বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৯) আইনষ্টাইন এণ্ড এডিংটন

“Proof is the idol before whom the pure mathematician tortures himself.”

— Arthur Eddington.

এটা আলোচনাগৃহৰ পৰা ওলাই অহাৰ সময়ত এই বিশেষ মানুহজনক উদ্দেশ্যি তেওঁৰ এজন বন্ধুৱে মন্তব্য কৰিছিল— “বুজিছে, আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব মাত্ৰ তিনিজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে বুজি পায় বুলি আমি জানো৷”

বিশেষ মানুহজন সামান্য চিন্তিত হৈ পৰিল৷ মানুহজনে সামান্য ইতস্ততঃবোধ কৰা যেন দেখি তেওঁৰ বন্ধুজনে এইবাৰ ক’লে— “বুজিছে, প্ৰাপ্য প্ৰশংসাৰ বাবে ব্যক্তি ইমান বিনয়ী হ’ব নালাগে৷”

এইবাৰ বিশেষ মানুহজনে স্বভাৱসুলভ সৰলতাৰে সঁহাৰি জনালে— “মই কেৱল তৃতীয় ব্যক্তিগৰাকী কোন জানিব খুজিছোঁ৷”

বন্ধুজন আছিল লুডৱিক ছিলবেৰষ্টেইন৷ এজন পদাৰ্থবিজ্ঞানী৷ বিশেষ মানুহজন আছিল চাৰ আৰ্থাৰ ষ্টেনলি এডিংটন৷ সেইদিনা (৬ নৱেম্বৰ, ১৯১৯) ৰয়েল ছ’ছাইটিত আইনষ্টাইনৰ আপেক্ষিকতাবাদ সন্দৰ্ভত এটা সমৰ্থনসূচক বক্তৃতা আগবঢ়াই দৰ্শকসকলক চিন্তা আৰু বিস্ময়ৰ সাগৰত ডুবাই বাহিৰলৈ ওলাই আহিছিল এডিংটন৷ আহি থাকোঁতেই বন্ধু ছিলবেৰষ্টেইনৰ সামান্য কটাক্ষৰে ভৰা প্ৰশ্নটোৰ সন্মুখীন হৈছিল এডিংটন৷ আপেক্ষিকতাবাদৰ মৰ্মাৰ্থ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা যি তিনিজন ব্যক্তিৰ কথা ছিলবেৰষ্টেইনে উনুকিয়াইছিল, সেই তিনিজনীয়া তালিকাত তেওঁ নিজৰ নামটোও সন্মানসহকাৰে সন্নিৱিষ্ট কৰিছিল৷ কিন্তু এডিংটনৰ পৰা অহা আওপকীয়া উত্তৰে তেওঁক তেওঁৰ প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত কৰিলে৷

আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা সেইসময়ৰ পৃথিৱীখনৰ খুব কমসংখ্যক মানুহৰ ভিতৰত অন্যতম মানুহ ছাৰ আৰ্থাৰ ষ্টেনলি এডিংটনে যৌৱনৰ প্ৰথম সময়ছোৱাতে ৰয়েল গ্ৰিনৱিছ বীক্ষণাগাৰত মুখ্য সহকাৰী হিচাপে নিযুক্তি পাইছিল৷ সেইসময়ত জ্যোতিৰ্বিজ্ঞানীৰ আকাল নাছিল৷ কিন্তু প্ৰখৰ মেধাসম্পন্ন এডিংটনক যিটো বিষয়ৰ শিক্ষাই সমসাময়িক জ্যোতিৰ্বিজ্ঞানীসকলৰ পৰা পৃথক কৰিছিল সেই বিষয়টো আছিল ‘অংক’৷ প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ মাজত ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত যি এক প্ৰতিশোধমূলক আৰু ঘৃণাসূচক সম্বন্ধই থিতাপি লৈছিল, সেই সম্বন্ধক নেওচি এডিংটনে যি উদাৰনৈতিক দৃষ্টিভংগীৰে উদ্বুদ্ধ হৈ যুদ্ধবিধ্বস্ত সময়ত বৰণহীন হৈ পৰা ৰাজনৈতিক, সামাজিক, আনকি বৈজ্ঞানিক মহলৰো বাধা-নিষেধাজ্ঞা প্ৰতিহত কৰি জাৰ্মান বিজ্ঞানী আইনষ্টাইনৰ যুগান্তকাৰী তত্ত্বটোৰ গৱেষণা কৰিবলৈ মন মেলিছিল, তেনে এটা দৃষ্টিভংগীৰে অনুপ্ৰেৰিত হৈ আগবাঢ়ি অহা ব্ৰিটিছ বিজ্ঞানীও সেইসময়ত কোনো নাছিল৷ তাৰ পৰিৱৰ্তে উচ্চবৰ্গীয় বিজ্ঞানীমহলে নিউটনৰ প্ৰচলিত ধাৰণাটোৰহে পুনঃপ্ৰতিষ্ঠা কৰিবলৈ আগ্ৰহ দেখুৱাইছিল৷

২০০৮ চনৰ ২২ নৱেম্বৰত ‘বিবিচি টু’যোগে সম্প্ৰচাৰিত হোৱা “আইনষ্টাইন এণ্ড এডিংটন” (Einstein and Eddington) নামৰ ছবিখনে এডিংটন নামৰ তুলনামূলকভাৱে কম পৰিচিত বিজ্ঞানীজনৰ জীৱন আৰু কৰ্মৰ সৈতে বিশ্বৰ দৰ্শকসমাজৰ লগত পৰিচয় কৰাই দিলে আৰু আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদৰ সূত্ৰক সবলভাৱে প্ৰতিষ্ঠা কৰাৰ আঁৰত যে এডিংটন নামৰ জ্যোতিৰ্বিজ্ঞানীজনৰ অসামান্য চিন্তা, পৰিশ্ৰম আৰু অধ্যৱসায় জড়িত হৈ আছে — সেইয়া পুংখানুপুংখভাৱে দেখুৱালে৷

