কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুক্তিবাদী বিজ্ঞানমনস্কতা

বিৱৰ্তনৰ জৰিয়তে প্ৰথম আদিম মানুহ (Homo erectus), তাৰ পাছত আধুনিক বা চিন্তাশীল মানৱ (Homo sapiens) আৰু শেষত আহিছিল কাৰিকৰী মানৱ (Homo faber)৷ এই বিৱৰ্তনৰ প্ৰক্ৰিয়াতে মানুহে চিন্তাৰ ক্ষমতা লাভ কৰিছিল, লাভ কৰিছিল “গাঠনিকভাৱে বিৰোধসমৰ্থ বৃদ্ধাঙ্গুষ্ঠি”৷ বিৱৰ্তন প্ৰক্ৰিয়াত গাঠনিক পৰিৱৰ্তনৰ ফলত মানুহৰ হাতখনে নিৰ্মাণ কৰাৰ বা পৰীক্ষামূলক কাম-কাজত লগাৰ যি সামৰ্থ গোটাইছিল, তাক সমাজবিজ্ঞানীসকলে ‘বিৰোধসমৰ্থ বৃদ্ধাঙ্গুষ্ঠি’ বুলি কৈছে। অৰ্থাৎ, আনকেইটা আঙুলিৰ মুখামুখিকৈ বুঢ়া আঙুলি মানুহৰহে আছে, আন প্ৰাণীৰ নাই৷ মানুহৰ বৈজ্ঞানিক আৰু কাৰিকৰী উন্নতিৰ অন্তৰালতেই আছে বিৱৰ্তনৰ ফলত হোৱা এই পৰিৱৰ্তন বিলাক৷ এই বিৱৰ্তন প্ৰক্ৰিয়াতে সঞ্চিত হৈ আছিল অবিৰাম চিন্তা প্ৰক্ৰিয়াৰ সজল বীজ৷ সেই চিন্তা-বুদ্ধিৰেই মানুহে বিভিন্ন সময়ত প্ৰকৃতিৰ বিষ্ময়কৰ ৰহস্যসমূহ উদঘাটন কৰিবলৈ যত্ন কৰিছিল আৰু যিবোৰ ক্ষেত্ৰত বিফল হৈছিল অৰ্থাৎ তেওঁলোকৰ জ্ঞান-বিজ্ঞানৰ মাজত ফাঁক দেখা পাইছিল তাতেই বিভিন্ন দেৱতাকে ধৰি বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ জন্ম দিয়া হৈছিল৷ যাৰ বাবেই পৰম্পৰা বুলিয়েই পশুবলি, নৰবলি, ডাইনী হত্যা, ভূমি-পূজা, নদী-পূজা, গ্ৰহ-পূজা, জ্যোতিষ আদিৰ দৰে অসংখ্য অন্ধবিশ্বাসসমূহ এচাম মানুহৰ মন-মগজুত আজিও বাৰুকৈয়ে খোপনি-পিতি আছে৷ প্ৰাচীন কালত মানুহে প্ৰকৃতিৰ বিষয়ে যিমানখিনি জানিছিল তাৰ হিচাপতেই চিন্তা-চৰ্চা কৰি কোৱা কথাবোৰ বা ধৰি লোৱা বিশ্বাসসমূহ সেইসময়ৰ বাবেহে শুদ্ধ আছিল৷ আধুনিক কালৰ নতুন তথ্যৰ আধাৰত সেইবোৰ ভুল প্ৰমাণিত হোৱাৰ পাছতো কিন্তু তাকে যিসকলে খামুচি ধৰি থাকিব বিচাৰে সেইসকলেই অন্ধবিশ্বাসী৷ বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী অৱদানসমূহে বাহ্যিকভাৱে আধুনিকতাৰ সাজ-পাৰ পিন্ধিলেও, অন্ধবিশ্বাসত ডুব গৈ থকা আদিম মানসিকতাৰে পৰিপুষ্ট মানুহৰ সংখ্যাই আমাৰ দেশৰ অগ্ৰগতিত বাধা প্ৰদান কৰি আহিছে৷ বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী আৱিষ্কাৰত ভেঁজাদি গঢ়ি উঠা বস্তুশাস্ত্ৰ, ফ্ৰেনচুই আদিৰ দৰে অন্ধবিশ্বাসসমূহত ‘কম্পিউটাৰ পদ্ধতি’ৰে কৰা গণনা