নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা   [“স্কে’লাৰ নিউক্লিয়নৰ নিজস্ব শক্তি” শীৰ্ষক বিষয়ত গৱেষণা কৰি পি.এইচ.ডি. (Ph.D.) লাভ কৰাৰ ন বছৰ পাছত ১৯৬৬ চনত পদাৰ্থবিজ্ঞানী কইচি মান’ৱে ৰিচাৰ্ড ফাইনমেনলৈ অভিনন্দন জ্ঞাপন কৰি এখন  চিঠি লিখিছিল। ফাইনমেনে কেলিফ’ৰ্ণিয়া ইনষ্টিটিউট অব টেকন’ল’জি (CALTECH)ত অধ্যাপনা কৰিবৰ সময়ত মান’ও  তেওঁৰ ছাত্ৰ আছিল।...

সাঁথৰ বুলি ক’লেই বিশেষকৈ মনলৈ আহে, আওপকীয়াকৈ সামান্য ইঙ্গিতেৰে একোটা গুপ্ত কথা উলিয়াবলৈ দি কাৰোবাক বিপাঙত পেলাবলৈ কৰা এবিধ বুদ্ধি আৰু জ্ঞানৰ পৰীক্ষা। এই সাঁথৰ শব্দটোও সাঁথৰ বা সাঁতোৰ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি। নামনি অসমত ‘ত’ আখৰটো ‘থ’ উচ্চাৰণ হোৱা পৰিলক্ষিত হয়। গতিকে নামনি অসমতে সাঁথৰ শব্দটো উৎপত্তি হোৱা যেন অনুমান হয়। সাঁতৰ ৰূপান্তৰ হৈ সাঁথৰ হ’ল। পানীত পৰি সাঁতুৰি-নাদুৰি পাৰ ঢুকি পাবলৈ সমৰ্থ নোহোৱা মানুহে ককবকাই থাকি আশ্ৰয়ৰ কাৰণে হাবাথুৰি খোৱাৰ দৰে সাঁথৰৰ অৰ্থ উলিয়াবলৈও দৃশ্যমান জগতত হাবাথুৰি খাব লগা হয়। অসমীয়াত সাঁথৰৰ সমাৰ্থক শব্দ হেয়ালি, দিষ্টান, আদি ব্যৱহাৰ কৰা হয়। সংস্কৃতত ব্ৰহ্মোদ্য, প্ৰহেলিকা, কূট, সমস্যা আদি সাঁথৰৰ সমাৰ্থক শব্দ। বৈদিক ব্ৰহ্মোদ্য শব্দটোৱেই প্ৰাচীন। প্ৰশ্ন আৰু উত্তৰৰ মাজতো সাঁথৰ নিহিত হৈ থাকে। “উত্তৰঃ- প্ৰত্যুত্তৰৈঃ পৰস্পৰং সংবাদঃ ব্ৰহ্মোদ্যম্।” (যজুৰ্বেদ) বেদ, উপনিষদ, মহাভাৰত আদিত এনে সাঁথৰস্বৰূপ প্ৰশ্ন আৰু উত্তৰ পোৱা যায়। মহাভাৰতৰ যক্ষৰূপী বকে পঞ্চ-পাশুৱক যিবোৰ প্ৰশ্ন কৰিছিল সকলোবোৰেই আছিল সমস্যাপূৰ্ণ। যেনে— “পৃথিৱীতকৈ গুৰুত্বৰ কি? আকাশতকৈ উচ্চতৰ কি? বায়ুতকৈও বেগী কি? আৰু তৃণতকৈও ব্যাপক কি?” যিকোনো লোকে সহজতে এনে প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হ’ব। যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক, চিন্তাশীল লোকেহে ইয়াৰ উত্তৰ দিব পাৰিছিল— “মাতৃ পৃথিৱীতকৈও গুৰুতৰ, পিতা আকাশতকৈও উচ্চতৰ; মন বায়ুতকৈও বেগী আৰু চিন্তা তৃণতকৈও ব্যাপক।” একেদৰেই যজুৰ্বেদত থকা এটি ব্ৰহ্মোদ্য— “কিং স্বিৎ সূৰ্যসমং জ্যোতিঃ কিং স্বিৎ সমুদ্ৰ সমংসৰঃ। কিং স্বিৎ পৃথিব্যৈ বৰ্ষীয়সঃ কস্য মাত্ৰা ন বিদ্যতে।।” (সূৰ্যৰ দৰে জ্যোতিষ্মান কি? সমুদ্ৰৰ দৰে বিস্তৃত কি? পৃথিৱীতকৈ বয়সে কোন ডাঙৰ? কাৰ পৰিমাণ নাই?) ইয়াৰ উত্তৰ হ’ল— “ব্ৰহ্ম সূৰ্যৰ দৰে জ্যোতিষ্মান, আকাশ সমুদ্ৰৰ দৰে বিস্তৃত, ইন্দ্ৰ পৃথিৱীতকৈ বয়সে ডাঙৰ, পৃথিৱী বা গাইৰ পৰিমাণ নাই।” এনেধৰণৰ অনেক ব্ৰহ্মোদ্য বেদ, উপনিষদ, মহাভাৰত আদিত পোৱা যায়। এই ব্ৰহ্মোদ্যবোৰত ধৰ্ম আৰু প্ৰকৃতি জ্ঞান, বাক্ কৌশল আৰু কবিত্ব শক্তিৰ প্ৰভাৱ আকৰ্ষণীয়।

