শেঁতা নীল বিন্দু : কাৰ্ল চাগানৰ দৃষ্টিৰে আমাৰ পৃথিৱীখন

আমি জনা সমস্ত প্ৰাণীকুল, উদ্ভিদকুল আৰু অণুজীৱৰ বাসভূমি হ’ল এই পৃথিৱীখন। আনকি কেইজনমান জ্যোতিৰ্বিদ, মহাকাশচাৰী আৰু গৱেষকক বাদ দি সাধাৰণ মানুহখিনিৰ সমস্ত চিন্তা-ভাৱনা, দৈনন্দিন কাৰ্য্যকলাপো এই পৃথিৱীখনৰ বুকুতে সীমাৱদ্ধ। জীৱনৰ খন্তেকীয়া দিনকেইটা পৃথিৱীৰ বুকুত বিচৰণ কৰোঁতে আমাৰ ভাবিবলৈ আহৰিয়েই নহয়, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনৰ বুকুত আমাৰ পৃথিৱীখনৰ গুৰুত্বনো কিমান। বৰং, এজন মানুহৰ জীৱনকালত পৃথিৱীখনৰেই ৰেহ-ৰূপ সম্পূৰ্ণৰূপে বুজাটো সম্ভৱ নহয়গৈ। তেনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতেই অধিকাংশ লোকৰ অৱচেতন মনত এটা কথা দকৈ শিপাই যায় যে পৃথিৱীখন নিশ্চয়কৈ এখন গুৰুত্বপূৰ্ণ আৰু অদৃশ্য সৰ্বশক্তিমানজনৰ বিশেষ আদৰৰ ঠাই। কিন্তু বহুতৰ মনত দকৈ খোদিত হৈ থকা এই বিশ্বাসৰ সত্যতানো কিমান? আজীৱন পুখুৰীতে থকা মাছ এটাই পুখুৰীটোকে গোটেই বিশ্বখন বুলি ভবাৰ দৰে আমাৰ চিন্তাধাৰাটো কোনোবাখিনিত ভুল থাকি গৈছে নেকি?

উত্তৰটো বিচাৰি চাবলৈ প্ৰথমে আমি এবাৰ নিশাৰ তৰাভৰা আকাশখনৰ উদাহৰণটোকে লৈ চাওঁ। নিশাৰ আকাশখনলৈ চকু ফুৰালে, বিজ্ঞানৰ অৱদানে এতিয়ালৈ আগবঢ়াই যোৱা সত্যতাখিনিৰ বাদেও আমাৰ মনত ভালেখিনি কল্পনাৰ সংমিশ্ৰণ ঘটিব। আমি খালী চকুৰে দেখা বিন্দুসদৃশ প্ৰতিটো তৰাও আকৌ অন্য এখন জগত; ইহঁতৰো আছে নিজা নিজা ইতিহাস, সুদীৰ্ঘ জীৱন পৰিক্ৰমা। দৰাচলতে বহুসময় ধৰি আকাশৰ ফালে একেথিৰে চাই থাকিলে মহাবিশ্বৰ আশ্চৰ্য্যৰ মাজত বিভোৰ হৈ আমাৰ চিন্তাৰ আঁতডাল হেৰাই যায়! কিন্তু সেই তৰাবোৰৰ সাপেক্ষে আমাৰ পৃথিৱীখনো ঠিক একেধৰণৰ এটা বিন্দুহে মাত্ৰ, যাৰ আনকি নিজস্ব পোহৰখিনিও নাই। সূৰ্য্যৰ পোহৰতহে আমাৰ পৃথিৱীখনে অন্ততঃ কিছু দূৰলৈ নিজৰ অস্তিত্ব জাহিৰ কৰে!

এতিয়া, তৰাবোৰৰ সাপেক্ষে বা পৃথিৱীৰ বাহিৰৰ অঞ্চল এটাৰ পৰা আমাৰ পৃথিৱীখনৰ গুৰুত্বনো কিমান, সেই সম্পৰ্কে প্ৰত্যক্ষ ধাৰণা দিয়া ঘটনা এটা উল্লেখ কৰিম। প্ৰকৃততে এই লেখাটোৰ মূল উদ্দেশ্যও সেইটোৱেই। ঘটনাটোলৈ পোনে পোনে ঢাপলি মেলাৰ পৰিৱৰ্তে ইয়াৰ লগত ওতপোতভাৱে জড়িত হৈ থকা ভয়েজাৰ ১ নামৰ মহাকাশযানখন আৰু প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানী কাৰ্ল চাগানৰ বিষয়ে কিছু কথা উল্লেখ লোৱা যাওঁক।

