ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় N : ৰামানুজন মানুহজন

N-1 চকুযোৰ :

এইখিনিতে আমি গণিতৰ মানুহ, ৰংগনাথনৰ দৃষ্টিত ৰামানুজনৰ চকু আৰু এই সন্দৰ্ভত তেওঁৰ অন্তঃবিশ্লেষণ কেনেনো অতি মোহনীয়ভাৱে উচ্চমানৰ তাকেই মন কৰিছোঁ।

এজন মানুহৰ চকু দুযোৰ খিড়িকী এখনৰ দৰে, যাৰ মনে ছালৰ বাহিৰৰ পৰা বাতৰি গ্ৰহণ কৰে। ইয়াত ইহঁতৰ একোটা মাত্ৰা থাকে আন ইন্দ্ৰিয়বোৰৰ দৰেই। কিন্ত সিহঁতৰ সম্পূৰ্ণ বেলেগ এটা কৰ্ম ব্যৱস্থাও আছে। এইটো কিছু সুস্পষ্টভাৱে বেলেগ। ইহঁতো খিড়িকীৰ দৰে যাৰ আমি ব্যক্তিৰ মানসিক আৰু আত্মিক গুণবোৰৰ এক জলক পাব পাৰোঁ। এই গুণবোৰ, আচলতে ব্যক্তিৰ শাৰিৰীক অৱয়বটোৰ দ্বাৰা লুকাই থাকি আঁতৰি থাকে— ই কুৎসিতেই হওক বা ধুনীয়াই হওক অথবা এই দুই চৰম পৰ্যায়ৰ মাজতেই হওক।

‘ৰামান মহৰ্ষি’য়ে অবিভ্ৰান্তভাৱেই খুলি দিছিল তেওঁৰ আত্মোপলব্ধি। কবি বাল্মিকীয়ে চকুৰ এই দৰ্কাৰী কৰ্ম চকুত পেলায়, বিভিন্ন ঠাইত।

উদাহৰণ হিচাপে, হনুমান এজন অচিনাকি ব্যক্তি সীতাৰ বাবে। যেতিয়া তেওঁ সুদূৰ লংকাত বন্দী অৱস্থাত আছিল। তেওঁ সীতাৰ ওচৰলৈ গৈছে ৰামৰ পৰা এটা বাতৰি লৈ, এজন দূত হিচাপে। দূতজনৰ বিশ্বাসযোগত্যাৰ সন্দেহৰ অৱকাশ নাৰাখিবলৈ সীতাই সুধিছে হনুমানক, ৰামৰ দৈহিক বৰ্ণনা। এই কৰিবলৈ যাওঁতে তেওঁ প্ৰশ্ন কৰিছে, তেওঁৰ বাহুৰ গঠনৰ কথা, তেওঁৰ শৰীৰ, তেওঁৰ ভৰি আৰু এনেদৰে ল’লে তেনে কেতবোৰ। হনুমানে এয়া অতি চতুৰভাৱে ল’লে। তেওঁক বান্ধিবলৈ কৰা কৌশলটোক এনেদৰে ল’লে। এইবোৰৰ সবিশেষ কোৱাৰ ঠাইত তেওঁ আৰম্ভ কৰিলে ৰামৰ চকুৰ বৰ্ণনাৰে। যেতিয়া কোনোৱে ৰামক চায়, তেনেহ’লে চকুৰ বাদে কোনে বাৰু অন্য অংগ চাব? চকুৱে সঁচাকৈ যেন ছাঁত প্ৰক্ষেপ কৰে এজন মানুহৰ সকলো অইন দৈহিক বৈশিষ্ট্য তেওঁ ধুনীয়াই হওক বা কুৎসিতেই হওক। ৰামৰ ক্ষেত্ৰত, তেওঁৰ চকুৰ সৌন্দৰ্য্যৰ দ্বাৰা আনৰ চকুৰ পৰা স্পষ্টভাৱে ধুনীয়া শৰীৰ এটা ঢাক খাই আছিল।

ৰামানুজনৰ ক্ষেত্ৰতো সেয়া। তেওঁৰ সকলো শাৰিৰীক বৈশিষ্ট্য আমাৰ পৰা আঁতৰি যায়, যেতিয়াই আমি তেওঁৰ সমুখা-সমুখী হওঁ, তেওঁৰ স’তে কথা পাতো বা তেওঁৰ কথা আমি শুনো। এয়া অকল চকু, যিয়ে আমাৰ মনক ব্যস্ত ৰাখে। ইয়াত সোমাই থকা উজ্জ্বলতা বাঢ়ি আহিব ইয়াৰ মোহনীয়তাত আৰু প্ৰাবল্যতাত, যেনেদৰে তেওঁৰ কথোপকথন বা তেওঁৰ কথাৰ মাজেৰে উষ্ম কৰি তুলিছিল। সঁচাকৈয়ে চকুযুৰিয়ে ৰামানুজন মানুহজনক দেখুৱাইছিল।

 

N-2 ব্যক্তিগত গুণসমূহ :

N-2.1 লাজুকতা :

ৰামানুজন আছিল লাজুক মানসিক প্ৰকৃতিৰ। তেওঁৰ মুখমণ্ডলে দেখুৱাইছিল যে তেওঁ তন্ময় মগন। ইয়ে প্ৰভাৱটো বঢ়াইছিল, তেওঁৰ লাজুকতাৰ। কিন্ত যেতিয়া অন্তৰংগ বন্ধুৰ মাজত থাকে, তেতিয়া তেওঁ খুবেই আলোচনা বা কথাৰ ভাগলোৱা বিধৰ হৈ থাকে। তেওঁলোকৰ স’তে আলোচনা উপভোগ কৰে। যদি বিষয়বস্ত দৰ্শন সম্বন্ধীয় হয় বা ভাৰতীয় কোনো ধ্ৰপদী বিষয়ৰ হয়, তেনেহ’লে তেওঁ এক লক্ষনীয় জোখলৈ উষ্ণ হৈ উঠে। এনেকুৱা বিষয়ত তেওঁ স্বতঃস্ফূৰ্ত্তভাৱে, প্ৰকাশ কৰে, তেওঁৰ ধাৰণাসমূহ কোনোধৰণৰ লাজুকতাৰ ৰেশ নথকাকৈ। আনকি অচিনাকিসকলৰ মাজতো। পুনৰ সংখ্যাৰ ৰহস্যজনক বৈশিষ্ট্য প্ৰকাশ কৰোঁতে, তেওঁ কোনো লাজুকতা প্ৰদৰ্শন নকৰিছিল। এই সকলোবোৰ সত্বেও ৰামানুজন সাধাৰণতে গুচি গৈছিল এজন লাজুক ব্যক্তি হ’বলৈ বুলিহে।

 

N-2.2 বৌদ্ধিক-ধেমালী আৰু ব্যংগ :

অধ্যায় M ত দিয়া তেওঁৰ কলেজৰ বন্ধুসকলৰ স্মৃতিচাৰণখিনিয়ে দেখুৱায় যে, তেওঁৰ বৰ ওখ খাপৰ ৰসিকতাৰ ধাৰণা আছিল। তেওঁৰ বৌদ্ধিক ধেমালিও লেখত ল’বলগীয়া বিধৰ আছিল। তেওঁৰ বৌদ্ধিক ধেমালি আৰু ৰসিকতাই জীৱনৰ শেষৰ ফালে আনকি তেওঁ টিউবাৰ-কিউলছিছত ভুগি, পৰি থাকোতেও লগ এৰা নাছিল। শ্ৰীমতী ৰামানুজনে এনে কেইটামান শোকলগা উদাহৰণ ৰংগনাথনক খুলি কৈছিল।

১৯১৯ চনত তেওঁ ঘৰলৈ ফিৰি অহাৰ পিছত, তেওঁ মাথোন এবছৰহে জীয়াই আছিল। তেতিয়া তেওঁ টিউবাৰকিউলছিছেৰে অতি বেমাৰী হৈ আছিল। তেওঁ বিছনাত পৰি আছিল। প্ৰথম কেইমাহমান কাবেৰী নৈৰ পাৰৰ এখন গাওঁ কোদুমুদিত কটাইছিল। ডাক্তৰসকলৰ মতামত আছিল যে, ঠাইখন খুব বেছিকৈ ভোগা টিউবাৰ কিউলছিছৰ দৰে বেমাৰী এজনৰ বাবে বেছি আৰ্দ্ৰ। তেওঁলোকে তেওঁৰ থকা ঠাই অনুমোদন কৰিছিল টাঞ্জাভুৰত, এখন আপেক্ষিকভাৱে শুকান ঠাই। চৰকাৰ আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ে তেওঁক টাঞ্জাভুৰলৈ যাবলৈ খাটনি ধৰিছিল। এয়া শুনি, তেওঁ ‘টাঞ্জাভুৰ’ শব্দটি কৌতুকেৰে কৈ ইয়াক তিনিটা টুকুৰাত ভাঙি কৈছিল ‘টান’, ‘চভু’ আৰু ‘উৰ’ আৰু তেওঁৰ ঘৈণীয়েকৰ প্ৰতি কৈছিল, তেওঁলোকে মোক ‘টান’-‘চভু’-‘উৰ’-মৃত্যুৰ ঠাইলৈ যোৱাটো বিচাৰিছে। এইটো হৈছে ভাঙি দেখুৱা গঠনত তামিলত ইয়াৰ ভাষাগত অৰ্থ। পিছত, চৰকাৰ আৰু বিশ্ববিদ্যালয়ে তেওঁক মাদ্ৰাজ নগৰীৰ এখন মহকুমা, তেওঁৰ ঘৰ চহৰ কুম্বাকোনমৰ পৰা চ্চেটপেটলৈ লৈ যায়। সেই ঠাই পোৱাৰ পিছত, তেওঁ মহকুমাৰ নামটোৰ ওপৰত কৌতুক কৰি ভাঙি কৈছিল— যুক্ত তামিলেৰে চ্চট-পট আৰু ঘৈণীয়েকক কৈছিল তেওঁলোকে মোক এনে এখন ঠাইলৈ লৈ আহিছে যে সকলো চ্চট-পট হ’ব। এজন মৃত্যুমুখী মানুহৰ পৰা কিয়ে এক শোকভাৰা কৌতুক ওলাইছিল। এনেকুৱাই আছিল ৰামানুজন মানুহজন।

 

N-2.3 অবিকৃত আৱেগ :

ৰামানুজনক বেয়া পোৱাটো অসম্ভৱ আছিল। তেওঁক কেতিয়াও খঙলৈ বা তিক্ততালৈ বা আপত্তিলৈ বুলি ঠেলি দিব পৰা নগৈছিল। বেলেগলৈ বুলি কোনোধৰণৰ ঠাট্ৰা বা আক্ৰমণাত্মক আচৰণে তেওঁৰ সমতাযুক্ত নিৰ্বিকাৰতাক বিপাঙত নেপেলাইছিল। কোনো মানুহে, যিবোৰে সাধাৰণতে নিজৰ প্ৰবল আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকে ৰামানুজনৰ এই সমতাযুক্ত নিৰ্বিকাৰতাক আৱেগ-প্ৰৱনতাহীন তথা নিৰ্বিকাৰতা বুলি বৰ্ণাইছিল। ইয়াকো আনকি তেওঁ কোনো আপত্তি বুলি নলৈছিল। তেওঁ কৈছিল, তেওঁলোকে তেওঁলোকৰ মূৰ্খতাৰ বাবেহে তেনেদৰে কৈছে। সেয়াই আছিল ৰামানুজন মানুহজন!

 

N-2.4 জীৱনৰ প্ৰতি কোনো বিৰক্তি নাছিল :

ৰামানুজনে তেওঁৰ জীৱনৰ ২৩ টা বছৰ দাৰিদ্ৰতাৰ মাজত কটাবলগীয়া হৈছিল। তেওঁৰ মাক-দেউতাকে তেওঁক বুজিব পৰা নাছিল, যিহেতু নিযুক্তি বা আৰ্জনলৈ পুৰা অমনোযোগীতাৰে তেওঁ বেছিভাগ সময় তেওঁৰ শ্লেটত কিবা কৰি থাকিয়েই ব্যস্ত আছিল আৰু এখন নোটবুকত কেতবোৰ ৰিজাল্ট ক’পি কৰিছিল। তেওঁৰ লগত তেওঁলোক যে বিৰক্ত হৈছিল, এই কোনো এটা কাৰকেও তেওঁক তেওঁৰ নিজৰ জীৱন উপভোগৰ পৰা আঁতৰাই নিব পৰা নাছিল, ই যিমানেই আছুতীয়া নহওক কিয়। তেওঁ কেতিয়াও জীৱনৰ সতে বিৰক্ত হোৱা নাছিল, আনকি ১৯০৫ চনত অতি বেয়া অৱস্থাতো তেওঁৰ ঘৰৰ পৰা দৌৰি গুচি যাওঁতেও। এয়া তেওঁ জীৱনৰ প্ৰতি বিৰক্ত হৈ কৰা নাছিল। তেওঁ এনে কৰিছিল সাময়িকভাৱে তেওঁৰ পৰিৱেশৰ পৰা মুক্তি পাবলৈ বুলি, যিটো তেওঁ শুদ্ধভাৱে বুজা নাছিল।

 

N-2.5 আৱেগিক উষ্ণতা আৰু উৎফুল্লতা :

ৰামানুজনৰ আৱেগে তেওঁক উষ্ণ কৰি তুলিছিল, যেতিয়া তেওঁ আচৰিত অধ্যাত্মতত্ব ব্যাখ্যা কৰিছিল। এনেবোৰ তত্বৰ সহায়ত প্ৰাপক জগতখন বৰ্ণাইছিল। কোনোৱে অনুভৱ কৰিছিল যে তেওঁৰ আৱেগ উষ্মতা নাপাইছিল, যেতিয়া তেওঁ, তেওঁৰ গণিত কৰিছিল। সম্ভৱতঃ এয়া আৱেগৰ উষ্মতাতকৈ বেছি আছিল। গাণিতৰ কোনো গভীৰতাত সোমালে ই তেওঁক গ্ৰাস কৰি থৈছিল।

 

N-2.6 বন্ধুভাবাপন্নতা :

শৈশৱৰ পৰাই, ৰামানুজনৰ এটা সৰু-পৰিধিৰ বন্ধুৰ দল আছিল। তেওঁলোকে তেওঁৰ অসাধাৰণ গাণিতিক ক্ষমতা আৰু দাৰ্শনিক অন্তৰ্দৰ্শন উপভোগ কৰিছিল। এয়া তেওঁৰ বহুতো স্কুলৰ আৰু কলেজৰ সমসাময়িক বন্ধুৱে পৰীক্ষা কৰি পাইছিল। তেওঁৰ গণিতৰ ক্ষেত্ৰখনত জ্যেষ্ঠসকলেও তেওঁৰ মাজত এটা ভাল লগা বন্ধুভাব বিচাৰি পাইছিল। তেওঁলোকে তেওঁৰ সংগ উপভোগ কৰিছিল। ই গণিতৰ সন্ধানৰ ক্ষেত্ৰতেই হওক বা দাৰ্শনিক আলোচনাতেই হওক আৰু ধৰ্মীয় চিন্তা বা অভিজ্ঞতাৰ ক্ষেত্ৰতেই হওক। আনকি তলৰ পৰ্যায়তো কোনোজনে তেওঁৰ সংগ উপভোগ কৰিব পাৰিছিল, চাহৰ মেজত গণিত বা ৰহস্যবাদ, দৰ্শন, ধৰ্ম বা ৰাজনীতি আদি আলোচনা কৰি।

 

N-2.7 নম্ৰতা :

