‘শুবও নিদিয়ে’ : সৌৰভ কুমাৰ চলিহাৰ গল্পৰ আঁত ধৰি কিছু কথা

বহুদিনৰ আগেয়ে প্ৰিয় গল্পলেখক সৌৰভ কুমাৰ চলিহা ছাৰৰ সুখপাঠ্য গল্প পঢ়া মনত আছে; নামটো ‘শুবও নিদিয়ে’। তেতিয়া কলেজীয়া দিনত তেখেতৰ প্ৰায় সকলো গল্পই আমাৰ বহুতলৈ নতুন ৰোমাঞ্চ আনিছিল। তেখেতৰ প্ৰত্যেকটো গল্পতেই আছিল নতুনত্ব, অভিনৱত্ব, আধুনিকতা, নাগৰিকত্ব, বুদ্ধিগত চিন্তা আৰু বহুতো। তেখেতৰ অ’ হেনৰিৰ গল্প এটাৰ অনুবাদৰ প্ৰথম বাক্যৰ ভাষা এতিয়াও যেন কাণত বাজি আছে— অশান্ত, জঙ্গম, সময়ৰ দৰেই পলায়মান ... নিম্ন পশ্চিমাঞ্চলৰ ‘ৰেডব্ৰিক এলেকাৰ’ জনসংখ্যাৰ এটা বিৰাট অংশ। গৃহহীন তেওঁলোকৰ শ শ ঘৰ।’ ই যেনেকৈ আমাৰ মনলৈ পুলক আনিছিল, তেনেকৈ তেখেতৰ ‘ওপৰত’ নামৰ গল্পৰ প্ৰথম শাৰী— ‘কোঠাটোত দেৱাল নাছিল’-এ যেন বেলেগ ধৰণৰ এটা বিজ্ঞান কাহিনীৰ অভিনৱত্ব আনিছিল। মুঠতে তেখেতৰ গল্প সমন্ধে বহুত কথাই কব পাৰি, অৱশ্যেই আমাৰ বহুতৰে প্ৰিয় গল্প ‘বীণা কুটিৰ’ সমন্ধেই বহুত লিখিব পাৰি, আৰু ছদ্মনামৰ আঁৰত থকা মানুহজনৰ লগত ছাত্ৰ আৰু ‘ফেন’ হিচাপে কৌতুকেৰে ভৰা আমাৰ সমন্ধৰ কথাও লিখিব পাৰি— যিটো হয়তো পাছত বেলেগs আলোচনা কৰিবলৈ ভাল পাম। যি কি নহওক, আজিৰ এই লেখাটো তেখেতৰ গল্প আলোচনা কৰিবৰ বাবে নহয়; ই আচলতে তেখেতৰ এই বিশেষ গল্প ‘শুবও নিদিয়ে’ৰ আঁত ধৰি অন্য এটা আনুষংগিক আলোচনা কৰাহে।

এই গল্পটো মই এটা বিশেষ কাৰণত ভাল পাইছিলোঁ। গল্পটোৰ নামটোতে যেনেকৈ এটা ৰোমাঞ্চ সোমাই আছিল, তেনেকৈ এই গল্পটোৰ অন্তৰালত আছিল যুক্তি, গণিতৰ কেইটামান ৰসাল সাঁথৰ, অৰ্থাৎ ‘পাজ’ল’, যিবোৰ মোৰ অতি প্ৰিয় বিষয় আছিল। এই সাঁথৰকেইটা হয়তো উদং হিচাপে দিলে যুক্তি আৰু সংখ্যা জগতৰ প্ৰতি ধাউতি নথকা লোকৰ বাবে বৰ নিৰস হ’লহেঁতেন। আৰু চলিহাছাৰে হয়তো সেইটো ভাবিয়েই গণিত বা যুক্তি ৰাজ্যৰ জগতখনত বেছিকৈ নোসোমাই সাধাৰণ পাঠকক বৰকৈ আমনি নিদি এই সাঁথৰকেইটা একপ্ৰকাৰ গৌণ কৰি আন আনুষংগিক কথাৰে গল্পটো অতি ৰসাল কৰি পেলাইছিল। বস্তুতঃ গল্পৰ বিশেষ কাহিনীৰ টুকুৰাবোৰো এটা সাঁথৰৰ ৰুপত দিছিল আৰু তেখেতৰ গল্প লিখাৰ কৌশলত পৰি গল্পটো অতি ৰসাল হৈ উঠিছিল। ক’ব পাৰি এই সাঁথৰকেইটাক আলম লৈ মানুহৰ জীৱনৰ আচল সমস্যাও যে বহুত সময়ত গণিতেৰে ভৰা সাঁথৰ সমাধানৰ দৰেই হয়— তাৰ ওপৰতে জোৰ দি গল্পটো লিখিছিল। ফলত মানুহে যেন দুয়োটাই উপভোগ কৰিছিল। গণিত আৰু যুক্তিপ্ৰেমী আমি বহুতে অৱশ্যে গল্পৰ অন্তৰালত থকা সাঁথৰকেইটাকহে বেছি ভাল পাইছিলোঁ। গল্পটোৰ নামটোৱেও সূচায় যে এই সাঁথৰকেইটাক মুখ্য কৰিয়েই যেন গল্পটো লিখিবলৈ লৈছিল। এই সাঁথৰকেইটা আলোচনা কৰিবৰ বাবে আনুষংগিকখিনি বাদ দি সাঁথৰকেইটা তেখেতৰ নিজৰ ভাষাতেই লিখিছোঁ যাতে পাঠকে

তেখেতৰ গল্পৰ আমেজখিনি পায়।

 

প্ৰথম সাঁথৰ: “বহুবিক্ৰম ৰজাৰ তিনিজন মন্ত্ৰী— পৰমবুদ্ধি, মহাবুদ্ধি আৰু অতিবুদ্ধি। তেওঁলোক অতি সুচতুৰ, কিন্তু তেওঁলোকে ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। ৰজাই এজনক, আটাইতকৈ বুধিয়কজনক মাথোঁ ৰাজ্য চলাবৰ বাবে ৰাখি, বাকী দুজনক বন্দীশালত দিব। কিন্ত কেনেকৈ ঠিক কৰিব কোনজন আটাইতকৈ বুধিয়ক। ৰাণী সুমতিয়ে এটা পৰীক্ষা কৰাৰ পৰামৰ্শ দিলে। সেইমতে ৰজা বহুবিক্ৰমে এটা মোনাত তিনিটা বগা টুপী আৰু দুটা ক’লা টুপী লৈ গৈ তিনিওজন মন্ত্ৰীক দেখুৱালে। তাৰ পাছত তেওঁলোকক পিছপিনৰ পৰা মূৰত একোটাকৈ বগা টুপী পিন্ধাই দিলে, বাকী ক’লা টুপী দুটা মন্ত্ৰীসকলক নেদেখুৱাকৈ পুনৰ মোনাত ভৰাই থ’লে। প্ৰতিজন মন্ত্ৰীয়ে বাকী দুজনৰ মুৰৰ বগা টুপী দুটা দেখিছে, কিন্তু নিজৰ মূৰত কি ৰঙৰ টুপী নাজানে। ৰজাই ক’লে, এতিয়া যিজনে প্ৰথমতে ক’ব পাৰিব তেওঁৰ মূৰত কি টুপী আছে, তেওঁ মুক্ত হৈ পুনৰ মোৰ মন্ত্ৰী হ’ব। কিছুসময় যোৱাৰ পাছত পৰমবুদ্ধিয়ে কৈ উঠিল, মোৰ মূৰতো আপুনি বগা টুপীয়েই পিন্ধাই দিছে।”

....

সাঁথৰটো এইদৰে উত্থাপনৰ পাছত চলিহাদেৱে গল্পত সাঁথৰটোৰ বিশ্লেষণ কৰিছে এনেদৰে প্ৰশ্ন তুলি—

“প্ৰশ্ন: পৰমবুদ্ধিয়ে কেনেকৈ উত্তৰটো ভাবি উলিয়ালে? সঁচাই, কেনেকৈ ভাবি উলিয়ালে? আচৰিত কাণ্ড! বিছনাত উচপিচ কৰিছোঁ, বাৰে বাৰে বাগৰ সলাইছোঁ। এবাৰ উঠি পানী খালোঁ। দেৱালৰ ঘড়ীত এটা বাজিল, দুটা বাজিল, আঢ়ৈটা বাজিল ... তাৰ পাছত কেতিয়া ভাগৰত টোপনি আহিল ক’ব নোৱাৰোঁ। এটা উৎকট সপোন। যাত্ৰাপাৰ্টি। আমাৰ অফিছৰ ডম্বৰু গগৈ, যিজনে আমাক এই সমস্যাটো দিছিল— মস্ত দাঢ়ি-গোঁফ লগাই পৰমবুদ্ধি সাজিছে আৰু হঠাৎ দাঁত কৰচি পৰমবুদ্ধিয়ে (গগৈ) বিকট অট্টহাস্য কৰি উঠিল আৰু খাপৰ পৰা তৰোৱালখন টান মাৰি উলিয়াই সমস্ত দশৰ্কৰ সন্মুখতে আমাৰ দুয়োৰে বুকুত তাৰ জোঙা আগটোৰে ঠুকিবলৈ ধৰিলে : নোৱাৰিলেতো ক’ব? নোৱাৰিলেতো ক’ব? থাকক এতিয়া হ’ল লাইফ জেলত সোমাই, হাঃ হাঃ হাঃ হাঃ ...

... গতিকে সাৰ পাওঁতে দেৰি হ’ল, কিন্তু বুজিলোঁ টোপনি পুৰ হোৱা নাই। লগে লগে পৰমবুদ্ধিৰ কথাটো তৎক্ষণাৎ আকৌ মনত পৰিল। কি এনে যুক্তি খটালে, কি এইচা দুৰ্দন্ত লজিক? আমাতকৈ ইমান বেছি চালাক আছিল নে পৰমবুদ্ধি? ... কিন্তু ৰিয়েলি পৰমবুদ্ধিয়ে জানিলে কেনেকৈ? আশ্চৰ্যম্। হয়তো এনেকৈ ভাবিলে— মহাবুদ্ধিৰ মূৰত বগা টুপী, অতিবুদ্ধিৰ মূৰত বগা টুপী, গতিকে মোৰ মূৰত যদি ক’লা টুপী হয়, অতিবুদ্ধিয়ে ভাবিব যে ...”