ভয়েজাৰ ১ সাম্প্ৰতিক সময়লৈ মানৱজাতিৰ ইতিহাসত সবাতোকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা মহাকাশযান। যোৱা ৪০ বছৰতকৈও বেছি সময় ধৰি গতি কৰি থকা নাছাৰ মহাকাশযান ভয়েজাৰ ১ য়ে ২০১২ চনতে সৌৰজগতৰ বাহিৰ ওলাই ইতিমধ্যে মহাকাশৰ (Interstellar Space) অতল শূন্যত সোমাইছে। ১৯৭৭ চনৰ ৫ ছেপ্টেম্বৰত নাছাই সৌৰজগতৰ দুটা ডাঙৰ গ্ৰহ বৃহস্পতি আৰু শনিৰ উপৰি শনিৰ বৃহত্তম উপগ্ৰহ টাইটান সম্পৰ্কে অধ্যয়নৰ বাবে ‘ভয়েজাৰ ১’ মহাকাশযানখন উৎক্ষেপণ কৰিছিল। সৌৰজগতৰ বহিৰ্ভাগৰ গ্ৰহকেইটা অধ্যয়নৰ বাবে নাছাই “ভয়েজাৰ প্ৰগ্ৰেম” নামৰ যি আঁচনি হাতত লৈছিল, তাৰ অধীনতে ভয়েজাৰ ১ আৰু ভয়েজাৰ ২ যান দুখন উৎক্ষেপণ কৰা হৈছিল। ভয়েজাৰ ১ তকৈ ভয়েজাৰ ২ যানখন ১৬ দিন আগেয়েই উৎক্ষেপণ কৰা হৈছিল যদিও এটা পৃথক পথেৰে যোৱা বাবে ভয়েজাৰ ২ যানখন তুলনামূলকভাৱে কিছু পিছপৰি ৰ’ল।

যি কি নহওক, লেখাটোৰ মূল বিষয়বস্তু ভয়েজাৰ ১ ৰ লগতহে জড়িত। ১৯৮০ চনৰ ভিতৰত ভয়েজাৰ ১ য়ে বৃহস্পতি, শনি আৰু টাইটানৰ সম্পৰ্কে পূৰ্বপৰিকল্পিত গৱেষণা কৰাৰ পিছত নাছাই সেই বছৰৰে ২০ নৱেম্বৰৰ দিনা মহাকাশযানখনৰ প্ৰাথমিক উদ্দেশ্যখিনি সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। কিন্তু ভয়েজাৰ ১ ৰ কাৰ্য্যক্ষমতা তেতিয়াও অটুট থকা দেখা পাই নাছাই ভয়েজাৰৰ কাৰ্য্যকাল বৃদ্ধি কৰি ইয়াক সৌৰজগতৰ বাহিৰলৈ পঠোৱাৰ সিদ্ধান্ত লয়। ভবামতেই কৰ্ম আঁচনি হাতত লোৱা হ’ল আৰু ভয়েজাৰ ১ ৰ গতিক সৌৰজগতৰ বহিৰ্ভাগৰ দিশে ধাৱিত কৰা হ’ল। সেই দিন ধৰি ভয়েজাৰ ১ যানখন এতিয়াও নিৰন্তৰভাৱে পৃথিৱীৰ পৰা আঁতৰি গৈ আছে। ২০১২ চনৰ আগষ্ট মাহত যানখনে সৌৰজগতৰ বাহিৰৰ হেলিঅ’প’জ স্তৰটো (সহজ ভাষাত এইটো সূৰ্য্য প্ৰভাৱিত এলেকাৰ শেষ সীমা) অতিক্ৰম কৰে। এই মুহূৰ্তলৈ যানখনে ইতিমধ্যে ২১ বিলিয়ন কিল’মিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছে। এই দূৰত্বটো পৃথিৱীৰ পৰা সূৰ্য্যৰ দূৰত্বৰ প্ৰায় ১৪১ গুণ। বিজ্ঞানীসকলে আশা কৰা অনুসৰি ২০২৫ চনমানলৈ ভয়েজাৰ ১ ৰ এই নিৰন্তৰ যাত্ৰা অব্যাহত থাকিব। কিছুদিন আগতে ৰেডিঅ’ সংকেতৰ সহায়ত ভয়েজাৰ ১ ৰ কেইটামান যন্ত্ৰ নিস্ক্ৰিয় কৰা হৈছে যাতে ৰাহি হোৱা শক্তিখিনিৰে যানখনৰ কাৰ্য্যকাল আৰু দুই-তিনিবছৰ বৃদ্ধি পায়। গতিকে এই মুহূৰ্তলৈ, ভয়েজাৰ ১ যানখনেই পৃথিৱীৰ পৰা সবাতোকৈ অধিক দূৰত্বত অৱস্থান কৰা মানৱ-নিৰ্মিত বস্তু হিচাপে গৌৰৱময় কৃতিত্ব বহন কৰিছে। আৰু আগন্তুক কেইবাটাও বছৰলৈ সেই কৃতিত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এতিয়াও তীব্ৰগতিৰে ইয়াৰ বহিৰ্মুখী গতি অব্যাহত আছে।

