বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা – ঈশান জ্যোতি বৰা : (৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

জনপ্ৰিয় ‘মটিভেচনেল স্পীকাৰ’ সন্দীপ মহেশ্বৰীয়ে জীৱনত বিজয়ী হোৱা আৰু পৰাস্ত হোৱা — এই দুই প্ৰকৃতিৰ মানুহৰ মানসিকতাৰ প্ৰভেদ সম্বন্ধে ব্যাখ্যা আগবঢ়াই এখন ছেমিনাৰত কেতবোৰ অনুপ্ৰেৰণাদায়ক কথা কৈছিল৷ তাৰ ভাৱাৰ্থ আছিল— “জীৱনত পৰাস্ত হোৱা যি কোনো এজন মানুহৰ কাষলৈ আপুনি গ’লে সেই মানুহজনে অজুহাতৰ দীঘলীয়া তালিকা এখন উলিয়াই আপোনাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব যে সেই এশ-এবুৰি অজুহাতৰ বাবে তেওঁ জীৱনত সফল হ’ব নোৱাৰিলে৷ মোৰ জীৱনত এইটো ঘটিছিল যাৰ বাবে মই এইটো কৰিব নোৱাৰিলোঁ, মই কৰিব বিচাৰিছিলোঁ কিন্তু মই সা-সুবিধা নাপালোঁ ইত্যাদি বিচিত্ৰ-বিভিন্ন অজুহাত তেওঁৰ হাতত মজুত থাকে৷

জীৱনত বিজয় সাব্যস্ত কৰা এজন মানুহৰ কাষতো এদিন তেনে অজস্ৰ অজুহাত আছিল, সহস্ৰ কাৰণ আছিল যিবোৰে তেওঁক আকাংক্ষিত পথত ৰোধৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন৷ তেওঁৰ মন ভাঙি দিব পাৰিলেহেঁতেন৷ সফলতা অভিমুখী তেওঁৰ যাত্ৰাত হেঙাৰৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন৷ কিন্তু বিফলতাৰ পৃষ্ঠপোষকতা কৰা তেনে হাজাৰটা কাৰণ, অজুহাত, হেঙাৰক একাষৰীয়া কৰি বিজয়ীজনে তেওঁৰ সমগ্ৰ দৃষ্টি নিবদ্ধ কৰিছিল তেওঁৰ জীৱনৰ  এনে এটা অন্যতম পৱিত্ৰ উদ্দেশ্যত যিটোৱে তেওঁক তেওঁৰ লক্ষ্য অভিমুখে আগবাঢ়ি যাবলৈ প্ৰতিপল প্ৰেৰণা যোগাই আছিল৷ অন্তৰৰ সেই প্ৰেৰণাসূচক জীৱনদায়িনী আহ্বানক যাত্ৰাপথৰ সংগী হিচাপে লৈ মানুহজন আগুৱাই গৈ থাকিল, সন্মুখৰ প্ৰতিটো বাধা-নিষেধ ওফৰাই তেওঁ নিজ লক্ষ্যাভিমুখে খোজ কাঢ়ি থাকিল৷ আৰু এদিন তেওঁ লক্ষ্যত উপনীত হ’ল৷ জীৱনে তেওঁৰ শিৰত বিজয়ৰ গৌৰৱোজ্জ্বল মুকূট পিন্ধালে৷ পৃথিৱীৰ লক্ষ-লক্ষ সাধাৰণ মানুহৰ বাবে এই মানুহজন মুহূৰ্ততে হৈ উঠিল অসাধাৰণ৷ তেওঁৰ অদম্য মনোবল আৰু অপ্ৰতিৰোধ্য ইচ্ছাশক্তি হৈ পৰিল বিশ্ববাসীৰ বাবে অপাৰ বিস্ময় তথা অন্তহীন কৌতূহলৰ বিষয়৷