  সাম্ৰাজ্যবাদী ব্ৰিটিছ সকলে অসম অধিকাৰ কৰাৰে পৰা অসমত শিক্ষাৰ এক নতুন ঢৌ প্ৰবাহিত হৈছিল। অসমৰ ডিব্ৰুগড় আৰু গুৱাহাটীত বিদ্যালয় স্থাপনৰ লগতে অসমীয়াৰ বাবে বিলাতলৈ উচ্চ-শিক্ষা গ্ৰহণৰ বাট মুকলি হৈছিল। সেই সময়ত বিলাতলৈ গৈ শিক্ষা গ্ৰহণ কৰাটো এক শ্ৰেণী মানুহৰ বাবে সন্মানৰ কথা আছিল যদিও আন...

  ‘It is the man not the method that solves the problem.’ – H. Haschke. গণিতৰ ইতিহাস অনুধাৱন কৰিলে দেখা যায় যে বহু তীক্ষ্ণধী গণিতজ্ঞৰ জীৱন-কাল স্বল্প। নিলছ হেনৰিক আবেলৰ কথাই চোৱা যাওক। তেওঁ আয়ুস পাইছিল মাত্ৰ সাতাইছ বছৰ(১৮০২-১৮২৯ খ্ৰীষ্টাব্দ)। এই ক্ষন্তেকীয়া জীৱন-কালৰ ভিতৰতে তেওঁ গণিতৰ এনে...

[caption id="attachment_7426" align="alignright" width="320"] Image Source : Shutterstock[/caption] এদিন মাংসৰ বজাৰলৈ যাওঁতে হঠাৎ আহি মোৰ মোনাখনত বহি ল’লে ই আৰু আবদাৰ ধৰিলে মোৰ ঘৰৰ লগুৱা হ’বই হ’ব সি   -তইনো মোৰ ঘৰত কৰিবলৈ কি?   মোৰ হোজা প্ৰশ্নটো শুনি অলপ সময় সি তভক মাৰি ৰ’ল আৰু তাৰ পাছত ৰহস্যময় ভংগিমা এটাৰে মোলৈ চাই ঢেকঢেকাই হাঁহি দিলে   -প্ৰথমেই...

  খ্ৰীষ্টপূৰ্ব ২০০০ অব্দত বেবিলিয়ন আৰু মিচৰৰ সভ্যতা বিকাশৰ সময়ৰ পৰাই গণিতে বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে, ন-ন সূত্ৰ, সমীকৰণৰ মাজেৰে পাৰ হৈ আহি আজিৰ অৱস্থা পাইছেহি৷ বৰ্তমান আমাৰ দৈনন্দিন জীৱনত গণিত এক অপৰিহাৰ্য বিষয়ত পৰিণত হৈ পৰিছে৷ গণিতৰ ডাঙৰ ডাঙৰ সমীকৰণসমূহ, জ্যামিতি, ত্ৰিকোণমিতিৰ জটিল সূত্ৰসমূহ দৈনন্দিন জীৱনত...