চন্দ্ৰায়ান-১ৰ মুখ্য বিজ্ঞানী প্ৰফেছৰ জিতেন্দ্র নাথ গোস্বামীৰ সৈতে এটি সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণ : ° প্রশান্ত কুমাৰ বৰদলৈ

মুৰব্বী অধ্যাপক, ৰসায়ন বিভাগ,
যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান (JIST)।

 

প্রশ্ন: ‘চন্দ্রায়ান-১’ অভিযান প্রসংগত কথা-বতৰা আৰু পৰিকল্পনা কেতিয়া কৰা হৈছিল?

উত্তৰ: সঁচা কথা ক’বলৈ হ’লে আমাৰ মহাকাশ বিভাগে চন্দ্ৰলৈ যে কেতিয়াবা এখন যান পঠিয়াব, সেই বিষয়ে মই সিমান আশাবাদী নাছিলোঁ। কাৰণ, সেয়া আছিল ১৯৮০ৰ শেষভাগৰ কথা। কিন্তু ১৯৯০ চনত মহাকাশ বিভাগৰ পৰা দুই-এটা কথা নীতিগতভাবে উনুকিওৱা হৈছিল যে এই দিশত কিবা এটা পৰিকল্পনা কৰা উচিত হ’ব। পিছে সেই সময়ত আগতে চন্দ্ৰৰ বিষয়ে কাম কৰা মানুহৰ অভাৱ আছিল। মই আৰু দুই এজন মানুহহে আছিলোঁ যি এপল’ মিছনৰ সময়ত চন্দ্ৰৰ পৰা অনা শিল আৰু ধূলিত থকা মহাজাগতিক ৰশ্মিকণাৰ অনুসন্ধান কৰিছিলোঁ। গতিকে চন্দ্ৰৰ বিষয়ে কাম কৰাৰ আগ্রহৰ বাবেই হওক অথবা মহাকাশ বিভাগত কৰিব পৰা সেৱাৰ বাবেই হওক আমি কেইজনমান বিজ্ঞানী আৰু লগতে কেইজনমান প্রযুক্তিবিদ (কাৰণ এই ক্ষেত্ৰত প্রযুক্তিৰ অতি বেছি প্রয়োজন) গোট খাই এই বিষয়ে কথা-বতৰা পতা আৰম্ভ কৰিছিলোঁ। আৰু ১৯৯৭ চনৰ পৰা মহাকাশ বিভাগেও এই বিষয়ত এলানি আলোচনা-চক্র প্রতি বছৰে পাতিছিল, কিন্তু আপোনালোকেও জানে যে মিছনটো ২০০৮ চনতহে সম্ভৱ হৈছিল। কাৰণ, এনেকুৱা প্রস্তুতিৰ বাবে বহু সময়ৰ প্রয়োজন। আমি প্রযুক্তিবিদ্যাৰ ওপৰত নির্ভৰ কৰি সুকলমে চন্দ্ৰৰ ওচৰ চাপিব পাৰিম নে নোৱাৰিম, সেই কথাটো চাব লগা হৈছিল আৰু সেইখিনি কৰোঁতে যথেষ্ট সময় লৈছিল। গতিকে মহাকাশ বিজ্ঞানৰ বেছিভাগ মিছনতেই যথেষ্ট ধৈর্যৰো প্রয়োজন।

প্রশ্ন: এই মিছনৰ বৈজ্ঞানিক আৰু প্রযুক্তিগত লক্ষ্য কি আছিল?

উত্তৰ: এই দিশত প্রযুক্তিগত লক্ষ্য আছিল এয়ে যে চন্দ্ৰলৈ যাত্রা কৰি আৰু তাৰ চাৰিওফালে প্রদক্ষিণ কৰা। এই সফলতাৰ পিছত আমাৰ লক্ষ্য হ’ল বৈজ্ঞানিক, অর্থাৎ চন্দ্রপৃষ্ঠৰ অনুসন্ধান কৰি পোৱা সবিশেষ তথ্য পৃথিবীবাসীক যাতে জনাব পাৰোঁ।

প্রশ্ন: চন্দ্ৰত প্রথমবাৰৰ কাৰণে পানী আৱিষ্কাৰ কৰাটো আছিল ‘চন্দ্রায়ান-১’ৰ প্রধান সফলতা। এইটো কেনেকৈ সম্ভৱ হ’ল?

