চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব এদিনতে অতিক্ৰম কৰিব পৰা তীব্ৰবেগী গৱেষণাগাৰটো

বস্তু এটা উলম্ব দিশত দলিয়াই দিলে সি পুনৰ কিয় তললৈ উভতি আহে? – সেই কথা নজনা মানুহ হয়তো আজিৰ দিনত নোলাব৷ কিন্তু এটা সময় আছিল যিটো সময়ত মানুহে ইয়াৰ কাৰণ, অৰ্থাৎ “কিয়”টোৰ সঠিক উত্তৰ দিব পৰা নাছিল৷ সেই সময়ৰ বহুকেইজন দাৰ্শনিকে ইয়াৰ ব্যাখ্যা আগবঢ়াইছিল যদিও ব্যাখ্যাসমূহ ত্ৰুটি-মুক্ত নাছিল৷ সপ্তদশ শতিকাৰ মাজ ভাগত আইজাক নিউটনে “প্ৰিন্সিপ্ৰিয়া মেথামেটিকা” নামৰ গৱেষণামূলক গ্ৰন্থখনত, বস্তু এটাক উলম্ব দিশত দলিয়ালে পুনৰ কিয় তললৈ উভতি আহে আৰু উলম্ব দিশত কিমান বেগত দলিয়ালে বস্তু এটা পুনৰ পৃথিৱীলৈ উভতি নাহে – এনে বহু প্ৰাকৃতিক পৰিঘটনাৰ ‘কিয়’টো আৰু ‘কেনেকৈ’টোক সঠিক ৰূপত গণিতেৰে সমাধান আগবঢ়াইছিল৷ কিমান বেগত বস্তু এটাক উলম্ব দিশত দলিয়ালে ই পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ পৰা মুক্ত হৈ অসীম দূৰত্ব অতিক্ৰম কৰিব পাৰিব, অৰ্থাৎ বস্তুটোৰ পলায়ন বেগ (escape velocity) কিমান হ’ব লাগিব সেই কথাও নিউটনৰ বিখ্যাত গাণিতিক সূত্ৰবোৰে সঠিক ৰূপত দেখুৱাইছিল৷ পৃথিৱীৰ বাবে এই পলায়ন বেগ প্ৰতি ছেকেণ্ডত ১১.২ কিলোমিটাৰ৷ অৰ্থাৎ পৃথিৱীৰ মধ্যাকৰ্ষিক শক্তিৰ পৰা মুক্ত হৈ মহাকাশ পাবলৈ বস্তু এটাই প্ৰতি ছেকেণ্ডত ১১.২ কিলোমিটাৰ বেগতকৈ কম বেগত যাব নোৱাৰিব৷ নিউটনৰ এই যুগান্তকাৰী সূত্ৰবোৰে বিজ্ঞানৰ পূৰ্বৰ বহু সীমাবদ্ধকতাৰ দেউল ভাঙি, বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কে নতুন চিন্তা-চৰ্চাৰ বাট মুকলি কৰিছিল৷ আৰু কালক্ৰমত মহাকাশলৈ ৰকেট, কৃত্ৰিম উপগ্ৰহ, মহাকাশযান ইত্যাদি উৎক্ষেপনেৰে মহাকাশ গৱেষণাৰ বহু পথ মুকলি কৰাত সহায় কৰিছিল৷ যোৱা শতিকাৰ নব্বৈ দশকৰ শেষৰ ফালে বিজ্ঞানীসকলে এই অধ্যয়নৰ বাবে পৃথিৱীৰ একেবাৰে কাষৰ কক্ষপথত (low Earth orbit) এটা বৃহৎ আকাৰৰ ‘কৃত্ৰিম উপগ্ৰহ’ উৎক্ষেপণ কৰিছিল৷ যাৰ নাম ৰখা হৈছিল ‘আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ’ (ইণ্টাৰনেচনেল স্পেছ ষ্টেচন, International Space Station, ISS)।

