ফিব’নাচ্চিৰ ফুলৰ পাহি

ৰাজা আৰু ৰাণী দুয়ো ভাই-ভনী। ৰাজা ৰাণীতকৈ ছবছৰে ডাঙৰ। ৰাজা সপ্তম শ্ৰেণীত পঢ়ে আৰু তাৰ ভনীয়েক ৰাণী পঢ়ে প্ৰথম শ্ৰেণীত। ৰাজাই পঢ়া-শুনা কৰি ভাল পায় আৰু আজৰি সময়ত কিতাপ এখন হাতত লৈ আইতাকৰ ওচৰত বহে। আইতাকে পঢ়া-শুনা নাজানে। ৰাজাই কিতাপ পঢ়ি থাকোতে যদি কিবা আমোদজনক ঘটনা পঢ়িবলৈ পায়, সি আইতাকক পঢ়ি শুনায়। আইতাকে বুজি পালে হাঁহে আৰু বুজি নাপালেও হাঁহি হাঁহি কয়, “বোপা! কথাষাৰ মই বুজি নাপালো। কিন্তু তই ইমান ডাঙৰ ডাঙৰ কথাবোৰ বুজি পোৱা হলি! এনেকৈয়ে পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ, বোপাই!” ৰাজাই আকৌ আইতাকৰ এনেকুৱা ধৰণৰ কথাবোৰ বুজি নাপায়। সেইবাবে বাৰে বাৰে আইতাকক একেটাই প্ৰশ্ন সোধে, “পঢ়া-শুনা নকৰাকৈ ডাঙৰ মানুহ কিয় হ’ব নোৱাৰো, আইতা? আমাৰ ৰাণীয়ে দেখোন পঢ়া-শুনা নকৰেই। অনবৰতে ছবি আঁকি থাকে। কেতিয়াবা পখিলাৰ পিছে পিছে দৌৰি গৈ শিলত খুন্দা খাই উভতি আহে। কালিতো তাই জিঞা এজনীক সূতা এডালেৰে বান্ধি “হেলিকপ্টাৰ! হেলিকপ্টাৰ! ৰাণীয়ে চলায় হেলিকপ্টাৰ!” বুলি চোতালত দৌৰি ফুৰিছিল। তাইচোন ছবিৰ কিতাপৰ বাহিৰে বেলেগ কিতাপ নোচোৱেই। তাই কি তাৰমানে ডাঙৰ মানুহ নহ’ব নেকি, আইতা?” ৰাজাৰ এইধৰণৰ কথাবোৰ শুনি আইতাকে মনে মনে ৰয়। আইতাকে কোৱা “ডাঙৰ মানুহ”বোৰৰ কথা ৰাজাই বুজি নাপায়।

এদিনাখনৰ কথা। সেইদিনা আছিল দেওবাৰ। কণমাণি “ৰাণী”জনী গৈছিল ছবি অঁকা স্কুললৈ আৰু কিতাপ পঢ়ি ভালপোৱা “ৰাজা”জন গৈছিল তাৰ বন্ধু অমনৰ ঘৰলৈ। সি প্ৰত্যেক দেওবাৰেই অমনৰ ঘৰলৈ যায়। কাৰণ প্ৰতিটো দেওবাৰেই অমনৰ দেউতাকে বজাৰৰ পৰা সিহঁত দুয়োটালৈ কিতাপ কিনি আনে আৰু গণিতৰ ৰসলগা কথাবোৰ সাধুকথাৰ নিচিনাকৈ কৈ শুনায়। সিহঁতে শুনি আমেজ পায়। অমনৰ দেউতাকৰ এটা পুথিভঁৰাল আছে। ৰাজাই সেইবোৰ কিতাপ এনেয়ে লিৰিকি-বিদাৰি থাকে। কিতাপৰ গোন্ধ সি ভাল পায়। অমনৰ দেউতাক এজন গণিতৰ শিক্ষক। বেলেগ গণিতৰ শিক্ষকৰ নিচিনাকৈ তেওঁ গণিত বিষয়টোক ভয় লগাকৈ নিশিকায়। তেওঁ প্ৰায়ে কয়, “গণিত হৈছে সাধুকথাৰ নিচিনাকৈ ৰসলগা, আমেজলগাৰ লগতে এটা একেবাৰে সৰল বিষয়। যিবোৰ শিক্ষকে গণিত বিষয়টো খুব ভালকৈ বুজি পায়, তেওঁলোকে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক গণিতৰ আচল ৰূপটোহে দেখায়— তাৰমানে ৰসলগা আৰু সৰল দিশটোৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়ে।” অমনৰ দেউতাকে সেইকথা কোৱাৰ লগতে মনে-প্ৰাণেও বুজে।

