বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা – ঈশান জ্যোতি বৰা : (৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

লুচি:

“The average person uses 10% of their brain capacity. Imagine what she could do with 100%.”

২০১৪ চনত মুক্তি লাভ কৰা লুক বেছনৰ কাহিনী আৰু পৰিচালনাৰে পুষ্ট লুচি(Lucy) নামৰ জনপ্ৰিয় আৰু বাণিজ্যিকভাৱে সফল কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প’ষ্টাৰত ব্যৱহৃত হোৱা টেগলাইন আছিল উক্ত বাক্য দুশাৰী৷ তথ্যসমৃদ্ধ টেগলাইনটিয়ে এচাম চিত্ৰ-ৰসিকৰ মাজত উৎসুকতা সৃষ্টি কৰিলে আৰু আন এচামৰ মাজত সৃষ্টি কৰিলে বিতৰ্কৰ৷ প্ৰায় এশ বিলিয়ন নিউৰণৰে পৰিপূৰ্ণ মানৱ-মগজুৰ কেৱল ১০% শক্তিহে গড় হিচাপত এজন মানুহে ব্যৱহাৰ কৰিব পাৰে৷ বহুচৰ্চিত এই তথ্যটিকে মূল উপজীৱ্য হিচাপে লৈ ছবিখনৰ কাহিনীভাগ গঢ় লৈছে৷

টাইৱানৰ অস্থায়ী নিবাসী ২৪ বছৰীয়া লুচি(স্কাৰলেট জহানছন) নামৰ আমেৰিকান যুৱতীগৰাকী প্ৰেমিকৰ কু-অভিসন্ধিৰ বলি হৈ এক ড্ৰাগ ব্যৱসায়ীৰ সংস্পৰ্শলৈ আহে৷ কোৰিয়াৰ ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙক এটা ব্ৰিফকেছ দিবলৈ গৈ লুচি সন্মুখীন হয় এক অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ৷ ব্ৰিফকেছটোৰ ভিতৰত থকা চিপিএইচ্ছ-ফোৰ (CPH4) নামৰ অতি মূল্যৱান সাংশ্লেষিক ঔষধৰ পেকেট এটা জোৰ-জুলুমকৈ লুচিৰ তলপেটত সুমুৱাই দিয়া হয়৷ শাৰিৰীক আৰু মানসিক শক্তিক কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰি সাধাৰণ মানুহ এজনক চূড়ান্তভাৱে মহাশক্তিশালী, অপ্ৰতিৰোধ্য মানৱ এজনলৈ পৰিণত কৰিব পৰাৰ চমৎকাৰী শক্তিৰ অধিকাৰী এই চিপিএইচ্ছ-ফোৰ৷ মানৱ দেহত থকা 6-Carboxy-5,6,7,8-Tetrahydropterin নামৰ বিপাকীয় উৎসেচকবিধেই( Metabolic Enzyme) হৈছে CPH-4৷ কোৰা (Quora) নামৰ জনপ্ৰিয় ৱেবছাইটটোত চিপিএইচ্ছ-ফোৰ সম্পৰ্কীয় এলানি আলোচনাত ভাগ লৈ পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটিৰ প্ৰাক্তণ ছাত্ৰ আৰু জীৱবিজ্ঞানী ব্ৰায়ান ষ্টিফেনছনে মন্তব্য কৰে যে— “6-Carboxy-5,6,7,8-Tetrahydropterin CPH4 in the body, involved in the process of biosynthesis of tetrahydrobiopterin, an essential cofactor of aromatic amino acid hydroxylases. It is not the substance that Freeman describes it to be, it has no direct neurologic effects. So it does not work the way the movie described, nothing does. We use ALL of our brains, not just 10%.What kind of evolutionary change would give us an organ in which only 10% of it was useful, for everybody? Especially the brain.”