সাঁথৰকেইটা যেনেকৈ ধুনীয়া কাহিনীৰ মাজেৰে উত্থাপন কৰিছে, তাৰ সমাধানো তেনেধৰণেই গল্পৰ কাহিনীৰ মাজত ধুনীয়াকৈ খাপ খুৱাই দিছে। চলিহাদেৱৰ নিজৰ গল্পৰ ভাষাতে তাৰ সমাধানবোৰ তলত এনেদৰে দিয়া হৈছে ...

প্ৰথম সাঁথৰৰ সমাধান: “কালি গগৈৰ আগত বোলে তৰুণ বৰুৱাই স্বীকাৰ কৰি পেলালে যে তেওঁ নোৱাৰিব। আচলতে তেওঁ ক’লে সেইটো মনত বাজি থাকিলে বহুত সময় বেকাৰ নষ্ট হয়, অইন চিন্তাৰ মাজত তাচৰ গোলাৰ দৰে চেহেৰাৰ তিনিটা মন্ত্ৰী চকুৰ আগত ভাহি উঠে, দস্তৰমতে আতংক এটা। গতিকে কৈয়েই দিলে— “মই নোৱাৰিম গগৈ, কওক পৰমবুদ্ধিয়ে কেনেকৈ উলিয়ালে”

“কৈ দিম নেকি?”

অপাৰ কৌতূহল কিন্তু মনে মনে থাকিলোঁ।

গতিকে গগৈয়ে কৈ দিলে, পৰমবুদ্ধিয়ে কেনেকৈ উলিয়ালে।

এনেকৈ উলিয়ালে :

পৰমবুদ্ধিয়ে ভাবিলে : দুটা সম্ভাৱনা আছে— মোৰ মূৰত হয় ক’লা টুপী, নহয় বগা টুপী। যদি ক’লা টুপী হয়। অতিবুদ্ধিয়ে কি ভাবিব, ‘মহাবুদ্ধিয়ে দেখিছে পৰমবুদ্ধিৰ মূৰত ক’লা টুপী, গতিকে মোৰ(অতিবুদ্ধিৰ) মূৰতো যদি ক’লা টুপী হয়, তেন্তে মহাবুদ্ধিয়ে তৎক্ষণাৎ বুজি পাব যে তেওঁৰ নিজৰ মূৰত ক’লা টুপী হ’ব নোৱাৰে, কাৰণ ক’লা টুপী মাত্ৰ দুটাহে আছিল।’ কিন্তু মহাবুদ্ধিয়ে উত্তৰটো দিব পৰা নাই। গতিকে...

‘আ—বুজিছোঁ, বুজিছোঁ। মই চিঞৰি উঠিলোঁ।’

...

ওপৰৰ সাঁথৰটো আচলতে তৰ্ক-যুক্তিৰ অতিৰিক্ত চিন্তাৰ বস্তু। অৰ্থাৎ মই কি ভাবিছোঁ নহয়, ইজনে কি ভাবিছে সেয়াহে। কিছু সহজ ভাষাত ক’বলৈ গ’লে এনে হ’ব : পৰমবুদ্ধিয়ে ভাবিলে তেওঁৰ নিজৰ মূৰত যদি ক’লা টুপী হয় তেতিয়া মহাবুদ্ধিয়ে ভাবিব যে তেওঁ(মহাবুদ্ধিয়ে) এটা ক’লা টুপী আৰু এটা বগা টুপী দেখিছে, আৰু গতিকে তেওঁ (মহাবুদ্ধিয়ে) ক’ব নোৱাৰে তেওঁৰ নিজৰ মূৰত কি টুপী আছে, যিটো বগাও হ’ব পাৰে বা ক’লাও হ’ব পাৰে। কিন্তু ক’লা হ’লে অতিবুদ্ধিয়ে দুটা ক’লা টুপী দেখিব আৰু নিজৰটো অৰ্থাৎ অতিবুদ্ধিয়ে বগা টুপী বুলি কৈ দিব পাৰিব, কিয়নো ক’লা টুপী মাথোন দুটাহে আছে। কিন্তু অতিবুদ্ধিয়ে ক’ব পৰা নাই নিজৰ মূৰত কি টুপী আছে। তাৰমানে অতিবুদ্ধিয়ে দুটা ক’লা টুপী দেখা নাই। তাৰমানে অতিবুদ্ধিয়ে নিজৰ মূৰত কটলা টুপী হ’লেও মহাবুদ্ধিৰ মূৰত ক’লা টুপী হ’ব নোৱাৰে। —এই কথাখিনি এনে যুক্তিৰে ভাবি পৰমবুদ্ধিয়ে ‘ইউৰেকা’ পাই গ’ল। এই কথাখিনি অতিবুদ্ধি আৰু মহাবুদ্ধিয়েও এনেদৰে ভাবি নিজৰ মূৰত বগা টুপী আছে বুলি ক’ব পাৰিলেহেঁতেন। কিন্তু বাকী কেইজন পৰমবুদ্ধিৰ দৰে ইমান চোকা বুদ্ধিৰে ভাবিব পৰা নাই। ক’বলৈ গ’লে আজিৰ বিজ্ঞানৰ যুগত পৰমবুদ্ধিক হয়তো ক’ব পাৰি Six Sigmaৰ ডিপ্লমা পোৱা এজন চোকা বুদ্ধিজীৱি।

....

 

দ্বিতীয় সাঁথৰ: চলিহাদেৱে দ্বিতীয় সাঁথৰটো উত্থাপন কৰিছে এনেদৰে:

“আহক তাৰ লগত গগৈয়ে উত্থাপন কৰা পুৰণি আন এটা সমান্তৰাল সমস্যাৰ (এইটোও বন্দীশালৰ) কথা : বন্দীশালত বন্দী। বন্দীশালত দুখন দুৱাৰ, বন্দীয়ে যিকোনো এখনেদি বাহিৰ হৈ যাব পাৰে। এখন দুৱাৰেদি ওলাই গ’লে বন্দী চিৰদিনৰ বাবে মুক্ত, কিন্তু ইখন দুৱাৰৰ বাহিৰত ফাঁচিৰ গড়া প্ৰস্তুত আছে, সেইপিনে বাহিৰ হ’লেই তেওঁক ওলমাই দিয়া হ’ব। দুখন দুৱাৰত দুজন প্ৰহৰীয়ে পহৰা দিছে। এজন প্ৰহৰীয়ে সদায় সঁচা কথা কয়। ইজন প্ৰহৰীয়ে সদায় মিছা কথা কয়। কোনজন সত্যবাদী, কোনজন মিথ্যাবাদী, কোনখন মুক্তিৰ দুৱাৰ, কোনখন মৃত্যুৰ দুৱাৰ— বন্দীয়ে একো নাজানে। যিকোনো মাত্ৰ এটা প্ৰশ্ন কৰিব পাৰিব, আৰু তাৰ যি উত্তৰেই পাওক, তাৰপৰা বন্দীয়ে জানিব লাগিব, মুক্তিৰ দুৱাৰ কোনখন।”

গল্পত এই দ্বিতীয় সাঁথৰৰ সমাধান আগবঢ়াইছে প্ৰথমতে পাঠকৰ মনত প্ৰশ্ৰ তুলি এনেদৰে:

“প্ৰশ্ন: প্ৰশ্নটো কি?

টিন মিকশ্চাৰ আৰু বাল্টি বাল্টি ঘামৰ শেষত ইয়াৰ উত্তৰো গগৈয়ে বিজয়গৰ্বে আমাক কৈছে: বন্দীয়ে সুধিব— “তোমাৰ এই লগৰীয়াজনক যদি মই সোধোঁ, মুক্তিৰ দুৱাৰ কোনখন— তেওঁ কোনখন দুৱাৰ দেখুৱাই দিব?” যদি মিথ্যাবাদীক সোধে, মিথ্যাবাদীয়ে মৃত্যুৰ দুৱাৰখন দেখুৱাই দিব (কাৰণ মিথ্যাবাদীয়ে জানে যে সত্যবাদীয়ে মৃত্যুৰ দুৱাৰখনেই দেখুৱাব)। যদি সত্যবাদীক সোধে, সত্যবাদীয়েও মৃত্যুৰ দুৱাৰখনেই দেখুৱাই দিব (কাৰণ সত্যবাদীয়ে জানে যে মিথ্যাবাদীয়ে মৃত্যুৰ দুৱাৰখনেই দেখুৱাই দিব)। উভয় ক্ষেত্ৰত, দুয়োজন প্ৰহৰীয়ে মৃত্যুৰ দুৱাৰখন দেখুৱাই দিব। গতিকে বন্দীয়ে ইখন দুৱাৰেদি ওলাই যাব।”

...

 

তৃতীয় সাঁথৰ: চলিহাদেৱে তৃতীয় সাঁথৰটো উত্থাপন কৰিছে এনেদৰে:

“বাৰু এইটো (বাঘ, ছাগলী আৰু এবোজা পাণৰ সাঁথৰটো) বাদ দিয়ক। এইটো চাওকচোন—সহজ, আপুনি এবাৰ ভাবিলেই ওলাই যাব। তেওঁ একডজন কমলাৰ সাঁথৰ এটা দিলে, বাৰটাৰ ভিতৰত এটা কমলা সামান্য বেলেগ। ঠিক আছে, পিছে এতিয়াতো যাবৰে হ’ল। ...

... গতিকে ৰাতি শুবৰ সময়ত আঁঠুৱাখন নেপেলাই টেবুল লাইটটো জ্বলাই কাগজ-পেঞ্চিল লৈ বহিলোঁ। বাৰটা কমলা দেখিবলৈ অবিকল একে। তাৰ এঘাৰটাৰ ওজনো একে। মাথোঁ এটা কমলাৰ ওজন অলপ বেছি বা অলপ কম (কম নে বেছি জনা নাই)। এখন পাল্লা আছে। দগা নাই। ...

