গণিত – জীৱন যাপনৰ প্ৰণালী

এচ. কেছৱেনে কৈছে যে যদি কোনো ব্যক্তি গভীৰভাৱে আকৃষ্ট গণিতৰ প্ৰতি তেন্তে তেওঁ সঁচাকৈ গণিতত এক সন্তুশজনক ভৱিষ্যত গঢ়িব পাৰিব

গণিতৰ এক দীঘলীয়া আৰু পৌৰাণিক পৰম্পৰা আছে। সুল্ভাসুত্ৰাচ, শাস্ত্ৰসন্মত পৰিৱৰ্ত্তন গঠনৰ বাবে ব্যৱহাৰ কৰা লিখনি, য’ত বহুতো গাণিতিক পৰিণাম আৰু গঠন আছে। এইবোৰতে পাইথাগোৰাচ সূত্ৰৰ এক আভাস, ‘pi’ ৰ এক  আনুমাণিক  মান আৰু বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত সোমাই আছে। ভাৰতে সমগ্ৰ বিশ্বক সংখ্যা লিখাৰ আধুমিক পদ্ধতি অৰ্থাৎ দশমিক স্থানৰ মান আৰু সকলোতকৈ মহত্বপূৰ্ণ শূণ্য সংখ্যাটো দিছিল। আৰ্য্যভত্ত আৰু ভাস্কৰাৰ দৰে ই গাণিতিক ক্ষেত্ৰত আত্মগৌৰৱ আনে। বহু সময়ৰ পাছত ১৫ শতিকাত কেৰেলাৰ মাধৱ বিদ্যালয় সমৃদ্ধিশালী হৈ পৰে যি ২০০ বছৰৰো আগতে নিউটন আৰু লেইব্নিজৰ দ্বাৰা উদ্ভাৱিত কেলকোলাচৰ ফলবোৰ গ্ৰহণ কৰে।

Source: Shutterstock.

Source: Shutterstock.

ঔপনিবেশিক শাসনৰ সময়ত এই পৰম্পৰাত সম্পূৰ্ণ ব্যাঘাত জন্মে। বিংশ শতিকাত হয়তো ৰামানুজনৰ জীৱনৰপৰা অনুপ্ৰাণিত হৈ বিশেষকৈ পশ্চিমীয়া গাণিতিক গৱেষণা ক্ষেত্ৰত এক পুনঃপ্ৰবৰ্ত্তন ঘটে। স্বাধীনতাৰ পিছৰ যুগটোত ভাৰতীয় শাসন প্ৰণালীয়ে কিছুমান শ্ৰেষ্ঠতম বিদ্যালয় স্থাপন কৰে য’ত শ্ৰেষ্ঠ ব্যক্তিত্বৰ বহুতো লোক আছিল আৰু যি নিজৰ শ্ৰেষ্ঠতা অতুত ৰাথে, যি নিজৰ শ্ৰেষ্ঠ কৰ্মৰ জৰিয়তে নিজক আনৰপৰা পৃথক কৰে।

তথাপি, ভাৰতৰ এক শতিকাৰ বহু সংখ্যক বৈজ্ঞানিক কামৰ অন্ততো চীন আদি দেশৰ দৰে আন্তৰ্জাতিক সংঘৰ্ষ সন্মুখীন কৰিবলৈ অসমৰ্থ হয়। ভাৰতৰ নিজা বৈজ্ঞানিক অধিকৰ্তাসকলে ইতিমধ্যে নিৰ্মিত ‘মধ্য অৱস্থাৰ সাগৰখন’ বিনায়।

