বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৫) দা মাৰ্টিয়ান

পৃথিৱীৰ পৰা ৫০ নিযুত কিলোমিটাৰতকৈও অধিক নিলগত থকা ৰঙা গ্ৰহ— নাম মংগল৷ ধৰি  লওক, আপুনি এইমুহূৰ্তত মংগল গ্ৰহত আছে৷ মংগলৰ ভূখণ্ডত চলি থকা নাছাৰ এক ঐতিহাসিক অভিযানৰ আপুনি এজন অন্যতম সদস্য৷ মংগলৰ মাটি, পানী, বায়ু, জলবায়ু আৰু জীৱৰ অস্তিত্ব সম্বন্ধীয় বিচিত্ৰ তথ্যৰ অনুসন্ধান, অন্বেষণ আৰু সংগ্ৰহত আপুনি আৰু আপোনাৰ অভিযানৰ সংগীসকল এতিয়া ভীষণ ব্যস্ত৷ তেনে ব্যস্ততাৰে ভৰা ক্ষণ এটাতেই— যেতিয়া আপোনালোকে পৰম মনোযোগেৰে নিজ নিজ দায়িত্ব পালন কৰি আছিল; তেনে এটা মুহূৰ্ততেই আপোনালোকৰ কাণত পৰিলহি এক উৎকণ্ঠামিশ্ৰিত সতৰ্কবাণী— “এজাক প্ৰচণ্ড ধুমুহা আহি আছে৷ এজাক প্ৰচণ্ড ধুমুহা আহি আছে৷ সকলোৱে নিৰাপদ স্থানলৈ আহিব লাগে৷” মুহূৰ্ততে হৈ-চৈ আৰম্ভ হ’ল৷ প্ৰাণনাশী এই ধুমুহাজাকৰ পৰা ৰক্ষা পোৱাৰ নিমিত্তে বিশেষ অভিযানটোৰ নেতৃত্ব লোৱা ব্যক্তিজনে অভিযানৰ জৰুৰী সমাপ্তি ঘোষণা কৰিলে আৰু তৎকালে সকলোকে লৈ নিৰাপদ স্থানত থকা যানখনলৈ গমন কৰিলে৷ ইতিমধ্যে ধুমুহাজাকো কাষ চাপি আহিল৷ বিধ্বংসী ধুমুহাৰ তীব্ৰ সোঁত ভেদি যানখনলৈ আগুৱাই গৈ থাকোঁতেই ধুমুহাত উৰি অহা আৱৰ্জনাই (Debris) আপোনাৰ দেহত সজোৰে খুন্দিয়ালে আৰু আপোনাক আঁতৰত পেলালেগৈ৷ মুহূৰ্ততে আপুনি দলটোৰ পৰা বিচ্ছিন্ন, সংযোগহীন হৈ পৰিল৷ ধুমুহাই আপোনাৰ পৰিধানত সংযোজিত এণ্টেনাডাল ছিঙি পেলালে যাৰ ফলত আপোনাৰ সাম্প্ৰতিক অৱস্থান সম্বন্ধীয় কোনো তথ্যয়েই আপোনাৰ সংগীবৃন্দই উদ্ধাৰ কৰিব নোৱাৰিলে৷ ধুমুহাত আপোনাৰ মৃত্যু হৈছে বুলি তেওঁলোক শংকিত হ’ল৷ সিপিনে যানৰ জৰুৰী উৎক্ষেপনৰ সময়ো ওচৰ চাপি আহিছে৷ অৱশেষত আপোনাৰ মৃত্যু সম্পৰ্কীয় শংকা বিশ্বাসলৈ পৰিণত হ’ল আৰু উপায়বিহীন হৈ আপোনাৰ সতীৰ্থসকলে আপোনাক এৰি গুচি আহিল৷

