বিজ্ঞানৰ সীমাবদ্ধকতাৰ ফাঁকবোৰত অন্ধবিশ্বাসৰ ভেঁকুৰ

কিছুদিনৰ আগতে দৈনিক অসমীয়া বাতৰি কাকত এখনত এটা প্ৰৱন্ধ পঢ়িছিলোঁ৷ প্ৰবন্ধটোৰ শিৰোনাম আছিল "জ্যোতিষশাস্ত্ৰ বিজ্ঞান নে অন্ধবিশ্বাস"৷ লেখক গৰাকীয়ে মূলতঃ জ্যোতিষৰ সাৰমৰ্মৰ কথা কৈ জনমানসত তাৰ প্ৰভাৱ পেলাবলৈ বিজ্ঞানৰ ধাৰণাসমূহক কিছুমান অযুক্তিকৰ সমালোচনা কৰা দেখা গৈছিল৷ বিজ্ঞানৰ সীমাবদ্ধকতাৰ কথা ক'বলৈ গৈ তেওঁ কিছুমান অস্পষ্ট ধাৰণাৰ পোষকতা কৰা যেনহে অনুভৱ হ'ল৷ এই লেখকৰ সম্যক জ্ঞান অনুসৰি কথাখিনি বহলভাৱে আলোচনা কৰাৰ আগতে লেখকজনৰ বিজ্ঞান সম্পৰ্কীয় অভিযোগসমূহ সংক্ষিপ্তৰূপত দাঙি ধৰিলো৷ লেখকৰ মতে প্ৰকৃত ধৰ্মই হেনো বিজ্ঞানৰ দৰে সত্যৰ অম্বেষণহে কৰে (?), আৰু বিজ্ঞানৰ গতিশীলতাৰ ওপৰত ধাৰণা দিবলৈ গৈ তেওঁ কৈছে গাণিতিক সূত্ৰৰ বাহিৰে বিজ্ঞানৰ ধাৰণাসমূহো সময়ৰৰ লগে লগে সলনি থাকে! তদুপৰি তেওঁ বিজ্ঞানৰ সংশয় আৰু সীমাবদ্ধকতাৰ কথা ক'বলৈ গৈ ইউক্লিডীয় জ্যামিতিৰ প্ৰসংগ উল্লেখ কৰিছে৷ গতিকে লেখকে বিজ্ঞানৰ সীমাবদ্ধকতা আছে বাবেই জ্যোতিষ বিশ্বাস কৰিব লাগে অথবা বিজ্ঞানৰ সীমাবদ্ধকতা আছে বাবেই জ্যোতিষৰ ওপৰত প্ৰশ্ন কৰা যুক্তিবাদী বিজ্ঞানমনস্ক মন এটাৰ প্ৰয়োজনবোধক নসাৎ কৰাৰ দৰে এক অস্পষ্ট ধাৰণা দিয়া যেনহে অনুভৱ হ'ল৷ তাতে আকৌ আধ্যত্মিক গুৰু ৰবিশংকৰৰ উক্তি ব্যৱহাৰ কৰি জ্যেতিষক বিজ্ঞানসন্মত কৰাৰ চেষ্টা কৰা হৈছে!! জ্যোতিষবিদ্যা ধৰ্মীয় আৱেগৰ লগত সংযুক্ত এক বিষয়, গতিকে ধৰ্মগুৰুৱেই হওক বা আধ্যাত্মিক গুৰুৱেই হওঁক গৰিষ্ঠ সংখ্যকেই জ্যোতিষক বিজ্ঞানসন্মত সজোৱা বা জ্যোতিষৰ পৰাই বিজ্ঞান সৃষ্টি হোৱা বুলি ভ্ৰান্ত ধাৰণাসমূহ প্ৰচাৰ কৰা কোনো নতুন কথা নহয়; গতিকে এনেবোৰ কথা আজিৰ পৰ্যালোচনাৰ বিষয় নহয়৷

