“আপুনি জানিছিলনে যে পৃথিৱীৰ অন্য যিকোনো চহৰৰ তুলনাত পেৰিছতে সকলোতকৈ অধিক সংখ্যক গণিতজ্ঞ আছে? আৰু গণিতজ্ঞৰ নামেৰে বিশ্বৰ আন যিকোনো চহৰতকৈ অধিক সংখ্যক পথো আছে বুলি? আৰু যদি আপুনি ফিল্ডছ মেডেলৰ পৰিসংখ্যালৈ চায়— যিটোক প্ৰায়ে গণিতৰ ন’বেল বঁটা বুলিও কোৱা হয় আৰু সদায় চল্লিছ বছৰতকৈ...

“Every science fiction movie I have ever seen, any one that’s worth its weight in celluloid, warns us about things that ultimately come true.” -Steven Spielberg. পাৰ হৈ যোৱা সময়ত কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ ৰূপ-ৰং আৰু সৌন্দৰ্যৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে। প্ৰযুক্তি-বিদ্যাৰো চৰম বিকাশ সাধন হৈছে। ইয়াৰ পূৰ্ণ...

কিছুদিনৰ আগতে দৈনিক অসমীয়া বাতৰি কাকত এখনত এটা প্ৰৱন্ধ পঢ়িছিলোঁ৷ প্ৰবন্ধটোৰ শিৰোনাম আছিল "জ্যোতিষশাস্ত্ৰ বিজ্ঞান নে অন্ধবিশ্বাস"৷ লেখক গৰাকীয়ে মূলতঃ জ্যোতিষৰ সাৰমৰ্মৰ কথা কৈ জনমানসত তাৰ প্ৰভাৱ পেলাবলৈ বিজ্ঞানৰ ধাৰণাসমূহক কিছুমান অযুক্তিকৰ সমালোচনা কৰা দেখা গৈছিল৷ বিজ্ঞানৰ সীমাবদ্ধকতাৰ কথা ক'বলৈ গৈ তেওঁ কিছুমান অস্পষ্ট ধাৰণাৰ...

চেড্ৰিক ভিলানিৰ নাম শুনিছেনে? বাতৰিৰ কাৰণে আমাৰ অসমীয়া নিউজ চেনেলকেইটাৰ উপৰি ৰাষ্ট্ৰীয় বা /আৰু আন্তঃৰাষ্ট্ৰীয় নিউজ চেনেল চোৱা বহুতেই হয়তো শুনিছে আৰু বহুতে হয়তো আই.পি.এল., গোৰক্ষক, তিনি তালাক, নৰ্থ কোৰিয়া, ইছলামিক ষ্টেট আদিত ব্যস্ত হৈ থকাৰ বাবে চেড্ৰিক ভিলানিৰ নাম নুশুনিলে বা শুনিলে যদিও পাহৰি...

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা ৰুইয়া এগৰাকী সমাজ সেৱিকা৷ ৰাজস্থানত তেখেত জলমাতা ৰূপে খ্যাত৷ পৰম্পৰাগত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ পানী সংগ্ৰহণ) কৌশল প্ৰয়োগৰ জৰিয়তে দুই লক্ষাধিক স্থানীয় লোকৰ সহযোগত বছৰি তিনিশ কোটি টকা উপাৰ্জনেৰে ৰাজস্থানৰ শতাধিক গাওঁলৈ পৰিৱৰ্তন আনিছিল এইগৰাকী উদ্যমী মহিলাই৷ এসময়ত খৰাং বতৰ,...

এডাল ৰচি লওক, ৰচিডালেৰে এটা বৃত্ত সাজক। এডাল দাগ নথকা স্কেল লওক, স্কেলডালৰ এটা মূৰক “০” বুলি ধৰি বৃত্তটোৰ ব্যাসৰ সমান দূৰত্বত স্কেলডালত এটা দাগ দিয়ক— “১”। ব্যাসৰ দুগুণ দূৰত্বত লিখক “২”। তেনেকৈয়ে তিনিগুণ আৰু চাৰিগুণ দূৰত্বত ক্ৰমে দুটা দাগ দিয়ক— “৩” আৰু “৪”। এতিয়া...

আমি সততে বতৰৰ আগলি-বতৰা কাকত আৰু টি.ভি.ৰ বাতৰিত পাওঁ। বহুসময়ত পিছে এই আগলি-বতৰা বিলাক আচল বতৰৰ স’তে অমিল হোৱা দেখা যায়। আচলতে, বতৰৰ পূৰ্বানুমানৰ বাবে কিছুমান জটিল গাণিতীক পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পূৰ্বানুমানসমূহ প্ৰায়ে সঠিক নোহোৱাৰ কাৰণ সাধাৰণজনে আয়ত্ব কৰিবলৈ এটা ধেমেলীয়া ব্যাখ্যা আছে— ধৰি...

[caption id="attachment_7610" align="alignleft" width="430"] পত্নী এলিচিয়াৰ সৈতে জন নাশ্ব[/caption] জীৱিত কালতে কিংম্বদন্তি হৈ পৰা জন নাশ্বৰ আকস্মিক মৃত্যুৰ খবৰটো সহকৰ্মী এজনে ফোনেৰে জনালে। ২৩ মে’, শনিবাৰে আমেৰিকাৰ নিউ জাৰ্চি চহৰত হোৱা এটা ভয়াবহ মটৰ দুৰ্ঘটনাত জন আৰু তেওঁৰ পত্নী এলিচিয়াৰ থিতাতে মৃত্যু হয়। মনটো ভাৰাক্ৰান্ত হৈ...