ঔষধ বিজ্ঞানৰ নৱ-যুগৰ নিৰ্মাতা – আলেকজেণ্ডাৰ ফ্লেমিং

আজিৰ চিকিৎসা-বিজ্ঞানৰ এটা চিনাকী নাম হৈছে – ‘পেনিছিলিন’৷ যাক ‘Wonder drug of the age’ বুলি কোৱা হয়৷ বিশ্বত প্ৰথম ব্যৱহৃত প্ৰথম এণ্টিবায়’টিক বিধেই হৈছে এই পেনিছিলিন৷ আজিৰ পৰা প্ৰায় ৮৯ বছৰৰ আগতেই ‘অক্সফৰ্ডৰ ৰেডক্লিফ’ ৰুগ্নাবাস চিকিৎসালয়ত প্ৰথমজন ৰোগীক পেনিছিলিনেৰে চিকিৎসা কৰা হৈছিল৷ ১৯৮১ চনৰ বসন্ত কালত আন পাচোঁজন ৰোগীক পেনিছিলিনেৰে চিকিৎসা কৰাৰ পৰাই ই শক্তিশালী ৰোগনাশক প্ৰতিনিধি হিচাপে পৰিস্কাৰ হৈ পৰিছিল৷ বৰ্তমান পেনিছিলিন উৎপন্ন কৰা ব্যৱসায়টো ডাঙৰ অনুষ্ঠানলৈ  পৰিৱৰ্তিত হৈ গৱেষণাৰ নতুন নতুন পদ্ধতিৰ সূচনা কৰিছে৷ বৰ্তমানলৈকে পেনিছিলিয়ামৰ প্ৰায় 7.3 বিলিয়ন standard unitৰ সংক্ষৰণ কৰা হৈছে বুলি জনা গৈছে৷ এই পেনিছিলিনৰ আৱিষ্কাৰেৰে চিকিৎসা-বিজ্ঞানলৈ অতুলনীয় অৱদান আগবঢ়োৱা বিজ্ঞানী ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙক এই প্ৰবন্ধৰ যোগেদি অন্য এক দৃষ্টিকোণেৰে চাবলৈ কিছু প্ৰয়াস কৰা হৈছে৷

১৮৮১ চনত স্কটলেণ্ডৰ এটা খেতিয়কৰ পৰিয়ালত ফ্লেমিঙৰ জন্ম হৈছিল৷  আঠজন সদস্যৰে গঠিত পৰিয়ালটোত ফ্লেমিং আছিল কনিষ্ঠতম সদস্য৷ প্ৰাথমিক শিক্ষা স্কটলেণ্ডতে শেষ কৰি পলিটেকনিক পৰ্যায়ৰ শিক্ষাৰ বাবে লণ্ডনলৈ যাত্ৰা কৰিছিল৷ পলিটেকনিকৰ শিক্ষা সাং কৰি নৌ-অফিচৰ কৰ্মচাৰী হিচাপে চাৰিবছৰ অতিবাহিত কৰিছিল৷ আৰ্থিকভাৱে দুৰ্বল ফ্লেমিঙে প্ৰথম অৱস্থাত চিকিৎসা-বিজ্ঞান পঢ়াৰ কথা ভবা নাছিল যদিও খুড়াকৰ উত্তৰাধিকাৰীসূত্ৰে পোৱা কিছু ধন আৰু জ্যেষ্ঠ ককায়েকৰ উপদেশ মৰ্মে চেণ্ট মেৰিজত এম.বি.বি.এছ শিক্ষাৰ বাবে নামভৰ্তি কৰে৷ প্ৰখৰ স্মৰণশক্তিৰ অধিকাৰী ফ্লেমিঙে ১৯০৬ চনত এম.বি.বি.এছ ডিগ্ৰী লাভ কৰে৷ ১৯০৮ চনত বেক্টেৰিঅ’লজীত সোণৰ পদকসহ বি.এছ.চি. লাভ কৰি চেণ্ট মেৰিজৰ লেকচাৰাৰ হিচাপে কাম কৰিছিল৷ তাৰ পিছত তেওঁ FRCS সন্মানো লাভ কৰে৷

