নিয়েৰ আৰ্থ অবজেক্ট আৰু ক’ছমিক ক’লিওছন (NEO AND COSMIC COLLISION)

আমাৰ ধুনীয়া পৃথিৱীখন বাৰু সৌৰজগতত নিৰাপদ নে? একেসাৰেই আমি নিৰাপদ বুলি ক’ব নোৱাৰো৷ কিন্তু কিয়? ইয়াৰ বহু কাৰণ আধুনিক বিজ্ঞানীসকলে পোহৰলৈ আনিছে৷ পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙেও সেইবাবে বহুবাৰ আন গ্ৰহত বিকল্প নিবাসৰ কথা কৈ আহিছে৷ বিজ্ঞানীসকলৰ মতে বিগ বেং (Big bang) বিস্ফোৰণৰ কোটি কোটি বছৰ পিছত, প্ৰায় ৪.৬ বিলিয়ন বছৰৰ আগতে এটা ‘Solar Nebula’ৰ জৰিয়তে সূৰ্যকে কেন্দ্ৰ কৰি আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ জন্ম হৈছিল৷ কিন্তু  বিভিন্ন কাৰণবশতঃ বহু পদাৰ্থ এই গ্ৰহ-গঠন প্ৰক্ৰিয়াত অংশ নলৈ অথবা গ্ৰহ-উপগ্ৰহ আদিৰ বিস্ফোৰণৰ ফলত বহু সৰু-ডাঙৰ পদাৰ্থৰ সৃষ্টি হৈ সৌৰজগততে উপঙি থাকিল৷ আৰু গ্ৰহসমূহৰ দৰেই এই পদাৰ্থসমূহেও নিদিষ্ট সময়ৰ ব্যৱধানত সূৰ্যক প্ৰদক্ষিণ কৰি আছে৷ বিজ্ঞানীসকলে আমাৰ পৃথিৱীৰ কাষতো এনেকুৱা বহু পদাৰ্থৰ সন্ধান দিছে৷ যিবোৰক সধাৰণতে ‘Near earth object’ (NEO) বুলি কোৱা হয়৷ বিজ্ঞানীসকলৰ মতে বিশেষ কিছুমান ‘Gamma-ray’ বিস্ফোৰণ, Supernova, ‘Quasar’ আদি মহাজাগতিক পৰিঘটনাৰ পৰা আমাৰ ভৱিষ্যতৰ পৃথিৱীখন যিদৰে নিৰাপদ নহয় ঠিক সেইদৰে  NEO ৰ Cosmic collision পৰাও আমাৰ পৃথিৱীখন বিপদাপন্ন৷

আলোচ্য ‘NEO’ হৈছে পৃথিৱীৰ পৰা ক’ম দূৰত্বত অৱস্থান কৰি সূৰ্যক প্ৰদক্ষিণ কৰি থকা মূলতঃ ধূলি, শিল, ধাতু, বৰফ, আদিৰে গঠিত কিছুমান গধূৰ পদাৰ্থ৷ গঠন আৰু আকাৰৰ ফালৰ পৰা NEO সমূহক গ্ৰহাণু(Asteroid), ধূমকেতু (Comets), উল্কা (Meteoroids) এই তিনি প্ৰকাৰত বিজ্ঞানীসকলে ভাগ কৰিছে৷ গ্ৰহাণুসমূহ মূলতঃ শিল, বিভিন্ন গধুৰ ধাতুৰে গঠিত৷ উল্কাসমূহ হৈছে বিভিন্ন কাৰণবশতঃ গ্ৰহাণুৰ পৰা ভাঙি পৰা কিছুমান অতি গধুৰ সৰু ধাতুৰ টুকুৰা৷ উল্কাসমূহ প্ৰধানকৈ ছিলিকেট আৰু লৌহ পদাৰ্থৰে গঠিত৷ আনহাতে ধূমকেতুসমূহ  কেৱল ধূলি, গেছ আৰু বৰফেৰে গঠিত কিছুমান মহাজাগতিক পদাৰ্থ, ধূমকেতুসমূহ সূৰ্যৰ কাষ চাপি আহিলে গেছ আৰু ধূলিৰ গঠিত কিছু অংশ বাষ্পীভৱন হৈ অনুজ্বল নেজৰ সৃষ্টি হয়৷ প্ৰায় এক কিলোমিটাৰৰ পৰা দহ কিলোমিটাৰৰ NEO ৰ ভিতৰত আছে ১৬০০০ টা NEA (Near earth asteroids), প্ৰায় ১০০ টা NEC (Near earth comets)ৰ সন্ধান পোৱা গৈছে৷ এই গ্ৰহাণুসমূহক ‘Larger grand-based telescopes, Dedicated space based infrared asteroid telescope, space-based spectroscopic,  light-curve measurement আদি বিভিন্ন নতুন প্ৰযুক্তিৰে অৱস্থিতি, গঠন, আকাৰ ইত্যাদিৰ গণনা কৰা হয়৷

