প্ৰতিভাৰ প্ৰতিপালন

সোতৰ বছৰীয়া এজনী ছোৱালী৷ মালবিকা ৰাজ যোশী৷ ঘৰ মুম্বাইত৷ মাকৰ নাম সুপ্ৰিয়া৷ দেউতাকৰ নাম ৰাজ৷ মালবিকা এজনী মেধাৱী ছোৱালী৷ ভাৰতৰ নম্বৰ-সৰ্বস্ব শিক্ষা-ব্যৱস্থাত সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ লাভ কৰি শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ-পত্ৰ এখনৰ অধিকাৰিণী হোৱাকে ‘মেধাৱী ছাত্ৰী’ হিচাপে গণ্য কৰা হয়৷ পিছে এইক্ষেত্ৰত মেধাৱী ছাত্ৰী মালবিকা ৰাজ যোশী আছিল আশ্বৰ্যকৰভাৱে ব্যতিক্ৰম৷ তেওঁৰ হাতত উচ্চ মাধ্যমিক কিম্বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ নাছিল৷ ভাৰতবৰ্ষৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে চিহ্নিত আইআইটিত পঢ়িবলৈয়ো মালবিকাই তথাকথিত ‘যোগ্যতা’ অৰ্জন কৰা নাছিল৷ কিন্তু আইআইটিয়ে অগ্ৰাহ্য কৰা মালবিকাক বৃত্তিসহ পঢ়াৰ সুযোগ প্ৰদান কৰিলে আমেৰিকাৰ বিশ্বখ্যাত শৈক্ষিক প্ৰতিষ্ঠান ম্যাছাছুছেটছ ইনষ্টিটিউট্ অৱ টেকন’লজিয়ে (এম.আই.টি.); যিখন শিক্ষানুষ্ঠানত পঢ়ি যোৱা মুঠ ৮৭ গৰাকী বিদ্বানে এই পৰ্যন্ত ন’বেল বঁটা লাভ কৰিছে৷ মালবিকা এইখন এমআইটিৰে এতিয়া স্নাতক মহলাৰ ছাত্ৰী৷ ১৬-৩১ অক্টোবৰ সংখ্যাৰ প্ৰান্তিকত কুলেন্দু পাঠক ছাৰৰ চিন্তা উদ্ৰেককাৰী প্ৰবন্ধ এটা পঢ়ি মালবিকা ৰাজ যোশীৰ বিষয়ে জানিব পাৰিলোঁ৷ তাৰপিছত ইণ্টাৰনেটৰ দুটামান ছাইটত চকু ফুৰালোঁ৷

বাৰ বছৰ বয়সত মাকে মালবিকাক বিদ্যালয়ৰ পৰা লৈ আহে৷ তেতিয়া তাই সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ মাক সুপ্ৰিয়াৰ ভাষাত— “আমি এটা মধ্যবিত্ত পৰিয়াল৷ মালবিকাই স্কুলত ভালদৰেই পঢ়া-শুনা কৰি আছিল৷ কিন্তু কোনোবা মুহূৰ্তত মই ভাবিলোঁ যে তাই সুখী হৈ থকাটো দৰকাৰ৷ ‘পৰম্পৰাগত জ্ঞান’তকৈ সুখ অধিক গুৰুত্বপূৰ্ণ৷ ..... মোৰ স্বামী ৰাজে প্ৰথমে মোৰ সিদ্ধান্তটো মানি ল’বলৈ কিছু থেৰোগেঁৰো কৰিছিল৷ কাৰণ আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰাই আনিলে সিহঁতৰ দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ কোনো প্ৰমাণপত্ৰ নাথাকিব৷ .... মই মোৰ এনজিঅ’ চাকৰিটো বাদ দিলোঁ আৰু ঘৰতে এটা বিদ্যালয়সদৃশ পৰিৱেশ তৈয়াৰ কৰি ল’লোঁ৷ হঠাতে মই দেখিলোঁ যে মোৰ ছোৱালীয়ে এই ব্যৱস্থাটোক যথেষ্ট সুখী ভাৱেৰে গ্ৰহণ কৰিছে আৰু পূৰ্বৰ তুলনাত বেছিকৈ শিকিবলৈ লৈছে৷ জ্ঞান আহৰণ কৰাটোৱেই যেন তাইৰ নিচা হৈ পৰিছে৷”