উত্তৰ: চন্দ্ৰত evolution সম্বন্ধে আমি কি নতুন তথ্যৰ অনুসন্ধান কৰিব পাৰোঁ, সেয়া চন্দ্রায়ান অভিযানৰ মূল লক্ষ্য আছিল। এই ক্ষেত্ৰত আমি কিছুমান সংসূচক (detector) বাহিৰৰ পৰাও বিচাৰিব লগা হৈছিল। এইবিলাক সম্পূর্ণ বৈজ্ঞানিক মিছনৰ কাৰণে প্রয়োজন হোৱা বুলি কোৱাতহে তেওঁলোকে এই সংসূচকসমূহ আমাক দিবলৈ সন্মত হৈছিল। অৱশ্যে আমি এইটোও চাব লগা হৈছিল যে কোনবিধ সঁজুলি আমাৰ কাৰণে সর্বোৎকৃষ্ট হ’ব। সেই সময়ৰ মহাকাশ বিভাগৰ মুৰব্বীজনেও আমাক ক’লে যে যদি এনে সঁজুলিৰ ক্ষেত্ৰত আমাৰ সমস্যা হয়, তেন্তে আমি আন দেশৰ সহায় ল’ব পাৰোঁ। আমি তেতিয়া আমেৰিকা, ইউৰোপ আৰু ৰুছদেশৰ বিজ্ঞানীৰ লগত চন্দ্রায়ানত পঠিয়াব পৰা সম্ভাব্য Instrument সম্বন্ধে আলোচনা কৰিছিলোঁ আৰু ‘চন্দ্রায়ান-১’ অভিযানৰ বাবে দেশ আৰু বিদেশৰ পৰা পঁচিছটামান প্রস্তাৱ আমালৈ আহিছিল। তাৰ ভিতৰত এটা আছিল আমেৰিকাৰ Moon Mineral Mapper (M^3)। আমেৰিকাৰ বিজ্ঞানীসকলে প্রথমে এটা আৰ্হিৰে পৰিকল্পনা প্রস্তুত কৰে। যেতিয়া পৰিকল্পনাটোৰ অনুমোদন হয়, তেতিয়া তাত থকা ব্যৱসায়িক বা শৈক্ষিক কিছুমান অনুষ্ঠানে এই সজুলিসমূহ প্রস্তুত কৰে। কিন্তু আমাৰ দেশত এনে ব্যৱস্থা নাই। ইয়াত যিজনে এনে সঁজুলি বনোৱাৰ প্রস্তাৱ আগবঢ়ায়, তেঁৱেই সেই সামগ্রী প্রস্তুত কৰিবলগীয়া হয়। আমি আমেৰিকাৰ JPL (Jet Propulsion Laboratory)লৈ গৈছিলোঁ আৰু আমাক প্রয়োজন হ’ব পৰা আহিলাসমূহ আমাক দেখুৱাইছিল। চন্দ্রত পানী নাই বুলিয়েই ভবা যায় যদিও চন্দ্ৰৰ মেৰু ক্ষেত্ৰত পানী থকাৰ সম্ভাৱনা সম্বন্ধে দুই-এটা প্রবন্ধ ওলাইছিল। Moon Mineral Mapper (M^3) প্রস্তাৱ কৰা আমেৰিকাৰ মোৰ সতীর্থগৰাকীক কৈছিলোঁ যে M^3ত আমি (তৰংগৰ দৈর্ঘ্য) ২.৬ মাইক্ৰ’নৰ ঠাইত ৩ মাইক্র’ন কৰাত কি অসুবিধা? তেতিয়া তেওঁ ক’লে— ‘ময়ো সেইটোকে ভাবি আছিলোঁ।’ এই কথা যেতিয়া JPLৰ লোকক ক’লোঁ তেওঁলোকেও ক’লে যে M^3 ৩ মাইক্ৰ’নলৈকে কৰাত কোনো অসুবিধা নাই আৰু M^3য়ে ০.৬ৰ পৰা ৩ মাইক্র’ন (3\times 10^{-6} মি) সামৰিব পাৰিব। এনে কৰাৰ মূল উদ্দেশ্য আছিল যে চন্দ্রপৃষ্ঠত, বিশেষকৈ দুই মেৰুৰ ওচৰত যদি পানীৰ কণা OH বা H_2O আছে, তেতিয়া হ’লে সূৰ্যৰ পৰা নিৰ্গত তিনি মাইক্ৰ’নৰ আশে-পাশে থকা ৰশ্মি পানীৰ কণাই শুহি ল’ব আৰু এনে ঠাইৰ পৰা প্রতিফলিত হোৱা সূৰ্যৰ ৰশ্মিৰ পৰিমাণ চন্দ্ৰৰ আন ঠাইৰ পৰা হোৱা প্রতিফলনতকৈ কম হ’ব। M^3ৰ তথ্যৰ পৰা এই প্রমাণ পোৱাৰ পিছত এই আৱিষ্কাৰ প্রকাশ কৰাৰ আগতে এই কথা নিশ্চিত কৰাৰ চিন্তা কৰিলোঁ। আমি জানিব পাৰিলোঁ যে চন্দ্ৰৰ ওচৰলৈ কিছুদিনৰ পিছত এটা কৃত্রিম উপগ্রহ যাব। আমি আমাৰ result সম্পূৰ্ণকৈ নজনোৱাকৈ ৩ মাইক্ৰ’নৰ ওচৰত চন্দ্ৰৰ তথ্য ল’বলৈ অনুৰোধ জনালোঁ। কিছুদিনৰ পিছত তেওঁলোকে চন্দ্ৰৰ মেৰু অঞ্চলত পানীৰ সন্ধান পাইছে বুলি খবৰ আহিল। তেওঁলোকে সঠিকভাবে পর্যবেক্ষণ কৰা হ’লে চন্দ্ৰৰ এই দৃশ্য ২০০৭ চনতে দেখিলেহেঁতেন! কিন্তু তেওঁলোকে তেনে পর্যবেক্ষণ কৰা নাছিল। কাৰণ, সকলোৱে চন্দ্র bone dry বুলিয়েই ভাবোঁ। আমি সকলোফালৰ পৰা নিশ্চিত হৈ চন্দ্ৰৰ মেৰু অঞ্চলত থকা পানীৰ বিষয়ে গৱেষণা-পত্র প্রকাশ কৰিলোঁ। সেই একেটা সংখ্যাতে আমাৰ result সমর্থন কৰি দুখন গৱেষণা-পত্ৰও ওলাল।

প্রশ্ন: চন্দ্রত পানী আৱিষ্কাৰ কৰা কথাটো প্রকাশ কৰিবলৈ আপোনালোকে যথেষ্ট সময় অপেক্ষা কৰিছিল। ইয়াৰ কাৰণ কি আছিল?

