অন্তৰ্মুখিতাৰ শক্তি, নিৰৱ বিপ্লৱ আৰু ছুছান কেইন

“Solitude matters, and for some people, it’s the air they breathe.” - Susan Cain.

“তই ইমান ব’ৰ কিয়? মানুহৰ লগত কথাকে পাতিব নোখোজ যে৷ অলপ ছ’ছিয়েল হ’বলৈ শিকিবিচোন৷”

“কি ছোৱালী অ’ এইজনী! মাত এটা দিবলৈ ওলাই নাহিল! নিবোকা-চামোন ক’ৰবাৰ!”

“ল’ৰা-ছোৱালী ইমান লাজুকৰীয়া হ’লে নহ’ব ডাঙৰীয়া৷ ল’ৰাটোক অলপ স্মাৰ্ট হ’বলৈ শিকাব৷”

“বিয়ালৈ আহিছ৷ মানুহৰ লগত কথা-চথা পাত৷ ফূৰ্তি-তামাছা কৰ৷ কিনো মিজিঙা-মিজিঙকৈ থাক?”

আমাৰ সমাজৰ কিছুমান মানুহ এনেধৰণৰ কিছুমান সংলাপ শুনি শুনিয়েই ডাঙৰ হৈছে৷ সমাজৰ লগত, সমাজৰ মানুহৰ লগত মিলা-মিছা কৰিব নোৱৰা ল’ৰাটোক ‘আত্মবিশ্বাসহীন’ বুলি গণ্য কৰা হয়; শ্ৰেণীকোঠাৰ এজাক ল’ৰা-ছোৱালীৰ সন্মুখত নিজকে সঠিকভাৱে উপস্থাপন কৰিব নোৱাৰা ছোৱালীজনীক ‘লাজুকী লতা’ বুলি জোকোৱা হয়৷ তেওঁলোকৰ শান্ত, নিৰৱ আৰু ‘সমাজৰ লগত বৰকৈ মিলা-মিছা কৰিব নোৱৰা’ স্বভাৱটোৱে তেওঁলোকক বহুতৰে সন্মুখত হাঁহিয়াতৰ পাত্ৰ কৰি তোলে৷ ল’ৰা-ছোৱালীৰ মানসিক অৱস্থাৰ কোনো ভূ-ভা ল’ব নোখোজা, অতি তৰলভাৱে নিজৰ সন্তানৰ চৰিত্ৰ তথা স্বভাৱৰ ‘প’ষ্টমৰ্টেম’ কৰি বহু উচ্চশিক্ষিত পিতৃ-মাতৃয়েও সন্তানক হোৱাই-নোহোৱাই ‘স্মাৰ্টনেছ’ৰ শিক্ষা দিয়ে৷ বহুতো পিতৃ-মাতৃয়ে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ তথাকথিত ‘স্মাৰ্টনেছ’ৰ ওপৰত ভৰি থৈয়েই সমাজৰ পৰা ‘সীমাহীন প্ৰশংসা’ আৰু ‘সামাজিক মৰ্যাদা’ আহৰণ কৰি আনিব খোজে৷ গতিকে অতিথিৰ আগত মুখ খুলি কথা এটা ক’ব নোৱৰা মানেই অতিথিৰ ওচৰত গৃহস্থৰ সন্মান হানি৷ অতিথিয়ে প্ৰস্থান কৰাৰ পাছতেই সন্তানৰ ওপৰত পিতৃ-মাতৃৰ গালিবৰ্ষণ৷ প্ৰশংসাকাতৰ মনটোৰ অভিলাষ পূৰণ কৰাৰ স্বাৰ্থত কিছুসংখ্যক পিতৃ-মাতৃয়ে সন্তানৰ কৰ্ণকূহৰত এনে কেতবোৰ বাক্যবাণ সঘনাই নিক্ষেপ কৰা পৰিলক্ষিত হয়, যিবোৰ ‘চূড়ান্ত নেতিবাচক’ বাক্যই সন্তানৰ মানসিক জগতত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰি সন্তানটিক অধিক মানসিক ছাপ তথা ভীতিগ্ৰস্ততাৰ মাজলৈ লৈ যাব পাৰে৷

এইখিনিতে প্ৰৱেশ কৰে ‘অন্তৰ্মুখী’ আৰু ‘বৰ্হিমুখী’ নামৰ শব্দ দুটাই৷ ‘অন্তৰ্মুখিতা’ (Introversion) আৰু ‘বৰ্হিমুখিতা’ (Extroversion) শব্দদ্বয়ৰ লগত আমি অধিকাংশই কম-বেছি পৰিমাণে পৰিচিত৷ এই দুটা ভিন্ন মানসিক গঠনৰ ওপৰত ভিত্তি কৰিয়েই এজন মানুহৰ ব্যক্তিত্বৰ ভেটিটো নিৰ্মাণ হয় বুলি ক’ব পাৰি৷ এই দুই মানসিক গঠনেই আমাৰ চৰিত্ৰ, দৃষ্টিভংগী, আচৰণ, ব্যৱহাৰ, সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা আদি দিশবোৰ পৰিচালনা কৰে৷ অন্তৰ্মুখী মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহত চকু ফুৰালেই এই দুই শ্ৰেণীৰ মাজত থকা মূল পাৰ্থক্যসমূহ পৰিষ্কাৰ হ’ব৷ এজন অন্তৰ্মুখী মানুহে—

