এজন নাস্তিক বিজ্ঞানীৰ জীৱন-গাথা : মেঘনাদ সাহাৰ আয়নীকৰণ তত্ব আৰু নাস্তিকতাবাদ

১৮৫৩ চনৰ পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) এটা দৰিদ্ৰ পৰিয়াল৷ দুবেলা-দুসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া সেই পৰিয়ালটোৰ উপাৰ্জনৰ ৰাস্তা আছিল কেৱল এখন গেলামালৰ দোকান৷ এনে এক দৰিদ্ৰতাৰ বতাহজাকৰ মাজতে আকৌ সেই পৰিয়ালটোলৈ আলহী হৈ আহিল পঞ্চমটি সন্তান৷ সাধাৰণ গেলামালৰ দোকানখনেৰে পৰিয়াল পোহ-পাল দি থকা দেউতাকে পঞ্চমটি সন্তানৰ পৰা বিশেষ আশা কৰা নাছিল, বৰঞ্চ বিদ্যালয়ৰ পৰা নাম কটাই দোকান চলোৱাৰ কথাহে ভাবিছিল৷ কিন্তু স্থানীয় প্ৰাইমেৰী স্কুলৰ শিক্ষকসকলৰ পৰামৰ্শ অনুসৰি স্থানীয় এজন শুভাকাংক্ষীৰ মাচুল সাহায্যৰে তেওঁ অনিচ্ছা-পূৰ্বক ল'ৰাটোক চৈধ্য কিলোমিটাৰৰো অধিক দূৰলৈ স্কুল যোৱাটো মঞ্জুৰ কৰিছিল৷ এইদৰে প্ৰত্যেকদিনাই তৰুণ ল'ৰাজনে সেই দূৰত্ব খোজ কাঢ়ি স্কুললৈ অহা-যোৱা কৰিছিল৷ বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে স্কুলীয়া শিক্ষা সাং কৰি, ১৯১৫ চনত প্ৰায়োগিক গণিত বিজ্ঞানত (applied mathematics) প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ বিজ্ঞান কলেজ এখনত প্ৰবক্তা হিচাপে নিযুক্তি পায়৷ সেই সময়তেই তেওঁ বহু কেইখন গৱেষণা-পত্ৰ প্ৰকাশ কৰাৰ লগতে সহকৰ্মী প্ৰবক্তা এছ. এন. বষুৰ লগত যুটীয়াভাবে বহু কেইখন জাৰ্মান ভাষাৰ 'জাৰ্নেল' ইংৰাজীলৈ অনুবাদ কৰিছিল৷ ১৯১৮ চনত ইলেক্ট্ৰ'মেগনেটিক তত্ব আৰু বিকিৰণ তত্বৰ বাবে কলিকতা ইউনিভাৰ্চিটিয়ে তেওঁক ডক্টৰ অৱ ছায়েন্স সন্মানেৰে বিভূষিত কৰে আৰু পাছলৈ কলিকতা ইউনিভাৰ্ছিটিৰ পদাৰ্থবিজ্ঞান বিষয়ৰ মুৰব্বী অধ্যাপক হিচাপেও কাৰ্যনিবাহ কৰে৷ ইয়াৰ পাছত তেওঁৰ তাপভিত্তিক আয়নীকৰণ আৰু নক্ষত্ৰ আয়নীকৰণ তত্বৰ গৱেষণা-পত্ৰখন প্ৰকাশ পোৱাৰ পাছতেই সেই দৰিদ্ৰ পৰিয়ালৰ পঞ্চমটি সন্তান মেঘনাদ সাহাৰ নাম বিশ্বৰ বিজ্ঞানীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিল৷ জ্যোৰ্তিপদাৰ্থবিজ্ঞান বিষয়ত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত মেঘনাদ সাহা ১৯২৭ চনত লণ্ডনৰ 'ৰ'য়েল চ'ছাইটিৰ সভ্য' লৈ নিৰ্বাচিত হয়৷ পদাৰ্থবিজ্ঞানত ন'বেল পুৰস্কাৰৰ বাবে সাহাক কেইবাবাৰো মনোনীত কৰা হৈছিল যদিও ন'বেল কমিটিৰ বিশেষ কিছুমান চৰ্তৰ কাৰণে তেওঁ পুৰস্কৃত ন'হল৷ ন'বেল কমিটিৰ এই প্ৰসংগত স্পষ্টীকৰণ এনেধৰণৰ— "It was seen as a useful application, but not a discovery."