সেই দেওবাৰৰ দিনাখন, অমনৰ দেউতাকে সিহঁতক কিছুমান আচৰিত আচৰিত সংখ্যাৰ কথা ক’লে। প্ৰথমতে সিহঁত দুয়োকে মাটিত “এক (১)” অংকটো লিখিবলৈ দিলে। সেই “এক (১)” অংকটোৰ কাষত আৰু এটা “এক (১)” অংক লিখিবলৈ ক’লে। সিহঁত দুয়ো কাষত দিয়া ধৰণে লিখিলে— ১ ১।

তাৰপিছত দুয়োটা “১” যোগ কৰি সিহঁতৰ কাষত পাতিবলৈ দিলে। সিহঁতে লিখিলে— ১ ১ ২।

এইবাৰ একেবাৰে শেষৰ অংক দুটা যোগ কৰি “২”ৰ কাষত পাতিবলৈ ক’লে। তাৰমানে “১” আৰু “২” অংক দুটা যোগ কৰি সিহঁতৰ কাষত পাতিবলৈ দিলে। ৰাজা আৰু অমনে কোৱা ধৰণে লিখিলে— ১ ১ ২ ৩।

এইবাৰ আকৌ শেষৰ অংক দুটা যোগ কৰি “৩”ৰ কাষত পাতিবলৈ দিলে। সিহঁতে এনেকৈ লিখিলে— ১ ১ ২ ৩ ৫।

তাৰপিছত আকৌ শেষৰ অংক দুটা যোগ কৰি “৫”ৰ কাষত লিখিবলৈ ক’লে। সিহঁতে লিখিলে— ১ ১ ২ ৩ ৫ ৮।

ঠিক তেনেকৈ শেষৰ অংক দুটা যোগ কৰি কৰি অমনৰ দেউতাকে সিহঁত দুয়োটাক পাতি গৈ থাকিবলৈ ক’লে। সিহঁতেও কামটিত আমেজ পাই যোগ কৰি কৰি লিখি গৈ থাকিল, এনেদৰে— ১ ১ ২ ৩ ৫ ৮ ১৩ ২১ ৩৪ ৫৫….।

কিছুসময় পিছত ৰাজাই মাত লগালে, “খুড়াদেউ, বহুত লিখিলো। শেষেই নহয় দেখোন।” অমনৰ দেউতাকে মিচিকিয়া হাঁহি এটা মাৰি সিহঁতক আৰু লিখিব নালাগে বুলি ক’লে। তাৰপিছত তেওঁ ৰাজা আৰু অমনক সিহঁতৰ ফুলনিখনৰ পৰা তিনিপাহ বেলেগ বেলেগ ফুল ছিঙি আনিবলৈ ক’লে। সিহঁত তৎক্ষণাৎ দৌৰি গৈ তিনিপাহ ভিন্ন ভিন্ন ফুল আনি তেওঁৰ হাতত জমা দিলে। সেই ফুল তিনিপাহৰ এপাহি ফুল নিজৰ হাতত ৰাখি বাকী দুপাহ সিহঁতক এপাহ এপাহকৈ ভগাই দিলে আৰু ক’লে, “তোমালোক দুয়োয়ে নিজৰ নিজৰ হাতত থকা ফুলটিত কেইটা কেইটা পাহি আছে, গন্তি কৰি মোক কোৱা।” সিহঁতে অতি মনোযোগেৰে গণনা কৰাত লাগিল। অলপ পিছতে অমনে মাত লগালে, “দেউতা, মোৰ হাতত থকা ফুলপাহিত পাঁচ(৫)টা পাহি আছে।” কিছুসময় পিছত ৰাজাই উত্তৰ দিলে, “খুড়াদেউ, মোৰ হাতত থকা ফুলপাহিত তেৰ(১৩)টা পাহি আছে।” তাৰপিছত অমনৰ দেউতাকে তেওঁৰ নিজৰ হাতত থকা ফুলটিৰ পাহিৰ সংখ্যা গন্তি কৰিলে আৰু ক’লে, “মোৰ তাত থকা ফুলপাহিত আঠ(৮)টা পাহি আছে।”