খুব ভালকৈ জানো যে ইহ জনমত এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ নহ’ব : চাকৰি গৈছে। এতিয়া ঘৰে ঘৰে আম আৰু কমলা বেচি ফেৰি কৰোঁ। লগত দগা-পাল্লাও থাকে। এদিন গোটেইবোৰ দগা-পাল্লা হেৰাই থাকিল। এঘৰৰ গৃহিণীয়ে বাৰাণ্ডাৰপৰা ‘এই কমলা’ বুলি মাতিলে। একডজন কমলা ল’ব। মই ক’লো যে এটাৰ ওজন সামান্য ইফাল-সিফাল হ’ব পাৰে। গৃহিণীয়ে হঠাৎ কাপোৰৰ মাজৰ পৰা ৰিভলভাৰ এটা উলিয়াই আনি মোৰ মূৰত টোঁৱাই ধৰিলে আৰু হিমশীতল কণ্ঠে ক’লে— “তিনিবাৰ ওজন কৰিবৰ অনুমতি দিছো, মাত্ৰ তিনিবাৰ। এই তিনিবাৰৰ ভিতৰত কমলা বাৰটা ই-পাল্লা সি-পাল্লা কৰি উলিয়াই দিয়া, কোনটো কমলা বেলেগ, আৰু ওজন ইবোৰতকৈ কমনে বেছি। কিন্তু সাৱধান, মাত্ৰ তিনিবাৰ নহ’লে—

কাগজত একডজন ‘কমলা’ আঁকি তন্ময় হৈ এক, দুইকৈ নম্বৰ দিব ধৰিলো।”

তৃতীয় সাঁথৰৰ সমাধান: গল্পটোত চলিহা ছাৰে কায়দা কৰি এই বাৰটা কমলাৰ সাঁথৰৰ সমাধানটো দিয়া নাই, আৰু পাঠকেও গল্পৰ ৰসৰ নামত একো আপত্তি নকৰাকৈ মানি লৈছে। তাৰ সমাধানটো নিদিয়াৰ এটা কাৰণ আছে। কিয়নো এই সাঁথৰটো আচলতে আটাইকেইটা সাঁথৰতকৈ কঠিন আৰু ইয়াৰ সমাধান দিবলৈ গ’লে গল্পটোৰ সৌন্দৰ্য হয়তো বহুখিনি হ্ৰাস পাব। এই কমলাৰ সাঁথৰটো তেনেদৰে মিলাব পৰা সাঁথৰ নহয়। সাঁথৰটো যে সহজ নহয় তাৰ উদাহৰণস্বৰূপে মই এজন বন্ধুক সুধি চালোঁ তেওঁ সমাধানটো কেনেকৈ কৰিব। তেওঁ ক’লে— “কিয়, মই প্ৰথমেতে কমলা খিনি দুভাগ কৰি ছটা ছটাকৈ পাল্লাত জুখিম।” তেতিয়া মই লগে লগে ক’লো যে সেইটো কৰি এক পাল্লা নষ্ট কৰাৰ বাহিৰে একো কাম নহ’ব। ছটা ছটাকৈ জুখিলে আমি মাথোন ইয়াকে গম পাম যে পাল্লাখন সমান হোৱা নাই। এফালে পাতল আৰু এফালে গধুৰ হৈ আছে। সেইটা আমি পাল্লাত নোজোখাকৈও জানো। আমি নেজানিম কোনফালৰ পাল্লাত বেয়া কমলাটো আছে— পাতল ছটাত নে গধুৰ ছটাত। গতিকে সাঁথৰটো অলপ গহীন। সমস্যা হ’ল পাল্লাৰ তিনি জোখতে উলিয়াব লাগিব বেয়া কমলা কোনটো আৰু সেইটো পাতল নে গধুৰ। ইফালে ৰিভৰভাৰ লৈ গৃহিণী ৰৈ আছে। সঁচা কথা ক’বলৈ গ’লে এনেধৰণৰ সাঁথৰ আধুনিক যুগৰ মেনেজমেন্টৰ Six Sigma ৰ Black Belt পৰীক্ষাৰ্থীক দিয়া হয়। সেয়ে ইয়াৰ সমাধানো কিছু জটিল আৰু দীঘলীয়া আৰু আমি অন্ততঃ পৰমবুদ্ধি নহ’লেও মহাবুদ্ধিৰ নিচিনাকৈ চিন্তা কৰিব লাগিব।

গল্পত নিদিয়া এই কমলাৰ সাঁথৰৰ সমাধানটো আচলতে এনেধৰণৰ হ’ব। (এই সমাধানটো এই লেখকে অনেক কষ্ট কৰি ইন্টাৰনেট চলাথ কৰি উদ্ধাৰ কৰিছে, আৰু কেইবাটাও বিভিন্ন সমাধান বিশ্লষেণ কৰি এইটোকে সহজ বুলি প্ৰকাশ কৰিছে।)

প্ৰথমতে সুবিধাৰ বাবে বাৰটা কমলাত ১, ২, ৩, ৪কৈ চিন দিয়ক আৰু প্ৰত্যেকৰে দাঁতিত এনেদৰে এটা চিন দিয়ক:

(X?) মানে মই কমলাটোৰ বিষয়ে একো নাজানো।

(X<) মানে কমলাটো আনবোৰতকৈ পাতল হ’ব পাৰে।

(X>) মানে কমলাটো আনবোৰতকৈ গধুৰ হ’ব পাৰে।

(X) একো চিন নাথাকিলে বুজাব যে কমলাটো সঠিক জোখৰ।

প্ৰথম পাল্লাত, বাঁওফালৰৰ পাল্লাত এইকেইটা কমলা দিয়ক: ১? ২? ৩? ৪?

আৰু সোঁফালৰৰ পাল্লাত এইকেইটা কমলা দিয়ক: ৫? ৬? ৭? ৮?।

(ক) যদি পাল্লা দুখন সমান দেখায় তেনেহ’লে এই ৮ টা ভাল কমলা বুলি গম পাব আৰু বেয়া কমলাটো ৯? ১০? ১১? ১২?ৰ ভিতৰত থাকিব লাগিব।

দ্বিতীয় পাল্লাত ১, ২, ৩ ভাল কমলাকেইটা বাঁওফালে দি ৯? ১০? ১১? কমলাকেইটা সোঁফালৰ পাল্লাত দিয়ক।

যদি পাল্লা দুখন সমান হৈয়েই থাকে তেনেহলে বুজিব যে ৯, ১০, ১১ কমলাকেইটা ভাল আৰু বেয়া কমলাটো হ’ল ১২?

তৃতীয় পাল্লাত ১২? কমলাটো এটা ভাল কমলাৰ লগত ওজন কৰি গম পাই যাওক এইটো পাতল নে গধুৰ।

যদি ওপৰৰ দ্বিতীয় পাল্লাত সোঁ পাল্লা পাতল হয়, তেতিয়া বুজিব যে ১২ কমলাটো ঠিকে আছে আৰু ৯< ১০< ১১< এইকেইটাৰ কোনোবা এটা পাতল।

তেতিয়া তৃতীয় পাল্লাত ৯< আৰু ১০< কমলা দুটা পাল্লাৰ দুইফালে দি জোখক। যদি দুয়োটা পাল্লা সমান হয়, তেনেহ’লে বুজিব যে ৯< ১০< ঠিকে আছে আৰু ১১< কমলাটোহে পাতল।

যদি তৃতীয় পাল্লাত কমলা দুটাৰ ওজন সমান নহয় তেনেহ’লে বুজিব যে যিটোৱেই পাতল হৈছে সেইটোৱেই বেয়া পাতল কমলা।

ওপৰৰ দ্বিতীয় পাল্লাত যদি সোঁ পাল্লা গধুৰ হয়, তেনেহ’লে ৯> ১০> ১১> কমলাৰ কোনোবা এটা গধুৰ আৰু ওপৰৰ মতে গধুৰ কমলাটো বাহিৰ কৰক।

(খ) ওপৰৰ প্ৰথম পাল্লাত যদি পাল্লা দুখন সমান নহৈ বাওঁ পাল্লা গধুৰ হয় তেতিয়াহ’লে বুজিব যে কমলাবোৰ এনে—

পঠনীয়:  সুব্ৰতানন্দ দুৱৰা : এক বিৰল অসমীয়া গণিতজ্ঞৰ স্মৰণ

১> ২> ৩> ৪> , ৫< ৬< ৭< ৮< আৰু ৯ ১০ ১১ ১২। অৰ্থাৎ ৯, ১০, ১১, ১২ কমলাকেইটা ভাল, আৰু বাকী ৮টাৰ ভিতৰত বেয়া কমলাটো আছে।

তেতিয়া দ্বিতীয় পাল্লাত পাল্লা দুখন এনেদৰে নতুনকৈ সজাওক— বাঁও পাল্লাত ১> ২> ৩> ৫< আৰু সোঁ পাল্লাত ৪> ৯ ১০ ১১

মন কৰিব যে ৪> আৰু ৫< কমলা দুটাৰ স্থান সলনি কৰি দিয়া হৈছে, আৰু বাঁওফালে ৬< ৭< ৮< ৰ ঠাইত ৯ ১০ ১১ এই ভাল কমলাকেইটা দিয়া হৈছে।

এতিয়া যদি দ্বিতীয় পাল্লাত পাল্লা দুখন সমান হৈ যায়, তেতিয়া বুজিব যে বেয়া কমলাটো পাতল আৰু ৬< ৭< ৮< বাহিৰ কৰি দিয়া কমলাৰ ভিতৰতে আছে।

তৃতীয় পাল্লাত ওপৰত ৯< ১০< ১১< কমলাকেইটাৰ দৰে কোনটো পাতল কমলা বাহিৰ কৰি লওক।

ওপৰৰ দ্বিতীয় পাল্লাত যদি বাওঁ পাল্লা পাতল হয়, তেতিয়াহ’লে বুজিব যে বেয়া কমলাটো হয় ৫< (পাতল) বা ৪> (গধুৰ)।

তেতিয়া তৃতীয় পাল্লাত ১ আৰু ৪> জোখক। যদি দুয়োটা সমান হয় তেনেহ’লে বুজিব যে ৫< কমলাটো পাতল বেয়া কমলা। নহ’লে ৪> কমলাটো বেয়া গধুৰ কমলা।

ওপৰৰ দ্বিতীয় পাল্লাত যদি বাওঁ পাল্লা গধুৰ হৈ থাকে, তেতিয়া বুজিব যে বেয়া গধুৰ কমলাটো ১> ২> ৩>ৰ ভিতৰতে আছে। আৰু ওপৰত বৰ্ণোৱাৰ দৰে কোনটো গধুৰ কমলা বাহিৰ কৰক।

...

