 

J-1 আৱেগিক হেঁচা :

অধ্যায় F-ত কোৱাৰ দৰে ৰামানুজনৰ ‘আৱেগিক তৰপটো’ৱে তেওঁ ইংলেণ্ডত থকা দিনকেইটাৰ সময়ত ভালেখিনি হেঁচাৰ সন্মুখীন হৈছিল। এয়া আছিল দুটা কাৰণত। প্ৰথম কাৰণটো আছিল সেই যুগ বা কালটো, যিটো কালত ৰামানুজনে অৱস্থান কৰি আছিল। সেই সময়ত ভাৰতীয় সমাজত, প্ৰধানতঃ দক্ষিণ-ভাৰতীয় সমাজখনত, সামাজিক-মতামতৰ ধাৰণাটো শতিকাজোৰা সাংস্কৃতিক শোষণ আৰু সুপ্ত অৱস্থাৰ প্ৰভাৱটোৰ পৰা মুক্ত হৈ উঠা নাছিল। এয়া আছিল বহু পৰিমাণে কুপমণ্ডকতাৰে ভৰা যেন। সামাজিক মূল্যবোধ আছিল নিম্ন পৰ্যায়ৰ। অত্যাধিক মূল্য আচৰণ-অনুষ্ঠানৰ স’তেহে জড়িত আছিল। কোনো আনুষ্ঠানিক ‘ফৰ্ম’ৰ প্ৰতি অসন্মতি প্ৰকাশত আৱেগে অতি সহজে বিৰক্ত কৰিছিল। আনকি দেশৰ ভিতৰতো মানুহৰ খুব কম আহ-যাহ ঘটিছিল। প্ৰকৃততে মানুহৰ মনৰ ওপৰত এনে ধৰণৰ ‘আহ-যাহ’ৰ একোটা সু-প্ৰভাৱ থাকে। ই অন্যান্য আচাৰ-অনুষ্ঠানৰ প্ৰভাৱেৰে সমভাৱে ভাল জীৱন-যাপন কৰা আৰু সমান ভাল ফল পোৱাত প্ৰত্যয় নিওৱাৰ বাবে মানুহক সক্ষম কৰি তোলে। এই কালত মুষ্টিমেয় কেইজনমান ল’ৰাইহে নিজৰ ঘৰৰ পৰা ৫০ মাইল আঁতৰলৈ ভ্ৰমণ কৰিছিল। এই দুৰত্ব চিহ্নিত হৈছিল এনে এটা অঞ্চলত য’ত দৃষ্টিভংগীৰ সমতা আৰু মূল্যবোধৰ মাপ আছিল আৱেগক প্ৰভাৱিত কৰা বিষয়ৰ ক্ষেত্ৰত। এয়া সঁচা যে, যেতিয়া ৰামানুজনে এক আৱেগক প্ৰভাৱিত কৰা বিষয়ৰ ক্ষেত্ৰত। এয়া সঁচা যে, যেতিয়া ৰামানুজনে এক আৱেগৰ তাড়নাত বিশাখাপট্টনমলৈ লৱৰি আহিছিল, তেওঁ তেওঁৰ ঘৰৰ পৰা ৫০০ মাইল আঁতৰি আহিছিল। কিন্তু তেওঁৰ জিলাখন আৰু সেই দূৰ ঠাইখনত মূল্যবোধৰ জোখত পাৰ্থক্য দেখিবলৈ বুলি তেওঁ যথেষ্ট দিন ধৰি নৰ’ল। আনকি এই পাৰ্থক্য দেখাৰ সুযোগ পাইছিল যদিও, ইতিমধ্যেই তেওঁৰ আৱেগৰ বাসটোত সোমাই থকা তেওঁৰ মূল্যবোধৰ জোখক পুনৰ্মূল্যায়ন কৰিবলৈ তেওঁক সহায় কৰিবলৈ বুলি ই যথেষ্ট ধৰণে প্ৰভাৱশীল হৈ উঠা নাছিল।