প্ৰধান অসুবিধাটো এইটোৱে যে গাণিতিক পেচাটো আৰু শিক্ষকতা পেচাটো সমপৰ্য্যায়ৰ বুলি বিবেচিত কৰা হয়। আমি আমাৰ ল’ৰা ছোৱালীবোৰক গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰৰ দৰে শাস্ত্ৰীয় শ্লোকবোৰ শিকাও। যি কি নহওক, আমি ৱক্কিল্লথাৱানুক্কু ৱাথিয়াৰ ভেলাইৰ (এজন শিক্ষকৰ আহ্বান সেইসকললৈ যাৰ ওচৰত অন্য কোনো উপায় নাথাকে) সমকক্ষ, নিষ্ঠুৰভাৱে আৰু উদাসীনভাৱে কও। এইবিলাক নিজস্ব পৰিপূৰ্ণতাৰ দৃষ্টান্তৰ এক ভৱিষ্যবাণী হৈ পৰে। অতি কম সংখ্যক ব্যতিক্ৰমৰ বাধা পাৰ কৰি ভাৰতৰ উজ্জ্বল প্ৰতিভাবোৰ বৈজ্ঞানিক গৱেষণাত লিপ্ত নহয়। প্ৰকৃত অৱস্থাটো হ’ল যে যিসকলে কোনো ব্যৱসায়িক বৃত্তিত অন্তৰ্ভূক্ত নহয় তেওঁলোকেহে গৱেষণাক শেষ ৰাস্তা হিচাপে বাছি লয়। এইসকলেই ভৱিষ্যতে শিক্ষক হয় আৰু আমি এক দুষ্ট চক্ৰৰ মাজত সোমাই পৰো।

প্ৰকৃততে আচল অৱস্থাটো সম্পূৰ্ণ বিপৰীত হ’ব লাগিছিল। যিসকলে গৱেষণাত গাঢ়ভাৱে লিপ্ত হয় সেইসকলে গৱেষণাক জীৱন নিৰ্বাহৰ প্ৰণালী হিচাপে ল’ব লাগে। যিহেতু অভিযান্ত্ৰিক শিক্ষাৰ অভিজ্ঞতাই দেখুৱাইছে, যিকোনো উপযুক্ত অৰ্হতাসম্পন্ন ব্যক্তিক চাকৰিত প্ৰশিক্ষণ দি নিযুক্ত কৰিব পাৰি, যিটো শিক্ষকতাৰ ক্ষেত্ৰত সম্ভৱ নহয়।

যদি কোনোৱে গণিত বিষয়টোত গভীৰভাৱে আসক্ত হয় তেওঁৰ কাৰণে গণিতক ভৱিষ্যς জীৱন নিৰ্বাহৰ প্ৰণালী হিচাপে লোৱাটো সম্ভৱ (ইয়াৰ সৰহসংখ্যকেই বাকীবোৰ শুদ্ধ বিজ্ঞানত প্ৰযোজ্য)।

চাকৰিৰ দৃশ্য 

চাকৰিৰ দৃশ্যপট চোৱা। এজন প্ৰশিক্ষিত গণিতজ্ঞক শিক্ষণৰ বাহিৰত ভালদৰে নিযুক্ত কৰিব পাৰি। শাসন-প্ৰণালীৰ বিভাগবোৰ মহাকাশৰ গৱেষণা (ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ, আই এচ আৰ অ’), ৰক্ষণৰ গৱেষণা (ৰক্ষণ গৱেষণা আৰু ক্ৰমবিকাশ কেন্দ্ৰ, দি আৰ দি অ’), বিমানীয় গৱেষণা (ৰাষ্ট্ৰীয় বিমানীয় সঙ্কীৰ্ণ, এন এ এল)ত লিপ্ত আৰু সকলোৱে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে গণিতজ্ঞ নিযুক্ত কৰে। বৰ্তমান, ক্ৰীপ্ত’ল’জী ব্যৱহৃত হৈ পৰিছে (পদ্ধতিবোৰে কৃত্ৰিম গণিতৰ ওপৰত ভিত্তি কৰি জমা কাৰ্ডৰ জৰিয়তে কৰা টকাৰ লেনদেনৰ নিৰাৰত্তা নিশ্চিত কৰে); ডি আৰ ডি অ’ আৰু টকাৰ বৈদ্যুতিক লেনদেন আৰু নিৰপত্তা সমিতি
(চেটছ)ৰ দৰে প্ৰতিষ্ঠানবোৰ এইবোৰ ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত গণিতজ্ঞৰ ওপৰত আগ্ৰহৃত হয়। আয় সম্বন্ধীয় গণিত অন্য এক ক্ষেত্ৰ যি ভাল দৰমহাৰ চাকৰিৰ ফালে বাট দেখুৱায়। আই বি এম আৰু মাইক্ৰ’ছ’ফ্টৰ দৰে অসাধাৰণ কম্পিউতাৰ প্ৰতিষ্ঠানবোৰত গৱেষণা বিভাগবোৰ আছে য’ত উচ্চ দৰমহাপ্ৰাপ্ত বিজ্ঞানীবোৰ আছে যিসকল হয় গণিতজ্ঞ নহ’লে সূত্ৰীয় কম্পিউতাৰ বিজ্ঞানী। (সকলো ব্যৱহাৰিক লক্ষ্যৰ বাবে তেওঁলোকক গণিতজ্ঞ হিচাপে বিবেচিত কৰিব পাৰি); গতিকে, গণিতজ্ঞসকলৰ বাবে শিক্ষণৰ বাহিৰেও বহুতো লক্ষ্য আছে।

