বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানী বিষয়ক ১০খন প্ৰিয় চিনেমা - ঈশান জ্যোতি বৰা : (১০) দা মেন হু নিউ ইন্‌ফিনিটি

“Srinivasa Ramanujan was the strangest man in all of mathematics, probably in the entire history of science.” - Michio Kaku. (আমেৰিকাৰ তাত্ত্বিক পদাৰ্থবিদ।)

যিকোনো এটা সংখ্যাক সেই একেই সংখ্যাৰে হৰণ কৰিলে হৰণফল ‘এক’ হয়৷ অষ্টম শ্ৰেণীত অংকৰ শিক্ষকজনে সেইদিনা এই কথাটো ছাত্ৰ-ছাত্ৰীহঁতক বুজাই আছিল৷ তেনেতে শিক্ষকজনক হতবাক-বিস্মিত কৰি শ্ৰেণীৰ এজন ছাত্ৰই অকস্মাতে প্ৰশ্ন কৰিলে— “এই কথাটো শূন্যৰ ক্ষেত্ৰতো শুদ্ধনে?”

যিজন ল’ৰাৰ প্ৰশ্নৰ প্ৰখৰতা আৰু গভীৰতাই সেইদিনা অংকৰ শিক্ষকজনক মুহূৰ্তৰ কাৰণে স্তব্ধ কৰি পেলালে, সেইজন শীৰ্ণকায় ছাত্ৰ অইন কোনো নহয়; গাণিতীক প্ৰতিভা, Mathematical Genius শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ৷ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ আৰু তেওঁৰ সহজাত চমৎকাৰী প্ৰতিভাক স্বৰাজোত্তৰ কালৰ ভাৰতৰ মানুহে কিমান শ্ৰদ্ধা আৰু সন্মানৰ দৃষ্টিৰে চালে, নাইবা ৰামানুজনৰ প্ৰতিভাৰ বিষয়ে সমাজত কিমান প্ৰচাৰ আৰু প্ৰসাৰ হ’ল; সেয়া অন্য এক আলোচনাৰ বিষয়৷

কিন্তু ৰামানুজনৰ অনুৰাগীসকলৰ বাবে পৰম সুখৰ বতৰা কঢ়িয়াই আনিলে আলোড়ণ সৃষ্টিকাৰী ‘জিনিয়াছ’গৰাকীৰ জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ক লৈ ইংৰাজী ভাষাত নিৰ্মাণ কৰা এখন অন্যতম সুন্দৰ ছবিয়ে৷ নাম যাৰ— “দা মেন হু নিউ ইন্‌ফিনিটি” (The Man Who Knew Infinity)৷ ১৯৯১ চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ জীৱনীমূলক উপন্যাস “দা মেন হু নিউ ইন্‌ফিনিটি”ৰ আধাৰত কাহিনীৰ চিত্ৰনাট্য ৰচনা কৰিলে মেথিউ ব্ৰাউনে৷ এডৱাৰ্ড আৰ. প্ৰেছমেন, জিম ইয়ং, জিঅ’ থ’মাছ আৰু মাৰ্ক মণ্টেগ’মেৰিয়ে প্ৰযোজনা কৰা মননশীল চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে মেথিউ ব্ৰাউনে৷

২০১৫ চনত ট’ৰণ্টৰ আন্তৰ্জাতিক ছবি মহোৎসৱকে ধৰি একাধিক ছবি মহোৎসৱত প্ৰশংসিত ছবিখনে ৮ এপ্ৰিল আৰু ২৯ এপ্ৰিল তাৰিখে যথাক্ৰমে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি লাভ কৰে৷ ১০৮ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ অধিকাংশ চিত্ৰগ্ৰহণ ট্ৰিনিটি মহাবিদ্যালয়তে সম্পন্ন হয়৷ ৰামানুজনৰ চৰিত্ৰত সাৱলীল তথা মৰ্মস্পৰ্শী অভিনয় কৰা দেৱ পেটেলৰ অভিনয়-প্ৰতিভাই সমালোচকমহলৰ পৰা ইতিবাচক মন্তব্য লাভ কৰে৷ ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ গদফ্ৰে হেৰ’ল্ড হাৰ্ডিৰ ভূমিকাত অৱতীৰ্ণ হোৱা জেৰেমি আইৰণ্‌ছকো তেওঁৰ অভিনয়ৰ বাবে যথোচিত প্ৰশংসা কৰা হয়৷

শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ— বোধহয় এই নামটোৰ লগত সংযোজিত হ’ব পৰা সবাতোকৈ উৎকৃষ্ট শব্দটো হ’ব— ‘অংকবলিয়া’৷ হয়, ৰামানুজন যথাৰ্থতে এজন অংকবলিয়া মানুহ আছিল৷ শয়নে-সপোনে, দিঠকে-বাস্তৱে কেৱল সংখ্যাৰ লগত সহবাস কৰিয়েই জীৱনকালৰ সম্পূৰ্ণ তেত্ৰিছটা বছৰ কটাই দিয়া এজন অদ্ভুত, অবিস্মৰণীয় গাণিতিক প্ৰতিভা শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ৷ বহুতৰে বাবে মূৰৰ কামোৰণি হৈ উঠা সংখ্যাবোৰ, অংকবোৰ এইজন ৰামানুজনৰ বাবে হৈ পৰিছিল সুখ-দুখৰ সংগী, হৈ পৰিছিল জীৱনৰ অন্যতম চালিকা শক্তি, হৈ পৰিছিল গতিশীল জীৱনৰ বাবে এক অন্তহীন প্ৰেৰণা, উদ্দীপনা আৰু আশা-ভৰসাৰ উৎস৷ ৰামানুজনৰ কঠোৰ প্ৰত্যাহ্বানপূৰ্ণ জীৱনলৈ নামি অহা সংঘাত, বিচ্ছেদ, বিৰহ, দৰিদ্ৰতা, ৰোগ — কোনোটোৱেই ৰামানুজনক অংকৰ পৰা বিচ্ছেদ কৰিব পৰা নাছিল৷ প্ৰতিদিনে সত্তৰখিলাকৈ কাগজ অংক কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰামানুজনে এসময়ত অভাৱত পৰি পেলনীয়া কাগজৰ টুকুৰাতো অংক কৰিছিল৷ নীলা চিঞাহীৰে লিখি হোৱাৰ পিছত একেখন কাগজতে তেওঁ ৰঙা চিঞাহীৰে অংক কৰিছিল৷ অংকয়েই আছিল ৰামানুজনৰ প্ৰথম প্ৰেম৷ অংকৰ মাজতেই সোমাই আছিল ৰামানুজনৰ সমগ্ৰ সত্ত্বা আৰু শক্তি৷

‘ৰামানুজন’ শব্দৰ অৰ্থ হ’ল ভগৱান ৰামচন্দ্ৰৰ ভায়েক৷ শ্ৰীনিবাসৰ শ্ৰীয়ে প্ৰতিনিধিত্ব কৰিছে ভগৱানৰ শক্তিৰ স্ত্ৰী ৰূপটোক, আনহাতে ‘নিবাস’-এ বুজাইছে বসতিস্থল৷ অৰ্থাৎ শ্ৰীনিবাস শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে ‘ঈশ্বৰীয় শক্তিৰ স্ত্ৰী ৰূপৰ বসতিস্থল’৷