বাৰু যি কি নহওক, এতিয়া চিনেমাৰ মাজলৈ উভতি আহোঁ৷ ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙে এই চিপিএইছ-ফোৰৰ চোৰাং কাৰবাৰ কৰি লক্ষাধিক ধন আত্মসাৎ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে৷ সেই উদ্দেশ্যৰেই কেইজনমান মানুহৰ পেটত চিপিএইছ-ফোৰৰ টোপোলা সুমুৱাই তেওঁলোকক বিদেশলৈ সৰবৰাহ কৰাৰ যো-জা চলায়৷ কিন্তু দুৰ্ভাগ্যবশতঃ লুচিৰ পেটত সুমুৱাই থোৱা টোপোলাটো তাইৰ পহৰাদাৰী এজনে কৰা আক্ৰমণৰ ফলত পেটতে ফাটি যায়, যাৰ ফলত প্ৰচুৰ পৰিমাণৰ চিপিএইছ-৪ লুচিৰ শৰীৰত বিয়পি পৰে৷ পৰৱৰ্তী মুহূৰ্ততে লুচিৰ জীৱন নাটকীয়ভাৱে পৰিৱৰ্তিত হয়৷ মানসিক আৰু শাৰিৰীক দুয়োটা দিশতে লুচিয়ে অভূতপূৰ্ব উত্তৰণ সাধন কৰে৷ লুচিয়ে দুখ, বেদনা অনুভৱ নকৰা হয়, জীৱ আৰু জড়— দুয়োটা শ্ৰেণীতেই অবাধ বিচৰণ কৰিব পৰা হয় আৰু নিয়ন্ত্ৰণ কৰিব পৰা হয়, অচিনাকি মানুহৰ কথা আঁতৰৰ পৰাই বুজিব পৰা হয়, বৈদ্যুতিক আৰু চুম্বকীয় তৰংগ নিয়ন্ত্ৰণ কৰিব পৰা হয়, ছেকেণ্ডৰ ভিতৰতে কেইবাটাও ৱেবছাইট, ৬৭৩৪ পৃষ্ঠাজোৰা গৱেষণা মুহূৰ্ততে পঢ়ি হৃদয়ংগম কৰিব পৰা হয়৷ নিজৰ পৰিৱৰ্তিত ব্যক্তিত্বক লৈ প্ৰচুৰ অনুসন্ধিৎসাত ভোগা লুচিয়ে শেষত সাক্ষাৎ কৰে স্নায়ুতত্ত্ববিদ ছেমুৱেল নৰমান(মৰ্গান ফ্ৰিমেন)ক৷ মগজুৰ ৰহস্যময় অপাৰ শক্তিৰ সন্দৰ্ভত বিস্তৰ গৱেষণা কৰা ছেমুৱেল নৰমান নামৰ মানুহজন আৰু ছেমুৱেল নৰমানৰ গৱেষণাৰাজিৰ বিষয়ে সমস্ত কথা অধ্যয়ন কৰি লুচিয়ে নৰমানক দেখা কৰে৷ লুচিৰ সাম্প্ৰতিক অৱস্থাটো দেখি স্বাভাৱিকতেই বিস্ময়াহত হৈ পৰে প্ৰফেচাৰ নৰমান৷ লুচিয়ে প্ৰশ্ন কৰে— এই বিশাল শক্তি-ভাণ্ডাৰটোৰ সৈতে তাই কৰিব কি এতিয়া? কাৰণ বৰ্তমানে মগজুৰ ২৮% শক্তি ব্যৱহাৰ কৰি থকা লুচিৰ মগজুৱে কম সময়ৰ ভিতৰতে ১০০ৰ ঘৰ স্পৰ্শ কৰিব৷ ১০০% শক্তিসম্পন্ন মগজু এটাৰে জীয়াই থকাটো হৈ পৰিব অসম্ভৱ কথা৷ লুচিৰ উৎসুকতাৰ সন্দৰ্ভত প্ৰফেছাৰ ছেমুৱেল নৰমানে এইবুলি মন্তব্য আগবঢ়ায়— “The whole purpose of life has been passed on what was learned. There was no higher purpose. If you are asking me what to do with all this knowledge you’re accumulating, I’d say pass it on.” প্ৰফেছাৰৰ কথামতেই লুচি আগবাঢ়ি আহে৷ ছেমুৱেল নৰমান আৰু তেওঁৰ দুগৰাকীমান সহযোগীক সন্মুখত লৈ লুচি এক সময়-যাত্ৰাত ওলাই পৰে, য’ত লুচিয়ে সৃষ্টিৰ আদিম অৱস্থাৰ পৰা এতিয়ালৈকে বিশ্বত সংঘটিত হোৱা যুগান্তকাৰী পৰিঘটনাসমূহ, সমস্ত তথ্য-ছবি-বিশ্লেষণক তাইৰ মগজুৰ অপৰিসীম শক্তিৰ দ্বাৰা অন্বেষণ কৰে আৰু এটা অত্যাধুনিক ছুপাৰকম্পিউটাৰ নিৰ্মাণ কৰি সৰ্বশেষত  কম্পিউটাৰৰ সমস্ত তথ্য এটা ক’লাবৰণীয়া সৰু ফ্লেছ ড্ৰাইভত জমা কৰে আৰু প্ৰফেছাৰ ছেমুৱেল নৰমানৰ হাতত তুলি দিয়ে৷ শেষত লুচি অদৃশ্য হৈ পৰে৷ ড্ৰাগ মাফিয়া মিষ্টাৰ জেঙক সিপুৰীলৈ পঠিয়াই কোঠালৈ সোমাই অহা আৰক্ষী বিষয়াজনে যেতিয়া ‘Where is lucy?’ বুলি প্ৰশ্ন কৰে, তেতিয়া তেওঁৰ ম’বাইলত দৃশ্যমান হয়— “I am everywhere.” (৷) তাৰপিছত নেপথ্যত প্ৰতিধ্বনিত হয় লুচিৰ কণ্ঠ— “Life was given to us a billion years ago. Now you know what to do with it.”  থূলমূলকৈ এইয়াই হৈছে লুচিৰ কাহিনী৷