 

J-1.1 ইংৰাজ মূল্যবোধৰ জোখৰ মাপটোৰ আশ্চৰ্যতা :

ৰামানুজনক হঠাতে ইংৰাজ সমাজখনৰ মাজত পেলোৱা যেন হৈছিল, যাৰ আৱেগিক মূল্য এক ভিন্ন ধৰণৰ আছিল। উদাহৰণস্বৰূপে, ৰামানুজনে পিতৃ-মাতৃ আৰু প্ৰাপ্তবয়স্ক সন্তানৰ মাজত তেওঁ অভিজ্ঞতা লভি থকা চিনাকি ভাৰতীয় সমাজখনৰ একেধৰণৰ স্পষ্ট আৱেগিক আসক্তি বিচাৰি পোৱা নাছিল। তেওঁলোক একেলগে বাস নকৰিছিল। তাত কোনো যৌথ-পৰিয়ালৰ ব্যৱস্থা নাছিল। ভাৰতীয় সমাজ বৰ্তি থকা, মৃত পিতৃ-মাতৃলৈ বুলি আগবঢ়োৱা বাৰ্ষিক উদযাপনৰ দ্বাৰা বৈশিষ্ট লভা, ধৰ্মীয় আৱেগিক আসক্তিখিনি ইংলণ্ডত বিচাৰি পোৱা নগৈছিল। মৃত পিতৃ-মাতৃক সুঁৱৰি কেবাঘণ্টাও ধৰি আচাৰ-অনুষ্ঠানৰ মাধ্যমেৰে চলা, প্ৰায় এটা সপ্তাহৰ বাৰ্ষিক উদযাপনৰ দিনটো আছিল অত্যন্ত অনাড়ম্বৰ আৰু উৎসৰ্গিত ভাৱনাৰ। পিতৃ বা মাতৃৰ অশৰীৰী আত্মাক আহ্বান কৰা হৈছিল আৰু আন্তৰিকতা তথা নিষ্ঠাৰে ‘যচা’ (offerings) দিয়া হৈছিল। ইয়াৰ বিপৰীতে ইংৰাজ সমাজত এনে একোৱেই নাছিল। এতিয়া আমি সেই কালৰ পৰা প্ৰায় অৰ্ধশতিকা আগুৱাই আহিলোঁ। এতিয়া হয়তোবা কোনো ভাৰতীয় যুৱকে এনেবোৰ বাৰ্ষিক উদযাপনৰ মাজত সোমাই থকা গভীৰ প্ৰমূল্যখিনি দেখিবলৈ নাপায়। সাংস্কৃতিক পৰিৱেশৰ এই আশ্চৰ্যতাই ৰামানুজনৰ ওপৰত এক আৱেগিক হেঁচাৰ কাৰক হৈ পৰিছিল। সাংস্কৃতিক পৰিৱেশৰ এই হঠাৎ পৰিৱৰ্তনে ৰামানুজনক দুখ দিছিল। তাৰোপৰি কেম্ব্ৰিজত এনেবোৰ বিষয়ে আপোনভাৱে আলোচনা কৰি এনে অনুভৱৰ উপশম ঘটাবলৈও কোনো নাছিল। মন কৰিবলগীয়া কথাটো হৈছে এই যে শ্ৰীনিবাস ৰামানুজনৰ দৰে কঢ়া ভাৰতীয় মনৰ অধিকাৰীজনৰ ক্ষেত্ৰতহে এনে ঘটিছিল। তুলনামূলকভাৱে অৰক্ষণশীল মনৰ ভাৰতীয়ৰ ক্ষেত্ৰত নিশ্চয়কৈ এয়া নঘটিলহেঁতেন।

 

J-2 শাৰীৰিক হেঁচা :

