ফিল্ডছ্ মেডেল প্ৰাপক চেড্ৰিক ভিলানিৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ

গণিত জগতৰ এটি সৰ্বোচ্চ সন্মান ফিল্ডছ্ মেডেল প্ৰাপক (২০১০ চন) চেড্ৰিক ভিলানি এগৰাকী ফৰাছী গণিতজ্ঞ। ২০০৯ চনৰ পৰা ২০১৭ চনলৈ তেওঁ ইনষ্টিটিউট হেনৰি পঁইকাৰৰ (Institut Henri Poincaré) সঞ্চালকৰ দায়িত্ব পালন কৰিছিল। সম্প্ৰতি তেওঁ ৫ম এছা সমষ্টিৰ (Essonne’s 5th constituency) প্ৰতিনিধিৰূপে ফৰাছী সংসদৰ নিম্ন সদন নেশ্বনেল্ পাৰ্লিয়ামেণ্টৰো এগৰাকী সদস্য। ফৰাছী সংসদীয় কাৰ্য্যালয়ৰ বৈজ্ঞানিক আৰু কাৰিকৰী মনোনয়ন মূল্যায়নৰ বাবে ২০১৭ চনৰ জুলাই মাহত তেওঁ অধ্যক্ষ নিৰ্বাচিত হৈছিল। আংশিক অৱকলনীয় সমীকৰণ (partial differential equation) আৰু অপ্টিমেল ট্ৰেন্সপ’ৰ্টৰ (optimal transport) ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সুপৰিচিত। জনসাধাৰণৰ মাজত গণিত জনপ্ৰিয়কৰণৰ বাবে নিৰলসভাৱে কাম কৰি অহা চেড্ৰিক ভিলানি সাম্প্ৰতিক সময়ৰ প্ৰখ্যাত গণিতজ্ঞসকলৰ এজন। “দ্য বাৰ্থ অৱ এ’ থিয়ৰেম” (The Birth of a Theorem) শীৰ্ষক গ্ৰন্থখন চেড্ৰিক ভিলানিৰ উল্লেখনীয় সৃষ্টি, যিখনত তেওঁৰ নিজৰেই প্ৰখ্যাত অৱদানখিনি আগবঢ়োৱাৰ দিশে কিদৰে আগবাঢ়ি গৈছিল, সেই কাহিনীভাগ এটা গাণিতিক দুঃসাহসিক অভিযানৰ ৰূপত বৰ্ণনা দিয়া হৈছে।

২০১৬ বৰ্ষত, বাংগালোৰত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc) আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যুটীয়া উদ্যোগত আয়োজিত এছিয়ান চায়েঞ্চ কেম্পলৈ আমন্ত্ৰিত বক্তাসকলৰ এজন আছিল গণিতজ্ঞ চেড্ৰিক ভিলানি। সেই সময়তে গণিত চ‘ৰাৰ ফালৰ পৰা তেখেতৰ এটা সাক্ষাৎকাৰ লোৱা হৈছিল। সাক্ষাৎকাৰটোৰ বাবে প্ৰশ্নসমূহ প্ৰস্তুত কৰিছিল কৰিছিল মঞ্জিল শইকীয়া, বিশাল দেৱ, পংকজ জ্যোতি মহন্ত আৰু চালিক মিস্কট বৰবৰাই। সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল বিশাল দেৱ আৰু চালিক মিস্কট বৰবৰাই। সাক্ষাৎকাৰটো গ্ৰহণৰ সময়ত বিভিন্ন সহায়-সহযোগ কৰা বাবে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক প্ৰফেচৰ জি. মুগেছ আৰু প্ৰফেচৰ আভা মিশ্ৰৰ লগতে KVPY কাৰ্যালয়ৰ কৰ্মীসকললৈ কৃতজ্ঞতা যাচিলোঁ।

অনুবাদক: প্ৰিয়াংকুশ ডেকা।

চালিক মিস্কট বৰবৰা (চালিক) : গণিতৰ প্ৰতি আপুনি কেনেকৈ আগ্ৰহী হ‘ল? ইয়াৰ অন্তৰালত বিশেষ কিবা পৰিঘটনা আছিল নেকি?

চেড্ৰিক ভিলানি (ভিলানি) : মই সঁচাই গম নাপাওঁ। এইটো প্ৰশ্ন মোক সকলো মানুহেই সোধে, কিন্তু তেওঁলোকে কিয় সোধে মই আজিলৈকে বুজি নাপালোঁ। কাৰণ স্কুলীয়া দিনতচোন সকলোৱেই গণিত শিকে। গতিকে তাৰ মাজৰ পৰা কিছুসংখ্যক লোক গণিতৰ প্ৰতি আগ্ৰহী হোৱাটো খুবেই স্বাভাৱিক কথা হোৱা উচিত। কথাটো এনেকুৱা নহয় যে মই মহাকাশ-ৰহস্য সন্ধানৰ দৰে বিষয় এটাত পাৰদৰ্শিতা দেখুৱাইছোঁ, কাৰণ এই বিষয়টো স্কুলীয়া পৰ্য্যায়ত সকলোৱে শিকা বিষয় নহয়। তেনে এটা বিষয়ৰ প্ৰতি তুমি বিশেষ কিবা এটা কাৰণতহে আগ্ৰহী হ’ব লাগিব। কিন্তু সৰু ল’ৰা হিচাপে তোমাক ইতিমধ্যেই গণিত পঢ়াৰ সুবিধাটো দিয়া হয়, গতিকে বিষয়টোৰ প্ৰতি আকৰ্ষণ থকা কিছুমান মানুহ থাকিবই। মোৰ এনে এটা বয়স মনত নপৰে, যেতিয়া নেকি গণিত বিষয়টোৰ প্ৰতি মোৰ আগ্ৰহ নাছিল। স্মৃতিয়ে যিমান দূৰ ঢুকি পায়, মই গণিতৰ প্ৰতি সদায়েই আগ্ৰহী আছিলোঁ।

চালিক : আপোনাৰ এনে কোনো বিশেষ ঘটনা বা ব্যক্তিৰ কথা মনত পৰে নেকি যিয়ে আপোনাৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক কালছোৱাত প্ৰেৰণা যোগাইছিল?

ভিলানি : তুমি কোনখিনি সময়ক মোৰ প্ৰাৰম্ভিক কাল বুলি কৈছা? মই ছবছৰীয়া বা ষোল্লবছৰ বয়সীয়া হৈ থকাৰ কথা বুজাইছা, নে বিছ বছৰীয়া বয়সৰ সময়ৰ কথা কৈছা?

চালিক : যেতিয়াৰ পৰা আপুনি ভাবি ল‘লে যে গণিতচৰ্চাই আপোনাৰ কৰ্মক্ষেত্ৰ হ’ব

ভিলানি : শৈশৱ বা কৈশোৰ কালছোৱাত মই আচলতে কেতিয়াও ভবা নাছিলোঁ যে গণিতেই মোৰ কৰ্মক্ষেত্ৰ হ’ব। হয়তো হ’ব পাৰে এইটো বিষয়তে মই সৰ্বাধিক নম্বৰ পাইছিলোঁ, কিন্তু পিছলৈ কি কৰিম বা কিবা এটা ক্ষেত্ৰত মই পাৰদৰ্শী হয় নে নহয়, সেই বিষয়ে একো ধাৰণা নাছিল। মোক এজন সৰু ল’ৰা হিচাপে ধৰি লৈ তুমি যদি প্ৰশ্ন কৰা, “তোমাৰ স্বপ্নৰ চাকৰিটো কি বাৰু?” ইয়াৰ উত্তৰটো চাগৈ বৈৱৰ্তনিক জীৱবিজ্ঞানী হ’লহেঁতেন, যেনে ধৰা ডাইন’ছ’ৰ সন্ধানৰ নিচিনা কামবোৰ কৰিবলগীয়া বৃত্তি। এইটোৱেই নিশ্চয়কৈ মই মনে-প্ৰাণে বাছি ল’ব খোজা কেৰিয়াৰ আছিল। তেতিয়াৰ দিনত আচলতে মই জনাই নাছিলোঁ যে ‘গণিতজ্ঞ’ বুলিও কিবা এটা জীৱিকা আছে।

মই পিছলৈ কি কৰিম ধৰণৰ কিবা এটা প্ৰশ্ন এবাৰ স্কুলত সোধা হৈছিল। মই এজন অভিযন্তা হ’ম বুলি উত্তৰ দিছিলোঁ। গৱেষণা বা তেনেকুৱাধৰণৰ কিবা বস্তু আছে বুলি মই জনাই নাছিলোঁ। আৰু কি জানা, মই আচলতে পিছলৈ কি কৰিম তাক লৈ ইমান মূৰ ঘমোৱাও নাছিলোঁ। সদায় এনেকুৱা এটাই ভাৱ আছিল- এই বিষয়টো বৰ আকৰ্ষণীয়, গতিকে এইটোকে কৰা যাওঁক। যিহেতু এইটো বৰ আকৰ্ষণীয়, গতিকে এইটোতে লাগি থকা যাওঁক। অৱশ্যে বিষয়টো সঁচাই আকৰ্ষণীয় বুলি অনুভৱ কৰাবলৈ তোমাক আন মানুহৰো আৱশ্যক হ‘ব মোৰ ক্ষেত্ৰত তেনে ব্যক্তিসকল আছিল : মোৰ গণিতৰ শিক্ষককেইজন, বিশেষকৈ মই ১৩ বছৰৰ পৰা ১৫ বছৰ বয়সত পোৱা শিক্ষককেইজনৰ কথা উল্লেখ কৰিব লাগিব। এইখিনি সময় খুব গুৰুত্বপূৰ্ণ, হয়তো ১৩ বছৰৰ পৰা ১৬ বছৰো হ’ব পাৰে; কাৰণ এইটো বয়সতে গাণিতিক যুক্তি আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে শিকোৱা হয় আৰু দেউতাই পুৰণি আৰু সস্তীয়া-সামগ্ৰীৰ দোকানৰ পৰা কিনা কিতাপবোৰ, অতীতৰ মহান গণিতজ্ঞসকলৰ কাহিনী, মোৰ খুব প্ৰিয় কাৰ্টুন চৰিত্ৰ গণিতৰ যাদু ৰাজ্যৰ অঁকৰা ডনাল্ড (Donald in Mathmagic Land)। এইবোৰেই আছিল প্ৰাৰম্ভিক কালছোৱাৰ মানুহ আৰু ঘটনা, যিবোৰে মোক দেখুৱাই দিছিল যে গণিত বিষয়টো সঁচাই আমোদজনক।

সেই দিনবোৰত মোৰ সবাতোকৈ প্ৰিয় বিজ্ঞান-বিষয় আছিল বৈৱৰ্তনিক জীৱবিজ্ঞান, যিটো নিঃসন্দেহে মোৰ শ্ৰেষ্ঠ প্ৰেম; কিন্তু গণিতৰ ক্ষেত্ৰখনত আকৌ ইউক্লিডীয় জ্যামিতি আৰু ত্ৰিভুজীয় জ্যামিতি ভাল পাইছিলোঁ। এই বিষয়কেইটা মোৰ খুবেই ভাল লাগিছিল। হয়তো মই উচ্চ শিক্ষাৰ অনুষ্ঠানত যোগদান কৰাটো তাতকৈও গুৰুত্বপূৰ্ণ দিশ আছিল। ফ্ৰান্সত এই অনুষ্ঠানবোৰক আমি গ্ৰেণ্ড ইক’ল (Grande École) বুলি কওঁ। মই ইক’ল নৰ্মেল চুপেৰিয়ৰত (École Normale Supérieure) সোমাইছিলোঁ। তাৰ পৰা ওলাই মই কেনেধৰণৰ চাকৰি কৰিম একো ধাৰণাই নাছিল। কিন্তু বিষয়টো যিহেতু মই উপভোগ কৰিছিলোঁ, গতিকে তাকেই পঢ়ি যাওঁ বুলি ঠিক কৰিলোঁ। মোৰ দেউতাৰ কথাবোৰ যেনিবা এনেকুৱা- এইটোকে পঢ়িবি বুলি তই নিশ্চিতনে? ইয়াৰ পৰা ওলোৱাৰ পিছত তোৰ কেৰিয়াৰৰ কি হ’ব? মই পিছে এইবোৰ কথাত ইমান বেছি কাণ দিয়া নাছিলোঁ। আৰু এইটো মোৰ বাবে এটা ডাঙৰ পদক্ষেপ আছিল। স্বাভাৱিকতেই এজন গৱেষকৰ দীঘলীয়া কৰ্মতালিকাখনত আৰু কেৰিয়াৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ঘটনাটোৱেই হৈছে পি.এইচ.ডি.; যিমান দূৰ ক’ব পাৰি আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা। সেইটো ক্ষেত্ৰত ময়ো ব্যতিক্ৰম নহয়। মোৰ ক্ষেত্ৰত কিন্তু পি.এইচ.ডি.ৰ অভিজ্ঞতাটো অলপ বেলেগ। আচলতে পি.এইচ.ডি.ৰ কাম আৰম্ভ নকৰাৰ পূৰ্বেই মই কাম প্ৰায় বন্ধই কৰিছিলোঁ। ছাত্ৰ একতা পৰিষদৰ সভাপতি হিচাপে বিভিন্ন অনুষ্ঠান পৰিচালনাৰ নামত মই খুব ব্যস্ত আছিলোঁ। তাৰ ফলত কেইবামাহ ধৰি মোৰ গণিত কৰাটো সম্পূৰ্ণৰূপে বাদ পৰিছিল আৰু মোৰ কেৰিয়াৰো প্ৰায় সমাপ্তিৰ দিশে গুচি গৈছিল। কিন্তু তেনেতে তেওঁলোকে মোৰ মনটো ঘূৰাই পুনৰ বিষয়টো অধ্যয়ন কৰিবলৈ সন্মত কৰালে আৰু তেতিয়াৰ পৰা বিষয়টো আকৌ ভাল পাবলৈ ল’লোঁ।

মই এটা খুব গুৰুত্বপূৰ্ণ কথা ক’ব খোজোঁ। আচলতে কি জানা, ডেকা ল’ৰা-ছোৱালীবোৰে তেওঁলোকৰ ভৱিষ্যতক লৈ অতিমাত্ৰা চিন্তা কৰি থকাটো অনুচিত। আজিৰ পৃথিৱীখনৰ এইটো এটা বৰ ডাঙৰ বেমাৰ যে সৰু সৰু ল’ৰা-ছোৱালীবোৰক ভৱিষ্যতটো নিৰাপদ কৰিবলৈ, তেওঁলোকৰ পেন্সন, অৱসৰ, কেৰিয়াৰ ইত্যাদিৰ কথাও ভাবিবলৈ কোৱা হয়। এইটো এটা সাংঘাটিক বেমাৰ। যদি তুমি কেৰিয়াৰ বা তেনেধৰণৰ কথাই ভাবি থাকা, প্ৰয়োজনীয় বস্তুবোৰ তুমি হেৰুৱাই পেলাবা। আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ল তোমাৰ সঁচা অৰ্থত আগ্ৰহ থকা কামবোৰ কৰাটো।

চালিক : আপোনাৰ কিতাপৰ পৰা আমি জানিব পাৰিছোঁ যে জন নাশ্ব আপোনাৰ বাবে গাণিতিক নায়কসকলৰ এজন আছিল তেনেকুৱা আন কাৰোবাৰ কথা আপুনি উল্লেখ কৰিব নেকি? যেনে কোনোবা প্ৰখ্যাত গণিতজ্ঞৰ কথাই ধৰক?

