তৃতীয় বিশ্বযুদ্ধ

ব্যস্ততা, ব্যস্ততা আৰু ব্যস্ততা। অধ্যাপক হ'লোঁ বুলিয়েই মই মানুহ নহয় নেকি? যোৱা সপ্তাহত একেলগে সাতটা ক্লাছ আৰু আজি দেওবাৰটোতো বিশেষ পাঠদান। নোৱাৰি আৰু দেই! মোক অলপ বিশ্ৰাম লাগে। যানখনৰ বিশাল পৰ্দাখনৰলৈ চকু ফুৰালোঁ— এতিয়াও বিশ্ববিদ্যালয় পাবলৈ দুই আলোকবৰ্ষ আছে। অন্ততঃ তিনি-চাৰি ঘণ্টা আৰামত এঘুমটি মাৰিব পাৰিম। এইবুলি ভাবি চকীখনৰ নীলা বুটামটো হেঁচি দিলোঁ। সকলো লাইট নুমাই গ'ল। খিৰিকীৰে তৰাবোৰৰ ক্ষীণ পোহৰ ভাঁহি আহিল। চকীখনৰ কোমল অংশত গাটো এৰি দি চকু দুটা মুদি দিলোঁ। এক বুজাব নোৱাৰা আনন্দই মোক আৱৰি ধৰিলে। সপ্তাহটোৰ ক্লান্তি পাহৰি মই অন্য এক জগতত সোমাই পৰিলোঁ।

চিলমিল টোপনিটো আহিছিলহে এনেতে হঠাৎ কোঠাটোৰ লাইটবোৰ জ্বলি উঠিল আৰু বিশাল লেডৰ পৰ্দাখনত এখন অস্পষ্ট ছবি ভাঁহি উঠিল। লগতে এটা মৃদু কণ্ঠস্বৰ। কোঠাটোৰ স্পীকাৰবোৰে কৈছিল, “আমাৰ জাতিৰ পিতাৰ ১২৫তম জন্মদিনত তেওঁলৈ সকলো মানৱৰ সশ্ৰদ্ধ প্ৰণাম।” চকুকেইটা মোহাৰি দেখিলোঁ, “এৰা, এয়া জাতিৰ পিতাৰেই ছবি! ডাঠ চেলাউৰি আৰু নীলা চকুহালেৰে এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ জাতিৰ পিতা।

টোপনি ভাগি গ'ল। সেয়ে আজিৰ বাতৰি কাকতখনেই উলিয়াই ল'লোঁ। বহুবাৰ তেওঁৰ জীৱনী পঢ়িছোঁ যদিও আন কাম নথকাৰ বাবে তেওঁৰ চমু জীৱন বিৱৰণীটোক পঢ়িবলৈ ল'লোঁ। স্ক্ৰীণৰ বাওঁ চুকত (বাতৰি কাকতখনৰ) ওপৰফালে তেওঁৰ কেইখনমান ছবি শ্লাইড হৈ আহি আছিল। অ'ৰ-ত'ৰ আখৰবোৰ ৰঙা চিয়াঁহীৰে জিলিকি আছিল। তেওঁৰ উজ্জ্বল হাঁহিটোলৈ এবাৰ চাই মই দফাটো পঢ়িবলৈ আৰম্ভ কৰিলোঁ। প্ৰবন্ধটোৰ শিৰোনাম আছিল আছিল ‘জাতিৰ পিতা’।

 

২৪ আগষ্ট, ২১৫০ চন। ইউৰেনাছ—

এই সকলো আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় ১৫০ বছৰৰ আগতে। মানৱ জাতি তেতিয়া সম্পূৰ্ণ বিকাশিত হোৱা নাছিল। গোটেই পৃথিৱীখনেই ১৯৩ টা ক্ষুদ্ৰ ভাগত বিভক্ত আছিল ইয়াৰে প্ৰতিটো ভাগকে একো একোখন দেশ বোলা হৈছিল। এই নিৰ্মম ষড়যন্ত্ৰ ৰচনা হৈছিল এনে ভাগবোৰৰে তিনিটা ভাগৰ মুৰব্বী তিনিজনৰ জৰিয়তে। এয়া ২০০০ চন মানৰ কথা। আমেৰিকা, জাৰ্মানী আৰু ৰাছিয়া নামৰ দেশ তিনিখনৰ মুৰব্বী অৰ্থাৎ ৰাষ্ট্ৰপতিকেইজনেই এই ষড়যন্ত্ৰৰ গৰাকী আছিল। ২০০৬ চনৰ ২৭ ছেপ্টেম্বৰৰ মাজনিশা ৱাশ্বিংটন চহৰৰ এটা গোপনকক্ষত ইয়াক ৰচনা কৰা হৈছিল। যাৰ নায়ক আছিল জৰ্জ ব'ছ, জোহানছ ৰাও, ভলডিমাৰ পুটিন।

