সুব্ৰতানন্দ দুৱৰা : এক বিৰল অসমীয়া গণিতজ্ঞৰ স্মৰণ

 

গণিতৰ বিশাল জগতখনত এনে বিদগ্ধ পাণ্ডিত্যৰ গৰাকীৰ বহুতো উদাহৰণ আছে, যাৰ অৱদান অসীম যদিও তেওঁলোক যেন বৰ্তমান সময়ৰ অগ্ৰগতিৰ লগে লগে পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিছু সংখ্যক ব্যক্তিৰ মাজত তেওঁলোক এতিয়াও সমাদৃত বা প্ৰেৰণাৰ উৎস যদিও তেনে গুণগ্ৰাহীৰ সংখ্যা অতি বিৰল। তেনে এজন গণিতজ্ঞই হ’ল অসম সন্তান ড° সুব্ৰতানন্দ দুৱৰা।

ডিব্ৰুগড় চহৰত ১৯৫৬ চনৰ ৭ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী গণিতজ্ঞ বিমলানন্দ দুৱৰা আৰু ৰেণুমালা দুৱৰাৰ সুযোগ্য সন্তান। উল্লেখযোগ্য যে, দুৱৰাদেৱ প্ৰখ্যাত ৰায়বাহাদুৰ সদানন্দ দুৱৰাদেৱ আৰু ‘নিজৰাৰ কবি’ৰূপে পৰিচিত শৈলধৰ ৰাজখোৱাদেৱৰ নাতিনিয়েক।

দুৱৰাদেৱ সৰুৰে পৰাই গণিতত ভাল আছিল যদিও, পিছলৈ তেওঁ কঠোৰ অধ্যৱসায়, প্ৰচুৰ মেধাশক্তি, কৰ্মোদ্যম, শিকাৰ প্ৰতি ধাউতি আদি গুণৰ বাবেই জ্ঞান অৰ্জনৰ বিশাল ক্ষেত্ৰখনত বহুদূৰ আগুৱাই যাবলৈ সক্ষম হয়। কিন্তু তেওঁ যে কেৱল শিকাৰ দিশতহে আগবঢ়া আছিল তেনে নহয়, ‘কবিতা ভালপোৱা গণিতজ্ঞ’ হিচাপেও পৰিচিত দুৱৰাদেৱৰ শৈশৱ ভৰি আছিল প্ৰকৃতি প্ৰেমেৰে। প্ৰকৃতিৰ সৌন্দৰ্যই আপ্লুত কৰা এইজনা গণিতজ্ঞৰ চখ আছিল পাহাৰ বগোৱা, ফুটবল আৰু ক্ৰিকেট খেলা। তেওঁ আছিল দায়িত্বশীল, নিৰ্জু আৰু গুৰুজনৰ প্ৰতি শ্ৰদ্ধাশীল।

সুব্ৰতানন্দদেৱৰ আদিশিক্ষা মাতৃৰ তত্বাৱধানত ঘৰতে আৰম্ভ হৈছিল, তেতিয়াৰ পৰাই অন্য বিষয়বোৰতকৈ পাটীগণিতৰ প্ৰতি যেন অত্যাধিক আকৰ্ষণ অনুভৱ কৰিছিল তেওঁ। তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় ডিব্ৰুগড় মাণিকচন্দ্ৰ দত্ত প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত পিতৃৰ চাকৰিস্থান সঘনে বদলি হৈ থকা বাবে তেওঁ কেইবাখনো বিদ্যালয় বগাবলগীয়া হয়। পিছত দেউতাক গুৱাহাটীলৈ বদলি হোৱাত দুৱৰাদেৱে ডনবস্কো হাইস্কুলত নামভৰ্তি কৰে। ১৯৭০ চনত তেওঁ ডনবস্কোৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