কিন্তু মালবিকাৰ দৰে প্ৰতিভাৱান মেধাসম্পন্ন ছোৱালীজনীয়ে ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আইআইটি বা তেনেজাতীয় প্ৰতিষ্ঠানত নামভৰ্তি কৰাটো সম্ভৱ নহ’ল৷ কাৰণ, তাৰ বাবে লাগিব দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, লাগিব আইআইটিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ৷ মালবিকাৰ বিশেষ ৰাপ আছিল ‘কম্পিউটাৰ প্ৰগেমিঙ’তহে৷ অৱশেষত ‘চেন্নাই মেথেমেটিকেল ইনষ্টিটিউট’ নামৰ শিক্ষানুষ্ঠানটোৱেহে মালবিকাক স্নাতকোত্তৰ পৰ্যায়ৰ শ্ৰেণীত নামভৰ্তি কৰাবলৈ সন্মত হয়৷ সেই প্ৰতিষ্ঠানৰে মূল মানুহ মাধৱন মুকুন্দৰ ওচৰত মালবিকাই অলিম্পিয়াডৰ বাবে প্ৰস্তুতি চলাই যায়৷ আৰু সকলোৱে আশা কৰা ধৰণেই তীক্ষ্নধী ছোৱালীজনীয়ে ‘কম্পিউটাৰ প্ৰগেমিঙ’ত থকা দক্ষতা আৰু মেধাৰ পূৰ্ণ প্ৰতিফলন ঘটালে আৰু ২০১৪, ২০১৫ আৰু ২০১৬ চনৰ ‘বিশ্ব কম্পিউটাৰ অলিম্পিয়াড’ প্ৰতিযোগিতাত দুটাকৈ ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে৷

ইয়াৰ পিছত মালবিকাৰ জীৱনলৈ আহিল সেই সুখবৰটো৷ বিশ্বৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ ওপৰত চোকা নজৰ ৰখা এমআইটিয়ে মালবিকাৰ লগত যোগাযোগ কৰে৷ এমআইটিৰ সহকাৰী পৰিচালক খ্ৰিছ পিটাৰছনে মালবিকাৰ লগত যোগাযোগ কৰে আৰু শিক্ষানুষ্ঠানখনৰ ‘কম্পিউটাৰ বিজ্ঞান’ৰ স্নাতক মহলাত বৃত্তিসহ ভৰ্তি কৰোৱায়৷

ভাৰতৰ প্ৰচলিত শিক্ষা-নীতিৰ মূল তত্বটো কেনেকুৱা? ২০০ৰ ভিতৰত ১৫০ পোৱাজন যোগ্য আৰু ১৪৯ পোৱাজন শৈক্ষিক আৰু সামাজিকভাৱে ‘অযোগ্য’৷ দেশৰ বিভিন্ন চুকে-কোণে সোমাই থকা মেধাৱী-প্ৰতিভাৱান কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ মগজুৰ সদ্ব্যৱহাৰৰ অৰ্থে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজনৈতিক, বৌদ্ধিক, শৈক্ষিক আদি ক্ষেত্ৰসমূহৰ এক সামূহিক সদিচ্ছাৰ প্ৰয়োজন৷ যি সদিচ্ছাৰ প্ৰদৰ্শন কৰি এমআইটিৰ দৰে জগতখ্যাত শৈক্ষিক প্ৰতিষ্ঠানে সোতৰ বছৰীয়া মালবিকাক নামভৰ্তি কৰোৱালে৷ আমাৰ এইখন দেশত সোঁতৰ বিপৰীতে খোজ দি সিদ্ধান্ত গ্ৰহণ কৰাৰ অসমৰ্থতা আৰু অপৰাগতাৰ বাবেই মালবিকা ৰাজ যোশী নামৰ মেধাৱী ছাত্ৰীজনী এমআইটিৰ ছাত্ৰী নহ’লনে? আৰু বা কিমান মালবিকা এইখন দেশৰ পৰা প্ৰতি বছৰে ভাৰতৰ বাহিৰলৈ যাব লাগিছে! ভাৰতৰ মেধাৱী ছোৱালী এজনী বিদেশলৈ পঢ়িবলৈ গ’ল৷ আমাৰ ভাৰতৰ বাবে এই কথাটোৱে গৌৰৱ কঢ়িয়াই আনিছে ঠিকেই, কিন্তু সমান্তৰালভাৱে ভাৰতবৰ্ষৰ শিক্ষা-ব্যৱস্থাৰ, শিক্ষা-পদ্ধতিৰ এখন সীমাবদ্ধতাৰে ভৰা প্ৰতিচ্ছবিও দাঙি ধৰে৷ ভাৰতবৰ্ষৰ শিক্ষাব্যৱস্থাই যে একাংশ কিশোৰ-কিশোৰী আৰু তেওঁলোকৰ অভিভাৱকক সুখী কৰিব পৰা নাই, এতিয়াও যে আমাৰ শিক্ষাৰ নীতি-পদ্ধতিবোৰত একাধিক বিসংগতি আছে— সেই কথাবোৰতো মালবিকাৰ কাহিনীটোৱে বিশ্বাসযোগ্যতা প্ৰদান কৰিলে৷