উত্তৰ: আমি এই কাৰণেই অপেক্ষা কৰিছিলোঁ যে চন্দ্ৰত পানী থকা কথাটো কেউটা দিশৰ পৰা চাই দৃঢ়তাৰে প্ৰতিষ্ঠা হ’ব লাগিব। এই তথ্যৰ সত্যতা যাতে পিছত কোনেও নুই কৰিব নোৱাৰে, সেই বিষয়ে আমি গুৰুত্ব দিছিলোঁ। যেতিয়া আটাইবিলাক বিবেচনাৰ পিছত ‘চন্দ্রায়ান-১’য়ে চন্দ্রত পানীৰ সন্ধান পোৱাৰ বিষয়ে নিশ্চিত হ’লোঁ, তেতিয়াহে আমি এই কথা প্রকাশ কৰাৰ বাবে পঠিয়ালোঁ।

প্রশ্ন: আপোনালোকে কিমানসংখ্যক আহিলাৰে মংগল অভিযানৰ প্রস্তুতি চলাইছিল?

উত্তৰ: মংগল অভিযানত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বাবে ৫টা আহিলা আছিল। আমি প্রথম পদক্ষেপতে মংগল গৈ পোৱাই নহয়, তাৰ চাৰিওফালে আমাৰ মংগল-যানখনে যথেষ্ট সক্ষমতাৰে পৰিভ্ৰমণ কৰিব পাৰিলে। উল্লেখ্য যে মংগলৰ চাৰিওফালে পৰিভ্ৰমণ কৰাত একেবাৰতে কৃতকার্য হোৱা এইটোৱে আছিল পৃথিৱীৰ প্রথম অভিযান।

ফটো উৎস

ফটো উৎস : isro.gov.in

প্রশ্ন: ‘চন্দ্রায়ান-১’ চন্দ্র অভিযানৰ প্রস্তুতি আপোনালোকে নিজৰ ফালৰ পৰা সম্পূর্ণ কৰিছিল নে আন দেশৰ সহায়ো লৈছিল?

উত্তৰ: যেতিয়া আমি বাহিৰৰ পৰা বিজ্ঞানীৰ সহায় লোৱা বা আন কোনো বিদেশী অনুষ্ঠানৰ আহিলা লোৱাৰ কথা ভাবিছিলোঁ, তেতিয়া আমি দুটা চৰ্ত বান্ধি দিছিলোঁ। এটা হৈছে এয়ে যে আমি সকলো কথাই একেলগে আলোচনা কৰিম আৰু আমাৰ ফালৰ পৰা দুই বা তিনিজন বিজ্ঞানী সেই গোটটোত থাকিব। M^3ৰ বাবে সেই সময়ত গঠিত হোৱা গোটটোত মই, হায়দৰাবাদৰ National Remote Sensing Centreৰ এজন বিজ্ঞানী আৰু এজন অভিযন্তা আছিল। এই গোটটোৰ আলোচনাৰ ভিত্তিত আমি সিদ্ধান্ত ল’ম। আন এটা বিশেষ আহিলা আছিল Synthetic Aperture RADAR। এইটো আহিলাৰে গোটোৱা dataৰ অধ্যয়নৰ বাবে আমাৰ Space Application Centreৰ এজন বিজ্ঞানী আৰু মই সভ্য হিচাপে আছিলোঁ। ইংলেণ্ড আৰু ছুইডেনৰ বিজ্ঞানীৰে গঠিত দুটা গোটেও আমাৰ লগত এই কামত অগ্ৰসৰ হৈছিল। সমূহীয়াভাবে সম্পাদিত হোৱা এই সকলো কামত আমি সক্রিয়ভাৱে অংশগ্রহণ কৰিছিলোঁ।

পঠনীয়:  ‘মই বিশ্বাস কৰোঁ যে আমি যেনেকৈ জীয়াই আছো কিছুমান মানুহ সঁচাকৈ এতিয়াও তাতকৈ বহুখোজ আগবাঢ়ি আছে’

প্রশ্ন: এনেধৰণৰ অভিযানৰ ক্ষেত্ৰত আন্তর্জাতিক প্রযুক্তি অংশীদাৰকৰণ বিষয়টো আপুনি কেনেধৰণে বিবেচনা কৰে?

উত্তৰ: আন্তর্জাতিক প্রযুক্তি অংশীদাৰকৰণ এনে ধৰণৰ অভিযানৰ বাবে অত্যন্ত জৰুৰী। Synthetic Aperture RADAR (SAR) যাৰ সহায়ত মাটিৰ তলৰ ভাগৰো বিশ্লেষণ (Analysis) কৰিব পাৰি, তেনে এক আহিলা NASAই আমাক দিছিল। এতিয়া আহমেদাবাদৰ মহাকাশ বিভাগে নিজেই এই প্রযুক্তি উদ্ভাৱন কৰিলে আৰু ‘চন্দ্রায়ান-২’ত ভাৰতীয় SAR থাকিব। অৱশ্যে কোনো কোনো ক্ষেত্ৰত আমি আন্তর্জাতিক সহযোগিতা আৱশ্যক হ’লে গ্রহণ কৰাটো যুক্তিসংগত হ’ব বুলিয়েই ভাবোঁ।

প্রশ্ন: ভাৰতৰ ‘চন্দ্রায়ান-১’ আৰু ‘মংগলয়ান’— এই দুয়োটা আন্তঃগ্রহী অভিযানতে GSLVৰ ঠাইত PSLV মহাকাশযান ব্যৱহাৰ কৰাৰ কাৰণ কি আৰু ইয়াৰ সুবিধাসমূহ কি কি?