১৮৮৭ চনৰ ২২ ডিচেম্বৰত মাদ্ৰাছৰ ইৰ’ডৰ (বৰ্তমানৰ তামিলনাডু) এটা দৰিদ্ৰ তামিল পৰিয়ালত জন্ম হৈছিল এইজনা কিংবদন্তীৰ৷ শাৰীৰ বিপণীত কেৰাণীৰ কাম কৰা ৰামানুজনৰ দেউতাক আছিল কে. শ্ৰীনিবাস আয়েংগাৰ৷ ৰামানুজনৰ মাতৃ কোমলতামল আছিল ঘৰগৃহিণী আৰু স্থানীয় মন্দিৰটোৰ অনিয়মীয়া গায়িকা৷ কুম্ভকোনমৰ এটা সাধাৰণ জুপুৰিত বাস কৰা পৰিয়ালটোৰ প্ৰাত্যহিক জীৱন অভাৱ আৰু অনাটনে জুৰুলা কৰি ৰাখিছিল৷ (উল্লেখনীয় যে কুম্ভকোনমৰ ঘৰটো এতিয়া সংৰক্ষণ কৰি ৰখা হৈছে৷) ৰামানুজনৰ ডেৰ বছৰ বয়সতে মাতৃয়ে অইন এটা সন্তান প্ৰসৱ কৰে, যাৰ নাম ৰখা হৈছিল সদাগোপান৷ কিন্তু দুৰ্ভাগ্যবশতঃ ভ্ৰাতৃত্বৰ নিৰ্ভেজাল এনাজৰীৰে সৈতে বান্ধ খাবলৈ নৌপাওঁতেই সদাগোপানে মাত্ৰ তিনি মাহ বয়সতে ইহসংসাৰ ত্যাগ কৰিলে৷ ১৮৯১ আৰু ১৮৯৪ চনত মাতৃগৰাকীয়ে পুনৰ দুটি সন্তানৰ জন্ম দিছিল যদিও কেঁচুৱাকালতেই সন্তানদ্বয়ৰ মৃত্যু হৈছিল৷ ১৮৮৯ চনৰে কোনোবা এটা দিনত ৰামানুজন বসন্ত ৰোগত আক্ৰান্ত হ’ল৷ সেইবছৰ বসন্ত ৰোগে বহুতৰে ঘৰলৈ কঢ়িয়াই আনিছিল জীৱনৰ সকৰুণ, মৰ্মান্তিক সংবাদ৷ নিমিষতে মৃত্যুৰ শীতল কোলাত শুই পৰিছিল একো একোটি মানৱ-দেহ৷ কিন্তু ৰামানুজন বাছি গৈছিল৷ বসন্ত ৰোগৰ নিষ্ঠুৰ প্ৰহাৰক শিশু ৰামানুজনে প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল৷

বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছতেই ৰামানুজন তেওঁৰ মাতৃৰ সৈতে কাঞ্চিপুৰমত থকা ককাকৰ (ৰামানুজনৰ মাকৰ দেউতাকৰ ঘৰ) ঘৰলৈ ৰাওনা হয়৷ কিন্তু ককাকে ন্যায়ালয়ৰ চাকৰিটো এৰিবলগীয়া হোৱাত ৰামানুজন আৰু মাতৃ কুম্ভকোনমলৈ উলটি আহে৷ ইয়াৰে “কাংগায়ন প্ৰাথমিক বিদ্যালয়”ত ৰামানুজনক নাম লগাই দিয়া হয়৷ কিন্তু কুম্ভকোনমত থকা ককাক (ৰামানুজনৰ দেউতাকৰ দেউতাক) ঢুকোৱাৰ পিছত তেওঁলোক পুনৰ মাদ্ৰাছলৈ যাবলগীয়াত পৰে৷ মাদ্ৰাছৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ ভাল নোপোৱা ৰামানুজনে প্ৰায়ে শিক্ষাগ্ৰহণৰ পৰা বিৰত আছিল৷ বিদ্যালয়ত ৰামানুজনৰ উপস্থিতি নিয়মীয়া কৰাৰ সংকল্পেৰে আমোদজনকভাৱে নিয়োগ কৰা হৈছিল এজন কনিষ্টবলক৷ যাতে কনিষ্টবলজনে ৰামানুজনৰ গতিবিধৰ ওপৰত কাঢ়া চকুৰ ৰাখিব পাৰে আৰু ৰামানুজনৰ উপস্থিতিৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে৷ অৱশ্যে তাৰ ঠিক ছমাহৰ পিছতেই ৰামানুজনৰ কুম্ভকোনমলৈ প্ৰত্যাৱৰ্তন ঘটিছিল৷

ইংৰাজী, তামিল, ভূগোল আৰু গণিতত শ্ৰেষ্ঠ ফল দেখুৱাই ১৮৯৭ চনত ৰামানুজনে প্ৰাথমিক শিক্ষা সমাপ্ত কৰে৷ সেই বছৰতে ৰামানুজনক ‘টাউন হায়াৰ ছেকেণ্ডাৰী স্কুল’ত নামভৰ্তি কৰোৱা হয়, যিখন শিক্ষানুষ্ঠানতে ৰামানুজনে আনুষ্ঠানিক গণিতৰ সৈতে পৰিচয় ঘটে৷ অত্যন্ত ভাবুক স্বভাৱৰ ৰামানুজন তেওঁৰ সহপাঠীসকলৰ বাবে এক পাৰাপাৰহীন আশ্বৰ্য আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু৷ একৰ পৰা দহ হেজাৰৰ ভিতৰৰ প্ৰতিটো সংখ্যাক পৰম মিত্ৰৰ মৰ্যাদা প্ৰদান কৰা ৰামানুজনে দুইৰ বৰ্গমূল বা ‘পাই’(π)ৰ মান দশমিকৰ পাছৰ বহু স্থানলৈকে সম্পূৰ্ণ নিৰ্ভুলভাৱে ক’ব পাৰিছিল৷

এঘাৰ বছৰ বয়সীয়া ৰামানুজনৰ মগজুৰ যেন সৰ্বত্ৰ অংকই অধিকাৰ কৰি পেলাইছিল৷ এছ. এল. লোনিয়ে (S. L. Loney) লিখা ত্ৰিকোণমিতিৰ এখন কিতাপ গোগ্ৰাসে গিলি পেলোৱা বিস্ময়-শিশু ৰামানুজনে ত্ৰিকোণমিতি সম্পৰ্কীয় সূত্ৰ আৱিষ্কাৰ কৰিছিল তেৰ বছৰ বয়সত৷ নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই অংকৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমস্ত সমাধান লিখি শেষ কৰা ৰামানুজনক জ্যামিতি আৰু ‘অসীম শ্ৰেণী’য়ে (Infinite Series) আকৃষ্ট কৰিছিল৷ পোন্ধৰ বছৰ বয়সত ৰামানুজনে ত্ৰিঘাত সমীকৰণ সমাধান কৰিবলৈ শিকিছিল৷ আৰু খুব কম সময়ৰ ভিতৰতে তেনে সমীকৰণ সমাধান কৰিবলৈ নতুন এটা পদ্ধতি আৱিষ্কাৰ কৰিছিল৷

