মুম্বাইৰ এগৰাকী ব্যতিক্ৰমী উদ্যোগী মহিলা

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা ৰুইয়া এগৰাকী সমাজ সেৱিকা৷ ৰাজস্থানত তেখেত জলমাতা ৰূপে খ্যাত৷ পৰম্পৰাগত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ পানী সংগ্ৰহণ) কৌশল প্ৰয়োগৰ জৰিয়তে দুই লক্ষাধিক স্থানীয় লোকৰ সহযোগত বছৰি তিনিশ কোটি টকা উপাৰ্জনেৰে ৰাজস্থানৰ শতাধিক গাওঁলৈ পৰিৱৰ্তন আনিছিল এইগৰাকী উদ্যমী মহিলাই৷

এসময়ত খৰাং বতৰ, চিৰাল ফটা মাটি আৰু পৰ্যাপ্ত পানীৰ অভাৱে ৰাজস্থানৰ স্থানীয় বাসিন্দাৰ দৈনন্দিন জীৱন ভীতিগ্ৰস্ত কৰি তুলিছিল৷ কিন্তু  ৰাজস্থানবাসীৰ এই জলন্ত সমস্যা দীৰ্ঘস্থায়ী নহ'ল৷

বৰষুণৰ অভাৱত শস্য উৎপাদন একেবাৰে নোহোৱা বাবেই গাওঁবাসীয়ে উপায়হীন হৈ মহাজনৰ কাষ চাপিবলৈ বাধ্য হৈছিল৷ সেই সময়ত দেশৰ ভিতৰত একমাত্ৰ ৰাজস্থানৰ কৃষকসকলেহে এনে দুৰৱস্থাৰ সন্মুখীন হৈছিল। লোণ লৈ লৈ সকলো ধৰুৱা হ'বলগীয়া পৰিস্থিতি সৃষ্টি হৈছিল৷

যোৱা সহস্ৰাব্দৰ শেষৰটো দশকৰ কথা৷ ভয়ংকৰ খৰাং পৰিস্থিতিয়ে সমগ্ৰ ৰাজস্থানবাসীক জুৰুলা কৰি তুলিছিল৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংবাদ-মাধ্যমত ৰাজস্থানৰ খৰাং পৰিস্থিতি আৰু খৰাংপীড়িত ৰাইজৰ দুৰ্দশা দেখুওৱা হৈছিল৷ দূৰদৰ্শনত ৰাজস্থানৰ এনে পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পিছতেই ৰুইৱা সাংঘাটিক ধৰণেৰে প্ৰভাৱিত হয় আৰু গাওঁবাসীক এই সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ উপায় বিচাৰিবলৈ ধৰে।

"মই দেখিছিলোঁ যে চৰকাৰে ‘ৱাটাৰ টেংকাৰ’সমূহৰ জৰিয়তে জল যোগানৰ ব্যৱস্থা কৰিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল, তাৰোপৰি সেয়া আছিল ক্ষণস্থায়ী৷ গতিকে মই ঠিৰাং কৰিলোঁ যে ব্যক্তিগতভাৱে কিবা এটা কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগে যাতে সেয়া ফলপ্ৰসূ আৰু দীৰ্ঘস্থায়ী হয়৷" - ৰুইয়াই মত প্ৰকাশ কৰে৷