সকলো কথাৰ অন্তত এইটো কথাত জোৰ দিব লাগিব যে সৰহসংখ্যক গণিতজ্ঞই গৱেষণা বা শিক্ষকতাকে বাছি লয়।

এই ব্যৱসায়ৰ যোগাত্মক দিশবোৰ কি ?

  • ভাৰতত এইবোৰ চাকৰি বিশ্ববিদ্যালয়ত আৰু সৰ্বসাধাৰণৰ দ্বাৰা পৰিচালিত গৱেষণা প্ৰতিষ্ঠানত আছে। চিক্স পে’ কমিছনৰ পৰামৰ্শৰ সম্পাদনৰ লগে লগে দৰমহা ক্ষেত্ৰটোও মুৰ দাঙি উঠে। আৰম্ভণি পদতে (আনুমানিক ২৮ ৰ পৰা ৩২ বছৰ বয়সলৈকে) সহকাৰী বক্তাই মাহেকীয়া বেতন ৩০,০০০ বুলি আশা কৰিব পাৰে। ইয়াৰ লগত আকৌ দৈনিক বেতন (যিটো প্ৰাথমিকৰ ৫০২ শতাংশতকৈ বেছি), অহা যোৱা খৰচ, আৰু যদি নিয়োগকৰ্তাই থকাৰ সুবিধা কৰি নিদিয়ে তেনেহ’লে ঘৰ ভাড়া দিয়ে (যিটো মহানগৰৰ কাৰণে প্ৰাথমিকৰ ৩০ শতাংশৰ প্ৰায় সমান)  গতিকে কৰ লগোৱাৰ আগতে এটা মাহত আমি ৫০,০০০ বা তাতোকৈ বেছিহে পাওগৈ। শিল্প অনুষ্ঠানৰ দৰে এইটো অনুষ্ঠানটোৰ বাবে খৰচ নহয় কিন্তু কৰ্মচাৰীৰ প্ৰাপ্য হয়। এই সুবিধাবোৰৰ নগতে কিছুমান অতিৰিক্ত সুবিধা যেনে স্বাস্থ্য সম্পৰ্কীয় সুবিধা, যাত্ৰাত ৰেহাই, ল’ৰা-ছোৱালিৰ শিক্ষা, প্ৰ’ভিডেন্ত ফাণ্ড বা পে়ঞ্চন ফাণ্ডত নিয়োগকৰ্তাৰ বৰঙণি আদি প্ৰদান কৰা হয়। এই সকলোবোৰ ক্ষতিপূৰণে সকলো লাগতিয়াল সুবিধা থকা এটা ভাল জীৱন যাপনৰ চুক্তি কৰে। বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগে যুৱ পি. এইচ. ডি. সকলক যিয়ে গৱেষণাৰ জৰিয়তে বিশেষকৈ কিন্তু ভাৰতত সংস্থাপন বিচৰা বিদেশীৰ দৰে নহয়, আকৰ্ষণ কৰিবৰ বাবে তিনি বছৰীয়া ৰামানুজন ফেল’ছিপ প্ৰদান কৰে। ই লগত উচ্চ দৰমহা আৰু এক কিছুমান অতিৰিক্ত খৰচ যেনে গৱেষণাৰ সামগ্ৰী কিনা, সভা আদিৰ বাবে বিদেশলৈ যোৱা, আদিবোৰো দিয়ে। আই. আই. টি. আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এচ চি), বাংগালোৰ আদি প্ৰতিষ্ঠানবোৰে নতুনকৈ সংস্থাপিত প্ৰবক্তাসকলক গৱেষণাৰ বাবে এক আৰম্ভণি মাছুল প্ৰদান কৰে।
  • চাকৰিৰ নিৰাপত্তা
  • চাকৰিৰ সন্তুস্তি: গৱেষণাৰ সমস্যাবোৰ বাছি ল’ব প’ৰা
  • এটা ভাল প্ৰকাৰৰ জীৱন: সময়বোৰ নিয়মীয়া আৰু বন্ধবোৰ ভালকৈ সংজ্ঞাবদ্ধ কৰা থাকে।
  • ভাৰত আৰু বিদেশৰ সহযোগী গৱেষকৰ লগত গৱেষণাৰ সহযোগিতা স্থাপনৰ বাবে অসংখ্য সুবিধা, যিসকল ঘৰুৱা আৰু বাহিৰ ভ্ৰমণৰ বাবে আশা কৰে।
  • যুৱ প্ৰজন্মৰ সংস্পৰ্শত থাকি কোনো কোনোৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী পুনৰ জীৱিত হৈ উঠে।