অমনৰ দেউতাকে কৈ গ’ল, “এতিয়া তোমালোক দুয়োটাই সেই মাটিত লিখা সংখ্যাৰ শাৰীটিলৈ মন কৰা— ১ ১ ২ ৩ ৫ ৮ ১৩ ২১ ৩৪ ৫৫….। ৰাজা, তুমি ফুলৰ পাহিৰ সংখ্যা গণনা কৰি “১৩” পাইছিলা নহয়, সেই “১৩” সংখ্যাটো তুমি মাটিত লিখা সংখ্যাৰ শাৰীটোত আছেনে নাই?” ৰাজাই অলপ আচৰিত হৈ ক’লে, “আছে খুড়াদেউ, আছে।” কিবা এটা যেন ৰস পাই অমনেও ক’লে, “দেউতা, মই ফুলৰ পাহি গন্তি কৰি “৫” পাইছিলো। এইয়া চোৱা, মই লিখা সংখ্যাৰ শাৰীটোতো “৫” অংকটো আছে।” অমনৰ দেউতাকে তেতিয়া ক’লে, “মই ফুলৰ পাহিৰ সংখ্যা “৮” পাইছিলো। “৮” অংকটো তোমালোকৰ সংখ্যাৰ শাৰীটোত আছেনে নাই, চাই কোৱাচোন বাৰু!” দুয়ো অতি উৎসাহেৰে ক’লে, “আছে, আছে।”

“দেখিলা, মই তোমালোকক এটা যাদুকৰী সংখ্যাৰ শাৰী উপহাৰ দিলো। ভৱিষ্যতে যি ফুলেই নেদেখা কিয়, সেই ফুলটোৰ পাহিৰ সংখ্যাটো এই যাদুকৰী সংখ্যাৰ শাৰীৰ মাজতেই থাকিব। অৱশ্যে কিছুমান ফুলৰ ক্ষেত্ৰত এই কথাটো নাখাটে; তথাপি কিন্তু আমাৰ চাৰিওফালে ফুলি থকা প্ৰায়বোৰ ফুলেই এই নিয়মটো মানি চলে।” —মাটিত লিখা থকা সংখ্যাৰ শাৰী দুটালৈ আঙুলি পোনাই দেউতাকে ক’লে।

ৰাজাই সুধিলে, “খুড়াদেউ, এইটো কথা বাৰু আৰু আন কোনোবাই গম পাইনে?” তেওঁ উত্তৰ দিলে, “অ’তো, গণিত ভালপোৱা পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহেই এই কথা জানে। কাৰণ এই যাদুকৰী সংখ্যাৰ শাৰীটো এজন মহান গণিতজ্ঞই পোনপ্ৰথমে বিচাৰি উলিয়াইছিল। তেওঁৰ নাম আছিল লিঅ’নাৰ্ড পিছান’। কিন্তু তেওঁ “ ফিব’নাচ্চি” নামটোহে চিঠি-পত্ৰই ব্যৱহাৰ কৰিছিল। সেইবাবে এই যাদুকৰী সংখ্যাকেইটাক “ফিব’নাচ্চি সংখ্যা” বুলি কয়।”