অত্যাধুনিক সা-সঁজুলিৰে পূৰ্ণ ৰয়েল এষ্ট্ৰনমিকেল ছ’ছাইটিৰ নামাংকিত বিয়াগোম কেইটামান বাকচ ৰছীৰ সহায়েৰে টানি টানি পাহাৰৰ চূড়ালৈ উঠোৱাৰ কষ্টসাধ্য দৃশ্য এটাৰে ছবিখনৰ আৰম্ভণি ঘটিছে৷ ১৯১৯ চনৰ এটা ফৰকাল পুৱাৰ ঘটনা৷ আকাশৰ পৰা প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকা আৰু কুহেলিকা ইতিমধ্যে মাৰ গৈছিল৷ এডিংটন আৰু তেওঁৰ বিশ্বস্ত বন্ধু তথা সহকৰ্মী ডাইছন পশ্চিম আফ্ৰিকাৰ এক দুৰ্গম এলেকাত৷ বিজ্ঞানী আইনষ্টাইনে আৱিষ্কাৰ কৰা আৰু ইতিমধ্যেই চৰ্চা লাভ কৰা বিশেষ তত্ত্বটোৰ সত্যাসত্য নিৰূপণ কৰাটোৱেই আছিল তেওঁলোকৰ এই যাত্ৰাৰ মূল উদ্দেশ্য৷

নিউটনৰ দ্বাৰা প্ৰতিষ্ঠিত মধ্যাকৰ্ষণৰ ধাৰণাটোৱে আইনষ্টাইনক আশ্বস্ত কৰিব পৰা নাছিল৷ প্ৰচলিত ধাৰণাটোৰ প্ৰতি জন্মা অসন্তুষ্টিয়েই আইনষ্টাইনক আপেক্ষিকতাবাদৰ বিশেষ তত্ত্বটো আৱিষ্কাৰ কৰিবলৈ একপ্ৰকাৰ অনুপ্ৰেৰিত কৰিছিল৷ আৰু আপেক্ষিকতাবাদৰ এই তত্ত্বকে মূলধন হিচাপে লৈ ব্ৰহ্মাণ্ডৰ ৰহস্য অন্বেষণ কৰিবলৈ আইনষ্টাইন আগবাঢ়ি আহিছিল৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তাত্ত্বিক ধাৰণাটোৰ বিশ্বাসযোগ্যতা, সত্যতা আৰু নিৰ্ভৰশীলতা প্ৰমাণ কৰাৰ উৎকৃষ্ট বিকল্পটো আছিল এটা সূৰ্যগ্ৰহণ৷ ১৯১৯ চনৰ ২৯ মে’ৰ সূৰ্যগ্ৰহণ৷ আইনষ্টাইনৰ সূত্ৰানুযায়ী— সূৰ্যক বেৰি থকা নক্ষত্ৰকেইটাই নিৰ্গত কৰা পোহৰ ৰশ্মি সৰলৰৈখিক নহয়, ইয়াৰ গতিৰ তাৰতম্য ঘটে৷ অৰ্থাৎ সেই ৰশ্মিবোৰৰ পূৰ্বৰ স্থান সামান্য পৰিমাণে সলনি হয়৷ ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ মহাকৰ্ষণিক ক্ষেত্ৰ৷ পিছে পোহৰৰ ৰশ্মি বেঁকা হোৱাৰ দৃশ্যৰাজি সাধাৰণ দিন এটাত লক্ষ্য কৰিব নোৱাৰি৷ সূৰ্যৰ উজ্জ্বলতম পোহৰৰ বাবে সেই নক্ষত্ৰকেইটা পৰিষ্কাৰ ৰূপ এটা দৃশ্যমান হ’ব নোৱাৰে৷ সেইয়া সম্ভৱ মাথোঁ সূৰ্যগ্ৰহণৰ সময়ত, যেতিয়া সূৰ্যৰ পোহৰৰ তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস পাব আৰু সূৰ্যৰ চৌদিশে থকা নক্ষত্ৰকেইটা দৃশ্যমান হ’ব৷

নক্ষত্ৰৰ পোহৰ বেঁকা হৈ যোৱা দৃশ্য ফটোগ্ৰাফিক প্লেটত ধৰি ৰখাৰ আকাংক্ষাৰেই আৰ্থাৰ এডিংটন আৰু তেওঁৰ বন্ধু ডাইছন উপস্থিত হৈছিলগৈ পশ্চিম আফ্ৰিকাৰ প্ৰিন্সিপেই (PRINCIPE) নামৰ ঠাইডোখৰত৷ তেওঁলোকৰ কষ্ট সাৰ্থক হৈছিল৷ নিউটনৰ প্ৰতিষ্ঠিত ধাৰণাক একাষৰীয়া কৰি আইনষ্টাইনৰ আপেক্ষিকতাবাদে নিশাটোৰ ভিতৰতে খ্যাতিৰ শিখৰত আৰোহণ কৰিছিল৷ কোৱাটো নিষ্প্ৰয়োজন, ছাৰ আৰ্থাৰ এডিংটনে অশেষ কষ্ট স্বীকাৰ কৰি, নিউটনীয়ান ধাৰণাৰ অন্ধসমৰ্থকসকলৰ বিৰোধিতা ওফৰাই, প্ৰকৃতিৰ প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই এই দুৰ্গম ঠাইত আপেক্ষিকতাবাদৰ পৰীক্ষামূলক পৰ্যবেক্ষণটো নকৰাহেঁতেন আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই বিশ্বব্যাপি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰু কেইদশকমান ৰ’ব লাগিলহেঁতেন৷

