শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...

আগৰ প্ৰবন্ধটিত জ্যামিতিক ধাৰণা আৰু স্বীকাৰ্যৰ প্ৰসংগত এটা সাধাৰণ (common) আলোচনা কৰিলোঁ| তাতেই, ইউক্লিদৰ জ্যামিতিৰ ‘ধাৰণাৰ বাটত’ উজুটি খাবলগীয়া হোৱা গোলমলীয়া স্বীকাৰ্য-সমান্তৰাল স্বীকাৰ্যটি সম্পৰ্কে অলপ আলোচনা কৰিছোঁ| এতিয়া আমি অলপ বেছি সুসংহতভাৱে, কিছু বহলাই অথচ পাৰ্যমানে কম ‘টেকনিকেল’ (technical) হৈ অৰ্থাৎ ‘ধাৰণাভিত্তিক’ মাথোন হৈ, ইউক্লিদীয়...

জ্ঞানৰ সুবিশাল ক্ষেত্ৰখনৰ প্ৰতিটো কোণতে ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস সন্নিৱিষ্ট হৈ আছে। জ্ঞান-শিক্ষাৰ বিকাশত গণিত-বিজ্ঞানে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰত উপমহাদেশত যিবোৰ গাণিতিক ধাৰণাৰ জন্ম হৈছিল, সেইবোৰে গণিত-শাস্ত্ৰৰ বহল পৃথিৱীখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। স্বামী বিবেকানন্দই কৈছিল, ‘তুমি জানানে বিজ্ঞানৰ কেইটা ভাগৰ উৎপত্তিস্থল...

দৈনন্দিন জীৱনত আমি আমাৰ অলক্ষিতে বহু ক্ষেত্ৰত গণিত-বিজ্ঞানৰ সহায় লৈ আহিছোঁ। সঁচা অৰ্থত ক’বলৈ গ’লে ককা-আজোককাৰ দিনৰপৰাই আমিবোৰ প্ৰায়োগিক গণিত (Applied Mathematics)ৰ ওপৰত কম-বেছি পৰিমাণে নিৰ্ভৰশীল হোৱা পৰিলক্ষিত হয়। [caption id="attachment_5668" align="alignleft" width="304"] ফটো : নাঙল, ফটোগ্ৰাফাৰ : নিতুল বৰা[/caption] আমাৰ পূৰ্বপুৰুষসকল আছিল প্ৰধানকৈ কৃষিজীৱী লোক। শস্য...

ৰবীন্দ্ৰনাথ (৭ মে’, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) কবি, দাৰ্শনিক। পিছে ৰবীন্দ্ৰনাথৰ গণিতৰ প্ৰতিও অনুৰাগ আছিল। ৰবীন্দ্ৰনাথৰ আগ্ৰজ দ্বিজেন্দ্ৰনাথে (১১ মাৰ্চ, ১৮৪০ - ১৯ জানুৱাৰি, ১৯২৬) গণিত-চৰ্চা কৰিছিল; আনকি অ-ইউক্লিডীয় জ্যামিতিৰ বিষয়েও অধ্যয়ন কৰিছিল। ৰবীন্দ্ৰনাথৰ আশিসধন্য প্ৰশান্তচন্দ্ৰ মহলানবিশে (২৯ জুন, ১৮৯৩ - ২৮ জুন, ১৯৭২)...

পৰিসংখ্যা বিজ্ঞান কি? ‘Statistics’ শব্দটো লেটিন শব্দ ‘Status’ ৰ পৰা উদ্ভৱ হৈছে। পৌৰাণিক কালত একোখন ৰাজ্যৰ লগত জড়িত বিভিন্ন তথ্য সমূহকে পৰিসংখ্যা বুলি ধৰা হৈছিল। বৰ্তমান সময়ত অৱশ্যে ‘Statistics’ শব্দটো একবচন ‘Statistic’ শব্দটোৰে কোনো ব্যক্তি সমষ্টি সম্পৰ্কীয় সাংখ্যিকীয় তথ্যৰ সংগ্ৰহ, বিশ্লেষণ আৰু তাৎপৰ্য্য ব্যাখ্যা কৰা বিজ্ঞানক...

আৰম্ভণিতে আমি গণিতৰ গুৰুত্বপূৰ্ণ তথা সন্মানীয় স্থানখন বিখ্যাত দাৰ্শনিক (Philosopher) প্লেট’ৰ ধাৰণাৰে কেনে ধৰণে ব্যাখ্যাত হৈছে, মন কৰোহঁক| প্লেট’ৰ ৰিপাব্লিক (Republic) ত তেওঁৰ কল্পনাৰ সমাজখনৰ বিভিন্ন শ্ৰেণীৰ উৰ্দ্ধতম স্থানত থকা ‘এলিট্‌’ (Elite) শ্ৰেণীটোৰ সন্দৰ্ভত কৈছে, “প্ৰথমে আমাৰ ‘এলিট’সকলে ‘পৰিষ্কাৰ’ভাবে ভাবিব পাৰিব লাগিব| সেই উদ্দেশ্যে তেওঁলোকে ‘ধাৰণাৰ...

কেইজনমান উৎসাহী আৰু দূৰদৰ্শী গণিতৰ ছাত্ৰৰ ঐকান্তিক চেষ্টাত বৈদ্যুতিন মাধ্যমত উপলব্ধ হোৱাকৈ গণিতক অধিক সংখ্যকৰ ওচৰলৈ নিয়াৰ এক প্ৰচেষ্টা চলোৱা হৈছে। এনে এক প্ৰশংসনীয় কামত গণিতৰ ছাত্ৰ হিচাপে আমাৰো যদি অলপ কিবা বৰঙণি থকে তেনেহ’লে আমি অতিকে সুখী হ’ম বুলি ভাবিছিলোঁ। সেয়ে আমি আমাৰ দুখনমান...