অন্যহাতে এজনে এই বিষয়ৰ প্ৰতি থকা আগ্ৰহৰ কথা সঠিক হব লাগিব। এই ব্যৱসায়ত উন্নতি কৰিবৰ বাবে কোনোৱে একাগ্ৰতাৰে তিনি চাৰি দশক গৱেষণা কৰিব লাগিব। প্ৰকৃত অসুবিধাটো হ’ল যে আৰম্ভণি আৰু উমেদাৰীৰ সময়ছোৱা বহুত দীঘলীয়া। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ৫ বছৰ আৰু ডক্টৰেট ডিগ্ৰীৰ বাবে ৩ ৰপৰা ৫ বছৰ লাগে। ইয়াৰ পিছতো, এইটো আশা কৰা হয় যাতে এজন ব্যক্তিয়ে অন্ততঃ ২ বছৰ ডক্টৰোত্তৰৰ কাম কৰে, য’ত ব্যক্তিজনে থেছিচ তত্ত্বাৱধকৰ ছাঁৰপৰা বাহিৰ ওলাই নিজৰ গৱেশণাৰ কামত লিপ্ত হ’ব পাৰে। গতিকে, আগত উল্লেখ কৰাৰ দৰে এজনে ২৮-৩০ বছৰ বয়সতহে প্ৰথম চাকৰিটো পাব বুলি আশা কৰিব পাৰি। কিন্তু এই সময়ছোৱা অথলে নাযায় কাৰণ ক্ষতিপুৰণৰ মাত্ৰাও বাঢ়ি গৈ থাকে।

চাকৰিৰ সুবিধাবোৰ

ভাৰতত চাকৰিৰ সুবিধাবোৰ কেনেধৰণৰ ? ইয়াত তিনিধৰণৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে।

প্ৰকৃত গৱেষণা ভিত্তি প্ৰতিষ্ঠানবোৰ যেনে মুম্বাইত থকা টাটাৰ প্ৰাথমিক গৱেষণা প্ৰতিষ্ঠান (টি আই এফ আৰ), চেন্নাইত থকা গাণিতিক বিজ্ঞান প্ৰতিষ্ঠান (আই এম এছ চি), আৰু এলাহাবাদত থকা হৰিছ চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠান। মনোৰঞ্জক যে, এই সকলোবোৰ ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰদ্বাৰা পৰিচালিত স্বশাসিত প্ৰতিষ্ঠান আছিল। বৰ্তমান টি. আই. এফ. আৰ. এখন বিবেচিত বিশ্ববিদ্যালয়, কিন্তু আই. এম. এছ. চি. আৰু এইছ. আৰ. আই. এই দুখন হ’মি ভাৱ্না ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (এইছ বি এন আই) নামৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত যি দি এ ইৰ বিবেচিত বাকীসকলো প্ৰতিষ্ঠানৰদ্বাৰা বিবেচিত।