পঠনীয়:  গণিত - জীৱন যাপনৰ প্ৰণালী

প্ৰসংগক্ৰমে ক’ব পাৰি, বিগত সময়ছোৱাত বিদেশত পঢ়িবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ ২০১৫ চনৰ ‘ইক’নমিক টাইমছ্’ত (ই-কাকত, ২৮ আগষ্ট) এটা বাতৰি পঢ়িলোঁ৷ “Around 3 lakh Indian Students go abroad annually, 33% take property-backed loans.”(৷) প্ৰতিবেদনটোত সন্নিৱিষ্ট ইউনেস্কৰ এটা তথ্যৰ মতে; ২০১২ চনত বিদেশত থকা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ১,৮৯,৪৭২৷ ২০১৩-১৪ শিক্ষাবৰ্ষত আমেৰিকাত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ১,০৩,০০০৷ পোন্ধৰ বছৰৰ পূৰ্বে এই সংখ্যাটো আছিল প্ৰায় আধা৷ প্ৰতিবেদনটোৰ প্ৰাৰম্ভতে বাস্তৱ পৃথিৱীৰ এটা ঘটনালৈ আঙুলিয়াই দিয়া হৈছে৷ সংবাদ(মিডিয়া) সম্পৰ্কীয় এটা বিষয়ত নামভৰ্তি কৰিবৰ হেতু দক্ষিণ দিল্লীৰ এগৰাকী নিবাসীয়ে ল’ৰাক নিউইয়ৰ্কৰ এখন শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়লৈ পঠিউৱাৰ যো-জা চলায়৷ সংবাদ, সংস্কৃতি আৰু যোগাযোগ— কেউটা বিষয়কে সাঙুৰি লোৱা উক্ত চাৰিবছৰীয়া বিষয়টোৰ ব্যয় প্ৰায় ৩.২ কোটি৷ বিশাল পৰিমাণৰ ধনৰাশি গোটাবৰ বাবে তেওঁলোকে বেংকৰ পৰা ল’ন লৈছে৷ ৩ কোটি ২০ লাখ টকা ব্যয় কৰি পুত্ৰক বিদেশলৈ পঠিওৱাৰ আঁৰত কেনেধৰণৰ কাৰকে ক্ৰিয়া কৰিব পাৰে! মাকৰ ভাষ্য মতে— “বৃত্তিৰ অবিহনেও মোৰ ল’ৰাই এখন শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়ত পঢ়িবলৈ উদগ্ৰীৱ হৈ আছিল৷ আৰু আমি জানো যে এই বিষয়ত শিক্ষা সমাপ্ত কৰি সি ৯মাহৰ বাবে কাম কৰিবলৈ সুবিধা পাব আৰু বোধহয় এটা চাকৰিও পাই যাব৷” ল’ৰাজনে পঢ়িবলৈ ইচ্ছা ব্যক্ত কৰা বিষয়টোত অধ্যয়নৰ বাবে আমাৰ ভাৰতত পৰ্যাপ্ত আসন নাছিল৷ বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতৰ শিক্ষানুষ্ঠানসমূহত আধুনিক বিষয়সমূহ অধ্যয়নৰ ক্ষেত্ৰত দেখা দিয়া সীমাবদ্ধতা তথা অপৰ্যাপ্ত আসন বহুচৰ্চিত ‘ব্ৰেইন ড্ৰেইন’ৰ এটা অন্যতম কাৰণ হ’ব পাৰে৷ এইখিনিতে উল্লেখনীয় যে, ২০১৫ বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ৫৪,০০০খন আসনত নামভৰ্তি হেতু দেশৰ বিভিন্ন ঠাইৰ পৰা অহা আৱেদনপত্ৰৰ সংখ্যাটো আছিল ২ লাখ ৮৫ হাজাৰ যিটো সন্দেহাতীতভাৱে বিস্ময়সূচক৷ লগতে উদ্বেগৰ কাৰণো৷ আমাৰ ভাৰতবৰ্ষৰ জনপ্ৰিয় শিক্ষানুষ্ঠান হিচাপে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকেইখনৰ (আইআইটি) বিশেষ মৰ্যাদা আছে৷ কিন্তু অপ্ৰিয় সত্য কথাটো হ’ল— জনপ্ৰিয়, বহুচৰ্চিত, শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান হোৱাৰ স্বত্ত্বেও এইকেইখন শিক্ষানুষ্ঠানে বিশ্বৰ অধিকাংশ শিক্ষানুষ্ঠানৰ লগতে ফেৰ মাৰিব পৰা নাই৷ আসনৰ সীমাবদ্ধতা, আন্তঃগাঁথনি, নিত্য-নতুন গৱেষণাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান ইত্যাদি বিভিন্ন কাৰকৰ এইক্ষেত্ৰত ভূমিকা থাকিব পাৰে বা আছে৷ কোৱাককুৱেৰলি ছাইমণ্ডছ (Quacquarelli Symonds)-এ  বিশ্বব্যাপি চলোৱা এক সমীক্ষাত এমআইটিয়ে ক্ৰমাগত পঞ্চমটো বৰ্ষৰ বাবে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ দখল কৰে৷ আনহাতে বাংগালোৰৰ আইআইএছছিয়ে পূৰ্বৰ ১৪৭তম স্থানৰ পৰা পিছলি ১৫২তম স্থান পায়৷ ভাৰতবৰ্ষৰ ফালৰ পৰা এয়াই শ্ৰেষ্ঠতম প্ৰদৰ্শন৷  তালিকাখনত আইআইটি দিল্লীয়ে ১৮৫ (পূৰ্বত ১৭৯), বোম্বাইয়ে ২১৯ (পূৰ্বতে ২০২), কাণপুৰ ৩০২ (পূৰ্বতে ২৭১), খড়্গপুৰ ৩১৩ (পূৰ্বতে ২৮৬), ৰুৰকি ৩৯৯ (পূৰ্বতে ৩৯১)৷ অসমৰ আইআইটিখনে এই তালিকাত ৪৮১-৪৯০ৰ ভিতৰত আছে (পূৰ্বতে এই স্থান ৪৫১-৪৬০ ভিতৰত আছিল৷)