এই সাঁথৰবিলাকৰ সমাধান আলোচনা কৰাৰ লগতে এই যুক্তিৰ সাঁথৰ সমন্ধে দুআষাৰ ক’ব খুজিছোঁ আৰু লগতে পাঠকৰ ৰসৰ বাবে দুটামান নতুন সাঁথৰ আগবঢ়াব খুজিছোঁ। এই সাঁথৰবিলাকে আমাক গণিত, সাঁথৰ, যুক্তি আদিৰ এখন বেলেগ ৰাজ্যলৈ লৈ যায়। এই সাঁথৰবোৰৰ প্ৰচলনে এইটোও বুজায় যে আজিকালি এনেবোৰ সাঁথৰ বিশ্বজনীন হৈ গৈছে যদিও এসময়ত এইবোৰৰ মূল উৎস আছিল ভাৰতবৰ্ষ। ভাৰতবৰ্ষ আছিল গণিতৰ দেশ। এতিয়া ভাবিলে আচৰিত যেন লাগে যে যি ক্ষেত্ৰত গ্ৰীকবোৰে ১০,০০০ৰ ওপৰৰ সংখ্যা চিন্তা কৰিব নোৱাৰিছিল আৰু শূণ্য(০) আৰু অসীম বুলিলে ভয় খাইছিল, সেইক্ষেত্ৰত ভাৰতে শূণ্য (০) আবিষ্কাৰ কৰাই নহয়, বৌদ্ধ ধৰ্মত শূন্য বাদ দৰ্শনৰ সৃষ্টি কৰিছিল আৰু জৈনবোৰে কেইবাপ্ৰকাৰে অসীম infinityৰ সংজ্ঞা উলিয়াইছিল। এই অসীম সংখ্যা লৈ সৃষ্টি কৰা বহুতো কাহিনী আছে, যিবিলাকৰ সমাধানৰ বাবে আধুনিক গণিতৰ সহায় ল’ব লাগে। সংখ্যাৰ বাহিৰতো আৰু বহুতো যুক্তি অংকৰ সাঁথৰ আছে, ওপৰৰ গল্পটোৰ দৰে। যেতিয়া আমি এটা সমস্যাৰ উত্তৰ বা সমাধান নাই বুলি ভাবোঁ, তেতিয়া এই সাঁথৰবোৰে আমাক ভাবিবলৈ শিকায় যে আচলতে আৰু দকৈ চিন্তা কৰিলে হয়তো তাৰ সমাধান আছে। বহুত সময়ত মানুহৰ জীৱনৰ সমস্যাবোৰো এনে ধৰণৰ। বহুত সময়ত আমি তাৰ সমাধান নাপাওঁ, কিয়নো আমি পৰিধিৰ বাহিৰত ভাবিব পৰা নাই। এটা সময়ত এই সাঁথৰবোৰ ভাৰতৰ পৰা গৈ বিভিন্ন দেশত বিয়পি পৰিছিল। ইয়াত তাৰে দেশ-বিদেশৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা দুটামান নতুন সাঁথৰ আগবঢ়োৱা হৈছে। পাঠকৰ আনন্দৰ বাবে চলিহাদেৱৰ গল্পৰ দৰেই, সাঁথৰকেইটা কল্পনাৰ কাহিনীত কিছু ৰহণ সনা।

 

চাৰি নম্বৰ সাঁথৰ: এইটো তিনি নম্বৰ সাঁথৰৰ দৰেই আৰম্ভ হয়। গুৱাহাটী নগৰৰ কোলাহলৰ মাজত এটা দুধৱালাই মূৰত গাখীৰৰ বোজা লৈ গৈ আছে। এগৰাকী গৃহিনীয়ে দুধৱালা দেখি মাতিলে— ‘এই দুধ’। সি সোমাই গ’ল আৰু দুধৰ ডাঙৰ বাচনটো নমাই থ’লে। ক’লে যে তাৰ হাতত দুটা জোখৰ জগ আছে, এটা ৪ লিটাৰৰ আৰু এটা ৯ লিটাৰৰ। সুধিলে কিমান দুধ লাগিব। গৃহিণীয়ে ক’লে যে তেওঁক ৪ লিটাৰো নালাগে আৰু ৯ লিটাৰো নালাগে, তেওঁক পক্কা ৬ লিটাৰ দুধ লাগে। তেওঁক এটা ভোগৰ বাবে লাগে, একেবাৰে সঠিক জোখৰ হ’ব লাগিব। দুধৱালাই ক’লে— “কয়ি ডিক্কত নাহি হেই। আপ এক দোচোৰা বাচন দিজিয়ে।” গৃহিণীয়ে বাচন এটা লৈ আনিলে। তেতিয়া দুধৱালাই ৪ লিটাৰ আৰু ৯ লিটাৰ জোখৰ জগ দুটাইদি ইজগ সিজগ কৰি কিবাকিবি কৰিলে আৰু এটা সময়ত ৯ লিটাৰ জগটোত পক্কা ৬ লিটাৰ গাখীৰ জোখ হ’ল বুলি গৃহিণীক দি দিলে, “লিজিয়ে আপকা ৬ লিটাৰ দুধ।”

প্ৰশ্ন: দুধৱালাই এই ৪ লিটাৰ আৰু ৯ লিটাৰ জগ দুটাৰে কেনেকৈ ৬ লিটাৰ গাখীৰ জুখি দিলে?

চাৰি নম্বৰ সাথৰৰ সমাধান: প্ৰথমতে ৯ লিটাৰ জগটোত পূৰা গাখীৰ ভৰাওক। তাৰপৰা ৪ লিটাৰ গাখীৰ ৪ লিটাৰৰ জগটোত ঢালি দিয়ক। আৰু ৪ লিটাৰৰ জগটো খালী কৰি গাখীৰখিনি এটা বাচনত থৈ দিয়ক। তেতিয়াহ’লে এতিয়া আপোনাৰ ৯ লিটাৰ জগটোত ৫ লিটাৰ গাখীৰ

আছে।

এতিয়া ৯ লিটাৰ জগটোৰপৰা আৰু ৪ লিটাৰ গাখীৰ ৪ লিটাৰৰ জগটোত ভৰাই দিয়ক, আৰু আগৰবাৰৰ দৰেই ৪ লিটাৰৰ জগটো খালী কৰি দিয়ক। এতিয়া আপোনাৰ ৯ লিটাৰ জগটোত থাকিল ১ লিটাৰ, আৰু ৪ লিটাৰ জগটো খালী।

এইবাৰ ৯ লিটাৰ জগটোৰ পৰা বাকী ১ লিটাৰ গাখীৰ এই ৪ লিটাৰ জগটোত ঢালি দিয়ক।

এইবাৰ ৯ লিটাৰ জগটোত আকৌ পূৰা গাখীৰ ভৰাই দিয়ক আৰু সেইখিনি ৪ লিটাৰ জগটোত ঢালি দিয়ক। কিন্তু যিহেতু আপোনাৰ ৪ লিটাৰ জগটোত ১ লিটাৰ গাখীৰ আছেই, তাত ৯ লিটাৰ জগটোৰপৰা মাথোন ৩ লিটাৰ গাখীৰহে ঢালিব পাৰিব। গতিকে সেই তিনি লিটাৰ গাখীৰ ঢলাৰ পাছত ৯ লিটাৰ জগটোত আপুনি বিচৰা ৬ লিটাৰ গাখীৰ থাকিব।

 

Image Source : Shutterstock

Image Source : Shutterstock

পাঁচ নম্বৰ সাঁথৰ: মোগল সাম্ৰাজ্যৰ দিন। দিল্লী নগৰ। সম্ৰাট ফিৰোজ খানৰ এজন পুতেক চোৰাবৰ তীৰকঁপে জ্বৰ উঠিছে। দিল্লী নগৰৰ বহুত মুছলিম চিকিসকৰ চিকিৎসাতো অসুখ ভাল হোৱা নাই। হিন্দু কবিৰাজো মতা হ’ল। শেষত দৈৱজ্ঞও মতা হ’ল, চাই ক’লে চোৰাবৰ শনিৰ দশা পৰিছে। গতিকে শনি পূজা কৰা হ’ল আৰু দিল্লী নগৰৰ একেবাৰে ভাল আয়ুৰ্বেদৰ কবিৰাজক মতা হ’ল। কবিৰাজে চাই ক’লে যে তেওঁ দুপালি দৰব দিব আৰু এই দুপালিতে শনিৰ দশাও শেষ হ’ব আৰু অসুখো ভাল হ’ব। কিন্তু ক’লে যে এই দুপালি দৰব পূৰা ৯ মিনিটৰ মূৰত খুৱাব লাগিব। সেইদিনত আজি কালিৰ দৰে ঘড়ী নাছিল, সাধাৰণতে পানী-মান যন্ত্ৰ (water clock) ব্যৱহাৰ কৰিছিল। কিন্তু এইবোৰ পানী-মান যন্ত্ৰ লগত লৈ ফুৰাব পৰা বস্তু নাছিল আৰু তাত পানী-মান যন্ত্ৰবোৰ গৰম কালি আৰু ঠাণ্ডা কালি বেলেগ সময় দিছিল। তাৰ কাৰণ তেওঁলোকে গম নাপালেও আমি আজিকালি জানো যে পানীৰ viscosity গৰম বা ঠাণ্ডাত বহুত তাৰতম্য ঘটে। যি কি নহওক, চোৰাবৰ বাবে পাৰস্যৰপৰা অনা নতুন বালি-মান যন্ত্ৰ (sand clock বা sand timer) ব্যৱহাৰ কৰিবলৈ আদেশ হ’ল। ৰাজ প্ৰসাদৰ বালি-মান মিস্ত্ৰিক মতা হ’ল ৯ মিনিটৰ সময় ধৰিবৰ বাবে। মিস্ত্ৰিয়ে ক’লে তেওঁৰ হাতত মাথোন দুটা বালি-মান যন্ত্ৰ আছে, এটা ৪ মিনিটৰ আৰু এটা ৭ মিনিটৰ। কবিৰাজে ক’লে মোক ৪ মিনিট বা ৭ মিনিট নালাগে, মোক পক্কা ৯ মিনিটৰ সময় ধৰিব লাগে, নহ’লে শনি নাযাব। মিস্ত্ৰিয়ে ক’লে— “কয়ি ডিক্কট নেহি হায়। আপ দৱা দিজিয়ে, হাম ৯ মিনিট কা ঘটি ৰাখটা হো।” এইবুলি মিস্ত্ৰিয়ে বালি-মান যন্ত্ৰ দুটা চলাবলৈ আৰম্ভ কৰিলে আৰু এবাৰ ক’লে— “আপ পহলা দৰব দিজিয়ে।” তাৰ পাছত ৪ মিনিট আৰু ৭ মিনিট বালি-মান যন্ত্ৰৰ ইফাল-সিফাল কৰি এবাৰ ক’লে, “আপকা ৯ মিনিট হো গিয়া হায়। আপ দোচৰা দৰব দিজিয়ে।” আৰু এনেকৈয় কবিৰাজে ৯ মিনিটৰ মূৰত চোৰাবক ঔষধ খুৱালে। আমি অৱশ্যে নাজানো সেই ঔষধে চোৰাবৰ জ্বৰ ভাল কৰিলেনে নাই।