উত্তৰ: এতিয়ালৈকে ব্যৱহাৰ কৰা যানসমূহৰ ভিতৰত PSLV আটাইতকৈ সফল যান বুলি প্রমাণিত হৈছে। এনেধৰণৰ বৃহৎ অভিযানত অকৃতকার্য হোৱাটো গ্রহণযোগ্য নহয়। মংগল অভিযানত আমাৰ মহাকাশ যানখনে পৃথিৱীৰ চাৰিওফালে কেইপাকমান ঘূৰি অধিক শক্তি লাভ কৰিহে চন্দ্র অভিমুখে গতি কৰে। PSLV যানখনেহে এই ক্রিয়াৰে গতি কৰি ‘চন্দ্রায়ান-১’ অভিযান সমাধা কৰিলে। মংগলযানৰ ক্ষেত্ৰতো যানখনে এক বহু দীর্ঘ পথেদি ভ্রমণ কৰিবলগীয়া হৈছিল, য’ত যোগাযোগৰ ক্ষেত্ৰতো অসংখ্য সমস্যা আহি পৰাৰ সম্ভাৱনা আছিল। সেয়ে যানখন সম্পূর্ণ স্বয়ংক্রিয়ভাবে কাম কৰিব পৰা কৰি তোলা হৈছিল। মংগল গ্রহ পোৱাৰ আগতেই যদি যানখনে দেখে যে ই সঠিক পথত অহা নাই, তেতিয়া ই স্বয়ংক্রিয়ভাৱে নিজৰ দিশ ঠিক কৰি ল'ব আৰু বেগৰো পৰিৱর্তন কৰি ল'ব। মংগল গ্ৰহৰ ওচৰ পোৱাৰ আগতে যানখনৰ বেগ কমাব লগা হৈছিল। এইটো কৰিবলৈ যানখন ওলোটামুখী কৰিব লগা হয়। এই সকলোখিনি কাম যানখনে স্বয়ংক্রিয়ভাৱেই কৰিছিল। এই ক্ষেত্ৰত আমাৰ সফল প্রযুক্তিৰ বিষয়ে সকলোৱে প্রশংসা কৰিছিল আৰু TIME আলোচনীখনে ২০১৪ চনত হোৱা উল্লেখনীয় ঘটনাৰ ভিতৰত আমাৰ ‘মংগলয়ান’ৰ সফলতাৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰিছিল।

প্রশ্ন: ‘মংগলয়ান’ৰ সফলতাৰ কাৰণে বিজ্ঞানী আৰু অভিযন্তাসকলে কেনেধৰণে আগবাঢ়িছিল?

উত্তৰ: এই অভিযানৰ প্রস্তুতি সম্পৰ্কীয় আলোচনা বহু দিনৰ আগৰ পৰাই হৈছিল। প্রধান অভিযানটোৰ কাম তিনি বছৰৰ আগৰ পৰাই হৈছিল। এই প্রস্তুতিৰ ক্ষেত্ৰত কি কৰিব লাগিব, কিমান আৰু কেনে প্রকাৰৰ আহিলা লাগিব আদি কথাবিলাক বিজ্ঞানীসকলৰ চিন্তা আৰু ধাৰণাৰ দ্বাৰা আগবঢ়াই নিয়া হয়। তাৰ পিছত যেতিয়া আহিলাসমূহ আৰু ইয়াৰ ওজন আদিৰ কথা আহে, তেতিয়া প্রযুক্তি-বিজ্ঞানৰ কাৰিকৰী দলটোৰ ওপৰত নির্ভৰ কৰা হয়।

প্রশ্ন: অভিযানটোত দলগত সহযোগিতা কেনেদৰে হৈছিল, তাৰ এটা উদাহৰণ দিব নেকি?

উত্তৰ: দলগত সহযোগিতা খুবেই প্রয়োজন। মহাকাশ সম্পৰ্কীয় যিকোনো প্রস্তুতিতে প্রত্যেকটো বিভাগকে বেলেগ বেলেগ কাম ভগাই দিয়া হয়। প্রত্যেকেই নিজৰ নিজৰ দায়িত্বত থকা কামখিনি সময়মতে আৰু শুদ্ধকৈ এনেধৰণেৰে কৰি দিব লাগে যাতে এই সকলো কাম এককৃত কৰোঁতে কোনো অসুবিধা নহয়।

প্রশ্ন: মহাকাশ অভিযানত কেতিয়াৰ পৰা ভাৰতৰ মহাকাশচাৰী পঠিয়াব পৰা হ’ব বুলি আপুনি ভাবে?

উত্তৰ: মই ভাবোঁ— এইটো এটা দীঘলীয়া পৰিক্রমা হ’ব। মহাকাশচাৰীজনক সুৰক্ষিত কৰি ৰখাটো মূল কথা হ’ব। বর্তমানৰ প্রযুক্তিৰে মানুহ এজনক মহাকাশযানত পঠিওৱা টান হ’ব। এতিয়ালৈকে আমেৰিকা, ৰাছিয়া আৰু চীনদেশেহে মহাকাশচাৰী পঠিয়াইছে। আন কোনেও পঠিওৱা নাই। চীন অৱশ্যে মহাকাশ বিজ্ঞানত নহ’লেও মহাকাশ প্রযুক্তিত আমাতকৈ আগবঢ়া।

প্রশ্ন: ‘মংগলয়ান’ৰ সফলতাৰ পিছত ISROৰ বাণিজ্যিক বিভাগে বছৰি ৫ হাজাৰ কোটি টকা লাভ কৰিব বুলি বাতৰি প্রকাশ হৈছিল। এই দিশত তেনেধৰণৰ সফলতা আহিব বুলি আপুনি ভাবেনে?

