ভাৰতীয় মুদ্ৰাৰ নতুন চিহ্ন নিৰ্মাতা উদয় কুমাৰৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ

২০১০ চনত, ভাৰতীয় টকা-চিহ্নৰ আধুনিক ধাৰণাৰ জন্মদাতা উদয় কুমাৰ ধৰ্মলিংগম ভাৰতবৰ্ষৰ এটি চিনাকি ব্যক্তিত্ব। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ব’ম্বেৰ ইণ্ডাষ্ট্ৰিয়েল ডিজাইন চেণ্টাৰ পৰা ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ সেই প্ৰতিষ্ঠানৰ পৰাই পি এইচ ডি ডিগ্ৰী লয়। সেই প্ৰতিষ্ঠানৰ পৰা ডিজাইনিঙত পি এইচ ডি লাভ কৰা তেঁৱেই প্ৰথমজন ব্যক্তি। বৰ্তমান তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। অসাধাৰণ পাৰদৰ্শিতাৰে ল’ৰালি কালৰে পৰা তেওঁ অগণন বঁটা তথা সন্মান বুটলিবলৈ সক্ষম হৈছে। বিভিন্ন চিহ্নৰ নক্সা, বেটুপাতৰ ধাৰণা, প’ষ্টাৰ, বেনাৰ আদিৰ ক্ষেত্ৰত তেওঁ বহু অৱদান আগবঢ়াইছে।

যোৱা বছৰ গণিত চ’ৰাই গ্ৰহণ কৰা এটি আছুতীয়া সাক্ষাৎকাৰত অধ্যাপকজনে তেওঁৰ কৰ্ম আৰু চিন্তাধাৰাৰ কিয়দাংশ পাঠকৰ আগত দাঙি ধৰিছিল। ইংৰাজীত গ্ৰহণ কৰা মূল সাক্ষাৎকাৰটিৰ অসমীয়া অনুবাদ পাঠকৰ বাবে আগবঢ়োৱা হ’ল।

অসমীয়া অনুবাদ : হৃদয়ানন্দ শইকীয়া

 

১) আপুনি বৰ্তমান আই আই টি গুৱাহাটীৰ ডিজাইনিং বিভাগত যি গৱেষণাত ব্ৰতী আছে, স্বাভাবিকতেই ইয়াত oculus rift ৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনে আৰু আপোনাৰ মতে গৱেষণাৰ ক্ষেত্ৰত এইধৰণৰ কলা প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰাসংগিকতা কেনেকুৱা?

► মই কেৱল এজন ছাত্ৰকহে তেওঁৰ গে’ম ডিজাইনিঙৰ স্নাতকোত্তৰ প্ৰকল্পত এই প্ৰযুক্তি ব্যৱহাৰ কৰা দেখিছোঁ। নিজৰ ধাৰণা তথা প্ৰকল্পক পৰিচালনা আৰু সম্পাদন কৰিবলৈ শিক্ষাৰ্থীসকলে এইধৰণৰ নৱ-প্ৰযুক্তি ব্যৱহাৰ কৰা দেখিলে সঁচাই ভাল লগে আৰু আশা কৰোঁ অনাগত দিনত অধিক শিক্ষাৰ্থী একে দিশতে অগ্ৰসৰ হওক। বৰ্তমান সময়ত বিশ্বৰ প্ৰযুক্তি-বিদ্যাৰ বিকাশৰ স’তে খোজ মিলাই অগ্ৰসৰ হোৱাৰ লগতে এইসমূহৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অধিক কাৰ্যক্ষম প্ৰকল্প সম্পন্ন কৰাটো খুবেই প্ৰয়োজনীয়।

২. আপুনি বৰ্তমানলৈকে আই আই টি গুৱাহাটীত বহু দিন কটালে। জন্মসূত্ৰে আপুনি ভাৰতবৰ্ষৰ এই অংশৰ বাসিন্দা নহয়। সংস্কৃতিৰ এই সলনিৰ সতে আপুনি নিজকে কেনেদৰে অভিযোজন কৰিলে? ই আপোনাৰ কামক কোনো প্ৰকাৰে ব্যাঘাত জন্মাইছে নেকি?