এতিয়া প্ৰশ্ন হ’ল: বালি-মান মিস্ত্ৰিয়ে মাত্ৰ ৪ মিনিট আৰু ৭ মিনিটৰ বালি-মান যন্ত্ৰৰে কেনেকৈ ৯ মিনিট সময় ধৰি দিছিল?

পাঁচ নম্বৰ সাঁথৰৰ সমাধান: প্ৰথমতে দুয়োটা বালি-মান যন্ত্ৰ চলাই দিয়ক। ৪ মিনিটৰ পাছত ৪ মিনিটৰ বালি-মান যন্ত্ৰটো ওলোটা কৰি আকৌ চলিবলৈ দিয়ক। এনেদৰে ৪ মিনিটৰ বালি মান যন্ত্ৰটো ৪ বাৰ মুঠ ১৬ মিনিট সময় চলিবলৈ দিয়ক।

ইফালে ৭ মিনিটৰ পাছত ৭ মিনিটৰ বালি মান যন্ত্ৰটো যেতিয়া শেষ হ’ব, তেতিয়া প্ৰথম পালি দৰব খাবলৈ দিয়ক আৰু আপোনাৰ ৯ মিনিট সময়ৰ গন্তি আৰম্ভ কৰক। আপোনাৰ ৯ মিনিট সময় হ’বগৈ যেতিয়া শেষ (৪x৪) ৪ মিনিট বালি-মান যন্ত্ৰটো শেষ হ’ব। তাৰমান ৪ মিনিটৰ বালি-মান যন্ত্ৰ ৪ বাৰ চলাই আপুনি মুঠ ১৬ মিনিট সময় পালে; কিন্তু আপোনাৰ ৯ মিনিট সময় আৰম্ভ হ’ল প্ৰথম ৭ মিনিট যোৱাৰ পাছৰ পৰা। অৰ্থাৎ ১৬-৭=৯ মিনিট।

 

ছয় নম্বৰ সাঁথৰ: এসময়ত গ্ৰীছত পেন্দৰা নামৰ এজনী বুধিয়ক ছোৱালী আছিল। তাইক বহুত ডেকাই বিয়া কৰাব খুজিছিল। তাই তাৰে আটাইতকৈ বুধিয়ক ডেকাজন বাচি উলিয়াবৰ বাবে এটা যুক্তিৰ খেলা উদ্ভাৱন কৰিলে। তাই তিনিটা বাকচ সাজিলে আৰু তাৰে এটাত বিয়াৰ

আঙুঠিটো সুমুৱাই থ’লে, আৰু প্ৰত্যেকটো বাকচতে একোটা বাক্য লিখি দিলে। তাই আৰু ক’লে যে বাকচবিলাকত লিখা কথা মাত্ৰ এটাহে সঁচা আৰু বাকী দুটা মিছা। এতিয়া বাকচবিলাকত লিখা কথাৰপৰা যিজনে ক’ব পাৰিব কোনটো বাক্য সঁচা আৰু তাৰপৰা কোনটো বাকচত আঙঠিটো আছে উলিয়াই আনিব পাৰিব, তেওঁকে তাই বিয়া কৰিব। বাকচবোৰত এনেদৰে লিখা আছে:

সোণৰ বাকচ— আঙঠিটো এই বাকচত আছে।

ৰূপৰ বাকচ— আঙঠিটো এই বাকচত নাই।

তামৰ বাকচ— আঙঠিটো সোণৰ বাকচত নাই।

প্ৰশ্ন: ইয়াৰে মাথোন এটা বাকচৰ বাক্য সঁচা, বাকীবোৰ মিছা। তাকে উলিয়াই ক’ব লাগে, আঙঠিটো কোনটো বাকচত আছে।

ছয় নম্বৰ সাঁথৰৰ সমাধান: আমি যদি ধৰোঁ যে সোণৰ বাকচত লিখা কথাখিনি সঁচা, তেনেহ’লে আমি ধৰিব লাগিব যে আঙঠিটো সোণৰ বাকচতে আছে, আৰু বাকী দুটা বাকচত লিখা কথাখিনি মিছা হ’ব। কিন্তু তেতিয়াহ’লে ৰূপৰ বাকচত লিখা কথাখিনিও মিছা হ’ব লাগিব, যাৰ মানে আঙঠিটো ৰূপৰ বাকচতে থাকিব লাগিব। কিন্তু একেলগে দুটা বাকচত আঙঠিটো থাকিব নোৱাৰে। তাৰমানে আমি জানিব লাগিব যে সোণৰ বাকচত লিখা কথা খিনি মিছা হ’ব লাগিব।

ৰূপৰ বাকচত লিখা কথাখিনিও সঁচা হ’ব নোৱাৰে, কিয়নো তেতিয়া বাকী দুটা মিছা হ’ব লাগিব। তাৰমানে তামৰ বাকচত লিখা কথা আৰু সোণৰ বাকচত লিখা কথাখিনিও মিছা হ’ব লাগিব। আৰু এই দুটা একেলগে মিছা হ’ব নোৱাৰে, এটাই কয় সোণৰ বাকচত আছে আৰু আনটোৱে কয় সোণৰ বাকচত নাই।

তামৰ বাকচৰ কথাবোৰ সঁচা বুলি ল’লে, কাৰো একো দোষ নলগাকৈ আমি বাকী দুটা মিছা বুলি ক’ব পাৰোঁ।

তাৰমানে তামৰ বাকচত লিখা কথাখিনিহে সঁচা আৰু বাকীবোৰ মিছা। অৰ্থাৎ আঙঠিটো ৰূপৰ বাকচতে আছে।

 

সাত নম্বৰ সাঁথৰ: এটা মন্দিৰত তিনিগৰাকী দেৱী আছিল। তেওঁলোকৰ নামবোৰ আছিল— ‘সত্যসুন্দৰী’ (যি সদায়েই সঁচা কথা কয়), ‘অসত্যমতী’ (যি সদায়েই মিছা কথা কয়) আৰু এগৰাকী হ’ল ‘অপেস্বৰী’ (যি সঁচাও ক’ব পাৰে আৰু মিছাও ক’ব পাৰে)। তেওঁলোক আটাই কেইগৰাকী দেখিবলৈ একে।

মন্দিৰৰ পুৰোহিতে ঘোষণা কৰিলে যে যি এই তিনিগৰাকী দেৱীক প্ৰত্যেককে এটা এটা প্ৰশ্ন কৰি কোনগৰাকী দেৱী কোন উলিয়াই দিব পাৰিব। তেওঁ মন্দিৰৰ সকলো ধন-সোণ পাব। এজন অতি দুখীয়া কিন্তু বুধিয়ক ডেকাই কোনজনী কোন এই কথাটো উলিয়াবৰ বাবে তিনিগৰাকী দেৱীক তিনিটা প্ৰশ্ন কৰিলে আৰু তেওঁলোকৰ উত্তৰত নিৰ্ভৰ কৰি ডেকাই সঠিকভাৱে কৈ দিলে যে তেওঁলোক বহি আছে এনেদৰে— অসত্যমতী, অপেস্বৰী আৰু সত্যসুন্দৰী।

প্ৰশ্ন: তেওঁ কাক কি প্ৰশ্ন কৰি এনেকৈ ক’ব পাৰিলে?