উত্তৰ: এই বিষয়ত মই সঠিকভাৱে ক’ব নোৱাৰিম।

প্রশ্ন: ভাৰতত পুনৰ ব্যৱহার্য উৎক্ষেপণ যন্ত্ৰৰ পৰিকল্পনা কৰা হৈছে। এই বিষয়ত কিছু তথ্য দিব নেকি?

উত্তৰ: এই সময়ছোৱাত পুনৰ ব্যৱহার্য আহিলাৰ ওপৰত আমি বৰ বেছি গুৰুত্ব দিয়া নাই। কিন্তু নতুন আহিলাৰ দ্বাৰা অধিক উন্নত কার্য সম্পাদন কৰাটোত গুৰুত্ব দিয়া হৈছে। তেনে এটা আহিলাৰ ওপৰত মাধ্যাকর্ষণ মুক্ত স্থানত পৰীক্ষা চলোৱাটোহে আমাৰ লক্ষ্য। বর্তমান এনেধৰণৰ পৰীক্ষাবিলাক অত্যন্ত দ্রুতবেগী আকাশীযান/মিলিটাৰী আকাশীযান আদিৰে কৰা হয়। বহু বেছি উচ্চতাৰ পৰা যানখন তললৈ আহোঁতে মাধ্যাকর্ষণ মুক্ত অৱস্থা এটাৰ কিছু সময়ৰ বাবে সৃষ্টি হয়।

প্রশ্ন: ভাৰতবৰ্ষই ২০১৭ চনত ‘চন্দ্রায়ান-২’ উৎক্ষেপণ কৰিব বুলি পৰিকল্পনা কৰিছে। এই অভিযানৰ মূল লক্ষ্য কি হ’ব?

উত্তৰ: ‘চন্দ্রায়ান-২'ত আমাৰ মূল কথা হৈছে যে চন্দ্রায়ানৰ কক্ষপথত থাকি চন্দ্ৰৰ বিষয়ে অধিক উন্নত তথ্যৰ সন্ধান কৰাৰ লগতে চন্দ্ৰৰ মেৰু অঞ্চলৰ পৃষ্ঠভাগ Lander আৰু Roverৰ সহায়ত সযত্নে সন্ধান (explore) কৰা। ‘চন্দ্রায়ান-১’ অভিযানত আমি তীব্র সৌৰ সক্রিয়তাৰ সময়ছোৱাকে বাছনি কৰি লৈছিলোঁ। সূৰ্যই চন্দ্রপৃষ্ঠত ৰঞ্জনৰশ্মি নিক্ষেপ কৰে। চন্দ্রপৃষ্ঠৰ পাৰিপাশ্বিকতাত ঘটা বিক্রিয়াবোৰ প্ৰেৰক আহিলাসমূহে সংকেতেৰে পঠিয়াই দিয়ে। তেনে তথ্যৰ বিশ্লেষণ আৰু গৱেষণাৰে চন্দ্রপৃষ্ঠৰ গঠন (composition) আদিৰ বিষয়ে জানিব পাৰোঁ। ভাৰত-ইংলেণ্ডৰ যুটীয়া প্রচেষ্টাৰে নির্মিত এক সুন্দৰ আহিলাৰে আমি এই তথ্যৰ বিশ্লেষণ ‘চন্দ্রায়ান-১’ত কৰিব পাৰিছিলোঁ। ‘চন্দ্রায়ান-২’ত আমাৰ পর্যবেক্ষণস্থলীৰ পৰা চন্দ্ৰৰ মেৰুৰ ফালে হ’ব, য’ত Lander আৰু Rover নমোৱাৰ পৰিকল্পনা কৰা হৈছে। আমাৰ প্রযুক্তিবিদসকলে যানখন মেৰুত অৱতৰণ কৰিব পাৰিব বুলি আশ্বাস দিলেও আমি আন এটা সমস্যাৰ সন্মুখীন হ’ম। মেৰু অঞ্চলত সূৰ্যৰ পোহৰ বা দিনৰ পোহৰ সর্বোচ্চ ১০ দিনৰ বাবেহে পোৱা যায় আৰু সেই সীমিত সময়ছোৱাতেই আমি বেছিভাগ কাম শেষ কৰিব পাৰিব লাগিব। আমি সকলো সঁজুলি সুৰক্ষিত কৰি লৈ যাব লাগিব আৰু ক্ষিপ্ৰতাৰে তথ্যসমূহ সংগ্ৰহ কৰিব লাগিব। চন্দ্ৰৰ কক্ষপথত থকা orbiterত থকা সঁজুলিয়ে অৱশ্যে চন্দ্রপৃষ্ঠৰ বিভিন্ন বিষয়ে অধ্যয়ন কৰি উপযোগী তথ্য সংগ্রহ কৰিবলৈ আমাক এবছৰ বা তাতকৈ অধিক সময় দিব।

Jitendra Nath Goswami-the Principal Scientist of the Chandrayaan-1 Mission-Asom Ratnaপ্রশ্ন: ‘মংগলয়ান’ত ব্যবহৃত pay loadসমূহ থলুৱাভাৱে নির্মিত হৈছে। ‘চন্দ্রায়ান-১’ত ব্যৱহৃত M^3 যন্ত্র NASAৰ পৰা অনা হৈছিল। ‘চন্দ্রায়ান-২’ত ব্যৱহাৰ হ’ব লগা pay loadসমূহ থলুৱাভাৱে নির্মিত হ’ব বুলি আপুনি ভাবেনে?