এইজন এডিংটনৰ জন্ম হৈছিল ১৮৮২ চনত বৰ্তমানে কাম্ব্ৰিয়া নামে জনাজাত, ইংলেণ্ডৰ এখন ঠাইত৷ দেউতাক আৰ্থাৰ হেনৰি এডিংটন আছিল কোৱেকাৰ (Quaker) বিদ্যালয়ৰ প্ৰধান শিক্ষক৷ কোৱেকাৰ হৈছে জৰ্জ ফক্স নামৰ ব্যক্তি এজনে প্ৰতিষ্ঠা কৰা এটা ধাৰ্মিক বিশ্বাস৷ কোৱেকাৰসকলে হিংসা-যুদ্ধৰ বিৰোধী আৰু শান্তি-মৈত্ৰীৰ পৃষ্ঠপোষক৷ তেনে এটা শান্তিপ্ৰিয় পৰিয়ালতে জন্ম লৈছিল এডিংটনৰ৷ এডিংটনৰ মাকৰ নাম ছাৰা এন স্বাউট৷

এডিংটন

পঢ়া-শুনাত এডিংটনে সৰুৰেপৰাই আগৰণুৱা আছিল৷ প্ৰখৰ মেধা আৰু বুদ্ধিমত্তাৰ গৰাকী শিশু এডিংটন গণিত আৰু ইংৰাজী সাহিত্যত অত্যন্ত পাৰদৰ্শী আছিল৷ ১৮৯৮ চনত এটা জলপানি লাভ কৰি এডিংটন মানচেষ্টাৰৰ ওৱেনছ্ কলেজলৈ পঢ়িবলৈ যায়৷ পদাৰ্থ বিজ্ঞান আৰু গণিতৰ শিক্ষক ক্ৰমে আৰ্থাৰ হাষ্টাৰ (Arthur Schuster) আৰু হৰেচ লেম্বে (Horace Lamb) এডিংটনক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল৷ ১৯০২ চনত তেওঁ প্ৰথম শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে৷ স্মৰণযোগ্য যে, তীক্ষ্নধী ছাত্ৰ এডিংটনে শিক্ষাগ্ৰহণৰ কালছোৱাত কেইবাটাও জলপানি লাভ কৰিছিল৷

১৯০৫ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনৰ ত্ৰিনিটি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এডিংটনে ‘Thermionic Emission’ বিষয়ত গৱেষণা আৰম্ভ কৰে৷ অৱশ্যে এডিংটনে গৱেষণাত আকাংক্ষিত ফল নাপালে৷

এডিংটনৰ জীৱনৰ এটা সোণালী অধ্যায়ৰ সূচনা ঘটাইছিল তেওঁৰ জ্যেষ্ঠ সহকৰ্মী ই. টি. হুইটেকাৰে (E. T. Whittaker)৷ তেওঁ গ্ৰীণৱিছ ৰয়েল বীক্ষণাগাৰলৈ এখন পৰামৰ্শসূচক পত্ৰ প্ৰেৰণ কৰিছিল য’ত এডিংটনৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছিল আৰু বীক্ষণাগাৰৰ এটা বিশেষ পদত এডিংটনক মকৰল কৰিবলৈ অনুৰোধ জনোৱা হৈছিল৷ পত্ৰত উল্লিখিত ব্যক্তিজনৰ কৰ্ম, পাণ্ডিত্যৰ গুৰুত্ব উপলব্ধি কৰি বীক্ষণাগাৰত এডিংটনক নিয়োজিত কৰা হ’ল৷

১৯০৬ চনত এডিংটনে ৰয়েল গ্ৰীণৱিছ বীক্ষণাগাৰৰ মুখ্য সহকাৰীৰ পদত নিযুক্তি পালে৷ এডিংটনে পৰৱৰ্তী মাহতে গ্ৰীণৱিছলৈ ৰাওনা হ’ল৷ ১৯০০ চনতে আৰম্ভ হোৱা এটা বিশেষ বিষয়ত এডিংটনে বিস্তৰ অধ্যয়ণ আৰু বিশ্লেষণ কৰাত লাগিল৷ এই অধ্যয়নৰ অন্তত উদ্ভাৱন কৰা নতুন পাৰিসাংখ্যিক প্ৰক্ৰিয়াটোৰ বাবে ১৯০৭ চনত এডিংটনক ‘স্মিথ’ পুৰস্কাৰেৰে সন্মানীত কৰা হয়৷

১৯১২ চনত জৰ্জ ডাৰউইন(চাৰ্লছ ডাৰউইনৰ পুত্ৰ)ৰ আকস্মিক মৃত্যুৰ পিছত এডিংটনক তেওঁৰ পদটোলৈ পদোন্নতি ঘটোৱা হয়৷ এডিংটন হৈ পৰিল ‘জ্যোতিৰ্বিজ্ঞান আৰু পৰীক্ষামূলক দৰ্শনৰ প্লুমিয়ান অধ্যাপক’ (Plumian Professor of Astronomy and Experimental Philosophy)৷ সেই সময়ত এডিংটনৰ বয়স আছিল ২৫ বছৰ৷ সেই বছৰৰে শেষৰফালে তাত্ত্বিক ‘ল’নডিন আসন’(Theoretical Lowndean Chair)ত কাৰ্যনিৰ্বাহ কৰি থকা ৰবাৰ্ট বলৰো পৰলোকপ্ৰাপ্তি হয়৷ আৰু তাৰ ঠিক পিছৰটো বছৰতেই এডিংটন হৈ পৰিল কেমব্ৰিজ বীক্ষণাগাৰৰ সঞ্চালক (Director)৷