প্ৰক্ৰিয়াত আকৰ্ষিত হৈ বৈজ্ঞানিক পদ্ধতিৰেই অন্ধবিশ্বাসৰ আশ্ৰয় লোৱা সমস্যা-জৰ্জৰিত মানুহৰো অভাৱ নাই৷ তদুপৰি বিজ্ঞান-প্ৰযুক্তিৰ নতুন নতুন চমৎকাৰী অৱদানবোৰৰ দৰেই অন্ধবিশ্বাসীৰ বজাৰত নতুন নতুন বাবাজী-মাতাজীৰ আবিৰ্ভাৱ বৃদ্ধি পোৱা বিষয়টোও অতিকৈ চিন্তনীয়৷ ইয়াৰ মূলতে হ’ল বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তাৰ অভাৱ৷ এফালে ‘ইছৰো’ৰ ১০৪টা উপগ্ৰহ উৎক্ষেপনৰ  সফলতাক লৈ বিজ্ঞান-প্ৰযুক্তিৰ জয়ঢোল, আনফালে ধৰ্মীয় আৱেগ সানি অন্ধবিশ্বাস, কুসংস্কাৰসমূহৰ ৰাজনীতিকৰণ! বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তাৰ অন্যতম বাৰ্তাবাহক তথা বিখ্যাত বিজ্ঞানী পুষ্প. এম. ভাৰ্গৱৰ এইক্ষেত্ৰত উষ্ম মন্তব্য— “Indian has had many rich traditions but not of objective, rational and scientific thinking.” (P. Bhargava/Chandan Chakraborti, Angels, Devils and Science, P-273.)

ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী ভাৰতীয়মূলৰ বিজ্ঞানী Venkatraman Ramakrishnan-এ শেহতীয়াকৈ এটা বক্তৃতা-অনুষ্ঠানত কৈছিল— “Europe was backward for centuries and it is only when it become rational, it became advanced. … India is the only country where constitution says that it should promote scientific temper.” কথাটোৰ উদাহৰণ বেলেগ নালাগে আমি জ্যোতিষৰ ওপৰতে ল’ব পাৰো৷ ১৯৭৫ চনত বিশ্বৰ ১৮৬ জন বিজ্ঞানীয়ে (সেই সকলৰ ১৮ জন ন’বেল বঁটা বিজয়ী) জ্যোতিষশাস্ত্ৰৰ সাৰশূন্যতাৰ বিষয়ে ঘোষণা কৰি জ্যোতিষৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বুলি এখন ইস্তাহাৰত স্বাক্ষৰ কৰিছিল৷ আনহাতে আমাৰ দেশৰ সংবিধানে ৫১(ক) দফা অনুসৰি কৈছে— “To develop scientific temper, humanism and the spirit of inquiry and reform.” কিন্তু এইখন দেশতেই আকৌ জ্যোতিষ শাস্ত্ৰক ২০০১-২০০২ চনত ‘হিন্দুত্ববাদী’ কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক পৃষ্ঠপোষকতাতেই UGCত অন্তৰ্ভুক্ত কৰা হৈছিল৷ কেৱল বিজ্ঞানীসকলেই নহয়, যুক্তিবাদী চিন্তা আৰু বৈজ্ঞানিক মানসিকতাৰে চলা দেশৰ বৌদ্ধিক মহলে চৰকাৰ আৰু UGCৰ এইকাৰ্যক তীব্ৰ বিৰোধিতা কৰিছিল৷ তেতিয়া সিদ্ধান্তৰ সাপেক্ষে ইউজিচিৰ এটা