ভাৰতৰ বিজ্ঞান ক্ষেত্ৰখনলৈ আমূল পৰিৱৰ্তন অনা বিজ্ঞানীসকলৰ ভিতৰত মেঘনাদ সাহাৰ অৱদানো উল্লেখযোগ্য৷ নিউক্লীয় পদাৰ্থবিজ্ঞান বিষয়টো উচ্চশিক্ষাত অন্তৰ্ভুক্ত কৰাকে ধৰি 'নিউক্লীয়াৰ ফিজিক্স ইনষ্টিটিউড' স্থাপনৰ গুৰি ধৰোতা বিজ্ঞানীজনৰ নামেই আছিল মেঘনাদ সাহা৷ 'নিউক্লীয়াৰ ফিজিক্স ইনষ্টিটিউড'ৰ নাম পাছলৈ সাহাৰ সন্মানৰ্থে 'সাহা ইনষ্টিটিউড অৱ নিউক্লীয়াৰ ফিজিক্স' হিচাপে ৰখা হয়৷ ভাৰতীয় গৱেষকসকলৰ গৱেষণা-পত্ৰসমূহ প্ৰকাশ তথা প্ৰচাৰৰ ক্ষেত্ৰত ‘The Indian science news association’ স্থাপন কৰাটো সাহাৰ এক উল্লেখযোগ্য অৱদান৷ ভাৰত চৰকাৰৰ মুখ্য নদী পৰিকল্পনা বিভাগৰ আৰ্কিটেক্ট আৰু ইণ্ডিয়ান ছায়েঞ্চ কংগ্ৰেছৰ সভাপতিৰ দৰে উচ্চ আসনৰ কাৰ্যনিৰ্বাহক আছিল সাহা৷ উল্লেখযোগ্য যে দামোদৰ ভেলী প্ৰজেক্টৰ প্ৰথম পৰিকল্পনা কৰিছিল সাহাই৷

ভাৰতবৰ্ষ তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী মেঘনাদ সাহা যদিও বিজ্ঞান মহলত এটা জনপ্ৰিয় নাম, ঠিক সেইদৰে আন এচামৰ কাৰণে তেওঁ আছিল ঘৃণাৰ পাত্ৰ৷ সম্ভৱতঃ হক কথা কোৱাৰ স্বভাৱ আৰু ভণ্ডামিৰ সম্পৰ্কত অসহিষ্ণুতাৰ কাৰণে অসংখ্য কথাত সাহাক মানুহে ভুল বুজিছিল৷ তদুপৰি ধৰ্মৰ সম্পৰ্কত তেওঁৰ দৰ্শন আছিল নাস্তিকতাবাদ৷ ভাৰতবৰ্ষৰ দৰে দেশত নাস্তিক শব্দটো অধিকাংশ লোকৰ বাবেই বদহজমী৷ তদুপৰি আজিৰ নাস্তিক সমাজৰ যি পৰিসৰ তাৰ তুলনাত সেই সময়ত এই পৰিসৰ বহুগুণে কম আছিল৷ যাৰ কাৰণেও ধাৰ্মিক সমাজৰ বাবে তেওঁ কলংক-স্বৰূপ হৈ পৰিছিল৷ জীৱনকালত হিন্দু দৰ্শন আৰু বৈদিক শিক্ষাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা হেতুকে সাহাক সঘনে দোষী সাব্যস্ত কৰা হৈছিল৷ বিজ্ঞান-ছাত্ৰ হিচাপেই যে ধৰ্মৰ বিৰুদ্ধে বা জ্যোতিষ-শাস্ত্ৰৰ বিৰুদ্ধে সাহা প্ৰতিবাদমুখৰ হৈছিল তেনে নহয়, এগৰাকী আধুনিক বিজ্ঞানভিত্তিক ধাৰণাৰে পৰিপুষ্ট ব্যক্তি হিচাপেও সাহাই প্ৰাচীন কীৰ্তি বা ধৰ্ম-শাস্ত্ৰ, বেদ, উপনিষদ, জ্যোতিষ-শাস্ত্ৰৰ বিষয়বোৰ ভালকৈ পঢ়িছিল৷ যাৰ জ্ঞানেৰেই তেওঁ পৰম আত্মপ্ৰত্যয় আৰু আক্ৰমণাত্মক ৰচনাশৈলীৰে যুক্তিবাদী যুঁজাৰু ব্যক্তিত্বক গঢ় দিছিল৷ সাহা আছিল অত্যন্ত অধ্যয়নপুষ্ট, শান্ত, সৎ-নিষ্ঠাৱান ব্যক্তিত্বৰ ব্যক্তি৷ তাপভিত্তিক আয়নীকৰণ সম্বন্ধীয় কৃতিৰ বাবে সুখ্যাতি অৰ্জন কৰাৰ পাছত এবাৰ সাহা বিলাতৰ পৰা ঢাকালৈ গৈছিল৷ ঢাকাৰ এগৰাকী উকীলে তেওঁৰ বিজ্ঞানভিত্তিক কৃতিত্বৰ কথা জানিব বিছাৰিলে৷ সাহাই উৎসাহ আৰু আত্মপ্ৰত্যয়েৰে নিজৰ গৱেষণাৰ সম্পৰ্কত কৈ গ'ল৷ উকিলজনৰ মনত এইবোৰ কথাই কোনো সাঁচ বহুওৱা যেন সাহাৰ অনুভৱ নহ'ল, প্ৰতিটো মিনিটতে এনে কিছুমান মন্তব্যৰে বিজ্ঞানীজনৰ কথাত ব্যাঘাত জন্মাইছিল— "কিন্তু এইটো কোনো ডাঙৰ কথা নহয়, আমি সমস্ত বেদতেই পাওঁ৷" তেতিয়া জ্ঞানপিপাসু সাহাই বিনয়ৰে সুধিলে— "আপুনি দয়া কৰি জনাবনে বেদৰ কোনখিনি ঠাইত আমি নক্ষত্ৰ আয়নীকৰণ তত্ব পাওঁ?" উকিলজনে ইয়াৰ একো উত্তৰ দিব নোৱাৰিলে; কাৰণ উকিলজনে নিজেই বেদ পঢ়া নাছিল৷ মেঘনাদ সাহাই পৰৱৰ্তী কালত এই আমোদজনক অভিজ্ঞতাৰ বিৱৰণ দি "মেঘনাদ ৰচনা সংকলন"ত লিখিছে যে কুৰি বছৰ ধৰি উপনিষদ, বেদ, পুৰাণ, হিন্দু জ্যোতিষ তথা অন্যান্য বিজ্ঞান সম্বন্ধীয় পুৰণি গ্ৰন্থসমূহ তন্ন-তন্নকৈ পঢ়ি আৱিষ্কাৰ কৰিব নোৱাৰিলোঁ যে এই প্ৰাচীন গ্ৰন্থত বৰ্তমানৰ বিজ্ঞানৰ মূলতত্ব নিহিত আছে৷ শিক্ষিতৰ পৰা অশিক্ষিতলৈ সেইসময়ত বিজ্ঞানৰ আৱিষ্কাৰসমূহক প্ৰাচীন ভাৰতীয় ধৰ্ম গ্ৰন্থৰ লগত সানমিহলি কৰি মন্তব্য আগবঢ়োৱা এনেকুৱা আৰু বহু উদাহৰণ আছে৷ মেঘনাদ সাহাৰ গৱেষণাসমূহো সেইসময়ত এনে কিছুমান মানুহৰ পৰা সাৰি যোৱা নাছিল৷