কিন্তু আশ্চৰ্যজনক কথাটো হ’ল, তেওঁলোকে ভবাৰ দৰে আপোনাৰ মৃত্যু হোৱা নাছিল৷ ধুমুহাজাকৰ অৱসান ঘটাৰ পাছত আপুনি সম্বিৎ ঘূৰাই পালে৷ পেটত সোমাই আছে এণ্টেনাৰ ভঙা টুকুৰা৷ প্ৰচণ্ড যন্ত্ৰণাক একাষৰীয়া কৰি আপুনি খুপি খুপি "Hab"লৈ গ’ল (Hab— Short for habitat. The crew's base of operations)। নিজেই নিজৰ চিকিৎসা কৰিলে৷ সুস্থিৰ হোৱাৰ পিছত আপোনাৰ অনুভৱ হ’ল— জন-প্ৰাণীহীন মংগল গ্ৰহটোত আপুনিয়েই এতিয়া একমাত্ৰ বাসিন্দা৷ আপোনাৰ সতীৰ্থসকলে আপোনাৰ অবিহনেই পৃথিৱী অভিমুখে গমন কৰিছে৷ পলকতে আপোনাক পৰ্বত-প্ৰমাণ নিসঙ্গতাই আগুৰি ধৰিলে৷ অৱশ্যে সেয়া স্বাভাৱিকো৷ কাৰণ, আপুনি থাকিবলগীয়া ‘হেব’খন নিৰ্মাণ কৰা হৈছে মাত্ৰ ৩১ দিন টিকিবৰ বাবেহে৷ তাৰপিছত সেইখনে আপোনাক পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ যোগান ধৰিব নোৱাৰিব৷ বহুকেইটা অত্যাৱশ্যকীয় উপাদান বিকল হ’বলৈ আৰম্ভ কৰিব৷ নাছাৰ লগত যোগাযোগ কৰিব পৰাকৈ আপোনাৰ ওচৰত কোনোধৰণৰ যন্ত্ৰপাতি মজুত নাই৷ সম্ভাব্য পৰৱৰ্তী মংগল অভিযানটোৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব চাৰিটা বছৰ৷ ধৰি লওক; সৌভাগ্যক্ৰমে এইকেইটা চৰ্ত ভুল প্ৰমাণিত হ’ল৷ কিন্তু তথাপি আপোনাৰ জীয়াই থকাৰ সম্ভাৱনীয়তা নগণ্য৷ কিয়নো আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সম্ভাৰ নাই৷ কেইদিনমানৰ পিছতেই আপুনি ভুগিব লাগিব অভাৱনীয় খাদ্য-সংকটত আৰু খাদ্য অবিহনে আপুনি জীয়াই থাকিবইবা কেইদিন? এদিন, এসপ্তাহ নে পোন্ধৰদিন? গতিকে আপুনি ভাবিব পাৰে— আপুনি মাত্ৰ কেইটামান দিনৰহে আলহী৷

এতিয়া আপোনাৰ হাতত আছে দুটা বিকল্প—

(ক) জীয়াই থকাৰ সমস্ত বাসনা পৰিত্যাগ কৰিব৷ মজুত থকা খাদ্য-সামগ্ৰী শেষ নোহোৱা পৰ্যন্ত আপুনি জীয়াই থাকিব৷ পৰিস্থিতিয়ে আপোনাক য’লৈকে লৈ যায়, আপুনি ত’লৈকে যাব৷ যিদিনাই খাদ্যসামগ্ৰী শেষ হ’ব, তাৰ পিছদিনাৰ পৰাই আপুনি তিলতিলকৈ মৃত্যুৰ বাবে অপেক্ষা কৰিব৷