আধুনিক পৃথিৱীৰ অগণন মানুহৰ মনত আশ্বৰ্য আৰু কৌতূহল সৃষ্টিকাৰী জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা তেনে এক অসাধাৰণ ব্যক্তি হ’ল জগদ্বিখ্যাত বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিং৷ এইজন মহান বিজ্ঞানী হকিঙৰ চিৰ-জ্যোতিস্মান বৰ্ণময় জীৱন-পৰিক্ৰমাক অন্যতম উপজীৱ্য হিচাপে লৈ নিৰ্মিত সমাদৃত ছবি ‘দা থিয়ৰি অৱ এভ‌্‌ৰিথিং(The Theory of Everything)-এ মহান বিজ্ঞানীজনৰ কৰ্ম, জীৱন আৰু সাধনাৰ প্ৰতি আমাক পুনৰবাৰ কৰি তুলিলে শ্ৰদ্ধাশীল আৰু মৰ্মে মৰ্মে উপলব্ধি কৰালে অক্লান্ত আশাবাদ আৰু অপৰাজেয় জীৱনপ্ৰেমেৰে পৰিপূৰ্ণ হকিঙৰ এষাৰ অবিস্মৰণীয় বাক্য— “While there is life, there is hope.” (য’তেই জীৱন, ত’তেই আশা৷)

হকিঙৰ সৈতে অভিনেতা এডি ৰেডমেইন

শ্ৰেষ্ঠ অভিনেতাৰ শিতানত অস্কাৰকে ধৰি অইন একাধিক বঁটা-সন্মানেৰে সন্মানীত, মনোনীত ছবিখন পৰিচালনা কৰিছে জেমছ্ মাৰ্শ্বে৷ ষ্টিফেন হকিঙৰ জীৱনৰ প্ৰথম প্ৰেম তথা পত্নী জেন ৱাইল্ড হকিঙে লিখা “Travelling to Infinity: My Life with Stephen”ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য লিখিছে এন্থনি মেককাৰ্টনে৷ ছবিখনৰ মুখ্য চৰিত্ৰত এডি ৰেডমেইনে হৃদয়স্পৰ্শী আৰু নিখুঁত অভিনয় কৰি চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত সন্মানীয় আসন দখল কৰিবলৈ সক্ষম হৈছে৷ হকিঙৰ ব্যক্তিত্বটোক যথোপযুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ অভিনেতা ৰেডমেইনৰ আন্তৰিক প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় ৷ ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ জেন ৱাইল্ডৰ ভূমিকাত অৱতীৰ্ণ হোৱা ফেলিছিটি জ’নছৰ অভিনয়ে ছবিখন জীৱন্ত কৰি তুলিছে৷

ষ্টিফেন হকিঙৰ জীৱনত যেতিয়া মটৰ নিউৰন নামৰ ভয়ংকৰ দুৰাৰোগ্য ৰোগটোৱে প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ একৈছ বছৰ৷ শৰীৰৰ স্নায়ু এফালৰ পৰা ধ্বংস কৰি মানুহজনক এসময়ত মৃত্যুৰ শীতল কোলাত শুৱাই দিয়াটোৱেই এই ৰোগটোৰ প্ৰধান উদ্দেশ্য৷ বেমাৰৰ সমুখত পৰাজয় বৰণ কৰি চিকিৎসকে ক্ষমাহীন ঘোষণা কৰিলে, মাত্ৰ দুই-আঢ়ৈ বছৰৰ পিছতেই হকিঙৰ মৃ্ত্যু নিশ্চিত৷ এই ভয়ংকৰ বেমাৰটোৱে খুব কম সময়ৰ ভিতৰতে হকিঙৰ ভৰি-হাতকে ধৰি অধিকাংশ অংগ অকামিলা কৰি আনিব আৰু অলৰ-অচৰ শৰীৰটো লৈ হকিঙ জীয়াই থকাটো একপ্ৰকাৰৰ দুঃসহ হৈ উঠিব৷ তেওঁ খোজ কাঢ়িব নোৱৰা হ’ব, হাত লৰাব নোৱৰা হ’ব, স্পষ্টতাৰে কথা ক’ব নোৱৰা হ’ব আৰু এসময়ত তেওঁৰ বাক্‌শক্তিয়েই সম্পূৰ্ণ বিলুপ্ত হ’ব৷ ইমানেই ভয়ংকৰ এই ৰোগটো৷ সাধাৰণ পানী লগা জ্বৰতেই কাৰ্যালয়ৰ পৰা ছুটি লৈ দুদিন-দুৰাতি বিচনাৰ পৰা নামি নহা আমাৰ দৰে মানুহে হয়তো চিকিৎসকৰ মুখত তেনে এষাৰ কথা শুনি ঠাইতে মূৰ্চা যাম আৰু বাকী থকা দিনকেইটা উদাস, বিষণ্ন হৈ যাপন কৰি মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিম৷

