“তুমি যি জানা, সেয়া এটা বৰষুণৰ টোপাল৷ যি নাজানা, সেয়া এখন মহাসমুদ্ৰ৷” - আইজাক নিউটন। সেইদিনা আছিল খ্ৰীষ্টানসকলৰ পবিত্ৰ উৎসৱ বৰদিন৷ ১৬৪২ চনৰ ২৫ ডিচেম্বৰৰ সেই সুক্ষণতেই ইংলেণ্ডৰ এখন সৰু গাঁও উল‌্চথ্ৰ’পত আইজাক নিউটনৰ জন্ম হৈছিল৷ নিউটনৰ দেউতাকৰ নাম আছিল আইজাক৷ মাকৰ নাম আছিল হান্নাহ নিউটন৷...

“Srinivasa Ramanujan was the strangest man in all of mathematics, probably in the entire history of science.” - Michio Kaku. (আমেৰিকাৰ তাত্ত্বিক পদাৰ্থবিদ।) যিকোনো এটা সংখ্যাক সেই একেই সংখ্যাৰে হৰণ কৰিলে হৰণফল ‘এক’ হয়৷ অষ্টম শ্ৰেণীত অংকৰ শিক্ষকজনে সেইদিনা এই কথাটো ছাত্ৰ-ছাত্ৰীহঁতক বুজাই আছিল৷ তেনেতে শিক্ষকজনক...

“Solitude matters, and for some people, it’s the air they breathe.” - Susan Cain. “তই ইমান ব’ৰ কিয়? মানুহৰ লগত কথাকে পাতিব নোখোজ যে৷ অলপ ছ’ছিয়েল হ’বলৈ শিকিবিচোন৷” “কি ছোৱালী অ’ এইজনী! মাত এটা দিবলৈ ওলাই নাহিল! নিবোকা-চামোন ক’ৰবাৰ!” “ল’ৰা-ছোৱালী ইমান লাজুকৰীয়া হ’লে নহ’ব ডাঙৰীয়া৷ ল’ৰাটোক অলপ স্মাৰ্ট...

“Proof is the idol before whom the pure mathematician tortures himself.” — Arthur Eddington. এটা আলোচনাগৃহৰ পৰা ওলাই অহাৰ সময়ত এই বিশেষ মানুহজনক উদ্দেশ্যি তেওঁৰ এজন বন্ধুৱে মন্তব্য কৰিছিল— “বুজিছে, আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব মাত্ৰ তিনিজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে বুজি পায় বুলি আমি জানো৷” বিশেষ মানুহজন সামান্য চিন্তিত হৈ পৰিল৷...

“The present is theirs; the future, for which I really worked, is mine.” - Nikola Tesla. কোঠাত পোহৰ বিয়পাই থকা বৈদ্যুতিক বাল্বটোৱে মানৱচক্ষুৰ সন্মুখলৈ লৈ আনে পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ বিজ্ঞানী টমাছ আলভা এডিছনৰ ছবিখন৷ এডিছন নামৰ অপাৰ প্ৰতিভাশালী মানুহজনৰ নিষ্ঠা, একাগ্ৰতা আৰু জীৱনজোৰা অধ্যৱসায়ৰ একো...

প্ৰথম বিশ্বযুদ্ধৰ শেষৰফালে জাৰ্মানীৰ এজন অভিযন্তা আৰ্থাৰ স্কিৰবিয়াছে ‘এনিগ্‌মা’ (Enigma) নামৰ এটি বিদ্যুৎ-চুম্বকীয় ঘূৰ্ণক যন্ত্ৰ সাজি উলিয়াইছিল৷ প্ৰধানতঃ সামৰিক বাহিনীৰ আভ্যন্তৰীণ যোগাযোগ কৌশলপূৰ্ণ আৰু বিপদশূন্য কৰাৰ স্বাৰ্থতেই এই বিশেষ সংকেতসূচক যন্ত্ৰবোৰ জাৰ্মানীয়ে ব্যৱহাৰ কৰিছিল৷ ‘এনিগ্‌মা’ নামৰ অভিনৱ আৰু শক্তিশালী বাৰ্তাপ্ৰেৰক যন্ত্ৰটোৰ দ্বাৰা প্ৰেৰণ কৰা বাৰ্তা...

“I regard the brain as a computer which will stop working when its components fail. There is no heaven or afterlife for broken-down computers; that is a fairy story for people afraid of the dark.” — Stephen Hawking. পঞ্চম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক এটা ডিজিটেল কেলকুলেটৰ...

জনপ্ৰিয় ‘মটিভেচনেল স্পীকাৰ’ সন্দীপ মহেশ্বৰীয়ে জীৱনত বিজয়ী হোৱা আৰু পৰাস্ত হোৱা — এই দুই প্ৰকৃতিৰ মানুহৰ মানসিকতাৰ প্ৰভেদ সম্বন্ধে ব্যাখ্যা আগবঢ়াই এখন ছেমিনাৰত কেতবোৰ অনুপ্ৰেৰণাদায়ক কথা কৈছিল৷ তাৰ ভাৱাৰ্থ আছিল— “জীৱনত পৰাস্ত হোৱা যি কোনো এজন মানুহৰ কাষলৈ আপুনি গ’লে সেই মানুহজনে অজুহাতৰ দীঘলীয়া তালিকা...