এডিংটনে জীৱনকালত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছিল৷ ১৯১৪ চনত এডিংটন ৰয়েল ছ’ছাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ১৯১৮ চনত ৰয়েল মেডেল লাভ কৰে৷ ১৯৩০ চনত এডিংটনক ‘নাইট’ সন্মানেৰে বিভূষিত কৰা হয়৷ ১৯৩৮ চনত প্ৰদান কৰা হয় ‘অৰ্ডাৰ অৱ মেৰিট’ বঁটা৷ ‘ষ্টেলাৰ মুভমেণ্টচ্ এণ্ড ষ্ট্ৰাকচাৰ অৱ দ্য ইউনভাৰচ’, ‘দা নেইচ্চাৰ অৱ দ্য ফিজিকেল ৱৰ্ল্ড’, ‘ফিল’চফি অৱ ফিজিকেল চায়েন্স’ ইত্যাদিকে ধৰি কেইবাখনো মননশীল, বিজ্ঞানধৰ্মী গ্ৰন্থৰ লেখক এডিংটনে তৰাৰ অভ্যন্তৰভাগৰ তাত্ত্বিক অনুসন্ধান আৰু ইয়াৰ লগত জড়িত জ্যোতিৰ্বৈজ্ঞানিক পদ্ধতিৰ বিকাশ সাধনত মনোনিৱেশ কৰিছিল৷ এডিংটনৰ মতবাদে ক’ব খোজে যে তৰাবোৰৰ আভ্যন্তৰীণ উষ্ণতা কেইবা মিলিয়ন ডিগ্ৰী৷ ১৯২৪ চনত এডিংটনে তৰাৰ ‘ভৰ-সংদীপ্তি সম্পৰ্ক’ (Mass-Luminosity Relation) আৱিষ্কাৰ কৰে, যিটো উল্লেখযোগ্য আৱিষ্কাৰে ভৱিষ্যতৰ জ্যোতিৰ্বৈজ্ঞানিক অনুসন্ধানৰ এখন নতুন দ্বাৰ মুকলি কৰি দিয়ে৷ এইক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণিৰ প্ৰতি স্বীকৃতি জনাই তৰাৰ সংদীপ্তিৰ প্ৰাকৃতিক সীমাক (Natural Limit to the luminosity of stars) এডিংটন সীমা (Eddington Limit) হিচাপে নামাংকিত কৰা হয়৷ ১৯২০ চনৰ পৰা ১৯৩০ চনলৈকে এডিংটনে তেওঁৰ দ্বাৰা আৱিষ্কৃত এই আৰ্হিৰ বিকাশ আৰু সংবৰ্দ্ধনৰ কামত মনোনিৱেশ কৰে৷

পঠনীয়:  বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (৭) দা ইমিটেছন গেইম

এইখিনিতে এডিংটনৰ জীৱনৰ এটা বিশেষ বিতৰ্কৰ কথা উল্লেখনীয়, যিটো বিতৰ্কত সাঙোৰ খাই আছে ভাৰতীয় মূলৰ মাৰ্কিন জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ, ন’বেল বঁটা বিজয়ী সুব্ৰমণিয়াম চন্দ্ৰশেখৰৰ নামটো৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব আৰু প্ৰিন্সিপেইত আৰ্থাৰ এডিংটনৰ পৰীক্ষামূলক পৰ্যবেক্ষণে বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰাৰ পিছৰ কথা৷ তৰা এটাৰ ভিতৰভাগত যদি আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰয়োগ কৰা হয়, তেতিয়া কি হ’ব? এই বিশেষ প্ৰশ্নৰ সমাধানসূত্ৰ বিচাৰিবলৈ গৈ চন্দ্ৰশেখৰ নামৰ অপাৰ মেধাসম্পন্ন ভাৰতীয় যুৱকজনে শেষত দেখিলে যে তৰাৰ সমস্ত পোহৰ ম্লান হোৱাৰ পিছত তৰাবোৰে ক্ৰমাৎ এটা দীৰ্ঘস্থায়ী ধ্বংসমুখী পথলৈ আগবাঢ়ে আৰু শেষত মহাকাশ আৰু সময়ৰ মাজৰ এটা ফাঁকেৰে সৰকি যায়৷ শেষমুহূৰ্তত ই এনে এটা পৰ্যায়ত উপনীত যায়, যাৰ মাজেৰে একোৱেই পাৰ হৈ যাব নোৱাৰে; আনকি পোহৰো৷ কৃষ্ণগহ্বৰৰ অস্তিত্ব সম্পৰ্কে প্ৰতিস্থাপিত আৰু প্ৰমাণিত হোৱা এইটোৱেই আছিল প্ৰথমটো গাণিতীক প্ৰমাণ, যিটো প্ৰমাণ কৰি দেখুৱাইছিল যুৱক চন্দ্ৰশেখৰে৷ কেম্ব্ৰিজত ভৰি থোৱাৰ আগতেই চন্দ্ৰশেখৰে এই তত্ত্বটো আৱিষ্কাৰ কৰিছিল৷ কেম্ব্ৰিজৰ পণ্ডিতসকলে চন্দ্ৰশেখৰৰ ধাৰণাৰ গুৰুত্ব উপলব্ধি কৰিব — এই প্ৰত্যাশা বুকুত বান্ধি চন্দ্ৰশেখৰে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনত পদাৰ্পণ কৰিছিল৷ কিন্তু চন্দ্ৰশেখৰৰ আশাত চেঁচাপানী পৰিল, যেতিয়া চন্দ্ৰশেখৰৰ ধাৰণা তীক্ষ্ণধী পণ্ডিতসকলৰ সন্মুখত গুৰুত্বহীন হৈ পৰি থাকিল৷ সেইসময়ত আকৌ এডিংটন জনপ্ৰিয়তা আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল৷ কোৱাটো নিষ্প্ৰয়োজন, আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ বিখ্যাত পৰীক্ষামূলক অভিযানটোৱেই এডিংটনলৈ যশস্যা আৰু খ্যাতি কঢ়িয়াই আনিছিল৷ ইয়াৰ উপৰিও সেইসময়ত এডিংটন ব্যস্ত আছিল কোৱাণ্টাম পদাৰ্থ বিজ্ঞান আৰু আপেক্ষিকতাবাদৰ তত্ত্বৰ ধাৰণাক সন্মিলিত কৰি এটা যুগান্তকাৰী নতুন ধাৰণা বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ অসামান্য কামটোত৷ সেইজন এডিংটন এইবাৰ আগুৱাই আহিল চন্দ্ৰশেখৰৰ দ্বাৰা আৱিষ্কৃত ধাৰণাটোক সমৰ্থন কৰিবলৈ৷ কেৱল সমৰ্থন কৰাতে ক্ষান্ত নাথাকি এডিংটনে আশ্বাস দিলে যে ৰয়েল ছ’ছাইটিৰ সভাত তেওঁ চন্দ্ৰশেখৰৰ মতটোক ৰাজহুৱা কৰিব৷ স্বাভাৱিকতেই এইয়া আছিল চন্দ্ৰশেখৰৰ বাবে পৰম আনন্দ আৰু সীমাহীন সুখৰ বতৰা৷