মুখ্য অভিনেত্ৰী স্কাৰলেট জোহানচনৰ অনবদ্য অভিনয়, দুৰন্তভাৱে গতিশীল চিত্ৰনাট্য, চমৎকাৰী ভিজুৱেলছ, প্ৰযুক্তিৰ প্ৰশংসনীয় প্ৰয়োগ, একচনৰ দৃশ্যৰ দৃষ্টিনন্দন উপস্থাপন— এইবোৰ হৈছে ছবিখনৰ চালিকাশক্তি৷ ছবিখনৰ মূল বিষয়-বস্তুয়ে সচেতন দৰ্শকৰ মনত কেতবোৰ কৌতূহলমিশ্ৰিত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে যদিও সেই বিভ্ৰান্তিৰ গাত ভেঁজা দি এই বিতৰ্কিত বিষয়টোৰ (ৱিকিপিডিয়াত উপলব্ধ 10 percent of the brain myth শীৰ্ষক লেখাটি আগ্ৰহীজন পঢ়িব পাৰে৷) বিষয়ে অধিক সুস্থিৰ গৱেষণা, মনোজ্ঞ আলোচনা কৰাৰ থল আছে৷ কেতিয়াবা একোটা বিৰ্তকইয়ো সমাজলৈ যুগান্তকাৰী চিন্তাৰ সোঁত বোৱাই আনিব পাৰে৷ ‘লুচি’ নামৰ চিনেমাখন তেনে এক চিন্তামুখী যাত্ৰাৰেই উজ্জ্বল উৎস হৈ ৰওক৷

ইণ্ডিপেণ্ডেন্স ডে’:

জগদ্বিখ্যাত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল— “Curiosity has its own reason for existing.”(৷) আইনষ্টাইনৰ উক্তিৰ ভেটিত থিয় হৈ ক’ব পাৰি— এই Curiosity-য়েই, অৰ্থাৎ মানুহৰ মনৰ অদমনীয় কৌতূহল অথবা উৎসুকতায়েই মানুহক অইন জীৱৰ পৰা পৃথক কৰিছে আৰু জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ কৰিব পৰাৰ অধিকাৰ প্ৰদান কৰিছে৷ চুকত সোমাই থকা ভেকুলী এটাই চিন্তা কৰিব নোৱাৰে৷ কিন্তু ভেকুলীয়ে কিয় চিন্তা কৰিব নোৱাৰে – সেই চিন্তাটো মানুহে কৰিব পাৰে, গৱেষণা কৰিব পাৰে, প্ৰশ্ন কৰিব পাৰে৷ আধুনিক দৈনন্দিন পৃথিৱীখনত ঘটি থকা অজস্ৰ-সহস্ৰ ঘটনাই মানুহৰ চেতন-অৱচেতন মনলৈ অসংখ্য কৌতূহলোদ্দীপক অনুভৱৰ সোঁত বোৱাই আনে আৰু মানুহক লৈ যায় বিচিত্ৰ প্ৰশ্নৰে পৰিপূৰ্ণ হৈ থকা অইন এখন জগতলৈ৷ কৌতূহলী মানুহৰ বিচৰণ ক্ষেত্ৰৰ পৰিধি ভাবিব নোৱৰা ধৰণে বিশাল৷ চিন্তাৰ দ্ৰুততম বেগে মানুহৰ কৌতূহলক পৰিচয় কৰাই দিছে পৃথিৱী, বেলি, জোন, সৌৰজগত, মহাকাশ, তাৰকাৰাজ্য, ব্ৰহ্মাণ্ড আদিৰ সৈতে আৰু মানুহৰ সন্মুখত উত্থাপন কৰিছে একো একোটা বিস্ময়কৰ প্ৰশ্ন৷ এই প্ৰশ্নবোৰৰ উত্তৰৰ অন্বেষণত নামি পৰিছে শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ মানুহজন, তীক্ষ্নতকৈয়ো তীক্ষ্ন মানৱ মগজুটো৷ নিৰলস সাধনা আৰু কঠোৰতম অধ্যৱসায়ৰ বলত অসাধ্য সাধন কৰা জীৱশ্ৰেষ্ঠই কৌতূহল দমনৰ অৰ্থে গমন কৰিছে কোটি কোটি কিলোমিটাৰ আঁতৰত থকা কোনোবা গ্ৰহলৈ,পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা চন্দ্ৰটোলৈ৷ পাইছে, অনুসন্ধিৎসু মানৱ জাতিয়ে তেওঁলোকৰ চিন্তাশক্তিক প্ৰত্যাহ্বান জনোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পাইছে৷ তথাপি যেন মানুহৰ কৌতূহল স্তিমিত হোৱা নাই৷ মনৰ অনুসন্ধিৎসু, উৎসুকতা মাৰ যোৱা নাই৷ কিছুমান বিচিত্ৰ প্ৰশ্নই মানুহক অহৰ্নিশে খেদি ফুৰিছে, সঘনাই আমনি কৰিছে৷ কৌতূহলী মানুহৰ মনত যুগে যুগে জাগ্ৰত হোৱা তেনে এটা প্ৰাচীন প্ৰশ্ন, যিটো প্ৰশ্নৰ এটা বিশ্বাসযোগ্য উত্তৰ শুনিবলৈ বিশ্বৰ অগণন মানুহৰ পঞ্চেন্দ্ৰিয় উদ্বাউল হৈ আছে; সেইটো হ’ল— মানুহ দৰে চিন্তাশীল, বুধিয়ক জীৱ পৃথিৱীৰ বাহিৰেও অইন ক’ৰবাত আছে নেকি? আছে নেকি ব্ৰহ্মাণ্ডৰ কোনোবা মুলুকত জীৱশ্ৰেষ্ঠৰ লগত মোকাবিলা কৰিব পৰা প্ৰাণীৰ অস্তিত্ব??

