ছাৰ আইজাক নিউটন

“তুমি যি জানা, সেয়া এটা বৰষুণৰ টোপাল৷ যি নাজানা, সেয়া এখন মহাসমুদ্ৰ৷” – আইজাক নিউটন।

সেইদিনা আছিল খ্ৰীষ্টানসকলৰ পবিত্ৰ উৎসৱ বৰদিন৷ ১৬৪২ চনৰ ২৫ ডিচেম্বৰৰ সেই সুক্ষণতেই ইংলেণ্ডৰ এখন সৰু গাঁও উল‌্চথ্ৰ’পত আইজাক নিউটনৰ জন্ম হৈছিল৷ নিউটনৰ দেউতাকৰ নাম আছিল আইজাক৷ মাকৰ নাম আছিল হান্নাহ নিউটন৷ দুৰ্ভাগ্যৰ কথা, নিউটনে তেওঁৰ পিতৃক দেখিবলৈ নাপালে৷ নিউটনৰ জন্ম হোৱাৰ তিনি মাহ পূৰ্বেই দেউতাকৰ মৃত্যু ঘটিল৷ জন্মতে নিউটন অতি নিশকতীয়া আৰু স্বাস্থ্যহীন আছিল৷ সৰু আকৃতিৰ আৰু দুৰ্বল দেহাৰ সন্তানটি কিমান দিন জীয়াই থাকিব, তাকে লৈ মাক চিন্তাত পৰিছিল৷ কিন্তু নিউটন জীয়াই আছিল৷ অকল জীয়াই থকাই নহয়; বিজ্ঞানী নিউটনৰ মেধা, প্ৰজ্ঞা আৰু বিৰল প্ৰতিভাৰ উজ্জ্বল আলোকেৰে বিশ্বৰ বিজ্ঞান জগত আলোকিত হৈ উঠিছিল৷ আলোকৰ সেই শিখা আজি পৰ্যন্ত অম্লান হৈ আছে৷ নিউটনৰ যেতিয়া বয়স তিনি বছৰ, তেতিয়া মাক হান্নাহে পুনৰ বিবাহ কৰায় আৰু নিউটনক আইতাকৰ কোলাত এৰি থৈ যায়৷ আইতাকৰ নাম আছিল মাৰ্গাৰি এচকফ৷

আইতাক মাৰ্গাৰিৰ বাবে নিউটন আছিল আলাসৰ লাড়ু৷ আইতাকৰ মৰম আৰু স্নেহৰ মাজতে নিউটনে শৈশৱৰ দিনকেইটা পাৰ কৰিছিল৷ বাৰ বছৰ বয়সলৈকে পঢ়া-শুনাৰ লগত নিউটনৰ কোনো সম্পৰ্ক নাছিল৷ তাৰ পৰিৱৰ্তে বন্ধু-বান্ধৱৰ লগত নানান খেল-ধেমালি কৰিহে নিউটনে সময়বোৰ পাৰ কৰিছিল৷ অৱশ্যে সেই ধেমালিবোৰতো নিউটনৰ কল্পনা-শক্তি আৰু প্ৰতিভাৰ উমান পোৱা গৈছিল৷ এবাৰ নিউটনে বতাহেৰে চলাব পৰা এটা কল তৈয়াৰ কৰিছিল৷ আন এবাৰ চিলা কিছুমানত লণ্ঠন আঁৰি দি বহু ওপৰলৈ উৰুৱাই দিছিল৷ কেতিয়াবা আকৌ পুতলা, কাঠৰ ঘড়ী আদি সাজি লগৰীয়াৰ মাজত বিলাই দিছিল৷

গ্ৰান্থামৰ কিংগছ্ স্কুলত নিউটনক বাৰ বছৰ বয়সত নাম লগাই দিয়া হয়৷ গ্ৰীচ আৰু লেটিন ভাষাৰ লগতে গণিতৰ লগতো নিউটনৰ পৰিচয় ঘটিল৷ পিছে নিউটনৰ শিক্ষা আধৰুৱা হ’ল৷ স্বামীৰ মৃত্যু হোৱাত নিউটনৰ মাতৃ হান্নাহে পুত্ৰ নিউটনক স্কুলৰ পৰা লৈ আহিলে আৰু খেতি-বাতিত লগাব বিচাৰিলে৷ কিন্তু নিউটনৰ খেতিয়ক হ’বলৈ তিলমানো হাবিয়াস নাছিল৷ উপায়বিহীন হৈ নিউটন পথাৰলৈ গৈছিল যদিও লগুৱাটোৰ হাতত সকলো কামৰ দায়িত্ব দি নিউটনে অ’ত-ত’ত বহি গণিতৰ সমস্যা সমাধানত ব্যস্ত আছিল৷ প্ৰত্যেক সপ্তাহতে লগুৱাজনৰ লগত নিউটন হাটলৈ যায়৷ কিন্তু হাটৰ ওচৰ পায়েই নিউটনে লগুৱাজনক ক’বলৈ ধৰে- “ঘূৰি আহোঁতে তুমি মোক ইয়াতে পাবা৷ মই জোপোহাৰ আঁৰত কিতাপ পঢ়ি থাকিম৷” এইবুলি তেওঁ লগুৱাজনক হাটলৈ যাবলৈ অনুৰোধ কৰিছিল আৰু নিজে জোপোহাৰ আঁৰত লুকাই কিতাপ পঢ়াত মগ্ন হৈছিল৷