পঠনীয়:  অশ্ৰুসিক্ত এন্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহূৰ্তটো

ধৰ্ম আৰু ঈশ্বৰক লৈ সৃষ্টি হোৱা যি ৰাজনীতিৰ উন্মাদ, হিংসা, মৃত্যু, অৰাজকতা তাক সাহাই উষ্ম শব্দৰে বিৰোধিতা কৰিছে৷ ঈশ্বৰ যে কল্পনাৰ-প্ৰসূত সেই কথা মেঘনাদ সাহাৰ স্বচ্চ-স্বাধীন, দ্ব্যৰ্থহীন ভাষাত স্পষ্টকৈ পাওঁ৷ মেঘনাদ সাহাৰ পুত্ৰ অজিত কুমাৰ সাহাও দেউতাকৰ দৰেই নাস্তিক আছিল৷ ধৰ্ম সম্পৰ্কে সোধা এক প্ৰশ্নত অজিত কুমাৰ সাহাই কৈছে— "ধৰ্ম বুলিলে যদি ঈশ্বৰক পোৱা উপায় বুজায়, তেনেহ'লে মোৰ ধৰ্ম সেইটো নহয়, কাৰণ ঈশ্বৰ আছে নে নাই সেই কথাই মই নাজানো৷ গতিকে তেওঁক লাভ কৰিবলৈ মোৰ কোনো ব্যাকুলতা নাই৷" (প্ৰসেনজিৎ চৌধুৰী, ধৰ্ম আৰু বিজ্ঞান, পৃ: ১০২)৷ এদিন পুতেকে— অৰ্থাৎ অজিত কুমাৰে ধাৰ্মিক মাকৰ আগত ৰাম আৰু কৃষ্ণক লৈ কিছু ঠাট্টা-মস্কৰা কৰাত মাকে মুখেৰে একো নামাতিলে যদিও অত্যন্ত মৰ্মাহত হৈছিল৷ ঘটনাটো দেউতাক মেঘনাদ সাহাই লক্ষ্য কৰি আছিল৷ এনেতে উত্যক্ত হৈ সাহাই পুতেকক ক'লে— "চোৱা ময়ো ভগৱান নামানো৷ তোমাৰ মনত অন্য বিশ্বাস থাকিব পাৰে, ঠিক আছে, কিন্তু সেই বুলি আনৰ বিশ্বাসত আঘাত দিয়াৰ কোনো অধিকাৰ তোমাৰ নাই৷" (লেনিন, ধৰ্ম প্ৰসংগে, কলিকতা, ১৯৯৩, পৃ:১০)৷ এনে কিছুমান উদাহৰণে সাহাৰ সৰল ব্যক্তিত্ব তথা ঈশ্বৰ-মুক্ত মননৰ বহু কথাৰ উমান পাব পাৰি৷ ধৰ্ম আৰু ঈশ্বৰৰ নামত সমাজখনক দুফাল কৰিব চেষ্টা কৰা মানুহবোৰে মেঘনাদ সাহাৰ বিজ্ঞানসুলভ অখণ্ড ব্যক্তিত্বৰ আদৰ্শ লোৱা উচিত৷