কথা কোৱাতকৈ শুনি ভাল পায়,

নিৰ্জনতা আৰু নিৰৱতাৰ পৃষ্ঠপোষক,

কিতাপ এওঁলোকৰ অন্যতম সংগী,

অংশগ্ৰহণকাৰীৰ পৰিৱৰ্তে তেওঁলোক এজন তীক্ষ্ন পৰ্যবেক্ষক,

লিখা-মেলাৰ মাধ্যমেৰে নিজৰ ভাৱ-অনুভূতি প্ৰকাশ কৰিব বিচাৰে,

ঐশ্চৰ্য-বিভূতি, যশস্যা আৰু সামাজিক মৰ্যাদাৰ প্ৰতি উদাসীন,

গভীৰভাৱে চিন্তা কৰাৰ ক্ষমতা,

সামূহিকভাৱে কৰ্ম এটা সম্পাদন কৰাতকৈ অকলশৰীয়া প্ৰচেষ্টাৰে কাম কৰাটো পছন্দ কৰে — ইত্যাদি৷

অৱশ্যে উল্লেখ কৰাটো প্ৰয়োজনীয় যে — এজন মানুহ সম্পূৰ্ণ অন্তৰ্মুখী অথবা সম্পূৰ্ণ বৰ্হিমুখী হ’ব নোৱাৰে৷ যিগৰাকী মানুহে অন্তৰ্মুখিতা আৰু বৰ্হিমুখিতা শব্দ দুটা পোনপ্ৰথমবাৰৰ বাবে উদ্ভাৱণ কৰিছিল, সেইজন প্ৰখ্যাত মনোবিজ্ঞানী কাৰ্ল গুষ্টাভ জাঙৰ (২৬ জুলাই, ১৮৭৫ — ৬ জুন, ১৯৬১) এষাৰ মন্তব্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ৷ তেওঁৰ মতে — “‘নিভাঁজ অন্তৰ্মুখী’ আৰু ‘নিভাঁজ বৰ্হিমুখী’ৰ কোনো অস্তিত্ব নাই৷ তেনে এজন মানুহ পগলা ফাটেকতহে থাকিব৷ (There is no such thing as a pure introvert or extrovert. Such a person would be in lunatic asylum.)

এতিয়া বিখ্যাত ফৰ্বচ আলোচনীয়ে যুগুত কৰা পৃথিৱীৰ তেৰজন বিখ্যাত অন্তৰ্মুখী মানুহৰ তালিকাখনত দৃষ্টি নিক্ষেপ কৰোঁ আহক—

আপেক্ষিকতাবাদৰ উদ্ভাৱক, পদাৰ্থ বিজ্ঞানী, ন’বেল বঁটা বিজয়ী এলবাৰ্ট আইনষ্টাইন; ‘বাৰ্কশ্বায়াৰ হাথৱে’ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিশ্বৰ অন্যতম ধনী মানুহ ৱাৰেন বাফেট, ১৯ শতিকাৰ পলেণ্ডৰ সুৰকাৰ আৰু পিয়ানোবাদক ফ্ৰেডেৰিক ছ’পিন; বিৱৰ্তনবাদৰ বাটকটীয়া চাৰ্লছ ডাৰউইন, অহিংসাকেই পৰম ধৰ্ম হিচাপে গণ্য কৰা মহাত্মা গান্ধী, প্ৰাক্তন আমেৰিকান উপ-ৰাষ্ট্ৰপতি এল গোৰে, মধ্যাকৰ্ষণৰ আৱিষ্কাৰক ছাৰ আইজক নিউটন, গুগলৰ সহপ্ৰতিষ্ঠাতা লেৰি পেইজ, নাগৰিক অধিকাৰ আন্দোলনৰ অগ্ৰণী আমেৰিকান নেত্ৰী ৰোজা পাৰ্কছ্, প্ৰাক্তন আমেৰিকান প্ৰথম মহিলা (ফাৰ্স্ট লেডি) ইলিয়নেৰ ৰুজভেল্ট, হেৰি পটাৰ চিৰিজৰ লেখিকা জে. কে. ৰাউলিং, হলিউডৰ প্ৰথিতযশা পৰিচালক ষ্টিভেন স্পিলবাৰ্গ, জনপ্ৰিয় এপলৰ সহ-নিৰ্মাতা ষ্টিভ ওজনিয়েক৷

