ডিজিটেল পৃথিৱীৰ লগত অত্যধিক ঘনিষ্ঠতাই আমাৰ মগজুৰ কাৰ্যক্ষমতা হ্ৰাস কৰিছে নেকি?

“I regard the brain as a computer which will stop working when its components fail. There is no heaven or afterlife for broken-down computers; that is a fairy story for people afraid of the dark.” — Stephen Hawking.

পঞ্চম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক এটা ডিজিটেল কেলকুলেটৰ কিনি দিয়া হ’ল৷ তাক কোৱা হ’ল— “অংক কৰিবলৈ তই আৰু মগজুৰ শক্তি খৰছ কৰিব নালাগে৷ এতিয়াৰ পৰা এই কেলকুলেটৰটোৱেই তোৰ সব কাম কৰি দিব৷” ল’ৰাটোৱে যেন হাততে সৰগ ঢুকি পালে৷ কাৰণ এতিয়াৰ পৰা আৰু ৰাতিপুৱাই উঠি নেওতা মুখস্থ কৰিব নালাগে, দিনৰ দিনটো সেইবোৰ মগজুত কঢ়িয়াই ফুৰিব নালাগে, দীঘল দীঘল অংকবোৰ বহীত পাতি একাধিক কাগজ খৰচ কৰিব নালাগে৷ মুঠৰ ওপৰত আৰামেই আৰাম৷ সি মনে মনে ধন্যবাদ জনালে সেইজন মানুহক যিজনে এই ডিজিটেল কেলকুলেটৰ নামৰ চমৎকাৰী আহিলাবিধৰ সৃষ্টি কৰিছিল৷ মানুহজনৰ প্ৰতি তাৰ অন্তৰ অসীম শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে ভৰি পৰিল৷ ভৰি পৰাৰে কথা, স্মৃতিৰ গৰ্ভৰ পৰা অশেষ কষ্টৰে যোগৰ সৰু নেওতাখন বুটলি আনি ১৭৮ ৰ লগত ৫৯২ যোগ কৰিবলৈ তাক পূৰ্বতে সময় লাগিছিল পাঁচ মিনিটকতকৈ অধিক৷ আৰু এতিয়া! কেলকুলেটৰ অ’ন কৰা, ধুমধাম সংখ্যাকেইটা লিখা আৰু সমান চিনডালত(‘=’)ত কোমলকৈ হেঁচা এটা দি কেইমিলিছেকেণ্ডৰ বাবে অপেক্ষা কৰা৷ বাকী কাম কেলকুলেটৰটোৱে কৰে৷ তাৰ আয়তাকাৰ সৰু পৰ্দাখনত যেতিয়াই অংকৰ উত্তৰটো (৭৭০ সংখ্যাটো) জিলিকি উঠিব, তেতিয়াই আমাৰ ল’ৰাই সংখ্যাটো বহীত লিপিবদ্ধ কৰিব৷ প্ৰথমবাৰ সামান্য সংকোচেৰে আৰু শেষলৈ বিনাদ্বিধাই ল’ৰাজনে এই কামটো কৰিবলৈ ধৰিলে৷ দিন যোৱাৰ লগে লগে কেলকুলেটৰটোৰ লগত তাৰ ঘনিষ্ঠতা বাঢ়ি গ’ল৷ এসময়ত সি তাৰ পৰম বন্ধু হৈ পৰিল৷