দিনক-দিনে অংক-ক্ষুধা বৃদ্ধি হোৱা ৰামানুজনৰ চিন্তাশক্তিলৈ নৱ-জোৱাৰ কঢ়িয়াই আনিলে জি. এছ. কাৰৰ “A Synopsis of Elementary Results in Pure and Applied Mathematics” শীৰ্ষক কিতাপখনে৷ ক’ব পাৰি, পুথিভঁৰালৰ পৰা এজন বন্ধুৱে গোটাই দিয়া এই কিতাপখনে ৰামানুজনক আধুনিক গণিতৰ অন্য এখন অচিন-অজান পৃথিৱীলৈ লৈ গ’ল৷ পাঁচ হাজাৰ সূত্ৰৰে ঠাহ খাই থকা জি. এছ. কাৰৰ এই বিশেষ কিতাপখনেই ৰামানুজনৰ অন্তৰ্নিহিত প্ৰতিভা আৰু বুদ্ধিমত্তাৰ উত্তৰণ ঘটাই মানৱীয় উৎকৃষ্টতাৰ নৱতম শীৰ্ষত উপনীত কৰোৱাত অন্যতম ভূমিকা ল’লে৷ তাৰ পৰৱৰ্তী বছৰতেই ৰামানুজনে বাৰ্ণোলিৰ সংখ্যাৰ সম্বন্ধে নিজাববীয়া অন্বেষণ আৰম্ভ কৰিলে আৰু দশমিক পাছৰ পোন্ধৰতম স্থান পৰ্যন্ত ‘অয়লাৰ-মেছকেৰ’ণিৰ ধ্ৰুৱক’ৰ মান নিৰূপণ কৰিলে৷

প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ষোল বছৰ বয়সত ৰামানুজনে কুম্ভকোনমৰ ‘চৰকাৰী কলা মহাবিদ্যালয়’ত পঢ়িবলৈ বৃত্তি লাভ কৰে৷ কিন্তু অংকবলিয়া ৰামানুজনৰ মন আৰু মগজু অংকক বাদ দি বাকীবোৰ বিষয়ৰ গভীৰতালৈ প্ৰৱেশ কৰিবলৈ অমান্তি হৈছিল৷ ইয়াৰ পৰিণতি স্বৰূপে ৰামানুজনে বৃত্তিৰ সুবিধা হেৰুৱাইছিল৷ বুদ্ধিভ্ৰষ্ট হৈ ১৯০৫ চনৰ আগষ্ট মাহত ৰামানুজন ঘৰৰ পৰা পলায়ন কৰি বিশাখাপট্টনমৰ ৰাজামুন্দ্ৰিত থাকিবলৈ লয়৷ ৰাজামুন্দ্ৰিত এমাহৰ বাবে আত্মগোপন কৰি পুনৰ মাদ্ৰাছৰ ‘পাচ্ছায়াপা মহাবিদ্যালয়’ত নামভৰ্তি কৰে৷ অংকৰ বাহিৰে ইংৰাজীকে সাঙুৰি বাকীবোৰ বিষয়ত তেওঁৰ প্ৰদৰ্শন আছিল নিৰাশাজনক৷

পৰৱৰ্তী দুটা বছৰত অনুষ্ঠিত হোৱা কলাৰ পৰীক্ষাত উপৰ্যুপৰি ৰামানুজন অনুত্তীৰ্ণ হয়৷ ডিগ্ৰী লাভৰ আশা তাতেই জলাঞ্জলি দি ৰামানুজনে মহাবিদ্যালয় ত্যাগ কৰিলে৷ সীমাহীন দাৰিদ্ৰ আৰু খাদ্য-সংকটে এইবাৰ ৰামানুজনৰ পিছ ল’লে৷ কিন্তু এইবোৰ বাধায়েও ৰামানুজনৰ মূৰৰ পৰা অংক নামৰ ৰাগীটো খেদাব নোৱাৰিলে৷ ৰামানুজনে লগত এখন টোকাবহী ৰাখিছিল৷ গণিত সম্পৰ্কীয় নৱ্য-নতুন চিন্তাৰ ঢৌ যেতিয়াই তেওঁক মানসিক পৰিমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়াই সেই চিন্তাক শব্দৰ আকাৰত সেই টোকাবহীখনত লিপিবদ্ধ কৰিছিল৷

চৰম দাৰিদ্ৰ আৰু অনাটনৰ মাজত দিন-ৰাতি অতিবাহিত কৰি থকাৰ মাজতেই এদিন ৰামানুজনৰ জীৱনলৈ আহিল জানকী৷ ৰামানুজনৰ পত্নী জানকীমল৷ সমাজৰ প্ৰচলিত ৰীতি অনুযায়ী দহ বছৰীয়া জানকীয়ে বিবাহোত্তৰ জীৱনৰ প্ৰথম তিনিটা বছৰ মাতৃগৃহত কটাই মাদ্ৰাছত থকা ৰামানুজনৰ সংগী হ’বলৈ আহিল৷ লগত আহিল ৰামানুজনৰ মাক৷ সেই সময়ত জানকীৰ বয়স আছিল মাত্ৰ বাৰ বছৰ৷

পঠনীয়:  ডিজিটেল পৃথিৱীৰ লগত অত্যধিক ঘনিষ্ঠতাই আমাৰ মগজুৰ কাৰ্যক্ষমতা হ্ৰাস কৰিছে নেকি?

এতিয়া ৰামানুজনক লাগে এটা চাকৰি৷ নহ’লে পৰিয়াল পোহ-পাল দিব কেনেকৈ? ইটো কাৰ্যালয় এৰি সিটো কাৰ্যালয়ৰ দুৱাৰ ৰামানুজনে টুকুৰিয়াই যাব ধৰিলে৷ বন্ধু এজনৰ ঘৰত থাকি চাকৰিৰ সন্ধান কৰা ৰামানুজনে দিনটোৰ এছোৱা সময়ত প্ৰেছিডেন্সী কলেজৰ ছাত্ৰক টিউছন কৰি সামান্য ধন উপাৰ্জন কৰিছিল৷ তাৰ বাহিৰে ৰামানুজনৰ কাষত উপাৰ্জনৰ অন্য উৎস নাছিল৷ ৰোগ-ব্যাধিয়ে প্ৰায়ে অস্বস্তিত পেলোৱা ৰামানুজন বন্ধুৰ ঘৰতে পুনৰবাৰ অসুস্থ হৈছিল৷ মৃত্যুভয়ত কম্পিত হৈ ৰামানুজনে তেওঁৰ টোকাবহীখন বন্ধুৰ হাতত চমজাই সেইখন অংকৰ দুজনমান শিক্ষকলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিল৷ পাছত যেনিবা ৰামানুজন সুস্থ হ’ল আৰু টোকাবহীখন ঘূৰাই ল’লে৷