কিন্তু আমি কথা পাতিছোঁ ষ্টিফেন হকিঙৰ বিষয়ে, সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এজন পদাৰ্থবিজ্ঞানীৰ বিষয়ে৷ সাধাৰণ যদু-মধুৰ বিষয়ে নহয়৷ অৱশ্যে কথাষাৰ এনেকৈও ক’ব পাৰি সাধাৰণ মানুহ হৈও হকিঙ অসাধাৰণ, অনন্য৷ সেইকাৰণেই হয়তো মটৰ নিউৰনৰ দৰে বিৰল বেমাৰটোৱে সৰ্বশৰীৰ অকামিলা কৰি পেলোৱাৰ পিছতো, জীৱনৰ অবিচ্ছেদ্য সংগীস্বৰূপ হুইল-চেয়াৰত বহি কম্পিউটাৰৰ জৰিয়তে লক্ষ-লক্ষলোকৰ লগত ভাৱ-বিনিময় কৰা এই মানুহজনৰ মুখেৰে নিঃসৃত হৈছে “While there is life, there is hope”ৰ দৰে মহামূল্যৱান প্ৰাণসঞ্চাৰী বাক্য৷

হকিঙৰ জীৱনত অইন এগৰাকী মানুহ আছিল, যিয়ে হকিঙৰ দুৰ্দিনৰ সময়ত তেওঁৰ কাষত থিয় হৈছিলহি৷ তেওঁ হৈ পৰিছিল হকিঙৰ বাবে অন্তহীন প্ৰেৰণা আৰু উৎসাহৰ উৎস৷ ‘মটৰ নিউৰন’ৰ নামৰ বেমাৰটোৰ আগমন ঘটাৰ মাত্ৰ কেইটিমান দিনৰ আগতে হকিঙ চিনাকি হৈছিল সাহিত্যৰ ছাত্ৰী জেন ৱাইল্ডৰ সৈতে৷ কেইটিমান মুহূৰ্ত একেলগে অতিবাহিত কৰাৰ পিছতেই পৰস্পৰে পৰস্পৰৰ ব্যক্তিত্বৰ প্ৰতি অনুভৱ কৰিছিল ব্যাখ্যাহীন আকৰ্ষণ৷ এই আকৰ্ষণেই দুয়োকে দুয়োৰে ওচৰ চপাই নিছিল৷ আৰু ক্ৰমাৎ সেই আকৰ্ষণে প্ৰেমৰ ৰূপ পৰিগ্ৰহ কৰিলে৷

মৃত্যুৰ সংবাদ লৈ মটৰ নিউৰন নামৰ ৰোগটোৱে প্ৰেমিক ষ্টিফেনৰ জীৱনত প্ৰৱেশ কৰাৰ খবৰটো যেতিয়া প্ৰেমিকা জেনে জানিব পাৰিলে, তেতিয়া তেওঁ দুখ বা বিষাদত চিৎকাৰ কৰি উঠা নাছিল৷ অনাকাংক্ষিত পৰিস্থিতিত দিশহাৰা হৈ পৰা ষ্টিফেনৰ আৱেগবিহ্বল নিৰ্দেশ মানি তেওঁৰ জীৱনৰ পৰা জেন আঁতৰিও যোৱা নাছিল৷ বৰং ষ্টিফেনৰ প্ৰতি তেওঁ পূৰ্বতকৈ অধিক অনুভূতিশীল আৰু কৰ্তব্যশীল হৈ উঠিছিল৷ হৃদয়ত থূপ খুৱাই ৰখা অসীম ভালপোৱা আৰু স্নেহেৰে মৃত্যুমুখী ষ্টিফেনক জীৱনৰ আলোকোজ্জ্বল জ্যোতি অভিমুখে আগবঢ়াই নিবলৈ জেন সংকল্পবদ্ধ হ’ল৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰেমিক ষ্টিফেনৰ জীৱন-সংগী হ’বলৈ জেনে বাঞ্ছাপ্ৰকাশ কৰিলে৷ আৰু এদিন জেনৰ এই বাঞ্ছা বাস্তৱত পৰিণত হ’ল৷ দুয়ো বিবাহপাশত আৱদ্ধ হ’ল৷