ISS হৈছে মানৱ নিৰ্মিত সৰ্ববৃহৎ উপগ্ৰহ অথবা মহাকাশ গৱেষণাগাৰ৷ পোন্ধৰখন দেশে প্ৰতিনিধিত্ব কৰা আৰু পাঁচটা মহাকাশ সস্থাৰ সহযোগে (আমেৰিকা, ইউৰোপ, কানাডা, জাপান আৰু ৰাছিয়া) সক্ৰিয় কৰি ৰখা এই গৱেষণাগাৰটো বিজ্ঞান-প্ৰযুক্তিৰ এক চমৎকাৰী অৱদান৷ বিশ্বৰ আগশাৰীৰ বিজ্ঞানী-অভিযন্তাসকলৰ প্ৰত্যাহ্বান ৰূপে দেখা দিয়া এই বৃহৎ আৰু অত্যন্ত জটিল প্ৰচেষ্টাক কাৰ্যকাৰী কৰিবলৈ বিশেষ কিছুমান কৌশল অৱলম্বন কৰা হৈছিল৷ এই বৃহৎ উপগ্ৰহটোৰ প্ৰতিটো নিদিষ্ট অংশক পৃথকে পৃথকে লগ লগাই সজা হৈছিল৷ যাৰ বাবে প্ৰয়োজন হৈছিল কেইবাটাও মহাকাশ অভিযানৰ৷ ১৯৯৮ চনৰ ২০ নৱেম্বৰত ISSৰ প্ৰথম অংশতো (প্ৰায় উনৈশ হাজাৰ কেজিৰ) ৰাছিয়াৰ এখন ৰকেটৰ সহায়ত পঠোৱা হৈছিল৷ একে বছৰতে, ৪ ডিচেম্বৰত পঠোৱা আমেৰিকা নিৰ্মিত দ্বিতীয়টো অংশক পূৰ্বে পঠোৱা অংশৰ লগত বিশেষ প্ৰক্ৰিয়াৰে সংলগ্ন কৰা হৈছিল৷ ঠিক সেইদৰে  আমেৰিকা নিৰ্মিত প্ৰথমটো পৰীক্ষাগাৰ ‘Destiny’ সংলগ্ন কৰা হৈছিল ২০০১ চনত৷ বৰ্তমান তাত আমেৰিকা, জাপান, ৰাছিয়া, ইউৰোপ দেশসমূহৰ সুকীয়াকৈ গৱেষণাগাৰো আছে৷

শুক্ৰ আৰু চন্দ্ৰৰ পাছত আকাশত খালি চকুৰে দেখা পোৱা এই ‘মহাকাশ গৱেষণাগাৰ’টো বৰ্তমান প্ৰায় এক মিলিয়ন পাউণ্ড ওজনৰ৷ প্ৰতি ছেকেণ্ডত ৭.৬৭ কিলোমিটাৰ (প্ৰতি ঘণ্টাত প্ৰায় ২৭,৬০০ কিলোমিটাৰ) বেগেৰে পৃথিৱীক পৰিভ্ৰমণ কৰি থকা ISSক পৃথিৱীৰ এটা কক্ষপথ সম্পূৰ্ণ কৰিবৱলৈ সময় লাগে মাত্ৰ ৯০ মিনিট৷ সেই হিচাপত ISSৰ আলহী হোৱা প্ৰতিজন মহাকাশচাৰীয়ে প্ৰতিদিনেই ১৬ বাৰ সূৰ্যোদয় আৰু ১৬ বাৰ সূৰ্যাস্ত দেখাৰ অভিজ্ঞতা লাভ কৰে৷ ISSৰ এই তীব্ৰ গতিয়ে চন্দ্ৰ আৰু পৃথিৱীৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় ল’ব মাত্ৰ এদিন৷ দুখন ডাঙৰ ফুটবল ফিল্ডৰ সমান ISSত ছটা ডাঙৰ শোৱনি কোঠা থকা ঘৰ এটা ধুনীয়াকৈ সোমাই যাব পাৰে৷ ISSত প্ৰত্যেকজন মহাকাশচাৰীৰ বাবে আছে সুকীয়াকৈ শোৱনি কোঠা, ব্যায়ামশালা, গৱেষণা কেন্দ্ৰ আৰু মহাকাশযানৰ বাবে আছে কেইবাটাও ‘লনছিং পেড’৷ সৰ্বোচ্চ ছয়জন মহাকাশচাৰী আলহী হ’ব পৰা ISSত আছে  বিশেষ চাপ নিয়ন্ত্ৰিত ৩২,৩৩৩ কিউবিক ফিট আয়তনৰ এটা বিশাল কোঠা, য’ত পৃথিৱীৰ বায়ুমণ্ডলীয় চাপৰ সমান  চাপত কোঠাবোৰ ৰখা হয়৷ ২০০০ চনৰ পৰা আজিৰ পৰ্যন্ত ১৫ খন দেশৰ প্ৰায় ১১৫ খন মহাকাশযানে  এই মহাকাশ গৱেষণাগাৰটোত অৱতৰণ কৰিছে৷

পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে আমাৰ দৈনন্দিন জীৱনটোক বিভিন্ন প্ৰকাৰে সহায় কৰি আছে অথবা এই মধ্যাকৰ্ষণ শক্তিৰ লগত আমি জীৱন প্ৰণালীক সুন্দৰকৈ উপভোগ কৰিবলৈ শিকিছোঁ৷ কিন্তু পৃথিৱীৰ কক্ষপথত ওপঙি ফুৰা  ISS দৰে ঠাইত কথাবোৰ কিন্তু বহু জটিল৷ ISSৰ দৰে অতি কম মধ্যাকৰ্ষণ শক্তিৰ (মাইক্ৰ’ গ্ৰেভিটি) ঠাইত মহাকাশচাৰীসকলৰ জীৱন-প্ৰণালীও পৃথক হয়৷ য’ত, শাৰীৰিক আৰু মানসিক দিশত নিজকে সুস্থ কৰি ৰাখিবলৈ বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে আগবাঢ়িব লগীয়া হয়৷ খোৱা খাদ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিব লগীয়া হয়৷ পৃথিৱীৰ খাদ্যাভ্যাসৰ লগত মহাকাশ গৱেষণাগাৰৰ খাদ্যাভ্যাসৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে৷ মহাকাশ গৱেষণাগাৰত, খাদ্যত প্ৰয়োজনীয় সকলো উপাদানক বিশেষ প্ৰক্ৰিয়াৰে ‘পেকেজিং ফুড’ হিচাপে যোগান ধৰা হয়৷ জানিব পৰা মতে, ছয় মাহত তিনিজন মহাকাশচাৰীৰ বাবে প্ৰয়োজন হয় প্ৰায় সাত টন খাদ্যৰ৷ এই খাদ্যসমূহ পৃথিৱীৰ পৰা বিশেষ কিছুমান মহাকাশযানৰ সহায়ত নিদিষ্ট সময়ৰ ব্যৱধানত পঠোৱা হয়৷ ISSত মহাকাশচাৰীৰ বাবে আন এক গুৰুত্বপূৰ্ণ বস্তু হ’ল পানী৷ কিন্তু এই পানী ক’ৰ পৰা আহে?

ISS দুটা ভাগত বিভক্ত, এটা অংশ ৰাছিয়া আৰু আনটো অংশ আমেৰিকা যুক্তৰাষ্ট্ৰই চোৱা-চিতা কৰে৷ পানী নিষ্কাসন ব্যৱস্থাটোৰ ক্ষেত্ৰত ৰাছিয়াৰ পৰা আমেৰিকাৰ অংশ কিছু পৃথক৷ যিহেতু বিশেষ কিছুমান অসুবিধাৰ বাবে খাদ্য-সামগ্ৰীৰ দৰে পানী সঘনে ISSলৈ পঠোৱা নহয়, সেয়েহে ISSত পানী কৃত্ৰিমভাৱে তৈয়াৰ কৰা হয়৷ মহাকাশচাৰীৰ উশাহৰ পৰা ওলোৱা জলীয় বাষ্প, ঘাম, মূত্ৰৰ লগত মিহলি হৈ থকা পানীক বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰে বিশুদ্ধীকৰণ কৰি পুনৰ H_2O লৈ ৰূপান্তৰ কৰা হয়৷ য’ৰ পৰা প্ৰতিদিনে ৩.৬ গেলন বিশুদ্ব পানীৰ উৎপন্ন হয়৷ ইয়াৰ উপৰি ISSত আপাতকালীন ব্যৱস্থাৰ বাবে ৫৩০ গেলন অতিৰিক্ত পানী পৃথককৈ ৰখা হৈছে৷ উল্লেখযোগ্য যে ISSত এক টোপাল পানীও অবাবত নষ্ট কৰা নহয়৷ আনহাতে ISSত জীৱন সক্ৰিয় হৈ থাকিবলৈ আন এক অপৰিহাৰ্য বস্তু হ’ল অক্সিজেন৷ কিন্তু এই অক্সিজেন গেছকো প্ৰতিবাৰেই পৃথিৱীৰ পৰা পঠিয়াই থকাটো সম্ভৱ নহয়৷ গতিকে নাছাৰ অভিযন্তাসকলে ISSত উৎপাদিত পানীতেই ‘বিদ্যুৎ বিশ্লেষণ’ প্ৰক্ৰিয়াৰ দ্বাৰা পানীৰ অণুক ভাঙি অক্সিজেন আৰু হাইড্ৰজেন গেছৰ উৎপাদন কৰি মহাকাশচাৰী সকলৰ জীৱনদায়িনী গেছৰ যোগান ধৰি আছে৷ ঠিক সেইদৰে মহাকাশচাৰীয়ে নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছক, ‘বিদ্যুৎ বিশ্লেষণ’ৰ দ্বাৰা উৎপন্ন কৰা হাইড্ৰজেনৰ লগত পুনৰ বিশেষ প্ৰক্ৰিয়াৰে সংযোজিত কৰি পানী আৰু মিথেন গেছৰ উৎপন্ন কৰা হয়৷ আৰু অপ্ৰয়োজনীয় গেছক ISSৰ বাহিৰলৈ এৰি দিয়া হয়৷ এইদৰেই পানী আৰু অক্সিজেনৰ বাবে ISSত অবিৰামভাৱে এক ‘Recycling’ ব্যৱস্থা সক্ৰিয় কৰি ৰখা হয়৷

