ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন : অধ্যায় Q : ৰামানুজনৰ ওপৰত আৰু ৰামানুজনৰ দ্বাৰা হোৱা কৃতি-কৰ্ম

Q-1 ৰামানুজনৰ কৃতি :

১ ৰ পৰা ৩ লৈ — ৰামানুজনৰ নোটবুক

৪ ৰ পৰা ৬ লৈ — ১৯১৩-১৯১৪ মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ তেওঁৰ তিনিমহীয়া ৰিপোৰ্ট আৰু ১৯২৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰেছৰ দ্বাৰা প্ৰকাশিত তেওঁৰ সংগ্ৰহিত কাকত।

Q-2 নোটবুককেইখনৰ প্ৰকাশিত কপিকেইখন :

নোটবুক কেইখন টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ বোম্বেৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল। অনুচ্ছেদ L-4 ত কোৱাৰ দৰে।

Q-3 চাৰিমহীয়া ৰিপ’ৰ্ট :

এয়া কথিত আছে যে, ১৯২৬ চনত জি. এন. ৱাটচনে হাৰ্ডিলৈ পঠিওৱা ৰামানুজনৰ নোটবুকৰ ক’পি এখনৰ ক্ষেত্ৰত মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ বুলি তিনিটা চাৰিমহীয়া ৰিপৰ্ট ক’পি কৰি উলিয়াইছিল।

Q-4 সংগ্ৰহিত কাকত :

সংগ্ৰহিত কাকতবোৰে তেওঁ ভাৰত এৰাৰ আগতে ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিত প্ৰকাশ হোৱা গোটেই পাঁচখন গৱেষণা কাকত, তেওঁ কেম্ব্ৰিজ পোৱাৰ পিছত প্ৰকাশ হোৱা গোটেই ৩২ খন কাকত আৰু ১৯১১ আৰু ১৯১৯ চনৰ মাজত ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিত প্ৰকাশ হোৱা গোটেই ৫৮ খন কাকত সামৰিছে।

Q-5 প্ৰশ্ন আৰু সমাধান :

৫৮ টা প্ৰশ্নৰ ভিতৰত ৰামানুজনে নিজেই সমাধান কৰিছিল তলৰ সাতটা প্ৰশ্ন

২৮৪, ২৮৯, ২৯৪, ৩২৭, ৫০৭ আৰু ৫৮৪

তলৰ ১১ টা প্ৰশ্নৰ সমাধান ইতিমধ্যে কোনেও আগতে দিয়া দেখা নাযায়।

৩৫২, ৩৮৭, ৫২৬, ৬৯৯, ৭২২, ৭৩৮, ৭৫৫, ৭৮৪, ১০৭৬ আৰু ১০৯৪

বাকী থকা ৪০ টা প্ৰশ্ন সমাধান কৰা হৈছিল বিভিন্ন গণিতজ্ঞৰ দ্বাৰা, বেছিভাগেই ভাৰতীয় আৰু বেছিখিনিয়েই ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিৰ জাৰ্ণেলত।

চ’ছাইটিৰ প্ৰতিস্থাতা ভি. ৰামস্বামী আয়াৰৰ এয়া এটা সুখী ধাৰণা, প্ৰশ্ন আৰু সমাধান পৃষ্ঠাবোৰ ভৰোৱাটো। মোৰ মনত আছে, কি হেঁপাহেৰে আমি ডাকচামে এটা সংখ্যাৰ পৰা আন এটা সংখ্যাৰে এই পৃষ্ঠাবোৰলৈ বাট চাই আছিলোঁ।

Q-6 ৰামানুজনৰ ওপৰত কিতাপকেইখন:

ৰামানুজনৰ ওপৰত তলৰ কিতাপ দুখন প্ৰকাশ হৈছে।

ক)  হাৰ্ডি (জি.এইছ.) লেকচাৰচ্ অন দি মেথেমেটিকেল ৱৰ্ক অব ৰামানুজন, ৰিপ্ৰডিউচ বাই মাৰ্শ্বাল হল, ১৯৩৬ (ইনষ্টিটিউট অব এডভান্সড ষ্টাডিজ, প্ৰিন্সটন)

খ) হাৰ্ডি (জি.এইছ.) ৰামানুজন টুৱেলভ লেকচাৰচ্ অন চাবজেক্টচ্ চাজেষ্টেড বাই হিজ লাইফ এণ্ড ৱৰ্ক। ১৯৪০ (কেম্ব্ৰিজ য়ুনিভাৰ্চিটি প্ৰেছ।)