তথ্য-প্ৰমাণৰ দ্বাৰা সত্য অম্বেষণৰ নিৰাৱেগ গতিশীল মানৱীয় প্ৰক্ৰিয়াই হৈছে বিজ্ঞান৷ বিজ্ঞান সত্যৰ চৰম সীমাত উপনীত হোৱাহি নাই, আজিও ই সত্যানুসন্ধানৰ এটা বৌদ্ধিক অভিযান হে৷ বিজ্ঞানৰ ইতিহাসো সাফল্য-বিফল্য, উৎসাহ-হতাশা, ঘাত-প্ৰতিঘাটৰে পৰিপূৰ্ণ এক স্থৱিৰতা বিহীন যাত্ৰা৷ প্ৰকৃতিৰ ন ন ৰহস্যৰ সন্ধানত বিজ্ঞানৰ যাত্ৰা আজিও কোবাল সোঁতেৰে বৈ যোৱা এখন জীয়া নৈৰ দৰে৷ বিজ্ঞানত শেষ সত্য বুলি একো নাই৷ বিজ্ঞান উন্নতিৰ চৰম সীমাত বুলি ভবা কথাটো প্ৰকৃত বিজ্ঞান সাধকৰ বাবে সন্তুষ্টিৰ কথা হ'ব নোৱাৰে৷ প্ৰকৃতিৰ সকলো ৰহস্যই যদি শেষ হৈ যায়, যদি উদ্ভাৱণ আৰু অনুসন্ধান কৰিব একো নাথাকে, তেন্তে তাৰ পৰিনাম হ'ব বিজ্ঞান-বিজ্ঞানীৰ পেৰালাইছিছ অথবা মৃত্যু! প্ৰকৃতিৰ ৰহস্যসমূহ ভেদ কৰাই যদিও বিজ্ঞানৰ একমাত্ৰ উদেশ্য, তথাপি ৰহস্যৰ প্ৰতিখন দুৱাৰ একেবাৰে উন্মুক্ত হৈ নাথাকে৷ এনে ৰহস্যৰ দুৱাৰবোৰৰ চাবি-কাঠি বিচাৰি প্ৰতিটো যুগতে বিজ্ঞানৰ  অনুসন্ধিৎসু সাধকসকলে হাহাকাৰ কৰিব লগীয়া হৈছে৷ কেতিয়াবা যদি সফল হৈছে কেতিয়াবা আকৌ বিফল হৈছে৷ সেইবুলি কিন্তু বিজ্ঞান থমকি ৰোৱা নাই৷ সেইবাবে কোৱা হয় বিজ্ঞান এক গতিশীল প্ৰক্ৰিয়া, য'ত “শাস্ত্ৰৰ কথা শিলৰ ৰেখা” বুলি কোনো ভয়-সংকোচৰ ধাৰণা নাই৷ কোনো বিজ্ঞানীয়ে এই দাবী নকৰে যে তেওঁৰ মত আৰু সিদ্ধান্তক কোনেও প্ৰশ্ন কৰিব নোৱাৰিব৷ বিজ্ঞানত প্ৰকৃত তথ্য আৰু প্ৰমাণে অতীতৰ এটা শক্তিশালী ধাৰণাকো নাকচ কৰিব পাৰে৷ (এই বিষয়ে তলত কিছু আলোচনাৰ যত্ন কৰা হৈছে।)

বিজ্ঞান প্ৰকৃতাৰ্থত আন্তৰ্জাতিক, সমগ্ৰ পৃথিৱীতে বিজ্ঞানীসকলে একে পদ্ধতি, একে প্ৰয়োগ-কৌশল ব্যৱহাৰ কৰে৷ বিজ্ঞানীয়ে নিজৰ গৱেষণাৰৰ সিদ্ধান্তবিলাক আন্তৰ্জাতিকভাৱে স্বীকৃতি পাবলৈ একেধৰণৰৰ গৱেষণা-পত্ৰিকাত প্ৰকাশ কৰে আৰু সেই গৱেষণাৰ বিষয়ত প্ৰতিষ্ঠিত বিজ্ঞানীসকলৰ স্বীকৃতিৰ প্ৰয়োজন৷ কিন্তু জ্যোতিষৰ বেলিকা একা?