মহান গণিতজ্ঞ হিচাপে স্থান পোৱাৰ পিছতো ৰামানুজনৰ নম্ৰতা আৰু বিনয়ে প্ৰতিজনকে ছুই গৈছিল। এই ক্ষেত্ৰত তেওঁ ‘হৃ’ৰ (নম্ৰতাৰ এক গুণ) এক শৰীৰী হিচাপে দেখা দিছিল। হাৰ্ডিৰ মতে, তেওঁলৈ যেতিয়া বছৰত ২৫৯ পাউণ্ডৰ ট্ৰিনিটি কলেজৰ বৃত্তিটো ঘোষণা কৰা হৈছিল, তেতিয়া ৰামানুজনক অপ্ৰস্তুত আৰু বিব্ৰত হোৱা দেখা গৈছিল। তেওঁ হাৰ্ডিক কৈছিল, মই ইয়াৰ বাবে উপযুক্ত কেনেদৰে হওঁ। এনে স্বাস্থ্যৰে মই এইটো গ্ৰহণ কৰাটো কিমান উচিত হ’ব? তেতিয়া হাৰ্ডিয়ে ক’বলগীয়া হৈছিল, তুমি ইতিমধ্যে বহুত কৰিছা। তুমি যিখিনি কৰিছা তাতকৈ তুমি বহুত বেছি পোৱাৰ বাবে উপযুক্ত। এয়া তোমাক দিয়া হৈছে তুমি যাতে আৰামত জীয়াই থাকিব পাৰা। তুমি য’তে ইচ্ছা কৰা তাতে বাস কৰিব পাৰা। শিক্ষকতাৰ ধাৰাণাটোত বা যিকোনো গৱেষণাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰখনত, ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই। প্ৰকৃততে, তেওঁক মনত পেলাই দিবলগীয়া হৈছিল তেওঁৰ কৃতকাৰ্যতাৰ কথা, আনকি যেনেদৰে ৰামৰ ক্ষেত্ৰত ঘটিছিল লংকাজয়ৰ পিছত। প্ৰথমে সৃষ্টিকৰ্তা ব্ৰক্ষাৰ দ্বাৰা আৰু কিছুদিন পিছত, ঋষি ভৰদ্বাজৰ দ্বাৰা যেতিয়া অযোধ্যালৈ ফিৰি যোৱাৰ পথত শ্ৰীৰামে তেওঁক, তেওঁৰ শ্ৰদ্ধা যাচিবলৈ গৈছিল এলাহাবাদত।

 

N-3 অধ্যৱসায় :

ৰামানুজনৰ অধ্যাৱসায় আছিল অসাধাৰণ। তেওঁ ‘কাৰ’ৰ ‘ছিনোপচিচ’ৰ অকল বালিৰ দৰে শুকান সূত্ৰৰ সংগ্ৰহখন পঢ়িবৰ বাবে মাত্ৰ বৌদ্ধিক প্ৰয়োজনেই হোৱা নাছিল, প্ৰচুৰ অধ্যাৱসায়ৰো প্ৰয়োজন হৈছিল। এয়া ৰামানুজনৰ নিশ্চিতভাৱেই আছিল, আনকি যেতিয়া তেওঁ স্কুলত আছিল তেতিয়াও। কলেজ এৰাৰ পিছত তেওঁ নেৰানেপেৰাকৈ কাম কৰিছিল, ধনৰ প্ৰতি একো মন নকৰাকৈয়ে। এয়া আছিল মাত্ৰ সত্য বাহিৰ কৰিবলৈ আৰু লগতে গণিতৰ সৌন্দৰ্যৰ বাবে। গোটেই দিন আৰু ৰাতি তেওঁ কাম কৰিছিল। তেওঁ কাম কৰিছিল, আনকি মৃত্যুৱে তেওঁৰ দুৱাৰত টুকুৰাওঁতেও।

 

N-3.1 মহা-সৰস্বতীৰ প্ৰিয়জন :

হিন্দু পৰম্পৰা অনুসৰি, তেওঁ আছিল সম্পূৰ্ণভাৱে মহাসৰস্বতী প্ৰদত্ত, মহা-সৰস্বতীৰ আশীষধন্য। তেওঁৰ অধ্যৱসায় আছিল শ্ৰীঅৰবিন্দৰ ‘মাদাৰ’ত বৰ্ণোৱাৰ দৰে মহাসৰস্বতীৰ শক্তিৰ প্ৰদৰ্শন। মহাসৰস্বতী সম্পৰ্কীয় এক বিৱৰণ উপৰিউক্ত ‘মাদাৰ’ৰ পৰা ৰংগনাথনে এনেদৰে বৰ্ণাইছে—