যুক্তি হ’ল—  “আজিৰ যুৱক-যুৱতীয়ে যেতিয়া জানিব পাৰিব তেওঁলোকৰ পূৰ্বপুৰুষে কি অসামান্য মৌলিক কাম কৰি গৈছে,  তেওঁলোকৰ আত্মমৰ্যদাবোধ বাঢ়িব৷” সেই সময়তেই জ্যোতিষবিদ্যাক ‘জ্যোতিষবিজ্ঞান’ বুলি প্ৰচাৰ চলাবলৈ যত্ন কৰা হৈছিল৷ এইদৰে প্ৰচীন ধৰ্মশাস্ত্ৰ, আৰু তাৰ লগত সংলগ্ন অন্ধবিশ্বাসসমূহৰ গ্ৰহণযোগ্যতা বঢ়াবলৈ যধে-মধে ‘বিজ্ঞান’ৰ লেভেল লগাই প্ৰভাৱশালী কৰা কাৰবাৰটো নতুন নহয়, যাৰ বাবে পদাৰ্থবিজ্ঞানী মেঘমাদ সাহাৰ ‘আয়নীকৰণতত্ব’টোও সাৰি যোৱা নাছিল৷ সাধাৰণ মানুহৰ কথা বাদ দিলেও, এচাম বিজ্ঞানৰ উচ্চ-ডিগ্ৰীধাৰীয়েও প্ৰাচীন ঐতিহ্যৰ ওপৰত যধে-মধে বিজ্ঞানৰ লেবেল লগাই কৰা বিজ্ঞানৰ অপপ্ৰচাৰে মানুহক দোমোজাত পেলোৱা উদাহৰণো অলেখ আছে৷ জ্যোতিষশাস্ত্ৰ যে বিজ্ঞান নহয় সেইকথা বিখ্যাত বিজ্ঞানী পদ্মবিভূষণ জয়ন্ত. ভি. নাৰ্লিকাৰৰ চিন্তাগধুৰ তথা গভীৰ বিশ্লেষাণত্মাক ৰচনাসমূহৰ পৰা সহজেই বুজিব পাৰি৷ তদুপৰি বিজ্ঞান আৰু জ্যোতিষৰ মাজত থকা ভৱিষ্যতবাণীসমূহৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে৷ জ্যোতিষে গ্ৰহ-নক্ষত্ৰৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ ভৱিষ্যত বা ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে, য’ত বিজ্ঞানৰ দৰে কঠিন পৰীক্ষা-নিৰীক্ষা তথা গভীৰ বিশ্লেষণৰ ঢাপবোৰ অতিক্ৰম কৰি সত্যক প্ৰতিষ্ঠা নকৰে৷ কিন্তু বিজ্ঞানে মানুহক, প্ৰমাণ কৰি চাব পৰা ভৱিষ্যতবাণীহে দিয়ে৷ বিজ্ঞানীৰ এই ক্ষমতাৰ বাবে চন্দ্ৰত মানুহে খোজ পেলাব পাৰিলে, জ্যোতিষত অমংগলৰ কাৰক হিচাপে বিশ্বাস কৰা শনি, মংগল আদি গ্ৰহলৈ ব্যয়বহুল অভিযান কৰিব পাৰিলে৷ জ্যোতিষৰ ইতিহাসত এনে কোনো ভৱিষত্যবাণী সঁচা হোৱা নাই৷ ব্যক্তিগত জীৱনৰ দুই এটা কথা আকস্মিকভাৱে মিলি গ’লেই কোনো যুক্তিবাদী, বিজ্ঞানমনস্ক মানুহে জ্যোতিষক বিজ্ঞানৰ লগত ৰিজোৱাৰ চেষ্টা নকৰে৷ সেয়েহে বিজ্ঞানী Venkatraman Ramakriahnan-এ বৈজ্ঞানিক মানসিকতাৰ ওপৰত দিয়া এক বক্তৃতা অনুষ্ঠানত জ্যোতিষৰ ওপৰত দিয়া মন্তব্য এনেধৰণৰ— “There is no basis for how movements of starts or planets can influence our fate. Moreover, there is no reason why the time of birth should influence something decades later, this is complete nonsense.”

বিজ্ঞানৰ আৱিস্কাৰে পোহৰলৈ অনা, পৃথিৱীৰ ‘চুম্বকীয় ক্ষেত্ৰ’ আৰু ‘অজ’ন স্তৰ’-এ পৃথিৱীক সৌৰজগতৰ আন গ্ৰহতকৈ বেলেগ কৰিছে৷ মহাজাগতিক পৰিঘটনাৰ দ্বাৰা সৃষ্টি হোৱা এই দুই ৰক্ষাকৱচে পৃথিৱীক জীৱকুলৰ বাবে উপযোগী কৰি তুলিছে৷ অৰ্থাৎ, সূৰ্যৰ ‘নিউক্লীয়াৰ ফিউজন’ৰ ফলত উৎপন্ন হোৱা আধান যুক্ত ধুমুহা যাক ‘solar wind’ বোলা হয়, তাৰ পৰা জীৱকুলক ৰক্ষা কৰি আছে পৃথিৱীৰ এই চুম্বকীয় ক্ষেত্ৰখনে৷ দ্বিতীয়তে পৃথিৱীৰ ‘অজ’ন স্তৰে’ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা জীৱকুলক ৰক্ষা কৰি আছে৷ এই চুম্বকীয় ক্ষেত্ৰ আৰু অজ’ন স্তৰৰ সৃষ্টি এক প্ৰাকৃতিক পৰিঘটনা৷ এতিয়া অনুসন্ধিৎসু মনৰ সকলোৰে প্ৰশ্ন আহিব, তেন্তে জ্যোতিষীয়ে মানুহক বিভিন্ন গ্ৰহৰ Radiation, ৰশ্মিৰ পৰা হাত সাৰিবলৈ দিয়া ‘গ্ৰহৰত্ন’ বিধানৰ কাম কি? গ্ৰহবোৰ বিভিন্ন গেছ, শিল, বৰফ আদিৰে গঠিত৷ নক্ষত্ৰসমূহৰ দৰে গ্ৰহবোৰত কোনো ‘নিউক্লীয়াৰ ফিউজন’ বিক্ৰিয়া নহয়, যাৰ বাবে গ্ৰহৰ নিজা পোহৰো নাই৷ ‘নিউক্লীয়াৰ ফিউজন’ নোহোৱা মানে গ্ৰহৰ পৰা কোনো ধৰণৰ আধানযুক্ত কণিকাৰো সৃষ্টি নহয়৷ এয়া বিজ্ঞানৰ সত্য৷ গতিকে বিভিন্ন গেছেৰে গঠিত এই পদাৰ্থপিণ্ডবোৰক তুষ্ট কৰিবলৈ বুলি লোৱা পাথৰৰ (/ৰত্নৰ) কাম কি? সেইবোৰ কাৰ্যকাৰী হোৱাহেঁতেন মহাকাশ গৱেষণাৰ বাবে নিৰ্ভয়ে পাথৰযুক্ত আঙুঠি, ৰঙাসূতা, কলাসূতা পিন্ধিয়েচোন সৌৰজগতৰ আন গ্ৰহবোৰলৈ ইমান দিনে যাব পৰা হ’লহেঁতেন! তদুপৰি জ্যোতিষত ‘গ্ৰহৰত্ন’সমূহ গ্ৰহৰ ৰঙৰ ওপৰত ভিত্তি কৰি দিয়া হয়৷ কিন্তু এই গ্ৰহৰ ৰঙবোৰৰ লগত একে ৰঙৰ পাথৰ পিন্ধিলে ‘কিদৰে’ প্ৰতিকাৰ পাব পাৰি? এই প্ৰতিকাৰৰ বৈজ্ঞানিক ভিত্তি কি? বিজ্ঞানৰ উচ্চ-ডিগ্ৰীধাৰী নহলেও, সাধাৰণ যুক্তিবাদী মানুহ এজনৰ বাবে কথাবোৰ অযুক্তিকৰ নহয় নে? আমি যাক ‘গ্ৰহৰত্ন’ (পাথৰযুক্ত আঙুঠি) হিচাপে মহাজাগতিক পৰিঘটনাৰ পৰা সৃষ্টি হোৱা পদাৰ্থপিণ্ড কিছুমানক তুষ্ট কৰিবলৈ পিন্ধো, ভূ-বিজ্ঞানৰ মতে সি আচলতে সাধাৰণ পাথৰেই৷ ৰাসায়নিক পৰীক্ষাৰ পৰা জনা গৈছে যে এইবিলাক অক্সাইড হিচাপে গঢ়ি