১৬৬১ চনৰ জুন মাহত নিউটনক লণ্ডনৰ কেমব্ৰিজৰ ট্ৰিনিটি কলেজত নামভৰ্তি কৰোৱা হয়৷ নিউটনক ট্ৰিনিটিত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত খুড়াক ৰেভ উইলিয়াম এচকফে প্ৰধান ভূমিকা লৈছিল৷ নিউটনৰ খুড়াকেও সেইখন কলেজতে অধ্যয়ন কৰিছিল৷ যেতিয়া তেওঁ তেওঁৰ ভতিজাক নিউটনৰ অধ্যয়নপিপাসু মনটোৰ কথা জানিব পাৰিলে আৰু গম পালে যে নিউটনৰ গণিতৰ প্ৰতি বিশেষ অনুৰাগ আছে, তেতিয়া তেওঁৰ নিউটনক ট্ৰিনিটি কলেজত পঢ়ুৱাবলৈ তৎপৰ হ’ল৷ খুড়াকৰ সেই আন্তৰিক প্ৰচেষ্টাতেই খেতি-পথাৰত লাগি থকা নিউটনজন গৈ বিখ্যাত ট্ৰিনিটি কলেজ পালেগৈ৷

১৬৬৫ চনৰ আগষ্ট মাহত নিউটনে সেই কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলে৷ সেইসময়তে লণ্ডনত ভয়ানক ‘প্লেগ’ ৰোগে দেখা দিয়ে৷ ৰোগৰ কুপ্ৰভাৱৰ পৰা ৰক্ষাৰ নিমিত্তে কলেজ কতৃপক্ষই শিক্ষানুষ্ঠানখন বন্ধ ৰাখিবলৈ বাধ্য হয়৷ নিউটনেও কলেজ এৰি গাঁৱলৈ গুচি যায়৷

গাঁৱৰ পৰিৱেশৰ মাজতেই নিউটনে ‘কলন গণিত’ নামৰ গণিতৰ এটি নতুন শাখাৰ উদ্ভাৱন কৰিলে৷ ১৬৬৭ চনৰ এপ্ৰিলত নিউটন পুনৰ কেমব্ৰিজলৈ উভতি আহে আৰু ট্ৰিনিটি কলেজৰ সদস্য হিচাপে নিৰ্বাচিত হয়৷

নিউটনৰ জীৱনৰ অন্যতম কীৰ্তি হ’ল মহাকৰ্ষণ সূত্ৰৰ আৱিষ্কাৰ৷ নিউটনৰ সেই বিখ্যাত আপেলৰ কাহিনীটোৰ বিষয়ে নজনা-নুশুনা মানুহ হয়তো নায়েই৷ বাগিচাত বহি থাকোঁতে এদিন নিউটনে গছৰ পৰা আপেল এটা সৰি পৰা দেখা পালে৷ তেওঁৰ মনলৈ প্ৰশ্ন আহিল- আপেলটো ওপৰলৈ নগৈ তললৈ সৰি পৰিল কিয়? সেই বিশেষ গছজোপা এতিয়াও কেমব্ৰিজত সংৰক্ষণ কৰি ৰখা হৈছে৷ বাৰু যি কি নহওক, নিউটনৰ মনত সেইদিনা উদ্ভৱ হোৱা প্ৰশ্নটোৱেই নিউটনৰ মনটোক ক্ৰমাৎ জ্যোতিৰ্বিজ্ঞানৰ ফালে টানি নিলে৷ নিউটনৰ মহাকৰ্ষণ সূত্ৰৰ মতে- “পৃথিৱীৰ প্ৰতিটো পদাৰ্থ কণাই এটাই আনটোক আকৰ্ষণ কৰে৷ এই আকৰ্ষণ বল কণিকা দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক৷” নিউটনৰ এই বিশেষ সূত্ৰটোৱেই সমগ্ৰ পৃথিৱীতে ব্যাপক চাঞ্চল্য আৰু বিস্ময়ৰ সৃষ্টি কৰিলে৷ মহাকৰ্ষণ সূত্ৰৰ আৱিষ্কাৰক আইজাক নিউটনৰ নাম দশোদিশে জনাজাত হৈ পৰিল৷