বিদ্যালয়ত ছমহীয়া পৰীক্ষা৷ সেইদিনা অংক আছে৷ ফূৰ্তি মনেৰে হাতত কেলকুলেটৰটো লৈ সি বিদ্যালয়লৈ ৰাওনা হ’ল৷ পিছে পৰীক্ষাগৃহত উপস্থিত হৈয়েই সি নিৰ্বাক, নিস্তেজ হৈ পৰিল৷ তাৰ মুখৰ সমস্ত উজ্জ্বলতাক আঁউসীৰ ঘনঘোৰ অন্ধকাৰে গ্ৰাস কৰি পেলালে৷ কিয়? কাৰণ শিক্ষয়িত্ৰী বাইদেৱে পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰ কৰিবলৈ নিদিয়ে৷ নিৰাশ-বিমৰ্ষ মনেৰে সি অংকৰ প্ৰশ্নকাকতখনৰ ওপৰত চকু ফুৰালে৷ প্ৰশ্নৰ প্ৰথমটো অংক চিনাকি যেন অনুমান হোৱাত সি সেইটোৰ সমাধান কৰিবলৈ আগবাঢ়িল৷ কিন্তু এইয়া কি! তাৰ দেখোন একোৱেই মনলৈ অহা নাই৷ যোগৰ নেওতাখন আওৰাবলৈ গৈ সি পুনৰ বিবুদ্ধিত পৰিল৷ বিগত মাহকেইটাত ডিজিটেল কেলকুলেটৰটোৰ ওপৰত সি ইমানেই বেছি নিৰ্ভৰশীল হৈ পৰিছিল যে এতিয়া কেলকুলেটৰটোৰ অবিহনে সি অংকৰ পৃথিৱীত এটা খোজো ইফাল-সিফাল কৰিব পৰা নাই৷ সি ভালেপৰ যুঁজিলে৷ নিজৰ অসমৰ্থতা, অজ্ঞতা আৰু বুদ্ধিহীনতাত চৰম ব্যথিত হৈ কিছুবেলিৰ পিছত সি নিৰৱে উচুপিবলৈ ধৰিলে৷ এসময়ত সি তাৰ উকা উত্তৰবহীখন বাইদেউৰ হাতত জমা দিলে আৰু পৰীক্ষাগৃহৰ পৰা প্ৰস্থান কৰিলে৷

বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা অলপ দূৰৈত বাঁওফালে এটা প্ৰকাণ্ড পুখুৰী আছিল৷ খৰখোজেৰে গৈ সি সেই পুখুৰীটোৰ পাৰত উপস্থিত হ’ল৷ বেগত সুমুৱাই ৰখা কেলকুলেটৰটো সি উলিয়াই ল’লে৷ প্ৰচণ্ড ক্ষোভেৰে কেলকুলেটৰটোলৈ চাই ক্ষমাহীন ভাষাৰে সি ক’বলৈ ধৰিলে— “তোৰ কাৰণেই আজি মোৰ এই দশা হ’ল৷” ইয়াৰ পিছতে সি সংঘটিত কৰিলে আন এক অবিশ্বাস্য ঘটনা৷ আধুনিক পৃথিৱীৰ যিজন বন্ধুক সৌসিদিনালৈকে সি পৰম বিশ্বাসী বন্ধু হিচাপে জ্ঞান কৰি আছিল, এতিয়া সেইজন বন্ধু অৰ্থাৎ ‘ডিজিটেল কেলকুলেটৰ’টোক তাৰ জীৱনৰ এজন অন্যতম বিশ্বাসঘাতকৰ ৰূপত চিহ্নিত কৰি তাক পুখুৰীৰ গভীৰতালৈ নিক্ষেপ কৰিলে৷ ডিজিটেল কেলকুলেটৰৰ সৃষ্টিকৰ্তাৰ ওপৰত জাউৰিয়ে জাউৰিয়ে গালিবৰ্ষণ কৰি এসময়ত ল’ৰাজনে সেই ঠাই ত্যাগ কৰি ঘৰৰ দিশে ৰাওনা হ’ল৷