পৰিৱৰ্ত্তনৰ কালৰূপে পৰিচিত কৈশোৰ কালত সাধাৰণতে পৰিলক্ষিত হোৱা মন আৰু মগজুৰ সংঘাত দুৱৰাদেৱৰ জীৱনত দেখা নাযায়, কিয়নো তেওঁৰ ইচ্ছা আৰু কল্পনাৰ এই ভিন্ন জগত দুখনেও কেৱল গণিতকে ভাল পাইছিল। সেয়েহে হয়তো প্ৰাকবিশ্ববিদ্যালয় (বৰ্তমান উচ্চতৰ মধ্যমিক) পৰীক্ষাৰ দিনৰ পৰাই দুৱৰাদেৱৰ অসাধাৰণ পাণ্ডিত্যৰ ৰেঙনি দেখিবলৈ পোৱা গ’ল। ১৯৭৬ চনত তেওঁ প্ৰাকবিশ্ববিদ্যালয় পৰীক্ষাত কটন মহাবিদ্যালয়ৰ ভিতৰতে প্ৰথম হৈ উত্তীৰ্ণ হয়। তদুপৰি তেওঁ সাধাৰণ গণিত, উচ্চ গণিত আৰু পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৯০.৪৪% ৰে অভিলেখ স্থাপন কৰে। তাৰ পিছত ১৯৭৮ চনত কটন মহাবিদ্যালয়ৰ পৰাই গণিত বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। তেওঁ লাভ কৰা নম্বৰ আছিল অভিলেখ পৰিমাণৰ ৯২.৫০% আৰু তেৱেঁই আছিল সেইবাৰৰ ‘বৰ্ষটোৰ শ্ৰেষ্ঠ স্নাতক’। পুনৰ ১৯৮২ চনত তেওঁ তাৰ পৰাই ৮৪.১২% নম্বৰেৰে গণিত বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।

কটন মহাবিদ্যালয়ত স্নাতকোত্তৰ উপাধিৰ বাবে পঢ়ি থকা সময়তে সুব্ৰতানন্দদেৱে অধ্যাপক ড° কমলেন্দু দেৱক্ৰোড়ীৰ (কটন মহাবিদ্যালয়ৰ তেতিয়াৰ অধ্যক্ষ) লগত যুটীয়াভাৱে কেইখনমান গৱেষণা পত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল যিবোৰ বিভিন্ন বিখ্যাত গণিত আৰু পদাৰ্থ বিজ্ঞানৰ গৱেষণা পত্ৰিকাত প্ৰকাশিত হৈছিল। ১৯৮২ চনত Indian Institute of Science ৰ প্ৰায়োগিক গণিত বিভাগৰ (Department of Applied Mathematics) অধ্যাপক এ. চক্ৰৱৰ্ত্তীৰ অধীনত এগৰাকী গৱেষকৰূপে যোগদান কৰে। ১৯৮৮ চনৰ মাৰ্চত তেওঁক পি.এইছ.ডি. প্ৰদান কৰা হয়। পি.এইছ.ডি.ৰ বাবে তেওঁ প্ৰস্তুত কৰি উলিওৱা ছশ পৃষ্ঠাজোৰা কোষগ্ৰন্থখন হ’ল— “The Wiener-Hopf Technique and allied methods in a class of scattering Problems”। বহুতে এই কোষগ্ৰন্থখনক গণিতৰ দিশত কৰা সৰ্বকালৰ এক অন্যতম সৰ্বশ্ৰেষ্ঠ কাম বুলিও ক’ব খোজে। পিছলৈ তেওঁ Indian Institute of Science ৰ Dept. of Applied Mathematics ত প্ৰকল্প সহকাৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।

ইতিমধ্যে দুৱৰাদেৱৰ প্ৰতিভা আৰু কৰ্মই বিশ্বৰ বিভিন্ন গণিতজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেনে এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন গণিতজ্ঞ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ডি. এছ. জোনছে তেওঁৰ বাবে এটা গৱেষণা বৃত্তিৰ ব্যৱস্থা কৰে আৰু সেই বৃত্তি লৈয়েই তেওঁ ১৯৮৮ চনৰ জুলাই মাহৰ পৰা ইংলেণ্ডৰ ডাণ্ডি বিশ্ববিদ্যালয়ত প’ষ্ট ডক্টৰেটৰ কাম আৰম্ভ কৰে।