গডজিলা, দা ডে’ অফটাৰ টুমৰ’ৰ দৰে বিখ্যাত চলচ্চিত্ৰৰ নিৰ্মাতা, প্ৰযোজক, কাহিনীকাৰ ৰোলাণ্ড এমেৰিখৰ মনতো ঠিক এনেকুৱা এটা প্ৰশ্নয়েই খুন্দিয়াই আছিল৷ মনৰ সেই অনুভৱ তেওঁ ব্যক্ত কৰে ইউৰোপ মহাদেশত ‘ষ্টাৰগেইট’(Stargate) নামৰ কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প্ৰচাৰ কৰি থকা অৱস্থাত৷ আৰু এই প্ৰশ্নটোকে মূলধন হিচাপে লৈ তেওঁ যে এখন ছবি নিৰ্মাণ কৰাৰ সপোন দেখিছে, সেই কথাও লগতে সদৰী কৰে৷ এই সপোনটোৰ নাম দিয়া হ’ল— ইণ্ডিপেণ্ডেন্স ডে’ (Independence Day)৷ ১৯৯৫ চনৰ জুলাই মাহৰ নিউয়ৰ্ক চহৰত ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হ’ল আৰু প্ৰায় এবছৰৰ অন্তত ১৯৯৬ চনৰ ২০ জুনত ছবি সম্পৰ্কীয় সকলো কাম শেষ হ’ল৷ সেই বছৰৰে ৩ জুলাইত ছবিখনক সমগ্ৰ বিশ্বতে মুক্তি দিয়া হ’ল৷ খুউব কম সময়ৰ ভিতৰতে ছবিখনে আজুৰি আনিলে অভাৱনীয় সফলতা৷ ডিন ডেভলিন আৰু ৰোলাণ্ড এমেৰিখৰ দ্বাৰা ৰচিত কল্প-কাহিনীৰ আধাৰত নিৰ্মিত ইণ্ডিপেণ্ডেন্স ডে’ হৈ পৰিল ১৯৯৬ চনৰ সৰ্বাধিক ধন-উপাৰ্জনকাৰী ছবি৷ ‘ভিজুৱেল এফেক্টছ’ৰ শিতানত ছবিখনে লাভ কৰিলে সন্মানীয় অস্কাৰ৷ ‘ধ্বনি মিশ্ৰণ’ৰ শিতানত অস্কাৰৰ মনোনয়ন লাভ কৰা ইণ্ডিপেণ্ডেন্স ডে’-ত অভিনয় কৰিছিল উইল স্মিথ, বিল পুলমেন, মাৰ্গাৰেট কলিন আদিয়ে৷

পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰা এখন অজ্ঞাত অথচ অতিকায় যানক কেন্দ্ৰ কৰি ছবিৰ কাহিনীভাগ গঢ় লৈ উঠিছে৷ ১৯৯৬ চনৰ ২ জুলাই তাৰিখে অতিকায় যানখনৰ পৰা নামি অহা আন কেইবাখনো মহাকাশযানে পৃথিৱীৰ প্ৰখ্যাত চহৰবোৰৰ ওপৰত অৱস্থান গ্ৰহণ কৰে৷ কেতিয়াও মুখামুখি নোহোৱা এই বিস্ময়কৰ পৰিঘটনাই চহৰবাসীৰ মন-মগজুত স্বাভাৱিকতেই সৃষ্টি কৰে চেপা উত্তেজনা আৰু পৰম উৎকণ্ঠাৰ৷ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা এটা বিচিত্ৰ সংকেতৰ অৰ্থোদ্ধাৰ কৰি উঠি আতঙ্কিত হৈ পৰা ডেভিড লেভিনছনে হোৱাইট হাউচত থকা তেওঁৰ প্ৰাক্তন পত্নীৰ লগত যোগাযোগ কৰে৷ যিকোনো ক্ষণতে পৃথিৱীবাসী সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ, নামি আহিব পাৰে প্ৰলয়৷ ৰাষ্ট্ৰপতি হোৱাইটম’ৰকো এই বিপদৰ আগজাননী দিয়া হয়৷ চৌদিশে হৈ-চৈ আৰম্ভ হয়৷ নিজৰ প্ৰাণটো বচাই কিদৰে এই চহৰ এৰি নিৰাপদ দূৰত্বলৈ যাব পাৰি, তাৰেই এক ব্যাপক প্ৰস্তুতি আৰম্ভ হয় জনগণৰ মাজত৷ ইতিমধ্যেই লচ এঞ্জেলছকে ধৰি দুখনমান বিখ্যাত চহৰত সেই যানকেইখনে ধ্বংসলীলা আৰম্ভ কৰে৷ তাৰ পিছদিনা আন্তঃৰাষ্ট্ৰীয় সামৰিক বাহিনীৰ নেতৃত্বত সেই যানকেইখনৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলোৱা হয়৷ আৰু সেই আক্ৰমণৰ পৰিণতিতেই সুদক্ষ সেনা, পাইলট ষ্টিভেন হিলাৰে বৰ্হিজগতৰ কিম্ভূতকিম্বাকাৰ প্ৰাণী এটাক কৰায়ত্ব কৰিবলৈ সমৰ্থ হয় আৰু অচেতন অৱস্থাত প্ৰাণীটোক গৱেষণাৰ হেতু পৰীক্ষাকেন্দ্ৰলৈ লৈ যোৱা হয়৷ চিকিৎসাৰত অৱস্থাত সেই প্ৰাণীটোৱে সংজ্ঞা ঘূৰাই পাই এজন চিকিৎসক-বিজ্ঞানীক আক্ৰমণ কৰে৷ বিজ্ঞানীজনৰ মনটো দখল কৰি সেই অদ্ভুত প্ৰাণীটোৱে তেওঁৰ কণ্ঠনলীৰে ৰাষ্ট্ৰপতি হোৱাইটম’ৰৰ লগত বাৰ্তা-বিনিময় কৰে৷ বাৰ্তালাপৰ অন্তত ৰাষ্ট্ৰপতি হোৱাইটম’ৰে এই প্ৰাণীবোৰৰ যাত্ৰাৰ ৰহস্য আৰু ধংসকামী উদ্দেশ্যৰ বিষয়ে অৱগত হয় আৰু সিহঁতৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ দৃঢ় সংকল্প লয়৷

