বতৰক অধ্যয়ন কৰিবলৈ শিকোৱা ভাৰতীয় বিজ্ঞানীগৰাকী

বতৰবিজ্ঞান কেন্দ্ৰই জনোৱা মতে আজিৰ তাপমান ৩২ ডিগ্ৰী। .... বতৰ সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। অহা ২৪ ঘণ্টাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ অহাৰ সম্ভাৱনা আছে!” – বতৰ সম্পৰ্কীয় এই কথাবোৰ আমি সততে কাকতে-টিভিয়ে পাই থাকোঁ। ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ অধীনস্থ বিভিন্ন বতৰ-বিজ্ঞান কেন্দ্ৰই নানা যন্ত্ৰ-পাতিৰে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত বতৰ-বিজ্ঞানীসকলে এনেধৰণৰ আগজাননীসমূহ দিয়ে। ভাৰতীয় বতৰ-বিজ্ঞানৰ ক্ষেত্ৰখনলৈ যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব পৰাকৈ বাট দেখুওৱা এগৰাকী বিজ্ঞানীৰ কথা আজিৰ জীৱনীত চমুকৈ কম। আশাকৰোঁ তোমালোকে মন দি শুনিবা।

আন্না মনি। ১৯১৮ চনৰ ২৩ আগষ্টত কেৰালাৰ পীৰমুডু নামৰ ঠাইত এক অভিজাত পৰিয়ালত আন্না মনিৰ জন্ম হয়। শৈশৱৰে পৰা অধ্যয়নৰ প্ৰতি অতীৱ আগ্ৰহী আন্না মনিয়ে সেইসময়ত সচৰাচৰ ছোৱালীক সোনকালে বিয়া দিয়াৰ প্ৰথাৰ বিপৰীতে গৈ উচ্চ শিক্ষাৰ প্ৰতি মন মেলে। নিজৰ আঠবছৰীয়া জন্মদিনত পৰম্পৰাগতভাৱে পৰিয়ালৰ পৰা দিয়া হীৰাৰ গহণাৰ উপহাৰৰ পৰিৱৰ্তে “এন্‌চাইক্ল’পেডিয়া ব্ৰিটানিকা”ৰ সংগ্ৰহ বিচাৰি লোৱা আন্নাই সেই সৰুতেই নিজৰ ব্যতিক্ৰমী চিন্তাধাৰাৰ পৰিচয় দিছিল। ১৯২৫ চনত ট্ৰাভাংক’ৰৰ ৱাইকম নামৰ চহৰত মহাত্মা গান্ধীৰ সমৰ্থনত চলা “ৱাইকম সত্যাগ্ৰহ”ৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হোৱা আন্নামনিয়ে ভাৰতত চলি থকা “নেচনেলিষ্ট আন্দোলন”ৰ প্ৰতিও আগ্ৰহী হৈ উঠে আৰু জাতীয়তাবাদী ধাৰণাৰে উদ্বুদ্ধ হৈ খাদী বস্ত্ৰ পৰিধান কৰিবলৈ লয়। ১৯৩৯ চনত তেতিয়াৰ মাদ্ৰাজৰ প্ৰেসিডেন্সি কলেজৰ পৰা পদাৰ্থবিজ্ঞান আৰু ৰসায়নবিজ্ঞানত সন্মান সহকাৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ এবছৰৰ ভিতৰতে গৱেষণাৰ বাবে এক বৃত্তি লাভ কৰা আন্না মনিৰ বৈজ্ঞানিক গৱেষণাৰ যাত্ৰা আৰম্ভ হয় বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নোবেল বঁটা বিজয়ী প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী চি. ভি. ৰমণৰ অধীনত। হীৰাৰ স্ফটিকৰ প্ৰতিপ্ৰভা (ফ্ল’ৰ’চেন্স) আৰু বৰ্ণালী সম্পৰ্কে কৰা এই গৱেষণাৰ কালত মহান বিজ্ঞানীজনাৰ সান্নিধ্যই আন্না মনিক বিশেষভাৱে অনুপ্ৰাণিত কৰে। কিন্তু এইখিনি গৱেষণাৰ ভিত্তিত তেওঁ ১৯৪৫ চনত পি.এইচ.ডি. গৱেষণা-পত্ৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ক দাখিল কৰে যদিও বিশ্ববিদ্যালয়খনে আন্নামনিৰ স্নাতকোত্তৰ ডিগ্ৰী নোহোৱাৰ অজুহাতত উক্ত গৱেষণাপত্ৰখনক ডক্তৰেট ডিগ্ৰীৰ বাবে বিবেচনা নকৰিলে। কিন্তু উল্লেখ্য যে এইখন গৱেষণা-পত্ৰৰ বাবেই তেওঁ ইংলেণ্ডত শিক্ষানৱিশীৰ বাবে এক চৰকাৰী বৃত্তি লাভ কৰিছিল। দুঃখজনকভাৱে ভাৰতীয় বিজ্ঞান-গৱেষণালৈ যথেষ্ট বৰঙনি আগবঢ়োৱা আন্নামনিৰ গৱেষণা-পত্ৰখন আজি পৰ্য্যন্ত জমা দিয়া অৱস্থাতেই থাকি গ’ল।