ওপৰত উল্লিখিত কাহিনীটো নিঃসন্দেহে কাল্পনিক৷ জাৰ্মানীৰ কৃতী স্নায়ুবিজ্ঞানী মেনফ্ৰেড স্পিটজাৰে চিনাক্ত কৰা ‘ডিজিটেল ডিমেনছিয়া’ সম্পৰ্কীয় কেতবোৰ নিবন্ধ পঢ়ি থাকোঁতে ল’ৰা আৰু কেলকুলেটৰৰ এই কাহিনীটোৱে মনত ঢৌ খেলি গ’ল৷ পিছে, ১০টকাৰ লগত ১৫টকা যোগ কৰিবলৈকো কেলকুলেটৰ ব্যৱহাৰ কৰা দোকানী লগ পোৱাৰ সৌভাগ্য আপোনাৰ নিশ্চয় কেতিয়াও নোহোৱাকৈ থকা নাই। এতিয়া প্ৰশ্ন হ’ল— ‘ডিজিটেল ডিমেনছিয়া’ (Digital Dementia) কি? যাৰ নাম গুগল চাৰ্ছ ইঞ্জিনলৈ গৈ টাইপ্ কৰি দিলেই অসংখ্য প্ৰবন্ধ-নিবন্ধৰ লিংক দৃশ্যমান হয়। তথ্য-প্ৰযুক্তিত আগবঢ়া পৃথিৱীৰ একাধিক দেশত যিটো বিষয়ে বিগত কেইটামান বছৰত বিশেষ চৰ্চা লাভ কৰিছে – সেইটোক জানো উলামূলা বস্তু বুলি ভাবিব পাৰি! তেনেহ’লে কিনো এই ডিজিটেল ডিমেনছিয়া?

এটা প্ৰশ্নৰ অৱতাৰণা কৰিয়েই আমি মূল বিষয়ৰ দিশে আগবাঢ়ি যাওঁ—

প্ৰশ্নটো হ’ল— “শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?”

এটা সৰল প্ৰশ্ন৷ এতিয়া উত্তৰ বিচৰাৰ পাল৷

পকেটৰ পৰা স্মাৰ্টফোনটো উলিয়ালোঁ, গোগললৈ গ’লোঁ আৰু গোট গোট আখৰেৰে টাইপ কৰিলোঁ— “শৰাইঘাটৰ ৰণ৷” এক ছেকেণ্ডো নালাগিল, শৰাইঘাটৰ ৰণৰ বিষয়ে একাধিক প্ৰবন্ধ-নিবন্ধ ম’বাইলৰ পৰ্দাত দৃশ্যমান হ’বলৈ ধৰিলে৷ তাৰে কোনোবা এটা লিংক অনুসৰণ কৰিলেই মই এতিয়া উল্লিখিত প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাম৷

সাধাৰণ দৃষ্টিৰে চাবলৈ গ’লে গোগল চাৰ্ছ ইঞ্জিনত এইদৰে উত্তৰ বিচৰা কাৰ্যটোত কোনোধৰণৰ অস্বাভাৱিকতা নাই৷ ইণ্টাৰনেটসৰ্বস্ব পৃথিৱীখনৰ আমি হ’লোঁ একো একোজন ব্যস্ত মানুহ৷ আৰু আধুনিক যুগৰ ব্যস্ত মানুহখিনিৰ পৰম বিশ্বাসী বন্ধু হৈছে ইণ্টাৰনেট আৰু স্মাৰ্টফোন৷ এই দুই বন্ধুৰ হাত ধৰি আমি এতিয়া আহি এনে এটা পৰ্যায়ত অৱস্থান কৰিছোঁহে যে ভাত-পানী নোখোৱাকৈ থাকিব পাৰিলেও ইহঁত দুটাৰ অবিহনে থাকিব নোৱাৰিম৷ পুৱা শুই উঠাৰ পৰা নিশা বিচনাত পৰালৈকে - দিনটোৰ প্ৰতিটো ছেকেণ্ডতে ইহঁত আমাৰ লগৰীয়া৷ দিনে-ৰাতিয়ে মদৰ নিচাত মতলীয়া হৈ থকা এজন মানুহৰ কাষৰ পৰা মদৰ বটলটো আঁতৰাই আনিলে মানুহজনে তীব্ৰ খং আৰু আক্ৰোশত যিদৰে চিৎকাৰ কৰি উঠিব, ঠিক সেইদৰে কোনোবাই আহি আমাৰ পকেটৰ পৰা স্মাৰ্টফোনটো কাঢ়ি নিলে আমাৰ মাজৰ বহুতেই মৰণকাতৰ আৰ্তনাদ কৰি উঠিব৷ ম’বাইল ফোন কিনি নিদিয়াৰ বাবে হাইস্কুলত পঢ়ি থকা ল’ৰা-ছোৱালীয়ে আত্মহত্যা কৰা নাইবা পিতৃ-মাতৃৰ সন্মুখত আত্মহত্যাৰ ভাবুকি প্ৰদান কৰাৰ দৰে চিন্তা উদ্ৰেককাৰী ঘটনা আজিৰ তাৰিখত আৰু নতুন হৈ থকা নাই৷ ম’বাইল ফোনটো ক্ৰমাৎ এটা নিচাজাতীয় সামগ্ৰীলৈ পৰিণত হৈছে বুলি ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব৷