► ঠাই অথবা সংস্কৃতিৰ সলনিয়ে মোৰ কামত কেতিয়াও ব্যাঘাত জন্মোৱা নাই; বৰং ই মোৰ চিন্তাশৈলী বিস্তৃত কৰি অনন্য মাত্ৰা প্ৰদান কৰিছে। বিবিধ কলাশৈলীয়ে তোমাৰ চিন্তাৰ প্ৰসাৰ আৰু মনোবৃত্তিৰ উৎকৰ্ষত যঠেষ্ট অৰিহণা যোগায়। মোৰ মতে, প্ৰকৃততে ইয়াৰ দ্বাৰা এজন ব্যক্তি ভিন্ন দিশত পাৰদৰ্শী হৈ উঠে।

৩. তেন্তে আহকচোন আমি ডিজাইনিঙৰ ক্ষেত্ৰখনৰ কথাকে আলোচনা কৰোঁ। ডিজাইনিঙৰ ক্ষেত্ৰখনৰ বিবিধ কেৰিয়াৰ সম্পৰ্কে অলপ জনাবচোন।

► ডিজাইন শব্দটো প্ৰকৃততে এক ব্যাপক অৰ্থত ব্যৱহাৰ হয়: কলা, স্থাপত্য, বিজ্ঞান, অভিযান্ত্ৰিকীকে ধৰি চিকিৎসা বিজ্ঞানলৈকে ইয়াৰ প্ৰচুৰ ব্যৱহাৰ। ডিজাইনিং প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক মূলতঃ ঔদ্যোগীক ডিজাইন, জনসংযোগ, স্থাপত্য, ফেচন ডিজাইনিং আদি ক্ষেত্ৰসমূহত নিযুক্তি দিব পৰা যায়।

৪. ভাৰতবৰ্ষত বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলে অভিযান্ত্ৰিক, আইন অথবা চিকিৎসা সেৱাকে কেৰিয়াৰ হিচাপে প্ৰধানকৈ বাছি ল’ব বিচাৰে। কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ডিজাইনিঙৰ ক্ষেত্ৰখনে ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিব পৰিব বুলি আপুনি ভাবেনে?

► ডিজাইনিঙৰ ক্ষেত্ৰখন খুবেই সম্ভাৱনাময়, বিশেষকৈ আমাৰ এনে এখন দেশত য’ত ডিজাইনিঙৰ বহু সুযোগ আছে। যোৱা দশকবোৰৰ তুলনাত বৰ্তমান ডিজাইনিং যঠেষ্ট আগুৱাই আহিল। পূৰ্বৰ তুলনাত বৰ্তমান অধিক সংখ্যক ডিজাইনিং প্ৰতিষ্ঠান, ফাৰ্ম আদি স্থাপন হোৱাৰ লগতে ডিজাইনিঙৰ লগত জড়িত উদ্যোগপতি, পেছাদাৰী ব্যক্তি আদিও বহু ওলাইছে, আৰু উদ্যোগসমূহত ডিজাইনিঙৰ ছাত্ৰ-ছাত্ৰীৰ নিযুক্তিৰ সংখ্যাও বৃদ্ধি পাইছে। ডিজাইনিঙৰ এই লেখডালৰ কেৱল উৰ্দ্ধ-মুখী গতিহে মই দেখা পাইছোঁ।

৫. শেহতীয়াকৈ ডিজাইনিঙৰ ক্ষেত্ৰখনত এনে কি উন্নতি হৈছে যিটো ভাৰতৰ আন প্ৰতিষ্ঠানসমূহেও আদৰি লোৱা উচিত?