এই কালছোৱাতে তেওঁ বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ অধ্যয়ন সম্পৰ্কে আগ্ৰহী হৈ উঠে। ১৯৪৫ চনত এই বিষয়ত অধ্যয়ন কৰিবলৈ তেওঁ লণ্ডনলৈ যায় আৰু বৃটিছ বতৰ-বিজ্ঞান কাৰ্য্যালয়ৰ অধীনস্থ হেৰ’ লেৱৰেটৰীত এক বছৰ কাল বতৰ-বিজ্ঞানৰ অধ্যয়নৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি, সেইবিলাকৰ প্ৰামাণীকৰণ আদি বিষয়ত বিশদ ভাৱে অধ্যয়ন কৰে। এই সময়ছোৱাতে তেওঁ ইংলেণ্ড আৰু স্কটলেণ্ডৰ নানা নিৰীক্ষণকেন্দ্ৰত এই সম্পৰ্কত ব্যৱহাৰিক জ্ঞান আহৰণ কৰাৰ লগতে টেডিংটনস্থিত নেচনেল ফিজিকেল লেৱৰেটৰীত সংশ্লিষ্ট জ্ঞান লাভ কৰে আৰু তিনিবছৰ পিছত ভাৰতলৈ উভতি আহে। ভাৰতলৈ আহি আন্না মনিয়ে পুনেত থকা ভাৰতীয় বতৰ-বিজ্ঞান বিভাগত যান্ত্ৰিক বিভাগত বতৰ-বিজ্ঞানী হিচাপে যোগ দিয়ে। সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতৰ বিজ্ঞান-গৱেষণাৰ ক্ষেত্ৰখনৰ চালুকীয়া অৱস্থাই স্বাভাৱিকতে আন্না মনিলৈ অনেক সুবিধাৰ ওপৰিও যথেষ্ট প্ৰত্যাহ্বানো কঢ়িয়াই আনিলে। এইখিনি সময়ত বতৰ-বৈজ্ঞানিক অধ্যয়নৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতিৰ বাবে ভাৰতীয় বিজ্ঞানীসকল অন্য দেশৰ ওপৰত নিৰ্ভৰশীল আছিল। থাৰ্মগ্ৰাফ, বেৰ’মিটাৰ আদিৰ দৰে সাধাৰণ যন্ত্ৰ-পাতিও আমদানি কৰিব লগা হৈছিল। এই কথালৈ লক্ষ্য ৰাখিয়েই উক্ত কাৰ্য্যালয়ৰ যান্ত্ৰিকীকৰণ বিভাগৰ মূৰব্বী বিজ্ঞানী এচ. পি. ভেংকটেশ্বৰণে গৱেষণা আৰু অধ্যয়নৰ বাবে প্ৰয়োজনীয় সকলো সা-সজুঁলি নিৰ্মাণ কৰিব পৰাকৈ এক ৱৰ্কশ্বপ প্ৰতিষ্ঠা কৰি যাৱতীয় কাম-কাজ আৰম্ভ কৰিছিল। সেই গতিকেই, যান্ত্ৰিকীকৰণ সম্পৰ্কে বিদেশত অধ্যয়ন কৰি অহা আন্না মনিৰ এই বিভাগত যোগদানে সমগ্ৰ প্ৰক্ৰিয়াকে এক নতুন গতিশীলতা দান কৰে।