কিছুমান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান যি ডিগ্ৰী প্ৰদান কৰে কিন্তু কোনো ইউনিভাৰ্চিটি গ্ৰান্ত কমিছন (ইউ গি চি)ৰ অন্তৰ্ভূক্ত নহয়। এইবোৰ সংসদ আইন আৰু আন কিছুমান মানৱ সম্পদ বিকাশ মন্ত্ৰিত্ব (এম এইছ আৰ দি)ৰ অন্তৰ্ভূক্ত হয়। এইবোৰ ভূপাল, ক’লকাতা, ম’হালি, পুনে আৰু ঠিৰুৱান্থাপুৰমত থকা ভাৰতীয় আয়-ব্যয় প্ৰতিষ্ঠান (আই এছ আই), আই আই টিবোৰ, আই আই এছ চি, আৰু নতুনকৈ প্ৰতিষ্ঠিত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (আই আই এছ ই আৰ), আৰু ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। তেতিয়া এই নতুন প্ৰতিষ্ঠানবোৰৰ পূৰ্বলক্ষণ আছে, চেন্নাই গাণিতিক প্ৰতিষ্ঠান (চি এম আই), যিখন জনতা-ব্যক্তিগত সমযোজনৰ উদাহৰণ হয়। ঠিৰুৱান্থাপুৰমত আই এচ আৰ অ’ এ নিজস্ব প্ৰতিষ্ঠান স্থাপন কৰে।

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়। যেতিয়া ৰাজ্যিক বিশ্ববিদ্যালয়বোৰত বহুত পদখালী আছে, এইবোৰ ৰাজ্যিক চৰকাৰৰ চুক্তিনামা আৰু ৰাজনৈতিক পত্ৰত আৱদ্ধ হৈ থাকে।

ওপৰত উল্লেখিত অন্য সকলো শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানবোৰৰ সুপ্ৰতিষ্ঠিত আৰু নিৰ্মল বাছনি পৰীক্ষা আছে আৰু সকলোকে নতুন সতেজ প্ৰবক্তাৰ প্ৰয়োজন। আচলতে প্ৰয়োজন বহুত বেছি আৰু যোগান বহুত কম, সেয়ে এইবোৰ প্ৰতিষ্ঠানত অৱসৰৰ বয়স ৬৫ বছৰলৈ বঢ়াই দিয়া হয়। আৰু বহু ক্ষেত্ৰত তেওঁলোকক ৭০ বছৰ বয়সলৈকে পুনৰ নিযুক্ত কৰা হয়। চৰকাৰে হঠাς এন আই এছ ই আৰ, পাচখন আই আই এচ ই আৰ আৰু আঠখনমান আই আই টি আৰম্ভ কৰে য’ত প্ৰবক্তাৰ বহুত প্ৰয়োজন। এইসকলোবিলাকে এতিয়া মাথোন নিম্নতম নিযুক্তিৰে কাম চলাই আছে, অৱসৰপ্ৰাপ্ত গণিতজ্ঞ সহকৰ্মীৰ জৰিয়তে যিটো বৃদ্ধি কৰা হয়। কিন্তু এইটো দীৰ্ঘজীৱী নহয়।

গতিকে সঠিক ডক্টৰেট ডিগ্ৰীধাৰীসকলৰ বাবে এনেকুৱা প্ৰতিষ্ঠানবোৰত অসংখ্য চাকৰিৰ সুবিধা আছে। এইবিলাক হ’বলৈ দীঘলীয়া সময় লাগিব।

