এবেল বঁটা আৰু বিজয়ীসকল

নীলছ হেনৰিক এবেল…গণিতৰ জগতখনৰ লগত জড়িত খুব কমসংখ্যকেহে হয়তো এই বিশ্ববিখ্যাত গণিতজ্ঞজনৰ বিষয়ে শুনা নাই। ইউৰোপ মাহাদেশৰ নৰৱে নামৰ সৰু দেশখনৰ ফিন্দো নামৰ চহৰখনত ১৮০২ চনৰ ৫ আগষ্টত জন্মগ্ৰহণ কৰা এই বিখ্যাত গণিতজ্ঞজনে জীৱনকাল হিচাপে মাত্ৰ সাতাইছ বছৰহে লাভ কৰিছিল যদিও এইখিনি সময়ৰ ভিতৰতে তেওঁ গণিতৰ জগতখনলৈ এনেকুৱা বৰঙণি আগবঢ়াই থৈ যাবলৈ সক্ষম হৈছিল যে আজি তেওঁ সশৰীৰে আমাৰ মাজত নাথাকিলেও তেওঁৰ কৰ্মৰাজিৰ মাজেৰে আমাৰ মাজত জীয়াই থাকিবলৈ সক্ষম হৈছে। এই বিখ্যাত গণিতক্ষজনৰ জীৱনকাল আৰু কৰ্মৰাজিৰ বিষয়ে এটি চমু আলোকপাত ইতিমধ্যে গণিত চ’ৰাত প্ৰকাশ হৈছে। সেয়েহে এই প্ৰবন্ধটোত প্ৰবাদপুৰুষজনৰ জীৱনকালৰ বিষয়ে আলোচনা কৰাৰ পৰা বিৰত থাকি মহান ব্যক্তিজনৰ লগতে জড়িত আন এটা দিশৰ বিষয়েহে পাঠকৰ সমুখত দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

গণিতজ্ঞ এবেলে তেওঁৰ চমু জীৱনকালত গণিতৰ জগতখনলৈ আগবঢ়াই যোৱা অনবদ্য বৰঙণিৰ স্মৃতি স্বৰূপে “নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ” (Norwegian Academy of Science and Letters)-এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে এবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ বৰ্তমানে অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে, যাক বৰ্তমানে কোৱা হয় গণিতৰ নবেল বঁটা বুলি। এইজন মহামান্য এবেলৰ সোঁৱৰণত “নীলছ হেনৰিক এবেল সোঁৱৰণি পুঁজি” নামেৰে এটি পুঁজি ২০০২ চনৰ পহিলা জানুৱাৰী দিনাখন প্ৰতিষ্ঠা কৰা হৈছিল। এই পুঁজিৰ এখন কমিটি আছে (এবেল কমিটি), য’ত Norwegian Academy of Science and Letters ৰ দুজন সদস্য, The Royal Norwegian Society of Science and Letters ৰ এজন সদস্য, The Norwegian Council for Higher Education ৰ এজন আৰু The University of Oslo ৰ এজন সদস্য থাকে। নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছে এই কমিটিখন গঠন কৰে য’ত ওপৰত উল্লেখিত ধৰণে পাঁছজন সদস্য ৰখা হয় যিকেইজন হ’ল গণিতৰ জগতখনৰ একোজন মুধাফুটা ব্যক্তি। এই কমিটিখনে এবেল বঁটাৰ বাবে প্ৰৰ্থীক মনোনয়ন কৰে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছে এবেল বঁটা বিজয়ীজনৰ নাম ঘোষণা কৰে আৰু এতিয়ালৈকে মুঠ এঘাৰজন গণিতজ্ঞই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তলৰ তালিকাখনত এতিয়ালৈকে এই বঁটা লাভ কৰা গণিতজ্ঞসকলৰ অতি চমু বিবৰণী দিয়া হ’ল।

   

 