অমনৰ দেউতাকে বজাৰৰ পৰা কিনি অনা এখন কিতাপ হাতত লৈ আৰু “ফিব’নাচ্চি সংখ্যা”ৰ কথা বাটে বাটে ভাবি আহি ৰাজা ঘৰ সোমাল। ৰাণীও ঠিক সেই সময়তে ছবি অঁকা স্কুলৰ পৰা ঘৰলৈ উভতি আহিছিল। তাই আহিয়েই আইতাকৰ কাষত আহি ছবি অঁকাত লাগিল। নতুন আমোদজনক কথা শুনিলে ৰাজাই কথাটো আইতাককো কয় বুলি আমি জানো। আইতাকক ক’বলৈ আহি দেখে যে “ৰাণী”জনীয়ে পেটটি পকীৰ ওপৰত পেলাই লৈ আইতাকৰ কাষত ফুলৰ ছবি আঁকি আছে। ছবি অঁকা স্কুলৰ ছাৰজনে এটা ফুলৰ ছবি আঁকি দিছে আৰু তাৰ কাষতেই ৰাণীয়ে চাই চাই ফুলৰ ছবিটো একান্তমনে আঁকি আছে। কিন্তু ৰাজাই দেখিলে যে ফুলটিত ছয়টা পাহি আছে। “৬” অংকটো ফিব’নাচ্চি সংখ্যা নহয় গতিকে ফুলৰ পাহিৰ সংখ্যাও সাধাৰণতে ছয় হ’ব নোৱাৰে, অমনৰ দেউতাকে কোৱামতে। সেইদেখি ৰাজাই ৰাণীক ক’লে, “অই! কি এইবোৰ ভুলকৈ ফুলৰ ছবি আঁকি আছ!”

তাই ক’লে, “ক’তনো ভুল কৰিলো! ছাৰে অঁকাৰ নিচিনাকৈয়েতো আঁকিছো। ভালকে চা, অন্ধ দাদা।”

“তোৰ ছাৰেই ভুলকৈ আঁকি দিছে বুজি পালি!” – ৰাজাৰ প্ৰত্যুত্তৰ।

ৰাণীয়ে তাইৰ থোনা মাতটিৰে ক’লে, “হ’ব হ’ব! ছাৰতকৈ বেছি জনা ওলাব নালাগে।”

তেতিয়া ৰাজাই ঘোষণা কৰিলে, “তহঁতে ছবি ভালকৈয়ে আকঁ(অ)। কিন্তু তহঁতে হ’লে ফুলৰ কথা একোৱেই নাজান(অ)। ফুলত ছয়টা পাহি নাথাকে বুজি পালি।”

ৰাণীজনীয়ে দাদাকৰ কথাত গুৰুত্ব নিদি আকৌ ছবি অঁকাত লাগিল। আইতাকে সিহঁতৰ কথাবোৰ শুনি আছিল। ৰাণী চুপ হোৱাত আইতাকে ক’লে, “আজি আকৌ কিবা নতুন কথা শিকিলি হ’বলা?”

ৰাজাই চক্ এডাল আনি আইতাকৰ সন্মুখত সেই যাদুকৰী সংখ্যাৰ শাৰীটো লিখি দিলে— ১ ১ ২ ৩ ৫ ৮ ১৩ ২১ ৩৪ ৫৫…. আৰু ফুলনিৰ পৰা ফুল এটা ছিঙি আনি আইতাকক দেখুৱাই ক’লে, “এই ফুলটোত যিমানটা পাহি আছে, সেই সংখ্যাটো মই এইমাত্ৰ লিখা এই যাদুকৰী সংখ্যাৰ শাৰীটিত আছে।”

তাৰপিছত সি পাহি গন্তি কৰিলে আৰু গণি “৮” পালে। সি আইতাকক ক’লে, “দেখিলিনে আইতা, মই কি কৈছিলো! এইয়া চা “৮” অংকটো মোৰ এই যাদুকৰী সংখ্যাৰ শাৰীটিত আছে।” আইতাকে অলপ মিচিকিয়াই হাঁহিলে আৰু ক’লে, “বোপাই! তই ভালকৈ পঢ়া-শুনা নকৰিলেও ডাঙৰ মানুহ হ’বি।” তেনেতে ৰাণীজনীয়ে ঘপকৰে মাত লগালে, “আইতা, মই যোৱাকালি অঁকা ফুলটোতো ৮টা পাহি আছিল। ময়ো ডাঙৰ মানুহ হ’ম। নহ’ম জানো, আইতা?” আইতাকে মুখেৰে একো নক’লে। নাতিয়েকহঁতৰ কথাবোৰ শুনি কিবা এটা সন্তোষ পালে। আইতাকে একো উত্তৰ নিদিয়া বাবে আমাৰ মৰমৰ ৰাণীজনীয়ে আকৌ সুধিলে, “ময়ো ডাঙৰ মানুহ হ’মনে, আইতা?”

No Comments

Post A Comment