(খ) আপুনি জীয়াই থকাৰ বাসনাক জলাঞ্জলি নিদিয়ে৷ আপুনি মৰ্মে মৰ্মে হৃদয়ঙ্গম কৰিব যে— প্ৰায় পঞ্চাছ নিযুত দূৰত অৱস্থিত পৃথিৱী নামৰ গ্ৰহটোৱে আপোনাক এইমুহূৰ্তত হাত বাউল দি মাতি আছে৷ পৃথিৱী নামৰ গ্ৰহটোত আপোনাৰ এখন ঘৰ আছে৷ ঘৰত আপোনাৰ প্ৰিয়জন আছে৷ তেওঁলোকৰ সন্মুখত গৈ পুনৰবাৰ উপস্থিত হ’বলৈ, তেওঁলোকৰ উজ্জ্বল মুখকেইখন এবাৰ নিচেই ওচৰৰ পৰা চাবলৈ আপুনি উদ্বাউল হৈ উঠিব৷ আপুনি ব্যাকুল হৈ উঠিব৷ জীয়াই থকাৰ এই পৰম শক্তিশালী বাসনা, প্ৰিয়জনক পুনৰ সাক্ষাৎ কৰাৰ এই সাগৰসম হাবিয়াস আপুনি স্বীকাৰ কৰিব আৰু ৰঙা গ্ৰহ মংগলৰ এই চৰম বিপদজনক, সংকটজনক আৰু নিসংগ অৱস্থাত থাকিও আপোনাৰ মুখৰ পৰা সৰকি পৰিব কেইটামান জীৱনদায়িনী শব্দ— “I’m not gonna die here.”

পঠনীয়:  বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৭) দা ইমিটেছন গেইম

আপুনি এতিয়া কোনটো বিকল্প আদৰি লয় সেই কথা মোতকৈ বেছি ভালদৰে জানিব আপুনি৷ কিন্তু ৰিডলি স্কটে পৰিচালনা কৰা ২০১৫ চনৰ বিখ্যাত, বহু প্ৰশংসিত আৰু বহুজন সমাদৃত কল্প-বিজ্ঞানধৰ্মী ছবি “দা মাৰ্টিয়ান” (The Martian)ৰ মহাকাশচাৰী মাৰ্ক ৱাটনিয়ে বাছি ল’লে দ্বিতীয়টো পথ৷ প্ৰচণ্ড ধুমুহাজাকৰ কৱলত পৰি মাৰ্ক ৱাটনিৰ মৃত্যু হোৱা বুলি অনুমান কৰি তেওঁৰ বন্ধু-মহাকাশচাৰীসকলে তেওঁক তাতে এৰি থৈ যেতিয়া গুচি আহিল, তেতিয়া মাৰ্ক ৱাটনিৰো মন-মগজুলৈ অজস্ৰ নেতিবাচক চিন্তাৰ সোঁত বৈছিল৷ মৃত্যুৰ ভয়েও তেওঁৰ অৱচেতন মনত থিতাপি লৈছিল৷ কিন্তু জীয়াই থকাৰ উদগ্ৰ বাসনা যেতিয়া এজন মানুহৰ মন-মগজুত গুৰিলৈকে সংস্থাপিত হয়, তেতিয়া পৃথিৱীৰ অলঙ্ঘণীয়, অকল্পনীয় দুৰ্যোগো সেই বাসনাৰ সন্মুখত সৰু হৈ পৰে ৷ জীয়াই থকাৰ বাসনাই অপ্ৰতিৰোধ্য, সুউচ্চ ৰূপ এটা পৰিগ্ৰহ কৰি সন্মুখৰ বন্ধ পথবোৰ এটা এটাকৈ খুলি দিয়ে৷