১৯১৩ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ত গৱেষকৰ পদ লাভ কৰাৰ পাছত মাতৃ-পত্নীসহ ৰামানুজন ট্ৰিপ্লিকেইন নামৰ ঠাইডোখৰলৈ আহিল৷ গৱেষণা কৰিবলৈ সুবিধা প্ৰদান কৰিছিল ভাৰতীয় গাণিতিক সমাজ (Indian Mathematical Society)ৰ প্ৰতিষ্ঠাতা ৰামাস্বামী আয়াৰে৷ ১৯১০ চনত তেখেতৰ লগত হোৱা এক সাক্ষাতত আয়াৰে ৰামানুজনৰ চমৎকাৰী প্ৰতিভাৰ বিষয়ে জ্ঞাত হয়৷ মাদ্ৰাছৰ বৌদ্ধিক মহলত ৰামানুজনৰ জনপ্ৰিয়কৰণতো এইজন ৰামাস্বামীৰ উল্লেখযোগ্য ভূমিকা আছে৷ ৰাজহৰ কাৰ্যালয়ত চাকৰি এটা বিচাৰি যেতিয়া ৰামানুজনে তেওঁৰ টোকাবহীখন আয়াৰক দেখুৱাইছিল, তেতিয়া ৰামাস্বামী আয়াৰত পৰম বিস্ময়ত হতভম্ব হৈ পৰিছিল৷ পিছত তেওঁ মন্তব্য কৰিছিল— “টোকাবহীত সন্নিৱিষ্ট হোৱা অংকৰ অসাধাৰণ ফলাফলসমূহে মোক কোবাই গৈছিল৷ ৰাজহ বিভাগৰ তল খাপৰ এটা চাকৰিত নিয়োগ কৰি এইজন জিনিয়াছক সীমিত কৰি ৰাখিবলৈ মোৰ মন নাছিল৷”

মন নথকাৰ কাৰণেই দূৰদৃষ্টিসম্পন্ন ৰামাস্বামী আয়াৰে ৰামানুজনৰ প্ৰতিভা আৰু দক্ষতাৰ বিষয়ে সমাজক জনাবলৈ, ৰামানুজনৰ সহজাত প্ৰতিভাৰ বিষয়ে চৌদিশে প্ৰসাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ ৰামানুজনৰ হাতত এখন পৰিচয়মূলক চিঠি চমজাই তেওঁৰ বন্ধুমহলৰ কাষলৈ পঠাইছিল৷ সেই সূত্ৰেই ৰামানুজনৰ প্ৰতিভাই মন্ত্ৰমুগ্ধ কৰিছিল ভাৰতীয় গাণিতিক সমাজৰ সম্পাদক পি. ৰামচন্দ্ৰ ৰাওক৷ অৱশ্যে সন্মোহনৰ সেই চাৱনিত সামান্য সংশয়ৰ ভাৱো আছিল৷ পিছে অংকৰ একাধিক বিষয়ত ৰামানুজনৰ অবাধ বিচৰণ আৰু পুঙ্খানুপুঙ্খ বিশ্লেষণ যেতিয়া মানুহজনে স্বচক্ষে প্ৰত্যক্ষ কৰিলে; তেতিয়া ৰাওৰ মনত থকা ৰামানুজন-কেন্দ্ৰিক সংশয়ৰ ভাৱ অন্তৰ্হিত হৈছিল৷ ভাৰতীয় গাণিতিক সমাজৰ এই দুজন ব্যক্তি যথাক্ৰমে ৰামাস্বামী আয়াৰ আৰু ৰামচন্দ্ৰ ৰাওৰ সহযোগিতা আৰু তত্ত্বাৱধানত থাকিয়েই ৰামানুজনে নিজৰ গাণিতিক যাত্ৰা চলাই গ’ল আৰু ‘ভাৰতীয় গাণিতিক সমাজ’ৰ আলোচনীত ৰামানুজনৰ প্ৰবন্ধ প্ৰকাশ হ’বলৈ ধৰিলে৷ প্ৰকাশিত এটা উল্লেখযোগ্য নিবন্ধ আছিল ‘বাৰ্ণোলী সংখ্যাৰ কিছুমান ধৰ্ম’ (Some properties of Bernoulli Numbers)৷

১৯১২ চনৰ পহিলা মাৰ্চত মাহিলী ত্ৰিশ টকাৰ বিনিময়ত ৰামানুজনে তৃতীয় বৰ্গৰ এজন কেৰাণী হিচাপে নিযুক্তি লাভ কৰে মাদ্ৰাছ প’ৰ্ট ট্ৰাষ্টত৷ এই চাকৰিটো পোৱাত ৰামানুজনক সহায় কৰিলে প্ৰেছিডেন্সী কলেজৰ গণিতৰ অধ্যাপক ই. ডব্লিউ. মিডলমাষ্টে৷ কাৰ্যালয়ত ৰামানুজন অত্যন্ত কৰ্মতৎপৰ আৰু বিচক্ষণ আছিল৷ খুব কম সময়ৰ ভিতৰতে নিজৰ কাৰ্যালয়ৰ কাম সমাপ্ত কৰি ৰামানুজনে আজৰি সময়খিনি কটাইছিল অংকৰ মাজত৷

১৯১৩ চনত ৰামানুজনৰ গাণিতিক প্ৰতিভাৰ বিষয়ে ব্ৰিটেইনৰ বিদ্বান সমাজক জনোৱাৰ যো-জা চলিল৷ যো-জা চলালে ই. ডব্লিউ. মিডলমাষ্ট, ৰামচন্দ্ৰ ৰাও আৰু ৰামানুজনৰ সহকৰ্মী তথা ভাৰতীয় গাণিতিক সমাজৰ কোষাগাৰিক নাৰায়ণ আয়াৰে৷ অংকত ৰামানুজনৰ দক্ষতা আছে যদিও প্ৰয়োজনীয় আনুষ্ঠানিক শিক্ষাৰ অভাৱত ৰামানুজনৰ প্ৰতিভাই সঠিক দিশত অগ্ৰসৰ হোৱা নাই আৰু তেওঁৰ সূত্ৰসমূহো ত্ৰুটিপূৰ্ণ৷ লণ্ডনৰ গণিতৰ অধ্যাপকৰ পৰা অহা এনেধৰণৰ মন্তব্যই প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকক নিৰাশ কৰিছিল যদিও তেওঁলোকে চেষ্টা এৰি দিয়া নাছিল৷

১৯১৩ চনৰ ১৬ জানুৱাৰীত ৰামানুজনে গণিতজ্ঞ জি. এইছ. হাৰ্ডিলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে৷ ৰামানুজনৰ প্ৰতিভাৰ স্বাক্ষৰ বহনকাৰী ন পৃষ্ঠাৰ পত্ৰকেইখনে হাৰ্ডিক প্ৰথমাৱস্থাত বিবুদ্ধিত পেলাইছিল যদিও অইনসকল অধ্যাপকৰ দৰে তেওঁ ৰামানুজনৰ প্ৰতিভাক নস্যাৎ কৰা নাছিল৷ তেওঁ তেওঁৰ সতীৰ্থ জে. ই. লিটলউডৰ পৰামৰ্শ বিচাৰিছিল, যিজন লিটলউডক ইতিমধ্যেই ৰামানুজনৰ বুদ্ধিদীপ্ততাই মোহাচ্ছন্ন কৰি পেলাইছিল৷

নিজা অনুসন্ধান আৰু লিটলউডৰ সৈতে হোৱা আলোচনাৰ অন্তত হাৰ্ডিয়ে মন্তব্য কৰিবলৈ বাধ্য হৈছিল যে “ৰামানুজন এজন উচ্চতম দক্ষতাৰ গণিতবিদ৷ অসামান্য মৌলিকত্ব আৰু শক্তিৰে পৰিপূৰ্ণ এজন মানুহ৷” (A mathematician of the highest quality, a man of altogether exceptional originality and power.”)