আনহাতে খাদ্যাভাষ হৈ পৰিছিল শাৰীৰিক হেঁচাৰ এক উৎস। ৰামানুজন এনে এজন ব্যক্তি আছিল, যিজন সদায় নিজৰ পৰিয়ালৰ মাজত আছিল বা তেওঁৰ অতি আত্মীয়ৰ মাজত আছিল। তেওঁ আছিল এটা ঘৰুৱা পৰিৱেশৰ মাজত। তেওঁৰ সমগ্ৰ দৈহিক পদ্ধতিটো কম-বেছি পৰিমাণে এক নিৰ্দিষ্ট খাদ্যাভাসৰ স’তে জড়িত হৈ আছিল। তেওঁৰ খাদ্যৰ সোৱাদ বা খোৱাৰ সময় বা তেনেধৰণৰ কথা-কাণ্ডবোৰ সুনিৰ্দিষ্ট আৰু অপৰিৱৰ্ত্তনীয় হৈ পৰিছিল। এনেধৰণৰ কথাবোৰ বেলেগ হৈ থকা এখন সমাজলৈ নোযোৱা পৰ্যন্ত তেওঁ অনুভৱ কৰিব নোৱাৰিছিল যে তেওঁৰ ওপৰত এই খাদ্যাভাসৰ কিযে এক ভয়ানক প্ৰভাৱ কৰি ৰৈছে। এয়া অকল বিশেষ কিছুমান খাদ্যৰ প্ৰতি থকা তেওঁৰ আৱেগিক আসক্তিৰ কথায়েই নহয়। এয়া গ্ৰন্থি সম্বন্ধীয় আৰু শৰীৰবিদ্যা সম্পৰ্কীয় একোটা ঘটনা যি সাধাৰণতে ব্যক্তিজনক অতীষ্ঠ কৰি তোলে। ৰামানুজন ইংলণ্ডত থকা কালছোৱাত তেওঁ আনকি কদাচিতো তেওঁৰ স্বাভাৱিক ভাৰতীয় খাদ্যৰ সোৱাদ ল’ব পৰা নাছিল। যুদ্ধৰ অৱস্থাটোৱেও কথাবোৰ বেছি বেয়া কৰিছিল। কিন্তু ইতিমধ্যে ১৯২৪-২৫ চনত ৰংগনাথন ইংলণ্ডত থকা সময়খিনিত এয়া অলপ সলনি হৈছিল। পিকাডেলীত অন্ততঃ এখন দোকান হৈছিল য’ত কোনোবাই কিছু ভাৰতীয় খাদ্যবস্তু বিচাৰি পাইছিল। সেই সময়ত লণ্ডনত এটা বা দুটা পৰিয়ালে ভাৰতীয় ধৰণত ৰান্ধিবলৈ শিকিছিল। ৰংগনাথনৰ লগৰ ছয়জনে এগৰাকী মালিকক ভাৰতীয় ধৰণত ৰান্ধিবলৈ শিকাইছিল। তেওঁলোকৰ ঘৰ আছিল ‘১৪২ এলগিন এভিনিউ-মাই ডেভেল’ত। এয়া আছিল প্ৰায় দহ বছৰ ধৰি কেবাজনো ভাৰতীয় ছাত্ৰৰ আহ-যাহ কৰা অঞ্চল। মিচেছ পিটাৰ্চন নুঢুকোৱা পৰ্যন্ত, কেবামাহৰ মূৰত তেওঁৰ ভাৰতীয় খাদ্যৰ জুটিয়ে তেওঁলোকক এক সুখ তথা আৰাম দিছিল। সেই দহ বছৰত কেবাজনো ভাৰতীয় ছাত্ৰই সেই ঘৰৰ পৰা পোৱা ‘খাদ্যসান্তনা’ বা ‘খাদ্য-সুখ’ৰ কথা ৰংগনাথনলৈ লিখিছিল। আজি অৱশ্যে কথাবোৰ বহুত উন্নত। এতিয়া বহুত ভাৰতীয় ৰেস্তোৰা হৈছে। আনকি মালাবাৰ, তামিল, গুজৰাটী, বেংগলী খাদ্য আদিকে ধৰি বিভিন্ন বিশেষ ধৰণৰ ভাৰতীয় খাদ্যৰ ৰেস্তোৰাও হৈছে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ভাৰতীয় খাদ্য বিক্ৰী কৰা কেবাখনো ভাৰতীয় দোকান হৈছে। সেয়ে খাদ্যৰ ক্ষেত্ৰত আজি আৰু ইংলণ্ডলৈ যোৱা এজন ভাৰতীয় যুৱকে ৰামানুজনে তেওঁৰ দিনত পোৱা সেই কষ্ট পাবলগীয়া নহয়। ৰামানুজনৰ খাদ্যৰ ক্ষেত্ৰত খাপ খুৱাব নোৱাৰা পৰিস্থিতি বা নিজে ৰান্ধি খাবলগীয়া হোৱা পৰিস্থিতি বা তেওঁৰ পৰিচিত ভিন্নধৰণৰ ভাৰতীয় খাদ্যৰ অভাৱ ইত্যাদিয়ে তেওঁক ক্ৰমান্বয়ে নিম্ন পুষ্টিলৈ আনিছিল।