এয়াই আছিল তেওঁৰ আৰম্ভণি৷ ৰাজস্থানত তেওঁলোকৰ ব্যক্তিগত ব্যৱসায়ৰ এটা শাখাৰ আলম লৈ আমলাই  "আকাৰ চেৰিটেবল ট্ৰাষ্ট" নামেৰে এটা ট্ৰাষ্টৰ গঠন কৰে৷ আৰু এই ট্ৰাষ্টৰ মাধ্যমেৰে তেওঁ গাওঁসমূহৰ বান্ধ নিৰ্মাণৰ উপযুক্ত স্থান নিৰ্বাচনৰ হেতুকে গৱেষণা কৰিবলৈ আৰম্ভ কৰি দিয়ে৷ তেওঁৰ মতে, "দেশৰ ভিতৰত আন আন ৰাজ্যৰ কৃষকসকলৰ তুলনাত ৰাজস্থানেই একমাত্ৰ ৰাজ্য য'ত কৃষকসকলৰ অৱস্থা অতিকৈ দুৰ্ভাগ্যজনক৷ গাঁৱৰ ৰাইজে  জলসংশ্লেষণৰ পৰম্পৰাগত কৌশল প্ৰয়োগ কৰাৰ বিচাৰটোৱেই আছিল সেই সময়ৰ আটাইতকৈ উত্তম বিচাৰ৷ স্থানীয় বাসিন্দাসকলক এই কামত নিয়োজিত কৰাটোও আছিল প্ৰয়োজনীয়৷

আমলাই ট্ৰাষ্টৰ সহযোগত চেক বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছিল৷ প্ৰথম অৱস্থাত তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, গাঁওবাসীয়ে তেওঁক বিশ্বাসত লোৱা নাছিল। ভাবিছিল, এইবিলাক কৰি আমলাৰ কি লাভ হ’ব, কিয় আগবাঢ়ি আহিছে তেওঁ? কিবা স্বাৰ্থ নাইতো? গাঁওবাসীক সৈমান কৰাটোৱেই তেওঁৰ বাবে সকলোতকৈ কঠিন কাম আছিল।

চেকবান্ধবোৰ ৱাটাৰ শ্বেদৰ সুগম ঠাইত সজা হয়, যাতে বৰষুণৰ পানী সেই বান্ধবোৰত ৰৈ যায়। সেই পানী মাটিৰ স্বাভাৱিক কেপিলাৰী প্ৰক্ৰিয়াৰ দ্বাৰা খেতি-পথাৰৰ মাজত থকা পুৰণি কুঁৱাবোৰলৈ নিজে নিজে গুচি যায়৷ কুঁৱাৰ পানী পাম্পৰ সহায়েৰে খেতি-পথাৰ আৰু ঘৰলৈ যোগান ধৰা হয়। এই চেকবান্ধবোৰক "খাদিন" নামেৰেও জনা যায়৷ ই প্ৰকৃততে নতুন কোনো আৱিষ্কাৰ নহয়, কৌটিকালৰ পৰাই ৰাজস্থানবাসীয়ে এই প্ৰক্ৰিয়াৰে খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি আহিছে। কিন্তু বৃটিছ চৰকাৰৰ আমোলত এক আইন প্ৰণয়ন কৰা হয়, যাৰ মতে ব্যক্তিগতভাৱে এনে বান্ধ নিৰ্মাণ কৰা নিষিদ্ধ কৰা হয়, আৰু ইয়াৰ নিৰ্মাণৰ দায়িত্ব চৰকাৰে নিজে লয়। হয়তো মানুহৰ মাজত বান্ধৰ স্থান লৈ খামখেয়ালী, মতবিৰোধ আদি নিয়ন্ত্ৰণ কৰিবলৈকে এই আইন প্ৰণয়ন কৰা হৈছিল। বৃটিছ যোৱাৰ পিছত এই কাম স্বাধীন ভাৰতৰ চৰকাৰৰ হাতত পৰে, আৰু তাৰ পিছত সাধাৰণতে হোৱাৰ দৰেই কোটি কোটি থকা খৰছ কৰা ‘কেৱল কাগজ’ত এই বান্ধবোৰ নিৰ্মাণ কৰি থকা হয়। প্ৰকৃত ঠাইত দুই এটা বান্ধ নিৰ্মাণ হ’লেও সেইকেইটাৰ অৱস্থা অসমৰ মথাউৰিবোৰৰ দৰে হয়গৈ। ফলস্বৰূপে, ৰাজস্থানৰ কৃষকসকল প্ৰতিবছৰে ভয়ংকৰ খৰাঙৰ চিকাৰ হব লগা হয়। লাহে লাহে পৰিস্থিতি ইমান বেয়ালৈ গ’ল যে প্ৰত্যেক বছৰেই শ শ কৃষকে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লব লগা হয়। বহু দূৰৰ পৰা খোৱাপানীকণৰ যোগাৰ কৰিব লগা হোৱা বাবে সৰু ছোৱালীবোৰে স্কুল এৰিব লগা হ’ল, পেটৰ ভোকত গাঁৱৰ বহু জীয়ৰী-বোৱাৰীয়ে দেহ ব্যৱসায়ত নামিব লগা হ’ল। ডেকা ল’ৰাবোৰে জীৱিকাৰ সন্ধানত গাঁও এৰিলে। আৰু চৰকাৰে মাজে মাজে ৱাটাৰ টেংকাৰ পঠাই, আত্মহত্যা কৰাজনৰ পৰোয়ালক কিছু অৰ্থসাহাৰ্য দি নিজৰ দ্বায়িত্ব সামৰিলে।