অৱশেষত ৰামানুজনৰ জীৱনত এক নতুন দিগন্তৰ সূচনা কৰি সেই বহুপ্ৰত্যাশিত চিঠিখন ভাৰত পালেহি৷ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অংকবিদ হাৰ্ডিয়ে ৰামানুজন কেমব্ৰিজলৈ আহিবলৈ অনুৰোধ কৰিলে৷ কিন্তু ৰামানুজনে দেশ ত্যাগ কৰিবলৈ অমান্তি হ’ল৷ ব্ৰাহ্মণ সমাজৰ সংস্কাৰপূৰ্ণ ৰীতি-নীতিৰ প্ৰতি ৰামানুজন আছিল অত্যন্ত শ্ৰদ্ধাশীল৷ সেই শ্ৰদ্ধাভাৱৰ হীন-ডেঢ়ি হোৱাৰ শংকাতেই ৰামানুজনে সমুদ্ৰযাত্ৰা কৰিবলৈ ইচ্ছুক নাছিল৷

ই. এইছ. নেভাইল নামৰ হাৰ্ডিৰ এজন সতীৰ্থই সেই মুহূৰ্তত মাদ্ৰাছতে অধ্যাপনা কৰি আছিল৷ হাৰ্ডিৰ পৰামৰ্শমৰ্মে এইজন অধ্যাপকে ৰামানুজনক লণ্ডনলৈ লৈ যোৱাত যথেষ্ট তৎপৰতা দেখুৱালে৷ আৰু ১৯১৪ চনৰ ১৭ মাৰ্চৰ দিনাখন ৰামানুজনে সমুদ্ৰযাত্ৰা আৰম্ভ হ’ল৷ অৱশ্যে তেওঁৰ এই যাত্ৰাত তেওঁৰ পত্নী আৰু মাতৃয়ে সংগ দিয়া নাছিল৷

ভাৰতৰ শ্ৰীনিবাস ৰামানুজন আৰু কেমব্ৰিজৰ অংকবিদ হাৰ্ডি আছিল দুটা বিপৰীতধৰ্মী চৰিত্ৰ৷ দুখন ভিন্ন দেশৰ দুটি ভিন্ন ব্যক্তিত্ব — তেওঁলোকৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, জীৱন-ধাৰণৰ শৈলী, চিন্তাৰ গঠন, বিশ্বাস — সকলোতে আছিল ভিন্নতা৷ ৰামানুজন আছিল পৰম ঈশ্বৰ বিশ্বাসী৷ আনহাতে হাৰ্ডি আছিল অজ্ঞেয়বাদী৷ প্ৰমাণ অবিহনে হাৰ্ডিয়ে অংকৰ সূত্ৰসমূহ আৰু তাত সমাধানসূত্ৰত পতিয়ন নগৈছিল৷ এইটো দিশত ৰামানুজনে এক আশ্বৰ্যকৰ বিশ্বাস মানি চলিছিল৷ তেওঁৰ প্ৰমাণৰ পৰিৱৰ্তে বিশ্বাস কৰিছিল তেওঁৰ স্বজ্ঞাৰ (Intuition) প্ৰখৰতাক৷ নৈষ্ঠিক হিন্দুৰ সকলো নিয়ম-কানুন মানি চলা ৰামানুজনে আনকি ট্ৰিনিটিত থকাৰ সময়তো মাছ-মাংস মুখত দিয়া নাছিল আৰু পূজা-পাতল নকৰাকৈ এটা দিনো অতিবাহিত কৰা নাছিল৷

১৮৭৭ চনৰ ৭ ফেব্ৰুৱাৰিত ইংলেণ্ডৰ ছাৰেৰ ক্ৰেনলেঘ নামৰ ঠাইত এটা শিক্ষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গডফ্ৰে হেৰল্ড হাৰ্ডিক স্মৰণ কৰা হয় সংখ্যাতত্ত্ব আৰু গাণিতিক বিশ্লেষণলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে৷ ১৯০৮খন গৱেষণা পত্ৰ লিখি উলিওৱা গণিতজ্ঞ হাৰ্ডি জনসমষ্টি উৎপত্তিত্ত্বৰ (Population Genetics) ক্ষেত্ৰত উদ্ভাৱণ কৰা “হাৰ্ডি-ৱেনবাৰ্গ” নীতিৰ বাবেও বিখ্যাত৷ লিখক হিচাপে সুপৰিচিত হাৰ্ডিৰ অন্যতম কৃতিত্ব হ’ল ১৯৪০ চনত তেওঁৰ দ্বাৰা ৰচিত বহুল জনপ্ৰিয় গ্ৰন্থ ‘A Mathematician’s Apology’৷ স্মিথ পুৰস্কাৰ, ৰয়েল পদক, ডি মৰ্গান পদক, ছিলভেষ্টাৰ পদক, ক’পলি পদককে ধৰি কেইবাটাও বঁটা-সন্মানেৰে বিভূষিত মহান গণিতজ্ঞজনৰ ১৯৪৭ চনৰ ১ ডিচেম্বৰত মৃত্যু হৈছিল৷

মহান গণিতজ্ঞ হাৰ্ডি আছিল এজন ক্ৰিকেটপ্ৰেমী৷ এবাৰ হাৰ্ডিয়ে এখন ক্ৰিকেট খেল উপভোগ কৰি আছিল৷ তেনেতে দৰ্শক বহি থকা স্থানৰ পৰা অহা এক উজ্জ্বল ৰশ্মিয়ে ক্ৰীজৰ বেটছমেনজনক যথেষ্ট অস্বস্তিত পেলোৱা দেখা গ’ল৷ বেটছমেনৰ আপত্তিৰ প্ৰতি সঁহাৰি জনাই আম্পায়াৰে পোহৰৰ উৎসৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে৷ ফলত খেল ক্ষন্তেকৰ বাবে বন্ধ হ’ল৷ অৱশেষত পোহৰৰ উৎস পোহৰলৈ আহিল৷ পোহৰৰ ৰশ্মিৰ উৎস হৈছে এগৰাকী কে’থলিক ধৰ্মযাজকৰ বহল বুকুৰ ওপৰতে ওলমি থকা এটা প্ৰকাণ্ড ক্ৰুচৰ প্ৰতীক৷ ক্ৰুছৰ প্ৰতীকটো আঁতৰাই থ’বলৈ আম্পায়াৰদ্বয়ে ততালিকে ধৰ্মযাজকজনক অনুৰোধ কৰিলে৷ ঈশ্বৰৰ অস্তিত্বত অবিশ্বাসী হাৰ্ডিয়ে এই কথাত ইমানেই ৰং পালে যে এই আমোদজনক কথাটোৰ বিষয়ে বৰ্ণনা কৰি হাৰ্ডিয়ে ভোজন বিৰতিৰ সময়ত তেওঁৰ ধৰ্মপ্ৰাণ বন্ধুসকললৈ চিঠিয়েই লিখি পেলালে৷