সাত নম্বৰ সাঁথৰৰ সমাধান: তেওঁ প্ৰথমতে একেবাৰে বাঁওফালে বহি থকা গৰাকীক সুধিলে— “আপোনাৰ দাঁতিত কোন বহি আছে?” উত্তৰ পালে— সত্যসুন্দৰী।

ইয়াতে তেওঁ বুজিলে যে বাঁওফালৰ গৰাকী নিজে তাৰমানে সত্যসুন্দৰী নহয়। কিয়নো হ’লে তেওঁ সঁচা কথা ক’ব, আন এগৰাকীক তেওঁ সত্যসুন্দৰী বুলি কবলৈ নাযায়। তাৰমানে তেওঁ অসত্যমতী বা অপেস্বৰী হ’ব।

তেতিয়া তেওঁ মাজৰ গৰাকীক সুধিলে— “আপুনি কোন?” উত্তৰ পালে, “মই হ’লো অপেস্বৰী।” তাৰমানে তেওঁ অপেস্বৰী বা অসত্যমতী হ’ব। সত্যসুন্দৰী হ’ব নোৱাৰে।

তেতিয়া তেওঁ একেবাৰে সোঁফালৰ গৰাকীক সুধিলে আপোনাৰ দাঁতিত কোন বহি আছে। উত্তৰ পালে— “অসত্যসুন্দৰী।”

এই উত্তৰটো আমি সঁচা বুলি ধৰিলে বাকী দুটাত একো দোষ নালাগে।

তাৰমানে আমি একেবাৰে সোঁফালৰ গৰাকী সত্যসুন্দৰী বুলি ধৰিব লাগিব, আৰু তেওঁ কোৱা মতে মাজৰ গৰাকী অসত্যমতী হ’ব লাগিব।

তাৰমানে তেওঁলোক বহি আছে এনেদৰে: অপেস্বৰী, অসত্যমতী আৰু সত্যসুন্দৰী।

 

আঠ নম্বৰ সাঁথৰ: এইটো সাঁথৰ আহিছে আমাৰ একেবাৰী অসমৰ গাঁৱৰপৰা। বহু দিনৰ আগতে আমাৰ জাঁজীৰ গাঁৱৰ ঘৰত এজন মানুহ আছিল; আমি কণকাই বুলি মাতিছিলোঁ। এনেয়ে হয়তো ভাল মানুহৰ বংশৰ আছিল, কিন্তু স্বভাৱৰ দোষতে ওফৰাজেং বা কেতিয়াবা বজ্ৰলেপ হৈ ইঘৰ-সিঘৰ কৰি খাই-বৈ ঘৰৰ কাম-বন কৰি থাকে। কাৰোবাৰ ঘৰত বিয়া-সবাহ হ’লে খোৱাৰ লোভত এমাহ আগৰে পৰা এমাহ পাছলৈকে থকাটো কণকাইৰ নিয়ম। মনত আছে তেওঁ মাজে মাজে কিছুমান ফদ্য গাই থাকে। এবাৰ গালে— “শনিয়ে সাদিন, মঙলে তিনিদিন আৰু আনবোৰে দিন দিন।” মই সুধিলোঁ— “তাৰমানে কি?” ক’লে— “শনিবাৰে বৰষুণ দিলে সাতদিন দিয়ে, মঙলবাৰে বৰষুণ দিলে তিনিদিন দিয়ে আৰু আনবোৰ বাৰত বৰষুণ দিলে এদিন এদিন দিয়ে।” মই কথাটো বহুত দিনলৈকে সঁচা বুলি ভাবি আছিলোঁ। যি কি নহওক তেওঁ মৰণা মাৰি থাকোঁত মোৰ লগত এনে মৌখিক অংকৰ সাঁথৰ আলোচনা কৰি থাকে। কণকায়ে এদিন মোক আৰু আচৰিত কৰি আৰু আনন্দ দি এটা ধুনীয়া শব্দৰ সাঁথৰ ক’লে। প্ৰথমতে মোক তলৰ শাৰীটোৰ পৰা এটা আখৰ ভাবিবলৈ ক’লে:

হতদেখা পঞ্চাশৰ কালিনাথ অগম

মই ভাবিলো ‘প’ আখৰটো। তাৰ পাছত কণকায়ে এটা এটাকৈ আৰু চাৰিটা অতি শুৱলা পদ্যৰ শাৰী শুনালে আৰু মই ভবা আখৰটো কোনটো কোনটো শাৰীত আছে ক’বলৈ ক’লে।

১। শুনা প্ৰিয়া প্ৰাণেসৈ, মনে অমা নাশাকৈ, যদি পাওঁ কানু হেনে স্বামী।

২। জলত সবৃষ তনু, সশীসব শুভ দনু, চঞ্চল লোচন গজ গামি।

৩। স্বভাৱে অশেষ চম্পা, গঞ্চ পঞ্চ থোপা থোপে খৃগ মৃগ দ্বজ সব গামি।

৪। গকুলেৰ অথল ভাব, ভুবনেৰ কৃয়া ধাৰ কৃয়াৰো কৰিব গুণ আমি।

মই ক’লো যে মোৰ আখৰটো ১ নম্বৰ আৰু ৩ নম্বৰ শাৰীত আছে। লগে লগে কণকায়ে আঙুলিৰ মূৰত কিবা গণ্টি কৰি গৈ দিলে মই ভবা আখৰটো— ‘প’। ইয়াৰ পাছত আৰু কেইবাটাও আখৰ ধৰি পৰীক্ষা কৰা হ’ল, আৰু প্ৰত্যেকবাৰেই এক মিনিটৰ ভিতৰতে কণকায়ে আঙুলিৰ মূৰত গণ্টি কৰি মই ভবা আখৰটো কৈ দিলে।

পঠনীয়:  পেলিনড্ৰম সংখ্যা (Palindrome Number)

মই মনতে ভাবিলোঁ, মই এটা সোণৰ সাঁথৰ পালোঁ। প্ৰথম কথা, পদ্যখিনি শুনিবলৈ ইমান শুৱলা। মই লগে লগে কাগজত লিখি ললোঁ। সুধিলোঁ— ক’ত পালে। ক’লে— তেওঁক অন্য কোনোবাই শিকাইছিল, মনত নাই। শব্দবিলাকৰ অৰ্থ বিচাৰি হাবাথুৰি খালোঁ, আৰু শব্দৰ অৰ্থ পালেও তাৰ বাক্যৰ লগত কোনো সম্বন্ধ নাই।

যি কি নহওক, মই চেষ্টা কৰিলোঁ তেওঁ কেনেকৈ আঙুলিৰ মূৰত গণ্টি কৰি আখৰটো কয়। অলপ পঢ়ি গম পাইছিলো যে ওপৰৰ প্ৰথম শাৰীটোৰ একোটা একোটা আখৰ তলৰ শাৰীবিলাকৰ কিছুমানতহে আছিল, আৰু হয়তো বহুত অংক কৰি উলিয়াব পৰা যাবগৈ। কিন্তু বহুত চেষ্টা কৰিব একো উৱাদিহ নাপাই কণকাইক সুধিলোঁ আৰু এসময়ত কণকায়ে সাঁথৰৰ অৰ্থটো ভাঙি দিলে। ইয়াৰ বিশ্লেষণ এনে ধৰণৰ হ’ব:

মন কৰিব যে প্ৰথম শাৰীত মুঠ ১৫ টা আখৰ আছে, আৰু এই আখৰবিলাক লৈ পাছৰ পদ্যৰ শাৰীবোৰ কোনোবা অসমীয়া গণিত কবিয়ে এনেদৰে অংক কৰি লিখিছে যে কোন কোন শাৰীত আখৰটো আছে জানিলে ওলোটাকৈ অংক কৰি কৈ দিব পৰা যায়। প্ৰথমতে মই কোৱা মতে জানি লওক যে পদ্যৰ শব্দবোৰ শুনিবলৈ বৰ ভাল লাগিলেও আমাৰ সাঁথৰটোৰ বাবে তাৰ কোনো অৰ্থ নাই।

এই ১৫ টা আখৰ এনেদৰে সজাইছে—

১ নম্বৰ আখৰ— ‘হ’ > কেৱল ১ নম্বৰ শাৰীতহে আছে।

২ নম্বৰ আখৰ— ‘ত’ > কেৱল ২ নম্বৰ শাৰীতহে আছে।

৩ নম্বৰ আখৰ— ‘দ’ > ১ নম্বৰ আৰু ২ নম্বৰ শাৰীত আছে।

৪ নম্বৰ আখৰ— ‘খ’ > কেৱল ৩ নম্বৰ শাৰীতহে আছে।

৫ নম্বৰ আখৰ— ‘প’ > ১ নম্বৰ আৰু ৩ নম্বৰ শাৰীতহে আছে।

৬ নম্বৰ আখৰ— ‘ঞ্চ’ > ৩ নম্বৰ আৰু ২ নম্বৰ শাৰীত আছে।

৭ নম্বৰ আখৰ— ‘শ’ > ১ নম্বৰ আৰু ২ নম্বৰ আৰু ৩ নম্বৰ শাৰীত আছে।

১০ নম্বৰ আখৰ— ‘ল’ > ৩ নম্বৰ আৰু ২ নম্বৰ শাৰীতে আছে।

এনেদৰে গৈ

১৫ নম্বৰ আখৰ— ‘ম’ আটাইকেউটা শাৰীতে আছে।

সাঁথৰটো উলিয়াবলৈ আমাৰ গণিত কবিয়ে শাৰীবিলাকত এনেদৰে মনে মনে একোটা নম্বৰ দি লৈছে

১ নম্বৰ শাৰী = ১

২ নম্বৰ শাৰী = ২

৩ নম্বৰ শাৰী = ৪

৪ নম্বৰ শাৰী = ৮

এতিয়া আখৰটো কোন কোন শাৰীত আছে আপুনি জানি মাথোন শাৰীৰ নম্বৰ বিলাক যোগ দি দিয়ক, আৰু যিমান হ’ল সিমান নম্বৰ আখৰটো আপুনি ভাবিছে।

ধৰা হওক, আপুনি ‘ক’ আখৰটো ভাবিছে। ‘ক’ হ’ল ৯ নম্বৰ আখৰ আৰু এই আখৰটো ১ নম্বৰ আৰু ৪ নম্বৰ শাৰীত আছে।

এতিয়া ১ নম্বৰ আৰু ৪ নম্বৰ শাৰীৰ নম্বৰ হ’ল ১ আৰু ৮; ১+৮=৯ নম্বৰ আখৰ।

এই সাঁথৰটো মই কণকাইপৰা শুনা আজি প্ৰায় ৪০ বছৰতকৈও বেছি হ’ল, কিন্তু এই শব্দৰ সাঁথৰটো মোৰ ইমান প্ৰিয় যে আজি ৪০ বছৰেও আৰু আজি বহুত দিন আমেৰিকাত থাকিও পাহৰিব পৰা নাই। কেতিয়াবা পাহৰিছোঁ যদিও আকৌ অংক কৰি উলিয়াই লৈছোঁ। মই এতিয়াও ভাবি আচৰিত হওঁ সেই অনামী অসমীয়া গণিত শিল্পী কবি কোন আছিল যি এনে সুললিত শব্দৰ সাঁথৰ ৰচনা কৰিব পাৰিছিল। আশা কৰোঁ আমাৰ গাঁৱে-ভূঁয়ে এনেকুৱা শব্দৰ সাঁথৰ আৰু আছে যদি ৰাইজে উলিয়াই অনা উচিত।

