[ই-বুক] বিজ্ঞান আৰু বোলছবি : বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক দহখন ছবিৰ কথাৰে

“Every science fiction movie I have ever seen, any one that’s worth its weight in celluloid, warns us about things that ultimately come true.” -Steven Spielberg.

পাৰ হৈ যোৱা সময়ত কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ ৰূপ-ৰং আৰু সৌন্দৰ্যৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে। প্ৰযুক্তি-বিদ্যাৰো চৰম বিকাশ সাধন হৈছে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চিত্ৰ-নিৰ্মাতাসকলে বিশাল বাজেটৰ কল্প-বিজ্ঞানধৰ্মী ছবি নিৰ্মাণত লাগিছে। মনোমুগ্ধকৰ পৰিৱেশ-ৰচনা আৰু অতুলনীয় আদৱ-কায়দাৰে কাল্পনিক চৰিত্ৰ সৃষ্টি কৰি এই ছবিসমূহে অগণন বিশ্ববাসীৰ চকুত চমকনি তুলিছে। ক্ৰিষ্টোফাৰ নলানৰ দৰে বুধিয়ক ছবি-নিৰ্মাতাই নিত্য-নতুন বিষয়বস্তুৰে সমৃদ্ধ অনন্য-সুন্দৰ ছবি দৰ্শকৰ বাবে আগবঢ়াই দিছে।

ইয়াৰে দহখন প্ৰিয় কল্প-বিজ্ঞানধৰ্মী ছবিৰ বিষয়ে লিখিবলৈ লৈ ঠিক কৰিলোঁ যে দহখন ছবিৰ তালিকাত কেৱল কল্প-বিজ্ঞানধৰ্মী ছবিয়েই নাৰাখি প্ৰখ্যাত বিজ্ঞানীৰ জীৱন-আধাৰিত দুখনমান ছবিৰ বিষয়েও লিখা উচিত। উদ্দেশ্য আছিল— ইয়াৰ জৰিয়তে মহান বিজ্ঞানীকেইগৰাকীৰ কৰ্ম আৰু জীৱনক স্পৰ্শ কৰাটো। পাৰিলে দুই-এজন উৎসাহী পাঠকক বিজ্ঞানী দুজনমানৰ বিষয়ে অৱগত কৰোৱাটো। এই উদ্দেশ্যে কল্পবিজ্ঞান, বিজ্ঞান, প্ৰযুক্তি, বিজ্ঞানী বিষয়ক দহখন ছবিৰ বিষয়ে লিখা হ’ল। সমালোচকৰ দৃষ্টিৰে নহয়, এজন সাধাৰণ দৰ্শকৰ দৃষ্টিৰেহে ছবিকেইখনৰ বিষয়ে এক কাহিনীভিত্তিক আলোচনা লিখিবলৈ প্ৰয়াস কৰা হৈছিল।

সেই লেখাসমূহ গোটাই এখনি ই-বুক প্ৰস্তুত কৰা হৈছে। তলৰ লিংকটোত ক্লিক কৰি ই-বুকখন ডাইনল’ড কৰিব পাৰিব—

বিজ্ঞান আৰু বোলছবি : বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক দহখন ছবিৰ কথাৰে [ই-বুক] [6MB]

 

No Comments

Post A Comment