গ্ৰহাণুসমূহৰ ঘনত্ব সৌৰজগতৰ সকলো ঠাইতে একে নহয়৷ সূৰ্যৰ পৰা ১.৭ আৰু ৪ AU (astronomical unit)ৰ ভিতৰত মঙল আৰু বৃহস্পতিগ্ৰহৰ মাজত থকা গ্ৰহাণুবোৰক বিজ্ঞানীসকলে asteroids belts বুলি নামাকৰণ কৰিছে৷ য’ত বিজ্ঞানীসকলে পৃথিৱীৰ কক্ষপথৰ কাষচাপি অহা এক কিলোমিটাৰতকৈ ডাঙৰ প্ৰায় ৪০০০ সংখ্যক sub-class asteroids বা earth-cross asteroids ৰ উমান পাইছে৷ বিশেষকৈ Earth-cross গ্ৰহাণুবোৰ বিজ্ঞানীসকলৰ বাবে অতিকৈ চিন্তনীয় বিষয়হৈ পৰিছে , কাৰণ Earth-cross asteroidsবোৰে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৃথিৱীৰ কক্ষপথৰ মাজেদি সূৰ্যক প্ৰদৰ্ক্ষণ কৰে৷ তদুপৰি এই গ্ৰহাণুসমূহক পৃথিৱী আৰু মঙলৰ মধ্যাকৰ্ষণে অস্থিৰ  কৰি ৰাখিছে৷ যাৰবাবেই  বিজ্ঞানীসকলে আগন্তুক সময়ত পৃথিৱীৰ লগত এই গ্ৰহাণুসমূহৰ পৰা হ’ব পৰা প্ৰচণ্ড সংঘৰ্ষৰ আশংকা নুঁই কৰা নাই৷

পৃথিৱী জন্মৰ সময়ৰ পৰাই বহুসংখ্যক ধুমকেতু, গ্ৰহাণুৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি আছে৷ পৃথিৱীৰ জীৱকুলৰ সৃষ্টিৰ কাৰণে যি অপৰিহাৰ্য পানী, সেইও বহু কোটি বছৰৰ আগতে গ্ৰহাণু বা meteoroids আদিৰ সংঘৰ্ষৰ ফলতেই পৃথিৱীলৈ আহিছিল বুলি বিজ্ঞানী সকলে ঠাৱৰ কৰিছে৷ নব্বৈৰ দশকত গৱেষকৰ এটা দলে meteoroidয়ে পৃথিৱী পৃষ্ঠত সৃষ্টি কৰা বৃহৎ দ’ অঞ্চল এটাত ইৰিডিয়াম (Iridium) ৰ উপস্থিতিৰ সন্ধান পাইছিল৷ সেই গৱেষণাৰ পৰা বিজ্ঞানীসকলে, ইৰিডিয়ামৰ দৰে পৃথিৱীত অনুপস্থিত পদাৰ্থসমূহ যে মহাকাশৰ পৰা NEO যোগেদি আহে সেই কথাৰ স্পষ্ট উমান পাইছিল৷ সেইদৰে আকৌ  ডাইন’ছৰাচ’ জাতীয় প্ৰাণীৰ  মৃত্যুৰ কাৰকো কিন্তু এই ধুমকেতু বা গ্ৰহাণুসমূহ৷ পৃথিৱীৰ লগত NEO ৰ সংঘৰ্ষ প্ৰতি দিনেই হৈ আছে,  যিহেতু এই NEO সমূহ আকাৰত সৰু হোৱাৰ বাবে বায়ুমন্দলৰ লগত হোৱা ঘৰ্ষণৰ ফলত পৃথিৱী পৃষ্ঠ চুবহি পৰা নাই৷ তাৰ ভিতৰত দুই-এক প্ৰকাণ্ড NEOয়ে  বিগত সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত  আতংকৰ কাৰক হৈ পৰাৰ প্ৰমাণো  পোহৰলৈ আহিছে৷ আমেৰিকাৰ সমীক্ষা মতে বিগত ২০ বছৰত পৃথিৱীৰ লগত প্ৰায় ৬০০ সৰু-ডাঙৰ গ্ৰহাণু-সংঘৰ্ষৰ তথ্য পোহৰলৈ আনিছে৷