উত্তৰ: নিশ্চয় হ’ব। ‘চন্দ্রায়ান-১’ত ব্যৱহৃত pay loadসমূহ কিয় আনৰ পৰা আনিব লগা হ’ল, সেই বিষয়ে আগতে উল্লেখ কৰিছোঁ। Infra-Red Detector (অৱলোহিত ৰশ্মিৰ সংসূচক) আমাক আনে নিদিয়ে। এই সংসূচকসমূহ নিশাৰ সময়ত ব্যৱহাৰ হয়। এতিয়া আমি এই সংসূচকসমূহ নিজেই নির্মাণ কৰি ল’ব লাগিব।

প্রশ্ন: ভাৰতবৰ্ষৰ ‘মংগলয়ান’ সফল হোৱাৰ বাবে ভাৰতবাসী উৎফুল্লিত হৈছে। এই সফলতাত আমি ভাৰতবাসীয়ে নিশ্চয় গৌৰৱবোধ কৰিব লাগে। কিন্তু এই সফলতা লাভ কৰাৰ সময়ত কিছু বিদেশী প্ৰচাৰ মাধ্যমে ইতিবাচক বাতৰি প্রকাশ কৰাৰ লগতে ভাৰতৰ দৰিদ্রতাৰ বিষয়টো আৰু চীনৰ লগত প্রতিদ্বন্দিতাৰ বিষয়টো উল্লেখ কৰিছে। এই বিষয়ত আপোনাৰ মতামত কি?

উত্তৰ: মই প্রথমটো বিষয়ত একো ক’ব নিবিচাৰোঁ। এইটো ৰাইজৰ কথা। দ্বিতীয়টো বিষয়ত কওঁ যে এই কথাটো New York Timesত উলিয়ালে। অৱশ্যে সেই বিষয়ে খেদ প্রকাশ কৰি উঠায়ো ল’লে। আজিকালি মানুহে যেতিয়াই যিহকে ভাল পায় তাকে কোৱাৰ স্বাধীনতা আছে। অৱশ্যে চীনৰ লগত প্রযুক্তি বিষয়ত প্রতিযোগিতা কৰা বর্তমান আমাৰ বাবে সহজ নহ’ব। আমি আমাৰ গতিত আগবাঢ়িছোঁ আৰু তেওঁলোকে তেওঁলোকৰ মতে গতি কৰিছে। তেওঁলোকেও এইটো জানে যে অন্ততঃ চন্দ্র অভিযানৰ ক্ষেত্ৰত বিজ্ঞানৰ নতুন কথা আৰু তাৰ ব্যাখ্যা সম্পর্কে আমি যথেষ্ট আন্তঃৰাষ্ট্ৰীয় সমাদৰ পাইছোঁ। প্রতিযোগিতাৰ প্রশ্ন এই ক্ষেত্ৰত নাহে।

পঠনীয়:  ভাৰতীয় মুদ্ৰাৰ নতুন চিহ্ন নিৰ্মাতা উদয় কুমাৰৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ

প্রশ্ন: ভাৰতবৰ্ষই ‘মংগলয়ান-২’ অভিযান ২০১৮ চনত সম্পন্ন কৰিব বুলি বাতৰি প্রকাশ হৈছে। এই বিষয়ে আমাক কিছু আভাস দিব নেকি?

উত্তৰ: মংগল অভিযানৰ ক্ষেত্ৰত আমি বিজ্ঞানৰ ফালৰ পৰা সাজু হৈছোঁ। ২০১৮ চনৰ আগভাগত যদি এই অভিযান সম্পন্ন কৰিব নোৱাৰোঁ, তেন্তে আমি দুবছৰমান ৰ’ব লাগিব। গতিকে আমি ভাবিছোঁ যে ISRO ৰ ফালৰ পৰা ২০১৮ চনত এটা মংগল অভিযান হ’ব লাগে।

প্রশ্ন: ‘চন্দ্রায়ান-২’ শেষ হোৱাৰ পিছতহে মংগল অভিযান হ’ব নেকি?

উত্তৰ: তেনে কথা নহয়। ‘চন্দ্রায়ান-২’ যিকোনো সময়তে হ’ব পাৰে। কিন্তু মংগল অভিযান ২০১৬, ২০১৮ আৰু ২০২০ত হে হ’ব পাৰে। গতিকে ২০১৮ চনলৈ আমি আশা ৰাখিছোঁ। আমি অতি সুস্থিৰ বৈজ্ঞানিক চিন্তা-চর্চাৰে কামবোৰ কৰিব লাগিব।

প্রশ্ন: আমাৰ উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহত মহাকাশ বিজ্ঞান/প্ৰযুক্তি অধ্যয়ন কৰিব পৰাকৈ এতিয়ালৈকে কোনো পাঠ্যক্ৰম নাই। অৱশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Centre for Atmospheric Studies আৰু ISROৰ Space Science Promotion Scheme (SSPS) কাৰ্যসূচীৰ অধীনত মহাকাশ বিজ্ঞানৰ অধ্যয়নৰ বাবে জলপানি দিয়াৰ ব্যৱস্থা আছে। উত্তৰ-পূবত মহাকাশ বিজ্ঞানৰ অধ্যয়নৰ বাবে আমি কেনেধৰণে আগবাঢ়িব লাগিব বুলি আপুনি ভাবে?

