তিনিজন বিজ্ঞানীৰ সম্পৰ্কে : চন্দ্ৰশেখৰ, ভাবা আৰু ডিৰাক

সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ:

১৯৯৯ চনৰ জুলাই মাহ। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মহাকাশলৈ এটা মহাকাশ দূৰবীন পঠালে। দূৰবীনটোৰ নাম দিলে চন্দ্ৰ। চন্দ্ৰ নামটো ভাৰতীয় বংশোদ্ভৱ মাৰ্কিন জ্যোতিৰ্পদাৰ্থবিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ সন্মানত দিয়া হৈছে। ইয়াৰ আগতে মহাকাশ অধ্যয়নৰ বাবে নাছাই এডুইন পাৱেল হাব’ল আৰু আৰ্থাৰ হলি কম্পটন নামৰ দুগৰাকী পৃথিৱীবিখ্যাত পদাৰ্থবিজ্ঞানীৰ নামত দুটা মহাকাশ দূৰবীন পঠাইছিল। এই সন্মান সেইবাৰ লাভ কৰিলে চন্দ্ৰশেখৰে। পৃথিৱীৰ ৬১ খন দেশৰ বহুতো ব্যক্তিৰ নাম বিবেচনা কৰাৰ অন্তত কেনেকৈ বাৰু চন্দ্ৰশেখৰৰ নাম এই বাছনিত উঠিল?

সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জন্ম হৈছিল ১৯১০ চনৰ ১৯ অক্টোবৰ তাৰিখে অবিভক্ত ভাৰতৰ লাহোৰত। তেওঁৰ খুৰাক আছিল প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী আৰু ন’বেল বঁটা বিজয়ী ছাৰ ছি. ভি. ৰমণ। ১৯২৮ চনত তেওঁ পদাৰ্থবিজ্ঞানত অনাৰ্ছ লৈ প্ৰেছিডেন্সি কলেজৰ পৰা ডিগ্ৰী লাভ কৰিলে। সেই বছৰতে তেওঁৰ খুৰাক ছি. ভি. ৰমণ আৰু কে. এছ. কৃষ্ণনে ৰমণ প্ৰভাৱ আৱিষ্কাৰ কৰিলে। ইয়াৰ পিছত চন্দ্ৰশেখৰে মাদ্ৰাজ বিশ্ববিদ্যালয় আৰু তাৰ পিছত ১৯৩০ চনৰ পৰা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজত অধ্যয়ন কৰে। ১৯৩৬ চনত তেওঁ আমেৰিকালৈ যায় আৰু তাত ১৯৩৮ চনত ছিকাগো বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞান­ৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫২ চনত তেওঁ জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ মৰটন ডি. হাল প্ৰফেছাৰৰূপে নিযুক্ত হয়। ১৯৩০ৰ দশকত পদাৰ্থবিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছিল যে তৰাবিলাকে সিহঁতৰ সমস্ত হাইড্ৰজেন হিলিয়ামলৈ ৰূপান্তৰিত কৰাৰ পিছত শক্তি হেৰুৱাই পেলাই আৰু নিজৰেই প্ৰৱল মহাকৰ্ষণৰ ফলত সংকুচিত হ’বলৈ ধৰে। এই তৰাবিলাককে বগা বাওনা (white dwarf) বুলি জনা যায়। কিছুমান তৰাই এনেদৰে বগা বাওনা হৈ প্ৰায় আমাৰ পৃথিৱীৰ আকাৰ পায়। তেতিয়া সিহঁতৰ গঠনকাৰী পৰমাণুবোৰৰ ইলেকট্ৰন আৰু নিউক্লিয়াছবোৰ চাপ খাই অতি ঘন হৈ পৰে। চন্দ্ৰশেখৰে গণনা কৰি উলিয়ালে যে আমাৰ সূৰ্য্যটোৰ ভৰৰ ১.৪৪ গুণতকৈ অধিক গধুৰ তৰাবোৰ বগা বাওনা হৈ নপৰে। সিহঁত আৰু সংকুচিত হৈ তৰাটো এটা নিউট্ৰন তৰা হৈ পৰে। তৰাটো তাতোকৈ গধুৰ হ’লে সি আৰু সংকুচিত হৈ গৈ থাকে আৰু এটা কৃষ্ণ গহ্বৰলৈ ৰূপান্তৰিত হয়। সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ বিশিষ্ট অৱদানৰ ফলতে চুপাৰ ন’ভা, নিউট্ৰন তৰা আৰু কৃষ্ণ গহ্বৰৰ বিষয়ে মানুহৰ আকৰ্ষণ দুগুণে বাঢ়ি গল। চন্দ্ৰশেখৰে তৰাৰ ভৰৰ যি সীমা আগবঢ়াইছিল, সেই সীমাটোক চন্দ্ৰশেখৰৰ সীমা বুলি জনা যায়। এইবোৰৰ উপৰি তেওঁ কৃষ্ণ গহ্বৰৰ গাণিতিক তত্ত্ব এটাৰ বিকাশ কৰিবলৈও চেষ্টা কৰিছিল। এই বিষয়ে তেওঁ দি মেথমেটিকেল থিঅ’ৰি অৱ ব্লেক হ’লছ নামৰ এখন মূল্যবান পুথি ১৯৮৩ চনত প্ৰকাশ কৰে। গধুৰ তৰাৰ বিকাশৰ পৰ্যায়ৰ বিষয়ে তাত্বিক ধাৰণা দিয়াৰ বাবে চন্দ্ৰশেখৰক ১৯৮৩ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা দিয়া হয়। এই বঁটা তেওঁ আমেৰিকাৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী উইলিয়াম এ. ফাউলাৰৰ লগত যুটীয়াভাৱে লাভ কৰে। মৃত্যুৰ সময়লৈকে তেওঁ মহানাদ তত্ত্বৰ বিষয়ে গৱেষণা চলাই গৈছিল। ১৯৯৫ চনত চন্দ্ৰশেখৰে নশ্বৰ দেহ ত্যাগ কৰে। এইগৰাকী মহান বিজ্ঞানীৰ প্ৰতি শ্ৰদ্ধা জনাই নাছাই মহাকাশ অধ্যয়ন কৰিবলৈ উৎক্ষেপন কৰা দূৰবীন এটাৰ নাম চন্দ্ৰ ৰাখিছিল।

হোমী জাহাংগীৰ ভাবা:

ভাৰতৰ যিকেইগৰাকী বিজ্ঞানী বিশ্বৰ বৈজ্ঞানিক মহলত পৰিচিত, সেইসকলৰ ভিতৰত হোমী ভাবা অন্যতম। আজি আমি ভাৰতবাসীয়ে যি পৰমাণু শক্তিক লৈ গৌৰৱ কৰিছো, তাৰ মূলতেই ভাবা। ১৯০৯ চনত বোম্বাইত ভাবাই জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক জে এইচ ভাবা আছিল এগৰাকী ডাঙৰ শিল্পপতি। ভাবাই প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত বোম্বাইস্থিত ৰয়েল ইনষ্টিটিউট অৱ চায়েন্সত নাম লগায়। তাৰ পিছত কেম্ব্ৰিজৰ ইঞ্জিনিয়াৰিং কলেজত নাম লগায় আৰু তাৰপৰা ১৯৩০ চনত ট্ৰাইপোচ পৰীক্ষাত উত্তীৰ্ণ হয়। ভাবাই মাক-দেউতাকৰ তাগিদাত ইঞ্জিনিয়াৰিং পঢ়িলেও তেওঁৰ আকৰ্ষণ আছিল পদাৰ্থবিজ্ঞানতহে। সেয়েহে তেওঁ কেম্ব্ৰিজৰ গণাভিলি আৰু কেয়াচ কলেজত পঢ়িবলৈ ল’লে। পদাৰ্থবিজ্ঞানৰ প্ৰাথমিক অধ্যয়ন শেষ কৰাৰ পিছত তেওঁ কশ্মিক ৰশ্মি সম্পৰ্কে গৱেষণা কৰিবলৈ মন মেলিলে আৰু ৰোমত থকা ইনষ্টিটিউট অৱ ফিজিক্সত যোগদান কৰিলে। তাত কিছুদিন গৱেষণা কৰাৰ পিছত তেওঁ কোপেনহেগেনলৈ গ’ল আৰু তাত থকা ব’ৰ ইনষ্টিটিউটত কাম কৰিবলৈ ল’লে। তাতে অধ্যাপক হাইটলাৰৰ সহযোগত কাচকেদ থিয়ৰি অৱ কশ্মিক ৰে চাওয়াৰ্চ নামেৰে এটি নতুন সূত্ৰ উদ্ভাৱন কৰিলে। ভাবাই এই সূত্ৰৰ যোগেদি কৈছিল যে মহাশূন্যৰপৰা বিভিন্ন ধৰণৰ মৌলিক কণিকা বিশেষকৈ তড়িৎযুক্ত কণিকাসমূহ বায়ুমণ্ডল ভেদি অহৰহ আমাৰ পৃথিৱীত পৰে। এই তড়িৎ কণিকাবোৰ অতি ক্ষুদ্ৰ তৰংগৰ আকাৰত আহি সূৰ্য্যৰ পোহৰৰ দৰে চিটিকি পৰে। এয়াই কশ্মিক ৰশ্মি। বহুত দীঘল পথ অতিক্ৰম কৰি আহোতে নিউট্ৰন, প্ৰ’টন আদি বিভিন্ন কণিকাৰ মাজত সংঘৰ্ষ হয় আৰু তাৰ ফলতেই এবিধ নতুন কণিকাৰ সৃষ্টি হয়। ভাবাই এই নতুন কণিকাবিধৰ নাম থ’লে মেচন। আমাৰ পৃথিৱীত যিমান কশ্মিক ৰশ্মি পৰে, তাৰ চাৰিভাগৰ তিনিভাগেই হ’ল এই মেচন কণিকা। গৱেষণাৰ কাৰণে ১৯৩৫ চনত ভাবাই আইজাক নিউটন বৃত্তি লাভ কৰিছিল। এনেদৰেই বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ পদাৰ্থবিদ হিচাপে তেওঁ প্ৰতিষ্ঠিত হ’ল। ১৯৪১ চনত তেওঁ ৰয়েল চছাইটিৰ সদস্য মনোনীত হয়।

১৯৩৯ চনত ভাবা ভাৰতলৈ ঘূৰি আহে। ১৯৪১ চনত তেওঁ বাংগালোৰস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সত অধ্যাপক হিচাপে যোগদান কৰে। ভাবাৰ অশেষ কষ্টৰ ফলতে ১৯৪৫ চনত বোম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ নামৰ বিখ্যাত গৱেষণা কেন্দ্রটো গঢ় লৈ উঠে। ভাৰত স্বাধীন হোৱাৰ পিছত পৰমাণু আয়োগ গঠন কৰা হ’ল আৰু ভাবাক তাৰ অধ্যক্ষ নিয়োগ কৰা হ’ল। মৃত্যুৰ দিনলৈকে তেওঁ ইয়াৰ উন্নতি কল্পেই কাম কৰি গ’ল। ১৯৬৩ চনত এক বিমান দুৰ্ঘটনাত এই মহান বিজ্ঞানীজনে প্ৰাণ হেৰুৱাই , যিটো ভাৰতৰ তথা বিশ্বৰ পৰমাণু বিজ্ঞানৰ ক্ষেত্রখনলৈ এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈ ৰ’ল।

পল এড্ৰিয়েন মৌৰিছ ডিৰাক:

পল ডিৰাক কুৰি শতিকাৰ এগৰাকী মহান তাত্বিক পদাৰ্থবিদ। তেওঁ কোৱাণ্টাম মেকানিক্সত আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ সূত্ৰৰ সমন্বয় ঘটাই এক নতুন ৰূপ দিছিল। কোৱাণ্টাম মেকানিক্সৰ এই নতুন ৰূপটোৱে ইলেকট্ৰনৰ ধৰ্মসমূহ ব্যাখ্যা কৰাটো সহজ কৰি তুলিলে। ইয়াৰ দ্বাৰা তেওঁ এক বিশেষ ধৰণৰ সমীকৰণ দেখা পাইছিল, পিছত ইয়াক ডিৰাকৰ সমীকৰণ বোলা হ’ল। ১৯৩০ চনত ডিৰাকে আন এটা মতবাদ দাঙি ধৰিলে যে য’তেই কণিকা থাকে, তাতেই প্ৰতি কণিকাও থাকে। ডিৰাকে অৱশ্যে কেৱল ইলেকট্ৰনৰ কণিকাৰ কথা কৈছিল। ডিৰাকৰ সম্পৰ্কে এলবাৰ্ট আইনষ্টাইনে কৈছিল যে কোৱাণ্টাম মেকানিক্স ইমান সুন্দৰকৈ ব্যাখ্যা কৰি দিয়া কাৰণে আমি ডিৰাকৰ ওচৰত ধৰুৱা। আকৌ ,নীলচ ব’ৰে কৈছিল—  সকলো পদাৰ্থবিজ্ঞানীৰ ভিতৰত ডিৰাকৰে এক শুদ্ধ আত্মা আছে।

১৯০২ চনত ইংলেণ্ডৰ বৃষ্টলত ডিৰাকে জন্ম গ্ৰহণ কৰিছিল। ১৯২১ চনত তেওঁ বৃষ্টল বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী ল’লে; কিন্তু পিছত তেওঁৰ মন গণিতৰ ফালে ঢাল খোৱাত তেওঁ বৃষ্টল বিশ্ববিদ্যালয়তে গণিত পঢ়িবলৈ ল’লে আৰু ১৯২৩ চনত অনাৰ্চ ডিগ্ৰী লাভ কৰিলে। ডিৰাকৰ শিক্ষা জীৱন আছিল বৰ চকুত লগা। ২৮ বছৰ বয়সতে তেওঁ লণ্ডনৰ ৰয়েল চছাইটিৰ সদস্য হয়। মাত্ৰ ৩১ বছৰ বয়সত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ নিউটনে এৰি থৈ যোৱা লিউকেচিয়ান অধ্যাপকৰ পদত বহে। মাত্ৰ ৩৩ বছৰ বয়সতে তেওঁ নোবেল বঁটা লাভ কৰে।

১৯৩০ চনত ডিৰাকে ‘দি প্ৰিন্সিপলছ অৱ কোৱাণ্টাম মেকানিক্স’ নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল। তেওঁ সুদীৰ্ঘ ৩৭ বছৰ কাল কেম্ব্ৰিজত লুকেচিয়ান অধ্যাপক হৈ আছিল। তেওঁ বৰ অমায়িক আছিল। তেওঁ এবাৰ কৈছিল— হাইজেনবাৰ্গৰ দিন ধৰি বহুতো লোকে পদাৰ্থবিদ্যাৰ এইবোৰ কাম কৰিছিল, মই মাত্ৰ দলটোত যোগ দিছিলোঁ। ডিৰাকে তেওঁৰ দৈনন্দিন জীৱনৰ সকলোবোৰ সমস্যা তাত্ত্বিক কৰি পেলাবলৈ বিচাৰিছিল। এনেদৰেই সুদীৰ্ঘকাল পদাৰ্থবিজ্ঞানলৈ বহুমূলীয়া বৰঙণি আগবঢ়োৱাৰ পিছত ১৯৮৪ চনত পল ডিৰাকে নশ্বৰ দেহ ত্যাগ কৰে।

— অঞ্জন জ্যোতি ডেকা

স্নাতক প্ৰথম ষাণ্মাসিক, পদাৰ্থ বিজ্ঞান বিভাগ, কটন কলেজ।

1 Comment

Post A Comment