ভিলানি : তেনেকুৱা বহুত আছে। গণিতৰ সমগ্ৰ ইতিহাসেই গাণিতিক নায়ক আৰু অসাধাৰণ প্ৰতিভাৱান লোকেৰে ভৰি আছে। যেতিয়া মই মোৰ প্ৰথম ৱেবপেজটো আৰম্ভ কৰিছিলোঁ, সেয়া ২০০৩ চনৰ কথা, তেতিয়া নিজৰ ৱেবপেজ এটা থকাটো বৰ ডাঙৰ কথা আছিল, তাত মই মোৰ পাঁচজন নায়কৰ তালিকা এখন দিছিলোঁ। তাত নাশ্ব আছিল, ব’ল্টজমেন (Boltzmann) আছিল, প্ৰখ্যাত সম্ভাৱিতা-তত্ত্ববিদ মাৰ্ক কেক (Mark Kac) আৰু কম্পিউটাৰ বিজ্ঞানৰ পিতৃ এলান টিউৰিং আছিল। আৰু যেতিয়া মই তালিকাখন মোৰ এজন বন্ধু তথা উপদেষ্টাক দেখুৱাইছিলোঁ, তেওঁ ব’ল্টজমেন সমীকৰণৰ মূল বিশেষজ্ঞসকলৰ মাজৰে এজন আছিল। বন্ধুজনে কৈছিল, “বাহ! আচৰিত! আমাৰ দুয়োৰে ৰুচিৰ দেখোন খুব মিল”। কিন্তু তেওঁ মোক এইটোও কৈছিল, “সাধাৰণতে এনে তালিকাখনত মই ফেৰাডেকো (Faraday) যোগ দিওঁ – কোনোধৰণৰ গণিতৰ শিক্ষালাভ নকৰাকৈয়ে বৈজ্ঞানিক স্বজ্ঞা থকা তেওঁ এজন অসাধাৰণ প্ৰতিভাৱান লোক আছিল”।

চালিক : ছাৰ আপোনাৰ বিশেষ কিবা হবি আছে নেকি?

ভিলানি : নাই, মোৰ আন মানুহৰ দৰে সাধাৰণ হবিবোৰেই আছে। এইবোৰৰ ভিতৰত খোজ কাঢ়ি দীঘলীয়া ভ্ৰমণ কৰা, চিনেমা চোৱা, কিতাপ পঢ়া, বিশেষকৈ কমিকছ পঢ়া আৰু গান শুনা আদি আন মানুহবোৰৰ দৰেই; বিশেষ বুলি তেনেকুৱা একো নাই। বহুদিন আগতে মই টেবুল টেনিছৰ প্ৰতিযোগিতাবোৰত ভাগ লৈছিলোঁ আৰু আগৰ দিনবোৰত প্ৰত্যেকদিনাই বহু সময় ধৰি পিয়ান’ বজাইছিলোঁ। কিন্তু অসাধাৰণ ধৰণৰ একো কৰা নাছিলোঁ।

চালিক : আমি চেড্ৰিক ভিলানিৰ দৈনিক কৰ্মসূচীখন জানিব খোজোঁ

ভিলানি : তেনেকুৱা একো নাই। হাৰ্ডি, পইকাঁৰৰ নিচিনা কিছুমান গণিতজ্ঞৰ দৈনিক কৰ্মসূচীকেইখন বৰ প্ৰখ্যাত। পইকাঁৰে দৈনিক ৫-৬ ঘণ্টাকৈ কাম কৰিছিল : ৰাতিপুৱা কেইটামান ঘণ্টা আৰু গধূলি কেইটামান ঘণ্টা, বছ্ সেইখিনিয়েই। মোৰ কিন্তু তেনেকুৱা একো নাই। মই কেতিয়াবা ৰাতি কাম কৰোঁ, কেতিয়াবা একোৱেই নকৰোঁ, কেতিয়াবা কোনোবা প্ৰতিষ্ঠানত কাম কৰোঁ, সঞ্চালকৰ দায়িত্ব পালন কৰোঁ, জনপ্ৰিয় কিতাপ লিখোঁ, আন কেতিয়াবা ভিডিঅ’ ৰেকৰ্ডিং প্ৰকল্পৰ বাবে ৰেকৰ্ডিঙো কৰোঁ। মাজে-সময়ে মই দূৰদৰ্শনৰ অনুষ্ঠানত ভাগ লওঁ। কেতিয়াবা কেতিয়াবা উপন্যাস লিখাৰো কাম কৰোঁ। মোৰ এটা আদৰ্শ দিন বুলি একো নাই। প্ৰতিটো দিনেই বেলেগধৰণৰ। আৰু প্ৰতিবাৰেই মোৰ কাৰ্য্যসূচীত কৰিবলগীয়া কামৰ এনেকুৱা এখন দীঘলীয়া তালিকা থাকে।

চালিক : ছাৰ, ব’ল্টজমেন সমীকৰণত খুব ভাল দখল থকা ব্যক্তিসকলৰ ভিতৰত এজন বুলি আপোনাক ধৰা হয় সমীকৰণটোৱে কি বুজায় তাক সাধাৰণ মানুহে বুজি পোৱাকৈ ব্যাখ্যা কৰাটো সম্ভৱনে? ইয়াৰ বিষয়ে কিছু পৰিমাণে আপুনি বক্তৃতাত কোৱা সম্পৰ্কে মই জানোঁ সমীকৰণটোৰ তাৎপৰ্য্য কেনেকুৱা?

ভিলানি : ব’ল্টজমেন সমীকৰণে গেছ এটাৰ পাৰিসাংখ্যিক বিৱৰ্তন বুজাত আৰু আগজাননী দিয়াত সহায় কৰে। গেছটো লগা হ’লে এটা বাকছতেই থাকক বা আন কিবা জ্যামিতিক অৱয়বতেই থাকক। যদি তুমি উৰাজাহাজ এখনৰ ভিতৰত বায়ুৰ অণুবোৰে লৰ-চৰ কৰি কেনেধৰণৰ বিন্যাস সৃষ্টি কৰে বুজিব খোজা, তেতিয়াহ’লে বায়ুখিনিৰ লৰা-ঢপৰাৰ ভৱিষ্যৎবাণী কৰিবলৈ তুমি ব’ল্টজমেন সমীকৰণ ব্যৱহাৰ কৰাটো উচিত হ’ব ধৰি লোৱা, তুমি এই পানী আৰু এইটো অংশৰ মাজৰ বায়ুখিনিৰ চাল-চলন বুজিব খোজা, তেতিয়াও তুমি ব’ল্টজমেন সমীকৰণ ব্যৱহাৰ কৰাটো প্ৰত্যয়জনক হ’ব।

এতিয়া কথাটো হ’ল পাৰিসাংখ্যিক ভৱিষ্যৎবাণীৰেনো কি বুজা যায়? ঠিক আছে। তুমি যেনিবা জানিব খোজা যে এই অংশটোত নে সেইটো অংশত বেছি অণু থাকিব; শতাংশ/অনুপাতৰ হিচাপত কণাবোৰৰ এইফালেৰে যোৱাৰ নে সেইটো ফালেৰে যোৱাৰ বেছি সম্ভাৱনা থাকিব। আৰু সেয়াই পৰিসংখ্যা। বস্তু এটাৰ সাম্য অৱস্থাটো ভাঙি দিলে ব’ল্টজমেন সমীকৰণে ততাতৈয়াকৈ আগজাননী দিব যে সাম্য অৱস্থাটো পুনৰাই সেইখিনি বায়ুত, সেইটো কোঠালিত গঠন হ’ব। ব’ল্টজমেন সমীকৰণৰ এটা সৰু কিন্তু ইয়াতকৈ দৃঢ় ফলাফলো আছিল। এই সমীকৰণটোৱেই ব’ল্টজমেনৰ বাবে সময়ৰ দিশ বুজাৰ আধাৰ আছিল। সময় প্ৰৱাহৰ মূল বৈশিষ্ট্যটো হৈছে ইয়াৰ অপৰিৱৰ্তনীয়তা। তুমি জানা যে যদি মই এই বটলটোৰ পানীখিনি ঢালি দিওঁ, পানীখিনি বটলটোৰ ভিতৰত থকা সময়ছোৱাৰ অতি শৃংখলাৱদ্ধ পৰ্য্যায়টোৰ পৰা যেনি-তেনি বিয়পি পৰা এটা অতি বিশৃংখল পৰ্য্যায়লৈ আহিব। স্বতঃস্ফূৰ্ত বস্তুবোৰ সদায় এনেকুৱাই আচৰণ কৰে, সিহঁতবোৰ শৃংখলাৱদ্ধ অৱস্থাৰ পৰা বিশৃংখল অৱস্থালৈ আহে, আৰু সেইটোৱেই সময়ৰো দিশ। ব’ল্টজমেনে এই কথাটো এটা সৰল তাত্ত্বিক আৰ্হি উলিয়াই বুজিবলৈ চেষ্টা কৰিছিল। গতিকে সময় কি, অতীত আৰু ভৱিষ্যৎ কি – এনেধৰণৰ ধাৰণা বুজাৰ ক্ষেত্ৰতো ব’ল্টজমেন সমীকৰণৰ মৌলিক অৱদান আছে। তাৰ লগতে অভিযন্তাসকলৰ বাবেও ব’ল্টজমেন সমীকৰণটো প্ৰয়োজনীয়। হয়তো বহুতো মটৰগাড়ীৰ ইঞ্জিনৰ আৰ্হি নিৰ্মাণৰ ক্ষেত্ৰতো এই সমীকৰণটো ব্যৱহাৰ হয়।

চালিক : খুব ভালকৈ বুজাই দিলে ছাৰ ভালেমান বক্তৃতা আৰু কিতাপৰ জৰিয়তে আপুনি খুব উৎসাহেৰে গণিত জনপ্ৰিয়কৰণত অৰিহণা যোগাই আহিছে কিহে আপোনাৰ মনত গণিত জনপ্ৰিয়কৰণৰ আগ্ৰহটো জাগ্ৰত কৰিলে? কাৰণ আপোনাৰ স্তৰৰ গণিতজ্ঞসকলে সাধাৰণতে নিজকে এনেধৰণৰ কামত এনে এটা পৰ্য্যায়লৈ জড়িত কৰাব নোখোজে

ভিলানি : প্ৰথম কাৰণ : এইটো খুবেই প্ৰয়োজনীয় আৰু মই তেনেদৰে বিশ্বাসো কৰোঁ। আজি ৰাতিপুৱা ভাৰতৰ মুখ্য বিজ্ঞান উপদেষ্টাজনে এটা বৰ ধুনীয়া আদৰণী ভাষণ দিছিল তেওঁ দোহাৰিছিল যে আজিৰ দিনত বিজ্ঞানৰ এক নম্বৰ প্ৰত্যাহ্বানটোৱেই হৈছে যুৱ ছাত্ৰ-ছাত্ৰীসকলক একো একোজন বিজ্ঞানী হ‘বলৈ উদ্বুদ্ধ কৰা এইটো গোটেই বিশ্বতে এক নম্বৰ প্ৰত্যাহ্বান গতিকে এইক্ষেত্ৰত আমি কিছু পদক্ষেপ লোৱা উচিত আৰু মই এইটো গভীৰভাৱে বিশ্বাস কৰোঁ

দ্বিতীয়টো কাৰণ : মই লিয়নত (Lyon) এনে এটা সংস্কৃতিৰ মাজত ডাঙৰ-দীঘল হৈছিলোঁ, য’ত এইটো ধাৰণা বিৰাজমান আছিল যে গাণিতিক সম্প্ৰচাৰক গভীৰভাৱে আৰু পেছাগত দৃষ্টিভংগীৰে ল’ব লাগে এই ধাৰণাটো মূলতঃ বিখ্যাত গণিতজ্ঞ, জ্যামিতিবিদ আৰু নিজৰ প্ৰেৰণাদায়ী বক্তৃতাবোৰৰ বাবে সুনাম থকা ইটিয়েন ঘাইছৰ (Étienne Ghys) পৰা আহিছিল লিয়নত থাকোতে বহুবছৰ ধৰি তেখেতক মই চুবুৰীয়া হিচাপে পাইছিলোঁ আৰু এইটোৱে মোৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। আনকি যেতিয়া মই ফিল্ডছ্ মেডেল পাইছিলোঁ, তাতকৈও আগতে মই জনসংযোগৰ কিছু প্ৰশিক্ষণ লৈছিলোঁ। বিজ্ঞানক কেনেদৰে প্ৰভাৱশীল প্ৰচাৰ কৰিব লাগে সেইসম্পৰ্কে যেতিয়া মানুহে মোৰ পৰা উপদেশ বিচাৰে, মই তেওঁলোকক প্ৰথমে কোনোবা অভিজ্ঞ পেছাদাৰী লোকৰ সৈতে কিছু ভাল মিডিয়া প্ৰশিক্ষণ লোৱাৰ কথা কওঁ।