পঠনীয়:  এজন নাস্তিক বিজ্ঞানীৰ জীৱন-গাথা : মেঘনাদ সাহাৰ আয়নীকৰণ তত্ব আৰু নাস্তিকতাবাদ

আন্না মনিৰ সপোন আছিল বতৰবিজ্ঞানৰ সা-সজুঁলিৰ ক্ষেত্ৰত দেশক যথাসম্ভৱ সোনকালে আত্মনিৰ্ভৰশীল কৰি তোলা। কিন্তু এই দিশত অভিজ্ঞ আৰু কুশলী লোকৰ অভাৱে এই দিশত এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিয়ে যদিও অতিশয় উদ্যমী আৰু ধনাত্মক চিন্তাৰে পৰিপুষ্ট বিজ্ঞানীগৰাকীয়ে হাৰ নামানি অহৰহ এই কামত সফল হ’বলৈ প্ৰচেষ্টা চলাই গ’ল। ভাৰতীয় বিজ্ঞানী তথা অভিযন্তাৰ কৰ্মদক্ষতাৰ ওপৰত বিশ্বাস ৰাখি কেইবছৰমানতে তেওঁ যান্ত্ৰিকীকৰণৰ কামসমূহ নিয়াৰিকৈ চলাব পৰা এক গোটক নিৰৱাছিন্ন প্ৰশিক্ষণেৰে সক্ষম কৰি তুলিলে আৰু ১৯৬০ চনৰ ভিতৰত প্ৰয়োজনীয় সকলো সা-সুবিধাসহ এক উন্নত মানৰ ৱৰ্কশ্বপ গঢ়ি তুলিবলৈ সক্ষম হ’ল। তদুপৰি এই সময়ছোৱাতে আন্না মনিয়ে বতৰৰ নানা পৰিমাপ ল’বৰ বাবে প্ৰয়োজনীয় স্বয়ংচালিত যন্ত্ৰ-পাতি যেনে– থাৰ্ম’গ্ৰাফ, বেৰ’গ্ৰাফ, হাইগ্ৰ’গ্ৰাফ, এনিম’গ্ৰাফ, ৰেইন-গ’জ আদিৰ বিকাশৰ কামত মনোনিৱেশ কৰাৰ লগতে ১০০টাতকৈও অধিক সা-সঁজুলিৰ কাৰ্য্যপ্ৰণালী তথা প্ৰয়োগৰ বিধি সম্বলিত নিৰ্দেশাৱলী প্ৰস্তুত কৰি উলিওৱাৰ লগতে এইবিলাকৰ প্ৰামাণীকৰণৰ (Standardization) কাম সম্পন্ন কৰে। অন্যহাতে তেওঁ বিভিন্ন যন্ত্ৰ-পাতিৰ মান নিৰ্ধাৰণৰ কামত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ইনষ্টিটিউটক নানাধৰণে সহায় আগবঢ়ায়। প্ৰায় সমান্তৰালভাৱে তেওঁ বিশ্ব বতৰ-বিজ্ঞান সংস্থাকো বতৰ তথা জলবায়ুৰ নানা মাপকসমূহৰ আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় মানসমূহ নিৰ্ধাৰণ কৰা কামত বিশেষভাৱে সহযোগ আগবঢ়ায়।