সাহা আছিল এজন স্পষ্টবাদী, স্বাধীন মনৰ ব্যক্তিত্বসম্পন্ন দেশপ্ৰেমিক৷ কলেজত পঢ়ি থকা সময়তেই সাহাই Freedom fighting movementত অংশগ্ৰহণ কৰিছিল৷ আৰু সেই সময়তেই তেওঁ নেতাজী সুভাস চন্দ্ৰ বষুৰ সান্নিধ্য পাইছিল৷ জীৱনৰ শেষৰ কালচোৱাত সাহাৰ ব্যতিক্ৰমী মনটোৱে ৰাজনীতিলৈয়ো উৰা মাৰিছিল৷ কাৰণ সেই সময়ত ভাৰতৰ নদী-প্ৰকল্পসমূহৰ নিয়ন্ত্ৰণ সঠিক হোৱা নাছিল আৰু ইয়াৰ পৰিকল্পনাবোৰতো ব্যাপক খেলিমেলি দৃষ্টিগোচৰ হৈ তেওঁ উদ্বিগ্ন হৈ পৰিছিল৷ "ছায়েঞ্চ এণ্ড কালচাৰ" নামৰ আলোচনীখনত উগ্ৰ-সম্পাদকীয়বোৰতে নিজৰ প্ৰতিবাদ সাব্যস্ত বেছিদিন সীমাবদ্ধ কৰি ৰখাটো সাহাৰ পক্ষে সম্ভৱপৰ নহল৷ তেওঁ বুজিলে, নিজৰ প্ৰতিবাদ সাব্যস্ত আৰু সেইবোৰৰ প্ৰতি চৰকাৰৰ যথাযথ দৃষ্টি আৰ্কষণ কৰা উপযুক্ত ঠাই হ'ল সংসদৰ মজিয়া৷ যাৰ কাৰণে ১৯৫২ চনত সাহাই প্ৰথম সংবিধান সভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰূপে থিয় হৈ জয়লাভ কৰিছিল৷

ভাৰতবৰ্ষক বিজ্ঞানৰ জ্ঞানেৰে বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সাহাই অহোপুৰুষাৰ্থ কৰিছিল৷ ঈশ্বৰমুক্ত মনৰ অধিকাৰী সাহাই সমাজত বিজ্ঞান শিক্ষাৰ প্ৰচাৰ আৰু প্ৰচলিত অন্ধবিশ্বাসসমূহৰ বিৰুদ্ধে বিভিন্ন ধৰণেৰে উষ্ম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ বহুকেইখন উল্লেখযোগ্য গ্ৰন্থেৰে বিজ্ঞানৰ পুথিভঁৰাল চহকী কৰা বিশিষ্ট বিজ্ঞানী মেঘনাদ সাহাই ১৯৫৬ চনত হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু বৰণ কৰে৷ কায়িকভাবে নাথাকিলেও সাহাৰ ব্যক্তিত্ব তথা তেওঁ দি যোৱা অমূল্য অৱদানসমূহ সদায় ভাৰতবৰ্ষৰ মানুহৰ মাজত অমৰ হৈ ৰ’ব৷ যি ‍অনাগত দিনবোৰতো বিজ্ঞান জগতলৈ নতুন দিগন্তৰ সন্ধান দিব পাৰে৷

Print Friendly, PDF & Email
No Comments

Post A Comment