মহাসৰস্বতীয়ে নিৰ্ণয় কৰে আনুষ্ঠানিকীকৰণ আৰু কাৰ্যকৰীকৰণ, অংশবোৰৰ সম্পৰ্ক আৰু শক্তিসমূহৰ ফলপ্ৰসু দলীয়কৰণ। তেৱেঁই নিৰ্ণয় কৰে অনুত্তীৰ্ণ হ’ব নোৱাৰা সঠিকতা আৰু পূৰ্ণতা। বস্তুৰ বিজ্ঞান, কৌশলীয়তা আৰু ‘টেকনিক’সমূহ হ’ল মহাসৰস্বতীৰ অঞ্চল। সঠিক কৰ্মীৰ অন্তৰংগতা আৰু সঠিক জ্ঞান দিব পৰাকৈ তেওঁ বাছি লোৱাসকলক সদায়েই তেওঁৰ প্ৰকৃতিত ধৰি ৰাখে। তেওঁ সূক্ষ্মতা আৰু সহনশীলতা দিব পাৰে। লগতে দিয়ে এটা বোধযুক্ত বোধৰ সূক্ষ্মতা, সচেতন হস্ত আৰু সূতীক্ষ্ অক্ষি। এই শক্তিটো সবল, ক্লান্তিবিহীন আৰু সাৱধানী। ই উপযুক্ত নিৰ্মাতা, সংগঠক, প্ৰশাসক, প্ৰযুক্তিবিদ, কলাকুশলী আৰু জগতখনৰ বিশ্লেষণকাৰী। মহা-সৰস্বতীয়ে হাতত লোৱা পৰিৱৰ্তন আৰু প্ৰকৃতিৰ নতুন সৃষ্টিকৰ্ম একোটা হৈ পৰে কষ্টকৰ আৰু সূক্ষ্ম। ই প্ৰায়েই আমাৰ অসহনশীলতাক ক্ষীণ কৰি নিয়ে আৰু হৈ পৰে অবিৰত। কিন্ত এই কৰ্ম সু-নিৰ্ণয়কাৰী। অখণ্ডিত আৰু ভ্ৰমমুক্ত। তেওঁৰ কৰ্মত ইচ্ছাটো সবিশেষ নিদ্ৰামুক্ত আৰু অক্লান্ত। আমাৰ ওপৰত হাউলী তেওঁ লক্ষ্য কৰে আৰু লগ ধৰে প্ৰতিটো কণমাণি ব্যাখ্যা। বাহিৰ কৰে প্ৰতিটো মিনিটৰ ত্ৰুটী, ফাঁক, ভাঁজ বা অসম্পূৰ্ণতা। কৰিবলৈ বাকী ৰোৱা বা কৰি শেষ হৈ যোৱাখিনি ই সূক্ষ্মভাৱে বিবেচনা কৰে আৰু জোখে। মহা-সৰস্বতীৰ মনযোগ আকৰ্ষণৰ বাবে কোনোৱেই বেছি সৰু নহয় বা আপাতভাৱে অতি সহজ নহয়। যিমানেই ছদ্মবেশী বা লুকাই থকা নহওক কিয়, ই তেওঁৰ পৰা সাৰি যাব নোৱাৰে। প্ৰতিটো অংশই ইয়াৰ পূৰা আকাৰ বা গঠন নোপোৱা পৰ্যন্ত মোৰ (ভাঁজ) খুৱাই বা পুনৰ মোৰ (পুনৰ ভাঁজ) খুৱাই তেওঁ কষ্ট কৰে। পূৰাটোৰ আচল অৱস্থানত ভিতৰত থয় আৰু পূৰ্ণ কৰে ইয়াৰ সঠিক উদ্দেশ্য। তেওঁৰ অবিচলিত আৰু কঠোৰ পৰিশ্ৰমী বস্তসজ্জা আৰু পুনঃসজ্জাত তেওঁৰ চকু থাকে সকলো প্ৰয়োজনত, একেলগে আৰু উপায়ত সেইবোৰ পাবলৈ বুলি। তেওঁৰ ‘বোধ’এ জানে, কি পছন্দ কৰিব লাগে আৰু কি ত্যাগ কৰিব লাগে। সঠিক যন্ত্ৰটো সময়ত, সঠিক চৰ্ত আৰু সঠিক নিয়ম কৃতকাৰ্যতাৰে নিৰ্ণয় কৰে। সাৱধানতা আৰু অসাৱাধনতা আৰু এলাহ সকলো কুৎসিত, খৰ্ ধৰ্ জঁটলগা কৰ্ম তেওঁ ঘৃণা কৰে। সকলোধৰণৰ অ-সুন্দৰ আৰু এটা ‘পিউপ্ৰেছ’ আৰু ব্যৰ্থতা সকলো মিছা বক্তব্য আৰু যন্ত্ৰৰ অপব্যৱহাৰ আৰু অৰ্ধকৰ্ম বা নকৰাকৈ থকা এইবোৰ কথা কৰ্ম তেওঁৰ মানসিকতাত তথা মেজাজত আপত্তিজনক আৰু অচিনাকি। যেতিয়া তেওঁৰ কৰ্ম শেষ হয়, ই একোকেই নাপাহৰাকৈ শেষ হয় বা কোনো অংশকেই ভুল স্থানত থোৱা নহয়, এৰি যোৱা নহয় বা অশুদ্ধ অৱস্থাত এৰা নহয়। সকলোবোৰেই সকলো ধৰণে পূৰ্ণ শুদ্ধ, সম্পূৰ্ণ প্ৰসংশনীয় হয়। তেওঁ সৃষ্টিৰ সম্পূৰ্ণতাৰ বাবে যদি এক ‘অনন্তশ্ৰম’ৰ ‘মেহনত’ৰ প্ৰয়োজন হয়. তেওঁ তাৰ সমুখীন হ’বলৈ সাজু থাকে। সম্পূৰ্ণ পূৰ্ণতাৰ অলপ ঘাটি হ’লেও তেওঁ সন্তষ্ট নহয়। সৃষ্টিৰ পূ্ৰ্ণতাৰ বাবে প্ৰয়োজন হোৱাটোৰ বাবে তেওঁ এক যন্ত্ৰণাৰ বিশালতাৰ সমুখীন হ’বলৈ সাজু থাকে। গতিকে ‘মাতৃশক্তি’ৰ (Mother’s Powers) মাজৰ সকলো শক্তিৰ ভিতৰত মানুহ আৰু মানুহৰ সহস্ৰ ক্ৰটীৰ স’তে তেৱেঁই দীৰ্ঘপীড়িত। দয়া, হাঁহি, ওচৰ আৰু সহায়কাৰী, সহজতে ঘূৰি নোযোৱা বা হতাশ নোহোৱা, বাৰম্বাৰ অকৃতকাৰ্য সত্বেও খোপনি পুতি ধৰি থকা তেওঁৰ হাতে আমাৰ প্ৰতিটো খোজকেই ধৰি থাকে, এই সৰ্ত্ব সাপেক্ষে যে আমি আমাৰ ইচ্ছাৰ সদায় অকলশৰীয়া, স্পষ্ট আৰু নিষ্ঠাৱান, কাৰণ তেওঁ দুই মনক সহ্য নকৰে। তেওঁৰ প্ৰকাশিত হোৱা ব্যংগটো অভিনয়লৈ নিষ্ঠুৰ আৰু অতিনাটকীয়, আত্মপ্ৰবঞ্চনা আৰু বিৰোধী (pretence)। প্ৰয়োজনত এজনী মাক, বিপদত আমাৰ এজন বন্ধু, নেৰানেপেৰাকৈ লাগি থকা সমাহিত এজনৰ পৰামৰ্শদাতা, তেওঁৰ মিচিকিয়া বিকিৰিত হাঁহিৰে তেওঁ আন্ধাৰৰ চিন্তা আৰু হতাশাৰ মেঘ খেদা। তেওঁ সোঁৱৰাই থাকে চিৰন্তন সহায়ৰ কথা, শ্বাশ্বত সূৰুযৰ কিৰণৰ ফালে টোৱাই থকা, তেওঁৰ দৃঢ়, শান্ত আৰু অধ্যৱসয়ী, গভীৰ আৰু অবিচ্ছিন্ন দাবীৰে যিয়ে উচ্চ প্ৰকৃতিৰ সংহতিৰ ফালে আমাক চলাই নিয়ে (যেন এক অতি উচ্চমানৰ কবিতা)। ৰামানুজনৰ অধ্যৱসায় আৰু এই অধ্যৱসায়ৰ জৰিয়তে তেওঁৰ কৃতকাৰ্যতাই আমাক সঁকিয়ায় যে তেওঁ মহাসৰস্বতীৰ এজন প্ৰিয় আছিল।

পঠনীয়:  ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় M : বন্ধুসকলৰ স্মৃতি

 

N-4 বুদ্ধি আৰু বোধ :

জ্ঞানৰ উপলব্ধি আৰু ইয়াৰ অগ্ৰসৰতা হ’ব পাৰে প্ৰাথমিক ইন্দ্ৰিয় আৰু বুদ্ধিৰে। এই দুবিধ সাধাৰণতে অভিন্ন। আমি ‘বুদ্ধি’ শব্দটি ব্যৱহাৰ কৰিম দুয়োটাকে একেলগে বুজাবলৈ। জ্ঞানপিপাসা বুদ্ধি বিনে পাব পাৰি। ইয়াত আমি দুয়োটাকে একেলগে বোধ শব্দটিৰে বুজাম। ভাৰতীয় পৰম্পৰানুসৰি ‘বোধ’ৰ মাজেৰে জ্ঞান হ’ল ‘বস্তনিৰ্ভৰ’, ‘কৰ্তা-নিৰ্ভৰ’ নহয়। ভাৰতীয় পদ ব্যৱহাৰ কৰিবলৈ হ’লে এয়া হ’ল ‘বস্তু-তন্ত্ৰ’, ‘কৰ্ক্ৰ-তন্ত্ৰ’ নহয়। বুদ্ধিৰ অনুশীলন হ’ল কৰ্ক্ৰ-তন্ত্ৰ, অৰ্থাৎ কৰ্তা-নিৰ্ভৰ। বুদ্ধিৰ অনুশীলনে পূৰ্ণজ্ঞান নিদিয়ে। ই সদায়ে খণ্ডিত আনকি অতি উত্তম বৌদ্ধিকভাৱে ধনী ব্যক্তিৰ ক্ষেত্ৰতো ই পূৰ্ণ জ্ঞানৰ ওচৰলৈহে যায়। কিন্ত কেতিয়াও নাপায়গৈ। এজন পূ্ৰ্ণ প্ৰস্ফুটিত বোধসম্পন্নৰ ক্ষেত্ৰত বোধে পূৰ্ণজ্ঞান দিয়ে। ‘বোধ’ হৈছে বৌদ্ধিকাতীত আৰু ভাৰতীয় ব্যৱহাৰ অনুসৰি এজন বোধ সম্পন্নই ‘দেখে’। ই সংশ্লেষণ আৰু প্ৰমাণৰ বৌদ্ধিক পদ্ধতিৰে আসন্নকৰণ নকৰে।

 

N-4 .1 বুদ্ধিৰ চৰম বিন্দু হিচাপে বোধ :

অধিকাংশ চিন্তাবিদেই বুদ্ধিজীৱী। বোধৰ এক অতি তৎপৰতা হ’ব পাৰে, তেওঁলোকৰ মাজত প্ৰতিভাৱানৰ ক্ষেত্ৰত। সদায়েই তেওঁলোকৰ ‘বোধ’ শুদ্ধ নহ’ব পাৰে। এয়া বোধহয় শুদ্ধ হ’ব পাৰে মাথোন কেইচেকেণ্ডমানৰ বাবে। কিন্ত যেতিয়া ‘বোধ’ দমি যায় আৰু দুৰ্বল হয় আৰু বুদ্ধিৰ খোজ আগবাঢ়ে তেতিয়া এনে নহয়। এনে ক্ষেত্ৰত, বুদ্ধিয়ে এনে এক জ্ঞানৰ টুকুৰা পৰীক্ষা কৰিব লগীয়া হয় আৰু ইয়াৰ নিজা কষ্টকৰ উপায়ে ইয়াৰ সত্যাপন কৰে। জ্ঞানৰ প্ৰখ্যাত ধুৰা-ধুৰোঁতাসকলৰ বেছিভাগেই, ভিন্ন বিষয়ত এই শ্ৰেণীত পৰে। তেওঁলোকৰ কোনখিনি কাম শুদ্ধবোধৰ ‘ৰিজাল্ট’ আৰু কোনখিনি নহয়, ইয়াক কোৱাটো টান। কোনো এজনে সম্পূৰ্ণ বোধেৰেহে ইয়াক নিৰ্ণয় কৰিব পাৰে। বুদ্ধিজীৱীসকলে তেওঁলোকৰ ‘ৰিজাল্ট’ৰ মূল্যায়ন কৰাত ভুল কৰে, সেয়া বুদ্ধিৰ পৰা আহিছে নে শুদ্ধবোধৰ পৰা আহিছে। কাৰণ বুদ্ধিৰ গতি আগবাঢ়ে বোধৰ সীমা বিন্দু হিচাপে। কিন্ত বুদ্ধিৰ পৰিসৰ এটা মুক্তসংহতিহে (Open set) অৰ্থাৎ ই সীমাবিন্দু (Limit point) সামৰি থোৱা নাই।