উপযুক্ত সময়ত স্বীকৃতি আৰু সন্মান প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ নিৰুদ্বেগ, উদাসীন দৃষ্টিভংগী মনকৰিবলগীয়া৷ এইধৰণৰ বৰ্জনীয় দৃষ্টিভংগীৰ বাবেই প্ৰতিভাৱান মানুহে এইখন দেশত প্ৰতিষ্ঠা লাভ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়৷ Tedx নামৰ এটা জনপ্ৰিয় অনুষ্ঠান, যিটো অনুষ্ঠানত দৰ্শক হ’বলৈও দৰ্শকে আৱেদন কৰিব লাগে, তেনে এটা মৰ্যাদাপূৰ্ণ অনুষ্ঠানত অসমৰ উদ্ধৱ ভড়ালীয়ে সাতবাৰ ভাষণ দি আহিছে৷ এইটো এক অভিলেখ! অথচ আমাৰ অসমত এতিয়াও ‘উদ্ধৱ ভড়ালী কোন?’ বুলি সোধা ‘উচ্চশিক্ষিত’ মানুহ আছে৷ নতুন প্ৰজন্মৰ কিমান সংখ্যকে এওঁৰ নাম শুনিছে সেয়া পিছে বিচাৰ্যৰ বিষয়৷ কোনোবা মুহূৰ্তত চিন্তা কৰোঁ— এইজন তীক্ষ্ন বুদ্ধিসম্পন্ন আৱিষ্কাৰকৰ জন্ম ভাৰতবৰ্ষত নহৈ আমেৰিকা নাইবা জাপান আদিৰ দৰে দেশত হোৱাহেঁতেন, তেওঁলোকে যে কিমান আলপৈচান ধৰিলেহেঁতেন! এইগৰাকী মানুহৰ প্ৰতিভা আৰু মেধাৰ উমান অসম আৰু ভাৰতে সৌ সিদিনাখনহে পাইছে৷ চৌবিশটা যন্ত্ৰ নিৰ্মাণ কৰাৰ পাছতো যেতিয়া তেওঁৰ নামটো অসমৰ মানুহৰ চৰ্চালৈ নাহিল, তেতিয়া তেওঁ ডালিমৰ গুটি গুচাব পৰা যন্ত্ৰ এটা নিৰ্মাণ কৰিবলৈ বদ্ধপৰিকৰ হ’ল৷ (সাতসৰী, ছেপ্টেম্বৰ সংখ্যা, ২০১৬)। আমেৰিকাৰ দৰে বিজ্ঞান-প্ৰযুক্তিত ঐশ্বৰ্যশালী দেশ এখনেও তেতিয়ালৈকে এইধৰণৰ যন্ত্ৰ নিৰ্মাণ কৰিব পৰা নাছিল৷ লছ এঞ্জেলছত যন্ত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত, ডিছক’ভাৰি চেনেলে সাক্ষাৎকাৰ লোৱাৰ পিছত, ৰাষ্ট্ৰপতিৰ পৰা সন্মান পোৱাৰ পিছতহে তেওঁক ভাৰতৰ, অসমৰ মানুহে চিনি পোৱা হ’ল৷ অথচ জটিল যন্ত্ৰৰ লগত জীৱননিৰ্বাহ কৰি  থকা এইজন সৰল মনৰ উদ্ধৱ ভৰালীয়ে Tedxৰ অনুষ্ঠানত “I am from Assam” বুলি স্বপৰিচয় দিয়ে৷ উদ্ধৱ ভড়ালীৰ দৰে অসমপ্ৰেমী মানুহ কিমানজন ওলাব আজিৰ তাৰিখত! “এইখন ঠাইত মোক কোনেও ৰিকগনিছন নিদিলে” বুলি খং-ভেম কৰি বিদেশলৈ গুচি যোৱাৰ প্ৰৱণতাহে বেছি, আজিৰ প্ৰতিযোগিতাময় পৃথিৱীখনত বাস কৰি থকা কেৰিয়াৰসৰ্বস্ব মানুহৰ৷