১৯০৮ চনৰ ৩০ জুন তাৰিখে ছাইবেৰিয়াৰ Tunuguska নদীৰ উপত্যকাত প্ৰায় নব্বৈ মিটাৰ দৈৰ্ঘৰ অতি গধুৰ meteoroidৰ সংঘৰ্ষৰ ফলত দুইহাজাৰ বৰ্গকিলোমিটাৰৰ এক বিস্তৰ জনশূণ্য অঞ্চলৰ ক্ষতিগ্ৰস্ত হৈছিল৷ প্ৰায়  গ্ৰেটাৰ লণ্ডনতকৈও  (Greater London) ডাঙৰ এটা অঞ্চল৷ প্ৰায় ২২০ মিলিয়ন পাউণ্ড মহাকাশৰ শিল আৰু ধাতু কঢ়িয়াই অনা meteoroidটোৱে প্ৰতি ঘণ্টাত প্ৰায় ৩৩,৫০০ মাইল গতিবেগেৰে সংঘৰ্ষ কৰাৰ ফলত চাৰিওকাষৰ বায়ুৰ উষ্ণতা ৪৪,৫০০ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত হৈছিল৷ বিজ্ঞানীসকলৰ মতে যিটো হিৰোছিমাত পেলোৱা পাৰমাণৱিক ব’মাতকৈও বহু গুণে শক্তিশালী আছিল৷ প্ৰায় ১৮৫ টা হিৰোছিমা বোমাৰ শক্তিৰ সমান৷ ই বৰ্তমানলৈকে আৱিষ্কৃত আটাইতকৈ শক্তিশালী NEO ৰ সংঘৰ্ষ ৷ অতি কম সময়ৰ ভিতৰতেই আমাৰ পৃথিৱীখনক এনেবোৰ শক্তিশালী  NEO ৰ সংঘৰ্ষই ধ্বংসস্তুপত পৰিণত কৰিব পৰা আংশকাক বিজ্ঞানীসকলেও নুই কৰা নাই৷ গতিকে বিজ্ঞানীসকলে সেই ঘটনাটোৰ পৰাই অতিকৈ উদ্বিগ্ন হৈ পৰিছিল৷ যাৰবাবেই আমেৰিকাৰ চৰকাৰে ১৯০৮ ৰ পৰা প্ৰতি বছৰেই বিশ্ববাসীক NEOৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ৩০ জুনৰ দিনটো Asteroid day হিচাপে বিভিন্ন কাৰ্যসূচীৰ পালন কৰি আহিছে৷

তদুপৰি ২০১৩ চনত Chelyabinsk নামৰ গ্ৰহাণুটোৰ সংঘৰ্ষৰ ফলত ৰাছিয়াৰ এটা বিস্তৰ অঞ্চলৰ ক্ষতি হৈছিল৷ গ্ৰহাণুটোৰ গতিশক্তি আছিল প্ৰায় ৫০০ কিলোটন TNT (ট্ৰাই নাইট্ৰ’টুলাইন) ৰ সমান৷  প্ৰায় ২০০ বছৰ পুৰণি গ্ৰহাণুটো ৩০ টা হিৰোছিমা বোমাতকৈ অধিক শক্তিশালী বুলি বিজ্ঞানী সকলে জানিবলৈ দিছে৷ উল্লেখযোগ্য যে প্ৰতি ঘণ্টাত ৪০,০০০ মাইল বেগেৰে অহা ১৭ মিটাৰ দৈৰ্ঘৰ গ্ৰহাণুটোৱে পৃথিৱীৰ পৃষ্ঠভাগত সংঘৰ্ষৰ ফলত উৎপন্ন কৰা শক্তিশালী ‘Shock wave’য়ে প্ৰায় ৫০০০ টা আট্টালিকাৰ ক্ষতি কৰাৰ লগতে একহাজাৰ জনৰো অধিক মানুহক আঘাট প্ৰাপ্ত কৰিছিল৷