পঢ়াশালিৰ অসমীয়া পাঠত সন্নিৱিষ্ট নিউটনৰ সেই বিখ্যাত ছবিখনলৈ মনত পৰেনে! বাগিছাৰ একোণত অকলশৰে বহি থকা নিউটন আৰু তেওঁৰ চকুৰ আগত সৰি পৰা আপেলটোৰ সেই অবিস্মৰণীয় ছবিখন৷ বোধহয় সেইখন ছবিত নিউটনৰ ‘অন্তৰ্মুখী’ মানসিকতাৰ প্ৰতিফলন ঘটিছে৷ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত থকা ছাৰ আইজাক নিউটনৰ কৰ্ম-সম্পৰ্কীয় ৱেবছাইট http://www.newtonproject.ox.ac.uk-ত নিউটনৰ ব্যক্তিগত জীৱনৰ বিষয়ে লিখা প্ৰথমটো শাৰীলৈ মন কৰকচোন— “জীৱনৰ আদি-সময়ছোৱাত নিউটন এক গভীৰ অন্তৰ্মুখী চৰিত্ৰ আছিল আৰু নিজৰ গোপনীয়তাক লৈ প্ৰচণ্ডভাৱে ৰক্ষণাত্মক আছিল৷” (Especially in the earlier part of his life, Newton was a deeply introverted character and fiercely protective of his privacy.)

“নিৰৱ জীৱনৰ একঘেয়েমিতা আৰু একাকীত্বই এটা সৃষ্টিশীল মনক উচটনি যোগায়৷” (The monotony and solitude of a quiet life stimulates the creative mind.) মহান বিজ্ঞানী আইনষ্টাইনৰ মন্তব্য এইয়া৷ সাফল্য সম্পৰ্কে আইনষ্টাইনে আগবঢ়োৱা সেই বহুচৰ্চিত সংজ্ঞাটোতো তেওঁৰ অন্তৰ্মুখী স্বভাৱৰ কিছু আভাষ পাব পাৰি৷ “যদি A মানে সাফল্য হয় তেন্তে Aৰ সূত্ৰ হ’ব X যোগ Y যোগ Z; য’ত X মানে কৰ্ম, Y মানে খেলা আৰু Z মানে নিজৰ মুখখন বন্ধ কৰি ৰাখা৷ গতিকে সাফল্যৰ বাবে ‘মুখ বন্ধ কৰাটো’ অত্যন্ত জৰুৰী৷

বিশ্বখ্যাত ‘এপল’ কোম্পানীৰ সহ-প্ৰতিষ্ঠাতা ষ্টিভ ওজনিয়েকেতো নবীন উদ্ভাৱকসকলক দ্ব্যৰ্থহীন ভাষাৰে উপদেশ দিছে— “অকলে কাম কৰা৷ তুমি তেতিয়া এনে বস্তু আৰু আৰ্হি তৈয়াৰ কৰিব পাৰিবা যিবোৰে পৃথিৱীত বিপ্লৱৰ সূচনা কৰিব৷” তেওঁ আৰু কৈছে— “মই লগ পোৱা গৰিষ্ঠসংখ্যক আৱিষ্কাৰক আৰু অভিযন্তায়েই মোৰ দৰে৷ তেওঁলোক লজ্জাশীল, তেওঁলোকে নিজৰ মনৰ মাজত বাস কৰে৷ যেতিয়া তেওঁলোকে অকলশৰে কাম কৰে, তেওঁলোকে শ্ৰেষ্ঠত্ব উজাৰি দিয়ে আৰু নতুন উদ্ভাৱণটোৰ আৰ্হি তেওঁলোকৰ নিয়ন্ত্ৰণাধীন হৈ পৰে৷”

বৰ্তমান পৃথিৱীৰ অন্যতম বিলিয়নাৰ ফে’চবুকৰ স্ৰষ্টা মাৰ্ক জাকাৰবাৰ্গো অন্তৰ্মুখী স্বভাৱৰ৷ ছ’ছিয়েল নেটৱৰ্কিং ছাইটটোৰ মুখ্য কাৰ্যকৰী বিষয়া (COO) ছেৰিল ছেণ্ডবাৰ্গে নিউ ইয়ৰ্ক টাইমচৰ লগত ২০১০ চনত সম্পন্ন হোৱা এটা সাক্ষাৎকাৰত মাৰ্ক জুকেৰবাৰ্গক ‘লাজকুৰীয়া’ আৰু ‘অন্তৰ্মুখী’ মানুহ হিচাপে গণ্য কৰি মন্তব্য দিয়ে যে—  “He is shy and introverted and he often does not seem very warm to people who don't know him, but he is warm.”