মংগল গ্ৰহৰ চৌদিশে সংকটে আগুৰি থকা মাৰ্ক ৱাটনিৰো জীয়াই থকা দুৰ্দান্ত বাসনা আছিল, আৰু সেই দুৰ্দান্ত বাসনাকেই নাম দিয়া হ’ল— ‘দা মাৰ্টিয়ান’। জীয়াই থাকিবলৈ মাৰ্ক ৱাটনীয়ে কি কি কৰা নাছিল! মানুহৰ বিষ্ঠা আৰু কৃত্ৰিমভাৱে প্ৰস্তুত কৰা পানীৰে মাৰ্ক ৱাটনিয়ে ‘হেব’ৰ ভিতৰতে আলুৰ খেতি আৰম্ভ কৰিলে৷ মাৰ্ক ৱাটনি এজন উদ্ভিদবিজ্ঞানীও আছিল৷ যি মঙলৰ মাটিত উদ্ভিদৰ নামত অপতৃণ এডালো নাছিল, সেই মাটিতে মাৰ্কে   আলুৰ খেতি কৰি সফল হ’ল৷ মাৰ্কে ডাঙৰ ডাঙৰ আলুবোৰ গোটাই থৈ সৰু আলুবোৰক পুনৰ বীজ হিচাপে ব্যৱহাৰ কৰিলে৷ কিন্তু দুৰ্ভাগ্যৰ কথা; প্ৰচণ্ড এজাক ধুমুহা এদিন ‘হেব’ৰ গোলাকাৰ প্ৰৱেশপথ ভেদি ভিতৰলৈ সোমাই আহিল আৰু সমস্ত আলু নষ্ট কৰি পেলালে৷ গোটাই থোৱা আলুখিনিৰেই মাৰ্কে কম পৰিমাণে খাই দিন কটাবলৈ ধৰিলে৷

ইফালে মংগলত মাৰ্কৰ জীয়াই থকাৰ অভিযান চলি থাকোঁতেই, নাছাৰ অভিযানসমূহ পৰিচালনা কৰা অন্যতম ব্যক্তি ভিনচেণ্ট কাপুৰ আৰু ছেটেলাইট কমিউনিকেশ্যন বিভাগৰ কৰ্মী মিন্দি পাৰ্কে মঙল গ্ৰহত মাৰ্ক ৱাটনিৰ গতিবিধি লক্ষ্য কৰিলে৷ মুহূৰ্ততে এক উৎকণ্ঠামিহলি প্ৰৱল চাপে নাছাৰ অভ্যন্তৰ তোলপাৰ লগালে৷ কাৰণ, নাছাই ইতিমধ্যে মাৰ্কৰ মৃত্যু হোৱা বুলি ভাবিছিল৷ মাৰ্কৰ লগত কিদৰে যোগাযোগ কৰিব পাৰি, মাৰ্কক কেনেকৈ পুনৰ পৃথিৱীলৈ ঘূৰাই আনিব পাৰি - সেইবিষয়ে নাছাৰ তীক্ষ্ন মগজু ব্যস্ত হৈ পৰিল৷ ব্যস্ত হৈ পৰিল কেলিফৰ্ণিয়াস্থিত জেট প্ৰপালছন লেবৰে’টৰীৰ বিজ্ঞানীসমাজ৷

সিপিনে ১৯৯৬ চনৰ পৰা মংগলৰ মাটিত নিৰৱ হৈ থকা ‘পাথফাইণ্ডাৰ’টো (Pathfinder) বিচাৰি মাৰ্কে মেৰামতি কৰি লোৱা ৰোভাৰখনৰে যাত্ৰাৰম্ভ কৰে৷ জেট প্ৰপালছন লেবৰে’টৰীত উপস্থিত থকা ভিনচেণ্ট কাপুৰৰ তৎপৰতা আৰু সতীৰ্থসকলৰ আন্তৰিক প্ৰচেষ্টাত লেণ্ডাৰৰ (Lander’s Camera) কেমেৰা ব্যৱহাৰ কৰি মাৰ্কৰ লগত তেওঁলোকে যোগাযোগ কৰিবলৈ সক্ষম হয়৷