নিউটনৰ জীৱনৰ আন এক কীৰ্তিস্তম্ভ হ’ল “ফিলচ’ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা” নামৰ যুগান্তকাৰী গ্ৰন্থখন৷ অসমীয়া ভাষাত যাক ক’ব পাৰি- “প্ৰাকৃতিক দৰ্শনৰ গণিতীয় সূত্ৰাৱলী”৷ গ্ৰন্থখন প্ৰকাশ হৈছিল ১৬৮৭ চনৰ ৫ জুলাইত৷ মহাকৰ্ষণ সূত্ৰৰ উপৰি এইখন গ্ৰন্থত নিউটনে সন্নিবিষ্ট কৰিছিল বলবিজ্ঞানৰ তিনিটা কালজয়ী সূত্ৰ৷ পদাৰ্থৰ গতি সম্পৰ্কীয় এই অনন্য সূত্ৰকেইটাই পুনৰবাৰ নিউটনৰ চমৎকাৰী প্ৰতিভা আৰু মেধাৰ পৰিচয় দিলে৷ নিউটনৰ জীৱনৰ গতি সলাই পেলোৱা এই বিশেষ কিতাপখন প্ৰকাশ কৰাত তেওঁৰ পৰম বন্ধু এডমাণ্ড হেলিয়ে অন্যতম ভূমিকা পালন কৰিছিল৷ এডমাণ্ড হেলি এজন প্ৰখ্যাত জ্যোতিৰ্বিদ৷ কিতাপখন প্ৰকাশ কৰিবলৈ নিউটনৰ বৰ এটা ইচ্ছা নাছিল৷ পিছে উৎসাহী হেলিয়ে ছপাৰ সকলো খৰচ বহন কৰিলে আৰু কিতাপখন প্ৰকাশ কৰাত আগভাগ ল’লে৷ বিশ্বৰ সকলো প্ৰান্ততে খলকনিৰ সৃষ্টি কৰা নিউটনৰ এই বিশেষ কিতাপখন প্ৰকাশ কৰি উলিওৱাৰ বাবে নিউটনৰ বন্ধু হেলি সেয়ে সদায়ে শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ পাত্ৰ হৈ থাকিব৷

নিউটনৰ আন এটা প্ৰিয় বিষয় আছিল পোহৰবিজ্ঞান৷ সূৰ্যৰ পোহৰ যে সাতোটা ৰঙৰ সমষ্টি, সেই কথা নিউটনে প্ৰমাণ কৰি দেখুৱাইছিল৷ প্ৰিজমৰ মাজেৰে বেলিৰ পোহৰ পঠিয়াই তেওঁ ৰঙবিলাক পৃথক কৰি দেখুৱাইছিল৷

নিউটনে এটা বেলেগ ধৰণৰ দূৰবীণ আৱিষ্কাৰ কৰিছিল, যাক কোৱা হয় ‘প্ৰতিফলক দূৰবীণ’৷ সেইসময়ৰ দূৰবীণবিলাকত থকা এক বিশেষ ত্ৰুটি আঁতৰাবৰ বাবে নিউটনে এই দূৰবীণটো আৱিষ্কাৰ কৰিছিল৷ নিউটনে ‘অপ্তিক্স’ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল৷ জনপ্ৰিয় এই কিতাপখনৰ মূল বিষয়বস্তু আছিল পোহৰ বিজ্ঞান৷

১৭০৩ চনত নিউটন ৰয়েল ছ’ছাইটিৰ সভাপতি নিৰ্বাচিত হৈছিল৷ ১৭২৭ চনলৈকে তেওঁ পদত অধিষ্ঠিত হৈ থাকে৷ ১৭০৫ চনত নিউটনক ইংলেণ্ডৰ ৰাণী আনাই ‘ছাৰ’ উপাধি প্ৰদান কৰে আৰু তাৰ পিছৰে পৰাই নিউটন ‘ছাৰ আইজাক নিউটন’ হিচাপে পৰিচিত হৈ উঠে৷