জেনৰ অকৃত্ৰিম স্নেহ আৰু পৰিচৰ্যাই ষ্টিফেনক আগুৱাই নিলে৷ ষ্টিফেনে গৱেষণাত সফলতা লাভ কৰিলে৷ কৃষ্ণগহ্বৰ সম্বন্ধীয় মৌলিক বিষয়ত গৱেষণা কৰা ষ্টিফেন হকিং নামৰ প্ৰখৰ বুধিয়ক ছাত্ৰজনৰ বিষয়ে জ্ঞানীৰ মহলত চৰ্চা আৰম্ভ হ’ল৷ শাৰিৰীক দুৰ্বলতাৰে নহয়, ষ্টিফেনে পৰিচয় লাভ কৰিলে এজন পদাৰ্থ বিজ্ঞানীৰূপে৷ কোৱাটো নিষ্প্ৰয়োজন, ষ্টিফেনৰ এই সফলতা আৰু যশস্যাপ্ৰাপ্তিৰ মূলতেই আছিল তেওঁৰ পত্নী জেন ৱাইল্ডৰ সীমাহীন পৰিশ্ৰম আৰু পৰিচৰ্যা৷

কিন্তু ষ্টিফেন আৰু সন্তানদুটিৰ পৰিচৰ্যাত ব্যস্ত থকা পত্নী জেনে যেতিয়া তেওঁৰ জীৱনৰ ব্যক্তিগত সপোন, আশা-আকাংক্ষাবোৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে, তেতিয়া তেওঁৰ মনটোক হতাশাৰ বতাহ এজাকে কঁপাই গ’ল৷ সাহিত্যৰ প্ৰতিভাৱান ছাত্ৰী জেনৰ মনলৈ বিষণ্ণতাৰ ভাৱ আহিল৷ ষ্টিফেনৰ বাবে সময় উলিওৱাত তেওঁ এতিয়া ইমানেই ব্যস্ত হৈ পৰিছে যে নিজৰ জীৱনটোৰ বাবে তেওঁৰ হাতত এতিয়া সময়ৰ অভাৱ৷ ক্ৰমাৎ বাঢ়ি অহা অসন্তুষ্টিৰ ভাৱ প্ৰত্যক্ষ কৰি মাকে জেনক গীৰ্জালৈ গৈ কোৰাছৰ দলত অংশ ল’বলৈ পৰামৰ্শ আগবঢ়ায়৷

গীৰ্জাত সংগীত শিকোৱা জনাথন জ’নছৰ লগত জেনৰ পৰিচয় হয়৷ দুয়োৰে মাজত অন্তৰংগতা বাঢ়ে৷ জেনৰ জৰিয়তে জনাথন জ’নছে ষ্টিফেন আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে জানিব পাৰিলে৷ ষ্টিফেনৰ ঘৰলৈ জনাথনৰ আগমন ঘটিল আৰু অতি কম সময়ৰ ভিতৰতে জনাথনে তেওঁৰ স্বভাৱসুলব সহৃদয়তা আৰু উদাৰ মানৱতাবাদী দৃষ্টিভংগীৰে সকলোৰে মন মুহি পেলালে৷ মন মুহিলে জেনৰো৷ ক’ৰবাত অন্তৰ্হিত হোৱা জীৱনৰ প্ৰতি সেই কৌতূহল, সেই আকৰ্ষণ, সেই মৰম-আকলুৱা অনুভূতিবোৰে জেনে আৱিষ্কাৰ কৰিলে জনাথন নামৰ পুৰুষজনৰ ভিতৰত৷ জেনৰ অন্যতম সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ হ’ল জনাথন জ’নছ৷