► গৰিষ্ঠসংখ্যক ডিজাইনিং প্ৰতিষ্ঠান প্ৰায় সমানেই সম্ভাৱনাময়। কিন্তু বিশ্বৰ সৈতে তুলনা কৰিলে হয় আমি বহু কৰিবলগীয়া আছে, যেনে বৰ্তমান কিছুমান বিশেষ ডিজাইনিং বিষয়বস্তুৰ সংযোগ, অত্যাধুনিক সুবিধা, দক্ষ ব্যক্তিৰ অধিক নিযুক্তি ইত্যাদি খুবেই প্ৰয়োজন। এইখিনি সম্ভৱ হ’বলৈ দেশত ডিজাইনিঙৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’ব লাগিব।

৬. আপোনাৰ শৈশৱ সম্পৰ্কে কিছু কথা অমাক জনাবচোন। ডিজাইনিঙৰ ক্ষেত্ৰখনলৈ অহাত অপোনাক কিহে অনুপ্ৰেৰণা যোগালে? আপোনাৰ ঘৰখনত এটা ৰাজনৈতিক পৰিবেশ আছে। আপোনাৰ দেউতা এজন বিধায়ক। আপোনাৰ ঘৰুৱা পৰিবেশটো কেনে আছিল?

► ঘৰৰ ৰাজনৈতিক পৰিবেশটোৰ সৈতে মোৰ উৎকৰ্ষ বা শিক্ষাৰ কোনো সম্পৰ্ক নাই, দেউতাই আমাৰ আগত কেতিয়াও সেইবোৰ আলোচনা কৰা নছিল। তেখেতে তেখেতৰ পেছা অৰু পৰিয়াল পৃথকভাৱে ৰাখিছিল। আমাৰ কোনোটো ভাই-ভনীয়েই তেনে কাৰ্যক্ৰমত জড়িত নাছিল। আমি কি কৰিব বিচাৰো তাৰ সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ স্বাধীনতা আমাক দিয়া হৈছিল আৰু ই আমাক দায়িত্বশীল কৰি তুলিছিল। মই ভাবোঁ যে মোৰ প্ৰতি মা-দেউতাৰ শ্ৰেষ্ঠ অৱদানসমূহৰ এইটো এটা অন্যতম। মোৰ বিদ্যালয় ‘লা কেটেলাইন’তেই মোৰ কলা আৰু ডিজাইনিঙৰ কেৰিয়াৰৰ ভেঁটি নিৰ্মাণ হৈছিল। মই মোৰ এই আগ্ৰহক অনুসৰণ কৰিছিলোঁ আৰু স্নাতক ডিগ্ৰীৰ বাবে অন্না বিশ্ববিদ্যালয়ৰ “School of Architecture and Planning”ত আৰু তাৰ পাছত স্নাতকোত্তৰ আৰু পি এইচ ডি ৰ বাবে আই আই টি বম্বেৰ Industrial Design Centreত ভৰ্টি হওঁ।

৭. শিক্ষাৰ্থীসকলে সাধাৰণতেই শিক্ষকৰ গাম্ভীৰ্যখিনিহে দেখে। আপুনি আই আই টি গুৱাহাটীত থকা সময়খিনিত হোৱা কোনো আমোদজনক মধুৰ মুহূৰ্তৰ বিষয়ে পাঠকক জনাবনে?

► হয়, এনে বহুত ঘটনা আছে। তাৰে এটা মই ব্যক্ত কৰিব বিচাৰিছোঁ। আনদিনাৰ দৰে এদিন মই ৰাতিপুৱা এটা ঐচ্চিক বিষয়ৰ ক্লাচ ল’বলৈ গৈছিলোঁ। মই দেখিছিলোঁ, কোঠাটো ধুনীয়া সজাই থোৱা আছে। মই ঠিক কোঠাটোত সোমোৱাৰ লগে লগেই সকলোৱে সমবেত হৈ একে সুৰত ক’বলৈ ধৰিলে— “Happy Birthday to you sir”, আৰু লগত এটা জুতিলগা চকলেটৰ কে’ক আৰু কিছুমান উপহাৰ। মই জানিছিলোঁ যে সেইদিনা মোৰ জন্মদিন, কিন্তু কেইটামান ফোনক’লৰ বাহিৰে সেই মুহূৰ্তলৈ আন বিশেষ একো হোৱা নাছিল। ই মোৰ বাবে সঁচাই বৰ মধুময় আশ্বৰ্যকৰ মুহূৰ্ত অছিল, আমি সকলোৱেই সময়খিনি খুৱ সুন্দৰভাৱে পাৰ কৰিছিলোঁ।

৮. আপোনাৰ ভবিষ্যত পৰিকল্পনা কি?