পঠনীয়:  উইলিয়াম ছক্‌লি : ছিলিকনৰ পৰা ছিলিকন ভেলীলৈ

১১ বছৰ বয়সতে ষ্টক ক্ৰয় কৰা পৃথিৱীৰ অন্যতম প্ৰতিপত্তিশালী ব্যক্তি ৱাৰেন বাফেট পৃথিৱীৰ ‘সফলতম অন্তৰ্মুখী’ৰ ভিতৰত অন্যতম৷ বাফেটে ৰাজহুৱা স্থানত কথা ক’বলৈ সংকোচ কৰিছিল৷ টিভিৰ এটা সাক্ষাৎকাৰত তেওঁ এবাৰ কৈছিল— “ব্যৱসায় কৰিবৰ জোখাৰে মোৰ বুদ্ধিমত্তা আছিল৷ কিন্তু ব্যক্তিত্ব নাছিল৷ সেইকাৰণে মই ডেল কাৰ্ণেগিৰ ‘How to win friends and influence people.’ৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ৷ কাৰণ মানুহৰ লগত ভাৱ-বিনিময় কৰিবলৈ মই শিকিবই লাগিব, বিশেষকৈ গোটত৷ ৰাজহুৱা বক্তৃতালৈ ভয় কৰি মইতো গোটেই জীৱন পাৰ কৰি দিব নোৱাৰোঁ৷”

ৱাৰেন বাফেটৰ বক্তৃতা-ভীতিৰ বিষয়ে পঢ়ি থাকোঁতে আমাৰ শ্ৰদ্ধাৰ শইকীয়াছাৰৰ ‘শেষপৃষ্ঠা’ৰ ‘বক্তৃতা নিদিয়াৰ আনন্দ’ শীৰ্ষক লেখাটোলৈ মনত পৰি গ’ল৷ ‘শেষপৃষ্ঠা’ত ছাৰে এইকথা অকপটে স্বীকাৰ কৰিছে যে ভাষণ দিয়া কামটো তেওঁ উপভোগ (enjoy) নকৰে৷ অহৰহ নিজৰ কামৰ মাজতেই ডুব গৈ থকা সময়-সচেতন মানুহজনে সভা-সমিতিৰ পৰাও পৰাপক্ষত আঁতৰি থাকিব বিচাৰিছিল৷ অনিচ্ছাৰ সেই সুৰ তেওঁৰ একাধিক প্ৰবন্ধতে প্ৰতিধ্বনিত হৈছে৷ চৌদিশৰ কোলাহলমুখৰ পৃথিৱীখনত উটি-ভাঁহি নগৈ নিজৰ কামত ব্যস্ত থকা সৃষ্টিশীল ব্যক্তিসকলৰ পক্ষ লৈ ছাৰে শেষপৃষ্ঠাৰে এটা প্ৰবন্ধত লিখিছে—

....বহু লোকে এই গুলী-বাৰুদ, তৰ্ক-বিতৰ্ক, অন্যায়-অনাচাৰৰ মাজতো ছবি আঁকি আছে, কবিতা লিখিছে, নাচিছে, গাইছে৷ এওঁলোকৰ কামৰ কিমানখিনি জাতিটোৰ বাবে বৰঙণি হিচাপে পৰিগণিত হয়গৈ, সেইটো পিছ কথা; কিন্তু সাম্প্ৰতিক পৰিবেশৰ মাজতো এওঁলোকৰ প্ৰতি উৎসাহমূলক, প্ৰেৰণামূলক দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজনীয়৷ দেশৰে অৱস্থা নাই, জাতিটো থাকে নে নাথাকে তাৰেই ঠিক নাই, ছবি আঁকি, কবিতা লিখি, গভীৰ চিন্তা-চৰ্চা কৰি কি ডাল হ’বএই ধৰণে এওঁলোকক আমনি কৰা উচিত নহ’ব৷”

ছাৰৰ ব্যক্তিগত জীৱনৰ কিছুমান বিশেষ দিশ পৰ্যবেক্ষণ কৰি আৰু গভীৰ চিন্তাৰে পূৰ্ণ তেখেতৰ কিছুমান কথাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি যদি মই যদি লিখোঁ— ‘শইকীয়াছাৰো কম-বেছি পৰিমাণে এজন অন্তৰ্মুখী স্বভাৱৰ মানুহ আছিল’, তেন্তে সেই ধাৰণাক অসত্য বুলি গণ্য কৰা হ’ব নেকি?

দুদিনমানৰ আগতে ‘নাৰী দিৱস’ৰ এটা টিভি অনুষ্ঠানত আমাৰ প্ৰজন্মৰ সূক্ষ্মানুভূতিশীল সুলেখিকা শৰ্মিষ্ঠা প্ৰীতম বাইদেৱেও নিজৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে মন্তব্য দিবলৈ গৈ ক’লে— ‘...মই সৰুতে অন্তৰ্মুখী স্বভাৱৰ আছিলোঁ৷’