 বৰ্ষ     নাম অধ্যয়নৰ ক্ষেত্ৰ               পৰিচয়
২০০৩ জঁ-পিয়েৰ চেৰ টপল’জি,

বীজগণিতীয় জ্যামিতি,

সংখ্যাতত্ব

১৯৫৪ চনত সাতাইশ বছৰ বয়সত তেখেতে ফিল্ডছ মেডেল লাভ কৰাৰ লগতে আন বহুতো পুৰস্কাৰ লাভ কৰিছে। তেখেতেই হ’ল আটাইতকৈ কম বয়সত ফিল্ডছ মেডেল লাভ কৰা ব্যক্তি।
২০০৪ মাইকেল ফ্রান্সিছ আটিয়া আৰু ইচাড’ৰ চিংগাৰ টপল’জি, জ্যামিতি বৰ্ণাঢ্য গাণিতিক জীৱনৰ অধিকাৰী দুয়োগৰাকীয়েই তেওঁলোকৰ সূচক তত্বৰ বাবে অতি বিখ্যাত।
২০০৫ পিটাৰ লেক্স আংশিক অৱকলনীয় সমীকৰণ আংশিক অৱকলনীয় সমীকৰণৰ প্ৰায়োগিক দিশৰ অধ্যয়ন গণিত জগতলৈ তেখেতৰ অনবদ্য অৱদান।
২০০৬ লেনাৰ্ট কাৰ্লচন গতিক তন্ত্ৰ (dynamical systems) তেখেতে কেইবাবছৰো আন্ত:ৰাষ্ট্ৰীয় গাণিতিক সংঘৰ প্ৰছিডেণ্ট হিচাপে কাৰ্যনিবাস কৰে।
২০০৭ শ্ৰীনিবাস বৰধন সম্ভাৱিতা তত্ব তামিলনাডুত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান আমেৰিকাৰ বাসিন্দা এই গণিতজ্ঞজনে প্ৰচিডেন্সি কলেজ, মাদ্ৰাজৰ পৰা স্নাতক ডিগ্ৰী আৰু ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিস্থানৰ পৰা ডক্টৰেট ডিগ্ৰী লয়। তেখেত ৰয়েল চচাইটিৰো সদস্য। মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে বিজ্ঞানী তথা উদ্ভাৱকসকললৈ আগবঢ়োৱা সৰ্বোচ্চ সন্মান National Medal of Science ও তেখেতে লাভ কৰিছে।
২০০৮ জন গ্ৰিগছ থমছন আৰু জেকাছ টিটছ বীজগণিত জন থমছনে ১৯৭০ চনত ফিল্ডছ মেডেল লাভ কৰাৰ উপৰিও আন বহুতো বঁটাৰ লগতে ৰয়েল চচাইটিৰ সদস্যৰূপেও নিৰ্বাচিত হৈছে। Tits group, Tits alternative, Tits buildings ৰ বাবে জেকাছ টিটছ বিশ্ববিখ্যত।
২০০৯ মিখায়েল গ্ৰমভ জ্যামিতি তেখেত ৰয়েল চচাইটিৰো সদস্য।
২০১০ জন টৰেঞ্চ টেট’ সংখ্যাতত্ব ৮৫ বছৰীয়া আমেৰিকান গণিতজ্ঞজনে সম্প্ৰতি টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লৈছে। গণিতৰ জগতত তেওঁক সংখ্যাতত্ত্বৰ গেলিলিঅ’ হিছাপে জনা যায়।
২০১১ জন মিল্‌নৰ সংস্থিতি বিজ্ঞান, জ্যামিতি,

বীজগণিত

১৯৬২ চনত ৩১ বছৰ বয়সত মিল্‌নৰে ফিল্ড্‌ছ মেডেলো লাভ কৰিছিল৷ ইয়াৰোপৰি তেখেতে আন বহুতো সন্মানীয় পুৰস্কাৰ লাভ কৰাৰ লগতে তেখেতৰ নামেৰেই বিভিন্ন ধাৰণা, উপপাদ্য আদি অভিহিত কৰা হৈছে৷

[ad#ad-2]

No Comments

Post A Comment