 

N-4 .1.1 সৌন্দৰ্য আৰু বোধ :

উচ্চ বেগী ‘বুদ্ধি’কেই ‘বোধ’ বুলি ভবাটো ভুল। কাৰণ ‘বোধ’ স্বতঃস্ফৰ্ত্তভাৱে আহে। ইয়াক আহৰণ কৰিব নোৱাৰি। কোনো এজনে এয়া লৈয়ে জন্মগ্ৰহণ কৰে। আনহাতে বৌদ্ধিক কৰ্মত বেগ বঢ়াব পাৰি, যিকোনো জোখলৈ অবিৰত অভ্যাসৰ যোগে আৰু অবিভক্ত মনযোগেৰে। বৌদ্ধিক সৌন্দৰ্য বোধৰ কাৰণে বুলি ভুল কৰিব নালাগে। ‘বোধ প্ৰাক ইন্দ্ৰিয়ৰ অনিৰ্ভৰশীল আৰু বৌদ্ধিক অভিজ্ঞতা ৰহিত। আনহাতে সৌন্দৰ্য ওলাই আহে বুদ্ধিক যেনেদৰে শুহি লোৱা হয় তেনেদৰেহে, যেনিবা সকলোধৰণৰ জড়িত সচেতনতা বা অসচেতনতাৰ অভিজ্ঞতাত। বৌদ্ধিক পদ্ধতিৰ মাজত এক অস্পষ্ট দৃশ্যলৈ বা পূৰ্ব নিৰ্দ্ধাৰিত ‘ৰিজাল্ট’টো মাত্ৰ দেখা যায় কোনো চেষ্টা বিনে বা কোনো ধৰণৰ আশা (Expectation) বিনে। বোধকৰোঁ বুদ্ধিৰ দ্বাৰা নিৰ্মিত সমস্যাৰ এইটো এটা অতি সৰলীকৰণ। অতি উচ্চ শৃংখলা আৰু শুদ্ধবোধৰ মাজত থকা বৌদ্ধিক অনুশীলনৰ ভাষাত প্ৰকাশযোগ্য নহয়।

 

N-4 .2 সঁচা আৰু মিছা ‘গাণিতিক অনুমান’ (কন্-জেকচাৰ)ৰ মিহলিকৰণ :

ৰামানুজনৰ ক্ষেত্ৰত শুদ্ধ বোধৰ সংঘটন বেছি সঘন, অন্য অধিক সংখ্যক গণিতজ্ঞতকৈ। সম্ভৱতঃ ইয়াৰ পৰিসৰো দীৰ্ঘতৰ। কিন্তু তেওঁৰ অথবা আনৰ কোনেও এইটো ক’ব নোৱাৰে যে কেতিয়া বোধে কাম কৰি আছে বা কিমান দীৰ্ঘ সময় ধৰি। সেয়েই বোধকৰোঁ তেওঁৰ কিছুমান গাণিতিক শুদ্ধ আৰু কিছুমান ভুল হোৱাৰ কাৰণ।

 

N-4.3 হঠাৎ পৰিৱৰ্ত্তন :

‘বোধ’ প্ৰচুৰতাৰ কোনো ব্যক্তিৰ ক্ষেত্ৰত এটা হঠাৎ পৰিৱৰ্ত্তন হ’ব পাৰে বুদ্ধিৰ পৰা ‘বোধ’লৈ বুলি। আনকি হৈ থকা কোনো এক বিশেষ প্ৰচেষ্টাৰ ক্ষেত্ৰতো। এয়া শংকৰৰ ক্ষেত্ৰত ঘটিছিল। তেওঁ মাদ্ৰাজৰ টিনে্ভেলী জিলাৰ উপকূলীয় এখন টিৰুচেন্দাৰৰ দেৱী সুব্ৰামন্যৰ সমুখত থিয় হৈ আছিল। তাত সুৰ-মন্ত্ৰৰ প্ৰবাহ আৰু শৈলীৰ হঠাৎ এক পৰিৱৰ্ত্তন হৈছিল। শংকৰে নিজেই এয়া অনুভৱ কৰিছিল। তেওঁৰ এই বৰ্ণনা ঘটিছিল সেই বিশেষ সুৰ-মন্ত্ৰৰ মধ্যত।

“পৰিশ্ৰমী অনুসন্ধানেৰে শব্দৰ পিছত শব্দ সাৱটি ধৰি বুদ্ধিৰ অন্ধকাৰৰ মাজৰে ভগৱানৰ আৰু কোনো অধিক আংশিক ঠৰঙা বৰ্ণনা নাছিল। বোধৰ পোহৰে এতিয়া ভগৱানৰ ব্যক্তিসত্বাৰ স্নানাৰম্ভ কৰিছে। ইয়াৰ পিছত মই কি দেখোঁ সেয়া মই নিশ্চয় বৰ্ণাব লাগিব।

 

N-4.4 প্ৰমাণৰ কাম :

কেম্ব্ৰিজলৈ যোৱাৰ পিছত গণিতৰ বিপৰীতে, ৰামানুজন মানুহজনক কেৱল মাত্ৰ ‘সত্যাপন’ কৰাই নহয়, ‘প্ৰমাণ’ৰো বাটত থোৱা হৈছিল। ই বোধৰ ক্ষেত্ৰখনৰ ‘ধনী’ এজন ব্যক্তিৰ এক অশুদ্ধ প্ৰয়োগ। ইয়াৰ দ্বাৰা তেওঁৰ যেন তেওঁৰ কোট-চোলাটো খুলি থ’বলৈ কোৱা হয়। কোৱা হয় প্ৰতিটো ‘গাণিতিক অনুমান’ৰ প্ৰমাণ দিবলৈ বুলি, যাতে মিছা অনুমানৰ সম্ভাৱনা নোহোৱা কৰে। এজন নাদ-খান্দোতাক ঠাইতে এটা নাদ খান্দিবলৈ এয়া বাধ্যতামূলক কৰাৰ নিচিনা, যেনিবা এয়া নিশ্চিত হৈয়ে আছে যে এইখনৰ ৰিজাল্ট শুদ্ধ হ’বই। গণিতত কৰা কাৰো অনুমান আৰু এজন কুঁৱাখন্দা মানুহৰ বিশ্বাসযোগ্যতাৰ জোখটো হ’ল ইয়াৰ প্ৰমাণটোৰ পৰীক্ষাৰ থিয় হৈ থকাৰ সম্ভাৱনা। এই সম্ভাৱনা ৰামানুজনৰ ক্ষেত্ৰত অসাধাৰণভাৱে বেছি আছিল। ৰংগনাথনে কয়, মই ভাবোঁ এয়া লিটল্উড্ আছিল যিয়ে কৈছিল যে, ৰামানুজনৰ সঠিক ব্যৱহাৰটো হ’ব তেওঁক তেওঁৰ বোধৰ স’তে, যিহেতু এনে মানুহ কেইমুঠিমান আৰু কেতিয়াবাহে দেখা পোৱা যায়। প্ৰমাণ আৰু সত্যাপন কৰা কামটো গণিতত ‘টেকনিচিয়ান’ৰ কামহে। এয়া যে এক আৱশ্যকীয় কাম সেইটোত কোনো সন্দেহ নাই আৰু এই ‘টেকনিচিয়ান’ৰ কামৰ বাবে মানুহক প্ৰশিক্ষণ দিব লাগে। গণিতৰ বিভাগবোৰৰ কাম হৈছে এনে কাৰিকৰী কুশলীবোৰক প্ৰশিক্ষণ দিয়াটো। এয়া এটা বৰ বেয়া অৰ্থনীতি হ’ব ৰামানুজনক এনেদৰে পোহমনাই প্ৰশিক্ষণ দিয়াটো আৰু ফল হিচাপে এজন কাৰিকৰী কুশলীহে তেওঁৰ মাজৰ পৰা বাহিৰ কৰাটো। ‘বোধ’এ ৰামানুজনক বৈশিষ্ট্য এটা আনি দিছিল গণিতজ্ঞৰ উপৰি মানুহ হিচাপেও। এয়া তেওঁৰ বন্ধুসকলে অনুভৱ কৰিছিল, যেতিয়া তেওঁ ধৰ্মীয় দাৰ্শনিক বা আনধৰণৰ অগাণিতিক প্ৰকাশ একোটা আগবঢ়াইছিল তেওঁৰ সেই সৰু পৰিধিৰ অন্তৰংগ বন্ধুমহলত।