বতৰ-বিজ্ঞান অধ্যয়নৰ যন্ত্ৰ-পাতি নিৰ্মাণৰ ক্ষেত্ৰত সফল হোৱাৰ পিছত আন্না মনিয়ে দেশত বিকল্প শক্তি উৎস হিচাপে সৌৰশক্তিৰ সম্ভাৱনীয়তাক জানিবলৈ আৰম্ভ হোৱা গৱেষণাৰ দিশলৈ চকু দিয়ে। সৌৰ বিকিৰণৰ মাত্ৰা জানিবৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিসমূহ আমদানি কৰিবলগীয়া হোৱা বিষয়টোলৈ লক্ষ্য ৰাখি ১৯৬০-৭০ৰ দশকটোত তেওঁ অতি উচ্চ পৰ্য্যায়ৰ যন্ত্ৰপাতি যেনে পাইৰ’হেলিঅ’ মিটাৰ, পাইৰেন’মিটাৰ, পাইৰ’জিঅ’মিটাৰ আদি দেশতে নিৰ্মাণ কৰি সেইবোৰক আন্তৰ্জাতিক মানদণ্ডৰ সতে ফেৰ মাৰিব পৰা কৰি তোলাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। ইয়াৰ ফলতে পুনেস্থিত ভাৰতীয় বতৰ-বিজ্ঞান বিভাগৰ কাৰ্য্যালয়ক এছিয়াৰ আঞ্চলিক বিকিৰণ অধ্যয়ন কেন্দ্ৰৰুপে স্বীকৃতি দিয়া হয়। এই ক্ষেত্ৰত আন্না মনিৰ কৰ্মকুশলতাৰ উমান পায়েই সৌৰবিকিৰণ অধ্যয়নৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি নিৰ্মাণৰ বাবে থকা আন্তৰ্জাতিক কাৰিকৰী গোটৰ (Commission for Instruments and Methods of Observation(CIMO) Working Group on Radiation) সঞ্চালক হিচাপে তেওঁক নিৰ্বাচন কৰা হয়। তদুপৰি ইয়াৰ পৰৱৰ্তী কালত তেওঁক আন্তৰ্জাতিক বিকিৰণ আয়োগৰ সদস্য হিচাপেও নিয়োগ কৰা হয়।

৬০ৰ দশকতে আন্না মনিয়ে বায়ুমণ্ডলীয় অ’জনৰ গৱেষণাৰ বিষয়টোলৈ চকু দিয়ে।তেওঁৰ নিৰৱছিন্ন আৰু একাগ্ৰ প্ৰচেষ্টাৰ ফলতে ভাৰতে অজ’ন জুখিবৰ বাবে বেলুন ব্যৱহাৰ কৰি নিৰ্মিত “অ’জনচণ্ডে” (ozonesonde) নিৰ্মাণ তথা ব্যৱহাৰত সফলতা লাভ কৰা বিশ্বৰ প্ৰথম পাঁচখন দেশৰ এখন হোৱাৰ গৌৰৱ অৰ্জন কৰে। ১৯৭৫ ৰ পৰা ১৯৮৫ চনলৈ সমগ্ৰ বিশ্বতে অ’জন স্তৰৰ ক্ষয়ীভৱনৰ বিষয়টো লৈ বিস্তৃত অধ্যয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। এই ক্ষেত্ৰত সঠিক আৰু নিৰ্ভুল তথ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্ব বতৰ-বিজ্ঞান সংস্থাই আন্না মনিক আন্তৰ্জাতিক অ’জন আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়ে। উল্লেখ্য যে অ’জন স্তৰৰ ক্ষয়ীভৱন সম্পৰ্কত এই গৱেষণাৰ জৰিয়তেই অনেক তথ্য জানিব পৰা হয় আৰু এইক্ষেত্ৰত আন্না মনিয়ে বিশেষ অৱদান আগবঢ়ায়।