সেইসময়ত পৃথিৱীবাসী বাৰুকৈয়ে আত্মকেন্দ্ৰীক আছিল। আত্মকেন্দ্ৰীকতাৰ ক'লা ডাৱৰে মানৱ জাতিক মলিন কৰি ৰাখিছিল। সেই পৰিস্থিতিকে আৰু অধিক জলজল-পটপটকৈ ফুটাই তুলিছিল ব'ছ, জোহানছ ৰাও, ভলডিমাৰ পুটিনে। তেওঁলোকৰ লক্ষ্য আছিল সেইসময়ৰ অৰ্থনৈতিকভাৱে দুৰ্বল দেশসমূহক নিজৰ অধীন কৰা। এয়াই আছিল মানৱ জাতিৰ বিনাশৰ প্ৰথমটো ফিৰিঙতি।

Image Source : Shutterstock

Image Source : Shutterstock

এই তিনিখন দেশে অতি গোপনে আৰু সন্তৰ্পনে সেই দুৰ্বল দেশসমূহৰ গোপন তথ্যবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে বায়ুমণ্ডলত ৰাডাৰে ধৰা পেলাব নোৱাৰা গুপ্তচৰ যানৰ ব্যৱহাৰ আৰম্ভ কৰিলে আৰু কেইবছৰমানৰ পাছত কেমেৰা আৰু সাধাৰণ খালী চকুৰে দেখা নোপোৱা প্ৰযুক্তিও বিকাশিত কৰিলে। কিন্তু পৃথিৱীৰ বহু সংখ্যক দেশ তেতিয়াও অতি অনুন্নত আছিল। যিসময়ত এই তিনিখন দেশে প্ৰযুক্তিৰ নতুন নতুন আহিলা বিকাশিক কৰিছিল সেই সময়তে কিছুমান দেশত মানুহে খাদ্যৰ অভাৱত ভুগিছিল। দুৰ্বল অৰ্থনীতিয়ে মানুহক জুৰুলা কৰিছিল। সেয়ে আমেৰিকা, জাৰ্মানী আৰু ৰাছিয়াৰ বাবে লক্ষ্য প্ৰাপ্তি সহজ হৈ পৰিছিল, কিন্তু এই উদ্দেশ্য সিদ্ধিত হেঙাৰ হৈ থিয় দিছিল 'পৰমাণু অস্ত্ৰ'ই। ২০০৫ চনৰ ২৭ আগষ্টত ব'ছ, ৰাও আৰু পুটিনে এই প্ৰকল্পটোত চহী কৰিছিল, যাক মানৱ জাতিৰ ইতিহাসত 'প্ৰজেক্ট X' নামে জনা যায়। ইয়াতেই পৃষ্ঠা পৃষ্ঠাকৈ ৰচিত হৈছিল মানৱ জাতিৰ ধ্বংসৰ গাঁঠা। আমেৰিকাৰ এৰিজ'না মৰুভূমিত ১৫০ বৰ্গ কিলোমিটাৰ অঞ্চলত তাৰ ভূ-পৃষ্ঠৰ পৰা কেইবাশ মিটাৰ তলত এক গোপন চহৰত এই প্ৰকল্প আৰম্ভ হৈছিল। পৃথিৱীবাসীয়ে ভূ নোপোৱাকৈয়ে প্ৰায় ২০,০০০ তীক্ষ্ণ বুদ্ধিসম্পন্ন মগজুক ইয়ালৈ প্ৰতিবছৰে আমদানি কৰা হৈছিল। যি বছৰৰ ৩৬৫ দিন। মাজৰ ৩০ দিন আৰু দিনৰ ১২-১৪ ঘণ্টা একেৰাহে গৱেষণা কৰিছিল। অন্যথা মৃত্যুদণ্ড বিহা হৈছিল আৰু ইয়াক এটা দুৰ্ঘটনাৰ ৰুপ দি পৃথিৱীবাসীৰ পৰা লুকুৱাই ৰখা হৈছিল। উদ্দেশ্য মাথোঁ এটাই আছিল— 'পৰমাণু অস্ত্ৰৰ দ্বাৰা আত্মৰক্ষা'।