পৃথিৱী পৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত অৱস্থিত ISSৰ ২৫০০ বৰ্গমিটাৰ সামৰিব পৰাকৈ আঠখন Solar panel আছে, য’ত প্ৰায় ৩৩০০০টা সৌৰকোষ আছে৷ যিবোৰে সূৰ্যৰ পৰা পোৱা পোহৰ শক্তিক প্ৰায় ১১০ কিলোৱাট বিদ্যুত শক্তিলৈ ৰূপান্তৰ কৰি আছে৷ লগতে আপাতকালীন ব্যৱস্থাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন বেটাৰীও সংযুক্ত কৰা হৈছে৷ পৃথিৱীক পৰিভ্ৰমণ কৰি থকা মহাকাশ গৱেষণাগাৰটোক যি সময়ত পৃথিৱীৰ ছাঁয়ে ঢাকি ৰাখে, অৰ্থাৎ সূৰ্যগ্ৰহণৰ সময়ত এই উচ্চ ক্ষমতাসম্পন্ন বেটাৰীটোৱে গৱেষণাগাৰটোত প্ৰয়োজনীয় বিদ্যুত প্ৰবাহ স্থিৰ ৰখাত সহায় কৰে৷ তদুপৰি ৫২টা উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰে ISSক নিয়ন্ত্ৰণ কৰি আছে৷ বৈদ্যুতিক শক্তিৰ বাবে প্ৰায় আঠ মাইল দীঘল বৈদ্যুতিক তাঁৰৰ প্ৰয়োজন হোৱা ISSত কেইবাটাও ৰব’টিক বাহু আৰু ৰব’ন’ট নামৰ মানৱ সদৃশ ৰব’ট এটাৰো ব্যৱহাৰ কৰা হৈছে৷

পৃথিৱীৰ কক্ষপথত অবিৰাম গতিৰে ঘূৰি থকা ISS কিন্তু মহাকাশত অকলশৰীয়া নহয়৷ ISSৰ চাৰিওফালে বিভিন্ন সৰু-ডাঙৰ গ্ৰহাণু, উল্কাপিণ্ডৰ অহা-যোৱা চলি থাকে৷ মহাকাশত উপঙি ফুৰা এই অত্যন্ত বেগী আৰু গধুৰ  পিণ্ডসমূহৰ পৰা হাত সাৰিবলৈ বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে উপগ্ৰহটোৰ বাহিৰৰ ফালে বিশেষ কিছুমান পদাৰ্থৰ কেইবাতৰপীয়া প্ৰলেপ লগোৱা হৈছে৷ যাৰ বাবেই ১৯৯৮ চনৰ পৰা ISSৰ লগত অনবৰত অসংখ্য মহাজাগতিক পিণ্ডৰ সংঘৰ্ষ হৈ আছে যদিও ISSক কোনো ক্ষতি কৰিব পৰা নাই৷ বৰ্তমানৰ ISS 3D-প্ৰণ্টিং, অটোমেটিক আৰ্থ ইমেজিং, লেজাৰ কমিউনিকেচন, মিনি চেটেলাইট লঞ্চিং আদিৰ দৰে নতুন প্ৰযুক্তিৰে সমৃদ্ধ৷