আনকি বৰ্তমান স্থিত আই আই টিৰ দৰে প্ৰতিষ্ঠানবোৰেও ১৯৬০ চনৰপৰা নিযুক্ত হোৱা প্ৰবক্তাসকলৰ অৱসৰৰ বাবে বৃহς ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে।

প্ৰশিক্ষণ

বৰ্তমান ভাৰতত গণিতজ্ঞৰ প্ৰশিক্ষণ পদ্ধতিৰ বাবে এজন ছাত্ৰৰ বাবে দৈনন্দিন পথটো হ’ল যে তিনিবছৰ স্নাতক শিক্ষা, তাৰপিছত দুবছৰ গণিতত স্নাতকোত্তৰ শিক্ষা, তাৰ পিছত তেওঁ বা তাই এক বিবেচিত বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানৰপৰা ডক্টৰেটত যোগ দিব পাৰে। এইক্ষেত্ৰত কিছুমান বেলেগ পথো আছে।

আই. আই. টি. কানপুৰে এক পদক্ষেপ লয় পাচ বছৰীয়া স্নাতকোত্তৰৰ (পৰীক্ষাৰ জৰিয়তে নামভৰ্ত্তি) এক নতুন পাঠ্যক্ৰমৰ আৰম্ভণি কৰে য’ত স্নাতক আৰু স্নাতকোত্তৰ সংযোজিত হৈ থাকে। আই. আই. টি. বোম্বে ইয়াক অনুসৰণ কৰে। বৰ্তমান আই. আই. এছ. আৰ. আৰু এন. আই. এছ. ই. আৰেও এইটো অনুসৰণ কৰে। হায়দৰাবাদ আৰু পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়েও এই কাৰ্য্যসূচী আৰম্ভ কৰে।

সম্প্ৰতি, ভাৰতত থকা তিনিখন শিক্ষানুষ্ঠানে শিক্ষা পদ্ধতিৰ পুনৰ্গঠনৰ সাক্ষী দিয়ে য’ত চাৰি বছৰীয়া বি. এছ. কাৰ্য্যসূচীৰ চিনাকী কৰি দিয়ে যাক অনুকৰণ কৰে এবছৰীয়া গৱেষণা আৰু প্ৰশিক্ষণ যি এম. এছলৈ আগবঢ়ায় দিয়ে। ২০১২ চনৰ আগষ্ট মাহত আই. আই. এছ. চি. য়ে এনেকুৱা প্ৰথম কা্ৰ্য্যসূচী আৰম্ভ কৰিব।

বিশুদ্ধ গৱেষণা প্ৰতিষ্ঠানবোৰ (টি আই এফ আৰ, আই এম এছ টি আৰু এইছ আৰ আই), আই আই এছ চি আৰু চি এম আয়েটো অন্তৰ্নিহিত পি এইছ দি কাৰ্য্যসূচীবোৰ আছে। যিকোনো বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী বা আভিযান্ত্ৰিক সংকল্পবদ্ধ শিক্ষাৰ্থীসকলক পোনপটীয়াকৈ পি এইছ দি কাৰ্য্যসূচীৰ বাবে বাছনি কৰে, কিন্তু তেওঁলোকে এম এছ চি পৰিক্ষাৰ্থীসকলৰ দৰে বাছনি আৰু সাক্ষাςকাৰত উত্তীৰ্ণ হ’ব লাগিব। আৰম্ভণি দুবছৰৰ কাম আৰু গৱেষণাৰ পাছত এম এছ চি ডিগ্ৰী লাভ কৰে।

সকলো আই আই টি আৰু বিশ্ববিদ্যালয়ত নিজস্ব এম এছ চি আৰু পি এইছ দি কাৰ্য্যসূচী আছে। বাছনি পৰীক্ষা বা সাক্ষাςকাৰৰ ওপৰত ভিত্তি কৰি নামভৰ্ত্তি হয়। চি এম আইত ব্যৱহাৰিক গণিতত এম এছ চি কাৰ্য্যসূচী আছে য’ত ৰাজহ গণিত আৰু গণিতত কম্পিউতাৰত বিশেষজ্ঞতা লব পাৰি। আই এচ আইৰ এয়াৰ ক’লকাতা আৰু বাঙ্গালোৰত থকা পৰিসীমাত এক এম. মেথৰ কা্ৰ্য্যসূচী আছে।