বিশেষ বিশেষ প্ৰক্ৰিয়াৰে বিজ্ঞানীসকলৰ ক্ষমতা বৃদ্ধি কৰা হৈছিল। এনে পিল উলিওৱা হৈছিল যি খং, ৰাগ, বিৰক্তি আদি নাইকিয়া কৰি পেলাইছিল। নাইকিয়া কৰা হৈছিল এলাহ। এয়াই নহয় তেওঁলোকক এনে দৰৱ দিয়া হৈছিল যাৰ দ্বাৰা কোৱাণ্টাম পদাৰ্থ-বিদ্যাৰ জটিল সমীকৰণবোৰ তেওঁলোকৰ মুখেৰে পদ্যৰ দৰে ওলাইছিল। লগতে সেইবোৰৰ সমাধানো। ইয়াৰ পাছতো সফলতা বহু দূৰৈত আছিল। কিয়নো পৰমাণু অস্ত্ৰক প্ৰভাৱহীন কৰিবলৈ প্ৰয়োজন হৈছিল নতুন চিন্তা, নতুন ভাবনা আৰু নতুন দৃষ্টিভংগীৰ। যাক কৃত্ৰিমভাৱে তৈয়াৰ কৰিব নোৱাৰি।

ইতিমধ্যে ৫০ টা বছৰ পাৰ হৈ গ'ল। পৃথিৱীৰ আন দেশসমূহে কল্পনাও কৰিব পৰা নাছিল যে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ অজ্ঞাতে কি ষড়যন্ত্ৰ ৰচিত হৈ আছে। অৱশেষত প্ৰজেক্ট সফল হ'ল। আৰু ইয়াৰ প্ৰমাণ আছিল এচাটি উজ্জ্বল পোহৰ।

২০৫০ চনৰ ডিচেম্বৰ মাহ। এচাটি উজ্জ্বল পোহৰে বিশ্ববাসীক আচৰিত কৰি তুলিলে। উত্তৰ আকাশত এচুকত এটা উজ্জ্বল পোহৰ বিশ্বৰ প্ৰতিজন ব্যক্তিয়েই দেখা পালে। এয়াই আছিল পৰমাণু অস্ত্ৰৰ প্ৰতিৰক্ষা। আমেৰিকা, জাৰ্মানী আৰু ৰাচিয়াই সূৰ্য্যৰ অসীম শক্তিৰ জৰিয়তে পৰমাণু বিস্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ল। পৰমাণু অস্ত্ৰৰ ফলত সৃষ্টি হোৱা শক্তি তৰংগৰ সমান আৰু বিপৰীত এক শক্তি তৰংগ তেওঁলোকে কৃত্ৰিমভাৱে সূৰ্য্যৰ অসীম শক্তিৰ সহায়ত তৈয়াৰ কৰিবলৈ সক্ষম হ'ল। যি আৰম্ভ কৰিলে মানৱ জাতিৰ এক নতুন অধ্যায়।

পঠনীয়:  বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৭) দা ইমিটেছন গেইম

ইতিমধ্যে আমেৰিকা, জাৰ্মানী আৰু ৰাচিয়াৰ সৈতে বিশ্বৰ আন ১২৭ খন দেশ লগ লাগিল। আন

কথাত আমেৰিকা, জাৰ্মানী আৰু ৰাচিয়াই এই দেশকেইখনক নিজৰ লগত চামিল কৰিলে, যাতে বাকী ১৭৩ খন দেশক হেলাৰঙে আয়ত্তলৈ আনিব পাৰে। পৃথিৱীৰ বাকী দেশকেইখনৰ বাবে মাথোঁ দুটাই পথ আছিল। হয় আত্মসমৰ্পণ, নহয় যুদ্ধ। এসপ্তাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। পৃথিৱীৰ বাকী ১৭৩ খন দেশৰ চৰকাৰ লগ গৈ এখন সমিতি গঠন কৰিলে। এই সমিতিৰ ওপৰতেই নিৰ্ভৰ কৰিব পৃথিৱীৰ প্ৰায় ৫৫০ কোটি জনতাৰ ভৱিষ্যৎ । ইয়াৰ নাম দিয়া হ'ল 'সঞ্জীৱনী'।