দৰাচলতে সৃষ্টিকৰ্মৰ লগত জড়িত অধিকাংশ ব্যক্তিয়েই অন্তৰ্মুখী৷ কালৰ সোঁতত শৈশৱৰ অন্তৰ্মুখিতা স্বভাৱৰ সামান্য হীন-দেড়ী হ’ব পাৰে নাইবা তেওঁ অন্তৰ্মুখী আৰু বৰ্হিমুখীৰ মাজৰ এটা শ্ৰেণী ‘Ambivert’ৰ অন্তৰ্ভুক্ত হ’ব পাৰে৷ কিন্তু একে দিনৰ ভিতৰতে অন্তৰ্মুখিতাৰ পৰা বৰ্হিমুখিতাত প্ৰৱেশ কৰাটো মুঠেই সহজসাধ্য নহয়৷ এজন অন্তৰ্মুখী মানুহৰ বাবে ইয়াতকৈ অধিক প্ৰত্যাহ্বানপূৰ্ণ কাম আন একো হ’ব নোৱাৰে৷ কিন্তু আমোদজনক কথাটো হ’ল— বাহিৰৰ দুনীয়াৰ খা-খবৰ নৰখাৰ বাবে নাইবা সমাজে বিচৰাধৰণে সহযোগিতা নেদেখুওৱাৰ বাবে অন্তৰ্মুখী মানুহখিনি সঘনাই উপলুঙাসূচক বাক্যবাণৰ সন্মুখীন হ’বলগাত পৰে৷ কিয়নো হুলস্থুলীয়া পৃথিৱীৰ এই শান্ত, নিৰৱ মানুহবোৰ তেওঁলোকৰ নিজা পৃথিৱীখনৰ পৰা বাহিৰলৈ আহিবলৈ অপাৰগ৷ তেওঁলোকৰ এই অপাৰগতাক আমাৰ সমাজ যিটো টুলুঙা দৃষ্টিৰে চাই আহিছে, আৰু এজন অন্তৰ্মুখী মানুহৰ আগে-পিছে যিবোৰ ‘বিশেষণ’ৰ সংযোজন কৰিছে, সেইবোৰ হোৱাৰ মূলতেই হৈছে অন্তৰ্মুখিতা সন্দৰ্ভত আমাৰ সীমিত জ্ঞান৷

অইন এজন মানুহৰ তুলনাত এজন অন্তৰ্মুখী মানুহৰ বৌদ্ধিকভাৱে চিন্তা কৰাৰ আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা অধিক৷ এই কথা কৈছে ২০১২ চনত হাৰ্ভাৰ্ডৰ মনোবিজ্ঞানী ৰেণ্ডি বাকনাৰৰ অধীনত সম্পন্ন হোৱা এটা অধ্যয়ণে৷ বৌদ্ধিক চিন্তা আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ লগত জড়িত হৈ থকা মানৱ-মগজুৰ বিশেষ এলেকাটোৰ নাম হৈছে প্ৰিফ্ৰণ্টেল কৰ্টেক্স (Prefrontal Cortex)৷ তাৎপৰ্যপূৰ্ণভাৱে এজন অন্তৰ্মুখী মানুহৰ মগজুৰ এই বিশেষ এলেকাটোৰ আকাৰ এজন বৰ্হিমুখী মানুহৰ তুলনাত ডাঙৰ৷

অন্তৰ্মুখী আৰু বৰ্হিমুখী মানুহৰ মগজুৰ মাজত থকা এটা অন্যতম তফাৎ হ’ল মগজুত থকা ‘ডোপেমাইন’(Dopamine)ৰ প্ৰতি এই দুটা শ্ৰেণীয়ে দেখুওৱা ভিন্ন সঁহাৰি৷ ‘ডোপামাইন’ হৈছে মগজুত থকা এক বিশেষধৰণৰ ‘ৰসায়নিক’(Chemical)৷ ডোপামাইনৰ নিঃসৰণে ধন-সম্পত্তি, সামাজিক প্ৰতিষ্ঠা, উন্নততৰ পৰ্যায়ৰ চাকৰি নাইবা পদ ইত্যাদি আহৰণ কৰিবলৈ মানুহ এজনক অনুপ্ৰেৰণা যোগায়৷ এজন অন্তৰ্মুখী আৰু বৰ্হিমুখী মানুহৰ মগজুত ডোপামাইন সমান পৰিমাণত থাকে যদিও ‘ডোপামাইন পুৰস্কাৰ জাল’(Dopamine Reward Network)ৰ ক্ৰিয়া-কলাপ এজন বৰ্হিমুখী মানুহৰ মগজুত অধিক সক্ৰিয় ৰূপত থাকে৷ সেয়েহে অন্তৰ্মুখী মানুহ এজনতকৈ এজন বৰ্হিমুখী মানুহ ধন-সম্পত্তি, সামাজিক প্ৰতিষ্ঠা নাইবা উচ্চতৰ পদবীৰ প্ৰতি অধিক আকৰ্ষিত৷