আৰম্ভ হ’ল নাছাৰ মাৰ্ক-উদ্ধাৰকাৰী অভিযান৷ প্ৰাৰম্ভিক পৰিকল্পনা প্ৰত্যাহাৰ কৰি নাছাৰ উচ্চপদবীধাৰীসকলে শেষত সিদ্ধান্ত ল’লে— তেওঁলোকে ৰিচ্চ পাৰ্ণেল নামৰ বিশৃংখল জীৱনশৈলীত অভ্যস্ত অথচ সন্দেহাতীতভাৱে মেধাৱী যুৱকজনৰ পৰামৰ্শমতে আগবাঢ়িব৷ মাৰ্কক মঙলত এৰি পৃথিৱী অভিমুখে ধীৰ গতিৰে আহি থকা হাৰমিছ মহাকাশযানৰ গতিবেগ বঢ়াই পুনৰ মঙলমুৱা কৰি মাৰ্কক ঘূৰাই আনিব পৰা যায় —এইয়াই হ’ল ৰিচ্চ পাৰ্ণেলৰ দিহা৷ হাৰমিছত থকা একালৰ মাৰ্কৰ সতীৰ্থসকলে এই প্ৰস্তাৱত আন্তৰিকতাৰে সন্মতি জনালে৷ গভীৰ প্ৰত্যাশা বুকুত বান্ধি মিছন কমাণ্ডাৰৰ লিউছ, বেক, জোহানচন, ভিগেল আৰু মাৰ্টিনেজে ৰাওনা হ’ল মঙললৈ— প্ৰিয় বন্ধুক উদ্ধাৰ কৰিবলৈ৷

পঠনীয়:  বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

সেইদিনা মঙলৰ মাটিত মাৰ্ক ৱাটনিৰ ৫৬১সংখ্যক দিন৷ পৃথিৱীত তেওঁৰ উদ্ধাৰ অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ ৰাজহুৱাকৈ দেখুৱাই থকা হৈছে৷ আনহাতে মাৰ্কক উদ্ধাৰৰ হেতু গমন কৰা মহাকাশৰ সতীৰ্থসকলে প্ৰতিমুহূৰ্ততে ন-ন কৌশল উদ্ভাৱণ কৰিছে, যাতে জীৱন্ত অৱস্থাত মাৰ্কক ঘূৰাই পাব পাৰি৷ মিছন কমাণ্ডাৰ লিউচে পুনৰ এবাৰ যুঁজ দিব লগা হৈছে প্ৰচণ্ড চাপ আৰু ৰিস্কৰ বিৰুদ্ধে৷ মহাকাশৰ পৰা পৃথিৱীৰ ভূখণ্ডলৈকে — সকলোতে প্ৰচুৰ উৎকণ্ঠা আৰু উত্তেজনা৷ সকলোৰে মুখবোৰ দুশ্চিন্তাময়৷

অৱশেষত বিৰল সংবাদটো আহিল৷ নাছাৰ বিশাল মনিটৰৰ সন্মুখত বহি থকা উৎকণ্ঠিত বিজ্ঞানী, কাৰিকৰী শাখাৰ ব্যক্তিসকল আৰু ৰাস্তাই-ঘাটে ওলমি থকা ডিজিটেল পৰ্দালৈ পৰম কৌতূহলৰে চাই থকা অগণন মানুহৰ মুখত আনন্দ আৰু বিজয়ৰ উজ্জ্বল জ্যোতি বিয়পি পৰিল৷ মাৰ্ক ৱাটনি উদ্ধাৰ হ’ল৷ মিছন কমাণ্ডাৰ লিউছৰ স্পষ্ট আৰু আত্মবিশ্বাসী কণ্ঠৰে নিগৰি অহা অবিস্মৰণীয় খবৰটোৱে, নাছাৰ এই দুঃসাহসী অভিযানে পৃথিৱীবাসীৰ সন্মুখত পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে— অসম্ভৱ বুলি একো নাই— “Nothing is Impossible.”