পঠনীয়:  গণিত- এটা বিৰক্তিকৰ বিষয়!

কিন্তু ভাবিবলগীয়া কথাটো হ’ল— প্ৰযুক্তিজাত আহিলা যেনে— স্মাৰ্টফোন, আইফোন, ভিডিঅ’ গেইমছ, কম্পিউটাৰ আদিৰ অত্যধিক ব্যৱহাৰ আৰু ইণ্টাৰনেটৰৰ ওপৰত আমাৰ ক্ৰমবৰ্ধমান নিৰ্ভৰশীলতাই পৰম অমূল্য সম্পদ মগজুটোৰ বিপদ মাতি অনা নাইতো!

জাৰ্মানীৰ স্নায়ুবিজ্ঞানী মেনফ্ৰেড স্পিটজাৰে (Manfred Spitzer) ২০১২ চনত লিখি উলিউৱা ‘ডিজিটেল ডিমেনছিয়া’ (Digital Dementia) শীৰ্ষক গ্ৰন্থখনে ডিজিটেল পৃথিৱীৰ বাসিন্দাসকলক উক্ত প্ৰশ্নটোৰ মাজলৈ ঠেলি দি সচকিত কৰি তুলিছে৷ প্ৰযুক্তিৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হৈ পৰা মানুহ এজনৰ মগজুৰ বৌদ্ধিক স্থিতি মূৰত আঘাত পোৱা নাইবা মনস্তাত্ত্বিক বিকাৰৰ সন্মুখীন হোৱা আন এটা মানৱ-মগজুৰ দৰে হৈ পৰে৷ কোৱা হৈছে— প্ৰযুক্তিজাত আহিলাৰ অত্যধিক ব্যৱহাৰে মানুহৰ মগজুৰ বুদ্ধিদীপ্ততা স্তিমিত কৰে৷ (‘Alzheimers.net’ নামৰ ৱেবছাইটটোত ২০১৩ চনৰ ১২ নৱেম্বৰত প্ৰকাশিত “Overuse of Technology can lead to Digital Dementia” শীৰ্ষক প্ৰবন্ধটোত এই আলোড়ণকাৰী গ্ৰন্থখনৰ উদ্ধৃতি দি লিখা হৈছে— “Individuals who rely heavily on technology may suffer deterioration in cerebral performance such as short term memory dysfunction.”)

চাৰিবছৰৰ পূৰ্বে কোৰিয়াৰ ছিউলত সম্পন্ন হোৱা উক্ত বিষয় সম্বন্ধীয় এক সমীক্ষাত বহুতো তথ্য পোহৰলৈ আহে৷ প্ৰযুক্তিজাত আহিলাৰ সৈতে যিবোৰ দেশে অধিক সময় অতিবাহিত কৰে, সেইবোৰ দেশৰ ভিতৰত কোৰিয়াৰ স্থান প্ৰথম৷ এইয়া সেই সময়ৰ তথ্য৷ সমীক্ষাটোৰ অন্তত গম পোৱা গ’ল— কোৰিয়াৰ যুৱচামে প্ৰায় সাত ঘণ্টা সময় স্মাৰ্টফোন, আইপ’ড, কম্পিউটাৰ আদি লৈ বহি থাকে৷ অধিক চিন্তনীয় বিষয়টো হ’ল— প্ৰযুক্তিৰ ওপৰত অত্যধিক এই নিৰ্ভৰশীলতাই তেওঁলোকৰ মগজুৰ ওপৰত ক্ষতিকাৰক তথা ধ্বংসমুখী প্ৰভাৱ পেলাইছে৷