এই সমিতিখন গঠন কৰা হৈছিল ১৭৩ খন দেশৰ ছয়জন নামজ্বলা বিজ্ঞানীক লৈ। ইয়াৰে দুগৰাকী আছিল পদাৰ্থবিদ, এগৰাকী তেজষ্ক্ৰিয় বিকিৰণৰ বিশেষজ্ঞ অৰ্থাৎ ৰসায়নবিদ, এজন গণিতজ্ঞ আৰু এজন অণুজীৱবিদ।

সমিতিৰ মুৰব্বী আছিল গণিতজ্ঞজন। চীনৰ পদাৰ্থবিদ গৰাকী বা ইৰাকৰ অণুজীৱবিদ গৰাকীকো এই দায়িত্ব দিব পৰা গ'লহেঁতেন যদিও গণিতজ্ঞ জনকহে এই দায়িত্ব দিয়া হ'ল। যিহেতু তেওঁ সকলোতকৈ অভিজ্ঞ আৰু গাম্ভীৰ্য্যপূৰ্ণ ব্যক্তি আছিল। তেওঁ কেইবাবছৰো গুপ্তচৰৰ কাম কৰিছিল। তেওঁক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল আৰু তেওঁৰ তথা সমিতিৰ সিদ্ধান্তকেই চূড়ান্ত বুলি গ্ৰহণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল।

২০৫০ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখ। সিদ্ধান্ত লোৱাৰ শেষ দিন। 'সঞ্জীৱনী' সমিতিয়ে নিজৰ শেষৰ আলোচনাখন আৰম্ভ কৰিলে। তৰ্জনী আৰু বুঢ়া আঙুলিটোৰ মাজত পেন্সিলডাল ঘূৰাই ঘূৰাই পদাৰ্থবিদ গৰাকী কোঠাটোৰ বিশাল পৰ্দাখনৰ ফালে আগুৱাই গ'ল। সহকাৰীজনে হাতত থকা ৰিম'টটোৰ ৰঙা বুটামটো টিপি দিলে। লগে লগে স্ক্ৰীনত জটিল কিছুমান সমীকৰণ ভাঁহি উঠিল। এজনে এটাৰ পিছত এটাকৈ সমীকৰণবোৰ দেখুৱাই গ'ল আৰু আন এজনে সুন্দৰকৈ আৰু সৰলভাষাত তথ্যবোৰ উপস্থাপন কৰি গ'ল। তেওঁৰ শেষৰশাৰী বাক্য আছিল— ''এনেদৰেই আমি হয়তো বিপক্ষৰ পৰমাণু কবচ সাময়িকভাৱে আঁতৰাই পৰমাণু অস্ত্ৰৰে আঘাত কৰিব পাৰিম।''

ইয়াৰ পাছত অণুজীৱবিদগৰাকী আগবাঢ়ি আহিল। এজন গুপ্তচৰে কোনো নতুন তথ্য পোৱাৰ দৰে এটা বেঁকা হাঁহি মাৰি তেওঁ নিজৰ বক্তব্য আৰম্ভ কৰিলে। স্ক্ৰীনখনত এটা আচহুৱা জীৱৰ ছবি ফুটি উঠিল। মাকোটোৰ দৰে আকাৰ আৰু অসংখ্য কেশৰেৰে আগুৰা জীৱটোৰ বৰণ পাতল হালধীয়া, আৰু ক’ৰবাত ক’ৰবাত সেউজীয়া আছিল। অণুজীৱবিদ গৰাকীয়ে কৈ গ'ল— ''এইটোৱেই আমাৰ গৱেষণাৰ শেহতীয়া উপাদন। জি আই...। এই ভাইৰাছটো অতি চৰম অৱস্থাটো জীয়াই থাকিব পাৰে আৰু ই কেন্সাৰ তথা এইডছ ৰোগৰ ভাইৰাছৰ বিকাশৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। তেনেস্থলত এই দুটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'বলৈ সাধাৰণ বেক্টৰিয়া এটাৰেই প্ৰয়োজন। ইয়াৰ সম্প্ৰসাৰণৰ যোগেদি দুই মাহত ইউৰোপ আৰু তিনিমাহৰ ভিতৰত সমগ্ৰ পৃথিৱীকে আমাৰ দখললৈ আনিব পৰা যাব।''