উপযুক্ত শিক্ষাৰ পাছত ফ্লেমিঙে চেণ্ট মেৰিজ হস্পিতালত সহকাৰী বেক্টেৰিঅ’ল’জিষ্ট (Bacteriologist) হিচাপে নিযুক্ত হৈছিল৷ তাত তেওঁ ডা° আলম্ৰোথৰ ৰাইটৰ অধীনত গৱেষণাৰ কাম কৰিছিল৷ কিন্তু প্ৰথম মহাসমৰৰ  চাৰিটা বছৰত তেওঁ মহাসমৰত আহত হোৱা মানুহবোৰৰ সংক্ৰামক ৰোগৰ সন্ধানৰ্থে ফ্ৰান্সলৈ যায়৷ প্ৰথম মহাসমৰৰ চাৰিটা বছৰ ‘ৰয়েল আৰ্মি মেডিকেল ক্ৰপ’ (Royal army medical crop)ৰ কপ্টেইন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ মহাসমৰৰ সময়ত তেওঁক অচিন ৰোগত আক্ৰান্ত ৰোগীসমূহৰ মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছিল৷ সেই সময়ত প্ৰচলিত সকলো প্ৰতিষেধকেই অচিন ৰোগবোৰৰ আগত বিফল হৈ পৰিছিল৷ মহাসমৰৰ পিছত পুনৰ চেণ্ট মেৰিজ হস্পিতাললৈ ঘূৰি আহি বেক্টেৰিঅ’লজীৰ প্ৰফেছৰ হিচাপে কাৰ্যনিৰ্বাস কৰিছিল আৰু সেই অচিন ৰোগৰ প্ৰতিষেধকৰ সন্ধানত গৱেষণা আৰম্ভ কৰিছিল৷ তাতে ফ্লেমিঙে প্ৰথম লাইছ’জাইম নামৰ এবিধ এনজাইমৰ আৱিষ্কাৰ কৰিছিল৷

পেনিছিলিনৰ আগতে পাৰা জাতীয় সংমিশ্ৰণ, নতুন কুইনাইন আদি ৰাসায়নিক পদাৰ্থবোৰ সংক্ৰামক ৰোগ নিবাৰক হিচাপে ব্যৱহিত হৈছিল৷ কিন্তু প’ল এলিচ (Paul Ehrlich)-এ প্ৰথমতে এই পদাৰ্থবোৰৰ প্ৰকৃতিগত গুণৰ বাখ্যা আগবাঢ়াইছিল৷  প্ৰায় ১৯৪৫ চনলৈকে এৰ্লিচৰ “চালভাৰ্চন”কে বিশেষ কিছুমান বেমাৰৰ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰিব লগীয়া হৈছিল৷ পেনিছিলিনৰ আৱিষ্কাৰ তথা ব্যৱহাৰে পূৰ্বৰ বহু সমস্যাৰ সমাধান সূত্ৰ উলিয়াই ঔষধ-বিজ্ঞানৰ নৱ-যুগৰ সৃষ্টি কৰিছিল৷ এই পেনিছিলিনৰ আৱিষ্কাৰ বাবে ফ্লেমিঙে বহুবছৰ ধৰি  গৱেষণা  চলাই আছিল যদিও পেনিছিলিনৰ প্ৰকৃত আৱিষ্কাৰ হৈছিল তেনেই আচম্বিতভাৱে৷ ১৯২৮ চনত ফ্লেমিঙে ষ্টেফাইলোককাচ (Staphylococcus colonies) নামৰ এজাতি উদ্ভিদৰ লগত একেখনি পৰীক্ষা-থালতে অইন এবিধ উদ্ভিদৰ সম্ভেদ পায়৷ গলিত ক্লেদ সৃষ্টিকাৰী আঙুৰৰ থোপাসদৃশ জীৱাণুৰ সংবৰ্দ্ধনেৰে পৰীক্ষা কাৰ্য চলাই থাকোতে লক্ষ্য কৰিলে যে গৱেষণাগাৰৰ খিৰিকিৰ অনুভূমিক পৃষ্ঠত তেওঁ ৰখা ধাতুৰ থালি এখন ভেঁকুৰ-দূষিত হৈছে৷ তেওঁ পুনৰ মন কৰিলে, জীৱাণুটো জাহ গৈছে আৰু ভেঁকুৰৰ চাৰিওফালৰ অঞ্চলটোত বিস্তাৰ লাভ কৰাত ব্যৰ্থ হৈছে৷ ফ্লেমিঙে এই ভেঁকুৰটোক পেনিছিলিয়ামৰ প্ৰজাতি বুলি ঠাৱৰ কৰিছিল৷ লগতে ইয়াক প্ৰাণী বা লিউকোচাইট বিলাকৰ বাবে বিষাক্ত নহয় বুলি প্ৰমাণ কৰে৷ তেতিয়াৰ পৰাই তেওঁ খুব ভালকৈ ধাৰণা জন্মে যে পেনিছিলিনৰ আৱিষ্কাৰ অতি আৱশ্যকীয় হৈছে আৰু হয়তো এদিন পেনিছিলিন বেজিৰে দিয়াও সম্ভৱ হৈ পৰিব৷ কিন্তু সেই সময়ত পৰ্যাপ্ত ৰাসায়নিক উপায় নথকা হেতুকে মানুহৰ শৰীৰত প্ৰয়োগ কৰিব পৰা নাছিল, পৰিশোধিত কৰিব পাৰিছিল বাৰ বছৰৰ পিছতহে, অৰ্থাৎ ফ্লেমিঙৰ সপোন দিঠকত পৰিণত হৈছিল বাৰ বছৰৰ পিছতহে৷