ওপৰৰ দ্বিতীয়খন কিতাপত প্ৰথমখন কিতাপৰ সম্পূৰ্ণ পাঠ আছে আৰু লগতে আছে ১৯৩৬ আৰু ১৯৪০ চনত হাৰ্ডিয়ে হাৰ্ভাৰ্ডটেৰ চেণ্টেনাৰী অব আৰ্টচ্ এণ্ড চায়েন্স আৰু ইউ.কে. আৰু ইউ.এছ.এ.ৰ  কেবাখনো বিশ্ববিদ্যালয় আৰু চ’ছাইটিত দিয়া কেইবাটাও অন্যন্য বক্তৃতাৰ সাৰাংশ।

Q-7 ৰামানুজনৰ ওপৰত গৱেষণা কাকত :

হাৰ্ডিৰ দ্বিতীয় কিতাপখনত আছে ৰামানুজনৰ ওপৰত লিখা ১১০ টা প্ৰবন্ধৰ এক তালিকা। ইয়াৰে ছয়টা তেওঁৰ জীৱনৰ ওপৰত লিখা। ইয়াৰে কিছুমানে তেওঁৰ কামৰো মূল্যায়ন কৰে। ইয়াৰে ছয়টা প্ৰকাশ হৈছিল ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটিৰ জাৰ্ণেলত, এটা প্ৰকাশ হৈছিল মেথেমেটিকেল গেজেট আৰু নেচাৰত, এটা হৈছিল প্ৰচিডিংচ্ অব দি লণ্ডন মেথেমেটিকেল চ’ছাইটি আৰু প্ৰচিডিংচ্ অব দি ৰয়েল চ’ছাইটি (এ)। বাকী ১০৪ খন ৰামানুজনৰ ওপৰত মৌলিক প্ৰবন্ধ। তলৰ টেবুলখনে প্ৰবন্ধসমূহৰ লেখকসকলৰ এখন তালিকা দিয়ে।

ক্ৰমিক সংখ্যা লেখক প্ৰবন্ধ সংখ্যা
 ১  বেইলী (ডব্লিউ. এন.)  ৪
 ২  চ্চাওলা (এছ.)  ১
 ৩  কপছন (ই.টি.)  ১
 ৪  ডাৰ্লিং (এইচ.বি.চি.)  ৩
 ৫  এৰদচ্ (পি.)  ১
 ৬  এটাৰনে (টি.)  ১
 ৭  গুড্ স্পিড (এফ.এম.)  ১
 ৮  গুপ্তা (এইচ.)  ৩
 ৯  হাৰ্ডি (জি.এইচ.)  ১১
 ১০  হডজ-কিনসন (জে.)  ১
 ১১  ইংহাম (এ.ই.)  ২
 ১২  ক্ৰীমাৰ (ডব্লিউ.)  ১
 ১৩  লেহমাৰ (ডি.এইচ.)  ৫
 ১৪  মেক-মাহন (পি.এ.)  ২
 ১৫  মৰ্ডেল (এল.জে.)  ৬
 ১৬  নাৰায়ন আয়াৰ (এছ.)  ২
 ১৭  পেইজ (এ.)  ১
 ১৮  ফিলিপচ (ই.জি.)  ২
 ১৯  পিল্লাই (এছ.এছ.)  ১
 ২০  প্ৰীজ (চি.টি.)  ৬
 ২১  ৰাদেমাচ্চেৰ (এইচ.)  ৫
 ২২  ৰানকিন (আৰ.এ.)  ৩
 ২৩  ৰোজাৰ্চ (এল.জে.)  ৩
 ২৪  ষ্টেনলী (জি.কে.)  ১
 ২৫  ছজিগো (জি.)  ১
 ২৬  টিউৰান (পি.)  ২
 ২৭  ৱাটছন (জি.এম.)  ২৫
 ২৮  হুইলল (এফ.জে.ডব্লিউ.)  ৩
 ২৯  উইলছন (বি.এম.)  ১
 ৩০  ইউলটন (জে.আৰ.)  ২
 ৩১  জাকৰম্যান (এইচ.এছ.)  ৩
    ১০৪

 

একত্ৰিশজন লেখকৰ চাৰিজন হ’ল ভাৰতীয়। তেওঁলোক হ’ল—

ক) চ্চাওলা (এছ.)

খ) গুপ্তা (এইচ.)

গ) নাৰায়ণ আয়াৰ (এছ.)