ডোপামাইনৰ পৰিৱৰ্তে এচিটাইল ক’লাইন (Acetylcholine) নামৰ অন্য এবিধ ‘ৰসায়নিক’ৰ প্ৰতিহে  এজন অন্তৰ্মুখী মানুহে সঁহাৰি জনাই ভাল পায়৷ বাহিৰৰ পৃথিৱীখনৰ পৰিৱৰ্তে যেতিয়া মানুহজনে স্ব-সৃষ্ট আভ্যন্তৰীণ জগতখনত প্ৰৱেশ কৰে, তেতিয়া এই এচিটাইল ক’লাইন-এ মানুহজনক এটা সুখজনক অনুভূতিৰে পূৰ্ণ কৰে৷ মানুহজন সুখী হয়৷ লগতে এটা বিশেষ বিষয়ৰ ওপৰত নাইবা উপাদানৰ বিষয়ে এজন মানুহক গভীৰভাৱে ভবাৰ, অনুধাৱন কৰাৰ, দৃষ্টি নিক্ষেপ কৰাৰ ক্ষমতাক এই বিশেষ ৰসায়নিকবিধে শক্তিৱন্ত কৰি তোলে৷

TED2012. Photo: James Duncan Davidson

এতিয়া আহিছোঁ ছুছান কেইনৰ প্ৰসংগলৈ৷ কোলাহলমুখৰ পৃথিৱীৰ অন্তৰ্মুখী মানুহৰ সমাজখনত আমেৰিকান মহিলা ছুছান কেইনে এক ঐতিহাসিক জাগৰণৰ সৃষ্টি কৰিছে বুলি ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব৷ ‘ছুছান কেইন’ৰ এখন বহুচৰ্চিত আৰু বহুজনসমাদৃত ‘Quiet-The power of introverts in a world that can’t stop talking’ নামৰ গ্ৰন্থখন প্ৰকাশ হৈছিল ২০১২ চনত৷ প্ৰায় সাতটা বছৰৰ অপৰিসীম পৰিশ্ৰম আৰু অসামান্য চিন্তাৰ পৰিণতি কেইনৰ এই কিতাপখনৰ এতিয়ালৈকে দুই নিযুততকৈও অধিক ‘কপি’ বিক্ৰী হৈছে৷ কিতাপখন বিশ্বৰ চল্লিশটা ভাষালৈ অনূদিত হৈছে৷ ‘নিউ ইয়ৰ্ক টাইমছ’ৰ বেষ্ট ছেলাৰ লিষ্টত কিতাপখনে চাৰিবছৰ পৰ্যন্ত নিজৰ নাম অক্ষুণ্ন ৰাখিছিল৷ ‘টেড্ টকছ্’ত ছুছান কেইনৰ ‘অন্তৰ্মুখী মানুহৰ শক্তি’ শীৰ্ষক বক্তৃতাটোৱে এতিয়ালৈকে (৭ মাৰ্চ, ২০১৭) ৬৩,৩৪,৯৬৪ টা ‘দৰ্শন’ লাভ কৰিছে আৰু যিটো ভিডিঅ’ক মাইক্ৰছফ্টৰ পিতৃ বিল গেটছেও নিজৰ প্ৰিয় ভিডিঅ’ৰ তালিকাত ৰাখিছে৷

পঠনীয়:  বতৰৰ আগলি-বতৰা সম্পূৰ্ণ সঠিক নোহোৱাৰ কিছু কাৰণ আৰু হোৱাৰ সম্ভাৱনা

২০১৫ চনত এইগৰাকী ছুছান কেইনে এটা অগতানুগতিক বিপ্লৱৰ আৰম্ভ কৰিছে৷ যাক নাম দিয়া হৈছে ‘নিৰৱ বিপ্লৱ’ (The Quiet Revolution)৷ যি মূল চিন্তাৰ দ্বাৰা পৰিচালিত হৈ ছুছান কেইনে তেওঁৰ বহুজনসমাদৃত গ্ৰন্থখন লিখি উলিয়ালে আৰু অনন্য ‘নিৰৱ বিপ্লৱ’ৰ সূচনা কৰিছে; সেইটো চিন্তাৰ বীজ পৰোক্ষভাৱে তেওঁৰ মন-মগজুত সংস্থাপিত কৰিছে কোৰ্হালপূৰ্ণ পৃথিৱীত বৰ্হিমুখী মানুহৰ অনিয়ন্ত্ৰিত দপ্‌দপনি আৰু অন্তৰ্মুখী মানুহক গুৰুত্বহীন দৃষ্টিৰে চোৱাৰ পৰম্পৰাগত সামাজিক ৰীতিটোৱে৷ ছুছান কেইনে বিশ্বাস কৰে যে অন্তৰ্মুখী স্বভাৱৰ মানুহক সদায়েই উপেক্ষা আৰু অৱহেলাৰ চাৱনিৰে চাই অহা হৈছে৷ তেওঁৰ মতে— “অন্তৰ্মুখিতা আৰু তেওঁৰ জ্ঞাতিভাই সংবদেনশীলতা, গম্ভীৰতা আৰু লজ্জাশীলতা এতিয়া এটা দ্বিতীয় শ্ৰেণীৰ ব্যক্তিত্বৰ গুণাৱলী, যি অৱস্থান কৰিছে বিষাদগ্ৰস্ততা আৰু ৰোগবিদ্যাৰ মাজৰ কোনোবা এঠাইত৷” কেইনৰ পৰৱৰ্তী মন্তব্য— “বৰ্হিমুখী আদৰ্শৰ অধীনত বাস কৰা এজন অন্তৰ্মুখী মানুহৰ দশা পুৰুষৰ সমাজত বাস কৰা মহিলাৰ সৈতে একে; আৰু সেই বিশেষত্বহীনতাৰ কাৰণ তেওঁলোকৰ অন্তৰ্ভাগলৈকে ব্যাপি থকা এটা বিশেষ বৈশিষ্ট্য৷”