যদিও হাৰ্ডিয়ে ১৯০৮খন গৱেষণা পত্ৰ লিখিছিল, তথাপিতো গণিতৰ ব্যৱহাৰিক দিশটোৰ প্ৰতি তেওঁ আগ্ৰহী নাছিল৷ অতবোৰ গৱেষণাৰ ভিতৰত তেওঁৰ মাত্ৰ এখন গৱেষণাপত্ৰহে ব্যৱহাৰিক দিশত প্ৰয়োগ কৰা হৈছিল— আৰ. এইচ ৰক্তপুঞ্জ অধ্যয়নত৷

এতিয়া আহোঁ ছবিখনৰ মাজলৈ—

“Mathematics, rightly viewed, possesses not only truth but supreme beauty.” — বাৰ্ট্ৰাণ্ড ৰাছেলৰ চিত্তাকৰ্ষক উক্তিটোৰে আৰম্ভ হোৱা ছবিখনৰ কাহিনীৰ সূচনা হয় ১৯২০ চনত কেমব্ৰিজৰ ট্ৰিনিটি কলেজত লেখক-গণিতজ্ঞ হাৰ্ডিয়ে নিজা কক্ষত বহি এখন গ্ৰন্থ ৰচনা কৰি থকাৰ দৃশ্যটোৰ পৰা৷ পশ্চাদপটত ধ্বনিত হয় হাৰ্ডিৰ কণ্ঠ৷ হাৰ্ডিৰ কণ্ঠই কৈ যায়— “...I owe more to him than to anyone else in the world and my association with him is the one romantic incident of my life.”

তাৰপিছতেই ছবিৰ কাহিনীয়ে গতি কৰে ১৯১৪ চনৰ মাদ্ৰাছলৈ৷ গাণিতিক বিস্ময় ৰামানুজনৰ দেশলৈ৷ দেখুওৱা হয়— মন্দিৰৰ মজিয়াত চকপেন্সিলেৰে অংক কৰাত মচগুল হৈ থকা ধূতি-কূৰ্তা পৰিহিত যুৱক এজনক৷ যেন মজিয়াখন মজিয়া নহৈ এখন প্ৰকাণ্ড কাগজহে৷ নামগিৰি দেৱীৰ মন্দিৰত মজিয়াৰ সৰ্বত্ৰ ঠাই সংখ্যাৰে পূৰ্ণ কৰি পেলোৱা সেইজন আন কোনো নহয়— গাণিতিক বিস্ময় শ্ৰীনিবাস ৰামানুজন৷

সেইখিনি সময় আছিল ৰামানুজনৰ জীৱনৰ প্ৰত্যাহ্বানপূৰ্ণ বছৰ৷ পৰিয়াল পোহ-পাল দিবৰ বাবে চাকৰি বিচাৰি হায়ৰাণ হৈ পৰা ৰামানুজনৰ এটা চিন্তাগ্ৰস্ত-বিমৰ্ষ ৰূপক খুব সতৰ্কতাৰে পৰিচালকে ছবিখনত উপস্থাপন কৰিছে৷ দেখুউৱা হৈছে দৰিদ্ৰতা আৰু খাদ্যসংকটে কোঙা কৰি পেলোৱা যুৱক ৰামানুজনৰ দৈনন্দিন জীৱনযাত্ৰাও৷

পঠনীয়:  গণিত শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য

পত্নী জানকী আৰু ৰামানুজনৰ বিবাহোত্তৰ জীৱনকো বৰ গভীৰভাৱে ছবিখনৰ কাহিনীয়ে স্পৰ্শ কৰিছে৷ জানকীৰ ভয় হৈছিল— জানোচা ৰামানুজনে বিদেশলৈ গৈ পত্নীক পাহৰি যায়৷ স্বামীৰ পৰা পৃথক হোৱাৰ অন্তহীন বেদনাই জানকীক বিহ্বল-বিচলিত কৰি তুলিছিল৷ ৰামানুজন বিদেশলৈ যোৱাৰ বিদায়ৰ মুহূৰ্তটো ছবিখনৰ অন্যতম এটি আৱেগিক মুহূৰ্ত৷ বেদনাজৰ্জৰ কণ্ঠৰে দুচকুৰে চকুলো নিগৰাই জানকীয়ে ৰামানুজনক অনুৰোধ কৰে— “মোক পাহৰি নাযাবা৷” অনুভূতিশীল ৰামানুজনেও দুগুণ প্ৰত্যয়ৰে সঁহাৰি জনায়— “কেতিয়াও নাযাওঁ৷” পতি-ভক্তিত গদগদ হৈ তাৰপিছত জানকীয়ে ৰামানুজনৰ ভৰি স্পৰ্শ কৰে৷ গৈ থকা নাওখনলৈ বহুপৰ থৰ হৈ চাই থাকে জানকীয়ে৷ দুচকুত গভীৰ আস্থা আৰু বিশ্বাস-ৰামানুজনে তেওঁক পাহৰি নাযায়৷ পাহৰিব নোৱাৰে৷

একমাত্ৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাৰ মানসেৰেহে ৰামানুজনে ট্ৰিনিটি কলেজত পদাৰ্পণ কৰিছিল যদিও হাৰ্ডি আৰু লিটলউডৰ পৰামৰ্শক্ৰমে ৰামানুজনে ট্ৰিনিটি কলেজত পাঠ গ্ৰহণ কৰিবলৈ মান্তি হ’ল৷ অংকশাস্ত্ৰৰ সুগভীৰ জ্ঞান অবিহনে ৰামানুজনৰ বাবে অংকৰ সমস্যাসমূহ প্ৰমাণ কৰা কামটো কষ্টকৰ হৈ পৰিব৷ কিয়নো ৰামানুজনৰ হাতত সমস্যাবোৰৰ সমাধানসূত্ৰ আছিল ঠিকেই, কিন্তু সেইবোৰৰ সত্যাসত্য নিৰূপণৰ বাবে ৰামানুজনৰ ওচৰত কোনো প্ৰমাণ নাছিল৷ গতিকে হাৰ্ডিয়ে বিচাৰিছিল যে ৰামানুজনৰ সূত্ৰসমূহ যথোচিতভাৱে প্ৰমাণিত হওক৷ লগতে কলেজত দুই-এটা পাঠ গ্ৰহণ কৰিলে ইংৰাজী ভাষাটোও ৰামানুজনৰ আয়ত্ত্বাধীন হৈ উঠিব আৰু তেওঁলোকৰ ভাৱ-বিনিময় কাৰ্য সহজসাধ্য হৈ উঠিব৷

ৰামানুজনে লগত কঢ়িয়াই নিয়া দুখন টোকাবহীয়ে হাৰ্ডি আৰু লিটলউডক স্তম্ভিত কৰি পেলাইছিল৷ বিস্ময়াভিভূত হৈ লিটলউডে কৈছিল যে তেনে এখন টোকাবহী প্ৰস্তুত কৰোঁতে মানুহৰ এটা জীৱনকাল প্ৰয়োজন হ’ব৷