আধুনিক পদাৰ্থবিজ্ঞানৰ ভেটি প্ৰতিষ্ঠা কৰাসকলৰ ভিতৰত অন্যতম হ'ল গেলিলিও গেলিলি৷ গেলিলিওৰ দিনতে জাৰ্মানিত য়োহানচ কেপলাৰে তাত্বিক বিজ্ঞানী হিচাপে গেলিলিওতকৈ মেধা দেখুৱাইছিল, কিন্তু গ্ৰীক মনিষীসকলৰ দৰে এইসকল লোকেও বিজ্ঞান-চৰ্চাৰ কোনো নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰা নাছিল৷ প্ৰচলিত তত্ত্বসমূহৰ সত্যতা বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰাৰ আৱশ্যকতা তেওঁলোকে বুজি উঠা নাছিল৷ সেই সময়ৰ চিন্তা-চৰ্চাসমূহ আছিল মূলতঃ দৰ্শনমূলক৷ কিন্তু গেলিলিৱে এইক্ষেত্ৰত আগ-ভাগ লৈ দেখুৱালে যে প্ৰকৃতি সম্পৰ্কে সত্যৰ সম্ভেদ পাব খুজিলে বিজ্ঞানত তত্ব আৰু পৰীক্ষাৰ দুয়োটাৰে আৱশ্যক৷ পদাৰ্থবিজ্ঞানত গেলিলিওৰ অৱদানসমূহৰ ভিতৰত অন্যতম হ'ল গতিৰ ওপৰত তেওঁ কৰা গৱেষণাবিলাক৷ গতিৰ সমস্যাটো আছিল পুৰণি পদাৰ্থবিজ্ঞানৰ আটাইতকৈ ডাঙৰ সমস্যা৷ পুৰণি গ্ৰীক পণ্ডিতসকলৰ ভিতৰত এৰিষ্ট'টলেও সেই গতিৰ বিষয়ে দৰ্শনমূলক তত্ত্ব আগবঢ়াইছিল৷ এৰিষ্ট'টলৰ গতি সম্পৰ্কীয় ধাৰণা নিৰ্ভুল নাছিল, যদিও প্ৰায় দুহেজাৰ বছৰ ধৰি এই মতবদ বিলাকেই বিজ্ঞান সমাজত প্ৰচলিত হৈ আছিল৷ কিন্তু এৰিষ্ট'টলৰ দৰে সেইসময়ৰ বিখ্যাত পণ্ডিতৰ উক্তিক লৈয়ো গেলিলিও আস্বস্থ হ'ব পৰা নাছিল৷ তত্ত্বসমূহৰ ওপৰত সন্দেহ ওপজাত গেলিলিওৱে নিজেই এলানি দীঘলীয়া পৰীক্ষা কৰিছিল৷ তাৰ পৰাই তেওঁ গতিৰ এটা শুদ্ধ সংজ্ঞাৰ লগতে 'ত্বৰণ' (acceleration) নামৰ এটা আধুনিক ধাৰণাৰ জন্ম দিলে৷ আৰু এইদৰে বৈজ্ঞানিক পৰীক্ষাৰে এৰিষ্ট’টলৰ গতি সম্পৰ্কীয় ধাৰণাক ভুল প্ৰমাণিত কৰিছিল৷ তাৰ পিছৰ সময়ছোৱাত নিউটনে গলিলিওৰ গৱেষণাৰ ফলবিলাক ধূসৰ কুঁৱলীৰ মাজৰ পৰা ফটফটীয়াকৈ পোহৰলৈ আনিছিল কেইটামান গাণিতিক সূত্ৰৰ সহায়ত৷ এইদৰে নিউটনৰ আগমনত পদাৰ্থবিজ্ঞান জগতখনৰ পূৰ্বৰ বহু সমস্যাৰ সমাধান হৈছিল, বিজ্ঞান-প্ৰযুক্তিয়ে নতুন গতি পাইছিল৷ আৰম্ভ হৈছিল 'ধ্ৰুপদী পদাৰ্থবিজ্ঞান’ (classical physics) নামৰ এটা যুগ৷ কিন্তু পূৰ্বৰ সকলো সমস্যাৰ সমাধান নিউটনৰ তত্ত্বই দিব পৰা নাছিল, প্ৰকৃতিৰ সকলো সমস্যাৰ ক্ষেত্ৰতে ই প্ৰযোজ্য নাছিল অৰ্থাৎ সেয়া আছিল এক সীমাবদ্ধকতা৷ যাক পিছৰ বিজ্ঞানীসকলে ধৰা পেলাইছিল, তাৰ ভিতৰত অন্যতম আছিল এলবাৰ্ট আইনষ্টাইন৷ আইনষ্টাইনে নিউটনৰ আসোঁৱাহপূৰ্ণ ত্ৰিপ্ৰস্থীয় ধাৰণাক ভুল প্ৰমাণিত কৰি মহাকাশ আৰু কালক সন্মিলত কৰি 'চতুৰ্থপ্ৰস্থীয়' (fourth dimensional) ধাৰণাক জন্ম দিলে৷ যিহেতু বিজ্ঞানত বৈজ্ঞানিক ধাৰণাৰ সলনিৰ লগে লগে গাণিতিক সূত্ৰবোৰো সলনি হয়, গতিকে আপেক্ষিকতাবাদৰ ধাৰণাৰ লগতে সৃষ্টি হ'ল এক নতুন গাণিতিক সমীকৰণ৷