ছিউলৰে এজন চিকিৎসক বিউন জি-ঔন্(Byun Gi-won)ৰ মতে— ডিজিটেল পৃথিৱীৰ লগত অত্যধিক মিলা-মিছা কৰা মানুহৰ মগজুটোৰ বাঁওফালটোৰহে বিকাশ সাধন হয় আৰু মগজুৰ সোঁফালটো অবিকশিত হৈ থাকে৷ ("Heavy users are likely to develop the left side of their brains, leaving the right side untapped or underdeveloped.”)

ডিজিটেল পৃথিৱীলৈ সঘনাই অহা-যোৱা কৰিলে আমাৰ স্মৃতিশক্তিও ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়৷ ২০১৩ চনত কোৰিয়াত সম্পন্ন হোৱা অইন এটা অধ্যয়নে এই কথাকে কৈছে৷ অধ্যয়নৰ অন্তত পোহৰলৈ আহিছিল যে— দেশখনৰ ১৮ৰ পৰা ৩৯ বছৰৰ ভিতৰৰ ১৪ শতাংশ যুৱক-যুৱতীৰে স্মৃতিশক্তি দুৰ্বল আৰু এই হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে৷ কথাবোৰ ঠিক ওপৰত বৰ্ণনা কৰি অহা ল’ৰা আৰু কেলকুলেটৰৰ কাহিনীটোৰ দৰে হৈছে৷

আজিৰ পৰা সাত-আঠবছৰৰ পূৰ্বে এজন মানুহে এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ বিচাৰোঁতে যিমান চিন্তা কৰিছিল, যিমান মানসিক ব্যায়াম কৰিছিল, আজিৰ ইণ্টাৰনেটৰ যুগৰ মানুহে ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে (আগৰ মানুহবোৰ ব্যস্ত নাছিল নেকি!) ভাবিবলৈ সময়-সুযোগ গোটাব নোৱাৰে৷ উদাহৰণস্বৰূপে আগতে লেণ্ডফোনৰ পৰা ফোন কৰোঁতে মানুহে নম্বৰটো যেতিয়া ডায়েল কৰে, তেতিয়া নম্বৰটো মনত পেলাবলৈকে কিছু মানসিক পৰিশ্ৰম কৰে৷ কিন্তু এতিয়া আনৰ নম্বৰ বাদেই, মানুহৰ নিজৰ নাম্বাৰটোৱেই মনত নাথাকে৷ মানুহৰ মগজুৰ ঠাইত এতিয়া ভবা-চিন্তাৰ কাম কৰে গোগল, য়াহু আৰু পকেটতে ভৰাই থোৱা স্মাৰ্টফোনটোৱে৷