কিন্তু নিয়তিৰ কি পৰিহাস! ১৯৮৮ চনৰ ৭ অক্টোবৰত কেইদিনমানৰ অসুস্থতাতে দুৱৰাদেৱে এই পৃথিৱীৰ পৰা মেলানি মাগে। তেওঁৰ এই আকস্মিক মৃত্যুক বহুতে সহজভাৱে ল’ব পৰা নাছিল। কিয়নো, ডাণ্ডি বিশ্ববিদ্যালয়ত তেওঁ গৱেষণা কৰি থকা প্ৰকল্পটোৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল ইংলেণ্ডৰ প্ৰতিৰক্ষা বিভাগে আৰু সেই প্ৰকল্পটোক প্ৰতিৰক্ষা দিশৰ পৰা অতি স্পৰ্ষকাতৰ বুলি গণ্য কৰা হৈছিল। সেয়েহে, তেওঁৰ অস্বাভাৱিক মৃত্যুৰ লগত এনে কোনো গোপন সম্পৰ্ক থাকিব পাৰে বুলিও বহুতে সন্দেহ কৰে।

৩২ বছৰ বয়সতে মৃত্যুবৰণ কৰা এইজনা গণিতজ্ঞৰ হয়তো গণিত-বিজ্ঞান জগতলৈ আৰু বহুতো অৱদান থাকিলহেতেন! তেওঁৰ মৃত্যুৰ খবৰত ভাগি পৰিছিল শিক্ষাজগত, তেওঁৰ সান্নিধ্যলৈ অহা সুহৃদ-শুভাকাংক্ষী আৰু পৰিয়ালবৰ্গ। তেওঁৰ অৱদানখিনিক সুঁৱৰিয়েই ‘অসম গণিত শিক্ষায়তনে’ (Assam Academy of Mathematics) প্ৰতি বছৰে গণিত অলিম্পিয়াডৰ চতুৰ্থ কেটেগ’ৰিৰ (একাদশ-দ্বাদশ শ্ৰেণী) শ্ৰেষ্ঠ প্ৰতিযোগীগৰাকীক ‘ড° সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদক’-এৰে পুৰস্কৃত কৰে। অসমৰ গণিতৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই পুৰস্কাৰ এটা অতি সন্মানীয় পুৰস্কাৰ। ছাত্ৰাৱস্থাত এই পুৰস্কাৰ পোৱা কেইজনমান ছাত্ৰ হ’ল— ড° অনুপম শইকীয়া (ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী), ড° নীৰজ কায়াল (মাইক্ৰ’চফ্ট ৰিচাৰ্ছ, ইণ্ডিয়া)। গণিতজ্ঞজনৰ অৱদানসমূহক শ্ৰদ্ধা জনোৱাৰ ই এক অতি সুন্দৰ প্ৰচেষ্টা।

দুৱৰাদেৱৰ দৰে এজন বিৰল অসমীয়া গণিতজ্ঞ তেওঁৰ কৰ্মৰ দ্বাৰা জ্ঞানী মহলৰ মাজত সদায় অমৰ হৈয়ে থাকিব। সুব্ৰতানন্দ দুৱৰা যাতে এক হেৰোৱা স্মৃতিলৈ ৰূপান্তৰিত নহয় তাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা উচিত।

 

অনুৰাগ বৰুৱা

প্ৰথম ষাণ্মাসিক, সংযুক্ত স্নাতকোত্তৰ,

গণিত বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়।

 [ad#ad-2]

2 Comments
  • Anshuman Boruah
    Posted at 21:33h, 23 November Reply

    Great man,,i have been searchin on dis report for the past 1 years when i meet a friend Of Dr.Subratananda Duarah…thnxx Anurag Boruah

    • Gonit Sora
      Posted at 15:15h, 27 November Reply

      Thanks, it feels good to be appreciated.

Post A Comment