পঠনীয়:  ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় L : ৰামানুজনৰ নোটবুককেইটা

এইধৰণৰ বান্ধবোৰে বৃহৎ বান্ধবোৰৰ পৰা সম্ভাৱনীয় সকলো ধৰণৰ সু-ফল মানুহক প্ৰদান কৰে; অথচ বৃহৎ বান্ধ নিৰ্মাণ কৰোঁতে সেই স্থানৰ আৱাসীসকলক স্থানান্তকৰণ আৰু পুনৰ সংস্থাপনৰ দৰে বিষয়বোৰ এনেধৰণৰ বান্ধবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷

ৰুইৱাৰ প্ৰথমটো প্ৰকল্পৰ কাম আৰম্ভ হৈছিল ৰাজস্থানৰ মাণ্ডাৱাৰ গাওঁত৷ এই গাওঁত "আকাৰ চেৰিটেবল ট্ৰাষ্টে” দুটাকৈ চেকবান্ধ সাজি বছৰি ১২ কোটি টকা উপাৰ্জনৰ সাফল্য কৰিবলৈ লাভ কৰিছিল৷ বৰ্তমান এই ট্ৰাষ্টে ৰাজস্থানৰ ১০০খন গাওঁত ২০০টা চেক বান্ধ সাজি উলিয়াইছে৷ আৰু ইয়াৰ জৰিয়তে প্ৰায় ২ লাখ মানুহে বছৰেকত ৩০০ কোটি পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ জল সমস্যা দূৰীকৰণৰ অভিযান হাতত লৈ যিদৰে এই ট্ৰাষ্টে গাওঁসমূহত চেকবান্ধবোৰ নিৰ্মাণ কৰি উলিয়ালে ইয়াৰ পৰিণতিত গাওঁবাসীয়ে যথেষ্ঠ সুফল লাভ কৰিছে।

চেকবান্ধ নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়ত ট্ৰাষ্টে এক চৰ্ত প্ৰযোজ্য কৰিছিল৷ চৰ্তটো আছিল এনেধৰণৰ যে চেকবান্ধৰ নিৰ্মাণত যিমান পৰিমাণৰ ব্যয় হয় তাৰে ৪০% গাওঁবাসীয়ে অনুদান আগবঢ়াব লাগিব আৰু ৬০% ট্ৰাষ্টে ব্যয় কৰিব৷ ট্ৰাষ্টে লগতে এইটোও কয় যে গাওঁবাসীৰ অনুদানৰ অবিহনে এই কাম আৰম্ভ কৰা অসম্ভৱ৷ তাৰোপৰি এটা চেকবান্ধ সাজোতে হ'বলগীয়া ব্যয়ৰ পৰিমাণ প্ৰায় ৫ লাখ টকা বা তাতোকৈয়ো অধিক হোৱাৰ সম্ভাৱনা বুলি উল্লেখ কৰে ট্ৰাষ্টে৷ এই সকলোবোৰ নিৰ্ভৰ কৰিব চেকবান্ধ বোৰৰ আকাৰৰ ওপৰতহে৷