তৃতীয় কাৰণ : মই এই কামটো ভাল পাওঁ। এইটো খুব আনন্দদায়ক কাম। তুমি বহুসংখ্যক মানুহৰ সৈতে জড়িত হৈ পৰা। তুমি বহল পৰিসৰৰ শ্ৰোতাৰ সৈতে তোমাৰ কথাবোৰ বিনিময় কৰিব পাৰা। মই গণিত সম্পৰ্কে টেড বক্তৃতাটো দিলোঁ। মোৰ ভালকৈ মনত নাই, হয়তো দুই মাহ বা তিনি মাহ আগতে সেইটো অনলাইনত উপলব্ধ হ’ল। প্ৰায় এক নিযুত মানুহে সেইটো চাইছেই। এটা কথা ঠিক যে বিশেষজ্ঞৰ গভীৰ তত্ত্ব অন্বেষী বিষয়ৰ বক্তৃতাৰে এনে সঁহাৰি পোৱাটো আশা কৰিব নোৱাৰি। ডাঙৰ ডাঙৰ পপ গায়ক-গায়িকাসকলে কেইবাশ নিযুত দৰ্শন লাভ কৰে বুলি মই জানোঁ; এজন বিজ্ঞানীয়েও অধিকসংখ্যক শ্ৰোতা পাবৰ বাবে, অধিক প্ৰভাৱ বিস্তাৰৰ বাবে আৰু অধিক মানুহৰ ওচৰ পাবলৈ জনসংযোগেই একমাত্ৰ উপায়। মানুহৰ বাবে এই গুণটো প্ৰায়েই খুব গুৰুত্বপূৰ্ণ আৰু তেতিয়াহে তুমি খুব তীব্ৰভাৱে মানুহৰ লগত সংযোগ স্থাপন কৰিব পাৰিবা।

ইয়াৰ লগত কিছুমান সমস্যাও আছে। সঠিক শব্দ বিচাৰি উলিওৱাটো প্ৰথম সমস্যা। দ্বিতীয় সমস্যাটো হ‘ল – সময়ৰ সদ্ব্যৱহাৰ। আনুষ্ঠানিক সংযোগতকৈ বিস্তৃত জনসংযোগৰ ক্ষেত্ৰত প্ৰায়েই সময়ৰ এটা ধৰা-বন্ধা সীমা থাকে। কেতিয়াবা টিভি বা ৰেডিঅ’ত তোমাক এক মিনিটমান সময়হে দিয়ে, গতিকে তুমি কথাখিনি একদম নিৰ্দিষ্ট বিষয়টোৰ ওপৰতহে ক’বলগীয়া হয়। তৃতীয়টো সমস্যা : একেটা কথাকে সমান উৎসাহেৰে শ শ বাৰ পুনৰাবৃত্তি কৰিবলৈ তুমি প্ৰশিক্ষণৰ জৰিয়তে শিকিব লাগিব। দূৰদৰ্শনত মানুহে তোমাক একেটা প্ৰশ্নকে শ শ বাৰ সুধিব পাৰে, গতিকে তুমি কথাখিনি পেছাগত গায়কবোৰৰ নিচিনাকৈ শিকি ল’ব লাগিব। তেওঁলোকেও একেটা গীতকে একে উৎসাহেৰে শতাধিকবাৰ গাবলৈ শিকি লয়।

চালিক : এই তুলনাটো বৰ ভাল লাগিল আপুনি যিহেতু টেডৰ বক্তৃতাটোৰ কথা উলিয়াইছেই, তাৰ এটা অংশত আপুনি কৈছিল যে পৃথিৱীৰ আন যিকোনো চহৰতকৈ পেৰিছতেই অধিকসংখ্যক গণিতজ্ঞ আছে আৰু গণিতজ্ঞৰ নামেৰে সৰ্বাধিক পথ আছেতেনেকুৱা ধৰণৰ কথা বৰ বেছি শুনিবলৈ পোৱা নাযায় মানুহে ভাবে যে পেৰিছ ঘাইকৈ এখন কলা-কৃষ্টিৰ চহৰ ফৰাছীসকলৰ মাজত তেনেধৰণৰ এটা উল্লেখনীয় গাণিতিক পৰম্পৰা থকাৰ কাৰণ আপুনি কি বুলি ভাবে?

ভিলানি : এই পৰম্পৰাৰ ভেটিটো বহুদিনীয়া। কলা-সংস্কৃতিৰ নিচিনাকৈ বিজ্ঞানতো পৰম্পৰাবোৰ বহুদিনধৰি সুস্থিৰ হৈ থাকে, তাৰোপৰি ইহঁতৰ সময় ব্যাপ্তিও খুব দীঘলীয়া। পেৰিছ বা সমগ্ৰ ফ্ৰান্সখনেই সপ্তদশ শতিকালৈ ইতিমধ্যে গণিতত খুব মজবুত স্তৰত আছিল। সপ্তদশ শতিকাৰ প্ৰথমাৰ্ধত নিঃসন্দেহে পৃথিৱীৰ সবাতোকৈ প্ৰখ্যাত গণিতজ্ঞকেইজন আছিল ফাৰ্মা, পাস্কেল, ডেকাৰ্টে আৰু মাৰ্ছেন। ইয়াৰে তিনিজনেই ফৰাছী। আনসকল গণিতজ্ঞও ফৰাছীসকলৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। গতিকে গণিত ইতিমধ্যেই এটা শক্তিশালী পৰ্য্যায়ত উপনীত হৈছিল। তাৰপিছত কিছুদিনৰ এটা বিৰতি আহিছিল যদিও পিছৰটো শতিকাত পুনৰাই বহুতো মহান গণিতজ্ঞ ওলাল।

যেতিয়া মই বিজ্ঞানৰ ইতিহাস পঢ়োঁ, অষ্টাদশ শতিকাত ইমান সংখ্যক গণিতজ্ঞ কেনেকৈ হ’ল, সেই চিন্তাটো মনলৈ আহে। কথাটো ভাবি চালে বৰ অদ্ভুৎ যেন লাগে। মই তোমাক ইয়াৰ মূল কাৰণকেইটা ক’ম। আচলতে এনে এটা সংস্কৃতি গোটেই পৰিৱেশটোতে বিৰাজ কৰিছিল। এয়া আলোকপ্ৰাপ্তি অধ্যায়ৰ (enlightenment period) অংশ আছিল আৰু মানুহবোৰে জ্ঞান সম্পৰ্কে, সত্য সম্পৰ্কে, বিশ্বজনীন সত্য সম্পৰ্কে জানিবলৈ খুব উৎসাহী হৈছিল। সাহিত্য, মানৱতাৰ দৰে সমাজ-বিজ্ঞানবোৰতো ই স্থান লাভ কৰিছিল। ই দৰ্শনৰ লগতো জড়িত আছিল, সেইবাবে স্বাভাৱিকতেই ইয়াৰ লগত গণিতৰ প্ৰসংগ ওলায়। ফ্ৰান্সত জ্যোতিৰ্বিজ্ঞান খুব জনপ্ৰিয় আছিল, পেৰিছৰ মহাকাশ নিৰীক্ষণকেন্দ্ৰটোৰ (অৱজাৰ্ভেটইৰ ডে পেৰিছ) দৰে স্থানত যিটো খুব গুৰুত্বপূৰ্ণ। গতিকে ইয়াক কেন্দ্ৰ কৰিয়েই এটা ডাঙৰ গোট গঢ়ি উঠিছিল।

পিছত সেই দলটোৱে ৰাজনীতিতো প্ৰভাৱ পেলাইছিল আৰু মানুহৰ ওপৰত, কেইজনমান প্ৰসিদ্ধ বিজ্ঞানীৰ (সেইসময়ত বিশেষকৈ গণিতজ্ঞ) ওপৰতো ৰাজনৈতিক প্ৰভাৱ পৰিছিল। ফৰাছী বিপ্লৱৰ পাছত ইয়াৰে কেইজনমান কাৰ্য্যবাহীও নিযুক্ত হ’লগৈ। উদাহৰণস্বৰূপে গ্ৰে’ট কনডৰ্চেটে (মাৰ্কিছ ডে কনডৰ্ছেট) আত্মহত্যা কৰিবলগীয়া নহ’লে তেৱোঁ কাৰ্য্যবাহী হ’ব লাগিলহেঁতেন। আৰু তেতিয়াৰ দিনত আৰম্ভ হোৱা কিছুমান অনুষ্ঠান আজিৰ দিনতো গণিতৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠানৰূপে বৰ্তি আছে। উদাহৰণ হিচাপে ইক’ল নৰ্মেল চুপেৰিয়ৰ (École Normale Supérieure) তেতিয়াৰ দিনতে যথেষ্ট উচ্চ স্থান পাইছিল। তাকে দেখি আনকি নেপোলিয়নো ফ্ৰেন্স একাডেমী অৱ চায়েঞ্চেছৰ সদস্য হৈছিল। গতিকে সেই সময়ত ই জনসাধাৰণৰ খুব ওচৰ পাইছিল আৰু মানুহবোৰে বিষয়টোক বৰ আগ্ৰহৰ দৃষ্টিৰে চাইছিল। তেতিয়াৰ সেই ধাৰাটো এতিয়াও অব্যাহত আছে।

গতিকে এক বিশ্বজনীনতাৰ সোৱাদ লভাটোৱেই এনে আগ্ৰহৰ মূল কাৰণ, যিটো পূৰ্বৰ পৰাই ফৰাছীসকলৰ জ্ঞানোৎকৰ্ষ সাধন আৰু দৰ্শন সম্পৰ্কে থকা নিজস্ব ধাৰণাটোৰ মাজত সোমাই আছিল। আন এটা কথাও উল্লখ কৰিব লাগিব যে ফৰাছীসকল বিমূৰ্ত আৰু পৰম বিষয়ৰ প্ৰতিও আগ্ৰহী। এইটো ফৰাছীসকলৰ এটা দুৰ্বল দিশো, কাৰণ  কিছুমান লোকে প্ৰায়োগিক আৰু বাস্তৱধৰ্মী পথটোক উপেক্ষা কৰি একেবাৰে পৰম শুদ্ধ পথটোহে ল’ব খোজে। কিছুমান ক্ষেত্ৰত এইটোৱে খুব ভালদৰে কাম কৰিলেও আন কিছুমান ক্ষেত্ৰত বিড়ম্বনাৰহে সৃষ্টি কৰে।

গতিকে ফৰাছীসকলক সকলোৱে হাঁহিয়াতৰ পাত্ৰ কৰে, কিয়নো তেওঁলোকে গোটেই পৃথিৱীখনকে কি কৰা উচিত শিকাব খোজে- “তুমি এনে-এনেধৰণে কামটো কৰিব লাগিব”। অৱশ্যে কি কৰিব লাগে, তাৰ একেবাৰে ভাল উপায়টো উলিওৱাত গণিতে সহায়ো কৰে। উদাহৰণস্বৰূপে, ফৰাছী বিপ্লৱৰ পিছত ফৰাছীসকলে ক’বলৈ ল’লে- “ঠিক আছে। আমি সকলোবিলাক নতুনকৈ সাজি উলিয়াওঁ। আনকি জোখ-মাখ লোৱাৰ পদ্ধতিবোৰো সলাই লওঁ”। তাৰপিছতে তেওঁলোকে মিটাৰ উদ্ভাৱন কৰিলে, যিটো ফৰাছী বিপ্লৱৰেই এক অৱদান তেওঁলোকে কৈছিল “এইটো সকলো মানুহৰ বাবে গ্ৰহণযোগ্য হ’ব লাগিব। গতিকে আমি এই সংজ্ঞাটো পৃথিৱীৰ বাহিৰৰ পৰা নিৰ্ধাৰণ কৰিব লাগিব আৰু মিটাৰৰ জোখটো পৃথিৱীৰ পৰিধিৰ এক চতুৰ্থাংশৰ প্ৰায় এক নিযুতভাগৰ এভাগমান হ’ব লাগিব”। তেওঁলোকে যদিও কৈছিল “এয়া সকলোৰে বাবে”, কামখিনি তেওঁলোকে নিজাববীয়াকৈয়ে কৰিব বিচাৰিছিল। “আন দেশবোৰে কিবা এটা কৰালৈ আমি বাট চাই নাথাকোঁ। আমি নিজেই এইখিনি কৰিব লাগিব। এইটো সম্পূৰ্ণ কৰাটো আমাৰ দায়িত্ব”। আৰু শেষতগৈ তেওঁলোকে নিজাকৈ কামটো কৰিয়েই পেলালে। অৱশ্যে ইয়াক লৈ ইংৰাজসকল বৰ সুখী নহ’ল, আমেৰিকানসকল বৰ সুখী নহ’ল- ইত্যাদি বহু কথা। কিন্তু শেষতগৈ মিটাৰৰ সংজ্ঞাটোৱে কাম দিলে আৰু সকলোৱে ইয়াক আনুষ্ঠানিকভাৱেও গ্ৰহণ কৰিলে। মাত্ৰ আমেৰিকা আৰু দুই চাৰিখন দেশহে ইয়াৰ ব্যতিক্ৰম আছিল।

কিন্তু তেওঁলোকে কিছুমান অদ্ভুত ধৰণৰ কামো কৰিছিল। যেনে, গোটেই ফ্ৰান্সখনকে কিছুমান অঞ্চলত ভাগ কৰিছিল যিবোৰক আমি ডিপাৰ্টমেন্ট বুলি কওঁ। প্ৰথমতে অঞ্চলবোৰ বৰ্গৰ নিচিনাকৈ বিভাজন কৰাৰ আঁচনি লোৱা হৈছিল। এইটো মানিব লাগিব যে এই কামটো খুব অতিমাত্ৰা হ’ল। অঞ্চলবোৰ ভালদৰে সজাই-পৰাই ল’ব লাগিছিল। এটা সময়ত আনকি আমি সময় জোখৰ পদ্ধতিটোও সলাই লৈছিলোঁ। তেওঁলোকে ক’বলৈ লৈছিল, “আমি দহদিনীয়া সপ্তাহ সাজি লওঁ ব’লা”। ফ্ৰান্সত এটা সময়ত বহু বছৰধৰি আমি এই হিচাপমতে চলি আহিছিলোঁ। আনকি এটা সময়ত আমি এইটো সিদ্ধান্ততো উপনীত হৈছিলোঁ যে এদিনত দহ ঘণ্টাহে থকা উচিত, চৌবিছ ঘণ্টা থকাটো এটা মূৰ্খামি। এইটোক কোনোৱেই আদৰি নল’লে। এই হিচাপটোৱে সঠিকধৰণে কাম নিদিলে। আমি আগৰ পদ্ধতিটোলৈ ঘূৰি যাব লগা হ’ল। কিন্তু ভালেমান আসোঁৱাহ আৰু ভাল দিশ সামৰিও  ক’ব পাৰি যে এয়াই ফৰাছী আদৰ্শ : একেবাৰে অতিমাত্ৰা আৰু বিমূৰ্ত পৰ্য্যায়লৈ যোৱা। গাণিতিক তৃপ্তি আহৰণৰ লগত এইটো খুব ভালদৰে মিলি যায়।

চালিক : আনুষ্ঠানিক প্ৰশ্নবোৰৰ পৰা সামান্য ফালৰি কাটি আহোঁ আমি আপোনাৰ সাজ-পাৰৰ বিষয়ে জানিবলৈ খুবেই আগ্ৰহী বিশেষকৈ আপোনাৰ মকৰাৰ পিনটোৰ বিষয়ে জানিব খোজোঁ এই বিষয়ে কিছু জনাব নেকি?