পঠনীয়:  শনি-বিশ্বাস আৰু বিজ্ঞান

গতিকে দেখা গ'ল গেলিলিওৰ পৰা আইনষ্টাইনৰ বৈজ্ঞানিক ধাৰণালৈ যি এক দীঘলীয়া বৈজ্ঞানিক পৰিক্ৰমা  তাৰ মূলতে হ'ল সীমাবদ্ধকতা৷ সেই পুৰণি বাষ্প ইঞ্জিনৰ পৰা বৰ্তমানৰ SUVৰ ইঞ্জিনটোলৈ বা সেই পুৰণি টেলিগ্ৰামটোৰ পৰা বৰ্তমানৰ স্মাৰ্ট ফ'নটোলৈ বিজ্ঞানৰ যি অৱদান সেই সৃষ্টিৰ প্ৰতিটো যুগতে আছিল সীমাৱদ্ধকতা৷ কিন্তু এই সীমাৱদ্ধকতা নেওচি সত্যৰ সন্ধানত অনুসন্ধিৎসু বৈজ্ঞানিক মনটোৰ মুক্ত বিচৰণৰ ফলতেই সৃষ্টি হয় বিজ্ঞান-প্ৰযুক্তিৰ৷ কোনো গ্লানিবোধ অনুভৱ নকৰাকৈয়ে বিজ্ঞানীয়ে বিজ্ঞানৰ সমীবদ্ধকতাৰ কথা ক'ব পাৰে, কিন্তু সীমাবদ্ধকতা আছে বুলিয়েই বিজ্ঞানীসকলৰ অনুসন্ধিৎসু মনটো শান্ত থকা নাই, প্ৰতিটো সময়তে নতুন নতুন গৱেষণা হৈ আছে, একেদৰে পুৰণিক চেৰ পেলাই নতুন নতুন চমৎকাৰী বৈজ্ঞানিক অৱদানৰ সৃষ্টি হৈ আহিছে৷ চন্দ্ৰৰ মানৱ অভিযানতে ক্ষান্ত নাথাকি বৰ্তমান মংগল গ্ৰহলৈ হাত মেলা বিজ্ঞানক সীমাবদ্ধকতাৰ ভয়ে জানো চুব পাৰিব?

আনহাতে লেখকে ইউক্লিডীয় স্বীকাৰ্যসমূহৰ অভিযোগৰ দ্বাৰা বিজ্ঞানৰ সংশয় দেখুৱাবলৈ যোৱা অস্পষ্ট ধাৰণাৰ সম্পৰ্কে আইনষ্টাইনৰ এটা উক্তিৰে আৰম্ভণি কৰিব বিচাৰিছোঁ৷ "ইউক্লিডে যদি তোমাক যৌৱনসূলভ উৎসাহ যোগাবলৈ অসমৰ্থ হয়, তেন্তে বৈজ্ঞানিক চিন্তাবিদ হিচাপে তোমাৰ জন্ম হোৱা নাই৷" - আধুনিক যুগত ইউক্লিডক প্ৰশংসাৰে ওপচাই পেলোৱা এয়া স্বয়ং আইনষ্টাইনৰ উক্তি৷