চি এম আইত থকা উপস্নাতক কাৰ্য্যসূচীত চেন্নাইত গণিত আৰু কম্পিউতাৰ বিজ্ঞানত স্নাতক আৰু ইয়াৰ বাঙ্গালোৰ পৰিসীমাত আই এছ আই- বি মেথ বুলি এক বিশেষ শব্দ আছে। এইবিলাক কাপুৰূষৰ বাবে নহয়। কিন্তু যদি কোনো ছাত্ৰৰ সৰুৰেপৰা গণিতৰ প্ৰতি আগ্ৰহ আৰু জ্ঞান আছে তেনেহ’লে তেওঁলোক এইবোৰ ঠাইলে গণিত শিক্ষাৰ বাবে যাব পাৰে। এই দুইটা কাৰ্য্যসূচীয়ে বহুত গভীৰ। তিনিবছৰৰ অন্তত এই ছাত্ৰসকলে স্নাতকোত্তৰ মহলাৰ যিকোনো ছাত্ৰৰ লগতে প্ৰতিযোগীতা কৰিব পাৰে আৰু বহু ক্ষেত্ৰত উন্নত প্ৰদৰ্শন দেখুৱায়।

এই কাৰ্য্যসূচীবোৰৰ সফলতাৰ চিন হিচাপে এইটো কব লাগিব যে, তেওঁলোকৰ স্নাতকসকলে আমেৰিকাৰ বান্ধোন ভাঙিবলৈ পৰিচালনা কৰে যাৰ কাৰণে স্নাতক শিক্ষাত নামভৰ্ত্তিৰ বাবে চাৰিবছৰীয়া মহাবিদ্যালয় পৰ্য্যায়ৰ শিক্ষাৰ প্ৰয়োজন। প্ৰথম পৰ্য্যায়ৰ ছাত্ৰসকলে ইতিমধ্যে ডক্টৰেটৰ কাম অন্ত কৰিবলৈ আৰম্ভ কৰে আৰু চিহ্ন ৰাখি যায়। এইটো সন্তোষজনক যে কিছুলোক ভাৰতত স্থান লবলৈ ঘূৰি আহে।

Image Source : Shutterstock

Image Source : Shutterstock

অৱশেষত বৃত্তিৰ কথা। সৰ্বপ্ৰথমে, কিশোৰ বৈজ্ঞানিক প্ৰ’ৎসাহন যোজনা যি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ বাবে এক পৰীক্ষা পৰিচালনা কৰে। সফলব্যক্তিসকলৰ যিকেইজনে গণিতত নিজৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব খোজে তেওঁলোকৰ বাবে ডক্টৰেট ডিগ্ৰী লোৱালৈকে এক উপযুক্ত বৃত্তি পদ্ধতি আছে। চি এম আই আৰু আই এছ আইএ তেখেতৰ স্নাতক আৰু স্নাতকোত্তৰসকলক শিক্ষাদানৰ স্বত্বত্যাগৰ লগতে উপযুক্ত বৃত্তি প্ৰদান কৰে যিমান সময়লৈকে ছাত্ৰজনে পঢ়াত ভাল প্ৰদৰ্শন কৰে।

ডক্টৰেট ডিগ্ৰীত নামভৰ্ত্তিৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে বৈজ্ঞানিক আৰু শিল্পানুষ্ঠান কাউম্সিলৰ দ্বাৰা পৰিচালিত পৰীক্ষা বা গৱেষণা সঙ্গীয়ে দি. এছ. টি. দিব লাগে। বৰ্তমান হাৰ হৈছে ১৬,০০০, প্ৰথম দুবছৰৰ বাবে আৰু প্ৰদৰ্শন সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহে ১৮,০০০; এইবোৰ বছেৰেকীয়া উপৰুৱা খৰছৰ ধন।