ঘ) পিল্লাই (এছ.এছ.)।

এওঁলোকে ১০৪ টা প্ৰবন্ধৰ ভিতৰত মুঠতে ৭ টা লিখিছে।

Q-7.1 পিৰিয়ডিকেল আৰু দেশ অনুসৰি বিভাজন :

দেশ পিৰিয়ডিকেল পিৰিয়ডিকেল সংখ্যা দেশ সংখ্যা
১)ভাৰত ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটি জাৰ্ণেল

ইণ্ডিয়ান একাডেমী অব চায়েন্সেছ প্ৰছিডিংছ্

 

২)গ্ৰেট ব্ৰিটেইন কেম্ব্ৰিজ ফিল’ছ’ফিকেল চ’ছাইটি প্ৰছিডিংছ্

ট্ৰেনজেকশ্যন

এডিনবাৰ্গ মেথেমেটিকেল চ’ছাইটি প্ৰছিডিংছ্

লণ্ডন মেথেমেটিকেল চ’ছাইটি জাৰ্ণেল

প্ৰছিডিংছ্

মেছেঞ্জাৰ অব মেথেমেটিকছ্

অক্সফ’ৰ্ডি কোৱাৰ্টাৰ্লি জাৰ্ণেল অব মেথেমেটিকছ্

১৪

৪৩

১৭

 

 

 

 

 

 

৮৫

৩)ইউ.এছ.এ. এমেৰিকান জাৰ্ণেল অব মেথেমেটিকছ

এমেৰিকান মেথেমেটিকেল চ’ছাইটি বুলেটিন

ট্ৰেনজেকশ্যন

এনালছ্ অব মেথেমেটিকছ

ডিউক্ মেথেমেটিকেল জাৰ্ণেল

নেশ্যনেল একাডেমী অব চায়েন্সেছ প্ৰছিডিংছ্

 

 

 

 

 

৪)জাৰ্মানী Journal fur Mathematik

Mathematische zeitschrift

 

৫)ইউ.এছ.এছ.আৰ. একাডেমী অব চায়েন্সেছ বুলেটিন
৬)পোল্যেণ্ড এক্টা মেথেমেটিকা  

 

Q-7.2  বছৰ অনুসৰি বিভাজন :

বছৰ প্ৰবন্ধ সংখ্যা প্ৰবন্ধৰ সঞ্চয়ী সংখ্যা
১৯১৩
১৯১৫
১৯১৭
১৯১৯
১৯২০ ১১
১৯২১
১৯২২ ১৬
১৯২৩ ১৮
১৯২৪ ২০
১৯২৬ ২৩
১৯২৭ ২৫
১৯২৮ ৩৩
১৯২৯ ১০ ৪৩
১৯৩০ ৪৭
১৯৩১ ৫৬
১৯৩২ ৬১
১৯৩৩ ৬৬
১৯৩৪ ৬৮
১৯৩৬ ৭১
১৯৩৭ ১২ ৯০
১৯৩৮ ৯৫
১৯৩৯ ১০২
১৯৪০ ১০৪

 

১৯২৬ ৰ পৰা ১৯৩১ লৈ এই ছয় বছৰীয়া কালটোৱে ৩৬ খন কাকতৰ প্ৰকাশ দেখিছিল, অৰ্থাৎ মুঠ প্ৰবন্ধৰ এক-তৃতীয়াংশ। এয়া প্ৰধানকৈ এই কাৰণে যে নোটবুকৰ এটা ক’পি হাৰ্ডিৰ ওচৰ পাইছিলগৈ ১৯২৬ চনত। পুনৰ ১৯৩৬ ৰ পৰা ১৯৩৯ লৈ এই চাৰিবছৰীয়া কালটোৱে দেখিছিল ৩১ খন কাকতৰ প্ৰকাশ, অৰ্থাৎ এক-তৃতীয়াংশৰ অলপ কম। এয়া প্ৰধানকৈ হাৰ্ডিয়ে সেই কালছোৱাত ইউ.এছ.এ.ৰ কেইখনমান বিশ্ববিদ্যালয় আৰু চ’ছাইটিত ৰামানুজনৰ ওপৰত দিয়া বক্তৃতাৰ বাবে।

Q-7.3 পৰীক্ষাকৰণ:

ওপৰত উল্লেখ কৰা গ্ৰন্থপঞ্জীখন ১৯৪০ চনলৈ সঠিক হয়নে নহয় পৰীক্ষা কৰি চোৱা দৰকাৰ। তেনেহ’লে ইয়াক সম্পূৰ্ণ কৰিব লাগে।

 

মূল : এছ. ৰংগনাথন

অনুবাদ : খনীন চৌধুৰী

[ad#ad-2]

 

2 Comments
  • plabon dutta
    Posted at 17:22h, 15 November Reply

    I like this website.These guys are doing a great work.

    • Gonit Sora
      Posted at 00:33h, 18 November Reply

      Thank you so much.

Post A Comment