পঠনীয়:  বিজ্ঞানৰ সীমাবদ্ধকতাৰ ফাঁকবোৰত অন্ধবিশ্বাসৰ ভেঁকুৰ

 

J-3 বৌদ্ধিক জীৱনৰ সম্পূৰ্ণতা :

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা পোৱা ২০০ পাউণ্ড আৰু ট্ৰিনিটিৰ পৰা দৰ্শনী হিচাবে পোৱা ৬০ পাউণ্ডেৰে ৰামানুজনে তেওঁৰ বছৰেকীয়া আয় পৰ্যাপ্ত ভাৱেই পালে। আনকি তেওঁ ইয়াৰ আটাইখিনি খৰছেই কৰিব নোৱাৰিছিল। জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ এটা সুখদায়ক অৱস্থা পালে। গতিকে ওপৰত বৰ্ণোৱা আৱেগিক আৰু শাৰীৰিক হেঁচা সত্বেও ৰামানুজনে তেওঁৰ বৌদ্ধিক জীৱনটো পিছে কেম্ব্ৰিজত পোৱা প্ৰখ্যাত গণিতজ্ঞকেইজনৰ সংগত এক বিৰাট ৰুচিৰেই পাৰ কৰিছিল। বোধকৰোঁ, অনুকূল গাণিতিক পৰিৱেশৰ ফলত হোৱা তেওঁৰ আৱেগিক যন্ত্ৰণা সম্ভৱতঃ দূৰ হোৱা নাছিল, ই ফল্গু হৈ পৰিছিল। তেওঁৰ এটা ফালক, অসচেতনতাই খাই শেষ কৰা যেন হৈছিল। নিম্ন পুষ্টিয়ে তেওঁৰ শৰীৰটোক ক্ষয় নিয়াইছিল। শাৰীৰিক আৰু আৱেগিক জীৱনটোৰ ওপৰত বৌদ্ধিক জীৱনটোৰ আধিপত্যটোৱে তেওঁৰ আৰু তেওঁৰ সহকৰ্মীৰ মনত স্বাভাৱিক এক ভ্ৰান্তি উদয় কৰিছিল যে, তেওঁৰ স্বাস্থ্যৰ সম্পৰ্কত যেনিবা সকলো ঠিকেই আছে। কাৰণ, ১৯১৭ চন পৰ্যন্ত লুপ্তপ্ৰায় হেঁচাটোক তেওঁৰ শৰীৰে কোনো সুৰুঙা উলিয়াই দিয়া নাছিল।

 

J-4 সন্দেহজনক বেমাৰ :