ভিলানি : আচলতে, বাৰ বছৰ পূৰ্বৰ পৰা এই মকৰা-পিনটো মোৰ কোটত লগাবলৈ লোৱাৰ পৰা, মই প্ৰায় প্ৰতিদিনেই এইসম্পৰ্কীয় প্ৰশ্নৰ মুখামুখি হওঁ। ইতিমধ্যে বহুবাৰ মুখামুখি হৈছোঁৱেই। কিন্তু দুই-তিনিবাৰমান ব্যাখ্যা কৰাৰ পিছত মই ঠিক কৰিলোঁ যে ইয়াৰ কাৰণটো মই গোপনে ৰখাই বেছি ভাল হ’ব। কাৰণ এইটো মোৰ ব্যক্তিগত কথা, ব্যক্তিগত পছন্দৰ কথা। ইয়াক লৈ মানুহে নানান ধৰণৰ কাব্যিক বৰ্ণনা দিবলৈ লোৱা বাবেও মই এইসম্পৰ্কে কোৱা বন্ধ কৰিছোঁ। গতিকে কথাটো এইধৰণে কোৱা যাওঁক : এতিয়া মানুহে যেতিয়া জনা হৈছেই যে এইটো মোৰ সাজপাৰৰ এটা অংশ, গতিকে তেওঁলোকে মোক এনে এটা মকৰা উপহাৰ দিয়ে। এই দেশখনৰ নিচিনাকৈ মই যিকোনো এখন দেশলৈ গ’লে তাৰ মানুহে প্ৰায়েই মোক মকৰা উপহাৰ দিয়ে। বা কিছুমান শিল্পীয়েও মোৰ বাবে এনেধৰণৰ মকৰা সাজি দিয়ে। এইটো এজন শিল্পীয়ে সাজি দিছিল, যিজন পিছলৈ মোৰ খুব ভাল বন্ধু হ’লগৈ। তেওঁ উত্তৰ আফ্ৰিকাৰ এজন টুৱাৰেগ সম্প্ৰদায়ৰ লোক। এওঁলোক মৰুভূমি অঞ্চলৰ নীলা সাজপাৰ পিন্ধা ওখ-পাখ শ্ৰেণীৰ মানুহ। তেওঁ নাইজাৰৰ (Niger) নিয়ামিত (Niamey) থাকে। পাথৰটোক কৰ্নালিয়ান (Cornalian) বোলা হয় আৰু এইখিনি ৰূপৰ। মোৰ প্ৰতিটো মকৰাৰে এতিয়া নিজা নিজা কাহিনী আছে। সেইবোৰে মানৱীয় ভাগ-বতৰাক প্ৰতিনিধিত্ব কৰে বাবে সেইটো এতিয়া মোৰ বেশ-ভূষাৰ এটা অংগ হৈ পৰিছে।

চালিক : আপোনাৰ কাম-কাজৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ ভূমিকা কেনেকুৱা?

ভিলানি : পৰিয়ালৰ সহায়-সহযোগিতা মোৰ বাবে সদায়েই গুৰুত্বপূৰ্ণ বিবেচিত হৈ আহিছে। মই আনুষ্ঠানিকভাৱে কেতিয়াও বিয়া পতা নাই যদিও তেওঁক পত্নী বুলিয়েই ক’ম, তেওঁৰ সৈতে মই আজি বিছ বছৰতকৈও বেছি দিনধৰি একেলগেই আছোঁ। গতিকে এইটো বিয়া কৰোৱাৰ নিচিনা একেই কথা। আমাৰ দুটা সন্তানো আছে। এটা কথা স্পষ্ট আৰু সম্পূৰ্ণ নিশ্চিত যে পাৰিবাৰিক প্ৰয়োজনসমূহক গৱেষণাৰ প্ৰয়োজনসমূহৰ সৈতে মিলাই লোৱাটো মাজে-সময়ে কঠিন হৈ পৰে। কিন্তু সময় আৰু শক্তিৰ প্ৰয়োজন হোৱা বাবে পাৰিবাৰিক জীৱনে তোমাৰ কাম-কাজৰ সবাতোকৈ প্ৰয়োজনীয় দিশসমূহত গুৰুত্ব দিবলৈ প্ৰৰোচিত কৰে। তদুপৰি যেতিয়া তুমি কিবা এটা সমস্যা সমাধানত গভীৰভাৱে নিমজ্জিত হৈ থাকিবা, পৰিয়ালেই তোমাক বাস্তৱজগতখনলৈ ঘূৰি অহাত সহায় কৰে। মুঠতে ক’ব পাৰি যে কেতিয়াবা গৱেষক হিচাপে নিজৰ কামত খুব গভীৰভাৱে ডুবিব লাগিলেও, যেতিয়া সেই কামটোৱেই আমাৰ প্ৰথম অগ্ৰাধিকাৰ হয়; তেনে সময়তো পৰিয়ালে মানুহৰ জীৱনত এটা সাম্য অৱস্থা বৰ্তাই ৰখাত যথেষ্ট সহায় কৰে।

চালিক : আপুনি ‘দ্য বাৰ্থ অৱ এ থিয়ৰেম’ লিখাৰ কাৰণটো জানিব খোজোঁ কিতাপখন যি উদ্দেশ্যেৰে লিখা হৈছিল, সেইটো পূৰণ হোৱা বুলি আপুনি ভাবেনে?

ভিলানি : এজন সাহিত্য আৰু গ্ৰন্থ সম্পাদক লগ পোৱাৰ পিছতহে ‘দ্য বাৰ্থ অৱ এ থিয়ৰেম’ৰ  ধাৰণাটো মনলৈ আহিছিল। মানুহজন খুব কৌতুহলী আছিল আৰু এয়া ফিল্ডছ্ মেডেল পোৱাৰ আগৰে কথা।

‘দ্য বাৰ্থ অৱ এ থিয়ৰেম’ৰ ক্ষেত্ৰত, ইয়াৰ জন্মৰ আঁৰতো আচলতে এটা কাহিনী আছে বুলিব পাৰি আৰু কাহিনীটোৰ পটভূমিত মই খুব সৌভাগ্যৱান আছিলোঁ। এটা কলা-সংগঠনৰ পৰা মোক দুপৰীয়াৰ আহাৰ খাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেইদিনা তাত এজন সম্পাদক তথা প্ৰকাশন গোষ্ঠীটোৰ মুখ্য ব্যক্তিজন উপস্থিত আছিল, যিয়ে মোৰ বিষয়ে জানিবলৈ বৰ আগ্ৰহী আছিল। মোৰ সাজপাৰ দেখি তেওঁ ভাবিছিল, “এই মানুহজনৰ মাজতো কিবা কাহিনী আছে নিশ্চয়। বা হয়তো এনেধৰণৰ আন কিবাকিবি…”। গতিকে তেওঁ কিছু বিচাৰ-খোছাৰ কৰিলে আৰু জানিব পাৰিলে যে মই এজন গণিতজ্ঞ। মানুহজন খুব কৌতুহলী আছিল। তেওঁ মোক কিতাপ এখন লিখিবলৈ মান্তি কৰাৰ চেষ্টা কৰিলে। সেইসময়ত মই গণিতৰ জনপ্ৰিয়কৰণ সম্পৰ্কীয় কিতাপ লিখাৰ কথা ভাবি আছিলোঁ; কি ঠিক হয়তো ব’ল্টজমেন সমীকৰণ, এন্ট্ৰ’পি বা ঠিক তেনেকুৱাধৰণৰ বিষয়ক লৈ কিতাপ লিখাৰ কথা ভাবিছিলোঁ। কিন্তু তেওঁ সেইটো বিচৰা নাছিল। তেওঁ কৈছিল, “নাই নাই, আপুনি কি কৰে মই সেইটোহে জানিব খোজোঁ। আপোনাৰ জীৱনটো কেনেধৰণৰ?” তেওঁ মোক ঠিক তোমালোকৰ নিচিনাই প্ৰশ্ন কৰিছিল – “আপোনাৰ দৈনিক কৰ্মসূচীখন কি” ধৰণৰ। “মই জানিব খোজোঁ গণিতৰ কথা ভাবিলে আপোনাৰ মূৰলৈ কিহৰ কথা আহে?”

মই খুব লাজ পাইছিলোঁ। মই কেৱল ভাবিয়েই থাকিলোঁ, ভাবিয়েই থাকিলোঁ। মই ভাবিবলৈ লৈছিলোঁ- এৰা, গণিতৰ গৱেষণাক্ষেত্ৰখন মোৰ দৃষ্টিত একধৰণৰ দুঃসাহসিক অভিযানৰ নিচিনা গতিকে মই এইসম্পৰ্কে এক দুঃসাহসিক অভিযানৰ নিচিনাকৈ লিখা উচিত হয়তো দুঃসাহসিক অভিযান বুলিলে কিবা এটা কৰ্মসূচী বা প্ৰকল্প থাকিব লাগে আমাৰ বাবে এটা উপপাদ্যই সেই প্ৰকল্পটো হ‘ব লাগিব হয়তো মই এটা কঠিনতৰ উপপাদ্যৰ কাহিনী ক’ব পাৰিম যিটোৰ বহুতো ঠাল-ঠেঙুলি থাকিব। আৰু সেই কাহিনীটোক কেন্দ্ৰ কৰি মই গোটেই গাণিতিক গৱেষণাক্ষেত্ৰখনৰ বিষয়ে ক’ব পাৰিম। সেইবাবে মই নিজেই নিজক ক’লোঁ, “এইখন উপন্যাসৰ নিচিনাকৈ, পাৰিলে দুঃসাহসিক অভিযানৰ উপন্যাসৰ নিচিনাকৈ বৰ্ণনা দিয়া যাওঁক। এইখন খুব বিশ্বাসযোগ্য, নিখুঁত হওক আৰু ই সকলো দিশ সামৰি লোৱা উচিত। পঢ়ুৱৈক আকৰ্ষণ কৰিবলৈ কিতাপখনত যাতে কোনোধৰণৰ প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা নহয়। সেইবাবে মই গাণিতিক সূত্ৰটো আৰু কিছু ডাঙৰ ডাঙৰ কথা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ল’লোঁ। পিছত জানিব পাৰিলোঁ যে মোৰ অজ্ঞাতেই মই হেনৰি পঁইকাৰৰ পদ্ধতিটো অনুসৰণ কৰিছিলোঁ যিটো তেওঁ মোতকৈ এশ বছৰ পূৰ্বেই প্ৰয়োগ কৰিছিল। এই পদ্ধতিত গাণিতিক পৰিভাষাবোৰ ব্যাখ্যা কৰি পঢ়ুৱৈৰ মন বিষয়বস্তুত নিৱদ্ধ কৰি ৰখাৰ চেষ্টা নকৰি পাঠকৰ মন মূল ধাৰণা বা দুঃসাহসিক অভিযানটোত নিৱদ্ধ কৰি ৰখাৰহে প্ৰয়াস কৰা হৈছিল।

এই প্ৰক্ৰিয়াটো মৌলিক আছিল, আচলতে মই ভবাতকৈও বহু বেছি মৌলিকধৰণৰ। মানুহে কিতাপখন আদৰি ল’লে। কিতাপখনে ফ্ৰান্সত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল, আৰু দেশভেদে বেলেগ বেলগ হ’লেও কিছু পৰ্য্যায়লৈ গোটেই পৃথিৱীতে কিতাপখন আদৰি লোৱা বুলিব পাৰি। কিতাপখনে আমেৰিকা যুক্তৰাষ্ট্ৰত বেছি সাফল্য নাপালেও ইংলেণ্ডত যথেষ্ট সফল হৈছিল। এইটো বৰ পাকলগা কথা, কিয়নো মোৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত আমেৰিকাৰহে ডাঙৰ ভূমিকা আছিল, ইংলেণ্ডৰ অৰিহণা খুব কমেই আছিল। কিন্তু এটা অৰ্থত কিতাপখনে সমগ্ৰ পৃথিৱীতে ইয়াৰ লক্ষ্যত উপনীত হৈছিল। পঢ়ুৱৈয়ে অন্ততঃ বুজি উঠিছিল যে এইখন এখন গণিতৰ কিতাপ নহয়, এইখন বৈজ্ঞানিক গৱেষণা সম্পৰ্কে প্ৰৱল অনুৰাগেৰে লিখা দুঃসাহসিক অভিযান কাহিনীহে। এইটো কাৰণত আৰু  কিতাপখনৰ নিজস্ব শৈলীৰ কাৰণে এইখন এখন এককধৰণৰ কিতাপত পৰিণত হৈছিল, আৰু মই ভাবোঁ যে ই নিজৰ লক্ষ্যতো উপনীত হ’ব পাৰিছে। কিমান বিক্ৰী হ’ল মই সঠিককৈ নাজানোঁ যদিও এশ হাজাৰতকৈ অধিক কপি বিক্ৰী হৈছে, হয়তো বাৰটা ভাষালৈ অনুবাদো হৈছে। মই আন ভালেকেইখন কিতাপ লিখিছিলোঁ যদিও প্ৰভাৱৰ ক্ষেত্ৰত আন কোনো এখনো ইয়াৰ সমকক্ষ হ’ব পৰা নাই। কাৰণ ‘দ্য বাৰ্থ অৱ এ থিয়ৰেমে’ সঁচাকৈয়ে বিষয় এটাক নতুনধৰণে উপস্থাপনৰ প্ৰয়াস কৰিছিল।

চালিক মিস্কট বৰবৰা আৰু বিশাল দেৱ।

বিশাল দেৱ (বিশাল) : এইখিনিৰ পৰা সাক্ষাৎকাৰটো মই আগবঢ়াই নিম আপুনি আপোনাৰ কিতাপ আৰু বহু গৱেষণা-পত্ৰও ফৰাছী ভাষাত লিখিছে মাতৃভাষাত লিখিলে আপোনাৰ মনৰ ভাৱপ্ৰকাশৰ ক্ষেত্ৰত সুবিধা হয় নেকি?