 

N-5 ধৰ্মীয় অভিজ্ঞতা আৰু দৰ্শন :

ৰামানুজনৰ ধৰ্মীয় অভিজ্ঞতা আৰু দৰ্শন সহজে গ্ৰাহ্য নহয়। কিয়নো এনে হয় বুলি উঠা প্ৰশ্নটোৰ উত্তৰত এয়াই ক’ব পাৰি যে অন্যৰ ক্ষেত্ৰত এয়া, ধৰ্মীয় অভিজ্ঞতা ‘বোধ’ৰ ক্ষেত্ৰত অন্তৰ্গত। ঈশ্বৰৰ অভিজ্ঞতাৰ স’তে ই জড়িত। আনহাতে দৰ্শন জড়িত বুদ্ধিৰ পৃথিৱীৰ স’তে। দৰ্শনত ই ঈশ্বৰক প্ৰতিষ্ঠা কৰিবলৈ বা নাকচ কৰিবলৈ বিচাৰে। তেওঁ সাংখ্য-দৰ্শনৰ নাস্তিক স্কুলৰ প্ৰভাৱেৰে তন্ময় বিভোৰ হৈ পৰিছিল। অন্যফালে, তেওঁৰ আচাৰ-ব্যৱহাৰ আছিল এনেহে, যেনিবা তেওঁৰ ঈশ্বৰৰ অভিজ্ঞতা আছে। এয়া ঠিক পৰম সত্বা বুজোৱা ‘ঈশ্বৰ’টিৰ বিপৰীতে ঈশ্বৰৰ এক প্ৰকাশহে (manifestation)। তেওঁৰ নিকটতম সেই প্ৰকাশটো আছিল ‘নামগিৰি’। প্ৰাপঞ্চিক জীৱন এটাৰ বাবে কোনো এজনে এনে ধৰণৰ প্ৰকাশ এটাৰ ভেঁজা দিবলগীয়া হয়। যদি এই প্ৰকাশটো এজন মানুহ হয়, তেনেহ’লে ভাৰতীয় পৰম্পৰাত ইয়াক কোৱা হয় ‘অৱতাৰ’ যদি ই অৱতাৰ নহয়, তেনেহ’লে ই ‘অৱচাৰ’ (অৱসাৰ)। ৰাম আৰু কৃষ্ণ দুয়ো ‘অৱতাৰ’ হিচাবে আৰু ‘নামগিৰি’ আৰু ‘নাৰাছিমহা’ দুইজন পৰম ব্ৰক্ষৰ ‘অৱচাৰ’ হিচাবে ৰামানুজনৰ বাবে অৰ্থপূৰ্ণ আছিল। অইনৰ বাবে আন প্ৰকাশবোৰ অৰ্থপূৰ্ণ। ‘সাধুসুন্দৰ সিং’ৰ বাবে প্ৰিয় প্ৰকাশটো হৈছে ‘যীশু খৃষ্ট’। ৰামকৃষ্ণ পৰমহংসৰ বাবে এয়া ‘কালী’। আনহাতে ৰামানা-মহাঋষি আছিল পৰম-সত্বাৰ স’তে একাত্মতাত। প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ৰ ধৰ্মৰ ক্ষেত্ৰতে ভেঁটি হিচাপে আছে একোটা সুনিৰ্দিষ্ট প্ৰকাশ। প্ৰকাশ যিয়েই নহওক, ধৰ্মীয় অভিজ্ঞতা হৈছে ‘পৰম সত্বা’ৰ উপলব্ধি। এই অৰ্থত ৰামানুজনে হাৰ্ডিক কৈছিল সকলো ধৰ্মই তেওঁৰ বাবে কম বেছি পৰিমাণে সমান। দুৰ্ভাগ্যবশতঃ ইয়েই হাৰ্ডিক লৈ গৈছিল এই সিদ্ধান্তৰ ফালে যে, ৰামানুজনৰ ধৰ্ম আছিল এক পৰ্যবেক্ষেণৰ বিষয়, বৌদ্ধিক সংঘাতৰ নহয়। আনকি হাৰ্ডিয়ে সন্দেহ কৰিছিল যে তেওঁ এজন নাস্তিক। প্ৰকৃত ধৰ্মীয় অভিজ্ঞতা প্ৰাপঞ্চিক পৰ্যবেক্ষণ বা বৌদ্ধিক অভিজ্ঞতাৰ বিষয় নহয়। এয়া ‘প্ৰপঞ্চতীত’ বা ‘বুদ্ধিঅতীত’। যি কি নহওক, প্ৰাপঞ্চিক জীৱনত প্ৰতিজনে কোনো ঈশ্বৰৰ প্ৰকাশ আৰু আচাৰ অনুষ্ঠানত আস্থা ৰাখে। আনকি পৃথিৱীৰ বিশ্ববিদ্যালয়ৰ অতি উচ্চ জটিল বৌদ্ধিক জগততো আমি আচাৰ অনুষ্ঠান কৰা সমাৱৰ্ত্তন, বিশেষ ধৰণৰ ‘আৱৰণ’ আৰু ‘পোছাক’ত আস্থা ৰাখোঁ। বোধকৰো, মানুহৰ দ্বৈত-জীৱনলৈ ধৰ্ম, আচাৰ-অনুষ্ঠান আৰু ধৰ্মীয় অভিজ্ঞতাৰ জগতখনৰ শ্ৰেষ্ঠ প্ৰমাণটো ভালকৈ অনা হৈছে শংকৰৰ এটা সুৰমন্ত্ৰত। এই সুৰ মন্ত্ৰত, শংকৰে পৰম সত্বাক সম্বোধিছে মাত্ৰ এজন ঈশ্বৰ যাক কোনোৱে ক’ব পাৰে এই শব্দবোৰেৰে, ‘হে মোৰ ঈশ্বৰ, মই তোমাক মাতিছোঁ নামহীন বহুত নামেৰে। মই তোমাক অৰ্পণ কৰিছোঁ ফুল, যি অকল তোমাৰ প্ৰকাশ। মই তোমাক অৰ্পিছোঁ খাদ্য, যি অকল তোমাৰ নিজৰেই প্ৰকাশ। তোমাৰ চাৰিওফালে মোৰ যাত্ৰাটোক সুবিধা দিবলৈ বুলি মই এটা মন্দিৰ সাজিছোঁ, তোমাক বন্দী কৰি থ’বলৈ বুলি, ‘যিজন তুমি’ সকলোতে আছা। মুঠৰ ওপৰত, তোমাৰ প্ৰশংসাত মোৰ দ্বাৰা সুৰমন্ত্ৰ উচ্চাৰা হৈ আছে, সেইজন ‘মই’ৰ দ্বাৰা, যিজন তোমাৰেই প্ৰকাশ। ধৰ্মীয় উৎসৱ প্ৰাপঞ্চিক জগতত থাকে। ই অন্য কাৰো দ্বাৰাই সহজে সাৰিব নোৱাৰে, ৰামানা মহাঋষি বা ৰামকৃষ্ণ পৰমহংসৰ লেখীয়া একোটা নিকটতম উপলব্ধিৰ আত্মাত বাহিৰে। আনকি তেওঁলোকেও যোগান ধৰিছিল, ধৰ্মীয় উদযাপনৰ বাবে সাধাৰণ মানুহৰ দৃষ্টিভংগীৰ ফালৰ পৰা, যাৰ ধৰ্মীয় অভিজ্ঞতা নাই অথবা কম, কিন্তু যিয়ে সমৰ্থন পায় অকল ধৰ্মীয় পৰ্যবেক্ষণত। এহাতত সকলো ধৰ্মক সমান কৰি লোৱা আৰু লগতে এক বিশেষ ধৰণৰ ধৰ্মীয় উদযাপনৰ লগত নিজে জড়িত হৈ থকা, ৰামানুজনৰ দ্বৈতবাদ ৰামানুজন মানুহজনৰ এক স্বাভাৱিক বৈশিষ্ট্য।