ভয়েজাৰ ১ উৎক্ষেপণৰ সময়ত ইয়াৰ আলোকীয় গোটটোৰ সদস্যসকলৰ এজন আছিল প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী কাৰ্ল চাগান। নিজৰ বৈজ্ঞানিক গৱেষণাখিনিতকৈও সৰ্বসাধাৰণৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ এগৰাকী অগ্ৰণী ব্যক্তি হিচাপে চাগান অধিক পৰিচিত। বিশেষকৈ আমেৰিকান দূৰদৰ্শনৰ ইতিহাসত মানুহে আটাইতকৈ বেছি চোৱা দূৰদৰ্শন ধাৰাবাহিক ‘কছমছ’ৰ আঁৰৰ ব্যক্তিজনো কাৰ্ল চাগান। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে চাগানে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত ‘কছমছ’, ‘দ্য ড্ৰেগনছ্ অব ইডেন’, ‘ব্ৰকাছ ব্ৰেইনছ্’ ইত্যাদিৰ নাম ল’ব পাৰি। অন্য এটা দিশত আগবঢ়োৱা অৰিহণাৰ বাবেও চাগান সুপ্ৰখ্যাত। তেওঁ বহিৰ্বিশ্বত থাকিব পৰা বুদ্ধিমান প্ৰাণীৰ সন্ধানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। ইংৰাজী ভাষাত ইয়াক চমুকৈ ‘চেটি’ (SETI : Search for Extra-Terrestrial Intelligence) বুলি জনা যায়। এই উদ্দেশ্যে মহাকাশলৈ প্ৰেৰণ কৰা “দ্য পায়’নিয়াৰ প্লে’ক” আৰু “দ্য ভয়েজাৰ গল্ডেন ৰেকৰ্ড” নামৰ বাৰ্তা দুটা প্ৰস্তুত কৰি উলিওৱাত চাগানেই আগভাগ লৈছিল। ইয়াৰে “ভয়েজাৰ গ’ল্ডেন ৰেকৰ্ড” বাৰ্তাটো ভয়েজাৰ ১ আৰু ভয়েজাৰ ২ উভয়ৰে লগত মহাকাশলৈ পঠিওৱা হৈছে। পৃথিৱীৰ ভালেমান ছবি, বিভিন্ন জীৱ-জন্তুৰ মাত-কথা সম্বলিত এই বাৰ্তাবোৰ মহাকাশলৈ পঠিওৱাৰ উদ্দেশ্য হৈছে এইবোৰ কেনেবাকৈ বহিৰ্গ্ৰহৰ প্ৰাণীৰ চকুত পৰিলে সিহঁতে যাতে বুজিব পাৰে যে ভালেমান জীৱৰ বসতিৰে এঠাইত আমাৰ এই পৃথিৱী নামৰ গ্ৰহটোও আছে।

বহিৰ্বিশ্বত প্ৰাণীৰ সন্ধান আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনত মানৱজাতিৰ স্থান সম্পৰ্কে থকা নিজৰ প্ৰচণ্ড উৎসুকতাৰ বাবে চাগানৰ মনত এটা চিন্তাৰ উদয় হ’ল। তেওঁ নিজেই যিহেতু ভয়েজাৰ ১ ৰ আলোকীয় গোটটোৰ সদস্য আছিল, সেইবাবে তেওঁ যানখনৰ কৰ্মকৰ্তাসকলক সেই বিশাল দূৰত্বৰ পৰা পৃথিৱীৰ এখন আলোকচিত্ৰ তুলিবলৈ আহ্বান জনালে। ১৯৮০ চনত এই প্ৰস্তাৱটো আগবঢ়োৱাৰ সময়ত ভয়েজাৰ ১ য়ে ইতিমধ্যে শনিগ্ৰহ পাৰ হৈ গৈছিল। কিন্তু সূৰ্য্যৰশ্মিৰ প্ৰভাৱত ভয়েজাৰৰ কেমেৰা বিনষ্ট হোৱাৰ আশংকা কৰি নাছাই তেতিয়া চাগানৰ অনুৰোধ ৰক্ষা নকৰিলে। ইতিমধ্যে ১৯৮০ৰ পৰা এটা দশকত ভয়েজাৰে ভালেখিনি দূৰত্ব অতিক্ৰম কৰি সৌৰজগতৰ বাহিৰ ওলোৱাৰ উপক্ৰম হ’ল। চাগানে তেতিয়া পুনৰবাৰ নাছাক প্ৰস্তাৱ দিলে যে ভয়েজাৰে সৌৰজগতৰ পৰা বাহিৰ ওলোৱাৰ পূৰ্বে পৃথিৱীক শেষ দৰ্শন কৰি সেই দূৰত্বৰ পৰা পৃথিৱীৰ দুখনমান আলোকচিত্ৰ ল’ব লাগে। চাগানে আঙুলিয়াই দিছিল যে ভয়েজাৰে বহু যোজন দূৰৰ পৰা তোলা পৃথিৱীৰ ক্ষুদ্ৰ ছবিখনৰ বৈজ্ঞানিক মূল্য নাথাকিব ঠিকেই, কিন্তু সেই দূৰত্বৰ পৰা তোলা আমাৰ গৃহভূমিৰ চিত্ৰই অনন্ত বিশ্বব্ৰহ্মাণ্ডত আমাৰ স্থান বুজাত সহায় কৰিব। এইবাৰ নাছাই তেওঁৰ কথাটোত ৰাজী হ’ল, আৰু ১৯৯০ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা সৌৰজগতৰ সীমামূৰীয়া প্ৰায় ছয় বিলিয়ন কিল’মিটাৰ দূৰত্বৰ পৰা ভয়েজাৰে পৃথিৱীৰ আলোকচিত্ৰ তুলি পৃথিৱীলৈ পঠিয়াই দিলে। ভয়েজাৰে লোৱা কেবাখনো আলোকচিত্ৰৰ এখনত পৃথিৱীখনক সূৰ্যৰশ্মিত ওপঙি থকা এটা সামান্য নীলা বিন্দুৰ ৰূপত দেখা গৈছিল। গোটেই ছবিখনত এক পিক্সেলতকৈ কম ঠাই আগুৰা (০.১২ পিক্সেল) এই পৃথিৱীৰ ছবিখন পিছলৈ কাৰ্ল চাগানে দিয়া ‘শেঁতা নীল বিন্দু’ (Pale Blue Dot) নামেৰে পৰিচিত হৈ পৰিল। সেই ছবিখনৰ আলম লৈয়েই চাগানে ১৯৯৪ চনত প্ৰকাশ পোৱা তেওঁৰ কিতাপখনৰ নাম “শেতা নীল বিন্দু: মহাকাশত মানৱ ভৱিষ্যতৰ ৰূপৰেখা” (Pale Blue Dot: A Vision of the Human Future in Space) ৰাখিছিল। গ্ৰন্থখনৰ আদিভাগত তেওঁ নিজৰ অন্তৰ্দৃষ্টিৰ মিলন ঘটাই সেই ছবিখনে বহন কৰা গভীৰতম অৰ্থ ব্যাখ্যা কৰিছে। একেলগে তেওঁ পৃথিৱীবাসীৰ প্ৰতিও এক তাৎপৰ্য্যপূৰ্ণ আহ্বান জনাইছিল। লেখাটোৰ আৰম্ভণিতে বিশ্বব্ৰহ্মাণ্ডত আমাৰ পৃথিৱীখনৰ স্থান বা গুৰুত্ব সম্পৰ্কে যিটো প্ৰসংগৰ অৱতাৰণা কৰা হৈছিল, চাগানৰ এই কথাখিনিতে নিশ্চয় ইয়াৰ কিছুদূৰ আভাস পোৱা যাব।

তলত কাৰ্ল চাগানৰ সেই বিখ্যাত বাক্যকেইশাৰী অসমীয়া অনূদিত ৰূপত আগবঢ়োৱা হ’ল—

“দূৰণিৰ সুচল ঠাইখনৰ পৰা পৃথিৱীক বিশেষ কোনো আকৰ্ষণৰ ঠাই যেন নালাগে। কিন্তু আমাৰ দৃষ্টিত তেনে নহয়। বিন্দুটো আকৌ এবাৰ লক্ষ্য কৰা। সেয়া এইখিনিয়েই। সেয়াই আমাৰ আৱাসস্থল। ইয়াতেই তুমি ভালপোৱা, তুমি চিনি পোৱা, এবাৰ হ’লেও নাম শুনা প্ৰতিগৰাকী, অতীতৰ সকলো মানুহে তেওঁলোকৰ জীৱনটো কটাই গ’ল। আমাৰ প্ৰজাতিটোৰ ইতিহাসৰ সমস্ত আনন্দ আৰু বেদনাৰ সমষ্টি, হাজাৰটা দৃঢ় ধৰ্ম, আদৰ্শ আৰু অৰ্থনৈতিক মতবাদ, প্ৰতিজন চিকাৰী আৰু লুণ্ঠনকাৰী, নায়ক আৰু কাপুৰুষ, সভ্যতাৰ সকলো স্ৰষ্টা আৰু ধ্বংসকাৰী, ৰজা আৰু প্ৰজা, প্ৰেমিক-প্ৰেমিকা, প্ৰতিজন পিতৃ-মাতৃ, আদৰ্শবাদী শিশু, উদ্ভাৱক আৰু অভিযাত্ৰী, নীতিৱান শিক্ষক, দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদ, ছুপাৰষ্টাৰ আৰু শীৰ্ষনেতা, সাধু আৰু পাপীয়ে তাতেই জীৱনটো কটাই গ’ল –  সূৰ্য্যৰশ্মিত ওপঙি থকা সামান্য এটা ধূলিকণাত।

অনন্ত মহাবিশ্বত পৃথিৱীখন এখন নিচেই সামান্য মঞ্চ। সেই সেনাপতি আৰু সম্ৰাটসকলৰ কথা ভাবা, যিসকলে বিন্দু এটাৰ আংশিক অঞ্চলত সাময়িক আধিপত্য বিস্তাৰৰ বিজয়োল্লাসত তেজৰ নদী বোঁৱালে। এই পিক্সেলটোৰ এটা ফালৰ অধিবাসীয়ে, কোনোমতে ধৰিব পৰা আন এক অধিবাসীৰ ওপৰত দেখুওৱা সীমাহীন হিংসাৰ কথা ভাবি চোৱা। তেওঁলোকৰ মাজত ভুল বুজাবুজি, এজনে আনজনক হত্যা কৰাৰ হেঁপাহ, পৰস্পৰৰ মাজত থকা হিংসা কিমান সঘন আছিল! আমাৰ দৃষ্টিভংগী, আমাৰ কাল্পনিক অহমিকা, বিশ্বব্ৰহ্মাণ্ডখনত আমি বিশেষ স্থান এখন অধিকাৰ কৰা বুলি থকা ভ্ৰম, এই সকলোখিনি শেঁতা পোহৰৰ এই বিন্দুটোৱে প্ৰত্যাহ্বান জনাইছে। মহাকাশৰ অনন্ত আন্ধাৰৰ মাজত আমাৰ পৃথিৱীখন সামান্য ধূলিকণা মাত্ৰ। আমাৰ যৎসামান্য জ্ঞানেৰে ইয়াৰ কোনো আভাস দেখা নাই যে এই অসীম বিশালতাৰ মাজত আমাক নিজৰ পৰাই বচাবলৈ আন কোনো ঠাইৰ পৰা সহায়ৰ হাত পোৱা যাব। এতিয়ালৈকে জনাৰ ভিতৰত জীৱৰ বসতি হোৱা পৃথিৱীখনেই একমাত্ৰ জগত। অন্ততঃ নিকট ভৱিষ্যতত এনে কোনো ঠাই নাই, য’লৈ আমাৰ প্ৰজাতিটোৱে প্ৰব্ৰজন কৰিব পাৰে। ভ্ৰমণ সম্ভৱ হ’বও পাৰে। আৰু সংস্থাপন… । নাই, সেইটো এতিয়ালৈকে সম্ভৱ হোৱা নাই। ভাল পোৱাই বা নোপোৱা, কিন্তু আচল কথাটো হ’ল এইমুহূৰ্তলৈকে আমি বাস কৰা পৃথিৱীখনেই আমাৰ একমাত্ৰ আৱাসস্থল। কোৱা হয় যে জ্যোতিৰ্বিজ্ঞান এক নম্ৰ আৰু চৰিত্ৰ গঠনমূলক অভিজ্ঞতা। মানুহৰ অৰ্থহীন আত্মগৌৰৱক ধূলিস্যাৎ কৰিবৰ বাবে এই দূৰণিৰ পৰা তোলা আমাৰ পৃথিৱীৰ এধানিমান চিত্ৰখনতকৈ বোধহয় কোনো শ্ৰেষ্ঠ ব্যাখ্যা নাই। মোৰ দৃষ্টিত এইখনে; মানুহক পৰস্পৰে পৰস্পৰৰ প্ৰতি অধিক দয়ালু হ’বলৈ, আমি জনা একমাত্ৰ আৱাসস্থল এই শেতা নীল বিন্দুটোক নিৰাপদে ৰখা আৰু যত্নেৰে আপডাল কৰাৰ দায়িত্বকে সোঁৱৰাই দিয়ে।”

ইংৰাজীত কাৰ্ল চাগানৰ মূল বাক্যকেইশাৰী—

“From this distant vantage point, the Earth might not seem of any particular interest. But for us, it’s different. Consider again that dot. That’s here. That’s home. That’s us. On it everyone you love, everyone you know, everyone you ever heard of, every human being who ever was, lived out their lives. The aggregate of our joy and suffering, thousands of confident religions, ideologies, and economic doctrines, every hunter and forager, every hero and coward, every creator and destroyer of civilization, every king and peasant, every young couple in love, every mother and father, hopeful child, inventor and explorer, every teacher of morals, every corrupt politician, every “superstar,” every “supreme leader,” every saint and sinner in the history of our species lived there – on a mote of dust suspended in a sunbeam. The Earth is a very small stage in a vast cosmic arena. Think of the rivers of blood spilled by all those generals and emperors so that in glory and triumph they could become the momentary masters of a fraction of a dot. Think of the endless cruelties visited by the inhabitants of one corner of this pixel on the scarcely distinguishable inhabitants of some other corner. How frequent their misunderstandings, how eager they are to kill one another, how fervent their hatreds. Our posturings, our imagined self-importance, the delusion that we have some privileged position in the universe, are challenged by this point of pale light. Our planet is a lonely speck in the great enveloping cosmic dark. In our obscurity – in all this vastness – there is no hint that help will come from elsewhere to save us from ourselves. The Earth is the only world known, so far, to harbor life. There is nowhere else, at least in the near future, to which our species could migrate. Visit, yes. Settle, not yet. Like it or not, for the moment, the Earth is where we make our stand. It has been said that astronomy is a humbling and character-building experience. There is perhaps no better demonstration of the folly of human conceits than this distant image of our tiny world. To me, it underscores our responsibility to deal more kindly with one another and to preserve and cherish the pale blue dot, the only home we’ve ever known.” — Carl Sagan, “Pale Blue Dot: A Vision of the Human Future in Space”, 1997 reprint, pp. xv-xv.

2 Comments
  • ঈশান
    Posted at 14:12h, 24 December Reply

    সুন্দৰ লেখা। Brilliant Piece of Writing.(|)বিষয়বস্ত এটা খুবেই সৰলভাৱে আপুনি উপস্থাপন কৰিব পাৰে। এইটো আজিৰ তাৰিখত এটা সাংঘাতিক দক্ষতা বুলি ভাবোঁ। আগলৈও আপোনাৰ পৰা লেখা আশা কৰিলোঁ‌ । শুভেচ্ছা আৰু অভিনন্দন থাকিল !!!

  • প্ৰিয়াংকুশ
    Posted at 21:50h, 30 December Reply

    অশেষ ধন্যবাদ 🙏

Post A Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.