ভিলানি : গাণিতিক স্বজ্ঞাৰ ক্ষেত্ৰত মুঠেই নহয়। গাণিতিক  চিন্তা-চৰ্চা অশাব্দিক, ই শব্দৰ ওপৰত নিৰ্ভৰ নকৰে। পেছাগত গণিতজ্ঞ হিচাপে থাকি গ’লে তুমি শব্দৰ ওপৰত ইমান বেছি গুৰুত্ব দিয়াৰ প্ৰশ্ন নুঠে। অৱশ্যে জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত কথাটো বেলেগ। এটা জনপ্ৰিয় বক্তৃতাও মাতৃভাষাত দিয়াটো মোৰ বাবে বহুত বেছি সুবিধাজনক। মই উপযুক্ত শব্দবোৰ বিচাৰি পাওঁ আৰু মানুহৰ লগত সংযোগ স্থাপনৰ উপযুক্ত পন্থা বাছি উলিয়াব পাৰোঁ। ধেমালি কৰিলেও সকলোৰে মনৰ লগত বেছি ভালদৰে মিলি যাব পাৰি। এনেকুৱা বহু কথাই ক’ব পাৰি। বিজ্ঞানৰ ক্ষেত্ৰত ইমান প্ৰভাৱ নপৰে যদিও মানুহৰ আৱেগ-অনুভূতিৰ ক্ষেত্ৰত সঠিক ভাষা এটা নিৰ্বাচনৰ গুৰুত্ব আছে।

বিশাল : আপুনি কিতাপখনত ডেথ নোটৰ (Death Note) বিষয়ে বহুবাৰ উল্লেখ কৰিছে, লগতে এনিমে’ আৰু কমিকছৰ বিষয়ে থকা আপোনাৰ আগ্ৰহৰ কথাও কৈছে গতিকে আপোনাৰ ভাল লগা কেইখনমানৰ নাম ক‘ব পাৰিবনে?

ভিলানি : কমিকছৰ নামনে?

বিশাল : কমিকছ্ আৰু এনিমে‘ দুয়োটাই

ভিলানি : মোৰ সমসাময়িক ফৰাছী প্ৰজন্মটো জাপানী এনিমে’ চাই ডাঙৰ-দীঘল হৈছিল। সত্তৰৰ দশকৰ শেষৰফালে সেইবোৰ প্ৰথম ফ্ৰান্সলৈ আহিছিল। মই তেতিয়া পাঁচ-ছয় বছৰীয়া আছিলোঁ আৰু নতুন কথা শিকিবলৈ খুব আগ্ৰহী আছিলোঁ। গতিকে মোৰ বাবে এই অভিজ্ঞতাতো জীৱনৰ পথ নিৰূপক স্বৰূপ আছিল। তেতিয়াৰ দিনত সবাতোকৈ আকৰ্ষণীয় বস্তু আছিল গ্ৰেণ্ডিজাৰ (Grendizer) নামৰ অনুষ্ঠান এটা, যিটোক ফৰাছী ভাষাত গল্ড’ৰাক (Goldorak) বুলি কোৱা হয়। তেতিয়া ফৰাছী  শিশুবোৰৰ মাজত এইটো খুব জনপ্ৰিয় হৈছিল। এটা শিশু হিচাপে সেইটো মোৰ বাবেও খুব গুৰুত্বপূৰ্ণ আছিল। বহু বছৰ পিছত মোৰ সন্তানকেইটাৰ লগত মই আকৌ এবাৰ গোটেই খণ্ডকেইটা চাইছিলোঁ। কথাটো যদি অধিক পৰিষ্কাৰকৈ ক’বলৈ যাওঁ, আচলতে ফ্ৰান্সৰ সংস্কৃতিত এনিমে’ৰ ভূমিকা অতি বেছি। আমি মিয়াজাকিৰ (Miyazaki) আটাইবোৰ চলচ্চিত্ৰ চাইছিলোঁ। মই তাতোকৈ পুৰণি চলচ্চিত্ৰ, চীনদেশীয় এনিমে’ হোৱাইট স্নেকখনো (White Snake) ভাল পাইছিলোঁ। এইখন জাপানী এনিমে’ৰ সোণালী যুগৰ পূৰ্বেই ওলাইছিল। শৈশৱকালত মই বহুকেইখন ভাল ভাল ফৰাছী এনিমে’ও চাইছিলোঁ। এইবোৰ উৎকৃষ্টমানৰ সৃষ্টি আছিল। এইবোৰৰ মাজতো সবাতোকৈ ভাল লগা আছিল “মাষ্টাৰ অৱ্ টাইম” (Masters of Time), “লে’ মেইটৰ্ছ্ ডু টে’ম্পছ্” (Les Maîtres du temps)।

মই বহুকেইটা ছিৰিজ চাইছিলোঁ। মই কিতাপখনত লে’ডি অস্কাৰ (Lady Oscar) আৰু ইয়াৰ নিচিনা আন কেইটামান ছিৰিজৰ কথা উল্লেখ কৰিছিলোঁ। একেবাৰে শেহতীয়াবোৰৰ ভিতৰত মই ডেথ নোটৰ (Death Note) প্ৰৱল অনুৰাগী। হয়তো আন কেইখনমানো ভাল পাওঁ, কিন্তু ডেথ নোটৰ নিচিনাকৈ নহয়। মই আন এজনৰ কথা  ক’ব খুজিছিলোঁ। অ, মনত পৰিছে। চাট’ছি কন (Satoshi Kon) নামৰ সেই কম বয়সতে কৰ্কটৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা জাপানী লোকজন। তেওঁ অসাধাৰণ প্ৰতিভাশালী লোক আছিল। মই তেওঁৰ আটাইবোৰ এনিমে’ চাইছিলোঁ।

যদি কমিকছৰ কথা ক’ব খোজোঁ, মই বহুত কমিকছেই পঢ়োঁ। মই আনকি নিজেও এখন কমিকছ্ লিখিছিলোঁ। এইখন যোৱা বছৰ প্ৰকাশ হৈছিল। কমিকছখন ফ্ৰান্সৰ এজন গ্ৰাফিকছ্ আৰ্টিষ্টৰ সৈতে লগ লাগি প্ৰস্তুত কৰা। কিন্তু মই সকলো ঠাইৰেই কমিকছ্ পঢ়োঁ। উত্তৰ আমেৰিকা, ফ্ৰাংকো-বেলজিয়াম লেখকসকলৰ, মেংগা লেখকসকলৰ; এনেদৰে বহুত বেছি কমিকছ্ পঢ়োঁ। মহান জাপানী কমিকছ্ লেখক ওছামি টেজুকা (Osamu Tezuka) মোৰ নায়কসকলৰ মাজৰ এজন। মোৰ ল’ৰা-ছোৱালীকেইটাই তেওঁৰ বহুত কিতাপ পঢ়িছে আৰু ময়ো পঢ়িছোঁ। যেতিয়া মই কিয়ট’লৈ গৈছিলোঁ, প্ৰথমেই দৰ্শন কৰা ঠাইবোৰৰ ভিতৰত মেংগা মিউজিয়ামো আছিল।

মেংগাৰ এতিয়াও সক্ৰিয় লেখকসকলৰ ভিতৰত সম্ভৱতঃ মোৰ প্ৰিয় লেখকজন নাওকি উৰাছাৱা (Naoki Urasawa)। মনষ্টাৰ (Monster) তেওঁ অমৰ সৃষ্টি। তেওঁলোকে যিটোক ফ্ৰাংকো-বেলজিয়াম স্কুল বুলি কয়, তাৰ ভিতৰত মই গছিনি (ৰেনে গছিনি, René Goscinny), ফ্ৰেংকিনৰ (আন্দ্ৰে ফ্ৰেংকিন, André Franquin) প্ৰৱল অনুৰাগী। এই ক্ষেত্ৰখনত গছিনি অসাধাৰণ প্ৰতিভাৱান লোক আছিল। মোৰ উপনামটো হৈছে মাৰ্চুপিলামি (Marsupilami) আচলতে এইটো ফ্ৰেংকিন কমিকছখনত থকা এটা জন্তুৰ নাম আছিল, যিয়ে অ’লৈ ত’লৈ জপিয়াই ফুৰিব পাৰে তাৰোপৰি গটলিবো (মাৰ্ছেল গটলিব, Marcel Gotlib) এজন প্ৰখ্যাত লেখক। কমিকছৰ পৃথিৱীখনত মই এলান মুৰ (Alan Moore) আৰু নিল গেইমেনৰ আটাইখিনি কৰ্মৰাজিৰেই প্ৰৱল অনুৰাগী। তুমি চাগে মন কৰিছাই যে মোৰ টেড বক্তৃতাটোত নিপ গেইমেনৰ (Neil Gaiman) চে’ণ্ডমেন (Sandman) নামৰ কমিকছখনৰ এটা অস্পষ্ট উল্লেখ আছে। মই এই শাৰীটোক লৈ বৰ গৌৰৱবোধ কৰিছিলোঁ,  কাৰণ টেড সন্মিলনখনৰ বিষয়বস্তুটোৱেই আছিল স্বপ্ন আকৌ চে’ণ্ডমেনৰ মূল চৰিত্ৰটোৰ নামো আছিল ড্ৰিম (স্বপ্ন) মই ইয়াক এটা শাৰী হিচাপে ৰাখিছিলোঁ, কিন্তু এনেদৰে ৰাখিছিলোঁ যাতে বক্তৃতাটোৰ বাকী অংশখিনিৰ লগত ভালদৰে খাপ খায়।

বিশাল : আপোনাৰ প্ৰিয় উপপাদ্যটো কি?

ভিলানি : অ’হ! মই এই কথাটো কোনোদিন ভাবিয়ে চোৱা নাই। বহুতো সূত্ৰ সম্ভাৱনাৰ শাৰীত আছে। মই কৈ থ’ব পাৰোঁ যে কেন্দ্ৰীয় সীমা সূত্ৰটো (central limit theorem) গুৰুত্বপূৰ্ণ বা এনেকৈও উত্তৰ দিব পাৰোঁ যে ব’ল্টজমেনৰ এইচ. সূত্ৰটো (Boltzmann’s H theorem) বৰ গুৰুত্বপূৰ্ণ। মোৰ কেৰিয়াৰৰ এটা অংশ সেইটোতে অতিবাহিত হৈছিল। নহ’লেবা এইচ. সূত্ৰটোৰ মই কৰা শুধৰণিটোও হ’ব পাৰে, যিটো মোৰ ভাল লাগে। এজন গণিতজ্ঞই নিজৰ সূত্ৰকেইটাক ভাল পোৱাটোও বৰ প্ৰয়োজনীয়। এই উদাহৰণকেইটাই মোৰ মনলৈ আহিছে। গণিতৰ জগতখনত বহুতো চমৎকাৰী সূত্ৰ আছে। আচলতে সমগ্ৰ বিজ্ঞানেই বহুতো নায়ক-মহানায়ক, প্ৰখ্যাত সূত্ৰৰে ভৰি আছে যেতিয়া তুমি বিজ্ঞান আৰু গণিতৰ ইতিহাস সম্পৰ্কীয় কাম কৰিবা, তেতিয়া তুমি অভিভূত হৈ “বাহ্” বুলিব লগা মুহূৰ্তত উপনীত হ’বা কিছুদিন পূৰ্বে মই ৰিমানৰ (Reimann) জীৱনী এখন পঢ়ি আছিলোঁ তেওঁতো এজন অসাধাৰণ প্ৰতিভাসম্পন্ন লোক আছিল পিছে তেওঁ এটা দাৰিদ্ৰগ্ৰস্ত জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল তেওঁ কম বয়সতে ঢুকাল, প্ৰায়েই হতাশাগ্ৰস্ত হৈছিল আৰু এনেকুৱা বহু কথা কিন্তু তেওঁৰ কৰ্মৰাজিখিনি যে কেনেধৰণৰ এক সৌন্দৰ্য্যপূৰ্ণ! সেইবাবে এই আটাইবোৰৰ মাজৰ পৰা কোনটো সূত্ৰ আটাইতকৈ বেছি ধুনীয়া, সেইটো নিৰ্বাচন কৰা বৰ কঠিন।

বিশাল : দৰ্শনৰ লগত জড়িত প্ৰশ্ন এটা কৰিম গণিত উদ্ভাৱন নে আৱিষ্কাৰ হোৱা বুলি আপুনি ভাবে?

ভিলানি : কি যে হ’ব মানে ! আকৌ সেই একেটাই প্ৰশ্ন। তুমি নুবুজিবা, মই কিমানবাৰ এই প্ৰশ্নটোৰ মুখামুখি হ’বলগীয়া হৈছে। শ শ বাৰ। মই গণিত আৱিষ্কাৰ হোৱা বুলি বিশ্বাস কৰোঁ। এইটো মোৰ অন্তৰৰ অনুভৱ, মোৰ একান্ত নিজস্ব বিশ্বাস। কিন্তু এই কথাটো ধৰ্মৰ নিচিনাই, ইয়াৰ একো প্ৰমাণ নাই আৰু আগলৈয়ো নাথাকে। এইটো এটা অধিবিদ্যা সম্পৰ্কীয় সমস্যা। মই কিন্তু বিশ্বাস কৰোঁ যে আমাৰ উপস্থিতি অবিহনেও গণিতৰ অস্তিত্ব আছে।

বিশাল : আপোনাৰ দৃষ্টিত গণিতৰ এনে কোনকেইটা প্ৰখ্যাত সমস্যা আছে, যিকেইটাই আগন্তুক দিনবোৰত গণিতৰ পথটো আগবঢ়াই নিব?