উত্তৰ: এইটো ক’বলৈ অলপ টান। কাৰণ, শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অসমৰ বৰ্তমান পৰিস্থিতিত একেষাৰে উত্তৰ দিব নোৱাৰি। অৱশ্যে এইটো মানিবই লাগিব যে আজিকালি স্কুল-কলেজত পঢ়া ল’ৰা-ছোৱালীয়ে একেবাৰে সৰু অৱস্থাৰে পৰা ভবিষ্যতৰ কথা চিন্তা কৰে। তেওঁলোকে নিজৰ লক্ষ্য সৰুতেই স্থিৰ কৰি লয়। সেই কাৰণে আমি মহাকাশ বিজ্ঞানৰ প্রতি ছাত্র-ছাত্ৰীৰ আকর্ষণ কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে পৰিকল্পনা কৰিব লাগিব। এতিয়াই যদি কোনোবা এজন ছাত্রই মহাকাশ বিজ্ঞান অথবা মহাকাশ প্রযুক্তিৰ পাঠ্যক্রম অধ্যয়ন কৰিবলৈ ইচ্ছা কৰে, তেন্তে প্রশ্ন হ’ব যে এই পাঠ্যক্রম শেষ কৰি তেওঁ কি কৰিব। শ্বিলঙত North-East Space Application Centre (NESAC) বুলি ISROৰ এটা অনুষ্ঠান হৈছে। তেওঁলোকে Satellite Remote Sensingৰ সকলো স্তৰতে তথ্য বিশ্লেষণৰ প্রশিক্ষণ দিছে। চৰকাৰী খণ্ডতো তেওঁলোকে প্রশিক্ষণ দিয়া প্রার্থীক মনোনীত কৰাৰ ব্যৱস্থা কৰিছে। এনেকুৱা ব্যৱস্থাৰ ভাল প্রসাৰ হোৱা প্রয়োজন। NESACৰ দুই-এখন বৈঠক দিল্লীত হয়। আমাৰ মন্ত্রী-আমোলা, মুখ্য সচিব আদিও বৈঠকত উপস্থিত থাকে। কিন্তু এতিয়াও বিশেষ বলিষ্ঠ পদক্ষেপ ল’ব পৰা নাই আৰু ছাত্র-ছাত্রীৰ সহায়ক হোৱাকৈ এক সুদূৰপ্ৰসাৰী ব্যৱস্থাও লোৱা পৰিলক্ষিত হোৱা নাই। মই ভাবোঁ যে আমাৰ University, College আৰু Engineering Instituteত Space Science আৰু Space Technologicsৰ বিষয়ত B.Sc./B.Tech levelত এটা বা দুটা পাঠ্যক্রম আৰম্ভ কৰা ভাল। য’ত ইচ্ছুক বিদ্যার্থীয়ে এই বিষয়ে কলেজত থাকোঁতেই কিছু আভাস পাব পাৰে। এই বিষয়ত guidance ISROৰ Indian Institute of Science & Technologyৰ পৰা ল’ব পাৰে।

প্ৰফেছৰ জিতেন্দ্র নাথ গোস্বামীৰ সৈতে ড° প্রশান্ত কুমাৰ বৰদলৈ

প্ৰফেছৰ জিতেন্দ্র নাথ গোস্বামীৰ সৈতে ড° প্রশান্ত কুমাৰ বৰদলৈ

প্রশ্ন: যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা ‘চন্দ্রায়ান-১’ৰ প্রধান বিজ্ঞানী পর্যায়ত উপনীত হোৱা আৰু আহমেদাবাদস্থিত Physical Research Laboratory (PRL)ৰ সঞ্চালক পদত অধিষ্ঠিত হোৱাৰ যি সফলতা আপুনি লাভ কৰিছে, সেই বিষয়ে আমাক কিছু আভাস দিব নেকি?