চন্দ্ৰশেখৰ

অৱশেষত সেই দিনটো আহিল৷ ১৯৩৫ চনৰ ১১ জানুৱাৰী৷ ৰয়েল ছ’ছাইটিৰ ভব্য-গব্য সন্মানীয় অতিথিবৃন্দৰ সন্মুখত নিজৰ মত যুক্তিসহকাৰে উপস্থাপন কৰি চন্দ্ৰশেখৰ নিজৰ আসনত বহিল৷ এতিয়া মাথোঁ অপেক্ষা মহান এডিংটনে তেওঁৰ মতক স্বীকৃতি দিয়া মুহূৰ্তটোলৈ৷ অধীৰ আগ্ৰহ আৰু ব্যাকুলতাৰে চন্দ্ৰশেখৰে এডিংটনৰ ঘোষণালৈ অপেক্ষা কৰিলে৷ পিছে চন্দ্ৰশেখৰৰ গভীৰ আশা আৰু ইচ্ছাক চূড়ান্তভাৱে অপমান কৰি এডিংটনে সংঘটিত কৰিলে এনে এটা নাভ্ৰুত-নাশ্ৰুত কাণ্ড, যিটো কাণ্ড দেখি চন্দ্ৰশেখৰ হতবাক-বিস্মিত হৈ পৰিল৷ এইয়া যে তেওঁৰ সপোনৰো অগোচৰ! চন্দ্ৰশেখৰৰ ধাৰণাটোক স্বীকৃতি দিয়াতো দূৰৰে কৰা, এডিংটনে চন্দ্ৰশেখৰৰ ধাৰণাটোৰ মৰ্মাৰ্থকো দ্ব্যৰ্থহীন ভাষাৰে নাকচ কৰিলে৷ চন্দ্ৰশেখৰৰ ধাৰণাক তেওঁ পোনছাটেই কাল্পনিক, অসত্য বুলি কৈ উঠিল আৰু কৃষ্ণগহ্বৰৰ সমস্ত ধাৰণাক নস্যাৎ কৰিলে৷ বিশাল আকৃতিৰ এটা তৰা কেনেকৈ আৰু কিদৰে অদৃশ্য হৈ পৰিব পাৰে বুলি এডিংটনে জোৰদাৰ প্ৰশ্ন উত্থাপন কৰিলে৷ যদিও এডিংটনৰ বক্তব্য অতিৰঞ্জিত আৰু আৱেগসৰ্বস্ব আছিল, যদিও তেওঁৰ বক্তব্য ক্ষোভ আৰু যুক্তিহীনতাৰ বিষ্ফোৰণ আছিল, তৎসত্ত্বেও ৰয়েল ছছাইটিৰ সদস্যসকলে এডিংটনৰ মতক প্ৰতিহত কৰিবলৈ আগবাঢ়ি অহা নাছিল৷ কিয়নো সেই সময়ত এডিংটনেই আছিল সৰ্বেসৰ্বা৷ গতিকে খ্যাতি আৰু যশস্যাৰ উচ্চাসনত বহি থকা এইজন এডিংটনৰ অনাকাংক্ষিত, অবাঞ্ছিত বিষ্ফোৰণে চন্দ্ৰশেখৰৰ দীৰ্ঘদিনীয়া সপোনটো লম্ফজম্ফ কৰি পেলালে৷

চন্দ্ৰশেখৰ আৰু এডিংটনৰ মাজত এই বহুচৰ্চিত বিতৰ্কৰ অৱসান হওঁতে ভালেমান দিন লাগিছিল৷ নিৰ্দিষ্ট সময়ৰ অন্তৰালত দুয়োজন একোখন বৌদ্ধিক তৰ্কযুদ্ধত লিপ্ত হৈছিল৷ কিন্তু কোনো স্থায়ী সমাধান ওলোৱা নাছিল৷ সেই ঘটনাৰ চাৰি বছৰৰ পিছত, পেৰিছত হোৱা এটা সাক্ষাতত এডিংটনে দাবী কৰিলে যে— এডিংটন আৰু চন্দ্ৰশেখৰৰ মাজৰ পৰা প্ৰকৃত বিজয়ীজনক বাছি উলিউৱাটো তেতিয়াহে সম্ভৱ হ’ব যেতিয়া এই বিতৰ্কিত বিষয়টোৰ সত্যতা জানিবলৈ কোনোবাই পৰীক্ষা কৰিব৷ কিন্তু তেনে কোনো পৰীক্ষা এতিয়ালৈকে হোৱা নাই৷ পিছে এডিংটনৰ অনুমানক ভুল প্ৰমাণিত কৰিলে সেই স্থানতে উপস্থিত থকা প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী গেৰাৰ্ড কুইপাৰে৷ কুইপাৰ আছিল ‘শুকুলা বাওনা’ (White Dwarfs) সম্বন্ধীয় বিষয়ত এজন অভিজ্ঞ বিজ্ঞানী৷ তেওঁ কৈ উঠিল যে— শেহতীয়াকৈ তেওঁ এনে কেতবোৰ তথ্য, প্ৰমাণ সংগ্ৰহ কৰিছে যিবোৰে প্ৰমাণ কৰে যে চন্দ্ৰশেখৰৰ তাত্ত্বিক ধাৰণা সম্পূৰ্ণ সত্য৷ সেইবোৰে চন্দ্ৰশেখৰৰ ধাৰণাটোক সমৰ্থন কৰে৷ সভা ভগাৰ পিছত এডিংটন চন্দ্ৰশেখৰৰ কাষলৈ আহিল আৰু ক’লে যে— “তোমাক যদি মই দুখ দিছোঁ তাৰ বাবে মই দুঃখিত৷” প্ৰত্যুত্তৰত চন্দ্ৰশেখৰে কৌতূহলী হৈ সুধিলে— “আপুনি আপোনাৰ মত সলাইছে নেকি?” উত্তৰত এডিংটনে ক’লে— “নাই৷” “তেন্তে ক্ষমা খোজাৰ প্ৰয়োজন কি?” — এইবুলি কৈ চন্দ্ৰশেখৰে সেই ঠাই পৰিত্যাগ কৰিলে৷ পাছলৈ দুয়োজনৰ মাজত কেতবোৰ চিঠি-পত্ৰৰ আদান-প্ৰদান হৈছিল যদিও উক্ত বিতৰ্কৰ সন্দৰ্ভত আলোচনা হোৱা নাছিল৷ এবাৰ ত্ৰিনিটিত ভেটাভেটি হওঁতে চন্দ্ৰশেখৰে এডিংটনক পুনৰ সুধিছিল যে— চন্দ্ৰশেখৰৰ তত্ত্বই এডিংটনৰ প্ৰতিষ্ঠিত তত্ত্বটোক নস্যাৎ কৰিলেহেঁতেন নেকি? যদিও এডিংটনে চন্দ্ৰশেখৰৰ প্ৰতি এইবাৰ সমৰ্থনসূচক সঁহাৰি জনাইছিল, তথাপি এডিংটনৰ দ্বাৰা সূচনা হোৱা এই সমগ্ৰ বিতৰ্কৰ নেপথ্যৰ প্ৰকৃত ৰহস্য এটা ‘ৰহস্য’ হৈয়েই থাকি গ’ল৷