পঠনীয়:  [ই-বুক] বিজ্ঞান আৰু বোলছবি : বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক দহখন ছবিৰ কথাৰে

 

N-5.1 প্ৰতীকত আধ্যাত্মিকতা :

ৰামানুজনৰ প্ৰতীকী আধ্যাত্মিকতা আকৰ্ষণী তথা আমোদজনক। তেওঁ ঈশ্বৰ আৰু প্ৰাপঞ্চিক জগতৰ স্থিতি বা সত্বা প্ৰতীকীকৰণ কৰে তলৰ ধৰণে—

ঈশ্বৰ পৰম গুণহীন (নিৰ্গুণ ব্ৰহ্ম)। এই দৃষ্টিৰে, ‘শূন্য’ই ঈশ্বৰক বুজোৱা বুলি ধৰিব পাৰি।

ঈশ্বৰ সকলো গুণৰ বাসস্থান (সৰ্বগুণ আশ্ৰয়)। এনেদৰে ঈশ্বৰ ‘সগুণ’।

এই দৃষ্টিৰে ‘অসীম’ক ধৰিব পাৰি গুণৰ অসীমতা বুজাবলৈ বুলি, যি পোৱা যায় সিহঁতৰ বাসস্থানৰ সহিতে। গুণসমূহৰ অসীমতাৰ মিশ্ৰণটো, যিকোনো এটা বা যিকোনো দুটা বা যিকোনো তিনিটা একে সময়তে নিজেই অসীম।

পৰম সত্বাৰ প্ৰতিটো মিশ্ৰণ আৰু গুণসমূহৰ অসীম মিশ্ৰণ আমাৰ সমুখত ধৰা দিয়ে প্ৰাপঞ্চিক জগতৰ এক স্থিতি বা সত্বা হিচাপে।

শূন্য আৰু অসীমৰ পূৰণ হিচাপে ই প্ৰতীকেৰে জড়িত হয় অনিৰ্ণয়কাৰী হৈ। এনেদৰেই মানি লোৱা হয় সীমাহীন সংখ্যাৰ মাজৰ পৰা যিকোনো এটা সংখ্যা পাব পৰা ঘটনাটো। এনেদৰে অতীত, বৰ্তমান আৰু ভবিষ্যতৰ প্ৰাপঞ্চিক জগতখন বুজোৱা হয় ‘শূন্য’ আৰু ‘অসীম’ৰ পূৰণৰ দ্বাৰা।

ৰামানুজনৰ দ্বাৰা ঈশ্বৰৰ আৰু প্ৰাপঞ্চিক জগতৰ এই প্ৰতীকী উপস্থাপন গোপালাচাৰীৰ স্মৃতিচাৰণত সূচিত কৰা হৈছে। (দ্ৰষ্টব্য MP-1 আৰু মহলানবিশ MN-5)

 

N-6 অতিপ্ৰাকৃতবাদ :

প্ৰতিজন মানুহৰ দৈৱিক বা অতি-প্ৰাকৃতিক অভিজ্ঞতা নাই। অনেকেই ইয়াৰ প্ৰতি অসচেতন। কেইমুঠিমানহে ইয়াৰ প্ৰতি সচেতন। ৰামানুজন এই পিছৰ শ্ৰেণীটোত পৰে। অন্য অনুচ্ছেদত তেওঁৰ দৈৱিক অভিজ্ঞতাৰ উদাহৰণ দিয়া হ’ব। অনুচ্ছেদ MP-4 ত দিয়া কে. গোপালাচাৰীৰ স্মৃতিচাৰণখিনি অভিজ্ঞতাৰ ফালৰ পৰা পুষ্ট। দৈৱিক অভিজ্ঞতাৰ প্ৰতি সচেতন ব্যক্তি এজনৰ দৈৱিক অভিজ্ঞতাক সমালোচনা কৰাটো এই প্ৰপঞ্চৰ প্ৰতি অসচেতন এজন ব্যক্তিৰ বাবে বন্ধনাতীত। খুব বেছি তেওঁ মাত্ৰ ক’ব পাৰে যে, ‘মই সেইবোৰ বুজি নাপাওঁ’। দৈৱিকতাৰ ফালে ঢালখোৱাটো ৰামানুজন মানুহজনৰ এক বৈশিষ্ট্য আছিল।

 

N-7 সামাজিক অভ্যাস :