গতিকে আগন্তুক সময়বোৰতো পৃথিৱী NEOৰ পৰা মুক্ত নহয় যে সেই কথা স্পষ্ট৷ কিন্তু কোনবোৰ NEOৰ পৰা  পৃথিৱী বিপদমুক্ত  নহয়? সেই কথা নিৰ্ভৰ কৰিব NEOৰ আকাৰ আৰু গঠনৰ ওপৰত৷ বিজ্ঞানীসকলে গণনা কৰি দেখিছে যে ৩০ মিটাৰ ব্যাসৰ NEOৰ ওজন যদি তিনি লাখ টনৰ হয় আৰু যদি প্ৰতি ছেকেণ্ডত ১৫ কিলোমিটাৰ বেগেৰে পৃথিৱী পৃষ্ঠত খুন্দিয়াই তেন্তে প্ৰায় ২০ মিলিয়ন টনৰ TNTৰ সৃষ্টি  হ’ব৷

এই NEO  বিষয়টোৰ ওপৰত বৰ্তমান বিশ্বৰ প্ৰতিটো মহাকাশ সংস্থাই গুৰুত্ব প্ৰকাশ কৰিছে৷ ৩০ৰ পৰা ৫০ মিটাৰ ব্যাসৰ NEOৰ ওপৰত তীক্ষ্ণ নজৰ তথা যথা সময়ত তৎপতাৰে প্ৰদক্ষেপ ল’ব পৰাকে ২০১৬ চনত নাছাই “The planetary defence co-ordination office” হিচাপে এটা বিশেষ অনুষ্ঠানৰো জন্ম দিছে৷ ‘The Planetary defence co-ordination office’ৰ তথ্য মতে প্ৰতিদিনাই ৮০ৰ পৰা ১০০ টনৰ মহাজাগতিক শিল, ধূলি আদিয়ে পৃথিৱীৰ বায়ুমণ্ডলত খুন্দিয়াই আছে৷ আনফালে MITৰ গৱেষক সকলে NEOৰ পৃথিৱী পৃষ্ঠত সংঘৰ্ষৰ ক্ষমতাৰ সঠিক গণনাৰ বাবে ‘Tornio scale’ নামেৰে বিশেষ প্ৰকাৰৰ প্ৰযুক্তিয়ো উদ্ভাৱন কৰিছে৷ এই বিষয়ত গৱেষণাৰ বাবে বিভিন্ন নতুন নতুন পৰিকল্পনা হাতত লোৱা হৈছে৷

বৰ্তমান Apophish নামৰ asteroid টোৰ কক্ষপথে বিজ্ঞানীসকলক কিছু উদ্বিগ্ন কৰি তুলিছে৷ ২০০৪ চনত চিনাক্ত কৰা Apophis নামৰ গ্ৰহাণু এটাই ২০২৯ আৰু ২০৩৬ পৃথিৱীৰ বহু কাষ চাপি সূৰ্যক প্ৰদক্ষিণ কৰিব বুলি বিজ্ঞানী সকলে গণনা আশংকা প্ৰকাশ কৰিছে৷ বিশেষকৈ ২০২৯ চনৰ এপ্ৰিল মাহত পৃথিৱীৰ পৰা ৩১,৩০০ কিলোমিটাৰ ওচৰৰে পাৰ হ’ব বুলি আশংকা কৰিছে৷ অৰ্থাৎ আমাৰ geosatellite বোৰৰ একেবাৰে ওচৰৰে পাৰ হ’ব৷ ইমান কাষেৰে পাৰ হৈ যাওঁতে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে Asteroidটোৰ কক্ষপথতো প্ৰভাৱ পেলাব পাৰে৷ প্ৰায় তিনিখন ফুটবল ফ্লিডতকৈও ডাঙৰ এই asteroidটো এক বিলিয়ন টন TNTতকৈও অধিক শক্তিশালী৷ পৃথিৱীপৃষ্ঠৰ লগত সংঘৰ্ষৰ ফলত ১.২৫ কিঃমিঃ দ গাঁতৰ সৃষ্টি কৰিব পাৰে৷ শেহতীয়াকৈ জাপানৰ Czech academy of scienceৰ এটা তথ্যই অহা ২০২২ চনত পৃথিৱীৰ লগত প্ৰায় ৬৬০ পৰা  ১০০০ ফুট আকাৰৰ ‘Taurid metor’ৰ লগত সংঘৰ্ষৰ আশংকা প্ৰকাশ কৰিছে৷