এতিয়া পুনৰ উভতি আহোঁ ‘আইনষ্টাইন এণ্ড এডিংটন’ ছবিখনৰ মাজলৈ৷ ছবি বুলি কোৱা হৈছে যদিও প্ৰকৃততে এইখন এখন টিভি ড্ৰামাহে৷ ওপৰত কৈ অহা হৈছেই যে বিবিচি-টু নামৰ চেনেলটোত এই ড্ৰামাখন সম্প্ৰচাৰিত হৈছিল৷ ছবিখনত আইনষ্টাইনৰ ভূমিকাত অৱতীৰ্ণ হৈছে এন্দ্ৰি চাৰ্কিছ আৰু এডিংটনৰ ভূমিকা পালন কৰিছে ডেভিড টেনেণ্টে৷ আন এজন বিখ্যাত বিজ্ঞানী মেক্স প্লেংকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ডনাল্ড ছাম্পটাৰে৷ এডিংটনৰ ভগ্নী ৱিনিফ্ৰেড এডিংটনৰ চৰিত্ৰ-ৰূপায়ণকাৰী ৰেবেকা হলো ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ৷ আইনষ্টাইনৰ প্ৰথমা পত্নী মিলেভা আৰু দ্বিতীয়া পত্নী এলিছাৰ ভূমিকাত নামভূমিকাত অৱতীৰ্ণ হৈছে যথাক্ৰমে লুছি কহু আৰু যধি মেয়ে৷ কোম্পানী পিক্‌চাৰছ আৰু বিবিচিয়ে প্ৰযোজনা কৰা ছবিখন নিৰ্মাণত এইছ.বি.অ’ চেনেলেও সহযোগিতা আগবঢ়াইছে৷ পিটাৰ ম’ফাটে ৰচনা কৰা কাহিনীৰ পৰিচালনা কৰিছে ফিলিপ মাৰ্টিনে৷ প্ৰায় ঊনানব্বৈ মিনিটজোৰা ছবিখনত কুৰি শতিকাৰ প্ৰথম তিনিটা দশকৰ ঘটনাবহুল পৃথিৱীখনত সংঘটিত হোৱা একাধিক ঘটনাৰ বৰ্ণনা কৰা হৈছে৷