ভিলানি : কোনো সংকোচ নকৰাকৈ ক‘ব পাৰি যে আজিৰ দিনত গণিতৰ বিকাশত আগভাগ লোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ দুখন ক্ষেত্ৰ হৈছে গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ যোগসূত্ৰ স্থাপন; আৰু আনটো নিৰাপত্তাজনিত সমস্যা –  তথ্যক সংকেতৰ ৰূপ দিয়া আৰু পিছত পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰা, কিন্তু সাধাৰণভাৱে ক‘বলৈ গ’লে গোটেই নিৰাপত্তা সংক্ৰান্তীয় বিষয়টো আকৌ এশ শতাংশই নিৰাপদ বুলিলে কি বুজা যায়? আৰু এইটো সম্ভৱপৰ বুলি আমাৰ হাতত কি প্ৰমাণ আছে? মই ভাবি থকা আনটো বিষয় হ’ল গাণিতিক জীৱবিজ্ঞান। কিন্তু তাতো মাত্ৰ এটাই সমস্যা আছে বুলি তুমি ক’ব নোৱাৰা। ইয়াতো বহুতো সমস্যা একেলগ হৈ আছে।

সাম্প্ৰতিক সময়ত লাভ কৰা অগ্ৰগতিৰ উপৰি বহুতো সমস্যাক লৈ কৰা প্ৰসিদ্ধ কৰ্মৰাজিও একত্ৰিত হৈ আছে। হয়, মই স্বীকাৰ কৰোঁ যে জটিল এলগৰিথিমবোৰৰ ওপৰত গাণিতিক বোধশক্তি বৃদ্ধি পোৱাটোও আন এটা গুৰুত্বপূৰ্ণ কাৰক হ’ব। উদাহৰণস্বৰূপে সাম্প্ৰতিক কালছোৱাই কৃত্ৰিম বুদ্ধিমত্তা বিকাশৰো সময়। এই লৈ অৱশ্যে কিছু উখল-মাখল লাগি নথকাও নহয়। কিন্তু এইদিশত কিছু উন্নয়ন সাধনো হৈছে। এটা কথা ঠিক যে কৃত্ৰিম বুদ্ধিমত্তাই কিয় ইমান সঠিকভাৱে কাম কৰে, আমি সেইটো বুজি নোপোৱাটো একে সময়তে হতাশাজনক আৰু চিন্তনীয় কথা। এতিয়া মেছিন লাৰ্নিঙত ব্যৱহাৰ হোৱা এলগৰিথিমবোৰ বিশ বছৰ আগলৈ মানুহৰ মনলৈয়ে অহা নাছিল। আনকি কিছুমান এনে উদাহৰণো আছে যে মানুহখিনিয়ে এলগৰিথিমটোৰ বিষয়ে জানিছিল ঠিকেই, কিন্তু তেওঁলোকৰ বিচাৰ আছিল যে সেই এলগৰিথিমবোৰ আচলতে একো কামৰ বস্তু নহয়। কিন্তু শেষতগৈ কাৰ্য্যক্ষমতাৰ ক্ষেত্ৰত থকা কিছুমান নিৰ্দিষ্ট প্ৰতিবন্ধকতা দূৰ কৰাত সেইবোৰ অধিক ফলপ্ৰসূ হৈ পৰিল আৰু সেইবোৰে সুচাৰুৰূপে কাম কৰিবলৈ ল’লে। আমি আচলতে সেই কথাবোৰ বুজি উঠি নাই। বৃহৎ তথ্যপাতিৰ ক্ষেত্ৰত আটাইতকৈ মূল নীতিটো হ’ল যে কেইটামান সংখ্যাই অৱশিষ্ট গোটেইখিনি মচি পেলায়। যদি তোমাৰ হাতত বৃহৎ তথ্যৰ সাজোন আছে, ইয়াৰ বৃহৎ আকাৰটোৱেই আটাতকৈ প্ৰধান গুণ; তুমি ইয়াক নিৰ্ভৰযোগ্যও হ’ব বুলি নিশ্চিত হ’ব নোৱাৰা। কথাবোৰ তেনেকুৱা। ইয়াক বুজিবলৈ আমাক ধাৰণাৰ প্ৰয়োজন হ’ব। এই কথাখিনি বাস্তৱ অভিজ্ঞতালব্ধ থূলমূল গাঁথনি, যিটো আমি আচলতে বুজিয়েই নাপাওঁ। তাতকৈও সাধাৰণভাৱে ক’ব পাৰি যে আমি কৃত্ৰিম বুদ্ধিমত্তাৰ নামত কৰা গোটেই কাৰবাৰটোৱেই আচলতে পৰীক্ষণভিত্তিক। ভিতৰি কিছুমান সুচতুৰ এলগৰিথিম সক্ৰিয় হৈ আছে, আৰু বাহিৰৰ পৰা তুমি দেখিছা যে কিছুমান ভাল ভাল কাম কৰাত সফল হৈছে। এগৰাকী ভাল ফৰাছী গণিতজ্ঞ হিচাপে মই বিশ্বাস কৰোঁ যে ইয়াৰ অন্তৰালত কিছুমান মৌলিক নীতি-নিয়ম লুকাই আছে, যিবোৰ এতিয়াও উদঘাটন হ’বলৈ বাকী।

বিশাল : আপোনাৰ কিতাপত আপুনি চাহ খাই ভালপোৱাৰ কথাটো উল্লেখ কৰিছে মোৰ জানিবৰ মন গৈছে যে আপুনি ভাৰতীয় সঁচৰ চাহবোৰৰ সোৱাদ লৈ পাইছেনে? দাৰ্জিলিং বা অসমৰ চাহ?

ভিলানি : নিশ্চয় ! দাৰ্জিলিঙৰ চাহ গোটেই বিশ্বজুৰি জনপ্ৰিয়। ফ্ৰান্সতো খুবেই জনপ্ৰিয়। এইটো আমি নিজেই জানো। যেতিয়াই মই ভাৰতবৰ্ষলৈ যাওঁ (ইমান নিয়মীয়াকৈ যোৱা নহয়, এইটো মোৰ দ্বিতীয়টো ভ্ৰমণহে), মই অতি সঘনে খোৱা বস্তুটোৱে হৈছে মছলা চাহ। কাৰণ এই খাদ্যবিধ ইউৰোপত পোৱা নাযায়।

বিশাল : আপুনি কেৱল এগৰাকী গণিতজ্ঞই নহয়, ইনষ্টিটিউট হেনৰি পইকাঁৰৰ (Institute of Henri Poincare) সঞ্চালক হিচাপে এগৰাকী প্ৰশাসকৰ দায়িত্বও বহন কৰি আহিছে এগৰাকী প্ৰশাসনীয় বিষয়া হিচাপে জীৱনৰ এই কালছোৱাত আপোনাৰ অভিজ্ঞতা কেনেকুৱা? [এই সাক্ষাৎকাৰটো ল’বৰ সময়ত চেড্ৰিক ভিলানি ইনষ্টিটিউট হেনৰি পইকাঁৰৰ সঞ্চালক আছিল যদিও ইতিমধ্যে ২০১৭ বৰ্ষত তেখেতৰ এই কাৰ্য্যকালৰ সমাপ্তি ঘটিছে]

ভিলানি : খুবেই গুৰুত্বপূৰ্ণ। এই দায়িত্বটোৱে মোক অতি বেছি ব্যস্ততাৰ মাজত ৰাখিছে। সাংঘাটিক ব্যস্ততা ! এই দায়িত্বটো কেৱল প্ৰশাসনিক কাম-কাজ চলোৱাতেই শেষ নহয়; এটা দলক উৎসাহিত কৰিবলৈ কি কৰিব লাগে সেইটো বুজি উঠা, দীৰ্ঘম্যাদী প্ৰকল্প হাতত লোৱা, ধন সংগ্ৰহ কৰা, নিজেই আগবাঢ়ি আহি উপযুক্ত মানুহ আৰু সহায়-সহযোগিতা বিচৰা – এই সকলোবোৰ চম্ভালিব লাগে। দায়িত্ব লোৱাৰ পিছত মই এই গোটেইবোৰ কাম শিকিবলগীয়া হৈছিল। মই দেখিলোঁ যে ইয়াৰ প্ৰকল্পবোৰ হয়তো গৱেষণা প্ৰকল্পতকৈও দীঘলীয়া। অন্ততঃ গণিতৰ গৱেষণা প্ৰকল্পতকৈ দীঘল হোৱাটো খাটাং। যেতিয়া মই দায়িত্বভাৰ লৈছিলোঁ; মই ভাবি থৈছিলোঁ  যে পাঁচবছৰীয়া এটা কাৰ্য্যকাল সম্পূৰ্ণ কৰিম, কিছু ভাল কাম কৰিম আৰু তাৰ পিছত পুনৰ নিজৰ গৱেষণাক্ষেত্ৰখনত ভালকৈ লাগিম। কিন্তু পাঁচবছৰ পিছত মই বুজি পালোঁ যে সেয়া কেৱল আৰম্ভণিহে আছিল। এতিয়া মই দ্বিতীয়টো কাৰ্য্যকালৰ মাজভাগত আছোঁ। মোৰ এনে লাগিছে যে দায়িত্বটো সম্পৰ্কে পূৰ্ণাংগ আভাস পাবলৈকেই মোৰ সাত বছৰ লাগি গ’ল। পূৰ্ণাংগ আভাস মানে সঠিক প্ৰকল্প, সাহায্য, উপযুক্ত ব্যক্তি নিৰ্বাচন, সঞ্চালক হিচাপে মোৰ কাৰ্য্যভাৰৰ সময়ছোৱাত কিমানখিনি কাম কৰাটো সম্ভৱপৰ তাৰ সঠিক পৰিকল্পনা কৰা- এনেকুৱা গোটেইখিনিৰ কথা কৈছোঁ। ইয়াৰ বাবে বিভিন্ন ঠাইলৈ গৈ অলেখ সমৰ্থন আদায় কৰিব লগা হয়। মৌলিক গৱেষণাৰ ক্ষেত্ৰখনত এই কামটো ইমান সহজ নহয়। ইয়াৰ ভিতৰত প্ৰতিষ্ঠানখনৰ উন্নয়ন সাধিবলৈ মানুহৰ সহায়-সহযোগিতা পোৱা, উচিত কৰ্মআঁচনি বিচাৰি পোৱা, লক্ষ্যক সুদূৰপ্ৰসাৰী কৰাৰ লগতে বহু মানুহক দীৰ্ঘদিন ধৰি লগ কৰা আৰু বাৰ্তালাপ কৰা- ইত্যাদি ভালেমান কাম সোমাই আছে। আৰম্ভণিতে এইবোৰৰ বিষয়ে মই একোৱেই জনা নাছিলোঁ। মই এগৰাকী খুব দক্ষ প্ৰশাসক বুলি এটা সুনাম আছিল। মই মোৰ গৱেষণাগাৰটোৰ উপসঞ্চালকৰ দায়িত্ব পালন কৰি আহিছিলোঁ আৰু আন কিছুমান কমিটিৰ হৈয়ো কাম কৰিছিলোঁ। কিছুসংখ্যক মানুহে জানিছিল যে গড় হিচাপে এজন বিজ্ঞানীতকৈ মই প্ৰশাসনিক দায়িত্ব পালনৰ বাবে বেছি উপযুক্ত আছিলোঁ। কিন্তু মই কল্পনাও কৰা নাছিলোঁ সেই দায়িত্বটো লোৱাৰ নামত মূৰত এনে এক প্ৰচণ্ড বোজা ল’ব লাগিব আৰু তেনে এটা পৰিসৰত কাম কৰিব লাগিব। ডাঙৰ প্ৰকল্প এটা আৰম্ভ কৰিবৰ সময়ত ইয়াৰ আকাৰ কিমান বিশাল হ’ব পাৰে, সেইটো আগেয়ে নজনাই বেছি ভাল।

বিশাল : আপোনাৰ অনুষ্ঠানটিত এনে কিবা কাৰ্য্যসূচী আছেনে য‘ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়েও আৱেদন জনাব পাৰে?

ভিলানি : ফৰাছী আৰু ভাৰতীয় বিজ্ঞানৰ মাজত এটা মজবুত বান্ধোন আছে। গণিতৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য যদিও আচলতে সমগ্ৰ বিজ্ঞানৰ ক্ষেত্ৰখনতেই বান্ধোন এটা আছে। সেইবাবে ফৰাছী আৰু ভাৰতীয় বিজ্ঞানীসকলে পাৰস্পৰিক সহযোগিতামূলক কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ বিশেষ কিছুমান চুক্তি স্বাক্ষৰিত হৈছে। মোৰ প্ৰতিষ্ঠানখনত আমি সকলোধৰণৰ দেশৰ লগতেই কাম কৰোঁ। আমি বিশেষ কোনোবা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত চুক্তি কৰিবলৈ আগ্ৰহী নহয়। আমি ভাবোঁ যে অনুষ্ঠানখনে মানুহ এজনক নিৰ্দিষ্টকৈ, এইজন বা সেইজন অধ্যাপক; আমি পইকাঁৰ ইনষ্টিউটখনৰ বাবে কিবা এটা কৰোগৈ- বুলি ক’ব পৰাতহে প্ৰাধান্য দিয়ে। ইনষ্টিটিউট হেনৰি পইকাঁৰৰ কাম হৈছে বিষয়ভিত্তিক প্ৰগ্ৰেম পৰিচালনা কৰা যিবোৰ প্ৰতি তিনিমাহৰ মূৰে মূৰে সলনি হয়। কিন্তু এইবোৰে গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ সকলো বিষয় সাঙুৰি লয়। এই প্ৰগ্ৰেমবোৰত কিছু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব লাগে। তেওঁলোকে প্ৰগ্ৰেমত অংশ লোৱাৰ পূৰ্বে আমি তেওঁলোকৰ কাৰণে বিশেষ কিছুমান পাঠদান কাৰ্য্যসূচী লওঁ, প্ৰশিক্ষণ স্কুললৈ পঠাও, যাতে তেওঁলোকৰ শিক্ষাখিনি অধিক ফলপ্ৰসূ হয়। আমি তেওঁলোকক উৎসাহিতও কৰোঁ। এই কাৰ্য্যসূচীবোৰ কিন্তু তিনিমাহৰ নিচিনা খুব কম সময়ৰ বাবেহে হয়। তথাপি এই শিকনখিনিৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব পাৰে। সৰুতে ময়ো এনেধৰণৰ কাৰ্য্যসূচীত অংশ লওঁতে মোৰ গৱেষণাৰ লগত জড়িত বিষয়বস্তু কিছুমানো বিচাৰি পাইছিলোঁ। গতিকে প্ৰতিজন যুৱ অংশগ্ৰহণকাৰীকে উৎসাহ যোগোৱা হয়। অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকক ভালেমান অধ্যাপক, সংস্থা ইত্যাদিৰ পছন্দ অনুসৰিহে নিৰ্বাচন কৰা হয়। এইটোৱে কাৰোবাৰ জীৱন সলনি কৰি দিব পাৰে।

বিশাল : আপুনি এতিয়া কোনবোৰ কামত জড়িত হৈ আছে?