চেকবান্ধবোৰ নিৰ্মাণ প্ৰক্ৰিয়া ট্ৰাষ্টৰ যোগেদি আৰম্ভ কৰা হৈছিল৷ বৰষুণৰ অতিৰিক্ত পানী কিদৰে চেকডেমবোৰৰ সহায়ত খৰাং খেতি-পথাৰলৈ পঠিয়াই শস্য উৎপাদনৰ পথ সুগম কৰা হ'ব এই সকলোবোৰৰ বিস্তৃত বিৱৰণ গাওঁবাসীৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছিল৷ সেইমৰ্মে গাওঁবাসীয়ে ৪০% অনুদান ট্ৰাষ্টক দিবলৈ মান্তি হয়৷ চেকবান্ধৰ স্থান নিৰ্বাচন কৰিবলৈ তেখেতে পৰম্পৰাগত উপায় অৱলম্বন কৰে। গাওঁবাসীয়েই জানিছিল কোনখিনি ঠাই চেকবান্ধৰ বাবে উপযুক্ত। আৰু সেই ঠাই নিৰ্বাচনৰ পিছতেই ডিটেইল ডিজাইন আৰু এষ্টোমেটৰ বাবে অভিজ্ঞ অভিযন্তাৰ ওচৰলৈ যায়।

ইয়াৰ পাচতেই গাওঁৰ কৃষকসকলৰ সহযোগত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ প্ৰকল্প হাতত লোৱা হয়৷ আমলা ৰুইৱাই  চৰকাৰলৈ আশা নকৰি বান্ধ নিৰ্মাণৰ ব্যক্তিগত প্ৰকল্প হাতত লৈ লাভাজনক উপাৰ্জনৰে  কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা প্ৰচেষ্টা সঁচায়ে প্ৰশংসনীয়৷ তেওঁৰ মতে চৰকাৰলৈ আশা পালি নাথাকি কৰ্পৰেট গোষ্ঠীক এনেধৰণৰ চেকডেম নিৰ্মাণৰ প্ৰকল্পত নিয়োজিত কৰিলে অদূৰ ভৱিষ্যতে অধিক নহ'লেও কিবা এটা লাভালাভ হোৱাৰ আশা কৰিব পাৰি৷ তাৰোপৰি চৰকাৰৰ দ্বাৰা নিৰ্মীয়মান প্ৰায়বোৰ চেকবান্ধেই দুৰ্বল আন্তগাঁথনিৰ হেতুকে বাৰে বাৰে ভাঙি যোৱা পৰিলক্ষিত হৈছিল৷

প্ৰকল্পটোত তেওঁ ১০০% ফান্দিং নকৰাৰ অন্যতম কাৰণটোৰ সম্পৰ্কে কয় যে, "যদি মই অকলেই ১০০% ফান্দিং কৰিলোঁ হয় সেয়া হ'লহেতেন কেৱল মোৰ নিজৰ স্বাৰ্থৰ বাবে কৰা কাম, কিন্তু এতিয়া সেয়া ৰাইজৰ৷ সকলো ৰাইজেই এতিয়া এই চেকবান্ধ প্ৰকল্পটোৰ অংশীদাৰ৷"

যিখন ৰাজস্থানৰ খৰাংপিড়িত কৃষকে ছিৰাল ফটা ধৰিত্ৰীৰ বেদনা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লৈছিল সেইখন ৰাজস্থানত বৰ্তমান প্ৰত্যেকঘৰ মানুহৰ দুৱাৰডলীলৈকে পানীৰ সু-ব্যৱস্থা আছে৷ তাৰোপৰি এটুপি খোৱাপানীৰ বাবে মহিলাসকলে কেইবা কিলোমিটাৰ দূৰলৈ যোৱাৰো প্ৰয়োজন নাই৷

