বহুসময়ত মানৱ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী বুলি অভিহিত এলবাৰ্ট আইনষ্টাইনৰ পিছৰ সময়ছোৱাত সবাতোকৈ জনাজাত, সৰ্বসাধাৰণ মানুহৰ মুখে মুখে চলি অহা বিজ্ঞানী এজনৰ নাম সুধিলে কাৰ কথা মনলৈ আহিব বাৰু? আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদ তত্ত্ব আৰু ভৰ-শক্তিৰ সমন্বয় সূত্ৰ, এই তত্ত্বই দিয়া অগতানুগতিক ফলাফলসমূহ অথবা তেওঁৰ জীৱনক...

এইচ. জি. ৱেলছে তেওঁৰ "ৱাৰ অৱ দা ৱৰ্ল্ডছ" গ্ৰন্থখনত মংগল গ্ৰহৰ পৰা অহা এক অচিন প্ৰাণীয়ে পৃথিৱীৰ বুকুত চলোৱা ধ্বংসলীলাৰ ৰোমাঞ্চকৰ বৰ্ণনা দিছিল। লেখকৰ কাল্পনিক সৃষ্টি সেই প্ৰাণীবিধে মাত্ৰ দুই-চাৰিদিনৰ ভিতৰতে লণ্ডন মহানগৰী আৰু কাষৰীয়া অঞ্চলবোৰ ছাৰখাৰ কৰি মৰিশালিত পৰিণত কৰিছিল। শেষত যেনিবা এবিধ অণুজীৱৰ...

নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা   [“স্কে’লাৰ নিউক্লিয়নৰ নিজস্ব শক্তি” শীৰ্ষক বিষয়ত গৱেষণা কৰি পি.এইচ.ডি. (Ph.D.) লাভ কৰাৰ ন বছৰ পাছত ১৯৬৬ চনত পদাৰ্থবিজ্ঞানী কইচি মান’ৱে ৰিচাৰ্ড ফাইনমেনলৈ অভিনন্দন জ্ঞাপন কৰি এখন  চিঠি লিখিছিল। ফাইনমেনে কেলিফ’ৰ্ণিয়া ইনষ্টিটিউট অব টেকন’ল’জি (CALTECH)ত অধ্যাপনা কৰিবৰ সময়ত মান’ও  তেওঁৰ ছাত্ৰ আছিল।...