Image Source : Shutterstock

Image Source : Shutterstock

ইয়াৰ পাছত বিকিৰণবিদ গৰাকীয়ে নিজৰ বক্তব্য দাঙি ধৰিলে। তেওঁ এবিধ মৌলৰ ব্যাখ্যা আগবঢ়ালে। তেওঁৰ মতে ই তেজষ্ক্ৰিয়, আৰু তেজষ্ক্ৰিয়তাই মানুহৰ মগজুৰ নিউৰনবোৰক প্ৰভান্বিত কৰে। এই বিকিৰণ অতি কম আৰু সাধাৰণ যন্ত্ৰই ইয়াক ধৰা পেলাব নোৱাৰে। এই বিকিৰণ ধৰা পেলোৱা যন্ত্ৰ কেৱল তেওঁলোকৰ হাতত আছে আৰু মৌলবিধো এটা যোজন স্থানতহে পোৱা যায়। ইয়াৰ দ্বাৰা মানসিক বিকাৰকে ধৰি আন আন শাৰীৰিক তথা মানসিক ৰোগ সৃষ্টি কৰিব পাৰি। গতিকে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীত ইয়াক ব্যৱহাৰ কৰি বিশ্বজয় সম্ভৱ হ'ব।

কক্ষত সকলোৰে ক'বলগীয়াখিনি কোৱা হ'ল। এইবাৰ গণিতজ্ঞজনৰ কোৱাৰ পাল আৰু নিজৰ সিদ্ধান্ত দিয়াৰ সময়। তেওঁ এখন পত্ৰত তেওঁৰ সিদ্ধান্ত আৰু তাৰ উপযুক্ত কাৰণ উল্লেখ কৰি তাত স্বাক্ষৰ কৰিলে আৰু কলে, “বন্ধুগণ! যোৱা চাৰিদিনৰ আলোচনাৰ অন্তত আজি মই মোৰ চুড়ান্ত সিদ্ধান্ত এই পত্ৰত উল্লেখ কৰিলোঁ। আশাকৰোঁ আপোনালোকে আৰু চৰকাৰে ইয়াত সন্মতি জনাব।” এইবুলি কৈয়েই তেওঁ কোঠাটোৰ পৰা ওলাই আহিল।

পিছদিনা বিশ্বৰ প্ৰতিখন বাতৰিকাকতৰ শিৰোনাম আছিল— “১৭৩ খন দেশৰ আত্মসমৰ্পণ।”

বিশ্বৰ ১৭৩ খম দেশ ২০ খন মহা শক্তিশালী দেশৰ অধীন হৈ পৰিল, যাৰ হাতত আছিল পৰমাণু অস্ত্ৰ পৰা আত্মৰক্ষাৰ উপায়।

পাছৰ ৫০ বছৰত পৃথিৱীৰ ইতিহাস ধুমুহাৰ দৰে সলনি হ'ল। প্ৰতিটো ক্ষেত্ৰতে ক্ৰমশঃ উন্নত অৰ্থাৎ স্বাধীন দেশকেইখনৰ শোষণ-নিস্পেষণ তথা হস্তক্ষেপ বাঢ়ি আহিল। বাকী ১৭৩ খন দেশৰ অৰ্থনীতি ক্ৰমান্বয়ে কোঙা হৈ আহিল।