নিউটন আছিল জ্ঞান আৰু প্ৰজ্ঞাৰ সাধক৷ ভাবিলে আচৰিত হ’ব লগা কথা যে- যিজন ল’ৰাৰ বাৰ বছৰ বয়সলৈকে পঢ়া-শুনাৰ লগত কোনো সম্পৰ্ক নাছিল, সেইজন ল’ৰাই পাছৰ জীৱনটো কেৱল অতিবাহিত কৰিছিল কেৱল অধ্যয়ন আৰু জ্ঞানৰ অন্বেষণত৷ তেওঁৰ নিজৰ কামত ইমানেই বিভোৰ হৈ পৰিছিল যে খোৱা-বোৱা কৰিবলৈও পাহৰি পেলাইছিল৷ দুঘণ্টামান সময়হে নিউটনে শোৱাত খৰছ কৰিছিল৷

নিজৰ চিন্তাত নিউটন আচৰিতধৰণে মছগুল হৈ থাকিছিল৷ এবাৰ হ’ল কি, এটা ঘোঁৰা লৈ নিউটন ফুৰিবলৈ ওলাই গৈছিল৷ কিছুসময়ৰ পিছত তেওঁ মন কৰিলে যে তেওঁৰ হাতত লেকামডালহে আছে৷ ঘোঁৰাটো নাই৷ নিজৰ চিন্তাত নিউটন ইমানেই মগন হৈ আছিল যে লেকাম এৰি যে ঘোঁৰাটো কোন কেতিয়াবাই ওলাই গৈছে, সেই কথা তেওঁ গমকে নাপালে৷

জীৱ-জন্তুৰ প্ৰতি বিজ্ঞানী নিউটনৰ বিশেষ দৰদ আছিল৷ নিউটনৰ এটা মৰমৰ কুকুৰ আছিল৷ নাম আছিল ডায়মণ্ড৷ কোঠাৰ ভিতৰত এবাৰ ডায়মণ্ড ঘূৰি আছিল৷ হঠাতে ডায়মণ্ডৰ ভৰি লাগি জ্বলন্ত মমবাতি এডাল নিউটনৰ পাণ্ডুলিপিৰ ঠাক এটাৰ ওপৰত পৰিল৷ মুহূৰ্ততে পাণ্ডুলিপিবোৰ ছাৰখাৰ হৈ গ’ল৷ সেই পাণ্ডুলিপিবোৰ আছিল নিউটনৰ বিশবছৰীয়া শ্ৰমৰ ফল৷ জীৱনৰ ইমান গুৰুত্বপূৰ্ণ টোকাখিনি চকুৰ সমুখতে পুৰি ছাই হৈ যোৱাৰ পাছতো নিউটনে ডায়মণ্ডক উদ্দেশি কোনো গালি-গালাজ নাপাৰিলে৷ তাৰ পৰিৱৰ্তে ডায়মণ্ডৰ গাটো মৰমেৰে পিহি দিলে আৰু ক’লে- “হায়, ডায়মণ্ড৷ তই মোৰ কি অনিষ্টসাধন কৰিলি, তাক তই বুজি নেপাৱ!”

পোহনীয়া মেকুৰীজনীকো নিউটনে অতিশয় স্নেহ কৰিছিল৷ তাই চলাচল কৰিবলৈ সুবিধা হোৱাকৈ নিউটনে বেৰৰ এটা ফুটা কৰি দিছিল৷ যেতিয়া মেকুৰীজনীয়ে কেইটামান পোৱালী জন্ম দিলে, তেতিয়া নিউটনে পোৱালীকেইটাৰ বাবেও কেইটামান সৰু সৰু ফুটা কৰি দিলে৷

এইজনেই আছিল মহান বিজ্ঞানী নিউটন৷ বিজ্ঞানী হিচাপে নিউটন আছিল অদ্বিতীয় আৰু অসামান্য৷ মানুহ হিচাপেও নিউটন আছিল এক উল্লেখনীয় চৰিত্ৰৰ৷

১৭২৭ চনৰ ২০ মাৰ্চত, ৮৫ বছৰ বয়সত এইজনা মহান মনিষী ছাৰ আইজক নিউটনৰ মৃত্যু হয়৷ প্ৰতিভা, মেধা আৰু অধ্যৱসায়ৰ অন্যতম দৃষ্টান্ত ছাৰ আইজাক নিউটন আমাৰ বাবে সদায়েই এক প্ৰাতঃস্মৰণীয় মানুহ হৈ থাকিব৷

No Comments

Post A Comment