ৰামানুজনক হাৰ্ডিয়ে বিশ্ববিখ্যাত গণিতজ্ঞ অয়লাৰ আৰু জেকবিৰ সমপৰ্যায়ৰ বুলি অভিহিত কৰিছিল আৰু প্ৰতিমুহূৰ্ততে কলেজৰ পাঠদান কাৰ্যত মনোনিৱেশ কৰিবলৈ আন্তৰিক অনুৰোধ কৰিছিল৷ অংকত প্ৰমাণ অবিহনে যে সকলো নিস্ফল — সেই কথা বাৰম্বাৰ হাৰ্ডিয়ে ৰামানুজনৰ কাণত পেলাই আছিল৷ হাৰ্ডিয়ে ৰামানুজনক ট্ৰিনিটি কলেজৰ বিখ্যাত ৰেইন পুথিভঁৰালটোলৈ লৈ গৈছিল আৰু নিজৰ প্ৰতিভা আৰু মেধাৰ স্বাক্ষৰ এইটো পুথিভঁৰালত গজ্‌গজীয়াকৈ ৰাখি থৈ যাবলৈ উৎসাহিত কৰিছিল৷

অংকক কেন্দ্ৰ কৰিয়েই দুইজন গণিতজ্ঞ সময়ে-সময়ে তৰ্কত লিপ্ত হৈছিল৷ অৱশ্যে কেতিয়াবা তৰ্কই গণিতৰ সীমা অতিক্ৰমী ধৰ্মীয় বিশ্বাস আৰু ঈশ্বৰীয় ধাৰণাৰ গণ্ডী স্পৰ্শ কৰিছিল৷ সি যিয়েই নহওক, হাৰ্ডিৰ আপ্ৰাণ চেষ্টা আৰু মহানুভৱতাৰ জোৰতেই ৰামানুজনে লণ্ডন গাণিতিক সমাজত তেওঁৰ প্ৰথমখন গৱেষণা-পত্ৰ প্ৰকাশ কৰিবলৈ সমৰ্থৱান হৈছিল৷ “জটিল যৌগিক সংখ্যা”ৰ এইখন গৱেষণা-পত্ৰত সন্নিৱিষ্ট দুটামান সূত্ৰৰ প্ৰমাণ আগবঢ়াই অধ্যাপক হাৰ্ডিয়ে ৰামানুজনৰ সাফল্যমুখী যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷

প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰামানুজন ট্ৰিনিটি কলেজতে আছিল৷ প্ৰচুৰ খাদ্য-সংকটে জুৰুলা কৰা ৰামানুজন সেই সময়ত শ্ৰেণীবৈষম্যৰ মৰ্মান্তিক প্ৰহাৰৰো সন্মুখীন হৈছিল৷ শ্বেতাংগ বাহিনীৰ দ্বাৰা ৰামানুজন শাৰিৰীকভাৱে প্ৰহৃত হৈছিল৷ চূড়ান্তভাৱে কটু বাক্যবাণ নিক্ষেপ কৰি ৰামানুজনৰ বজাৰৰ মোনা লণ্ডভণ্ড কৰি মাজপথত সিঁচৰতি কৰি পেলোৱা হৈছিল৷

সিপিনে ৰামানুজনে পত্নীলৈ পঠিওৱা পত্ৰবোৰ মাতৃয়ে লুকুৱাই থোৱাত জানকীয়ে সেইসমূহ পঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল৷ মুঠতে মানসিক আৰু শাৰিৰীক দুয়োটা দিশৰ পৰাই দুৰ্যোগৰ বলিয়া বা বলিছিল৷

এইবাৰ ৰামানুজন টি.বি. ৰোগত আক্ৰান্ত হ’ল৷ পৰিৱৰ্তিত জলবায়ু আৰু খাদ্যাভাৱ আছিল ইয়াৰ মূল কাৰণ৷ তথাপিতো নৰিয়া গাৰেই ৰামানুজনে হাৰ্ডিৰ সৈতে লগ লাগি ট্ৰিনিটিৰে অন্যতম পণ্ডিত মানুহ মেজৰ মেকমোহনৰ মুখামুখি হৈছিল৷ মেকমোহনৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি ৰামানুজন আৰু হাৰ্ডিয়ে তেওঁৰ অংকৰ যুদ্ধত পৰাস্ত কৰে৷ ৰামানুজনৰ চমৎকাৰী প্ৰতিভাই বাক্-স্তব্ধ কৰি পেলাই মেকমোহনক৷

ৰামানুজনৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ হ’বলৈ ধৰে৷ স্বাস্থ্য-পৰীক্ষাৰ অন্তত পোহৰলৈ আহে যে ৰামানুজনৰ আয়ুস ক্ৰমাৎ টুটি আহিছে৷ হতাশ-বিমৰ্ষ ৰামানুজনৰ চকুৰে অন্ধকাৰৰ বাহিৰে অইন একো চিনি নোপোৱা হ’ল৷ জীৱনৰ সকলো আশা-আকাংক্ষা যেন ধূলিস্যাৎ হৈ গ’ল৷ হঠাতে যেন নিশ্চিহ্ন হৈ গ’ল অংকৰে জগত জিনাৰ সপোন৷ পোৱা-নোপোৱাৰ আলিদোমোজাত আত্মবিভোৰ হৈ থকাৰ সকৰুণ অৱস্থাতেই এখন বাছে খুন্দিয়াই থৈ গ’ল ৰামানুজনক৷

অসহনীয় শাৰিৰীক যন্ত্ৰণাত পিষ্ট হোৱা ৰামানুজনক ভৰ্তি কৰোৱা হয় অস্থায়ী চিকিৎসা-কেন্দ্ৰত৷ ততালিকে খবৰ প্ৰেৰণ কৰা হ’ল হাৰ্ডিলৈ৷ হাৰ্ডি গৈ তৎমুহূৰ্ততে উপস্থিত হয় ৰামানুজনৰ কাষত৷ সামান্য সুস্থিৰ অনুভৱ কৰাৰ পিছত ৰামানুজনে হাৰ্ডিৰ সন্মুখত ক’বলৈ আৰম্ভ কৰে তেওঁৰ চমৎকাৰী প্ৰতিভাৰ উৎসৰ বিষয়ে৷ ঈশ্বৰৰ অস্তিত্বক লৈ সদা সন্দিহান গণিতজ্ঞ হাৰ্ডিয়ে ৰামানুজনৰ অকৃত্ৰিম ঈশ্বৰ বিশ্বাসৰ বিষয়ে জানিব পাৰিলে৷ জানিব পাৰিলে নামগিৰি দেৱীৰ মাহাত্ম্যৰ বিষয়ে৷ চিকিৎসা-কেন্দ্ৰৰ বিচনাত বহি থকা দুৰ্বল ৰামানুজনৰ কথাবোৰ হতবাক-বিস্মিত হৈ একান্তমনে শুনি যায় হাৰ্ডিয়ে৷ নামগিৰি দেৱীয়ে ৰামানুজনৰ লগত কথা পাতে৷ কেতিয়াবা নিদ্ৰাৰত অৱস্থাত নাইবা কেতিয়াবা প্ৰাৰ্থনাৰত অৱস্থাত থকা ৰামানুজনক অংকৰ বৈচিত্ৰময় জগত এখনৰ সম্ভেদ দিয়েহি এইগৰাকী দেৱীয়ে৷ হাৰ্ডিয়ে প্ৰত্যুত্তৰত কয় যে— প্ৰমাণ অবিহনে তেওঁ কোনো কথাতেই বিশ্বাস নকৰে৷ কিন্তু ৰামানুজনে কয় যে— যেতিয়ালৈকে এটা সমীকৰণত ভগৱানৰ চিন্তা প্ৰতিফলিত নহয়, তেতিয়ালৈকে সেই সমীকৰণে ৰামানুজনৰ বাবে কোনো তাৎপৰ্য বহন নকৰে৷