এলবাৰ্ট আইনষ্টাইনৰ পাৰিবাৰিক সংঘাতক ছবিখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে৷ মিলেভাৰ সৈতে মানসিক দ্বন্দ্ব, দুই পুত্ৰৰ লগত জড়িত আৱেগক নেওচি আইনষ্টাইনৰ বাৰ্লিনলৈ যাত্ৰা, বাৰ্লিনত সম্বন্ধীয় এলিছাৰ লগত প্ৰণয়, প্ৰথম পত্নী মিলেভাৰ সন্মুখত নতুন প্ৰেমৰ গোপনীয়তা ভংগ, এলিছাৰ সৈতে এৰাএৰি, আপেক্ষিকতাবাদৰ তত্ত্বৰ সত্য প্ৰতিষ্ঠিত হোৱাৰ পিছতে আইনষ্টাইনৰ জীৱনলৈ এলিছাৰ পুনৰাগমন — আইনষ্টাইনৰ প্ৰত্যাহ্বানপূৰ্ণ পাৰিবাৰিক জীৱনৰ মিলন-সংঘাত-বিৰহক একাদিক্ৰমে ছবিখনত দেখুউৱা হৈছে৷ বিজ্ঞানী মেক্স প্লেংকৰ লগত আইনষ্টাইনৰ বন্ধুত্বসুলভ সম্পৰ্ককো ছবিখনত চিত্ৰিত কৰা হৈছে৷ প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকময় মুহূৰ্তত জাৰ্মানীৰ খ্যাতনামা বিজ্ঞানীসকলৰ স্বাক্ষৰসম্বলিত "Manifesto to the Civilized World" শীৰ্ষক জাননীখনত আইনষ্টাইনে স্বাক্ষৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কথাটো সৰ্বজনবিদিত, যিখন জাননীত ৯৩জন আগশাৰীৰ মানুহে জাৰ্মানীৰ সামৰিক বাহিনীৰ সিদ্ধান্ত আৰু কাৰ্যকলাপৰ সন্মতি জনাই সমৰ্থনসূচক স্বাক্ষৰ কৰিছিল৷ যুদ্ধত ব্যৱহাৰাৰ্থে আইনষ্টাইনৰ এদল সতীৰ্থই এক বিষাক্ত গেছ (Poison Gas) তৈয়াৰ কৰিছিল যিটো কথা আইনষ্টাইনে মুঠেই পছন্দ কৰা নাছিল আৰু বিজ্ঞানক হত্যা কৰাৰ দৰে অপকাৰী কামত প্ৰয়োগ কৰা হৈছে বুলি ক্ষোভ উজাৰিছিল৷ মেক্স প্লেংক, ফ্ৰিজ হাৰ্বাৰকে ধৰি কেইবাজনো জ্যেষ্ঠ ব্যক্তিয়ে কমন ৰূমত বহি আলোচনাত মগ্ন  হৈ থকা অৱস্থাত আইনষ্টাইনে উন্মাদৰ দৰে প্ৰৱেশ কৰিছিল আৰু মেজত ঢকিয়াই ঢকিয়াই বিষাদজৰ্জৰ কণ্ঠেৰে প্ৰশ্ন কৰিছিল— “এইবোৰ কি পগলামি”? (What is this madness?) এইবোৰ ব্যতিক্ৰমী স্বভাৱ আৰু কল্যাণকামী চিন্তাধাৰাই আইনষ্টাইনক আন বিজ্ঞানীসকলৰ পৰা পৃথক কৰিছে বুলি ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব৷ যদিও আইনষ্টাইনৰ পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ পথছোৱা একাঁ-বেঁকা, সংঘাতেৰে পৰিপূৰ্ণ, তথাপি স্বীকাৰ কৰিব লাগিব আইনষ্টাইন শিশুৰ দৰে কোমল মন এটাৰ গৰাকী আছিল৷ বিজ্ঞানৰ জটিল আৱেষ্টনীৰ মাজত আৱদ্ধ হৈও আইনষ্টাইনৰ দৃষ্টিভংগী আছিল সৰল, উদাৰ আৰু জীৱনমুখী৷ আইনষ্টাইনৰ এটা সুনিৰ্দিষ্ট আৰু পৰিকল্পিত জীৱন-দৰ্শনত বিশ্বাস কৰিছিল আৰু কোনোপধ্যেই তেওঁ নিজৰ আদৰ্শ আৰু নীতিৰ লগত বুজাবুজি কৰিবলৈ আগ্ৰহী নাছিল৷ উল্লেখনীয় যে, এলিছাৰ দ্বাৰা প্ৰত্যাখিত হৈ হতাশগ্ৰস্ত প্ৰেমিকৰ দৰে মাজৰাস্তাৰে ঢলংপলঙকৈ খোজ কাঢ়ি আহি থাকোঁতেই আইনষ্টাইনৰ চিন্তাজগতত আৱদ্ধ হৈছিলহি আপেক্ষিকতাবাদ সম্পৰ্কীয় এটা চমৎকাৰী ধাৰণা৷ পথৰ ওপৰেৰে বিভিন্ন গতিৰে গৈ থকা গাড়ীবোৰৰ বিসদৃশ আৰু একা-বেঁকা গতিৰ দৃশ্যই বিষাদগ্ৰস্ত আইনষ্টাইনৰ চকুহাললৈ হঠাতে কঢ়িয়াই আনিছিল বিস্ময়মিশ্ৰিত পৰম আনন্দ৷ আৰ্থাৰ এডিংটনৰ পৰা অহা এখন প্ৰশ্নসূচক চিঠিৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিলে আইনষ্টাইনে৷ দিনৰাতি কামত নিমজ্জিত হৈ আইনষ্টাইনে মেক্স প্লেংকৰ হতুৱাই সেই চিঠিখন এডিংটনলৈ প্ৰেৰণ কৰিছিল৷ আৰু সেই চিঠিখনক ভেটি হিচাপে লৈয়েই এডিংটনে পশ্চিম আফ্ৰিকাৰ অভিযানটোৰ পৰিকল্পনাৰ যুগুত কৰিছিল৷ আপেক্ষিকতাবাদৰ তত্ত্ব সম্বন্ধীয় ধাৰণাটোক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ আইনষ্টাইনে অমানুষিক শ্ৰম কৰিছিল আৰু ইয়াৰ পৰিণতিত তেওঁ দেহত বেমাৰে বাহ লৈছিল৷ সেইসময়ত তেওঁৰ কাষত তেওঁৰ প্ৰেমিকা এলিছাও নাছিল৷ নিজৰ কাম শেষ কৰিয়েই আইনষ্টাইনে পুনৰ প্ৰাক্তন পত্নী মিলেভাৰ কাষলৈ গৈছিল৷ ৰুগ্ন দেহাৰে জধলা আইনষ্টাইনক পৰিচৰ্যা কৰাত ব্যস্ত হৈ পৰা মিলেভাই আইনষ্টাইনক কৈছিল— “Your work has made you ill. I hope what you have been doing is worth all this sacrifice.” প্ৰত্যুত্তৰত আইনষ্টাইনৰ মুখৰ পৰা নিগৰি ওলাইছিল কেইশাৰীমান অবিস্মৰণীয় জীৱনমুখী বাক্য যিকেইশাৰী বাক্য আইনষ্টাইন নামৰ মানুহজনৰ কষ্টসহিষ্ণুতা, কৰ্মপ্ৰেম, দায়িত্ববোধ আৰু বিশ্বস্নেহৰ জীৱন্ত নিদৰ্শন বুলি ক’ব পাৰি— We have to do the best that we are capable of. That is our sacred human responsibility. Anything less is unforgivable. I had to do the work. My theory is too beautiful to be wrong. Somebody will prove it.”