বৰ্তমান আমাৰ পৃথিৱীখন ডাঙৰ NEOবোৰৰ পৰা বিপদমুক্ত যদিও বিজ্ঞানীসকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিভিন্ন গৱেষণা অব্যহত ৰাখিছে৷ বৰ্তমানেও NEO সম্পৰ্কত বহু নতুন নতুন তথ্য পোহৰলে আহিয়েই আছে৷ ঠিক সেইদৰে অনাগত সময়বোৰত NEOৰ প্ৰলয়ৰ পৰা মনৱজাতিক উদ্ধাৰ কৰিবলৈ বিভিন্ন প্ৰযুক্তিৰ আৰ্হিও প্ৰস্তুত হৈছে৷ ভৱিষ্যতে যদি সঠিক সময়ত NEOবোৰৰ অৱস্থান, গঠন সম্পৰ্কে সকলো তথ্য বিশ্লেষণ হয় তেন্তে বিশেষ কিছুমান প্ৰযুক্তিৰ সহায়ত হয়তো পৃথিৱীক বিপদমুক্ত কৰিব পৰা যাব৷ তেনে প্ৰযুক্তিসমূহৰ ভিতৰত এটা হৈছে – ‘Kinetic impactor’ – এই পদ্ধতিৰ সহায়ত সঠিক দূৰত্বত NEO এটাক চিনাক্ত কৰি মানৱ নিৰ্মিত এখন ৰব’টিক যানৰ সহায়ত এক নতুন গতিশক্তি প্ৰদান কৰি কক্ষপথৰ পৰা আঁতৰাই পঠাব পৰা যাব৷  ইয়াৰ উপৰি আছে Gravity tractor নামৰ এবিধ বিশেষ উচ্চমানৰ প্ৰযুক্তি – এই প্ৰযুক্তিৰ সহায়ত NEO এটাৰ পৰা নিৰ্দিষ্ট দূৰত্বত সংস্থাপিত মহাকাশ-যান অথবা বৃহৎ ভৰৰ  উপস্থিয়ে সৃষ্টি কৰা মহাকৰ্ষণীয় বলৰ সহায়ত নিৰ্দিষ্ট NEO এটাক কক্ষপথৰ পৰা বিচ্যুত কৰিব পৰা হ’ব ৷ ঠিক সেইদৰে NEO এটাৰ পৰা সঠিক দূৰত্বত নিউক্লীয়াৰ বিস্ফোৰণৰ (NEO টোক নভঙাকৈয়ে) দ্বাৰা উৎপন্ন হোৱা Shock wave ৰে NEO এটাক পৃথিৱীৰ ওচৰৰ কক্ষপথৰ পৰা আঁতৰাব পৰা প্ৰযুক্তিৰ চিন্তা-চৰ্চাও চলি আছে৷ আজিৰ উত্তৰবিহীন বহু প্ৰশ্নৰ উত্তৰ অনাগত দিনবোৰত বিজ্ঞানে অনায়সে দিব পাৰিব৷

গতিকে বিজ্ঞান-প্ৰযুক্তিৰ গতিশীলতাৰ ওপৰত আস্থা থকা কোনো মানুহৰে cosmic collisionৰ ওপৰত বিশেষ শংকিত হোৱাৰ কোনো কাৰণ নাই৷

No Comments

Post A Comment