১৯৬৩ চনত প্ৰসিদ্ধ মহাকাশবিজ্ঞানী বিক্ৰম চাৰাভাইৰ অনুৰোধমৰ্মে আন্না মনিয়ে কেৰালাৰ থুম্বাস্থিত ৰকেট উৎক্ষেপন কেন্দ্ৰত এক বতৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কাম হাতত লয়। উল্লেক্ষ্য যে ৰকেট উৎক্ষেপনৰ সফলতাৰ বাবে এই নিৰীক্ষণ কেন্দ্ৰৰ প্ৰয়োজনীয়তা আছিল বহু বেছি। ওখ স্তম্ভত স্থাপন কৰিবলগীয়া এই নিৰীক্ষণ কেন্দ্ৰৰ কাম আছিল বিজ্ঞানীগৰাকীলৈ এক নতুন প্ৰত্যাহ্বান। এই দিশতো কৰ্মকুশলতাৰ পৰিচয় দি থুম্বাৰ ৰকেট উৎক্ষেপন কেন্দ্ৰৰ পৰা প্ৰথমটো ৰকেট উৎক্ষেপনৰ আগে আগে তেওঁ এই কাম সম্পন্ন কৰিবলৈ সক্ষম হয়।

পঠনীয়:  ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় B : ৰামানুজন এটা সাঁথৰ

অৱশেষত ১৯৭৬ চনত এইগৰাকী বিজ্ঞানীয়ে ভাৰতীয় বতৰ-বিজ্ঞান বিভাগৰ উপ-সঞ্চালকপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে যদিও তেওঁৰ কৰ্মজীৱন অব্যাহত থাকিল। অৱসৰৰ পিছতে তেওঁ বাংগালোৰৰ ৰমণ গৱেষণা প্ৰতিষ্ঠানত এক দূৰবীক্ষণ স্থাপনৰ কামত সহায় আগবঢ়োৱাৰ লগতে ভাৰতৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ অনুৰোধমৰ্মে ১৯৮০ চনত “ভাৰতৰ সৌৰবিকিৰণ তথ্যৰ হাতপুথি (Handbook of Solar Radiation Data for India)” আৰু ১৯৮১ চনত “ভাৰতত সৌৰবিকিৰণ (Solar Radiation over India)” নামৰ দুখন গ্ৰন্থ প্ৰণয়ন কৰে, যি দুখন গ্ৰন্থক সৌৰ শক্তিৰ গৱেষণাৰ সতে জড়িত বিজ্ঞানীসকলৰ বাবে “বাইবেল” বুলি কোৱা হয়। ইয়াৰ পিছতে ১৯৮৩ চনত তেওঁ অপৰম্পৰাগত শক্তি বিভাগৰ বাবে প্ৰণয়ণ কৰে “ভাৰতত বায়ুশক্তিৰ তথ্য (Wind Energy Data for India)” নামৰ কিতাপখন। এইখিনি সময়তে ভাৰতত বায়ুশক্তি সম্পৰ্কীয় গৱেষণাৰ বাবে উপযুক্ত নিৰীক্ষণ কেন্দ্ৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আন্না মনিয়ে সমগ্ৰ দেশৰে নিৰ্বাচিত ৭০০ টা স্থানত বায়ুশক্তিৰ জোখ-মাখ ল’বৰ বাবে অতিশয় উন্নত মানৰ নিৰীক্ষণ কেন্দ্ৰ স্থাপনৰ কামত অগ্ৰণী ভূমিকা পালন কৰে। বাংগালোৰস্থিত “ভাৰতীয় ক্ৰান্তীয় বতৰ-বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Tropical Meteorology)”ৰ বাবে কৰা এই কামৰ ভিত্তিতে তেওঁ লিখি উলিয়ায় “ভাৰতৰ বায়ু শক্তি সম্পদৰ এক অধ্যয়ন (Wind Energy Resource Survey in India)” নামৰ কিতাপখন। তেওঁৰ এই অধ্যয়নৰ ভিত্তিতে দেশৰ কেবাখনো ঠাইত বায়ুশক্তি আহৰণৰ পাম স্থাপন কৰা হয়।

বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত বিজ্ঞানীগৰাকীয়ে আগবঢ়াই যোৱা অৱদানে তেওঁলৈ জীৱনকালত অনেক সন্মান আৰু স্বীকৃতি কঢ়িয়াই আনে। ১৯৮৯ ৰ পৰা ১৯৯৪ চনলৈ তেওঁ “কাৰেণ্ট ছায়েন্স এচ’চিয়েচ্যন”ৰ সভাপতি হিচাপে কাৰ্য্যনিবাহ কৰা কালতে “কাৰেণ্ট ছায়েন্স” পত্ৰিকাক অধিক উন্নত মানৰ কৰি তোলাত বিশেষ অৰিহণা আগবঢ়ায়। অন্যহাতে তেওঁ “ইণ্ডিয়ান একাডেমী অৱ ছাইন্সেছ”, ইণ্ডিয়ান নেচনেল ছাইন্স একাডেমী” আদিলৈকো সন্মানীয় সদস্য হিচাপে নিৰ্বাচিত হৈ বিশেষ ভূমিকা পালন কৰিছিল। তদুপৰি তেওঁ “ভাৰতীয় বতৰ-বিজ্ঞান সমাজ”, “আমেৰিকান বতৰ-বিজ্ঞান সমাজ”, “আমেৰিকান ভূ-পদাৰ্থ বিজ্ঞান সংঘ”, “ৰয়েল বতৰ-বিজ্ঞান সমাজ”, “ইলেকট্ৰনিকচ্‌ আৰু দূৰসংযোগ অভিযন্তা সংস্থা” আন্ত্অৰ্জাতিক সৌৰ শক্তি সমাজ” আদিৰ সন্মানীয় ফেল’ তথা সদস্য পদো লাভ কৰিছিল। ১৯৮৭ চনত তেওঁ “ইণ্ডিয়ান নেচনেল ছাইন্স একাডেমী”ৰ কে. আৰ. ৰামানাথন পদক লাভ কৰে।

১৯৯৪ চনত এক ষ্ট্ৰক’ত আক্ৰান্ত হৈ পক্ষাঘাতগ্ৰস্ত হৈ পৰা বিজ্ঞানীগৰাকীয়ে ২০০১ চনৰ ১৬ আগষ্টত থিৰুৱনন্তপুৰমত মৃত্যুবৰণ কৰে। ওৰে জীৱন বিজ্ঞানৰ হকে আত্ম-উৎসৰ্গা কৰা আন্না মনিয়ে এটা কথা বিশ্বাস কৰিছিল যে বৈজ্ঞানিক গৱেষণাত সংগৃহীত তথ্যৰ শুদ্ধতা সৰ্বাধিক প্ৰয়োজনীয় আৰু ভুল তথ্য লোৱা আৰু ব্যৱহাৰ কৰা দুয়োটাই আচলতে অপৰাধ। সমকালীন সমাজত বিজ্ঞানৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ বাবে থকা সকলো প্ৰতিবন্ধকতা নেওচি এইগৰাকী নিষ্ঠাবান বিজ্ঞানীয়ে ভাৰতীয় বতৰ-বিজ্ঞান সম্পৰ্কীয় গৱেষণাক দৃঢ় ৰূপত প্ৰতিষ্ঠা কৰাত লোৱা ভূমিকাক আমি চিৰদিনেই মনত ৰাখিব লাগিব।

তথ্যসূত্ৰ:

১) C. R. Shreedharan; Anna Mani- a Student Remembers; Resonance; November, 2008.

২) Abha Sur; An Appreciation of Anna Mani; Lilavati’s Daughters: The Women Scientists of India; Indian Academy of Sciences; 23-25.

৩) Life and Times of a Pioneer; http://www.thehindu.com/thehindu/2001/10/14/stories/1314078b.htm

৪) Gupta, Aravind. "Anna Mani". Platinum Jubilee Publishing of INSA. Indian National science Academy.

 

Image Courtesy: Resonance, Nov, 2008.

Print Friendly, PDF & Email
No Comments

Post A Comment