ভিলানি : এইমুহূৰ্তত বহুতো কামৰ লগত জড়িত হৈ আছোঁ। বহুত বেছি কাম ! আনুষ্ঠানিক ক্ষেত্ৰখনত, কিছুদিন পূৰ্বে মোৰ প্ৰতিষ্ঠানখনৰ বাবে নিজাকৈ ধন যোগাৰ কৰিবলৈ আমি সংস্থা এটা প্ৰতিষ্ঠা কৰি উঠিছোঁহে মাত্ৰ। এইটো এটা ডাঙৰ কাম, আমি কামটোক আগবঢ়াই নিব লাগিব আৰু উন্নয়নৰ বাবে কাম কৰি যাব লাগিব। এইবছৰৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰবোৰৰ ইয়ো এটা। তাৰোপৰি আমি গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ ভৱিষ্যৎ সম্পৰ্কে বিস্তৃত সন্মিলন আয়োজনৰো প্ৰস্তুতি চলাই আছোঁ। ক্লড চেননক (Claude Shannon) লৈও আয়োজনৰ প্ৰস্তুতি চলিছে, কাৰণ ২০১৬ বৰ্ষতো ক্লড চেননৰ জন্ম শতবাৰ্ষিকী।

সাংগঠনিক স্তৰৰ কাম-কাজৰ কথা ক’বলৈ গ’লে মই সংগঠন এটাৰ মূৰব্বীৰ দায়িত্বতো আছোঁ। এই সংগঠনটোৱে সংগীতৰ দৰে কলাক সামৰি লোৱাৰ উপৰি কম্পিউটাৰ আৰু আন কিছুমান সঁজুলিৰ চানেকি প্ৰস্তুত কৰা কেইজনমান অসাধাৰণ স্বশিক্ষিত কলা-কুশলী আৰু অভিযন্তাৰে গঠিত। এই সঁজুলিকেইপদেৰে বাধাগ্ৰস্ত মানুহৰ লগত যোগাযোগ কৰিবলৈ বৰ সুবিধাজনক। সেইবাবে আমি বাধাগ্ৰস্ত মানুহৰ হকে কাম কৰি থকা অনুষ্ঠানৰ লগত সহযোগিতাৰে কাম কৰোঁ। ইয়াকে কৰিবলৈ মই পইছাৰো যোগাৰ কৰিব লাগিব। আৰু এই বছৰটোতেই আমি নতুন সা-সুবিধাখিনি যোগাৰ কৰা উচিত। এইবোৰ ভাড়াত আনিবলৈ আৰু গুৰুত্বপূৰ্ণ কাম কিছুমান কৰিবলৈও আমি পইচা গোটোৱাৰ প্ৰয়োজন হ’ব।

এগৰাকী গণিতজ্ঞ হিচাপে, মই নিজে অৰিহণা যোগোৱা ক্ষেত্ৰ এখনৰ শেহতীয়া বিকাশ সম্পৰ্কে এটা বক্তৃতা প্ৰস্তুত কৰি আছোঁ। ইয়াক আৱদ্ধ ৰিচ্ছি বক্ৰৰ অমসৃণ তত্ত্ব (non-smooth theory of Ricci curvature bounds) বুলি কোৱা হয়। বাৰ বছৰ আগতে কেইজনমান বন্ধুৰ সৈতে লগ হৈ মই এইক্ষেত্ৰখনৰ ভেটিটো প্ৰতিষ্ঠা কৰিছিলোঁ কিন্তু পিছলৈ ই এটা ডাঙৰ ৰূপ লৈছে যোৱা বছৰ ইটালীৰ দুজন বিজ্ঞানীয়ে সেই ক্ষেত্ৰখনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ফলাফল প্ৰমাণ কৰি দেখুৱাইছিল সেইটো এনে এটা ফলাফল যিটো মই নিজেও প্ৰমাণ কৰাৰ সপোন আছিল মই নিজেই প্ৰমাণটো কৰিব নোৱাৰিলোঁ বাবে অৱশ্যেই মনলৈ অসন্তুষ্টি আহিছে, কিন্তু মোৰ এই ফলাফলটো ভাল লাগিছে এটি অতি গুৰুত্বপূৰ্ণ চেমিনাৰৰ চিৰিজ, ব’ৰবাকি (Bourbaki) চেমিনাৰত মই নিজেই এই প্ৰমাণটো ব্যাখ্যা কৰি দেখুৱাম এইটো প্ৰস্তুত কৰি উলিওৱাটো এটা ডাঙৰ কাম ইয়াৰ বাবে ভালেখিনি সময়ৰো প্ৰয়োজন হয় তুমি খুব স্পষ্ট ভাষাৰে প্ৰমাণটো কি, কিনো সমাধান কৰা হ’ল ইত্যাদি কথাবোৰ ক্ৰমান্বয়ে জনাই কথাখিনি ধুনীয়াকৈ প্ৰস্তুত কৰিব লাগিব ঠিক আছে, সেইটো বাৰু এটা কাম। মই জ্যামিতিৰ প্ৰকল্প এটাৰ কাম কৰি আছোঁ, যিটো মোৰেই পূৰ্বৰ কাম এটাৰ পৰা ফালৰি কাটি অহাৰ নিচিনা হ’ব। কিন্তু পূৰ্বতকৈ যথেষ্ট মৌলিক। এই গোটেই কামখিনিত আমি পৃষ্ঠবোৰৰ জ্যামিতীয় সমস্যা কিছুমান সমাধান কৰিম। এইবিষয়ে মই বেছিকৈ নকওঁ। কেৱল এটা কথাই কৈ থ’ম যে পৃষ্ঠীয় জ্যামিতিৰ ক্ষেত্ৰখন খুব সৰল, খুব পুৰণা হয় যদিও এতিয়াও বহুতো সমস্যা সমাধান নোহোৱাকৈ পৰি আছে।

এগৰাকী লেখক হিচাপে মই এখন বৰ্ণমালা পুথিৰ কাম কৰি আছোঁ। এইখন এনে এখন কিতাপ যিখনত নিৰ্বাচিত কেইটামান বিষয়ক প্ৰতিনিধি হিচাপে বাছি লৈ গোটেই গণিতৰ বিষয়েই কোৱা হ’ব। প্ৰতিটো শব্দকে প্ৰায় দহপৃষ্ঠাকৈ বৰ্ণনা দি ব্যাখ্যা কৰা হ’ব, সেই শব্দটো গণিতৰ বাবে আৰু মোৰ বাবেনো কিমানখিনি গুৰুত্বপূৰ্ণ। ‘A’ আখৰটো বিশ্লেষণৰ (analysis) বাবে, ‘B’ ব’ল্টজমেনৰ বাবে, ‘C’ ‘কলাবৰেটৰ’ৰ (Collaborator) বাবে, ‘D’ ‘ডিটেক্টিভ’ৰ (detective) বাবে, ‘E’ ইউৰোপৰ বাবে, ‘F’ ফিল্ডছ্ মেডেলৰ বাবে, ‘G’ গ্ৰীছৰ বাবে আৰু বাকীকেইটা আখৰো এইদৰে থাকিব। যাতে ছাব্বিশটা আখৰ শেষ হোৱালৈ গণিত আৰু ইয়াৰ ইতিহাস সম্পৰ্কে এটা পূৰ্ণাংগ আভাস পাব পৰা যায়। লগতে গণিতৰ প্ৰতি থকা মোৰ নিজৰ টানটোও প্ৰকাশ কৰিব পাৰোঁ।

আৰু একেবাৰে শেষত ক’ম যে মই নতুন কমিকছ্ এখনৰ পটভূমিৰ ওপৰতো কাম কৰি আছোঁ।

বিশাল : আপুনি যিহেতু ব‘ৰবাকিৰ কথা ক’লেই, মই জানিব খোজোঁ যে আপোনাৰ কাম-কাজত ব’ৰবাকি শৈলীৰ প্ৰভাৱ পৰিছেনে?

ভিলানি : সামান্য প্ৰভাৱ আছে। ইমান বেছি নহয়। কিন্তু ব’ৰবাকিয়ে আচলতে গোটেই পৃথিৱীখনতে প্ৰভাৱ পেলাইছিল। তেওঁলোকে নতুন চিহ্ন কিছুমান উলিয়াইছিল যিবোৰ প্ৰভাৱশীল আৰু নতুন ধাৰণাৰে ভৰপূৰ আছিল। উদাহৰণস্বৰূপে মই সংস্থিতি বিজ্ঞান (topology) সম্পূৰ্ণৰূপে ব’ৰবাকিৰ আৰ্হিত শিকিছিলোঁ। কিন্তু পিছত মই এইবিষয়ে ধীৰগতিৰে আগবাঢ়িবলৈ ল’লোঁ। উদাহৰণ হিচাপে মোক শিকাইছিল যে ‘মেট্ৰিক’ (metric) সংস্থিতি বিজ্ঞান বিষয়টো সাধাৰণ সংস্থিতি বিজ্ঞানৰ এটা বিশেষ শ্ৰেণীহে মাত্ৰ। এতিয়া মই ভাবোঁ যে তেনেকৈ শিকোৱাটো অতিমাত্ৰা হৈছিল। মই অমেট্ৰিক সংস্থিতি বিজ্ঞানক লৈ মূৰ ঘমোৱাও নাই। মই স্বীকাৰ কৰিব লাগিব যে এয়া বীজগণিতীয় জ্যামিতিৰ দৰে গণিতৰ কিছুমান অংশৰ বাবে প্ৰয়োজনীয়। কিন্তু যদি কোনটো বেছি মৌলিক ক’বলৈ যাওঁ, মোৰ বাবে সংস্থিতি বিজ্ঞান বিষয়টোত মেট্ৰিক-ক্ষেত্ৰহে বেছি প্ৰাধান্যযুক্ত।

তথাপি মোক হয়তো সকলো লিখি পেলোৱাৰ ধাৰণাটোৱেহে প্ৰভাৱ পেলাইছিল। যেতিয়া মই অপ্টিমেল ট্ৰেন্সপ’ৰ্টৰ (optimal transport) সম্পৰ্কে প্ৰকাণ্ড কিতাপ এখন লিখি উলিয়াইছিলোঁ, এহাজাৰ পৃষ্ঠামানৰ হ’ব চাগে। এইখন লিখি উলিওৱাটো ব’ৰবাকি মানুহৰ লগত সংঘটিত যেনেই লাগিছিল। “কিছু বক্তৃতাৰ টোকাকে প্ৰস্তুত কৰা যাওঁক। ছেঃ! এই টোকাখিনি ইমান সঠিক হোৱা নাই। গতিকে ইয়াক পুনৰ্বাৰ লিখা যাওঁক। এতিয়া সামান্য ভাল হৈছে বাৰু, কিন্তু ইয়াক আৰু বেছি ভাল কৰা যাওক। উস্ ! ইয়াতকৈওচোন কিছু মৌলিক কথা আছে, ঠিক আছে আৰু এবাৰ শুধৰণি কৰাটো ভাল হ’ব।” আৰু এইদৰে মই একেটা প্ৰক্ৰিয়াৰে পুনৰাবৃত্তি কৰি থাকোঁ। ফলত যিটো মাত্ৰ এশ পৃষ্ঠামানৰ বক্তৃতাৰ বাবে লিখা টোকাহে হ’বলগীয়া আছিল, সেইখনেই এহাজাৰ পৃষ্ঠাৰ এখন সহায়িকা পুথি হৈ পৰিল। যিখনত মই সকলোখিনি একেবাৰে আদিৰপৰা অন্তলৈ সামৰি লৈছোঁ আৰু প্ৰতিবাৰতে আটাইতকৈ সৰল পদ্ধতি কি, ভাল চিহ্ননো কি, সঠিক স্বতঃসিদ্ধনো কি ইত্যাদি ইত্যাদি প্ৰশ্ন কৰিছোঁ আৰু তাক লৈ কাম কৰিছোঁ। সেইটো মূলতঃ ব’ৰবাকিৰেই উৎসাহ। যেতিয়া তুমি এটা সমস্যাৰ সম্পৰ্কীয় কাম কৰিবা, তাক কেৱল সমাধানৰেই চেষ্টা নকৰিবা। প্ৰশ্ন কৰিবা যে সঠিক সজ্জাটোনো কি? সকলোবোৰ নিৰীক্ষণ কৰাৰ সঠিক দৃষ্টিভংগীটোনো কি?