পঠনীয়:  হেনৰি পইনকেয়াৰ

শেহতীয়াকৈ বব ডিলানে ন’বেল বঁটা পোৱাৰ পিছত আমাৰ সমাজৰ এটা অংশত ভূপেন হাজৰিকাৰ নামটো উচ্চাৰিত হৈছে৷ ভূপেন হাজৰিকাৰ গীত, কবিতাসমূহৰ উচিত মূল্যাংকণ হ’ব লাগিছিল, তেওঁৰ গীতি-সাহিত্যসমূহ ইংৰাজীলৈ অনুবাদ হ’ব লাগিছিল ইত্যাদি বিভিন্ন মন্তব্য আমাৰ দৃষ্টিগোচৰ অথবা কৰ্ণগোচৰ হৈছে৷ কিন্তু প্ৰশ্ন উত্থাপিত হয়— যদিহে বব ডিলানে ন’বেল নাপালেহেঁতেন, তেতিয়া আমাৰ মনত ভূপেন হাজৰিকাকেন্দ্ৰিক এই চিন্তা-চৰ্চাবোৰে ঠাই পালেহেঁতেননে? এইয়া আমাৰ সুগভীৰ, দূৰদৰ্শী দৃষ্টিভংগীৰ অভাৱ বুলিও ক’ব পাৰি, যোগ্য ব্যক্তিৰ সৃষ্টিৰাজিক যথোচিত মূল্যাংকনেৰে বিশ্বৰ দৰবাৰলৈ উলিয়াই দিয়াত এলাহ-অৱহেলা বুলিও ক’ব পাৰি৷ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কোনোবা এখন দেশৰ প্ৰতিনিধি আহিব, আমাৰ প্ৰতিভাসমূহক চিনাক্ত কৰিব, অথবা সমপ্ৰতিভা লৈ জন্মগ্ৰহণ কৰা বিদেশৰ কোনোবা এজন প্ৰতিভাৱানক অইন এখন দেশৰ প্ৰখ্যাত প্ৰতিষ্ঠানে সন্মানসহকাৰে পুৰস্কৃত কৰিব; আমি সেই ক্ষণটোলৈ অপেক্ষা কৰি থাকোঁ৷ আমাৰ এই অপেক্ষা কেতিয়াবা ৰূপান্তৰিত হয় উপেক্ষালৈ; যাৰ ফলত বহু মেধাৱী, প্ৰতিভাৱান আৰু জ্ঞানী-গুণী মানুহে পাবলগীয়া স্বীকৃতি, সন্মান সময়ত নাপায়; অথবা আজীৱন সেই প্ৰাপ্ত সন্মানৰ পৰা বঞ্চিত হৈ ৰয়৷

No Comments

Sorry, the comment form is closed at this time.