সকলো বৈজ্ঞানিক তত্ত্বৰ দৰে ইউক্লিডীয় জ্যামিতিৰো প্ৰতিষ্ঠা হৈছিল কিছুমান স্বীকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি৷ এই স্বীকাৰ্যসমূহৰ কোনো যৌক্তিক ভেটি নাছিল, বিনা প্ৰমাণেই সত্য বুলি ধৰা হৈছিল৷ বছৰ বছৰ ধৰি বহু বিজ্ঞানীয়ে এই স্বীকাৰ্যসমূহক প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনেও খুঁত উলিয়াব পৰা নাছিল৷ অৱশেষত উনৈশ শতিকাৰ প্ৰায় মাজ ভাগত ইউক্লিডীয় জ্যামিতিৰ পঞ্চমটো স্বীকাৰ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল ৰুছিয়াৰ দুজন গণিতজ্ঞই৷ তাৰ কালক্ৰমতেই "অ-ইউক্লিডীয়" (non-Euclidean) গাণিতিক ধাৰণাটোৰ সৃষ্টি হৈছিল৷ অ-ইউক্লিডীয় জ্যামিতিৰ লগে লগেই টেনছৰ গণিতৰ আবিৰ্ভাৱো হৈছিল৷ আৰু এই টেনছৰ গণিতৰ সহায়তেই আইনষ্টাইনে সাধাৰণ আপেক্ষিকতাবাদৰ গাণিতিক তত্ত্বৰ জন্ম দিছিল৷ বিজ্ঞান জগতত এনে বহুত উদাহৰণ আছে, এয়া এক সামান্য আভাসহে৷ গতিকে জ্যোতিষক প্ৰতিষ্ঠা কৰিব গৈ "ইউক্লিডীয় জ্যামিতি"ৰ সংশয় দেখুওৱাটো এটা অযুক্তিকৰ ধাৰণা৷ কাৰণ ইউক্লিডীয় জ্যামিতিৰ সীমাৱদ্ধকতা আছে বুলি বিজ্ঞান ৰৈ থকা নাছিল, পুৰণি সমস্যাক সমাধান কৰি নতুন ধৰণেৰে এটা তত্ত্বৰ সৃষ্টি কৰিলে৷ যাৰ আঁত ধৰিয়ে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ গাণিতিক সূত্ৰৰ সৃষ্টি কৰা হৈছিল৷ জ্যোতিষত এনে সালসলনি সম্ভৱনে? যদিহে সম্ভৱ তেন্তে সৌৰজগতত অস্তিত্বহীন ৰাহু কেতুক কেৱল উৰ্দ্ধমুখী, নিম্নমুখী বিন্দু কল্পনা কৰি আজিও কিয় পাথৰ, তাবিজৰ ব্যৱসায়? তদুপৰি লেখকৰ মতে প্ৰকৃত ধৰ্মই হেনো সত্যৰ অম্বেষণ কৰে, কিন্তু এই ধৰ্মৰ অন্বেষণত বিজ্ঞানৰ  দৰে পুৰণি ভুলক শুধৰাব পৰা মুক্ত চিন্তাবিদৰ গ্ৰহণযোগ্যতা কিমান? কোৱা বাহুল্য যে ক'পাৰনিকাছ, গেলিলিও, ডাৰউইনৰ দৰে মুক্তচিন্তাবিদৰ বৈজ্ঞানিক ইতিহাসে এই গ্ৰহণযোগ্যতাৰ ওপৰত সকলোৰে মনত প্ৰশ্ন জন্মাৱ!

প্ৰকৃতিৰ যুক্তিসন্মত ব্যাখ্যা দিবলৈ বিজ্ঞানত কিছুমান তত্ত্বৰ প্ৰয়োজন হয়, আকৌ সেই তত্ত্বসমূহ আৱিষ্কাৰ কৰা হয় বিশেষ কিছুমান স্বীকাৰ্যৰ (postulate) ওপৰত নিৰ্ভৰ কৰি৷ বিশ্বত খলখনি তোলা আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্ৰটো এনে বিশেষ কিছুমান স্বীকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে সৃষ্টি কৰা হৈছিল৷ আৰু ১০০ বছৰৰ আগতেই আইনষ্টাইনে আপেক্ষিকতা তত্ত্বত মহাকৰ্ষণীয় তৰংগৰ অস্তিত্বৰ কথা ভৱিষ্যৎবাণী কৰিছিল৷ বিগত ৫০ বছৰ ধৰি বিজ্ঞানীসকল তাৰ সন্ধানত আছিল, কিন্তু যোৱা বছৰত (১২ ফেব্ৰুৱাৰী, ২০১৬) LIGO  পৰীক্ষাগাৰত সেই ভৱিষৎবাণীৰ প্ৰমাণ হ'ল৷ জ্যোতিষৰ ক্ষেত্ৰত এনে ভৱিষ্যৎবাণী, গভীৰ বিশ্লেষণ সম্ভৱ নে?