পৃথিৱীৰ জীৱজগতখন কেনেকৈ ক’ৰ পৰা আহিল? বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কিয় হৈছিল? কেনেকৈ হৈছিল? বিভিন্ন মহাজাগতিক পৰিঘটনাৰ ৰহস্যসমূহৰ উৎস ক’ত? – আদিম মানুহে এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায়, বিভিন্ন অলৌকিক শক্তিৰ কল্পনাৰে ইয়াক বুজিবলৈ চেষ্টা কৰিছিল৷ কিন্তু সময়ৰ লগে লগে মানুহৰ মস্তিষ্কৰ বিকাশে জন্ম দিলে অনুসন্ধিৎসু মনৰো৷ আৰম্ভ হ’ল বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ৷ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী উত্তৰণে মহাবিশ্বৰ বহু ৰহস্যৰ বাস্তৱসন্মত উত্তৰ দিবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ বাহিৰেও মহাবিশ্বৰ আন গ্ৰহ বা উপগ্ৰহত এককোষী সৰল জীৱৰ উপস্থিতিৰ কথা বহু পৰিমাণে নিশ্চিত হৈছে যদিও আমাৰ দৰে জটিল কোষৰ বুদ্ধিমান জীৱ আন গ্ৰহত আছে নে নাই সেই কথা আজিও বিজ্ঞানীসকলৰ গৱেষণাৰ বিষয়৷ আজিও বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয়  বহু প্ৰশ্নৰ সমাধান উলিয়াবলৈ বিজ্ঞানীসকলে গৱেষণা কৰি আছে। মহাকাশ সম্পৰ্কীয় এনে কিছুমান গৱেষণা কৰাটোৱেই এই ‘মহাকাশ গৱেষণাগাৰ’টো প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য৷ বিগত ১৬ বছৰে চাৰিশটাৰো অধিক বিভিন্ন সৰু-ডাঙৰ গৱেষণা কৰা হৈছে এই ‘মহাকাশ গৱেষণাগাৰ’ত৷ বহুদিন মহাকাশ গৱেষণাগাৰত সময় কটোৱা মহাকাশচাৰী এজনৰ কি ধৰণৰ শাৰীৰিক আৰু মানসিক পৰিবৰ্তন হয়, মহাকাশচাৰীসকলৰ ঔষধৰ পৰা এষ্ট্ৰ’বায়’লজি, মহাকাশীয় বতৰ…. ইত্যাদি বিষয়বোৰৰ গৱেষণা ইয়াত কৰা হৈছে৷ কৃত্ৰিম উপগ্ৰহ, মহাকাশযান, অত্যাধুনিক মহাকাশ টেলিস্কোপৰ উৎক্ষেপন আৰু নিয়ন্ত্ৰণৰ আদি ক্ষেত্ৰটো গৱেষণাগাৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ উল্লেখযোগ্য যে ২০৩০ চনৰ ভিতৰত মংগল গ্ৰহলৈ যাবলগীয়া মানৱযানখনৰ বাবেও ISS এক অপৰিহাৰ্য অংগ৷ যাৰ বাবে নাছাই ইতিমধ্যে সহযোগী প্ৰতিখন দেশৰ অনুমতি সাপেক্ষে ISSৰ কাৰ্যকাল ২০২৪ চনলৈ বৃদ্ধি কৰিছে৷

বিশ্বব্ৰহ্মাণ্ডৰ কোনো বস্তুৱেই চিৰস্থায়ী নহয়৷  আনকি আমিও, আমাৰ পৃথিৱীখনো৷ আমি যিসময়ত ধৰ্মৰ নামত, ঈশ্বৰৰ নামত বিশৃংখল পৰিবেশৰ সৃষ্টি কৰি আছোঁ সেই একেই সময়তেই আমাৰ দৰে এচামে মৃত্যু ভয়কো নেওচি সমগ্ৰ মানৱজাতিৰ কল্যাণৰ অৰ্থেই পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত যি বৈজ্ঞানিক গৱেষণা   অব্যাহত ৰাখিছে তাৰ পৰা ধৰ্ম-ঈশ্বৰৰ নামত সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিব বিচৰা সুবিধাবাদীসকলেও  শিক্ষা লোৱা উচিত৷

[ফটো উৎস : nasa.gov]

[শীৰ্ষ ফটোত : ২০০৬ চনত দুজন মহাকাশচাৰীয়ে ISSত এটা নিৰ্মাণ কাৰ্যত ব্যস্ত থকা অৱস্থাত।]

No Comments

Post A Comment