উত্তৰ: মই কওঁ যে একো নজনা অৱস্থাৰ পৰা অর্থাৎ প্রাথমিক স্কুলৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত মই এনে কিছু নমস্য শিক্ষাগুৰুক লগ পাইছিলো যিসকলে মোৰ বিদ্যায়তনিক দিশত অভিভাৱকসকলৰ দৰেই যত্ন লৈছিল। মই যেতিয়া বৰভেটা প্রাথমিক আৰু মাধ্যমিক স্কুলত পঢ়িছিলোঁ, তেতিয়া মোৰ শিক্ষাগুৰু অমূল্য ছাৰ, মাখন ছাৰ আদিয়ে আমাক কেতিয়াবা খং কৰিছিল যদিও যথেষ্ট যত্নও লৈছিল। মই শ্রেণী জঁপিয়াই তৃতীয় শ্রেণীৰ পৰা চিধাই পঞ্চম শ্রেণী পাইছিলোঁ। যেতিয়া মই যোৰহাট চৰকাৰী বালক বিদ্যালয়লৈ আহিছিলোঁ প্রথমতে কিছু দিগদাৰি লাগিছিল; আন ল’ৰাবোৰ মোতকৈ কিছু ডাঙৰ আছিল। কিছুদিনৰ পিছত ষষ্ঠ শ্রেণীৰ বৃত্তি পৰীক্ষাৰ ফলাফল ওলাল। শ্রেণীত বৃত্তি পোৱা ল’ৰা কেৱল ময়েই আছিলোঁ। তেতিয়াৰ পৰা (বহুতৰ লগত বন্ধুত্ব আজিও আছে) সকলোৰে লগত কথা-বতৰাবোৰো সহজ হ’ল। শিক্ষকসকলেও সঁচা অৰ্থত আমাৰ যথেষ্ট যত্ন লৈছিল। কেতিয়াবা ওচৰলৈ মাতি নি, কেতিয়াবা বেঞ্চৰ ওপৰত থিয় কৰাই আমাক শুধৰণি শিক্ষা দিছিল। সেই কথাবোৰ, সেই দিনবিলাক বেলেগ ধৰণৰ আছিল। মোৰ খুৰা ৺ত্ৰৈলোক্য গোস্বামী যোৰহাট জে বি কলেজৰ প্ৰফেছাৰ (পিছলৈ তিনিচুকীয়া কলেজৰ অধ্যক্ষ) আছিল। খুৰাই মোক বিজ্ঞানৰ কথাবিলাক অলপ বেলেগ ধৰণেৰে শিকাইছিল। সেইটো মোৰ বাবে ডাঙৰ সৌভাগ্য আছিল। নৱম আৰু দশম শ্রেণীত বিজ্ঞানৰ কথাবোৰ সেইকাৰণেই ভাল লাগিছিল। তাৰ জোৰতে বোধকৰোঁ Science Talent Scholarshipটো পাইছিলোঁ। কটন কলেজতো কোনে কি কৰে সেইটো ছাৰসকলে সদায় মন কৰিছিল। গৱেষণাৰ প্রথম আভাস মই তাতেই পাইছিলোঁ। তাৰ পিছত দেখিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত। এবাৰ এজন শিক্ষকৰ এষাৰ কথাই মোৰ উপলব্ধিৰ কাৰণে যথেষ্ট আছিল আৰু বুজিছিলোঁ যে মই মোৰ পঢ়াত কিছু অৱহেলা কৰিছোঁ। আজিকালি কোনো শিক্ষকে একো নকয় আৰু শিক্ষাদান প্রক্রিয়াটো কিছু যান্ত্রিক হৈ যোৱা যেন মোৰ লাগে। তথাপি এইটো কথা ক’বই লাগিব যে আজি অসমৰ ছাত্র-ছাত্রী আমাৰ সময়তকৈ বহুত Confident আৰু বহুতেই অসমৰ পৰা বাহিৰলৈ গৈ যথেষ্ট ভাল ফলাফল দেখুৱাইছে। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহি মুম্বাই আৰু পিছত আহমেদাবাদত কৰা বিজ্ঞান সম্বন্ধীয় কামৰ সার্থকতাৰ বাবে মই মোৰ Ph.D আৰু তাৰ পিছৰো শিক্ষাগুৰু অধ্যাপক দেৱেন্দ্র লাল আৰু ভাৰত আৰু বিদেশৰ বহু গুৰুস্বৰূপ লোক আৰু সহকর্মী বন্ধুৰ পৰা পোৱা সহযোগিতাৰ বাবে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ। PRLত সঞ্চালক হৈ থকা সময়খিনিতো মই সকলো সহকর্মীৰ সহযোগ পোৱা বাবেও তেওঁলোক মোৰ ধন্যবাদৰ পাত্ৰ।

প্রশ্ন: আমাৰ ছাত্র-ছাত্ৰীসকললৈ আপুনি কি বার্তা দিব বিচাৰিব?

উত্তৰ: মই নিজৰ অভিজ্ঞতাৰ পৰা ভাবোঁ যে নিজৰ মনত যি বিষয়তে পঢ়া বা কাম কৰাৰ ইচ্ছা থাকে সেইটোৱেই কৰা উচিত। কিন্তু এনে এটা বাছনি কৰাৰ আগতে চিন্তা কৰিব লাগে যে ইয়াৰ বাবে নিজৰ সম্যক জ্ঞান আৰু অনুভূতি আছেনে নাই। এই কথা মুকলিকৈ নিজৰ বন্ধুৰ লগত আলোচনা কৰাৰ লগতে এজন Mentorৰো প্রয়োজন, যিজনক নিজৰ Strength আৰু দুর্বলতাৰ সম্বন্ধে কৈ পৰামর্শ বিচাৰিব পৰা যায়।

(ড° অৰূপ বৰগোহাঞি, ড° প্ৰণৱজ্যোতি চেতিয়া, অধ্যাপক প্রশান্ত কুমাৰ বৰুৱা,
ৰমেন গগৈ আৰু ড° অদিতি বেজবৰুৱালৈ কৃতজ্ঞতা জনালোঁ। ° প্রশান্ত কুমাৰ বৰদলৈ।)

 

[সাক্ষাৎকাৰটি ১ মাৰ্চ, ২০১৬ তাৰিখৰ “আমাৰ অসম” কাকতত প্ৰকাশিত। ইয়াক “গণিত চ’ৰা”ত প্ৰকাশ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ লগতে সকলোখিনি সহযোগিতা আগবঢ়োৱা বাবে সাক্ষাৎগ্ৰহণ কৰোঁতা ড° প্রশান্ত কুমাৰ বৰদলৈদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। — পৰিচালন সম্পাদক, গণিত চ’ৰা।]

No Comments

Sorry, the comment form is closed at this time.