সামাজিক অভ্যাসত ৰামানুজন এজন আপোচকাৰী আছিল। সেয়া দলগত অভ্যাসেই হওক বা ব্যক্তিগতই হওক। উদাহৰণস্বৰূপে, তেওঁ এজন কঠোৰ নিৰামিষাহাৰী আছিল। ৰান্ধাৰ আগতে তেওঁ তেওঁৰ পায়জামা সলাইছিল। তেওঁ মাক-দেউতাকক এইক্ষেত্ৰত আৰু অইন দৈনিক অভ্যাসৰ তেওঁৰ আপোচটোক নিশ্চিত কৰি দিবলৈ মন কৰিছিল। কিন্ত যোৱা দুটা শতিকা ধৰি ভাৰতীয় সংস্কৃতিৰ ওপৰত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱৰ বাবে তেওঁৰ সাজ-পোছাক, চুলিৰ যতন আৰু তেনে কেতবোৰ বিষয়ত একাষৰীয়া অভ্যাসৰ স’তে নিজক খাপ খুৱাব লগা হৈছিল। ই তেওঁত দুখ দিছিল আৰু মাক-দেউতাকৰ প্ৰতি এক ভাল নোপোৱাৰ ভাব আনি দিছিল। কোনোৱে ইয়াত পুতৌ কৰিছিল আৰু কোনোবাই আকৌ ভাল নোপোৱাৰ ভাব আনি দিছিল। কোনোৱে ইয়াত পুতৌ কৰিছিল আৰু কোনোবাই আকৌ ঠাট্টা কৰিছিল, আনহাতে কিছুমানে তথাপিও প্ৰশংসা কৰিছিল। এই মূল্যায়নবোৰৰ কোনোটোৱেই পিছে সঠিক নাছিল। কিযনো, সামাজিক অভ্যাসবোৰ লোকে উত্তৰাধিকাৰী সূত্ৰে বহন কৰে। সামাজিক হেঁচাত আৰু অনুকৰণৰ হেঁচাত প্ৰাপ্তবয়স্ক হোৱাৰ আগেয়েই তেওঁলোক তাঁতত গঢ় লোৱাৰ লেখীয়া একোজন পূৰ্ণ ব্যক্তিৰ অভ্যাসৰ সাঁচত আহিছিল। ইয়াৰ পিছত যেতিয়া ভিন্ন সাংস্কৃতিক গোষ্ঠীৰ সামাজিক প্ৰভাৱৰ ফলত, ভিন্ন অভ্যাসৰ স’তে দ্বন্দত আহিছিল, তেতিয়া প্ৰতিক্ৰিয়াটো ব্যক্তিভেদে ভিন্ন হৈছিল। এয়া ভীষণভাৱে ব্যক্তিগত আছিল। তেওঁ, তেওঁৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা সামাজিক অভ্যাসমূহৰ লগত আপোচ কৰিছিল নে কোনো অচিনাকি বিদেশী অভ্যাস কিছুমানলৈ বুলি পৰিৱৰ্তিত হৈছিল, সেয়া কোনো বিশেষ কথা নাছিল। কোনোৱে এনে নীতিও ল’ব পাৰে যে, “ৰোমত থাকিলে, ৰোমান এজনে কৰাৰ দৰে কৰিবা।” আনৰ বাবে নিৰ্দ্ধাৰণকাৰী নীতিটো হ’ল, তুমি তোমাৰ নিজৰ অভ্যাসক অনুসৰণ কৰা, তুমি য’লৈকেই নোযোৱা কিয়’। ‘আৰাম’ বোলা কথাটোও ভিন্ন মানুহৰ বাবে ভিন্ন হিচাপেই ধৰা দিয়ে। কোনোৱে সিদ্ধান্ত ল’ব এনে কথাৰ ওপৰত যে, ‘মোৰ অভ্যাসৰ মাজত থকা কোনো পাৰ্থক্যই নতুন সামাজিক গোষ্ঠীৰ দৃষ্টি আকৰ্ষণ নকৰক আৰু মাথোন তেতিয়াহে মই মোৰ কাম ‘আৰামে’ৰে আৰু ‘সাৱলীল’ভাৱে কৰিব পাৰিম। আনে সিদ্ধান্ত ল’ব পাৰিব এনে বুলি যে মই আটাইতকৈ বেছি আৰাম ল’ব পাৰিম আৰু মোৰ শ্ৰেষ্ঠখিনি কৰিম যদিহে মই মোৰ প্ৰতিষ্ঠিত অভ্যাসেৰে কৰোঁ। যদি মই বৰ্তমানৰ সমাজৰ অভ্যাসলৈ গুছি আহোঁ, য’ত মই সাময়িক ভাবেহে নিমজ্জিত হৈছোঁ, মোৰ মনে সদায়েই বিকৰ্ষিত অনুভৱ কৰিব আৰু সেই পৰ্যায়লৈ মোৰ সক্ষমতাৰ ক্ষতি কৰিব।’ সিদ্ধান্তৰ ভিত্তিয়েই বেলেগত হ’ব পাৰে, যিহেৰে যুক্তিয়ে ইংগিত দিব পাৰে। তদুপৰি দ্ৰুত আন্তৰ্জাতিক ভ্ৰমণ আৰু সাংস্কৃতিক সমিলমিলবোৰে এতিয়া দ্ৰুতভাৱে বেছিভাগ গোষ্ঠীৰেই সামাজিক অভ্যাসবোৰ সলনি কৰিব ধৰিছে। ই পুনঃ দেখুৱাইছে যে, পৰিৱৰ্তন নিবিচৰা বা বিচৰা যিয়েই নহওক, তাত না আছে সহযোগিতা বা না আছে উচ্চ মূল্যমান। এয়া ক’বই লাগিব যে, সামাজিক অভ্যাস বা ধৰ্মীয় অভ্যাসবোৰ মিশ্ৰিত হয় আৰু তুলনাতীত হয়।

N-8 ধনৰ খৃষ্টীয় শিক্ষা যেন :

ধনৰ প্ৰতি ৰামানুজনৰ দৃষ্টিভংগী আছিল অনৈমিত্তিক। ২৬ বছৰ বয়সলৈ তেওঁৰ সাধাৰণ প্ৰয়োজনখিনি পূৰাবলৈও ধনহীন হৈয়েই আছিল। আনকি তেতিয়াও, অইনৰ পৰা কোনো এক ধনৰ উপহাৰ গ্ৰহণ কৰাটো অসন্মানজনক বুলি বিবেচনা কৰিছিল। তেওঁৰ উপাজৰ্নৰ হৈছিল তেওঁৰ ২৬ বছৰ বয়সৰ পৰা আৰু সেয়াই তেওঁ আৰামদায়কভাৱে থাকিবলৈ বুলি যথেষ্ট আছিল। ১৯১৮ চনত, কেম্বিজৰ ট্ৰিনিটি কলেজৰ পৰা বছৰি ২৫০ পাউণ্ডৰ তেওঁৰ এক নিশ্চিত আয় আছিল। আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা আছিল ২৫০ পাউণ্ড। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা পোৱা খবৰটো ট্ৰিনিটিতকৈ পলমকৈ পাইছিল। ৫০০ পাউণ্ড, তেওঁৰ বাবে অতি বেছি যেন আছিল। তেওঁ ধনৰ ‘খৃষ্টীয় শিক্ষানুসৰি’ কোনো এজনৰ ধন যদিও তেওঁৰ প্ৰয়োজনতকৈ বেছি হিচাপে পোৱা যায় তেনেহ’লে, সেইখিনি কোনো সামাজিক মংগলৰ বাবে ‘ট্ৰাষ্ট-ফাণ্ড’ত জমা থ’বৰ বাবেহে। সেইখিনি ব্যৱহাৰ হ’ব কেৱল সেইসকলৰ বাবেহে, যিসকল প্ৰয়োজনৰ আকাংক্ষাত আছে। তেওঁৰ এই বৃত্তিটো পোৱাৰ সময়ত, ধনৰ এই খৃষ্টীয় শিক্ষাই তেওঁক মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ এখন চিঠি লিখাইছিল। ৰামানুজন তেতিয়া লণ্ডনৰ এখন নাৰ্ছিংহোম পুটনীত থাকিবলৈ লৈছিল। তেওঁ নিজে চিঠি লিখিবলৈ অতি দুৰ্বল আছিল। এই চিঠিখন সেয়ে আছিল হাৰ্ডিৰ হাতৰ। তলত চিঠিখনৰ সবিশেষ তুলি দিয়া হৈছে—

 

২, কলিনেট ৰোড, পুটনী, এছ, ডব্লিউ.-১৫

১১ জানুৱাৰী, ১৯১৯

প্ৰতি,

ৰেজিষ্ট্ৰাৰ,

মাদ্ৰাজ বিশ্ববিদ্যালয়

মহাশয়,

মই আপোনাৰ ৯ ডিচেম্বৰ, ১৯১৮ ৰ চিঠিখনৰ প্ৰাপ্তি স্বীকাৰ কৰিছোঁ আৰু বিশ্ববিদ্যালয়ে মোক যি উদাৰ সহায় আগবঢ়াইছে, তাক কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ।

যিহওক মই অনুভৱ কৰিছোঁ যে, মই যিমান পাৰোঁ সোনকালে সাজু হৈ ভাৰতলৈ ফিৰি যোৱাৰ পিছত, আশাকৰোঁ মই পাব পৰা সমুদায় ধন মোৰ প্ৰয়োজনতকৈ বেছি হ’ব। মই আশা কৰিব পাৰো যে, ইংলণ্ডত মোৰ খৰছখিনি কৰাৰ পিছত, বছৰি ৫০ পাউণ্ড মোৰ মা-দেউতাক দিম আৰু মোৰ প্ৰয়োজন পূৰোৱাৰ পিছত ৰৈ যোৱাখিনি কোনো শিক্ষাৰ উদ্দেশ্যে খৰছ কৰিম, বিশেষকৈ দুখীয়া আৰু অনাথসকলৰ স্কুল-মাছুল কমোৱাৰ বাবে আৰু স্কুলৰ কিতাপ-কাগজৰ বাবে। নিঃসন্দেহে মই ফিৰি যোৱাৰ পিছত এই যো-জাখিনি কৰিব পৰা যাব।

মই বৰ দুখী অনুভৱ কৰিছোঁ, মই যে সুস্থ হৈ থকা নাই তাৰ বাবে, মই যোৱা দুবছৰ আগৰ দৰে গণিত কৰিব পৰা নাই। মই আশা কৰিছোঁ, যে মই সোনকালেই গণিত কৰিব পৰা হ’ম আৰু মই পাৰ্যমানে কৰিবলগীয়াখিনি কৰি মোলৈ আগবঢ়োৱা সহায়খিনিৰ লায়ক হ’ম।

মহাশয়ৰ প্ৰতি কৃতজ্ঞ হৈ—

আপোনাৰ অতি বাধ্য

(এছ. ৰামানুজন)

 

 

মূল : এছ. ৰংগনাথন

অনুবাদ : খনীন চৌধুৰী

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment