সংখ্যা-যাদু

Math-magic1

Math-magic2-copy

 

২০১০ চনৰ ২৪ অক্টোৱৰ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষগৃহত সেই বৰ্ষৰ টেকক্ষেত্ৰৰ (TechXetra) উপলক্ষে প্ৰফেছৰ নয়নদীপ ডেকাবৰুৱাই এক সংখ্যা-যাদু প্ৰদৰ্শন কৰিছিল। ইয়াত সহযোগ কৰিছিল বিশ্ববিদ্যালয়খনৰ গণিত ক্লাৱৰ প্ৰায় চল্লিশজন সদস্যই। বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰদৰ্শনী উপভোগ কৰিছিল। ওপৰৰ ফটো দুখন সেই যাদু প্ৰদৰ্শনীৰ দুটা মুহূৰ্ত।

 

[টোকা:- আমাৰ ৰাজ্যৰ বা ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ বহুতো গণিত তথা বিজ্ঞান-প্ৰেমী, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে গাণিতিক আৰু বৈজ্ঞানিক বৈশিষ্ট, প্ৰমেয়, প্ৰক্ৰিয়া আদিৰ আৰ্হি(model) আৰু সেইবোৰ জড়িত কৰি বিষয় একোটাৰ প্ৰতি কৌতূহলোদ্দীপক যাদু প্ৰদৰ্শন কৰে। সেইবোৰৰ চিত্ৰ আৰু প্ৰদৰ্শন সম্পৰ্কীয় বা-বাতৰি প্ৰকাশৰ প্ৰতি গণিত চৰা অতিকে আগ্ৰহী। সেইবোৰৰ ন-পূৰণি চিত্ৰ, বাতৰি আদি গণিত চৰালৈ প্ৰেৰণ কৰিবলৈ পাঠকসকলক অনুৰোধ জনালো। গণিত চৰাৰ ফালৰ পৰাও সেইবোৰ সংগ্ৰহৰ প্ৰচেষ্টা অৱ্যাহত থাকিব…।]

No Comments

Post A Comment