 

ন নম্বৰ সাঁথৰ: এইটো সাঁথৰো সাত নম্বৰ সাঁথৰৰ দৰেই, কিন্তু এইটো আহিছে পাৰস্য দেশৰ পৰা, আৰু বেছি ৰসাল। সংখ্যা আৰু গণিতৰ যাদুকৰ বাগদাদৰ যুৱক ফিৰোজ অনেক দেশ ফুৰি এতিয়া পাৰস্য দেশলৈ আহিছে। তেওঁ অনেক দেশ ফুৰি নিজৰ গণিতৰ জ্ঞান, যুক্তি আৰু বুদ্ধিৰ বলত অনেক ধন-সোণ অৰ্জন কৰিলে। এতিয়া তেওঁক ধন-সোণ নালাগে। তেওঁৰ পাৰিলে কোনোবা এখন দেশত বিয়া বাৰু কৰাই স্থায়ীভাৱে বসবাস কৰাৰ ইচ্ছা। লগতে তেওঁৰ ইচ্ছা গণিত চৰ্চাৰ বাবে এখন গণিতৰ ভাল স্কুল খোলা। কাইৰো, বাগদাদ, ডামাস্কাছ আদি অনেক নগৰ চাই এতিয়া পাৰস্যৰ ৰাজধানী টেহৰানলৈ আহি ফিৰোজৰ ভাল লাগিছে। ইতিমধ্যে পাৰস্যৰ খলিফাই দেশ শাসনৰ বাবে বহুত দিন এজন উপযুক্ত বুদ্ধিমান যুৱক বিচাৰি আছে।
উপযুক্ত যুৱকৰ বুদ্ধি-প্ৰমাণৰ বাবে খলিফাই এটা অভিনৱ সাঁথৰ খেলা আৰম্ভ কৰিছে। এই সাঁথৰটো তেওঁক আকৌ দিছে ইজিপ্টৰ খলিফাই। খলিফাই ঘোষণা কৰিলে যে তেওঁ অলপতে পাঁচজনী অতি দীপলিপ দাসীকন্যা এজন মংগোলীয় ৰাজকুমাৰৰপৰা বহুত ধন দি কিনি আনিছে। সিহঁত আটাইকেউজনী নাচে-গানে ষোল কলাত পাৰ্গত। এই পাঁচজনী দাসী কন্যাৰ দুটামান অদ্ভুত গুণ আছে। তাৰে দুজনীৰ চকু ক’লা আৰু তিনিজনীৰ চকু নীলা। এই ক’লা চকুৰ দাসীকন্যা কেইজনীয়ে সদায় সঁচা কথা কয় আৰু নীলা চকুৰ দাসীকন্যা কেইজনীয়ে সদায় মিছা কথা কয়। খালিফাই ঘোষণা কৰিলে যে যি জন যুৱকে এই পাঁচজনী দাসীকন্যাৰক চকুলৈ নোচোৱাকৈ মাত্ৰ তাৰ তিনি জনীক তিনিটা প্ৰশ্ন কৰি খাটাংকৈ কৈ দিব পাৰিব কোন দুজনীৰ চকু ক’লা আৰু কোন তিনিজনীৰ চকু নীলা, সেই যুৱকেই দেশ শাসনৰ বাবে খলিফাৰ সোঁহাতৰূপে মনোনীত হ’ব। পিছে আজি বহুত দিন হ’ল বহুত জ্ঞানী পণ্ডিত, কবি, গণিতজ্ঞ আহিল, কিন্তু এতিয়ালৈকে কোনেও এই সাঁথৰ ভাঙিব পৰা নাই। অৱশেষত খলিফাই দেশ-বিদেশৰ বুধিয়ক যুৱকক আহ্বান জনাবৰ বাবে ইয়াৰ লগতে এটা নতুন আৰু লোভনীয় পুৰস্কাৰ ঘোষণা কৰিলে। সি হ’ল যিয়ে এই সাঁথৰটো ভাঙিব পাৰিব, তেওঁ খালিফাৰ অতি দীপলিপ আৰু বুদ্ধিমতী কন্যা টেইলিমক বিয়া কৰিবলৈ পাব আৰু লগতে এই পাচঁজনী দাসী কন্যাও যৌতুক হিচাপে পাব। কিন্তু যদি যুৱকে সাঁথৰ ভাঙিব নোৱাৰে তেওঁক আজীৱন বন্দীশালত থোৱা হ’ব।

সাঁথৰটোৰ কথ গম পাই ফিৰোজে বুজি পালে এইটো তেওঁৰ যুক্তি আৰু বুদ্ধিৰ উপযুক্ত জোখৰ সাঁথৰ। তেওঁ খলিফাক জনালে যে তেওঁ এই সাঁথৰটো ভাঙিবলৈ চেষ্টা কৰিব খোজে। খলিফাই বাগদাদৰ এইজন ধুনীয়া যুৱকক দেখি ভাল পালে, কিন্তু ক’লে— “তুমি নিশ্চিত নে যে তুমি এই খেলত সোমাব খুজিছা। আজিলৈকে কোনেও এই সাঁথৰ ভাঙিব পৰা নাই। তাতে এই সাঁথৰ ভাঙিব নোৱাৰিলে আজীৱন কাৰাদণ্ড ভোগ কৰিব লাগিব। মোৰ বন্দীশালত এতিয়াও বহুত যুৱক বন্দী হৈ আছে।” যুৱকে ক’লে— “হে মোৰ আল্লাৰ আল্লা, পৰম আল্লা, আপুনি খলিফা, আপুনি হ’ল আল্লাৰ এই জগতত ছায়া। আপোনাৰ কৃপাত আৰু পৰমাল্লাৰ অনুগ্ৰহত মই চেষ্টা কৰিব খোজোঁ। আৰু তাৰ বাবে যদি মই পৰাজিত হৈ আজীৱন কাৰাদণ্ড ভুগিব লাগে, মই ৰাজী আছোঁ।” যুৱকৰ উত্তৰ শুনি খলিফাই ভাল পালে আৰু আগবাঢ়িবলৈ ক’লে।

অলপ পাছতে এই পাঁচজনী দাসীকন্যাক ৰাজসভালৈ লৈ অনা হ’ল; সিহঁতৰ সকলোৰে মুখত ডাঠ পৰ্দা আৰু তাৰপৰা কোনেও গম নাপায় কোনজনীৰ চকু কি বৰণৰ। কিন্তু মুখবোৰ দেখা নাপালেও সিহঁত যে দেখিবলৈ অতি ধুনীয়া আৰু লয়লাস আছিল ই স্পষ্ট আছিল। সিহঁত যেন মংগোলীয় নাৰী সৌন্দৰ্যৰ প্ৰতীক। যুৱক ফিৰোজে এতিয়া এই পাঁচজনীৰ তিনিজনীক মাথোন তিনিটা প্ৰশ্ন কৰিব পাৰিব আৰু সেই প্ৰশ্নৰ উত্তৰপৰা একেবাৰে খাটাংকৈ কৈ দিব লাগিব কোন কোনজনীৰ চকু ক’লা আৰু কোন কোনজনীৰ চকু নীলা। সিহঁত অহাৰ পাছত কেইবাজনী লিগিৰীয়ে ৰাজকুমাৰী টেছলিমাক আগবঢ়াই লৈ আনিলে, এখন ওখ আসনত খলিফাৰ কাষতে বহিবলৈ দিলে। অতি ৰূপৱতী টেছলিমক দেখি যুৱক ফিৰোজে মনতে ভাবিলে যে এইবাৰ মই জিকিবই লাগিব; লগতে এই ভাৱোঁ মনলৈ আহিল যে এনে দীপলিপ ৰাজকুমাৰীৰ বাবে যদি মই সাঁথৰ ভাঙিব নোৱাৰি কাৰাদণ্ডও ভুগিব লগা হয়, তেনেহ’লে সিও যেন আক্ষেপৰ কথা নহ’ব।

এই সাঁথৰৰ খেলা চাবলৈ ৰাজসভাত টেহৰান নগৰৰ অগণন মানুহৰ সোঁত বলে। পাঁচজনী দাসীকন্যা ৰাজসভাৰ মাজত থিয় হৈ থাকিল। খলিফাৰ এটা ইংগিতত ফিৰোজ প্ৰশ্ন সুধিবলৈ আগবাঢ়িল।

ফিৰোজে একেবাৰে বাঁওফালৰজনীক আগতেই ভাবি থকা প্ৰথম প্ৰশ্নটো কৰিলে— “তোমাৰ চকু নীলা নে ক’লা?” কিন্তু এইখিনিতে এটা অঘটন ঘটিল। কিয়নো দাসীকন্যাই যিটো উত্তৰ দিলে সি কাৰো বোধগম্য নহ’ল, কিয়নো তাই চীনা ভাষাত উত্তৰ দিলে। ৰাজসভাৰ মাজত এটা গুণগুণনি আৰম্ভ হ’ল। কিন্তু খলিফাই ক’লে— “তাৰ বাবে আমি নিয়ম ভাঙিব নোৱাৰোঁ। এটা প্ৰশ্ন ফিৰোজে হেৰুৱালে।” খলিফাৰ মতে ফিৰজে আগতেই ক’ব লাগিছিল কি ভাষাত উত্তৰ দিব লাগে। কিন্তু খলিফাই একেহাতে দয়াপৰবশ হৈ ঘোষণা কৰিলে যাতে ইয়াৰ পাছৰ সকলো উত্তৰ যেন দাসীকন্যাই নিজৰ ভাষাত নিদি আৰবী ভাষাত দিয়ে। কিন্তু এই সকলো দেখিও যেন ফিৰোজৰ কোনো আক্ষেপ নাই। তেওঁ মাথোন মিচিকিয়াই হাঁহিলে আৰু দ্বিতীয় প্ৰশ্নটো সুধিবলৈ আগবাঢ়িল। তেওঁৰ হাতত বাকী চাৰিজনী দাসীৰ যিকোনো দুজনীক সুধিবৰ বাবে এতিয়া মাথোন দুটা প্ৰশ্ন আছে আৰু তাৰ উত্তৰৰপৰা কৈ দিব লাগিব কোন দুজনীৰ চকু ক’লা আৰু কোন তিনিজনীৰ চকু নীলা।