এই সময়তে বসুন্ধৰাৰ বুকুত জন্ম হ'ল এজন ব্যতিক্ৰমী ধৰ্ম প্ৰচাৰকৰ। ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ নামৰ এখন দুৰ্গম প্ৰদেশত এইজনা মহাপুৰুষৰ আৰ্ৱিভাৱ ঘটিল। তেওঁৰ ধৰ্মই পৰাধীন দেশকেইখনত আলোড়নৰ সৃষ্টি কৰিলে। বিশ্বৰ প্ৰায় ৫৫০ কোটি জনতাই তেওঁৰ ধৰ্ম গ্ৰহণ কৰিলে। এইজনা ধৰ্ম প্ৰচাৰকৰ ধৰ্মৰ উদ্দেশ্য ভগৱানৰ আৰাধনা নাছিল, তেওঁৰ ধৰ্মৰ উদ্দেশ্য আছিল— ‘বিজ্ঞান-চৰ্চা’। পৰাধীন ৰাষ্ট্ৰসমূহৰ দুৰ্গমতকৈও দুৰ্গম অঞ্চলবোৰত পাহাৰ-পৰ্বতে, হাবিয়ে-বননিয়ে ঘুৰি তেওঁ এই ধৰ্ম প্ৰচাৰ কৰিলে। প্ৰতিখন গাঁৱত একো-একোটা বিজ্ঞানকেন্দ্ৰ স্থাপন কৰিলে। অনুন্নত বা পৰাধীন দেশসমূহৰ চৰকাৰসমূহেও এই ক্ষেত্ৰত সহায় আগবঢ়ালে। বিজ্ঞান চৰ্চাৰ গুৰুত্ব তেওঁ প্ৰতিজন ব্যক্তিৰ আগত দাঙি ধৰিলে। লাহে লাহে পৰাধীন দেশসমূহৰ সকলো জনতাই এই ধৰ্মৰ দীক্ষা ল'লে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে সীমিত সুবিধাৰ মাজতে বিজ্ঞান-চৰ্চা আৰম্ভ কৰিলে। এই ক্ষেত্ৰত উন্নত দেশসমূহে বিশেষ গুৰুত্ব নিদিলে।

এই ধৰ্মৰ প্ৰসাৰত তেওঁলোকে বাধা প্ৰদান নকৰিলে। কাৰণ, পৰাধীন দেশসমূহতকৈ তেওঁলোক প্ৰায় ১০০ বছৰ আগুৱাই আছিল প্ৰযুক্তি বিজ্ঞান চৰ্চাত। তথাপি তেওঁলোকৰ মনত এটা আশংকা সদায়ে আছিল— 'কিজানিবা কেতিয়াবা পৰাধীন দেশসমূহেও পৰমাণু অস্ত্ৰ প্ৰতিৰোধী বিকাশ ঘটায়েই!''

পঠনীয়:  ছাৰ টিম বাৰ্ণাৰ্ছ-লী — নতুন যুগৰ গুটেনবাৰ্গ

ক্ৰমান্বয়ে অৰ্থনৈতিক শোষণে পৰাধীন দেশসমূহক কোঙা কৰি পেলালে। তথাপি পৰাধীন দেশৰ জনতাই বিজ্ঞান-চৰ্চা নেৰিলে। সীমিত দ্ৰৱৰেই তেওঁলোকে আচৰিত ধৰণে নতুন নতুন

বস্তু উদ্ভাৱন কৰি গ'ল। সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লোকৰ বাবে বিজ্ঞান-চৰ্চা এক মৌলিক প্ৰয়োজনত পৰিণত হ'ল। দুবেলা-দুমুঠি খাবলৈ নোপোৱা, থাকিবলৈ এটা ঘৰ নথকাসকলেও এই ধৰ্মৰ অংশীদাৰ হ'ল। স্থানীয় বিজ্ঞান-কেন্দ্ৰবোৰে এই ক্ষেত্ৰত বিশেষ ভূমিকা ল'লে।

ইতিমধ্যে ১৭৩ খন দেশে পৰাধীনতাৰ ৫০ টা বছৰ পাৰ কৰিলে। 'সঞ্জীৱনী' সমিতিৰ সেইজন গণিতজ্ঞৰো আত্মগোপনৰ ৫০ টা বছৰ পাৰ হ'ল। ৫৫০ কোটি জনতাক পৰাধীনতাৰ চোলা পিন্ধোৱা সেইজন গণিতজ্ঞৰ সন্ধান বহুতো সংগঠনে আনকি চৰকাৰেও চলালে। তথাপি তেওঁৰ শুংসূত্ৰ নোলাল।

এনেতে সেই ঘটনাটো ঘটিল, যাৰ আশংকা স্বাধীন দেশসমূহেও কৰি আহিছিল। বিশ্বৰ পৰাধীন দেশসমূহেও সেই প্ৰযুক্তিৰ বিকাশ ঘটোৱাৰ দাবী জনালে যি পৰমাণু শক্তিক প্ৰতিহত কৰিব পাৰে আৰু এই প্ৰযুক্তি স্বাধীন দেশসমূহৰ প্ৰযুক্তিতকৈও উন্নত আৰু ই অতি বিকশিত পাৰমাণৱিক অস্ত্ৰসমূহকো প্ৰতিহত কৰিব পাৰে। এই প্ৰযুক্তিৰ প্ৰমাণ তেওঁলোকে দিলে মংগল গ্ৰহত ঘটোৱা এটা বিস্ফোৰণৰ জড়িয়তে। যি বিস্ফোৰণ পৃথিৱীবাসীয়েও দেখা পাইছিল খালী চকুৰে।

