বিজ্ঞান কুইজ – ২

১) ৩২ বিয়োগ; ৫ ৰে পূৰণ; ৯ ৰে হৰণ।

উপৰোক্ত পদ্ধতিৰে কোনটো বিখ্যাত পদ্ধতিগত পৰিবৰ্তন কৰিব পাৰি?

 

২) লুডৱিগ স্কেল (LUDWIG SCALE) মহিলাৰ ক্ষেত্ৰত ______ জুখিবলৈ ব্যৱহাৰ কৰা হয়।

নৰউড-হেমিল্টন স্কেল (NORWOOD-HAMILTON SCALE) পুৰুষৰ ক্ষেত্ৰত ______ জুখিবলৈ ব্যৱহাৰ কৰা হয়।

খালী ঠাই পূৰণ কৰক!

 

৩) সাংকেতিক নাম : 6LL3

জন্ম : ০৫ জুলাই, ১৯৯৬

মৃত্যু : ১৪ ফেব্ৰুৱাৰী, ২০০৩

কাৰ কথা কোৱা হৈছে বাৰু?

 

৪) প্ৰফেচৰ কম্পটনে (A. H. Compton) ১৯২৭ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা পোৱাৰ খবৰে এই বিজ্ঞানী ‘ক’ক এনেকৈ উদ্দীপনা যোগাইছিল যে তেওঁ কম্পটনৰ সম্পৰীক্ষা পোহৰ ৰশ্মিৰ সহায়ত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিয়ম মাফিক ফলাফলৰ সলনি ওলাল এটা অদ্ভুতধৰণৰ ফলাফলহে। আৰু এই পৰীক্ষাটো হৈ পৰিল আধুনিক পদাৰ্থবিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুটি।

এই পৰীক্ষাৰ ফলাফল ‘খ’ৰ বাবে বিজ্ঞানী ‘ক’ই লাভ কৰিলে ১৯৩০ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা।

‘ক’ আৰু ‘খ’ চিনাক্ত কৰক।

 

৫) আচাৰ্য্য জগদীশ চন্দ্ৰ বসুৱে “অদৃশ্য আলোক” নামৰ এখন বাংলা ৰচনাত লিখিছিল:

“অদৃশ্য আলোক ঘৰ, বেৰ আৰু ইটাৰ মাজেৰে সহজে পাৰ হৈ যাব পাৰে| সেইবাবে, কোনো তাঁৰ ব্যৱহাৰ নকৰাকৈ ইয়াৰ দ্বাৰা বাৰ্তা পঠাব পৰা যায়|” (অসমীয়া অনুবাদ।)

“The invisible light can easily pass through brick walls and buildings. Therefore, messages can be transmitted by means of it without using wires.” (English Translation.)

ৰচনাখনত কিহৰ বিষয়ে আলোচনা কৰা হৈছিল বাৰু?

(ইংগিত : ১৯০২ চনৰ ১৭ ডিচেম্বৰত এই প্ৰযুক্তি ব্যৱহাৰ কৰি উত্তৰ আমেৰিকাৰ পৰা আটলান্টিক মহাসাগৰৰ বুকুলৈ প্ৰথমটো বাৰ্তা পঠিওৱা হৈছিল।)

 

উত্তৰসমূহ:

১) তাপমাত্ৰা ফাৰেণহাইট মাপক পদ্ধতিৰ পৰা চেন্টিগ্ৰেড পদ্ধতিলৈ পৰিবৰ্তন কৰা হয়|

২) তপা হোৱাৰ পৰিমাণ (Baldness)।

৩) ডলী, প্ৰথম ক্লনিং ভেড়া-পোৱালি।

৪) ক : চাৰ চন্দ্ৰশেখৰ ভেংকট ৰমণ (Sir C. V. Raman)।

খ : ৰমণ প্ৰভাৱ (Raman Effect)।

৫) ৰেডিঅ’।

 

— গুঞ্জন ডেকা।

Image Source : Shutterstock

1 Comment

Post A Comment