আজিকালি আৰু এখন ছবি আমাৰ সমাজত সহজলভ্য হৈ উঠিছে৷ এজন মানুহে লেপটপৰ সন্মুখত বহি কিবা টিপাটিপিও কৰি আছে, মাজে-সময়ে ম’বাইলটোলৈও পিৰিপ-পাৰাককৈ চাই আছে৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বাজি উঠা নটিফিকেছনৰ ধ্বনিৰ প্ৰতি সঁহাৰি জনাই তেওঁ ফে’চবুক, হোৱাটছ্ এপতো এপাক-দুপাক ভ্ৰমণ কৰিছে৷ তাৰ পৰা উলটি আহি তেওঁ পুনৰ লেপটপত দৃষ্টি নিবদ্ধ কৰিছে৷ এই দুটাৰ উপৰিও আমাৰ সঁহাৰি বিচৰা চৌদিশৰ উপাদানবোৰতো আছেই৷ সমগ্ৰ কথা মনলৈ আনি ক’ব পাৰি, আজিকালি আমি আমাৰ মগজুটোক একেটা সময়তে একাধিক কৰ্মত নিয়োজিত কৰিছোঁ৷ ইংৰাজীত যাক কোৱা হয় Multitasking৷ হয়তো কোনোবাই নিজৰ মগজুটোৰ শক্তিৰ বিষয়ে ক’বলৈ গৈ গৌৰৱেৰে ঘোষণা কৰিব পাৰে— ‘মই একেটা সময়তে ঢেৰ কাম কৰিব পাৰোঁ৷’ পিছে সেইয়া প্ৰকৃতাৰ্থত তেওঁৰ মগজুটোৰ ভৱিষ্যতৰ বাবে গৌৰৱৰ কথা নহয়৷ কিয় গৌৰৱৰ কথা নহয়, সেইয়া কৈছে বিশ্বৰ কেইখনমান আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যয়নে৷ এমআইটিৰ স্নায়ুবিজ্ঞানী এৰিক মিলাৰৰ মতে— যেতিয়া মানুহে ভাবে তেওঁ Multitasking কৰি আছে, তেতিয়া তেওঁ আচলতে খুব সঘনাই এটা কামৰ পৰা আন এটা কামলৈ নিজকে স্থানান্তৰিতহে কৰি আছে৷ আৰু যিমানেই সেই কামটো কৰা হয়, সিমানেই আমি আমাৰ মানসিক বুদ্ধিদীপ্ততাৰ স্তৰত কিবা এটা হেৰুৱাবলগীয়া হয়৷ (“when people think they’re multitasking, they’re actually just switching from one task to another very rapidly. And every time they do, there’s a cognitive cost in doing so”.) লণ্ডন বিশ্ববিদ্যালয়ত সম্পন্ন হোৱা এটা অধ্যয়নে কোৱা কথাষাৰ অধিক বিস্ফোৰক— Multitasking-ৰ ফলত আমাৰ বৌদ্ধিক সূচাংক (Intelligent Quotient) উদ্বেগজনকভাৱে হ্ৰাস হয়৷ এজন মানুহৰ IQ ১৫ পইণ্টলৈকে কমাই আনি মানুহজনৰ বৌদ্ধিক সক্ষমতাক এটি আঠ বছৰীয়া শিশুৰ সমতুল্য কৰি পেলাব পাৰে৷ ঘনাই Multitasking কৰা আৰু কমকৈ Multitasking  কৰা দুটা গোটৰ মাজত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে সম্পন্ন কৰা এটা গৱেষণাত পোহৰলৈ আহে যে— যিসকলে সঘনাই নিজৰ কাম সলনি কৰে সেইসকলে তেওঁলোকৰ চিন্তাবোৰক সঠিক আৰু সংযতভাৱে গঢ় দিবলৈ কিছু কষ্ট কৰিবলগীয়া হয়৷

পঠনীয়:  বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

প্ৰযুক্তিজাত আহিলা আৰু ইণ্টাৰনেট বৰ্জন - উক্ত আলোচনাৰ অন্তৰ্নিহিত উদ্দেশ্য মুঠেই নহয়৷ কথাষাৰ লিখি থ’লোঁ এইকাৰণেই যাতে কোনোবাই হাতত ফলা খৰি লৈ মোৰফালে চোঁচা লৈ নাহে৷ বোলোঁ— ‘আমি ডিজিটেল ইণ্ডিয়াৰ সপোন দেখি আছোঁ আৰু তই এইসোপা লিখি মানুহৰ মূৰ গৰম কৰিবলৈ আহিছ!’ দৰাচলতে কথাটো হ’ল প্ৰযুক্তি, ইণ্টাৰনেট, কম্পিউটাৰ, স্মাৰ্টফোন, ফে’চবুক নাইবা হোৱাটছ্ এপৰ মোহিনীজালখনে যাতে সৃষ্টিকৰ্তাই আমাক দিয়া অমূল্য উপহাৰ অৰ্থাৎ মগজুটোক ঘেৰি পেলাব নোৱাৰে, তাৰ বাবে ব্যক্তিগত স্তৰত কিছু সতৰ্কতা আৰু সচেতনতা অৱলম্বন কৰা৷ অৱশ্যে এইটো কথাও ঠিক যে— আমাৰ ইয়াত বানপানী নোহোৱালৈকে বান্ধৰ কাম নহয়৷ হ’লেও সোপা-ঢিলা পৰ্যায়ৰ৷ যিদিনা বৰষুণ পৰিব, বানপানী হ’ব, ৰাইজৰ নগুৰ-নাকতি হ’ব, সেইদিনাহে চাৰিওফালে শুনা যাব— ‘আমাক বচোৱা, আমাক বচোৱা৷’