থূলমূলকৈ এইয়াই ছবিখনৰ কাহিনী৷ উল্লেখযোগ্য যে, এই ছবিখনৰ নিৰ্মাণ আৰু সঠিক উপস্থাপনৰ গুৰুত্ব উপলব্ধি কৰি মহাকাশ সংস্থা নাছায়েও ছবিনিৰ্মাতাৰ লগত নিজ অভিজ্ঞতা আৰু জ্ঞানৰ আদান-প্ৰদান কৰে৷ নাছাৰ সদস্য জেমছ এল. গ্ৰীণ আৰু ডেভ লেভাৰিয়ে ছবিনিৰ্মাতাৰ বহু অনুসন্ধিৎসূ দূৰ কৰে৷ ‘দা মাৰ্টিয়ান’ৰ কাহিনী, মহাকাশচাৰীৰ পোছাক, ‘হেব’ৰ আৰ্হি ইত্যাদিক লৈ উত্থাপিত হোৱা শতাধিক প্ৰশ্নৰ উত্তৰ নাছাৰ ফালৰ পৰা দিয়া হয়৷

২০১১ চনৰ, এণ্ডি ৱেৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনে বাণিজ্যিকভাৱেও অপাৰ সফলতা লাভ কৰিছে৷ লাভ কৰিলে বহুকেইটা জনপ্ৰিয় বঁটা আৰু একাধিক মনোনয়ন৷ মুখ্য চৰিত্ৰত মেট ডেমনে মননশীল অভিনয় কৰিছে৷ ছবিখনৰ গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হোৱা জেছিকা ছাছটেইন, ক্ৰিষ্টেন উইগ, জেফ ডেনিয়েলছ আদিয়ে প্ৰশংসনীয় কাম কৰিছে৷ কল্পবিজ্ঞানধৰ্মী ছবিখনত তথ্য-প্ৰযুক্তিৰ ভৰপূৰ প্ৰয়োগ হৈছে, উচ্চাৰিত হৈছে সাধাৰণ মানুহে আগেয়ে নুশুনা কেতবোৰ কাৰিকৰী শব্দ৷ কিন্তু ছবিখনৰ কাৰিকৰী ভাষাৰ আঁৰত লুকাই আছে জীৱনৰ জয়গান, জীৱনৰ প্ৰতি দুৰ্দান্ত ভালপোৱা, জীৱনৰ প্ৰকৃত মহত্ত্ব, সৌন্দৰ্য — সেইকাৰণেই হয়তো ছবিখনে নাছাৰ উচ্চপদবীত থকা বিজ্ঞানীজনৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ মানুহ এজনলৈকে-সকলোৰে হৃদয় জয় কৰি পেলাইছে৷ জীয়াই থকাৰ বাসনাই মানুহৰ দ্বাৰা অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে৷ মঙলৰ প্ৰচণ্ড ধুমুহা, প্ৰতিকূল  জলবায়ু, খাদ্য-সংকট আৰু অসহনীয় নিসংগতাৰ সন্মুখত পৰাভূত নহৈ মহাকাশচাৰী মাৰ্ক ৱাটনিয়ে যেন সেই সত্যকেই পুনৰ এবাৰ স্থাপিত কৰিলে৷ পুনৰ এবাৰ সদম্ভে ঘোষণা কৰিলে মানুহ হোৱাৰ গৌৰৱ৷ গালে জীৱনৰ জয়গান৷ হয়, আৰ্ণেষ্ট হেমিঙৱেই সঠিক কথাই কৈছে— “Man can be destroyed. But not defeated.”। “মানুহক ধ্বংস কৰিব পাৰি, কিন্তু পৰাস্ত কৰিব নোৱাৰি৷”

— ∞ —

(১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

(৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

(৫) দা মাৰ্টিয়ান

(৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

(৭) দা ইমিটেছন গেইম

(৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

(৯) আইনষ্টাইন এণ্ড এডিংটন

(১০) দা মেন হু নিউ ইন্‌ফিনিটি

No Comments

Sorry, the comment form is closed at this time.