১৯১৭ চনৰ মে’ মাহত, মাদ্ৰাজ বিশ্ববিদ্যালয়ে হাৰ্ডিৰ পৰা অৱগত হ’ল যে, ৰামানুজন এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈছে। এই অনুভৱেৰে পৰামৰ্শ আহিছিল যে তেওঁক অনতিপলমে ক্ৰান্তীয় বা ট্ৰপিক অঞ্চললৈ লৈ যাব লাগে। হ’লেও, এই পথ অতিক্ৰমত সমস্যাও আছিল। প্ৰধানতঃ যুদ্ধৰ দাবীৰ খাতিৰত ভাৰতবৰ্ষত সক্ষম চিকিৎসকৰ ঘাটি পৰিছিল। সেয়ে শাৰীৰিক আৱেগিক সুবিধাৰ অসহায় কাৰকবোৰৰ উপস্থিতি সত্বেও ৰামানুজন ইংলণ্ডতেই থাকিব বুলি সিদ্ধান্ত লোৱা হৈছিল। ১৯১৭ চনৰ গ্ৰীষ্মত তেওঁক কেম্ব্ৰিজৰ এখন নাৰ্চিংহোমলৈ লৈ যোৱা হ’ল। তেওঁক ৱেলছ্, মটলক আৰু লণ্ডনৰ চেনিটৰিয়ামলৈ লৈ যোৱা হৈছিল। ১৯১৮ চনৰ শেষৰ ফালে এয়া নিশ্চিত হৈছিল যে তেওঁৰ দেহত ‘টিউবাৰকিউলচিছ্’এ বাহ লৈছিল।

 

J-5 গৃহলৈ বুলি ওভটনি :

ইংলণ্ডৰ জলবায়ুৱে তেওঁৰ স্বাস্থ্য পুনৰোদ্ধাৰত বিলম্ব কৰা বুলি জনাৰ পিছত, তেওঁ ১৯১৯ চনৰ ফেব্ৰুৱাৰীত ‘এছ্ এছ্ নাগোয়া’ জাহাজত ইংলেণ্ড এৰিলে। ৰামানুজনৰ মাক আৰু এজন ভায়েকে তেওঁক বোম্বাইত আদৰিবলৈ বুলি গ’ল। তেওঁৰ স্ত্ৰী জানকীক তালৈকে নিনিয়াত তেওঁ হতাশ হৈছিল। বোম্বাইত তিনিদিন জিৰোৱাৰ পিছত ২ এপ্ৰিলত তেওঁ মাদ্ৰাজ পালে। তাত তেওঁৰ স্ত্ৰীয়ে তেওঁক লগ ধৰে। সেই সময়ত তেওঁৰ স্বাস্থ্য পুৰামাত্ৰায়েই বেয়া আছিল। শৰীৰ শুকাই-খীণাই আহিছিল। সেয়ে তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু গুণমুগ্ধসকল অতি উদ্বিগ্ন হৈ পৰিছিল। তেওঁলোকে আশা কৰিছিল যে, মাতৃভূমিলৈ লগতে পিতৃ-মাতৃৰ ওচৰলৈ বা তেওঁৰ পূৰ্বৰ বন্ধু-বান্ধৱসকলকে ধৰি মাদ্ৰাজৰ সৰু বিজ্ঞানৰ সমাজখনৰ যিয়ে তেওঁৰ কৃতিক প্ৰশংসা কৰিছিল সেইসকলৰ ওচৰলৈ তেওঁৰ প্ৰত্যাৱৰ্ত্তনে, তেওঁৰ পৰা স্বাস্থ্যৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। যদিওবা ৰামানুজনৰ কৃতিসমূহৰ স’তে তেওঁলোকে নিজক পৰিচয় কৰি ল’ব পৰা নাছিল, তথাপি আশা কৰিছিল যে এই প্ৰভাৱে হয়তোবা আৰু এনেক বিচিত্ৰ খণ্ডৰে তেওঁৰ চমক লগোৱা প্ৰতিভাৰ ফল পৃথিৱীক দিব পাৰিব। কেম্ব্ৰিজৰ পৰা এনেকৈ কোনোৱে লিখা বুলি তেওঁলোকে শুনিছিল যে, হেনো নিউটনৰ পিছত আৰু কোনো এজনেই তেওঁৰ সমতুল্য নহয়। এয়া সঁচা যে এই প্ৰতিভাধৰৰ ইয়াতকৈ বেছি আৰু একো গুণানুকীৰ্ত্তন হ’ব নোৱাৰে।