যি কি নহওক, প্ৰযুক্তিজাত আহিলাৰে উভৈনদী হৈ পৰা পৃথিৱীখনত মানৱজাতি এতিয়া এনেদৰে আগবাঢ়ি যাব লাগিব যাতে লাঠিও নাভাঙে আৰু সাপো মৰে৷ অৰ্থাৎ, আমাৰ মগজুটোও সুস্থ-সবল হৈ থাকক আৰু ল’ৰাজনৰ দৰে হাতৰ কেলকুলেটৰটো পুখুৰীলৈ দলিয়াই পেলাবলগীয়া পৰিস্থিতিৰো উদ্ভৱ নহওক৷ নিউ ইউৰ্ক চিটিৰ এজন স্নায়ুবিজ্ঞানী কেৰোলিন ব্ৰুকিংটনে মগজুৰ ভিতৰতে ক’ৰবাত লুকাই থকা সৰু-সুৰা তথ্যবোৰ ইণ্টাৰনেটৰ সহায় নোলোৱাকৈ মানসিক কছৰতৰ জৰিয়তে উদ্ধাৰ কৰিবলৈ দিছে৷ উদাহৰণস্বৰূপে— ওপৰত সোধা শৰাইঘাটৰ যুদ্ধ সম্পৰ্কীয় প্ৰশ্নটো৷ আপোনাৰ বা মোৰ মগজুৰ কোনোবাখিনিত এইটো তথ্য হয়তো লুকাই আছে৷ অলপমান মগজু আৰু স্মৃতিশক্তিৰ লগত যুঁজিলেই উত্তৰটো আমি উলিয়াব পাৰিম৷ ঠিক সেইদৰে ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে নিৰ্মাণ কৰা অসমীয়া ছবিকেইখনৰ নাম কি? এ. আৰ. ৰহমানে সংগীত পৰিচালনা কৰা পাঁচখন ছবিৰ নাম কি? আজৰিপৰত এনেকুৱা কেইটামান প্ৰশ্ন সন্মুখত লৈ তাৰ উত্তৰ ভাবি থাকিলেও যথেষ্ট মানসিক কছৰৎ কৰা হয়৷ ব্ৰুকিংটনে আৰু কৈছে— টেবলেটজাতীয় আহিলাত কিতাপ নপঢ়ি ছপা কিতাপ অধ্যয়ন কৰিব লাগে৷ নিজৰ সুবিধাজনক বিচৰণথলীৰ পৰা আঁতৰি আহি মগজুটোক কেতবোৰ প্ৰত্যাহ্বানপূৰ্ণ কামত নিয়োজিত কৰিব লাগে৷ যিসকলে ব্যক্তিয়ে কম্পিউটাৰত বহিয়েই অ’ফিচৰ কাম-কাজ কৰিবলগীয়া হয়, সেইসকলে সপ্তাহৰ শেষত এইবোৰৰ পৰা আঁতৰি প্ৰকৃতিৰ মাজত বিচৰণ কৰিব লাগে৷ নতুন নতুন মানুহৰ লগত চিনাকি হ’ব লাগে, কথা-বতৰা পাতিব লাগে৷ আনহাতে তিম’থি লিয়েৰি (Timothy Leary) নামৰ হাৰ্ভাৰ্ডৰ মনোবিজ্ঞানীগৰাকীয়ে ইমেইলৰ ইনবক্স খুলিবৰ বাবে দিনটোত এক বিশেষ সময় আছুতীয়াকৈ ৰখাৰ পৰামৰ্শ আগবঢ়াইছে৷ এইখিনি সময়ৰ বাহিৰে দিনটোৰ অইন সময়ত ইনবক্সৰ কাষ চাপিবলৈ মানা কৰিছে৷ মজ্জিলা, গোগল ক্ৰম আদি একাধিক ব্ৰাউছাৰ নুখুলি মাত্ৰ এটা ব্ৰাউছাৰতে সকলো প্ৰয়োজনীয় তথ্য বিচৰাটো গ্ৰহণযোগ্য৷ তিম’থিয়ে আৰু কৈছে— কামৰ মাজে মাজে পাঁচ মিনিটীয়া এটা বিৰতি লৈ খোজ কঢ়া নাইবা গান শুনা আদি কামবোৰ কৰিব লাগে৷ ইয়াৰ ফলত মগজুৰ সতেজতা পুনৰ ঘূৰাই আনিব পাৰি৷ দৰকাৰী কাম এটা কৰি থকা সময়ত আমাৰ মনোযোগ আৰু চিন্তাশক্তি সেইটো কামতেই নিবিষ্ট হৈ থকা উচিত৷ কিন্তু মধুৰ তালত বাজি উঠা ফেচ’বুকৰ নটিফিকেশ্যনৰ নিৰৱচ্ছিন্ন শব্দই আজিকালি বহুতৰে মনোযোগ ভংগ কৰে৷ সেয়েহে কাম কৰি থকা সময়ত পৰাপক্ষত ফে’চবুক, মেছেঞ্জাৰ, হোৱাটছ্ এপ (Digital Distraction) আদি খুলিবই নালাগে৷