ইয়াত উল্লেখিত সকলো গৱেষণা প্ৰতিস্থানে আৰু শিক্ষা আৰু গৱেষণা প্ৰতিস্থানে তেওঁলোকৰ নিজা সম হাৰত পি এইছ ডি বৃত্তি প্ৰদান কৰে। যদি থাকিবলৈ সুবিধা দিয়াত অসমৰ্থ হয় তেনেহ’লে প্ৰবক্তাসকলক দিয়াৰ সমহাৰত ঘৰভাড়া দিয়ে।

ডক্টৰেটৰ পিছৰ কালছোৱাৰ সঙ্গীসকলে প্ৰাৰ্থীৰ প্ৰদ্ৰৰ্শনৰ ওপৰত ভিত্তি কৰি ওপৰোৱা খৰচবোৰ মিলাই ২১,০০০ ৰপৰা ২৫,০০০ (ঘৰভাড়াৰ সুবিধী মিলাই) লৈকে মাহেকীয়া গোটা ধন লাভ কৰে।

গণিতৰ উন্নতিৰ বাবে দি. এ. ই.য়ে স্থাপন কৰা উচ্চ গণিতৰ ৰাষ্ট্ৰীয় সঙ্ঘই প্ৰতি বছৰে বিবেচিত বিশ্ববিদ্যালয় বা প্ৰতিস্থানত থকা গণিতত এম এছ চি পাঠ্যক্ৰমত বৃত্তি প্ৰদানৰ বাবে এক পৰীক্ষা পৰিচালিত কৰে আৰু প্ৰতিমাহে ৬,০০০ টকাকৈ বৃত্তি প্ৰদান কৰে। বাতৰিকাকতত জুনৰ শেষৰফালে বিজ্ঞাপন প্ৰকাশ পায় আৰু চেপ্তেম্বৰ মাহৰ শেষৰ ফালে লিখিত পৰীক্ষা হয়। ইয়াত নৱেম্বৰত বিজ্ঞাপিত অন্য এক পৰীক্ষা পৰিচালিত কৰি পি এইছ দি বৃত্তি প্ৰদান কৰে বাকী গৱেষক সঙ্গীসকলৰ দৰে, সাধাৰণতে জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিত পৰীক্ষাটো হয়। এন বি এইছ এমে ডক্টৰেটৰ পিছৰ কালছোৱাৰ বাবে বাহক প্ৰদান কৰে।

মুঠতে এজন ছাত্ৰৰ যদি গণিতৰ প্ৰতি আগ্ৰহ আৰু জ্ঞান থাকে, তেন্তে তেওঁৰ গণিতত এক সন্তোষজনক, আমোদজনক, সন্মানীয় আৰু উচ্চ বেতনযুক্ত ভৱিষ্যς গঢ়াটো সম্ভৱ। যদি তুমি ভাবা তোমাৰ মাজত সেয়া আছে তেনেহ’লে তুমি সেইফালে যোৱা উচ্চিত। যদি ইচ্ছা কৰা বিদেশলৈ যাব পাৰা, ই তোমাৰ পৰিধি বিস্তাৰত সহায় কৰিব। কিন্তু নিশ্চয় ঘূৰি আহিব লাগিব যাতে ভাৰতক এক গণিতৰ অতিশক্তিলৈ পৰিণত কৰিবলৈ ভৱিষ্যς প্ৰজন্মক উςসাহিত কৰিব পাৰা।

পিতৃ-মাতৃয়ে নিজৰ সন্তানক সেইফালে আগবাঢ়িবলৈ দিয়া উচিত য’ত সিহতৰ ৰাপ আছে- কলা, নাট্য, গণিত, শিল্প, আদি। তেওঁলোকে নিজৰ লক্ষ্যটো বাদ দিয়াটো উচিত নহয়।

(লেখক হ’ল চেন্নাইৰ গাণিতিক বিজ্ঞান প্ৰতিস্থানৰ গণিতৰ এজন প্ৰবক্তা)

No Comments

Post A Comment