অন্তৰ্মুখী মানুহৰ শক্তি জাগ্ৰত কৰা আৰু অন্তৰ্মুখিতাৰ প্ৰতি সমাজৰ দৃষ্টিভংগীৰ বৈপ্লৱিক পৰিৱৰ্তন কৰায়েই ছুছান কেইনৰ ‘কোৱাইট্’ নামৰ গ্ৰন্থখনৰ অন্যতম উদ্দেশ্য৷ এই উদ্দেশ্যক সাফল্যমণ্ডিত কৰাৰ দৃঢ় মনোভাৱেৰে ছুছান কেইনে ২০০৫ চনৰ পৰা দিন-ৰাতি একাকাৰ কৰি কাম কৰি গৈছিল৷ তেওঁৰ ভাষাতেই— “I have been working on this book officially since 2005 and unofficially for my entire adult life.” অন্তৰ্মুখিতা আৰু বৰ্হিমুখিতাৰ বৈশিষ্ট্য সন্দৰ্ভত একাধিক আলোড়ণকাৰী অধ্যয়ন, দুই প্ৰকাৰৰ মানুহৰ মানসিক গঠনপ্ৰণালীৰ ভিন্নতা, সেইসমূহৰ তথ্যসমৃদ্ধ বৈজ্ঞানিক আলোচনা, ব্যক্তিগত জীৱনৰ তিক্ত-মধুৰ বাস্তৱ-অভিজ্ঞতা আৰু পৃথিৱীৰ শীৰ্ষস্থানীয় মনোবিজ্ঞানীৰ সৈতে সম্পন্ন হোৱা সাক্ষাৎকাৰেৰে পৰিপূৰ্ণ ছুছান কেইনৰ ‘কোৱাইট্’৷

কোৱাটো নিষ্প্ৰয়োজন এই ছুছান কেইনো এগৰাকী ‘অন্তৰ্মুখী’ প্ৰকৃতিৰ মানুহ৷ তেওঁৰ ৱেবছাইট ‘www.quietrev.com’ত নিজৰ বিষয়ে লিখা দুশাৰীমান বাক্যৰ ভাৱাৰ্থ এনেধৰণৰ— কথা কোৱাতকৈ শুনাটো, সমাজৰ লগত ভাৱ-বিনিময়ৰ বিপৰীতে কিতাপ পঢ়াটো, সমূহীয়া ক্ৰিয়াকলাপৰ পৰিৱৰ্তে নিৰ্জঞ্জাল কথোপকথনহে মোৰ অধিক পছন্দ৷ কেইবছৰমানৰ আগলৈকে ৰাজহুৱা ভাষণ দিয়াৰ কথাটোৱে মোক ভীতিগ্ৰস্ত কৰি ৰাখিছিল আৰু এতিয়া মই ভাবি বিস্ময় মানিছোঁ যে তেনেকুৱা এক বিয়াগোম আতঙ্ককো অতিক্ৰম কৰিব পাৰি৷ বিগত কেইটামান বছৰত মই বহুকেইটা বক্তৃতা দিছোঁ, আৰু আমোদৰ কথাটো হ’ল— ই মোৰ শৈশৱ আৰু মোৰ চল্লিছ বছৰীয়া সত্ত্বা-দুয়োটাকে হতচকিত কৰিছে৷”

কিছুমান সামঞ্জস্যহীন বিশ্বাস তথা অন্তঃসাৰশূন্য ধাৰণাৰ ওপৰত সজোৰে প্ৰহাৰ কৰি প্ৰকৃত সত্যক উচ্চাসনত স্থান দিয়া ছুছান কেইনৰ কিতাপখনত উন্মোচিত হোৱা যিটো অন্যতম ঘোষণাই এজন অন্তৰ্মুখী মানুহক শিহৰিত আৰু আনন্দিত কৰিব পাৰে, সেইটো হৈছে— প্ৰগতি আৰু উত্তৰণৰ পথেৰে আগুৱাই আহি আজি আমাৰ পৃথিৱীখন যিটো স্থানত অৱস্থান কৰিছেহি, বিশ্বৰ চাৰিওফালে বিগত শতাব্দীসমূহত আৰু এইমুহূৰ্ততো যিমানবোৰ যুগান্তকাৰী আৱিষ্কাৰ, বিস্ময়কৰ ঘটনা, চমৎকাৰী যন্ত্ৰ নাইবা কৌতূহলোদ্দীপক মতবাদৰ সৃষ্টি হৈছে— সেইবোৰৰ অধিকাংশৰ আঁৰতেই আছে এজন অন্তৰ্মুখী৷ উদাহৰণৰ বাবে ফৰ্বছে প্ৰস্তুত কৰা তালিকাখনত চকু ফুৰালেই হ’ল৷ অধ্যয়নে প্ৰমাণ কৰিছে যে— এজন অন্তৰ্মুখী মানুহ এজন দক্ষ চি.ই.অ’. হ’ব পাৰে৷ এজন অন্তৰ্মুখী মানুহ এজন সুনিপুণ কৰ্মী হ’ব পাৰে৷ আজিৰ পৃথিৱীখনৰ সংবদেনশীল মানুহৰ আকাল হৈছে৷ আৰু যিকেইজন সংবেদনশীল মানুহ বাছি আছে, তাৰে ৭০ শতাংশই অন্তৰ্মুখী৷