► ডিজাইনিং শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ, যুৱপ্ৰজন্মক তেঁওলোকৰ সময়বোৰ গঠনমূলক কামত আৰু নিজৰ লক্ষ্যত উপনীত হোৱাত ব্যৱহাৰ কৰিবলৈ উদঙনি যোগোৱাটো হৈছে মোৰ পৰিকল্পনা। আৰু দ্বিতীয়তে, দেশৰ সমৃদ্ধি আৰু বিকাশত ডিজাইনিঙৰ জৰিয়তে অৰিহণা যোগোৱা।

৯. শেষত, আপুনি ডিজাইন কৰা ভাৰতীয় টকাৰ প্ৰতীক চিহ্নটোৰ বিষয়ে অলপমান কওকচোন। ইমানবোৰ বিকল্পৰ পৰা এই চিহ্নটো আপোনাৰ মনলৈ কেনেকৈ আহিল? আমি নিশ্চিত যে ইয়াৰ আঁৰত এটা আকৰ্ষণীয় ঘটনা আছে।

► এই প্ৰতীকটো একে ৰাতিৰ ভিতৰতে হোৱা নাছিল। এই ধাৰণাটোত উপনিত হ’বলৈ মোক দীৰ্ঘ সময়ৰ প্ৰয়োজন হৈছিল। মই কেইবাটাও নক্সা সাঁজিছিলো আৰু আই আই টি ব’ম্বেৰ ঔদ্যোগীক ডিজাইন কেন্দ্ৰৰ মোৰ বন্ধুবৰ্গ আৰু অধ্যাপকসকলৰ মন্তব্য গ্ৰহণ কৰিছিলোঁ। তেওঁলোকৰ স’তে আলোচনাৰ অন্তত মই তাৰ মাজৰ পৰা চাৰিটা বিকল্প বাছি লৈছিলোঁ আৰু সেইকেইটাৰ মাজৰ পৰা শেষত চূড়ান্ত প্ৰতীকটো দাখিল কৰিছিলোঁ।

এই প্ৰতীকটোৱে দেৱনাগিৰী “ৰ” (र) বৰ্ণচিহ্ন আৰু আংশিক ৰোমান বৰ্ণ “R” (উলম্ব আঁকডাল আঁতৰাই) চিহ্নিত কৰে। ইয়াক হিন্দীৰ “ৰুপীয়া” আৰু ইংৰাজীৰ “ৰুপীজ” (Rupees) শব্দৰ পৰা আহৰণ কৰা হৈছে। এই দুয়োটাই ভাৰতীয় মুদ্ৰাক বুজায়। মই দুয়োটাৰে সংমিশ্ৰণ ঘটাই এটা বিশ্বজনীন প্ৰতীক-চিহ্ন নিৰ্মাণ কৰিছিলোঁ। চিহ্নটোৱে আন বহুতো কথাও নিৰ্দেশিত কৰে। ই প্ৰতীকিভাৱে, উচ্চ শিখৰত ভাৰতীয় জাতীয় পতাকাখনৰ উৰন্ত অৱস্থাও বুজায়। ই গাণিতীয় “সমান” চিহ্নটোও দেখুৱায়, যিয়ে ভাৰতৰ সুস্থিৰ আৰু সুষম অৰ্থনৈতিক অৱস্থাক সূচায়।

১০. আমাৰ পাঠকসকলৰ উদ্দেশ্যি আপুনি কিবা কবলৈ বিছাৰিব নেকি?

► মহাত্মা গান্ধীৰ এষাৰ বাণী— “ভৱিষ্যত নিৰ্ভৰ কৰে তোমাৰ বৰ্তমানৰ কৰ্মতেই।”

 

2 Comments

Post A Comment