১৯১৮ চনত ৰামানুজনক ৰয়েল ছ’ছাইটিৰ সভ্য পদ যচা হয়৷ ৰামানুজনৰ জীৱনৰ অন্যতম সুখদায়ক মুহূৰ্তটোৰ বাস্তৱায়িত কৰাৰ আঁৰতো মুখ্য ভূমিকা আছিল গণিতজ্ঞ হাৰ্ডিৰ৷ ট্ৰিনিটি কলেজৰ নেতৃস্থানীয় পণ্ডিত মহলৰ সন্মুখত তেওঁ ৰামানুজনে আৱিষ্কাৰ কৰা সূত্ৰসমূহ আৰু সেইসমূহৰ প্ৰমাণ অতি বিশ্বাসযোগ্যতাৰে দাঙি ধৰিছিল আৰু ৰামানুজনক সভ্য পদ দিবলৈ উচ্চ পদবীধাৰী মেকমোহনক পতিয়ন নিয়াইছিল৷ উল্লেখ্য যে, মাপাংকীয় সমীকৰণ, নিৰ্দিষ্ট অখণ্ড ৰাশি, উপবৃত্তীয় আৰু অতি-জ্যামিতিক ফলন সম্বন্ধীয় বহুতো গৱেষণা-পত্ৰ ৰামানুজনে সেইছোৱা সময়ৰ ভিতৰত প্ৰকাশ কৰিছিল৷

১৯১৯ চনত ৰামানুজনে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে৷ যিখন গাড়ীত উঠি হাৰ্ডি ৰামানুজনৰ কাষলৈ বিদায় জনাবলৈ আহিছিল, ৰগৰ কৰি হাৰ্ডিয়ে গাড়ীখনৰ নম্বৰটো (১৭২৯) দুৰ্ভাগ্যপূৰ্ণ বুলি কৈছিল৷ কিন্তু হাৰ্ডিৰ ৰগৰক নস্যাৎ কৰি ৰামানুজনে ততালিকে কৈ উঠিছিল— “এইটো দুটা বেলেগ বেলেগ উপায়েৰে দুটা ঘণফলৰ যোগফলৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা৷” হাৰ্ডিৰ ওঁঠৰে এটা হাঁহি সৰকি পৰিছিল৷ ৰামানুজনৰ প্ৰতিভা আৰু মেধা হাৰ্ডিৰ কাৰণে সদায়েই আছিল বিস্ময়কৰভাৱে অসামান্য৷

পুনৰ সাক্ষাৎ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰামানুজনে হাৰ্ডিৰ পৰা বিদায় লৈছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতত উপস্থিত হোৱাৰ ঠিক এবছৰৰ পাছতেই ৰামানুজনে পৃথিৱী ত্যাগ কৰিছিল, চিৰদিনৰ বাবে৷ ৰামানুজনৰ মৃত্যুসংবাদ লাভ কৰি গণিতজ্ঞ হাৰ্ডি অতিশয় মৰ্মাহত হৈ পৰিছিল৷ ট্ৰিনিটিৰ সভ্য সমাজত থোকাথুকি মাতেৰে হাৰ্ডিয়ে ৰামানুজনৰ সংবাদটো ঘোষণা কৰিছিল আৰু ৰামানুজনৰ সান্নিধ্যই তেওঁক কিমানদূৰলৈকে প্ৰভাৱান্বিত কৰিছিল— তাক প্ৰকাৰান্তৰে বুজাবলৈ চেষ্টা কৰিছিল৷

মাত্ৰ তেত্ৰিছ বছৰ বয়সতে গণিতৰ জগতত এক সুদূৰপ্ৰসাৰী আৰু যুগজয়ী প্ৰভাৱ ৰাখি থৈ যোৱা ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞজনলৈ এইটো লেখাৰ জৰিয়তেই যাঁচিলোঁ শতকোটি নমস্কাৰ৷

পৰিশেষত: ব্ৰিটিছ গণিতজ্ঞ গডফ্ৰে হেৰল্ড হাৰ্ডিৰ সান্নিধ্যলৈ নহাহেঁতেন ৰামানুজনৰ প্ৰতিভা আৰু মেধাই হয়তো উৎকৃষ্টতাৰ পবিত্ৰ পৰশ লাভ নকৰিলেহেঁতেন৷ হয়তো পৰম বিতৃষ্ণা আৰু আশাহীনতাৰ মাজত ৰামানুজনে জীৱনৰ বাকীছোৱা সময় পাৰ কৰিবলগা হ’লহেঁতেন৷ সেয়েহে আমাৰ ভাৰতীয় সমাজ এইজন ব্ৰিটিছ গণিতজ্ঞৰ প্ৰতি সদায়েই শ্ৰদ্ধাশীল আৰু কৃতজ্ঞ হৈ থকা উচিত৷ সম্পূৰ্ণ এটা ভিন্ন পৰিৱেশৰ পৰা উঠি অহা ৰামানুজনক বুজাই-বঢ়াই, তেওঁক অংকৰ পৰম্পৰাগত আৰু শুদ্ধ পথটোৰে যাত্ৰা কৰোৱাই গণিতজ্ঞ হাৰ্ডিয়ে ৰামানুজনক ৰয়েল ছ’ছাইটিৰ সভ্য পদত অধিষ্ঠিত কৰাবলৈ সমৰ্থৱান হৈছিল৷ ৰয়েল ছ’ছাইটিৰ সভ্য হোৱাত ৰামানুজনৰ নিজা অধ্যৱসায়, দৃঢ়তা আৰু মেধাই যিমান সহায় কৰিছিল; ৰামানুজনক এই সন্মান প্ৰাপ্তিৰ দিশে আগুৱাই নিয়াত হাৰ্ডিৰ ঐকান্তিক প্ৰেৰণা আৰু সহযোগিতায়েও সিমানে সহায় কৰিছিল৷

ৰামানুজন আৰু হাৰ্ডিৰ এই অনবদ্য যুগলবন্দীয়ে গণিতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল; এই যুগলবন্দীকেই অনুপম ৰূপত তুলি ধৰিলে “দা মেন হু নিউ ইন্‌ফিনিটি” নামৰ অনন্য সুন্দৰ ছবিখনে৷

— ∞ —

(১) গুড উইল হাণ্টিং (২) ছামথিং ডা লৰ্ড মে’ড

(৩) লুচি (৪) ইণ্ডিপেণ্ডেন্স ডে’

(৫) দা মাৰ্টিয়ান

(৬) দা থিয়ৰি অৱ এভ‌্ৰিথিং

(৭) দা ইমিটেছন গেইম

(৮) দা চিক্ৰেট অৱ নিক’লা টেছলা

(৯) আইনষ্টাইন এণ্ড এডিংটন

(১০) দা মেন হু নিউ ইন্‌ফিনিটি

 

No Comments

Post A Comment