সৃষ্টিকৰ্তাই আমাক অপাৰ শক্তিসম্পন্ন মগজুটো উপহাৰ দিছে৷ ক’বলৈ গ’লে মগজুটো আমাৰ বাবে কোটিটকীয়া সম্পত্তি৷ কাইলৈ যদি কোনোবা এজন আপোনাৰ কাষলৈ আহি কয়— “মহাশয়, মই আপোনাক এশ কোটি টকা দিম৷ তাৰ বিনিময়ত আপুনি আপোনাৰ মগজুটোৰ ক্ষতি কৰিবলৈ দিব লাগিব৷’ আপুনি সন্মত হ’বনে! আপোনাৰ কথা নাজানো৷ মই পিছে হাজাৰ কোটিৰ বিনিময়তো মগজুৰ ক্ষতি কৰিবলৈ অপাৰগ৷ যদি আমাৰ মগজুটো আমাৰ ইমানেই আপোন আৰু মৰমৰ, তেন্তে ইচ্ছাকৃতভাৱেই হওক নাইবা অনিচ্ছাকৃতভাৱেই হওক ইয়াৰ জানো অনিষ্ট সহিব পাৰি! গতিকে প্ৰযুক্তিজাত আহিলা আৰু ইণ্টাৰনেটৰ ‘অন্ধ প্ৰেমিক’ নহৈ ‘সচেতন ব্যৱহাৰকাৰী’ হওঁ আহক৷

[কৃতজ্ঞতা স্বীকাৰ— মঞ্জুলী বা আৰু পঙ্কজ দা; আপোনালোক দুয়োকে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ৷ যিহেতু আপোনালোকৰ উৎসাহজনক মন্তব্য আৰু আন্তৰিকতাপূৰ্ণ অনুৰোধ স্মৰণ কৰিয়েই এসময়ৰ ক্ষুদ্ৰাকৃতিৰ টোকাটিক বৰ্তমানৰ এই সাজযোৰ পিন্ধাব পাৰিলোঁ৷]

No Comments

Sorry, the comment form is closed at this time.