কিন্তু ষ্টিফেন আৰু জেনৰ জীৱনৰ পৰা জনাথনে বিদায় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল যেতিয়া তৃতীয়টো সন্তানৰ জন্মৰ পিছত ষ্টিফেনৰ মাতৃৰ মুখত জনাথনে এটা তিক্ততাপূৰ্ণ প্ৰশ্ন শুনিছিল৷ অশেষ চেষ্টা কৰিও জেনে তেওঁক ৰখাব নোৱাৰিলে৷ ষ্টিফেনৰ অনুৰোধক্ৰমেহে জনাথন পুনৰ জেনৰ কাষলৈ আহে৷

ষ্টিফেন হকিঙৰ জীৱনৰ এছোৱা কঠিন সময়ৰ আৰম্ভণি হ’ল বৰডিউক্সৰ এটা বিশাল প্ৰেক্ষাগৃহত অপেৰা চাই থাকোঁতে৷ ষ্টিফেনে মুখলৈ নিয়া ৰুমালখনত তেজৰ দাগ পৰিলক্ষিত কৰাৰ পিছত তেওঁক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ পৰীক্ষাত ধৰা পৰে, ষ্টিফেনৰ নিউমনিয়া হৈছে৷ জেনক খবৰ দিয়া হ’ল৷ পত্নী জেনৰ পৰা অনুমতি লৈ চিকিৎসক ষ্টিফেনৰ অস্ত্ৰোপচাৰ কৰিলে৷ ইয়াৰ অন্যথা হকিঙৰ মৃত্যু অৱধাৰিত৷ অস্ত্ৰোপচাৰৰ ফলত ষ্টিফেনে বাক্‌শক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে৷

ষ্টিফেনৰ পৰিচৰ্যা কৰিবলৈ এইবাৰ এগৰাকী নাৰ্ছক নিয়োগ কৰা হ’ল৷ নাম তেওঁৰ ইলেইন৷ যিখন কালজয়ী গ্ৰন্থৰ বাবে ষ্টিফেন হকিঙক সমগ্ৰ বিশ্বই চিনি পায়, সেইখন গ্ৰন্থ ‘এ ব্ৰিফ হিষ্টৰি অৱ টাইম’ লিপিবদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এইগৰাকী ইলেইনে৷ উল্লেখনীয় যে, একেৰাহে ২৩৭ টা সপ্তাহৰ বাবে এই কিতাপখনে ব্ৰিটিছ চানডে’ টাইমছত বেষ্ট্ চেলাৰৰ শোভা বঢ়াইছিল৷ কম্পিউটাৰৰ লগত সংযুক্ত এটা ‘ধ্বনি সংশ্লেষক’ (Voice Synthesizer)ৰ জৰিয়তে ষ্টিফেনে লিখি উলিয়াইছিল এই পৃথিৱীবিখ্যাত গ্ৰন্থখন৷

ইলেইন নামৰ নাৰ্ছগৰাকীয়ে ষ্টিফেন হকিঙৰ মন-মগজুতো এখন বিশেষ আসন দখল কৰিবলৈ সক্ষম হ’ল৷ গোপনে-সংগোপনে ষ্টিফেন হকিং ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল ইলেইনৰ প্ৰতি৷ দিনটোৰ অধিকাংশ সময় অতিবাহিত কৰা ইলেইনৰ প্ৰতি থকা এই দুৰ্বাৰ আকৰ্ষণ পোনপ্ৰথমবাৰৰ বাবে পত্নী জেনে আৱিষ্কাৰ কৰিলে তেতিয়া, যেতিয়া আমেৰিকাত হ’বলগীয়া এটা বঁটা-প্ৰদান অনুষ্ঠানলৈ ষ্টিফেন হকিঙে জেনৰ পৰিৱৰ্তে ইলেইনক লৈ যোৱাৰ কথা ব্যক্ত কৰিলে৷ সীমাহীন বিষাদ আৰু দুখে সেইদিনা জেনৰ হৃদয় ওপচাই পেলাইছিল৷ আলফুলেৰে গঢ় দিয়া বৈবাহিক সম্বন্ধটো যে এতিয়া অসীম সংকটত — সেইয়া দুয়োজনে উপলব্ধি কৰিলে৷ ষ্টিফেন আৰু জেনে বিবাহ-বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে৷