বিশাল : আপুনি কোনোবা এঠাইত কৈছিল যে আপুনি আপোনালৈ অহা প্ৰতিটো ইমেইলৰে  উত্তৰ দিয়ে আনকি আমাৰ সম্পাদকেও এই সাক্ষাৎকাৰটোৰ বাবে পোৱা ইমান ক্ষীপ্ৰ সঁহাৰিক লৈ আচৰিত হৈছিল ইয়াৰ বিশেষ কিবা কাৰণ আছে নেকি? আমি জানোঁ যে আপুনি খুবেই ব্যস্ত মানুহ

ভিলানি : মোলৈ অহা প্ৰায় সকলো মেইলৰে মই উত্তৰ দিওঁ। এনেকুৱা উদাহৰণ খুব কমেই আছে যেতিয়া মই উত্তৰ নিদিয়াৰ সিদ্ধান্ত লওঁ। উদাহৰণস্বৰূপে যেতিয়া ইমেইল পঠোৱা মানুহজন উন্মাদপ্ৰায় বুলি স্পষ্ট, তেনেবোৰ ক্ষেত্ৰত উত্তৰ দিয়া নহয়। এই পৃথিৱীখনত এনে বহুত মানুহ আছে, যিসকল কোনোবা এটা ফালৰপৰা অস্বাভাৱিকধৰণৰ। ইয়াৰে কিছুসংখ্যক নম্ৰও থাকে আৰু তেওঁলোকৰ লগত তুমি সহজ হ’ব পাৰিবা। তেওঁলোক কিছু পৰিমাণে আচহুৱা ধৰণৰ হ’লেও মই উত্তৰ দিওঁ। আনবোৰ ক্ষেত্ৰত, তোমাৰ উত্তৰ দিবলৈ মনেই নাযাব আৰু মানুহজন সম্পূৰ্ণৰূপে পাগলৰ নিচিনা। তেনেক্ষেত্ৰত উত্তৰ দিবলৈ যোৱাটো মূৰ্খামিও হ’ব পাৰে। কিন্তু প্ৰকৃতাৰ্থত মোলৈ অহা প্ৰায় সকলোবোৰ ইমেইলৰে মই উত্তৰ দিওঁ। এইটো এটা বৰ ডাঙৰ বোজা। মানুহে মোক এগৰাকী ৰাজহুৱা ব্যক্তিৰ দৃষ্টিৰে চায়, খুব সঘনাই মোলৈ বাৰ্তা পঠিয়ায়, তেওঁলোকৰ ইমেইলবোৰ খুব যত্ন সহকাৰে লিখে; সেইবাবে মোৰ অনুভৱ হয় যে এইটো মোৰ এটা দায়িত্বই হয়। কেতিয়াবা কেতিয়াবা উত্তৰ দিওঁতে নতুন ধাৰণাও পোৱা যায়। এটা কথা কি জানা, প্ৰতিদিনে মানুহৰ পৰা মই ভালেমান প্ৰশ্নৰো মুখামুখি হওঁ, কেতিয়াবা ইয়াৰে কিছুমান প্ৰশ্ন খুব উচ্চমানৰ হয়। উত্তৰ এটা লিখাৰ প্ৰচেষ্টাই মোক ভাবিবলৈ বাধ্য কৰে, কিছুমান কথা চিন্তা কৰি চাবলগীয়া হয়। হয়তো এইটো আৰু সেইটোৰ মাজত কিবা এটা যোগসূত্ৰ আছে, আৰু এইটো মোৰ সাধাৰণ বিশ্বাসৰ অন্তৰ্গত যে তুমি সম্ভাৱ্য উপায় বা পথ এটা কেতিয়াও আওকাণ কৰা উচিত নহয়। এইটোৱে আচলতে মই দিয়া যুক্তিবাদী উত্তৰ। কিন্তু সঁচা ক’বলৈ গ’লে মই হয়তো অলপ বেছি উত্তেজিত হৈছোঁ।

বিশাল : চায়েন্টিফিক আমেৰিকানৰ (Scientific American) শেহতীয়া মতামত-লেখা এটাত গণিত জনপ্ৰিয়কৰণ সম্পৰ্কে কিছু সমালোচনা কৰা হৈছিল সেই লেখকজনৰ মতে গণিত কেৱল কেইজনমান গণমান্য ব্যক্তিৰহে বিচৰণক্ষেত্ৰ, যিসকলক তেওঁ ‘অভিজাতশ্ৰেণী’ বুলি অভিহিত কৰিছিল তেওঁৰ মতে সাধাৰণ মানুহখিনিক উচ্চ গণিত শিকিবলৈ জোৰ দিয়াটো অনুচিত সৰ্বসাধাৰণৰ মাজত গণিত জনপ্ৰিয়কৰণৰ অৰ্থে লোৱা আপোনাৰ কাৰ্য্যপন্থাৰ লগত এইটো পৰিপন্থী যেন লাগে এনেধৰণৰ সমালোচনা সম্পৰ্কে আপোনাৰ মতামত কি? আপোনাৰ নিজৰ কামখিনিৰ বাবেও এনেধৰণৰ সমালোচনাৰ মুখামুখি হৈছে নেকি?

ভিলানি : মই তেনে কোনো সমালোচনাৰ মুখামুখি হোৱা নাই। এইটো এটা পুৰণি বিতৰ্ক আৰু বিতৰ্কটো দুৰ্ভাগ্যজনক এনেধৰণে যুক্তি-তৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই মানে তুমি জানাই, যে পৃথিৱী সম্পৰ্কে মানৱ জাতিৰ কিবা এটা ধাৰণা গঢ় লৈ উঠাৰ প্ৰচেষ্টা সম্পৰ্কে সম্যক ধাৰণা পাবলৈকেই সকলোৱে স্কুলীয়া পৰ্য্যায়ত কিছু দৰ্শন পঢ়িবলগীয়া হয়। আজিকালি গণিতে পৃথিৱীৰ ৰেহ-ৰূপ বহু পৰিমাণে সলনি কৰি দিছে, গতিকে গণিত সম্পৰ্কেও সকলোৰে কিছু ধাৰণা থকাটো আৱশ্যক। গণিত সম্পৰ্কে নিজস্ব ধাৰণা এটা থকা মানে কেৱল গণিত সম্পৰ্কে আলাপ-আলোচনা কৰি থকা শুনিলেই নহ’ব, লগতে কিছু গণিত কৰিবও লাগিব। আৰু এতিয়া তেওঁলোকে উচ্চতৰ গণিতৰ কথা ক’বলৈ আহে, কিন্তু স্কুল বা হাইস্কুলত শিকোৱাখিনি উচ্চ গণিত নহয়, গতিকে কিহৰ চিন্তা!

এইটো সঁচা যে কিছুসংখ্যক মানুহে গণিত বুজি নাপাবও পাৰে, যেনেকৈ কিছুমানৰ পঢ়িবলৈও সামৰ্থ নাথাকে। কিছুমান লোকৰ মগজুত পৃথক ধৰণৰ সজ্জা থাকে, যাৰ বাবে সেইসকলে কেতিয়াও সলসলীয়াকৈ পঢ়িব নোৱাৰে আন কিছুমান মানুহৰ মগজুতো বিশেষ সজ্জা থাকে, যাৰ বাবে তেওঁলোকে প্ৰমাণনো কি বস্তু- কেতিয়াও বুজিবলৈ সক্ষম নহ’ব কিন্তু সৰহভাগ মানুহৰ কাৰণে এইটো কেৱল এটা যত্নৰহে কথা সামান্য মনোযোগ দিলেই মানুহবোৰৰ বাবে এয়া সম্ভৱ, যিদৰে কিছু যত্ন কৰিলে তোমালোকে ফুটবলো শিকি ল’ব পাৰা কেৱল তুমি কিছু পৰিমাণে চেষ্টা কৰিব লাগিব

গণিতৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল যে গণিতৰ শিক্ষা কেৱল ভৱিষ্যতৰ গণিতজ্ঞসকলৰ বাবেই নহয়। সামান্য কৌতুহল থকাসকলে আৰু যিসকলে নিয়মনিষ্ঠ কঠোৰ যুক্তি-তৰ্ক কি জানিব খোজে, ইয়াৰ অৰ্থ বুজিব খোজে; সেই সকলোৰে বাবেই গণিত আপোন। এইখিনিৰ বাহিৰে তুমি সকলো পাহৰি যোৱা, ই মাত্ৰ কিছু যত্ন কৰাৰহে কথা। প্ৰাচীন গ্ৰীক দাৰ্শনিকসকলে কিছুপৰিমাণে গণিত শিকাটো বাধ্যতামূলক বুলি গণ্য কৰিছিল। প্লেটোৱে কৈছে, “তুমি গণিতৰ বিষয়ে শিকিব লাগিব, আৰু পৃথিৱীখনৰ বিষয়ে বুজিবলৈ আৰু কিছুমান অৰ্থ বুজি পাবলৈ এইটো অতি প্ৰয়োজনীয়, উদাহৰণস্বৰূপে ‘সমতাৰ ধাৰণা’ বা তেনেকুৱাধৰণৰ বস্তুবোৰ।” আব্ৰাহাম লিংকনেও কৈছিল যে গণিত শিকাৰ পিছতহে তেওঁ প্ৰমাণ কৰাৰ অৰ্থ বুজি পালে এগৰাকী অধিবক্তা হিচাপে তেওঁৰ বাবে প্ৰমাণৰ বিষয়ে ভালকৈ জনাটো আৱশ্যকীয় আছিল এইসকল লোকে বুজি পাইছে যে গণিত কেৱল গণিতজ্ঞসকলৰ বাবেই নহয়, মানৱজাতিৰ উত্থানত যিবোৰ জটিল চিন্তাৰ স্তৰ পাৰ কৰি আহিবলগীয়া হৈছে, সেয়া বুজিব খোজা সকলোৰে বাবেই গণিত প্ৰয়োজনীয়

বিশাল : ভৱিষ্যতে গণিতজ্ঞ হ‘বলৈ আগ্ৰহ থকা আৰু যিসকল যুৱ ছাত্ৰ-ছাত্ৰীয়ে এই সাক্ষাৎকাৰটো চাব, তেওঁলোকক আপুনি কিবা উপদেশ দিব নেকি?

ভিলানি : কেৱল কৰি যোৱা ! সেইটোৱেই মোৰ উপদেশ। কেতিয়াও হাৰ নামানিবা। যদি তুমি এই সমস্যাটো সমাধান কৰিব পৰা নাই, পৰৱৰ্তী সমস্যাটো নিশ্চয় সমাধান কৰিব পাৰিবা। আৰু সেইটো সমাধান হ’লে আন এটাত লাগা। মাথোঁ সদায় আগবাঢ়ি যাবা, থমকি ৰ’ব নালাগে। তদুপৰি তুমি কি কৰিব বিচাৰা, সেই বিষয়ে কেতিয়াও অতিমাত্ৰা নিশ্চিত নহ’বা সৰুতে মই ভাবিছিলোঁ যে জ্যামিতি, আচলতে ইউক্লিডীয় জ্যামিতিয়েই গণিতৰ সবাতোকৈ সহজ বিষয় যেতিয়া মই হয়তো ওঠৰ বছৰীয়া আছিলোঁ, মোৰ এনে লাগিছিল যেন বীজগণিতেই আটাইতকৈ ভাল লগা বিষয় এতিয়া বীজগণিত অকলেই গণিতৰ এটা সুকীয়া বিষয়, যিটো মই সকলোতকৈ কমকৈ বুজি পাওঁ মোৰ বাবে সম্পূৰ্ণ দুৰ্বোধ্য মই বিশ্লেষণাত্মক গণিতত ভুমুকি মাৰি চালোঁ, সেই অভিজ্ঞতাও অনাকাংক্ষিত আছিল আংশিক অৱকলনীয় সমীকৰণলৈ গৈও মই তেনে অভিজ্ঞতাৰ মুখামুখি হ‘ম বুলি ভবা নাছিলোঁ এই অভিজ্ঞতা আগৰ কেইটাতকৈও নিকৃষ্ট আগেয়ে পদাৰ্থবিজ্ঞানৰ প্ৰতি ইমান বেছি ধাউতি নাছিল যদিও মই গাণিতিক পদাৰ্থবিজ্ঞানকে পঢ়িবলৈ বাছি ল‘লোঁ এতিয়া গাণিতিক দিশটোও জনাৰ সুযোগ পোৱা বাবে পদাৰ্থবিজ্ঞানেই মোৰ দৃষ্টিত খুব আকৰ্ষণীয় ৰূপত ধৰা দিছে গতিকে আমি আগলৈ কি কৰিবলৈ গৈ আছোঁ, সেইবিষয়ে কেতিয়াও সম্পূৰ্ণ নিশ্চিত হ’ব নোৱাৰোঁ গণিতত মোৰ সবাতোকৈ উল্লেখনীয় আৱিষ্কাৰখিনি এনে কিছুমান সমীকৰণ সমাধানৰ দ্বাৰা সম্ভৱ হৈছে, যিকেইটাৰ বিষয়ে মই সমাধানটো কৰাৰ এক-দুই বছৰ আগলৈকে জনাই নাছিলোঁ গতিকে তুমি আগলৈ কি কৰিবা, সেই সম্পৰ্কে কেতিয়াও অতি নিখুঁত ধাৰণা ৰাখি নথ’বা

বিশাল : আমাৰ ৱেবছাইটটোৰ বাবে আপুনি কিবা বাৰ্তা দিব নেকি?

ভিলানি : বাৰ্তা মানে তুমি কিহৰ কথা বুজাইছা? ঠিক আছে বাৰু। ৱেবছাইটটোৰ বাবে মোৰ ফালৰপৰা শুভেচ্ছা জনাই উত্তৰোত্তৰ কামনা কৰিছোঁ। যেতিয়াই হাতত কিবা এটা প্ৰকল্প থাকে; সেয়া লাগিলে ৱেবছআইট, তোমাৰ গৱেষণাকেন্দ্ৰিক কেৰিয়াৰ, প্ৰতিষ্ঠান সংক্ৰান্তীয় প্ৰকল্প বা আন যিয়েই নহওক, সদায় মুখামুখি হ’বৰ বাবে সাজু থাকিলে বস্তুবোৰ ঠিকে-ঠাকে চলি যাব। আৰু এনেকুৱা কিছুমান মুহূৰ্তও আহিব, যেতিয়া তোমাৰ নিজকে খুব সৌভাগ্যৱান যেন লাগিব। কিন্তু তুমি কোনখিনি মুহূৰ্তত ভাগ্যৱান আছিলা, সেয়া বুজি উঠাটো অতি প্ৰয়োজনীয় আৰু ইয়াক তুমি  কামত খটুৱাব লাগিব। বহু মানুহ আৰু প্ৰকল্পৰ ক্ষেত্ৰত, ভাগ্যৱান হ’লেও সেয়া চকুত নপৰিব পাৰে  তেনেক্ষেত্ৰত তুমি ডাঙৰ সুযোগো হেৰুৱাই পেলাবা তুমি কোনখিনি সময়ত সৌভাগ্যৱান হয়, তাক চিনি উলিওৱাটোও জীৱনৰ এটা গুৰুত্বপূৰ্ণ কাম মই এই কথাখিনি অলপ নাটকীয়ভাৱে ক’লোঁ, হ’লেও কিন্তু মই কোৱা কথাখিনি সঁচা।

বিশাল : আমাৰ ৱেবছাইটটোৰ বাবে আপোনাৰ পৰা এটা অট‘গ্ৰাফ বিচাৰিছোঁ

ভিলানি : নিশ্চয়, ঠিক আছে বাৰু। এইটো মই কৰি দিব পাৰিম। এইটো মোৰ কামেই।

No Comments

Post A Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.