৪ জুলাই৷ আমেৰিকাৰ স্বাধীনতা দিৱস৷ ছেটেলাইট টেকনিচিয়ান ডেভিড লেভিনছনে বৰ্হিজগতৰ প্ৰাণীবোৰক পৰাভূত কৰা আৰু যানকেইখন ধ্বংস কৰাৰ একমাত্ৰ কৌশলটো আৱিষ্কাৰ কৰে৷ যানকেইখনৰ চৌপাশ আৱৰি ৰখা শক্তিশালী সুৰক্ষা বেষ্টনীখন নিষ্ক্ৰিয় কৰিব লাগিব আৰু তাকে কৰিবলৈ তেওঁলোকে মুখ্য যানখনত এটা ভাইৰাছ সংস্থাপিত কৰিব লাগিব৷ পৃথিৱীৰক্ষাৰ এই গুৰুত্বপূৰ্ণ অভিযানৰ মুখ্য দায়িত্ব অৰ্পণ কৰা হয় পাইলট ষ্টিভেন হিলাৰৰ ওপৰত৷ তেওঁৰ নেতৃত্বত যাবলগীয়া দলটোৱে বৰ্হিজগতৰ প্ৰাণীৰ মুখ্য যানখনত সেই ভাইৰাছটো সংস্থাপিত কৰিব আৰু তাৰ পিছত নিউক্লিয়াৰ অস্ত্ৰ নিক্ষেপ কৰি যানখন ধ্বংস কৰিব৷ সামৰিক বাহিনীৰ শক্তি বঢ়োৱাৰ উদ্দেশ্যেৰে উৰাজাহাজ চলোৱাৰ অভিজ্ঞতা থকা পৃষ্ঠপোষকৰ সন্ধান কৰা হয় ৷ পৃষ্ঠপোষক হিচাপে অহা বহুতৰে মাজত এজন হ’ল কাচ্ছে৷ এসময়ত আক্ৰমণ আৰম্ভ হয়৷ বৰ্হিজগতৰ প্ৰাণীৰ সুৰক্ষা বেষ্টনী নিষ্ক্ৰিয় কৰি উঠাৰ পিছত পাইলটসকলে মুখ্য যানখন ধ্বংস কৰিবলৈ প্ৰস্তুতি চলায়৷ কিন্তু ‘কাচ্ছে’ৰ উৰাজাহাজে কঢ়িয়াই অনা মিছাইলটোৰ জঁট লাগে৷ এক যান্ত্ৰিক বিজুতিৰ কাৰণে তেওঁ মিছাইলটো নিক্ষেপ কৰিব নোৱৰা হয়৷ অনাকাংক্ষিত এই পৰিস্থিতিৰ সন্মুখীন হৈ ‘কাচ্ছে’-এ সিদ্ধান্ত ল’লে— দেশ আৰু জনতাৰ ভৱিষ্যতৰ কাৰণে তেওঁ নিজৰ জীৱন উছৰ্গা কৰিব৷ আৰু সেয়াই হ’ল৷ মিছাইলটোৰ সৈতে তেওঁ বৰ্হিজগতৰ প্ৰাণীৰ যানখনত আক্ৰমণ কৰিলে৷ সিফালে ষ্টিভেন হিলাৰৰ নেতৃত্বত চলি থকা আক্ৰমণেও বৰ্হিজগতৰ প্ৰাণীবোৰৰ সংখ্যা কমাই আনিছে৷ কেইটিমান মুহূৰ্তৰ পিছত ‘কাচ্ছে’ৰ মিছাইলৰ টাইমাৰটোত ‘শূন্য’ অংকটো জিলিকিল, প্ৰকাণ্ড যানখনক এক বিশাল জ্যোতিৰে আৱৰি ধৰিলে আৰু ত্ৰাসত ডুবাই ৰখা সেই প্ৰলয়ংকাৰী যানখন আকাশৰ পৰা খহি ভূখণ্ডত চূৰ্ণাকৃত হৈ পৰিল৷ পৰিমাপহীন আতংক আৰু ভীতিত বহল হৈ থকা মানুহৰ চকুবোৰত আনন্দ আৰু বিজয়ে ঢৌ খেলি গ’ল৷ বৰ্হিজগতৰ প্ৰাণীৰ পৰা জনতাই স্বাধীনতা লাভ কৰিলে৷ পৃথিৱী নামৰ গ্ৰহটোৰ মানুহে পুনৰ এবাৰ জীৱশ্ৰেষ্ঠতাৰ প্ৰমাণ দিলে৷ থূলমূলকৈ এইয়াই ইণ্ডিপেণ্ডেন্স ডে’ৰ কাহিনী৷

উল্লেখযোগ্য যে, ২০১৬ চনৰ ২৪ জুনত ইণ্ডিপেণ্ডেন্স ডে’ৰ ছিকুৱেল ‘ইণ্ডিপেণ্ডেন্স ডে’-ৰিচাৰজেন্স’-এ মুক্তি লাভ কৰে৷ কিন্তু ছবিখনে পূৰ্বৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে৷

— ∞ —

(১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

(৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

(৫) দা মাৰ্টিয়ান

(৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

(৭) দা ইমিটেছন গেইম

(৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

(৯) আইনষ্টাইন এণ্ড এডিংটন

(১০) দা মেন হু নিউ ইন্‌ফিনিটি

No Comments

Post A Comment