বিংশ শতিকাৰ গণিতৰ ক্ৰমবিকাশত তেখেতৰ কামৰ এক প্ৰাথমিক স্থান আছিল আৰু এই শতিকাত তেখেতৰ শেষ লিখনিয়ে অনুপ্ৰেৰণা যোগায় শ্ৰীনিবাস ৰামানুজনৰ কাহিনীটো কুৰি শতিকাৰ এক “ক্ষুদ্ৰ কণাৰপৰা গাণিতীক দক্ষতা অৰ্জন”ৰ কাহিনী। তেখেতৰ এই সৰু জীৱনকালতে নিজৰ চিন্তাধাৰা আৰু জ্ঞানৰ ভঁড়ালৰ সহায়ত তেখেতে কুৰি শতিকাৰ গণিতৰ ৰূপ সলনি...

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) নামৰ অনুষ্ঠানটিৰ জন্ম হয়। ১৯৮৭ চনৰ জুলাই মাহত ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক (অসমীয়া আৰু ইংৰাজী) ছমহীয়া আলোচনীখনে আত্ম-প্ৰকাশ কৰে। আলোচনীখনে ইতিমধ্যে ২৫ বছৰ অতিক্ৰম কৰিছে। আলোচনীখনৰ প্ৰথম সম্পাদক ড° অমলা বেজবৰুৱা (‘অমলা বাইদেউ’)। বৰ্তমানলৈকে আলোচনীখনৰ সম্পাদকসকল...

গণিতৰ ইতিহাসৰ অন্যতম গ্লেমাৰাছ চৰিত্ৰ π(পাই)ৰ এক দীঘল তথা বৈচিত্ৰ্যপূৰ্ণ বুৰঞ্জী আছে। প্ৰ্ৰকৃততে এই চিহ্নটো নো কি? এইটো হ’ল গ্ৰ্ৰীক বৰ্ণমালাৰ এটা আখৰ যি ইংৰাজী বৰ্ণমালাৰ p আখৰটোৰ কাম কৰে। কিন্তু প্ৰ্ৰাচীন যুগত গ্ৰ্ৰীকসকলে এই আখৰটোৰে এক সুকীয়া তথা এক সুনিৰ্দিষ্ট মান বুজাবলৈ ব্যৱহাৰ কৰিছিল|...

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক জি. এইচ. হাৰ্ডিয়ে উৎকণ্ঠা মিহলি মৰমিয়াল মাতেৰে সুধিলে: ‘কেনে আছা ?’ ‘ধন্যবাদ। ভালেই আছো।’ বিছনাত শুই থকা ৰোগীজনে উত্তৰ দিলে। হাৰ্ডি কিন্তু সন্তুষ্ট নহ’ল। ৰোগীৰ মুখত তেতিয়া প্ৰকট হৈ উঠাছে ভয়ানক ৰোগৰ বিৰুদ্ধে চলোৱা তীব্ৰ যুঁজ। কেইটামান মুহূৰ্তৰ পিছত হাৰ্ডিয়ে ক’লে-...

খৃষ্টপূৰ্ব ৩০০ মানতে জ্যামিতি বিষয়টো সুপ্ৰতিষ্ঠিত আছিল বুলি ধৰা হয়, কিয়নো সেই সময়তে গ্ৰীক গণিতজ্ঞ ইউক্লিডে তদানীন্তন উপলব্ধ এই বিষয়ৰ সকলো তথ্য একত্ৰিত কৰি আৰু তাত তেওঁৰ নিজা বৰঙণি  যোগ দি ৪৬৫ টা এই সংক্ৰান্তীয় প্ৰস্তাৱনা অথবা সূত্ৰ অন্তৰ্ভুক্ত কৰি ১৩ খন কিতাপ লিখিছিল |...