পঠনীয়:  ৰামানুজনৰ কেটোৰময় ক’লা কিলাকুটিটো

 

J-6 শেহৰ মাহকেইটা :

ৰামানুজনে মাদ্ৰাজ, কোমদুমুদি, (কাৱেৰী নৈ পাৰৰ এখন গাওঁ) আৰু তেওঁৰ ঘৰ-চহৰ কুম্বোকোনমকে ধৰি বিভিন্ন ঠাইত, জীৱনৰ শেহৰফালে প্ৰায় ৯ মাহকাল কটাইছিল। চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তেওঁৰ স্বস্থ্যৰ অৱনতি সম্পৰ্কত অতি উদ্বিগ্ন হৈ আছিল। ১৯২০ চনৰ জানুৱাৰীত, তেওঁক চিকিৎসাৰ বাবে মাদ্ৰাজলৈ যাবলৈ খাটনি ধৰা হৈছিল। মাদ্ৰাজ চৰকাৰৰ টিউবাৰকিউলচিছ বিশেষজ্ঞ ডঃ পি. এচ. চন্দ্ৰশেখৰ আয়াৰ আৰু অন্যান্য চিকিৎসক বন্ধুৱে তেওঁক চোৱা-চিতা কৰি আছিল। টি. নিউম্বাৰুমল চেট্টিয়ে তেওঁক ‘চ্চেট্-পেট্-হাউচ্’ বিনা খৰছত দিছিল। এছ. শ্ৰীনিবাস আয়াৰে তেওঁৰ সকলো খৰছ বহন কৰিছিল। আনহাতে মাদ্ৰাজ বিশ্ববিদ্যালয় চিণ্ডিকেটৰ সভ্যসকলেও তেওঁৰ খৰছলৈ বুলি নিজাববীয়া বৰঙণি তুলিছিল। এই সময়তেই ৰামানুজনৰ মাক গৈছিল জি. ভি. নাৰায়ণস্বামীৰ ওচৰলৈ অতি উদ্বিগ্ন চিত্তে আৰু দুখেৰে (B-24ত বৰ্ণোৱাৰ দৰে)। সেই সময়ত মাদ্ৰাজত পাব পৰা অতি উত্তম চিকিৎসা সহায় পোৱা স্বত্ত্বেও ১৯২০ চনৰ ২৬ এপ্ৰিলত চ্চেটপেটত পিতৃ-মাতৃ, ঘৈণীয়েক, ভাতৃ, বন্ধু-বন্ধৱ আৰু গুণ-মুগ্ধসকলৰ মাজতেই ৰামানুজনে ইহ-সংসাৰ ত্যাগ কৰিছিল।

 

J-7 এটা গাণিতিক উল্কা :

মহান লোকসকল উল্কাৰ দৰেই আহে আৰু যায়। তেওঁলোক উজলি উঠে আৰু নিজকে সংহাৰ কৰে অকালতে। তেওঁলোকে সদৰী কৰে এক নতুন পদচিহ্নৰ লানি। দৰ্শনৰ জগতত শংকৰ আছিল এনে এক লব্ধপ্ৰতিষ্ঠ। ধৰ্মৰ জগতত যীশু, তেনেদৰে গণিতৰ জগতত আবেল আৰু গেল্ওৱা। এইসকল আছিল পূৰ্বৰ কালৰ। ৰামানুজনো আছিল এনে এজনেই। আমাৰ কালৰ।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment