ক্ৰিষ্ট’ফাৰ ন’লান, সৃষ্টিশীলতা, মনোযোগিতা ইত্যাদি

ম’মেণ্ট’, ইনচেপ্‌চন, ইণ্টাৰষ্টেলাৰৰ দৰে আলোড়নকাৰী অথচ মননশীল ছবিৰ নিৰ্মাতা ক্ৰিষ্ট’ফাৰ ন’লানে তেওঁৰ সৃষ্টিসমূহত চিন্তাৰ বিশালতা, কাহিনী-কথনৰ বিচিত্ৰতা আৰু প্ৰখৰ কল্পনা শক্তিৰ পৰিচয় দিছে৷ এটা বাস্তৱ-কাহিনীৰ ওপৰত আধাৰিত তেওঁৰ শেহতীয়া ছবি ‘ডানকাৰ্ক’য়েও দৰ্শক-সমালোচকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকান লেখক-অধ্যাপক আদাম গ্ৰাণ্ট আৰু পৰিচালক ক্ৰিষ্ট’ফাৰ ন’লানৰ মাজত সম্পন্ন হোৱা এটা মনোজ্ঞ সাক্ষাৎকাৰ Esquire নামৰ অ’নলাইন আলোচনীখনত ২০১৭ বৰ্ষৰ জুলাই মাহত প্ৰকাশ হৈছিল৷ মাত্ৰ ২৮ বছৰ বয়সতে হোৱাৰ্টন স্কুলৰ সহযোগী অধ্যাপক পদত নিযুক্তি লাভ কৰা আদাম গ্ৰাণ্ট হৈছে তিনিখন বেষ্ট-চেলাৰ গ্ৰন্থৰ লেখক। এই বছৰতে প্ৰকাশ পোৱা “Option B – Facing Adversity, Building Resilience, and Finding Joy” শীৰ্ষক গ্ৰন্থখন ফেইছবুকৰ মুখ্য কাৰিকৰী বিষয়া ছেৰিল চেণ্ডবাৰ্গৰ সৈতে যুটীয়াভাৱে লিখা। ব্যৱস্থাপনা আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰখনত বিশেষ কৃতকাৰ্যতা লাভ কৰা আদাম গ্ৰাণ্টে ২০১৬ চনত “Fortune 40 under 40” তালিকাতো স্থান লাভ কৰিছে। সৃষ্টিশীলতা, মনোযোগিতা, ছবি-নিৰ্মাণ সম্পৰ্কত ন’লানৰ নিজস্ব দৰ্শন আদি একাধিক বিষয় সাঙুৰি লোৱা সেই বাৰ্তালাপটি ভাবানুবাদ কৰিবলৈ প্ৰয়াস কৰা হৈছিল৷ সেই ‘প্ৰয়াস’কেই আগ্ৰহেৰে পাঠকসমাজলৈ আগবঢ়াই দিয়া হ’ল—

আদাম গ্ৰাণ্ট গুজব ওলাই থাকে; আপুনি হেনো দৃশ্যগ্ৰহণস্থলীত ফোন ব্যৱহাৰ কৰিবলৈ নিদিয়ে৷ আজিলৈকে দিয়া নাই৷ কথাটো সঁচানে?

ক্ৰিষ্ট’ফাৰ ন’লান— সঁচা৷ আমাৰ ইয়াত এটা বহুল বিশ্বাস আছে যে- যেতিয়া আপুনি ম’বাইলত কাৰোবালৈ বাৰ্তা লিখি থাকে, তেতিয়া আপুনি আনৰ কথোপকথনত ব্যাঘাত নজন্মায়, কাৰোৰে প্ৰতি আপুনি অসৌজন্যতা নেদেখুৱায়৷ পিছে এয়া মাল্টিটাস্কিঙৰ এক বিভ্ৰান্তিহে৷ মই এনে এটা সময়ত ছবি-নিৰ্মাণ আৰম্ভ কৰিছিলোঁ; যি সময়ত মানুহে ফোন এটা আশা কৰি দৃশ্যগ্ৰহণস্থলীলৈ অহা নাছিল, যি সময়ত ফোন উলিওৱাটো অপেছাদৰী হিচাপে গণ্য কৰা হৈছিল৷ শেহতীয়াকৈ ফোনবোৰে এক বৃহৎ ‘বিচ্যুতি’ৰ (Distraction) ৰূপ ধাৰণ কৰিছে৷ আৰু সিহঁতৰ অবিহনে মানুহে খুব সুন্দৰকৈ কাম কৰে৷ প্ৰথমাৱস্থাত ই জটিলতাৰ সৃষ্টি কৰে হয়; কিন্তু মানুহক নিজৰ কামত মনোনিৱেশ কৰিবলৈ সি সঁচাকৈয়ে সুযোগ দিয়ে৷ কথাটো এতিয়া প্ৰত্যেকেই হৃদয়ংগম কৰিছে৷ মোৰ লগত কাম কৰা বহু কলা-কুশলীয়ে আহি মোক ধন্যবাদো জ্ঞাপন কৰিছে৷ দৃশ্যগ্ৰহণস্থলীৰ দ্বাৰা আমি বিকল্প বাস্তৱতাৰ এক তৰংগ (A bubble of Alternate Reality) সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি থাকোঁ৷

 

আদাম গ্ৰাণ্টমোৰ হোৱাৰ্টনৰ সহকৰ্মী নেন্সি ৰথবাৰ্ডে  ইয়াক ‘কৰ্ম-তৰংগ’ (Task-Bubbles)বুলিছে- মানুহে কথোপকথনত ইমানেই আপোনপাহৰা হৈ থাকে যে আশে-পাশে কি ঘটি আছে, তেওঁ তাৰ একো উম-ঘাম নাপায়৷ সেই তৰংগবোৰত সৃষ্টিশীলতাৰ উজান নিশ্চয় উঠে; কিন্তু সেইবোৰ ভংগুৰ, ঠুনুকা – কোনোবাই সেইবোৰ নষ্ট কৰি দিব পাৰে৷

ক্ৰিষ্ট’ফাৰ ন’লান— তেনে এটা কাম কৰি সেই মানুহজনে যে কথোপকথনৰ পৰা শক্তিখিনি উলিয়াই আনিলে – কথাটো তেওঁ উপলব্ধি নকৰে৷ কোনো মানুহে সৃষ্টিশীল পৰিৱেশ এটাত কাম কৰি আছে – তাত তেওঁলোকে নিজৰ কামত মন দিব লাগে; তেনেস্থলত তেওঁলোকৰ মনবোৰে অ’ত-ত’ত ভ্ৰমি ফুৰাটো আপুনি বাঞ্ছা কৰিব নোৱাৰে৷ বাৰ্তা লিখি থকা মানুহ এজনে চৌপাশে ঘটি থকা ঘটনাবোৰত মন বহুৱাব নোৱাৰে৷ তেনেকুৱা এটা অৱস্থাত আপুনি যদি তেওঁক মাতে, তেন্তে তেওঁ আপুনি কোৱা অন্তিমটো শব্দৰ পুনৰাবৃত্তি কৰিব৷ তেওঁ কি বুজাব বিচাৰিছে, সেইটো উপলব্ধি নকৰাকৈয়ে তেওঁ সেই শব্দকেইটাৰ পুনৰাবৃত্তি কৰিব৷ আৰু তাৰ পিছৰ মুহূৰ্তবোৰত আপুনি দেখিব যে, পোনপ্ৰথমবাৰৰ বাবে তেওঁ শব্দবোৰৰ অৰ্থোদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ শ্ৰাব্য তথ্যবোৰ (Audio Information) আপুনি সেইটো স্তৰতহে গ্ৰহণ কৰিব পাৰে; যিটো স্তৰত আপুনি তাৰ পুনৰাবৃত্তি কৰিব পাৰে – তাক বুজি নোপোৱাকৈয়ে৷

 

আদাম গ্ৰাণ্ট ‘উচ্চ খাপৰ সৃষ্টিশীল ব্যক্তিসকলে প্ৰায়ে দীৰ্ঘসূত্ৰিতাত ভোগে’ – এনে ধাৰণা প্ৰকাশ কৰিব খোজা কিছুমান গৱেষণাৰ লগত মই জড়িত আছিলোঁ৷ আপোনাৰ সৃষ্টিশীল প্ৰক্ৰিয়াটোত দীৰ্ঘসূত্ৰিতাই কিদৰে প্ৰভাৱ পেলায়?

ক্ৰিষ্ট’ফাৰ ন’লান— মই পাইছোঁ যে, সময়সীমা (Deadline) আৰু চাপে (Stress) মোক দৰাচলতে মনোযোগীহে কৰি তোলে৷ মই এজন ‘প্ৰখ্যাত দীৰ্ঘসূত্ৰী’ আছিলোঁ৷ কিন্তু এটা ঔদ্যোগিক প্ৰক্ৰিয়া – য’ত সময়সীমাৰ প্ৰতি নিৰন্তৰ চকু ৰখা হয়; তেনে এক পৰিৱেশত দীৰ্ঘসূত্ৰিতাই মোৰ সৃষ্টিশীলতাত প্ৰভাৱ পেলাব নোৱাৰে৷ আপোনাক কিমান সময়ৰ প্ৰয়োজন – সেই কথাটো এক বাস্তৱবাদী দৃষ্টিৰে চাই আপুনি জানি ল’ব লাগিব৷ সপ্তাহৰ শেষত মই যদি মোৰ কামত অগ্ৰগতি দেখি থাকোঁ, তেন্তে নিৰ্দিষ্ট এটা দিনত মই কিমান কাম কৰিলোঁ; তাকে চিন্তা কৰি ছটফটাই নাথাকোঁ৷ সৰু-সুৰা কথাবোৰক লৈ বৰ বেছি দুশ্চিন্তা নকৰাটোৱেই আচল কথা৷

আদাম গ্ৰাণ্টআপোনাৰ ছবিবোৰত ইমান বুদ্ধিদীপ্ত ভাঁজ (Twist) আৰু পাক (Turn) আছে৷ মই মাজে-সময়ে ভাবোঁ; এই ভাঁজ কিম্বা পাকবোৰৰ সংখ্যা যদিহে আৰু এটাতকৈ বেছি হয়, তেন্তে দৰ্শকে কাহিনীসূত্ৰ অনুধাৱন কৰাত ব্যৰ্থ হ’ব৷ কাহিনী-কথনৰ সেই ‘ৰছী’ডালৰ সৈতে আমাৰ ভাৰসাম্য আপুনি কেনেকৈ বজাই ৰাখে?

ক্ৰিষ্ট’ফাৰ ন’লান— আপুনি আন ছবি প্ৰচুৰ পৰিমাণে চাইছে আৰু সেইবোৰত থকা ভুলবোৰ ধৰিব পাৰিছে৷ যেনে ধৰক, বহুত প্ৰতিবৰ্তন (Reversal), প্ৰতিবৰ্তনৰে পুনৰ এক প্ৰতিবৰ্তন৷ সেইবোৰৰ পৰিণতিত সৃষ্টি হয়গৈ ‘নিৰস’ বস্তু এটা৷ আন কাহিনীৰ প্ৰতি মোৰ সঁহাৰিটো কেনে হয় – সেইটো বিশ্লেষণ কৰোঁতে মই যথেষ্ট সময় লওঁ৷ আলফ্ৰেড হিচ্ছককৰ দৰে ওস্তাদ মানুহো আছে, যি কাহিনীৰ ওপৰত অসাধাৰণ আৰু ত্ৰুটিহীন নিয়ন্ত্ৰণ ৰাখে৷ সেয়া প্ৰেৰণাদায়ী৷ দৰাচলতে এইবোৰ কথাই আপোনাক এখন নিয়মাৱলী মানি চলিবলৈ শিকায়৷ নিয়মাৱলী এখন আপুনি নিজেও তৈয়াৰ কৰিব পাৰে, কিন্তু তাৰ অন্তৰ্ভাগটো সংগত হ’ব লাগিব৷ নিয়মাৱলীখন যদি স্পষ্ট হৈ থাকে, তেন্তে দৰ্শকে তাক আঁকোৱালি ল’বই – এইটো কথাত মই সদায়েই দৃঢ়বিশ্বাসী৷ ‘ইনচেপ্‌চন’ (Inception) নামৰ ছবিখনত দৰ্শকৰ লগত থকা সেই সম্পৰ্কটো মই সৰ্বাধিক দূৰলৈকে টানি নিছিলোঁ৷ আমাৰ প্ৰত্যয় জন্মিছিল যে – আমি কষ্টসহিষ্ণু আৰু সংগত হ’লে দৰ্শকেও তাক বিশ্বাস কৰিব৷ দেখদেখকৈয়ে আপোনাৰ চকুত কোনোবাই ধূলি মাৰক, সেইটোতো আপুনি বাঞ্ছা নকৰে৷

‘তথ্যক নিয়ন্ত্ৰিতভাৱে উন্মোচন’ কৰাটোৱেই হৈছে কাহিনীৰ একমাত্ৰ উপযোগী সংজ্ঞা৷ আৰু তথ্যবোৰক আপুনি কিদৰে উন্মোচন কৰে – সেইয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত৷

আদাম গ্ৰাণ্টআমাৰ চিন্তা নাইবা ধাৰণাবোৰ বিবেচনা কৰাৰ ক্ষেত্ৰত আমি কুখ্যাতি আৰ্জিব পৰাকৈ বেয়া৷  আপুনি যে কিবা এটা উদ্‌ঘাটন কৰিলে; সেই কথাটো কেনেকৈ গম পায়?

ক্ৰিষ্ট’ফাৰ ন’লান— নিজৰ চিন্তা নাইবা উচ্ছাসত মানুহ খুব সোনকালেই হেৰাই যায়৷ এজন লেখক-পৰিচালক হিচাপে, মই বেলেগ বেলেগ ‘টুপী’ পিন্ধিবলৈ চেষ্টা কৰোঁ৷ এজন লিখক হিচাপে মই লিখিবলৈ চেষ্টা কৰোঁ, তাৰপিছত বস্তুনিষ্ঠতাৰ এক নিৰ্দিষ্ট মাত্ৰাৰে তাক পঢ়িবলৈ যত্নপৰ হওঁ৷ আপোনাৰ বিশ্বাসী মানুহ নিশ্চয় আপোনাৰ আশে-পাশে থাকে, কিন্তু ‘সম্পূৰ্ণ বস্তুনিষ্ঠতা’ অৰ্জন কৰাটো আপোনাৰ লক্ষ্য নহয়৷ আপুনি যিটো বস্তু বিচাৰি আছে; সেয়া হৈছে – ‘গভীৰ আৱেগ’৷ মইতো এজন ‘অভিযন্তা’ নহওঁ, মইতো এখন দলং নিৰ্মাণ কৰা নাই৷ ছবি এখনৰ কাহিনীটো আপুনি যেতিয়া নিৰ্মাণ কৰি থাকে, আপুনি তাক সঁচা অৰ্থত ভাল পাব লাগিব৷ দৰ্শকৰে মাজৰ এজন হৈ আপুনি তাত পতিয়ন যাব লাগিব৷ ছবি এখন নিৰ্মাণৰ কামটো মোৰ কাৰণে মানসিকভাৱে কষ্টদায়ক৷ অৱশ্যে মই কান্দিব নোখোজোঁ, যদিও সেইটো পৃথিৱীৰ উৎকৃষ্ট ‘কৰ্ম’ – মই পিছে সেইটো কৰিবলৈ বৰ টান পাওঁ৷ যিটো কাম ইতিমধ্যে কৰা হৈ গৈছে, তাৰ বাবে গভীৰভাৱে আৱেগিক হোৱাটোও অতি কষ্টকৰ৷ আনহাতে এখন বৃহৎ পৰিসৰৰ ‘ব্লকবাষ্টাৰ’ নিৰ্মাণ কৰাৰ জটিলতাৰ বিষয়ে আপুনি যেতিয়া জ্ঞাত হয়; তেতিয়া তাক পুনৰ্নিৰ্মাণ কৰাৰ চিন্তাটোৰ বাবে আপুনি বহুত কিবা-কিবি দিবলগীয়া যায়৷ আপুনি ভালপোৱা কিবা এটা নিৰ্মাণ কৰিলেহে তাৰ কিবা এটা মূল্য থাকিবগৈ৷

 

আদাম গ্ৰাণ্ট যিবোৰক লৈ আমি গভীৰভাৱে আৱেগিক, সেইবোৰকে অনুসৰণ কৰিবলৈ আমাক উৎসাহিত কৰা হয়৷ কিন্তু সেই উপদেশবোৰ গ্ৰহণ কৰিবলৈ যোৱাৰ আগতে আমি সেই আৱেগবোৰৰ সন্ধান কৰিব লাগিব৷ আপুনি সেইটো কেনেকৈ কৰিলে?

ক্ৰিষ্ট’ফাৰ ন’লান— মই ভাবোঁ – গভীৰ আৱেগ জড়িত হৈ থকা বস্তুবোৰ বিচাৰি আমি ঢপলিয়াই ফুৰিব নালাগে; তাৰ পৰিৱৰ্তে সিহঁতে নিজেই বিচাৰি আহি আমাক ধৰা দিবহি৷ মোৰ ক্ষেত্ৰত সেইটো হৈছে – নতুন নতুন উপাদানক লৈ চেষ্টা কৰি যোৱাটো৷ যদি আপুনি লিখিবলৈ ওলাইছে, তেন্তে লিখাৰ আগতে আপুনি যথেষ্ট পঢ়িব বিচাৰে – কোনো উদ্দেশ্য নোহোৱাকৈ৷ মই টিভি চাই ভাল পাওঁ, চিনেমা চাই ভাল পাওঁ – আৰু কোনোধৰণৰ উদ্দেশ্যৰে সাঙোৰ নোখোৱাকৈয়ে সেইবোৰ কৰাটো মোৰ পছন্দ৷ কিছুমান কথাই আপোনাক অনুপ্ৰাণিত কৰিব পাৰে – তাৰ বাবে আপুনি আপোনাৰ মনৰ দুৱাৰ খুলি ৰাখিলেই হ’ল – আৰু সদায়েই সেই দুৱাৰখন খুলিয়েই ৰাখিব লাগে৷

আদাম গ্ৰাণ্ট আপুনি কৈ আছে যে – সৃষ্টিশীলতা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত৷ সেইটোৱে আপোনাক বিতুষ্ট কৰে নেকি?

ক্ৰিষ্ট’ফাৰ ন’লান— হয় কৰে৷ কিন্তু তেতিয়া আপুনি টেনছনবোৰৰ সমাধা কৰিবলৈ আৰম্ভ কৰে৷ ক্ৰমশঃ সময়  আগুৱাই যায়, আৰু কোনটো পথ শুদ্ধ অথবা কোনটো ভুল – তেনেবোৰ দুশ্চিন্তাৰ বিষয়ে ভাবিবলৈ আপুনি বাদ দিয়ে৷ মই এতিয়া মোৰ মেজখনলৈ চাইছোঁ – য’ত সৰু-বৰ বিভিন্ন বস্তুৰ এটা বিয়াগোম সম্ভাৰ আছে; হয়তো সি অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু বস্তুৰ এনে সম্ভাৰ মই যে ভাল পাওঁ সেয়া বহু বছৰৰ আগতেই উপলব্ধি কৰিবলৈ লৈছিলোঁ৷

আদাম গ্ৰাণ্ট সত্য কাহিনীৰ ওপৰত আধাৰিত ‘ডানকাৰ্ক’ হ’ল আপোনাৰ নতুন পদক্ষেপ৷ ছবিখন কৰিবলৈ আপোনাক কিহে অনুপ্ৰাণিত কৰিলে?

ক্ৰিষ্ট’ফাৰ ন’লান— চিন্তাৰ বীজটো আজিৰ পৰা পঁচিশ বছৰৰ আগতেই ৰোপন কৰা হৈছিল – যেতিয়া মই আৰু মোৰ পত্নী এমাই আমাৰ বন্ধু এজনৰ সৰু নাও এখনত উঠি ‘চেনেল’ অতিক্ৰম কৰি আছিলোঁ৷ সেইটো অবিশ্বাস্যভাৱে এক কষ্টদায়ক অভিজ্ঞতা আছিল; আনকি তেতিয়া আমাৰ ওপৰত কোনোবাই বোমাও নিক্ষেপ কৰা নাছিল৷ ‘ডানকাৰ্ক’ৰ এই কাহিনীটো আমাৰ হাড়ে-হিমজুৱে আছে, যাক ব্ৰিটিছ মানুহে লালন কৰিছে৷ এয়া এক পৰাজয় আছিল… কিন্তু সেই পৰাজয়তো কিবা এটা বিস্ময়ৰ সূচনা হৈছিল৷ ইয়াৰ বাবে পুথিগত আৰু মৌলিক অনুক্ৰম এটা প্ৰায় আছিলেই৷ প্ৰয়োজন হৈছিল এটা ‘চমৎকাৰী উদ্ধাৰ অভিযান’ৰ; আৰু তাক আহৰণ কৰাটো৷ এয়া কোনো ব্যক্তিবিশেষৰ বীৰত্বপূৰ্ণ আখ্যান নহয়, এয়া এক গোষ্ঠীগত বীৰগাঁথা৷ একত্ৰিত হৈ এটা গোষ্ঠী আগুৱাই অহাটোৱেই হৈছে ‘ডানকাৰ্ক’ৰ লক্ষ্যণীয় বৈশিষ্ট্য৷ আধুনিক চিনেমাত এই কাহিনীটো কোনেও যে এতিয়ালৈকে কোৱা নাই – সেই কথাটোহে সামান্য আশ্চৰ্যজনক৷ আৰু এজন ছবিনিৰ্মাতা হিচাপে সেই অন্তৰালৰ প্ৰতি আপুনি সদায়েই চকু ৰাখে৷

আদাম গ্ৰাণ্টআপুনি ‘প্ৰত্যাখান পত্ৰৰ দ’ম’ বুলি অভিহিত কৰা নবৈৰ সেই সময়ছোৱা অতিক্ৰম কৰি এতিয়া বহুদূৰ আগুৱাই আহিল৷ আপুনি কিদৰে অভিৰোচিত (Motivated) হৈ আছিল?

ক্ৰিষ্ট’ফাৰ ন’লান— যিটো কথা মই খুব সোনকালে শিকিছিলোঁ আৰু যিটো শিকনিৰ বাবে মই কৃতজ্ঞ; সেয়া হৈছে – কেৱল ছবি এখন নিৰ্মাণ কৰিব লাগে কাৰণেই মই ছবি এখন নিৰ্মাণ কৰিব পাৰোঁ৷ কাহিনীকথনৰ প্ৰক্ৰিয়াটোৰ বাবে জৰুৰী হোৱা কাহিনী এটা কোৱাতহে কেৱল নিয়োজিত হ’ব পাৰোঁ, সমাপ্তিৰ ‘সোণালী তৰা’টোৰ বাবে নহয়৷ কথাটো পাকলগা৷ বিদ্যালয়ত উত্তৰবহীত আপোনাক ‘গ্ৰেড’ দিয়া হয় আৰু তেনেকৈয়ে আপোনাক আগুৱাই নিয়া হয়, আৰু তাৰপিছত আপুনি বাস্তৱ পৃথিৱীখনত প্ৰৱেশ কৰে আৰু উপলব্ধি কৰে যে এতিয়া কোনেও আপোনাৰ উত্তৰবহীত ‘গ্ৰেড’ দিবলৈ নাহে৷

‘কেৱল নিজক সন্তুষ্টি দিয়া’ৰ এই জগতখন আপুনি অতিক্ৰম কৰিব লাগিব, আপুনি কৰিব বিচৰা কামটো সম্পন্ন কৰি – কাৰণ কামটো আপুনি কৰিব বিচাৰে৷ সেইটো বৰ মূল্যৱান শিকনি আছিল৷ সত্যটো হ’ল – নিজৰ বিশ্বাসক আপুনি খামুচি ধৰি থাকিব লাগিব৷ দিনটোৰ শেষত – আপোনাৰ হাতত কেৱল থাকেগৈ আপোনাৰ বিশ্বাস, আপোনাৰ নিজৰ গভীৰ আৱেগখিনি৷ সমালোচনাক আপুনি আওকান কৰিব নোৱাৰে৷ কিন্তু কাহিনীটো আপুনি কয়, কাৰণ কাহিনীটো কৈ আপুনি ভাল পায়৷

 

No Comments

Post A Comment