এতিয়া চেকবান্ধবোৰেৰে বৈ অহা পানী কৃষকসকলে বছৰেকীয়া শস্য উৎপাদনৰ বাবে পৰ্যাপ্ত৷ আগতে বছৰেকত কাচিৎ এবিধ শস্য উৎপাদনৰ বাবে চিন্তা কৰিবলগীয়া গাওঁবাসীয়ে বৰ্তমান বছৰেকত তিনিবিধলৈকে শস্য উৎপাদন কৰিবলৈ সক্ষম৷ ইয়াৰে অধিক সংখ্যক ৰবি শস্য৷ গাওঁৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰতে এখন, দুখন কৈ মটৰবাইক থকাৰ উপৰিও প্ৰত্যেকখন গাওঁতেই চাৰি, পাঁচখনকৈ ট্ৰেক্টৰো উপলব্ধ৷ ৰাজস্থানৰ এই সকলো উন্নয়নৰ আঁৰৰ  ব্যক্তি গৰাকীয়েই হ'ল আমলা ৰুইয়া৷

পঠনীয়:  অসম গণিত শিক্ষায়তনৰ সম্পৰ্কে

চেকবান্ধ বন্ধাত সহায় কৰি দিয়াৰ বিপৰীতে ৰুইয়াই গাওঁবাসীৰ সমুখত কেইটিমান চৰ্ত ৰাখিছিল, যেনে তেওঁলোকে যৌতুক প্ৰথা, বাল্য বিবাহ, সুৰাপান, গুটখা ইত্যাদি বন্ধ কৰিব লাগিব৷ লগতে গাওঁৰ সকলো ছোৱালীকে বিদ্যালয়লৈ পঠিয়াই শিক্ষাদানৰ ব্যৱস্থা আদিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে৷

ৰাজস্থানত অভূতপূৰ্ব সফলতাৰ পাছত অলকাই তেওঁৰ কাৰ্যক্ষেত্ৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ আদি ৰাজ্যলৈয়ো সম্প্ৰসাৰণ কৰিছে। তেওঁ নিজে কোৱা মতে আন আন ৰাজ্যৰ জনগণে ৪০% অনুদান নিদিয়াৰ বিপৰীতে ট্ৰাষ্টে ১০০% অনুদান দিব লাগিব বুলি জনোৱা দাবীৰ ফলত এতিয়া সেই ৰাজ্যসমূহৰ বান্ধ নিৰ্মাণৰ কাম ক্ষতিগ্ৰস্ত হৈছে। এইগৰাকী মহীয়সী নাৰীক সামাজিক কৰ্ম উন্নয়ণ শিতানত ২০১১ চনত লক্ষ্মীপট নেশ্যনেল লিডাৰশ্বিপ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল৷

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা এগৰাকী কবিও৷ তেওঁ মৈথিলী চৰণ গুপ্তাৰ ভক্ত, তেওঁৰ ঘৰতো এক সাহিত্য চৰ্চাৰ পৰিবেশ বিৰাজমান। বান্ধ নিৰ্মাণৰ সময়চোৱাতে তেওঁ প্ৰায় ৬০টা কবিতা লিখি উলিয়াইছিল৷

এগৰাকী নাৰীৰ সদিচ্ছাই এখন ৰাজ্যৰ দুখীয়া ৰাইজৰ জীৱনলৈ আমূল পৰিবৰ্তন কঢ়িয়াই আনিছে, তাকো চৰকাৰী সাহাৰ্য বা অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ নকৰাকৈয়ে। আমাৰ অসমৰ সমস্যাবহুল সমাজখনো হয়তো এগৰাকী আমলাৰ প্ৰতীক্ষাতে ৰৈ আছে।

The following two tabs change content below.

মৌচুমী দাস

No Comments

Sorry, the comment form is closed at this time.