অৱশেষত ২১০৪ চনৰ ১৬ ডিচেম্বৰত শোষণ আৰু নিস্পেষণৰ ৫০ টা বছৰ পাৰ কৰাৰ পাছত বিশ্বৰ ১৭৩ খন দেশে পৰাধীনতাৰ বোকা মচি স্বাধীন হিচাপে থিয় দিলে। বিশ্বৰ সকলো দেশৰ প্ৰতিনিধি এখন সভাত মিলিত হ’ল, আৰু সেই সভাতে বিশ্বৰ ১৭৩খন দেশক স্বাধীন হিচাপে ঘোষণা কৰা হ’ল। সভাখনৰ সম্প্ৰচাৰ বিশ্বৰ প্ৰতিটো চুকত, প্ৰতিখন গাঁৱত কৰা হ’ল। ইয়াতেই পৰাধীন দেশসমূহে তেওঁলোকৰ প্ৰযুক্তিৰ আঁৰৰ ৰহস্য ভেদ কৰিলে, আৰু এই দায়িত্ব দিয়া হ’ল সেইজন ধৰ্মগুৰুক।

তেওঁ নিজৰ ভাষণ আৰম্ভ কৰিলে, “বিশ্বৰ প্ৰতিগৰাকী ভাই-ভনী! আজি পৃথিৱীৰ ইতিহাস আৰু মানৱ জাতিৰ বাবে এক চিৰস্মৰণীয় দিন। আজি মই বিশ্বৰ পৰাধীন দেশসমূহে কিদৰে পৰমাণু প্ৰতিৰোধী প্ৰযুক্তিৰ বিকাশ ঘটালে তাৰেই ৰহস্য ভেদ কৰিবলৈ ওলাইছোঁ। কিন্তু তাৰ আগতে শুনক মোৰ জীৱনৰ ৰহস্য।”

তেওঁ নিজৰ পৰিচয় দাঙি ধৰিলে আৰু বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়েই আচম্বিত হৈ পৰিল। তেওঁ উপযুক্ত প্ৰমাণসহ দেখুৱালে যে ৫০ বছৰৰ আগতে সন্ধানহীন হোৱা আৰু বিশ্বত স্বাধীন-পৰাধীন ৰেখা অঁকা সেই গণিতজ্ঞজন আন কোনো নহয়। তেৱেঁই নিজৰ ভাষণত, তেওঁ কিয় এনে সিদ্ধান্ত ল’ব লগা হ’ল তাৰ ব্যাখ্যা দাঙি ধৰিলে, “আজিৰ পৰা ৫০ বছৰৰ পূৰ্বেও আমাৰ হাতত এনে প্ৰযুক্তি আছিল যি স্বাধীন দেশসমূহৰ সৈতে যুঁজিবলৈ যথেষ্ঠ আছিল। কিন্তু মোৰ মতে সেইয়া যুদ্ধ নহয়। মানুহ মৰাৰহে প্ৰযুক্তি আছিল। তাৰ ভিতৰত আছিল ৰোগ সৃষ্টিকাৰী ভাইৰাছ, তেজষ্ক্ৰিয় মৌল ইত্যাদি ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰসমূহ। তদুপৰি দুয়োপক্ষৰ হাতত থকা পাৰমানৱিক অস্ত্ৰও মানুহ মৰাৰ ফান্দৰ বাহিৰে আন একো নাছিল। ৫০ বছৰৰ আগতে এই সিদ্ধান্ত নোলোৱা হ’লে আজিৰ এই সভা চাবলৈ বিশ্বত মাত্ৰ ১/৫ অংশ লোকহে বাচি থাকিলেহেঁতেন।”

“তেতিয়াৰে পৰাই মোৰ সহযোগীসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ এখন বৰ্ষাৰণ্যৰ এক গোপন অংশত প্ৰায় ৫০ বছৰ কাল পৰমাণু প্ৰতিৰোধী অস্ত্ৰৰ বিষয়ে গৱেষণা চলাই অতি গোপনে। আনহাতে মই পৰাধীন দেশসমূহত বিজ্ঞানৰ প্ৰসাৰৰ প্ৰচেষ্টা চলাই আহিছোঁ। ইয়াৰ ফলত সৃষ্টি হোৱা প্ৰতিভাসমূহকো এই উদ্দেশ্যেৰে আন্দামান নিকোবৰত নিযুক্তি দিয়া হৈছিল, আৰু আজি আমি আমাৰ লক্ষ্যত উপনীত হৈছোঁ।”