আইনষ্টাইন

নক’লেও হ’ব যে আইনষ্টাইনৰ সেই “Somebody”জন আন কোনো নহয়, আৰ্থাৰ ষ্টেনলি এডিংটন৷ যিজন মানুহৰ অপৰিসীম দৃঢ়তা, অসামান্য একাগ্ৰতা আৰু প্ৰখৰ বুদ্ধিমত্তাই আইনষ্টাইনক কৰি তুলিছিল নিশাটোৰ ভিতৰতে ‘নায়ক’ আৰু আপেক্ষিকতাবাদক কৰি তুলিছিল যাউতিযুগীয়া৷

পঠনীয়:  গাণিতিক জীৱবিজ্ঞান বা জৈৱ-গণিত (Mathematical Biology or Bio-mathematics)

এডিংটন আৰু আইনষ্টাইনৰ মাজত এক চৰিত্ৰগত বিশেষ সাদৃশ্য আছিল৷ অসূয়া-অপ্ৰীতি আৰু যুদ্ধৰ পৰিৱৰ্তে দুয়োজনেই সমাজত শান্তি আৰু ঐক্যস্থাপন হোৱাটো বিচাৰিছিল৷ দুয়োজনেই বিচাৰিছিল— বিজ্ঞানক মানুহ আৰু পৃথিৱীয়ে প্ৰগতি আৰু উত্তৰণৰ বাটকটীয়া হিচাপে গ্ৰহণ কৰক৷ তেওঁলোকে বিচাৰিছিল— পৃথিৱীখন অশান্তিকৰ আৰু আঁসোৱাপূৰ্ণ কৰাৰ অপচেষ্টাত বিজ্ঞানক যাতে ব্যৱহাৰ কৰা নহয়৷ তেওঁলোকৰ সেই কল্যাণমুখী দৃষ্টিভংগী ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপিত হৈছে৷

এডিংটনৰ এজন পৰম মিত্ৰ আছিল, নাম যাৰ উইলিয়াম মাৰ্চটন৷ বিশ্ববিদ্যালয়ৰ সময়তেই দুয়োৰে মাজত এক অভিন্ন সম্পৰ্ক গঢ় লৈ উঠিছিল৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ত এইজন মাৰ্চটন যুদ্ধক্ষেত্ৰত নামিবলগীয়া হৈছিল৷ য়াপ্ৰেছৰ দ্বিতীয় যুদ্ধত জাৰ্মানৰ সৈন্যই ব্যৱহাৰ কৰা ক্লৰিন গেছে প্ৰায় পোন্ধৰ হাজাৰ ইংৰাজ সৈন্যৰ প্ৰাণ গৈছিল৷ সেই পোন্ধৰ হাজাৰ সৈন্যৰ ভিতৰত এডিংটনৰ বন্ধু মাৰ্চটনো আছিল৷ মাৰ্চটনৰ মৃত্যুৱে এডিংটনক অসহ্যকৰ বেদনা আৰু শূন্যতাই গ্ৰাস কৰিছিল৷ অৱশ্যে এই চমৰ পীড়াদায়ক দুৰ্ঘটনাই এডিংটনক তেওঁৰ লক্ষ্যপথৰ পৰা বিচলিত কৰিব পৰা নাছিল৷ জাৰ্মান বিজ্ঞানী আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সত্যতা প্ৰতিপন্ন কৰাৰ অনুমতি বিচাৰি তেওঁ তেওঁৰ জ্যেষ্ঠ বিজ্ঞানীসকলৰ লগত তৰ্কত লিপ্ত হৈছিল৷ য়াপ্ৰেছৰ যুদ্ধত নিজ পুত্ৰক হেৰুওৱাৰ পিছত যেতিয়া জাৰ্মান বিজ্ঞানৰ বিৰোধিতা আৰু গালিবৰ্ষণত ছাৰ অলিভাৰ ল’জ মুখৰ হৈ পৰিছিল তেতিয়া এডিংটনে নিজৰ মনোভাৱ ব্যক্ত কৰি ছাৰ অলিভাৰ চকুত চকু থৈ কৈছিল— “The pursuit of truth in science transcends national boundaries. It takes us beyond hatred and anger and fear.”

পশ্চিম আফ্ৰিকাৰ যুগান্তকাৰী অভিযানটোৰ সফল সমাপ্তি ঘটাই এডিংটন আৰু বন্ধু ডাইছনে কেম্ব্ৰিজৰ এটা প্ৰেক্ষাগৃহত গণ্য-মান্য ব্যক্তিসকলৰ সন্মুখত প্ৰকৃত সত্য উন্মোচন কৰে৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদক সমৰ্থন কৰি এডিংটনে তেওঁৰ চিৰপৰিচিত সাৱলীল কথনভংগীৰে প্ৰদান কৰা বক্তৃতাটোৱে উপস্থিতসকলৰ পৰা জাউৰিয়ে জাউৰিয়ে হাতচাপৰি লাভ কৰে৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ দৃঢ় সমৰ্থনকাৰীৰ ৰূপত অৱতীৰ্ণ হোৱা এডিংটনে শেষত গভীৰ আত্মবিশ্বাসেৰে কৈছিল— “I can hear god thinking.”

সেই ঘটনাৰ এবছৰৰ পিছত কেম্ব্ৰিজত আইনষ্টাইনৰ লগত এডিংটনৰ সাক্ষাৎ ঘটে৷ দুয়োজন মহান বিজ্ঞানীৰ সাক্ষাতৰ স্মৰণীয় মুহূৰ্তটোতেই ছবিখনৰ যৱনিকা পৰে৷

ছবিখনৰ ‘Closing Credit’ত দৃশ্যমান হ’ল তাৎপৰ্যবহনকাৰী কেইশাৰীমান বাক্য, যিকেইশাৰী বাক্যতেই ছবিখনৰ মূল বক্তব্য আৰু ছবি-নিৰ্মাণৰ প্ৰকৃত উদ্দেশ্যটো সোমাই আছে বুলি ভাবিবৰ থল আছে—

“Eddington’s proof made Einstein famous and instantly transformed the little-known scientist into one of the most recognizable people in the world.

Einstein General Theory of Relativity and its extraordinary predictions - the big bang, black holes in space and the expanding universe - has astonished and inspired each new generation.

Arthur Eddington was less happy in the spotlight, and spent the rest of his life trying to unite his scientific knowledge with his religious faith. Today his work is largely forgotten.”

— ∞ —

(১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

(৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

(৫) দা মাৰ্টিয়ান

(৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

(৭) দা ইমিটেছন গেইম

(৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

(৯) আইনষ্টাইন এণ্ড এডিংটন

(১০) দা মেন হু নিউ ইন্‌ফিনিটি

No Comments

Sorry, the comment form is closed at this time.