১৯৪০ চনত ফ্লোৰি (Howard Florey), চেইন (Ernst Boris Chain)  নামৰ দুজন বিজ্ঞানীয়ে এখন গৱেষণা-পত্ৰ প্ৰকাশ কৰে৷ ফ্লেমিঙৰ জলীয় দ্ৰব্যৰ পৰা অক্সফ’ৰ্ডৰ বিজ্ঞানী দুজনে বিশুদ্ধ প্ৰণালীৰে পেনিছিলিন তৈয়াৰ কৰি ফ্লেমিঙৰ সপোন দিঠকত পৰিণত কৰিছিল৷ ১৯৪৫ চনত ফ্লেমিঙৰ লগতে ফ্লোৰি আৰু চেইনক যুটীয়া ভাৱে ন’বেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল৷ তদুপৰি ‘society of general microbiology’ৰ সভাপতিৰ পৰা এডিনবাৰ্গ ইউনিভাৰ্ছিটিৰ ‘ৰিয়েক্ট’ৰলৈকে বহু সংখ্যক সন্মানীয় পদ শুৱনি কৰিছিল ফ্লেমিঙে৷

ফ্লেমিং এগৰাকী বিনয়ী, লাজকুৰীয়া আৰু স্বল্পভাষী লোক আছিল৷ তেওঁৰ প্ৰথমগৰাকী পত্নী চাৰাহৰ গুৰুতৰ অসুখৰ সময়ত এগৰাকী বান্ধবীয়ে চাৰাহক কৈছিল— “তোমাৰ যেন মৃত্যু নহয়৷ তোমাৰ মৃত্যু হ’লে ফ্লেমিং জীয়াই থাকিব কেনেকৈ?’ তেতিয়া চাৰাহে মিচিকিয়া হাঁহিৰে কৈছিল— ‘কিন্তু মই নিশ্চিত তেওঁ পুনৰ বিয়া কৰাব৷ কিন্তু ছোৱালীজনী যেনেকুৱাই নহওক বিবাহৰ প্ৰস্তাৱ আগবঢ়াব লাগিব পোনতে তাইহে৷”

১৯১৫ চনত ফ্লেমিঙে চাৰাহ মেৰীয়ন নামৰ আয়াৰলেণ্ডনৰ এগৰাকী যুৱতীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত ১৯৫৩ চনত এগৰাকী গ্ৰীক সহকৰ্মীৰ লগত পুনৰ বিবাহপাশত আবদ্ধ হৈছিল৷

পেনিছিলিনৰ আৱিষ্কাৰে ফ্লেমিঙৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি কৰিছিল যে সাংবাদিকৰ প্ৰশ্নৰ আৱেষ্টনীয়ে অনবৰতে তেওঁক ঘেৰি ৰাখিছিল৷ যিবোৰ কথাই ফ্লেমিঙক বাৰুকৈয়ে বিৰক্ত কৰিছিল৷ এবাৰ ৰাতিপুৱা আহাৰ খাবলৈ ধৰোঁতেই দুগৰাকী সাংবাদিকে ফ্লেমিঙক সাক্ষাৎকাৰ দিবলৈ জোৰ-জবৰদস্তী কৰিছিল৷ তাৰ মাজৰে এজনে সুধিলে— “ছাৰ এই মুহূৰ্তত আপুনি কি ভাবিছে? ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ বাবে এগৰাকী মহান বিজ্ঞানীয়ে কি ভাবে তাক জানিবলৈ চেষ্টা কৰিছোঁ৷”

ফ্লেমিঙে খন্তেক চিন্তা মগ্ন হৈ ক’লে— “মই সাংঘাটিক ডাঙৰ কথা এটা ভাবিছোঁ৷” লগে লগে সাংবাদিক দুজন ফ্লেমিঙৰ আৰু কাষ চাপি ওচৰ পালেগৈ৷

“মই এতিয়া ভাবিছোঁ কণী এটা নে দুটা খাওঁ৷” — ফ্লেমিঙৰ অদ্ভুত উত্তৰে সাংবাদিক দুজনক তেওঁৰ কাষ এৰিবলৈ বাধ্য কৰিছিল৷

পৃথিৱীলৈ বহু মানুহ আহে বহু যায়৷ তাৰ ভিতৰৰ কিছুসংখ্যক মানুহে নিজৰ অতুলনীয় কৰ্মৰাজিৰে মৃত্যুকো জিনি অমৰ হৈ থাকি যায়৷ তেনে এজন মনীষীয়েই আছিল ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং৷ ১৯৫৫ চনৰ ১১ মাৰ্চত মৃত্যুক আকোঁৱালি লোৱা ফ্লেমিঙৰ অমূল্য অৱদান এই পৃথিৱীত মানৱ জাতি থকালৈ সদায় স্মৰণীয় হৈ ৰ’ব৷

Image Source

No Comments

Post A Comment