সামাজিক কোলাহলৰ ক্ৰমবৰ্ধমান পৰিধি আৰু বাহ্যিক পৃথিৱীৰ লগত অনিচ্ছাকৃত তথা কৃত্ৰিম আহ-যাহে সমাজৰ অন্তৰ্মুখী মানুহচামক সদায়েই এক দোদূল্যমান মানসিক অৱস্থাৰ মাজত ডুবাই ৰাখিছে৷ প্ৰয়োজনানুসাৰে এজন অন্তৰ্মুখী মানুহে নিজৰ ব্যক্তিত্ব গঢ় দি ল’ব পাৰে; যেনেকুৱা ধৰণৰ কাম এটা কৰিছিল বক্তৃতা প্ৰদান কৰিবলৈ ভয় কৰা ৱাৰেন বাফেটে৷ কিন্তু জোৰ-জৱৰদস্তি কৰি অথবা মানসিক চাপৰ এক বেহু তৈয়াৰ কৰি এজন অন্তৰ্মুখী মানুহক নিয়ন্ত্ৰণাধীন কৰিবলৈ বিচৰাটো শুদ্ধ চিন্তা নহয়৷ হীতে বিপৰীতহে হ’ব৷ প্ৰয়োজন সামান্য সজাগতা আৰু আন্তৰিকতাৰহে — যিয়ে অন্তৰ্মুখী মানুহৰ মাজত সুপ্ত হৈ থকা বিশাল শক্তি-ভাণ্ডাৰটো উন্মুক্ত কৰি দিব পাৰে৷

অতিথিৰ সন্মুখত বহি থকা শান্ত শিশুটিক ‘বেঙা’, ‘বোবা’, ‘নিবোকা চামোন’ আদি শব্দৰে থকা-সৰকা কৰাৰ পৰিৱৰ্তে ল’ৰাটোৰ ভিতৰত থূপ খাই থকা ভাৱানুভূতিক হৃদয়ংগম কৰিবলৈ চেষ্টা কৰাটোহে অভিভাৱকৰ  আন্তৰিক উদ্দেশ্য হোৱা উচিত৷ নব্য-নতুন আৱিষ্কাৰেৰে খলকনিৰ সৃষ্টি কৰা এজন ‘শান্তিপ্ৰিয়’ আৱিষ্কাৰকক বাৰটা মাহেই সভা-সমিতিলৈ মাতি থকাৰ পৰিৱৰ্তে তেওঁক তেওঁৰ জগতখনতেই বিচৰণ কৰিবলৈ দিয়া উচিত৷ প্ৰাত্যহিকতাৰ অন্তহীন হাই-উৰুমিৰ পৰা নিৰাপদ দূৰৈত অৱস্থান কৰা সৃষ্টিশীল-অনুভূতিশীল গায়ক, গীতিকাৰ, নাট্যকাৰ তথা সাহিত্যিকজনক টানি-আঁজুৰি ‘বৰ্হিমুখিতা’ৰ গভীৰতালৈ নিক্ষেপ কৰাৰ পৰিৱৰ্তে তেওঁলোকক উদ্বুদ্ধ কৰা হওক নিৰ্জনতাৰ মাজতে থাকি উৎকৃষ্টতম সৃষ্টিৰ এক অবিস্মৰণীয় ধাৰা সৃষ্টি কৰিবলৈ৷

পৰিশেষত; অন্তৰ্মুখিতাৰ শক্তি সপক্ষে বলিষ্ঠ যুক্তি প্ৰতিস্থাপিত কৰা আৰু ‘নিৰৱ বিপ্লৱ’ৰ জৰিয়তে সৰৱ হৈ উঠা ছুছান কেইনৰ গ্ৰন্থখনৰ বেটুপাতৰ শেষৰ পৃষ্ঠাত লিপিবদ্ধ দুশাৰী বাক্য লিখিয়েই এই লেখাৰ সামৰণি পেলালোঁ—

“For far too long, those who are naturally quiet, serious or sensitive have been overlooked. The loudest have taken over-even if they have nothing to say.

It’s time for everyone to listen. It’s time to harness the power of introverts. It’s time for Quiet.”

Print Friendly, PDF & Email
No Comments

Post A Comment