“পৃথিৱীৰ ৫৫০ কোটি জনতাই যোৱা ৫০ বছৰত সহিবলগীয়া নিষ্পেষণ, শোষণৰ মূলতে হ’ল বিজ্ঞান-চৰ্চাৰ সমবিতৰণ নোহোৱা। যদি বিশ্বৰ প্ৰতিটো চুকতে সমানে বিজ্ঞান-চৰ্চা হ’লহেঁতেন তেতিয়াহ’লে এই শতিকাৰ দৰে কৰুণ পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন। ভৱিষ্যতেও মানৱ জাতিৰ সুৰক্ষা তথা মানৱ জাতি জীয়াই থাকিবলৈ হ’লে আমি বিজ্ঞান-চৰ্চা সকলো ঠাইতে সমপৰিমাণে কৰাটো নিতান্তই প্ৰয়োজনীয়। অন্যথা আমাৰ মনত যুদ্ধৰ মনোভাৱ পুনৰ সৃষ্টি হ’ব। মনত ৰাখিব, যুদ্ধ মানৱ জাতিৰ বাবে এক অভিশাপ হৈ আছিল, হৈ আছে, আৰু হৈয়ে থাকিব। গতিকে হে মোৰ প্ৰিয় বিশ্ববাসী! আমি দেশ শব্দটো পাহৰি যাওঁ আহক। বিশ্বৰ সকলো অভিধানৰ পৰা এই শব্দটো নাইকিয়া কৰি পেলাওঁ, আৰু এখন বিশ্ব গঢ়ো আহক।”

ধৰ্মগুৰুৰ এই আহ্বানে জনতাৰ বিপুল সঁহাৰি পালে আৰু ভৱিষ্যতে যুদ্ধৰ মনোভাৱ মানৱ জাতিৰ হৃদয়ত নাজাগিবলৈ বিজ্ঞান-চৰ্চাৰ লেখচিত্ৰডালক বিশ্বৰ সকলো জনতাৰ বাবে সকলো ঠাইৰ বাবে সমান কৰি ৰখাৰ উদ্দেশ্যৰে বিশ্বৰ প্ৰতিখন দেশ এখন পৃথিৱী হিচাপে লগ হ’ল।

এয়াই আমাৰ মহান জাতিৰ পিতা আৰু এয়া জনতালৈ তেওঁৰ আহ্বান। তেওঁৰ এই প্ৰচেষ্টাৰ বাবেই পৃথিৱীবাসী এক হ’ল আৰু যোৱা ৫০ বছৰত মানৱ জাতি সমগ্ৰ হাতীপতি তাৰকাৰাজ্যতে সম্প্ৰসাৰিত হৈছে। এইয়া সম্ভৱ হৈ তেওঁৰ সেই নিৰ্ভুল সিদ্ধান্তৰ বাবে। হে মহান পিতা, তোমালৈ মানৱ জাতিৰ সশ্ৰদ্ধ প্ৰণাম।”

 

ইতিমধ্যে মই বিশ্ববিদ্যালয় পালোহি। সঁচাকৈয়ে জাতিৰ পিতা মহান! অজানিতেই তেওঁৰ প্ৰতি মই শিৰনত হৈ পৰিলোঁ। তেওঁৰ অবিহনে হয়তো আজি মই নাথাকিলোঁহেঁতেন। নাথাকিলহেঁতেন হয়তো মানৱ জাতি!

 

গল্পকাৰ:— উপম শৰ্মা।

গল্পটি ২০১৪ চনৰ জানুৱাৰী সংখ্যাৰ “নতুন আৱিষ্কাৰ”ত প্ৰকাশিত। গল্পটি ৰচনা কৰাৰ সময়ত গল্পকাৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

Print Friendly, PDF & Email
The following two tabs change content below.

উপম শৰ্মা

Latest posts by উপম শৰ্মা (see all)

1Comment
  • deep
    Posted at 17:26h, 06 September Reply

    Really nice!!

Post A Comment