ফিৰোজে দ্বিতীয়জনীক দ্বিতীয় প্ৰশ্নটো কৰিলে— “এইমাত্ৰ তোমাৰ লগৰীয়াই, মই যেতিয়া সুধিছিলোঁ, তোমাৰ চকু নীলা নে ক’লা বুলি, তাৰ উত্তৰ মোক চীনা ভাষাত কি বুলি দিলে?” দ্বিতীয়জনীয়ে ক’লে— “তাই ক’লে মোৰ চকু নীলা বুলি।”

সকলোৱে ভাবিলে, এইটো উত্তৰ লৈ যুৱকে এতিয়া কি কৰিব। কিয়নো সেইটো উত্তৰৰপৰা সঁচাই কৈছেনে নে মিছাই কৈছে যুৱকে কেনেকৈ জানিব। বহুতৰ যুৱকৰ প্ৰতি দুখ লাগিল কিয়নো ফিৰোজ দেখিবলৈ বৰ সুন্দৰ আছিল। তেওঁৰ হাতত এতিয়া মাথোঁ এটা প্ৰশ্ন আছে। কিন্তু ফিৰোজ যেন নিৰ্বিকাৰ। সেয়ে নহয়, দ্বিতীয় দাসীজনীৰ উত্তৰত ফিৰোজে আকৌ মিচিকিয়াই হাঁহিলে আৰু তেওঁ তৃতীয় তথা শেষ প্ৰশ্নটো কৰিবলৈ আগবাঢ়িল।

তেওঁ মাজৰজনীক সেই শেষ প্ৰশ্নটো কৰিলে— “মই এইমাত্ৰ প্ৰশ্ন কৰা দাসীকন্যা দুজনীৰ চকুৰ ৰং কি?”

তাই উত্তৰ দিলে, “প্ৰথমজনীৰ চকু ক’লা আৰু দ্বিতীয়জনীৰ চকু নীলা।” সভাৰ সকলোৱে ভাবিলে যে যুৱক পৰাজয় হ’ল। কিয়নো এইটো উত্তৰে একো সহায় নকৰে।

ফিৰোজে অলপ সময় থমকি চিন্তা কৰিলে, আৰু তাৰ পাছত লাহে লাহে খলিফাৰ সিংহাসনৰ ওচৰলৈ আহিল আৰু চিঞৰি উঠিল, “হে মোৰ আল্লাৰ আল্লা পৰম আল্লা খলিফা! মই আপোনাক খাটাংকৈ এতিয়া কৈ দিব পাৰিম কোনজনী দাসীৰ কি চকু।”

খলিফাৰ লগতে গোটেই সভাসদ আচৰিত হ’ল। খলিফায়ো বিশ্বাস নকৰিলে, আৰু মাথোন ক’লে— “তোমাৰ ঘোষণা কৰিব পাৰা।”

ফিৰোজে ক’লে— “হে মোৰ আল্লাৰ ছায়া খলিফা, প্ৰথমজনীৰ চকু হ’ল ক’লা, দ্বিতীয়জনীৰ চকু নীলা, তৃতীয়জনীৰ চকু ক’লা, আৰু পাছৰ দুজনীৰ চকু নীলা।”

গোটেই সভাসদ স্তব্ধ হৈ গ’ল। লগে লগে আটাইকেইজনী দাসীকন্যাৰ মুখৰ পৰ্দা গুচাই দিয়া হ’ল। লগে লগে সকলোৱে একেলগে আচৰিত হ’ল আৰু এটা ডাঙৰ উশাহ লৈ দেখিলে পাঁচজনী দীপলিপ লয়লাস কন্যা আৰু লগতে দেখিলে যে যুৱকে ফিৰোজ আখৰে আখৰে শুদ্ধ। টেছলিম, ফিৰোজ, খলিফা আৰু সকলোৰে মুখত হাঁহি বিৰিঙি উঠিল। কিন্তু খলিফা আৰু সকলোৱে জানিব খুজিলে ফিৰোজে কি দুৰ্দান্ত যুক্তিৰ সহায়ত এই শুদ্ধ উত্তৰ দিব পাৰিলে।

গণিত আৰু যুক্তিৰ যাদুকৰ ফিৰোজে আৰম্ভ কৰিলে— “হে পৰম আল্লাৰ ছায়া খলিফা, এই গোটেই সাঁথৰৰ সমাধানটো অংক কৰাৰ নিচিনা। ইয়াত আমি হৰণ, পূৰণ বা বীজগণিতৰ একো চিন দেখা নাই যদিও, গোটেই সাঁথৰটো অংকৰ দৰে কৰিব পাৰি। মই যেতিয়া প্ৰথমজনী দাসীকন্যাক প্ৰশ্নটো কৰিছিলোঁ, তোমাৰ চকুৰ ৰং কি বুলি, তেতিয়া মই আচলতে তাই কি উত্তৰ দিব আগতেই জানিছিলোঁ। কিয়নো এই প্ৰশ্নটোৰ উত্তৰ ক’লা চকুৱেই হওক বা নীলা চকুৱেই হওক, সকলোৱে ক’ব মোৰ চকু ক’লা বুলি। কথাটো অলপ ভাবি চালেই গণিতৰ দৰে শুদ্ধ বুলি কথাটো গম পাব। কিন্তু তাই চীনা ভাষাত উত্তৰটো দি মোক আচলতে এটা ডাঙৰ উপকাৰ কৰিলে। কিয়নো মই নজনাৰ ভাও জুৰি পিছৰজনী দাসীকন্যাক সুধিব পাৰিলোঁ তাই কি উত্তৰ দিলে বুলি। কিন্তু যেতিয়া তাই ক’লে যে প্ৰথমজনীয়ে কৈছে তাইৰ চকু নীলা বুলি, তেতিয়া মই লগে লগে গম পালোঁ যে দ্বিতীয়জনীয়ে মিছা কথা কৈছে। তাৰমানে দ্বিতীয়জনীৰ চকু নীলা। এই কথাটো মই আকৌ গণিতৰ উত্তৰৰ দৰে শুদ্ধ বুলি গম পালোঁ। মই কিন্তু তেতিয়ালৈকে গম পোৱা নাছিলোঁ প্ৰথমজনীৰ চকু কি ৰঙৰ। তেতিয়া মই তৃতীয়জনীক সুধিলোঁ, প্ৰথম আৰু দ্বিতীয় জনীৰ চকু কি ৰঙৰ বুলি। তাই উত্তৰ দিলে, প্ৰথমজনীৰ চকু ক’লা আৰু দ্বিতীয় জনীৰ চকু নীলা বুলি। দ্বিতীয়জনীৰ চকু নীলা বুলি মই ইতিমধ্যেই খাটাংকৈ গম পাইছিলোঁ। গতিকে মই ভাবিবলৈ বাধ্য হ’লো যে তৃতীয়জনীয়ে সঁচা কথা কৈছে অৰ্থাৎ তাইৰ চকু ক’লা হ’ব লাগিব। প্ৰথম আৰু তৃতীয়জনীৰ চকু যেতিয়া ক’লা হ’ল, বাকী কেইজনীৰ চকু নীলা হ’বই লাগিব।

খলিফাই অতি আনন্দৰে ফিৰোজক সাবটি ধৰিলে আৰু ঘোষণা কৰিলে যে তেওঁৰ আজি ইমানদিনৰ এটা ডাঙৰ ইচ্ছা পূৰণ হ’ল। ইয়াৰ পাছত টেছলমিক মাতি ফিৰোজৰ হাতত দি কলে— “আজিৰ পৰা তুমি হ’লা মোৰ জোঁৱাই আৰু লগতে হ’লা পাৰস্যৰ প্ৰধানমন্ত্ৰী।” ফিৰোজে টেছলিমৰ হাতখন ধৰি আনন্দত হাঁহি ৰাখিব নোৱাৰি টেছলিমক আলিংগন কৰি এটা চুমা খালে আৰু দুয়ো প্ৰধানমন্ত্ৰীৰ নতুন বাসগৃহলৈ যাবলৈ বুলি আগবাঢিল। ইয়াতে খলিফাই ঘোষণা কৰিলে— “তুমি নাপাহৰিবা যে এতিয়া এই পাঁচজনী দীপলিপ দাসীকন্যাও তোমাৰ আলপৈচানৰ বাবে।” এই কথাত অতি আনন্দিত হৈ ফিৰোজে ঘোষণা কৰিলে— “হে মোৰ আল্লাৰ আল্লা, খলিফা। আপোনাৰ জয় হওক, পাৰস্যৰ জয় হওক, আৰু সেই আল্লাৰ জয় হওক, যি আল্লাই সৃষ্টি কৰিলে নাৰীৰ, যি আল্লাই সৃষ্টি কৰিলে প্ৰেমৰ আৰু যি আল্লাই সৃষ্টি কৰিলে গণিতৰ।”

 

লেখক : ৰাজেন বৰুৱা

 

[এই লেখাটি ইতিপূৰ্বে ১-১৫ জানুৱাৰি, ২০১৫ সংখ্যাৰ ‘প্ৰান্তিক’ত প্ৰকাশ হৈছে।

লেখাটি ‘গণিত চ’ৰা’ত প্ৰকাশ কৰিবলৈ প্ৰেৰণ কৰা বাবে লেখকলৈ আৰু ইয়াক ইউনিকডত লিখি উলিওৱা বাবে ৰিতু দত্তলৈ ধন্যবাদ জনালোঁ।]

No Comments

Sorry, the comment form is closed at this time.