ৰাজা আৰু ৰাণী দুয়ো ভাই-ভনী। ৰাজা ৰাণীতকৈ ছবছৰে ডাঙৰ। ৰাজা সপ্তম শ্ৰেণীত পঢ়ে আৰু তাৰ ভনীয়েক ৰাণী পঢ়ে প্ৰথম শ্ৰেণীত। ৰাজাই পঢ়া-শুনা কৰি ভাল পায় আৰু আজৰি সময়ত কিতাপ এখন হাতত লৈ আইতাকৰ ওচৰত বহে। আইতাকে পঢ়া-শুনা নাজানে। ৰাজাই কিতাপ পঢ়ি থাকোতে যদি কিবা আমোদজনক...

এডাল ৰচি লওক, ৰচিডালেৰে এটা বৃত্ত সাজক। এডাল দাগ নথকা স্কেল লওক, স্কেলডালৰ এটা মূৰক “০” বুলি ধৰি বৃত্তটোৰ ব্যাসৰ সমান দূৰত্বত স্কেলডালত এটা দাগ দিয়ক— “১”। ব্যাসৰ দুগুণ দূৰত্বত লিখক “২”। তেনেকৈয়ে তিনিগুণ আৰু চাৰিগুণ দূৰত্বত ক্ৰমে দুটা দাগ দিয়ক— “৩” আৰু “৪”। এতিয়া...

আনদিনাৰ দৰে আজিও গোটেইকেইটা পুখুৰীপাৰত লগ হ'লহি। বাপুকণ, কনপিতৌ, জবা, মালতী আৰু সৰুপোনা। আনদিনাৰ দৰে আজিও আহিয়েই গোটাইকেইটাই শাৰী পাতি বহি ল’লে। আহোঁতে লগত কেচুঁ আনিছিলেই। এটা দুটাকৈ পাঁচোটা পোঙা পানীত ওপঙিবলৈ ধৰিলে।...

এই লেখাটো গণিত অলিম্পিয়াডত অহা এটি জ্যামিতিক সমস্যা সম্পৰ্কীয়। ইয়াত, সেই এটা সমস্যাকে পৃথক পৃথককৈ কেইবাধৰণে সমাধান কৰি দেখুওৱা হৈছে, যাৰ জৰিয়তে পাঠকে সমস্যাটোৰ লগত জড়িত গাণিতীক সৌন্দৰ্য উপভোগ কৰিব পাৰিব।   সমস্যাটো: $$ABCD$$ এটা বৰ্গ। $$E$$ হ’ল বৰ্গটোৰ ভিতৰৰ এনে এটা বিন্দু যাতে $$\angle{ECB}=\angle{EBC}=15^{\circ}$$. প্ৰমাণ কৰিব লাগে...

বহুদিনৰ আগেয়ে প্ৰিয় গল্পলেখক সৌৰভ কুমাৰ চলিহা ছাৰৰ সুখপাঠ্য গল্প পঢ়া মনত আছে; নামটো ‘শুবও নিদিয়ে’। তেতিয়া কলেজীয়া দিনত তেখেতৰ প্ৰায় সকলো গল্পই আমাৰ বহুতলৈ নতুন ৰোমাঞ্চ আনিছিল। তেখেতৰ প্ৰত্যেকটো গল্পতেই আছিল নতুনত্ব, অভিনৱত্ব, আধুনিকতা, নাগৰিকত্ব, বুদ্ধিগত চিন্তা আৰু বহুতো। তেখেতৰ অ’ হেনৰিৰ গল্প এটাৰ...

ৰবীন্দ্ৰনাথ (৭ মে’, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) কবি, দাৰ্শনিক। পিছে ৰবীন্দ্ৰনাথৰ গণিতৰ প্ৰতিও অনুৰাগ আছিল। ৰবীন্দ্ৰনাথৰ আগ্ৰজ দ্বিজেন্দ্ৰনাথে (১১ মাৰ্চ, ১৮৪০ - ১৯ জানুৱাৰি, ১৯২৬) গণিত-চৰ্চা কৰিছিল; আনকি অ-ইউক্লিডীয় জ্যামিতিৰ বিষয়েও অধ্যয়ন কৰিছিল। ৰবীন্দ্ৰনাথৰ আশিসধন্য প্ৰশান্তচন্দ্ৰ মহলানবিশে (২৯ জুন, ১৮৯৩ - ২৮ জুন, ১৯৭২)...

সাঁথৰ বুলি ক’লেই বিশেষকৈ মনলৈ আহে, আওপকীয়াকৈ সামান্য ইঙ্গিতেৰে একোটা গুপ্ত কথা উলিয়াবলৈ দি কাৰোবাক বিপাঙত পেলাবলৈ কৰা এবিধ বুদ্ধি আৰু জ্ঞানৰ পৰীক্ষা। এই সাঁথৰ শব্দটোও সাঁথৰ বা সাঁতোৰ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি। নামনি অসমত ‘ত’ আখৰটো ‘থ’ উচ্চাৰণ হোৱা পৰিলক্ষিত হয়। গতিকে নামনি অসমতে সাঁথৰ শব্দটো উৎপত্তি হোৱা যেন অনুমান হয়। সাঁতৰ ৰূপান্তৰ হৈ সাঁথৰ হ’ল। পানীত পৰি সাঁতুৰি-নাদুৰি পাৰ ঢুকি পাবলৈ সমৰ্থ নোহোৱা মানুহে ককবকাই থাকি আশ্ৰয়ৰ কাৰণে হাবাথুৰি খোৱাৰ দৰে সাঁথৰৰ অৰ্থ উলিয়াবলৈও দৃশ্যমান জগতত হাবাথুৰি খাব লগা হয়। অসমীয়াত সাঁথৰৰ সমাৰ্থক শব্দ হেয়ালি, দিষ্টান, আদি ব্যৱহাৰ কৰা হয়। সংস্কৃতত ব্ৰহ্মোদ্য, প্ৰহেলিকা, কূট, সমস্যা আদি সাঁথৰৰ সমাৰ্থক শব্দ। বৈদিক ব্ৰহ্মোদ্য শব্দটোৱেই প্ৰাচীন। প্ৰশ্ন আৰু উত্তৰৰ মাজতো সাঁথৰ নিহিত হৈ থাকে। “উত্তৰঃ- প্ৰত্যুত্তৰৈঃ পৰস্পৰং সংবাদঃ ব্ৰহ্মোদ্যম্।” (যজুৰ্বেদ) বেদ, উপনিষদ, মহাভাৰত আদিত এনে সাঁথৰস্বৰূপ প্ৰশ্ন আৰু উত্তৰ পোৱা যায়। মহাভাৰতৰ যক্ষৰূপী বকে পঞ্চ-পাশুৱক যিবোৰ প্ৰশ্ন কৰিছিল সকলোবোৰেই আছিল সমস্যাপূৰ্ণ। যেনে— “পৃথিৱীতকৈ গুৰুত্বৰ কি? আকাশতকৈ উচ্চতৰ কি? বায়ুতকৈও বেগী কি? আৰু তৃণতকৈও ব্যাপক কি?” যিকোনো লোকে সহজতে এনে প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হ’ব। যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক, চিন্তাশীল লোকেহে ইয়াৰ উত্তৰ দিব পাৰিছিল— “মাতৃ পৃথিৱীতকৈও গুৰুতৰ, পিতা আকাশতকৈও উচ্চতৰ; মন বায়ুতকৈও বেগী আৰু চিন্তা তৃণতকৈও ব্যাপক।” একেদৰেই যজুৰ্বেদত থকা এটি ব্ৰহ্মোদ্য— “কিং স্বিৎ সূৰ্যসমং জ্যোতিঃ কিং স্বিৎ সমুদ্ৰ সমংসৰঃ। কিং স্বিৎ পৃথিব্যৈ বৰ্ষীয়সঃ কস্য মাত্ৰা ন বিদ্যতে।।” (সূৰ্যৰ দৰে জ্যোতিষ্মান কি? সমুদ্ৰৰ দৰে বিস্তৃত কি? পৃথিৱীতকৈ বয়সে কোন ডাঙৰ? কাৰ পৰিমাণ নাই?) ইয়াৰ উত্তৰ হ’ল— “ব্ৰহ্ম সূৰ্যৰ দৰে জ্যোতিষ্মান, আকাশ সমুদ্ৰৰ দৰে বিস্তৃত, ইন্দ্ৰ পৃথিৱীতকৈ বয়সে ডাঙৰ, পৃথিৱী বা গাইৰ পৰিমাণ নাই।” এনেধৰণৰ অনেক ব্ৰহ্মোদ্য বেদ, উপনিষদ, মহাভাৰত আদিত পোৱা যায়। এই ব্ৰহ্মোদ্যবোৰত ধৰ্ম আৰু প্ৰকৃতি জ্ঞান, বাক্ কৌশল আৰু কবিত্ব শক্তিৰ প্ৰভাৱ আকৰ্ষণীয়।

যিবোৰ শব্দ, বাক্য বা ছন্দ সচৰাচৰ পঢ়াৰ ধৰণতকৈ বিপৰীত ফালৰ পৰা, অৰ্থাৎ সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে একেই হয় সেইবোৰক পেলিনড্ৰম বোলে। যেনে- Refer, level, নৱজীৱন। তথ্য অনুসৰি, মধ্যযুগত ইউৰোপ, আমেৰিকাত পেলিনড্ৰম আৱিস্কাৰ কৰাতো এটি খেলৰ দৰে আছিল আৰু গ্ৰীক, লেটিন আৰু ৰোমান ভাষাত ইয়াৰ চৰ্চা...