পঠনীয়:  কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুক্তিবাদী বিজ্ঞানমনস্কতা

ইউক্লিডীয় স্বীকাৰ্যৰ দ্বাৰা জনমানসত বিজ্ঞানৰ সংশয় দেখুৱাব চেষ্টা কৰা কথাটো ৰাহু, কেতু, শনিৰ ভয় দেখুৱাই উপবাস কৰিবলৈ দিয়া কথাটোৰ দৰে কিছুমান অযুক্তিকৰ কথাৰ বাহিৰে একো নহয়৷ তদুপৰি লেখকে 'বৰ্গক্ষেত্ৰ' এখনৰ কৰ্ণডালক মানৱ জাতিৰ জ্ঞান-বিজ্ঞানে সঠিক জোখ সংখ্যাৰে প্ৰকাশ কৰিব নোৱৰাতো বিজ্ঞানৰ সীমাৱদ্ধকতা বুলি দোহাৰিছে! কিন্তু বিজ্ঞানৰ মনিষীসকলে এই সমস্যাবোৰৰ সমাধান কেতিয়াবাই কৰিছে৷ এনে সঠিক জোখ সম্পৰ্কীয় সমস্যাবোৰৰ সমাধান কৰিবলৈ গণিতৰ বিশেষ কিছুমান শাখাৰো জন্ম হৈছে৷ নহ'লে জানো ইমান নিখুঁত গণনাৰ দ্বাৰা চন্দ্ৰলৈ মানুহৰ অভিযানৰ পৰা বৰ্তমানৰ বিস্ময়কৰ মহাকাশ অভিযানসমূহ সম্ভৱপৰ হ'লহেঁতেন? কম্পিউটাৰৰ বুটাম টিপি মানুহৰ ভৱিষ্যত চাম বোলা সহজ ব্যৱস্থা এটাও জ্যোতিষে পালেহেঁতেন নে?

সীমাবদ্ধকতা বিজ্ঞানৰ প্ৰতিটো যুগতেই আছিল আৰু আজিও আছে৷ সীমাবদ্ধকতা বিজ্ঞানৰ বাবে কোনো দুৰ্বলতা হ'ব নোৱাৰে বৰঞ্চ এই সীমাবদ্ধকতাই নতুন নতুন তত্ত্ব আৰু ধাৰণাৰ সৃষ্টি কৰাত সহায়হে কৰে৷ বহু ক্ষেত্ৰত  দেখা যায় বিজ্ঞানৰ বহু উচ্চশিক্ষাৰে পৰিপুষ্ট তথা বিজ্ঞানৰ ন ন অৱদানেৰে নিজৰ চাহিদা পূৰণ কৰিব বিচৰাসকলে বিজ্ঞানৰ ওপৰত আস্থা প্ৰদৰ্শন নকৰি নিজকে অন্ধবিশ্বাসীৰ বেপাৰীৰ হাতত সমৰ্পিত কৰাটো দুৰ্বল মনসিকতাৰ পৰিচয় দিয়াৰ বাহিৰে একো নহয়৷ আইনষ্টাইনে এনেই কোৱা নাছিল "বিজ্ঞানৰ মন্দিৰলৈ নানা তৰহৰ মানুহ আহে আৰু তেওঁলোকৰ প্ৰত্যকৰে অহাৰ উদ্দেশ্য ভিন ভিন৷ কিছুমান আহে বিজ্ঞান অধ্যয়ণ কৰি উচ্চতৰ বৌদ্ধিক আনন্দ লাভ কৰিবলৈ আৰু কিছুমান আহে একমাত্ৰ ব্যৱহাৰিক উদ্দেশ্যলৈ…৷" যি কি নহওঁক বিজ্ঞান-প্ৰযুক্তিৰ আধুনিক যুগত বিজ্ঞানৰ সীমাবদ্ধকতাৰ কথাৰে জ্যোতিষক প্ৰতিষ্ঠা কৰিব যোৱাটো জ্যোতিষীৰ চূড়ান্ত দুৰ্বলতাৰ পৰিচয়ৰ বাহিৰে একো নহয়৷ আজি বিজ্ঞানৰ সীমাৱদ্ধকতাৰ ফাঁকবোৰত যি অন্ধবিশ্বাসৰ ভেঁকুৰ সৃষ্টি কৰা হৈছে তাক অনাগত দিনবোৰত বিজ্ঞানৰ চমৎকাৰী উত্তৰণে অতি সোণকালেই ধ্বংস কৰিব।

 

Print Friendly, PDF & Email
No Comments

Sorry, the comment form is closed at this time.