শূন্য হৃদয়খন লৈ দিশহাৰা জেন কাষ চাপিল হৃদয়ৱান জনাথনৰ৷ আৰু অৱশেষত এইজন জনাথনৰ বুকুৰ উমতেই জেনে বিচাৰি পালে নিজৰ সত্ত্বাক৷ পুনৰ আৱিষ্কাৰ কৰিলে জীৱনৰ মহত্ব৷ অনুভৱ কৰিলে জীৱনৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেম৷

থূলমূলকৈ এয়াই ছবিখনৰ কাহিনী৷ চাবলৈ গ’লে, ষ্টিফেন হকিঙৰ জীৱন আৰু কৰ্মতকৈ ষ্টিফেন হকিং আৰু জেন ৱাইল্ডৰ প্ৰাক্-বৈবাহিক আৰু বিবাহোত্তৰ জীৱনেহে ছবিখনত অধিক প্ৰাধান্য পাইছে৷ ষ্টিফেন, জেন, জনাথন আৰু ইলেইন নামৰ বাস্তৱ জীৱনৰ চৰিত্ৰকেইটিৰ ভাবাৱেগ আৰু পাৰস্পৰিক সংযোগ-সংঘাতৰ যি বিচিত্ৰ পৰিণতি — সেই পৰিণতিয়েই যেন জীৱন্ত ৰূপত পৰিস্ফূট হৈছে ‘দা থিয়ৰি অৱ এভ‌্‌ৰিথিঙ’ নামৰ ছবিখনত৷ পৰিচালক জেমছ মাৰ্শ্বৰ ভাষাতেই কওঁ— “….It’s a very unusual love story in a very strange environment….”

পুনশ্চ: ষ্টিফেন হকিঙৰ জীৱন-দৰ্শন

পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ জীৱনত দৰ্শন আছে নে নাই, জীৱন নামৰ শব্দটোৱে তেওঁলোকৰ মনতনো কেনে ভাৱানুভূতিৰ উদ্ৰেক কৰে, সেয়া জানিবলৈ অনুসন্ধিৎসু মানুহৰ অপাৰ কৌতূহল থাকে৷ ষ্টিফেন হকিঙে জীৱন সম্বন্ধে কি চিন্তা কৰে — তাৰ সামান্য আভাষ পাব পাৰি আমেৰিকাৰ বিশেষ সভা এখনত উত্থাপিত হোৱা এটা বিশেষ প্ৰশ্ন আৰু তাৰ প্ৰত্যুত্তৰত ষ্টিফেন হকিঙে দিয়া উত্তৰটোৱে৷ কোৱা বাহুল্য, বিশেষ প্ৰশ্নটোৰ উত্তৰতেই ষ্টিফেনৰ প্ৰচুৰ আশাবাদী মনৰ স্পষ্ট ইংগিত পৰিলক্ষিত হৈছে৷

তেওঁক সোধা হৈছিল—

“You have said you do not believe on god. Do you have a philosophy of life that helps you?”

প্ৰশ্নটোৰ উত্তৰত ষ্টিফেনে কৈছিল—

“It is clear that we are just an advanced breed of primates, on a minor planet orbiting around an average star, in an outer suburb of one among a hundred billion galaxies. But ever since the dawn of civilization, people have craved for an understanding of the underlying order of the world. There ought to be something very special about the boundary conditions of the universe. And what can be more special that there is no boundary? And there should be no boundary to human endeavor. We are all different. However bad life may seem, there is always something you can do and succeed at. While there is life, there is hope. ”

— ∞ —

(১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

(৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

(৫) দা মাৰ্টিয়ান

(৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

(৭) দা ইমিটেছন গেইম

(৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

(৯) আইনষ্টাইন এণ্ড এডিংটন

(১০) দা মেন হু নিউ ইন্‌ফিনিটি

No Comments

Post A Comment