বিজ্ঞান কুইজ – ১

১) ভোট জলকীয়া নামটো কিয় দিয়া হ’ল?

 

২) সাধাৰণতে ক’ত “O” আখৰটো “F” ৰ আগত পাওঁ?

 

৩) হুগো ড্য ফ্ৰিচ (Hugo de Vries), কাৰ্ল কৰেন্স (Carl Correns) আৰু এৰিক ফন চেমাৰ্ক (Eric von Tschermack) – এই তিনিজন বিজ্ঞানীয়ে কি পুনৰাৱিষ্কাৰ কৰিছিল?

 

৪) কাঠৰ হস্তনিৰ্মিত এটি পৰম্পৰাগত সম্পদ: এটা শলাযুক্ত সঁজুলিৰে ইয়াৰ ভৰক নিয়ন্ত্ৰণ কৰা হয়। এটা দীঘল আৰু ঠেক গাঁত সদৃশ অৱস্থানত থকা ধানৰ ওপৰত ইয়াৰ ভৰৰ শক্তি পৰি চাউল আৰু বাকলিসমূহ পৃথক হৈ পৰে। সত্যজিৎ ৰায়ৰ ‘অশনি সংকেত’ নামৰ চিনেমাখনত অভিনেত্ৰীসকলে কেইটামান মুহূৰ্তত এই যন্ত্ৰটো ব্যৱহাৰ কৰি থকা দেখা গৈছিল। যন্ত্ৰটোৰ নাম কি?

 

৫) ৰাকেশ শৰ্মা হ’ল প্ৰথমজন ভাৰতীয় মহাকাশচাৰী। এটি বিখ্যাত আলোচনাত, তেওঁক তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে সুধিছিল যে মহাকাশৰ পৰা ভাৰতখন দেখিবলৈ কেনেকুৱা। তেওঁ তেতিয়া উত্তৰ দিছিল “Main binaa jhijhak ke keh sakta hoon, _____________________”। এই খালী অংশত তেওঁ কি কৈছিল— যিটো ভাৰতৰ স্বাধীনতা যুদ্ধৰ এটি শ্ল’গানত পৰিণত হৈছিল।

 

) অৰুণাচলত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। ই দাপা, মিচিমি আৰু পাটকাইৰ মাজত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

 

৭) মধ্যচাদৰ পেশীৰ সংকোচন প্ৰতি মিনিটত কেইবাবাৰো হ’ব পাৰে। মানুহৰ ক্ষেত্ৰত বায়ু হৰ্ঠাতে জোৰকৈ হাওঁফাওত সোমোৱাৰ ফলস্বৰূপে আলজিভা বন্ধ হৈ যায় আৰু এটা শব্দৰ সৃষ্টি হয়। চিকিৎসা বিজ্ঞানত ইয়াক synchronous diaphragmatic flutter (SDF) বা singultus বুলি কোৱা হয়। অসমীয়া ভাষাত এই শব্দটোক কি বুলি কোৱা হয়?

 

৮) দিল্লীৰ এখন মেলালৈ জাৰ্মানদল এটা আহি উভটি যাওঁতে এটা সৰু ট্ৰেন্সমিটাৰ নিবলৈ পাহৰি গৈছিল। তেওঁলোকে কোনোদিন সেইটো বিচৰা নাছিল। ১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰত সেইটো অস্থায়ীভাৱে নিৰ্মিত এটা ষ্টুডিঅ’ত লগাই ব্যৱহাৰ কৰা হৈছিল আৰু ভাৰতবৰ্ষত এক অভ্যুৎথানৰ সূচনা হৈছিল। আচলতে কি ঘটিছিল?

 

৯) ভূতপূৰ্ব ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী ভিক্টৰীয়া কাৰ্জন। ১৯০৪ চনত তেওঁ অসম ভ্ৰমণ কৰিছিল আৰু বিশিষ্ট অসমীয়া বন্যপ্ৰানী-প্ৰেমী বলৰাম হাজৰিকাক লগ পাইছিল। বলৰাম হাজৰিকাৰ সৈতে বিশেষ কথা-বতৰাৰ পাছত মেৰী কাৰ্জনে লৰ্ড কাৰ্জনক এটা কাম কৰিবলৈ যুক্তি দৰ্শাই বুজাই ক’লে আৰু ফলস্বৰূপে অসমে এটি ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে। মেৰী কাৰ্জনে লৰ্ড কাৰ্জনক কি কৰিবলৈ কৈছিল?

 

উত্তৰসমূহ:

১) এটা বিশ্বাস আছে যে এইবিধ জলকীয়া প্ৰথমে ভূটানৰ নামনিত গজি উঠিছিল, অৰ্থাৎ ই ভূটীয়া মূলৰ।

২) পৰ্যাবৃত্ত তালিকাত (Periodic Table)

৩) বংশগতি (মেণ্ডেল)।

৪) ঢেকী।

৫) Sare Jahan Se Achcha Hindustan hamara.

) নামদাফা ৰাষ্ট্ৰীয় উদ্যান (Namdapha National Park)।

৭) হিকটি (Hiccup)।

৮) সেই ট্ৰেন্সমিটাৰটো ব্যৱহাৰ কৰিয়েই দুৰদৰ্শনৰ আৰম্ভণি কৰা হৈছিল।

৯) মেৰী কাৰ্জনে লৰ্ড কাৰ্জনক গঁড় সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ কৈছিল আৰু কাজিৰঙা সংৰক্ষিত বনাঞ্চললৈ পৰিণত হৈছিল; পিছলৈ কজিৰঙা ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান’লৈ পৰিবৰ্তন হ’ল আৰু এতিয়া ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ।

1 Comment
  • lunadevi
    Posted at 02:28h, 19 May Reply

    largest national park is not naamdapha, (177km sq).writht ans is kaziranga(430 kmsq)

Post A Comment