উঠা কিছুমান মিশ্ৰ পদাৰ্থৰ বাহিৰে একো নহয়৷ গতিকে এই গ্ৰহৰ ৰঙৰ লগত একে পাথৰ আৰু তাৰ পৰা মানুহৰ জীৱনত হ’ব পৰা শুভ-অশুভ কাৰকসমূহক নিয়ন্ত্ৰণত আনিবলৈ যোৱা ব্যৱস্থাটো অন্ধবিশ্বাসৰ বাদে একো নহয়৷ সুযোগ পালেই আধুনিক বুলি জাহিৰ কৰা, বিশেষকৈ উচ্চশিক্ষাৰ পোহৰ পোৱা লোকসকলে এইবোৰ বিষয়ৰ ওপৰত নিজৰ উদ্ভট বিশ্বাস আৰু আচৰণৰ যৌক্তিকতাক ফঁহিয়াই নোচোৱাটো সঁচাকৈ চিন্তনীয় বিষয়৷

সাধাৰণতে আমি কিছুমান ধৰ্মীয় আবেগৰ লগত জড়িত কথাক সত্য প্ৰতিপন্ন কৰিবলৈ কিছুমান উদাহৰণ দাঙি ধৰোঁ; বিখ্যাত মানুহে বিশ্বাস কৰে বাবেই শুদ্ধ বা গৰিষ্ঠসংখ্যকে ভাবে বাবেই কথাটো শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ যত্ন কৰোঁ৷ কিন্তু বিখ্যাত, গুণী, জ্ঞানী মানুহে ক’লেই বা বিশ্বাস কৰিলেই একোটা সত্য প্ৰতিপন্ন হৈ নাযায়৷ তেনেধৰণৰ লোকসকলে সেইসময়ৰ জ্ঞানৰ আধাৰতে কিছুমান কথা কৈছিল বা বিশ্বাস কৰিছিল যিবোৰ পাছৰ সময়ত আধুনিক প্ৰমাণে মিছা প্ৰমাণিত কৰিলে৷ যেনে— এৰিষ্টটল আছিল তেওঁৰ সময়ৰ (৩৮৪ -৩২২ খ্ৰীষ্টপূৰ্ব) অতি বিখ্যাত ব্যক্তি, তেওঁ কৈছিল পৃথিৱী হৈছে বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু পৃথিৱীক কেন্দ্ৰ কৰি গ্ৰহ-নক্ষত্ৰসমূহ ঘূৰে৷ প্ৰায় ১৭০০ বছৰ ধৰি সেই ধাৰণাটো মানুহৰ মাজত জীয়াই আছিল, পাছত বিজ্ঞানৰ সূৰ্যকেন্দ্ৰিক ধাৰণাটোৱে  ইয়াক মিছা প্ৰমাণিত কৰিলে৷ কিন্তু এই সোঁতৰ বিপৰীতে গৈ বিজ্ঞানৰ সত্যক মানি ল’বলৈ সকলোৰে মানসিকতা সদায় প্ৰস্তুত নাথাকে৷ য’ত ধৰ্মীয় গোড়ামিও অন্যতম কাৰক৷ যাৰ কাৰণেই বহুতে বিজ্ঞানৰ সত্যসমূহক হৃদয়ংগম কৰিব নোৱাৰি আজিৰ তাৰিখতো জ্যোতিষ, বাস্তুশাস্ত্ৰ, তন্ত্ৰ-মন্ত্ৰ আদিৰ দৰে অন্ধবিশ্বাসৰ আশ্ৰয় লৈছে। তদুপৰি এই বিজ্ঞানৰ সত্যসমূহক যুক্তিসহকাৰে সমাজৰ আগত দাঙি ধৰিবলৈ যাওঁতে বিভিন্নজন ধৰ্মীয় ৰোষৰ বলি হ’বলগীয়া হৈছে৷ গান্ধী-অনুৰাগী গোপালৰাজ ৰামচন্দ্ৰ ৰাও— যাক গোৰা বুলি জনা যায়, তেওঁ সমাজৰ অন্ধবিশ্বাসসমূহৰ বিৰোদ্ধে অতিকৈ সৰৱ আছিল৷ “গ্ৰহণ”ৰ সময়ত গৰ্ভৱতী মহিলা বাহিৰলৈ ওলালে বিকলাংগ হয় বুলি এটা জনবিশ্বাস আছে৷ এই অন্ধবিশ্বাসটোক মিছা প্ৰমাণিত কৰিবলৈ বিজ্ঞানমনস্কতাৰে পৰিপুষ্ট গোৰা আৰু তেওঁৰ পত্নীয়ে গৰ্ভধাৰণ কৰাৰ চাৰিমাহৰ পাছতেই গ্ৰহণৰ সময়ত বাহিৰ ওলাইছিল৷ কিন্তু দেখা গৈছিল গৰ্ভস্থ শিশুৰ কোনো ক্ষতি নহ’ল, যথা সময়ত কোলালৈ আহিল এটা স্বাস্থ্যৱান নৱজাতক৷ কিন্তু কিবা কাৰণত সন্তানটো যদি বিকলাংগ হৈ জন্ম হ’লহয় তেতিয়া কিন্তু তাৰ কোনো অন্তনিৰ্হিত কাৰণ বিশ্লেষণ নকৰাকৈয়ে পোনচাটেই গ্ৰহণৰ কথাটো টানি আনিলহয়! তদুপৰি ‘সূৰ্য-কেন্দ্ৰিক (heliocentric) বিশ্বতত্ব’ৰ বাবে ক’পাৰনিকাছ, গেলিলিও আৰু ‘বিৱৰ্তন তত্ব’ৰ বাবে কঠোৰ ধৰ্মীয় ৰোষৰ বলি হোৱা ঘটনাসমূহৰ কথা আজি সকলোৰে জ্ঞাত৷ ক’পাৰনিকাছৰ সূৰ্যকেন্দ্ৰিক বিশ্বতত্বক মানি ল’বলৈ অস্বীকাৰ কৰা গোড়া ধাৰ্মিকসকলৰ গৰিষ্ঠ সংখ্যকেই তেওঁক ঠাট্টা-বিদ্ৰুপ কৰিবলৈ উঠি-পৰি লাগিছিল, কিন্তু ক’পাৰনিকাছে এই কথা জানিব পাৰি বন্ধুসকলক মিচিকিয়াই ক’লে— “তেওঁলোকক তেনে কাৰ্য কৰি যাবলৈ দিয়া৷ ঠাট্টা-বিদ্ৰুপ অথবা এই মূৰ্খসকলে জনোৱা সন্মান— কোনো এটাৰে গ্ৰহ-নক্ষত্ৰাদিৰ গতি তিলমানো প্ৰভাৱিত নহয়৷”

বিজ্ঞান-প্ৰযুক্তিৰে দোপত দোপে আগুৱাই যোৱা ভাৰতৰ দৰে দেশত অন্ধবিশ্বাসীৰো অভাৱ নাই৷ জ্যোতিষেই হওঁক বা ধৰ্মীয় আবেগৰ লগত সানমিহলি আন আন অন্ধবিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক সত্য প্ৰতিষ্ঠা কৰিবগৈ ৰবীন্দ্ৰ নাথ টেগুৰ, মেঘনাদ সাহা, ডাঃ নৰেন্দ্ৰ দাভোলকাৰ, পদ্মবিভূষণ প্ৰাপ্ত জয়ন্ত ভি. নাৰ্লিকৰ, অসমৰ কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আদিৰ দৰে আমাৰ যুক্তিবাদী তথা বৈজ্ঞানিক মানসিকতাৰে চলা বহু ব্যক্তিত্বইয়ো এচাম ৰক্ষণশীল সমাজৰ ঠাট্টা-বিদ্ৰুপৰ পৰা হাত সাৰি যোৱা নাই৷ আত্যন্ত পৰিতাপৰ বিষয় এই যে যোৱা কেইবছৰমানৰ আগতে মহাৰাষ্ট্ৰৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসী বিৰোধী আন্দোলনৰ পথপ্ৰদৰ্শক ডাঃ নৰেন্দ্ৰ দাভোলকাৰ আৰু গোবিন্দ পানচাৰে মহাৰাষ্ট্ৰৰ উগ্ৰ সাম্প্ৰদায়িকতা, জাত-পাতৰ প্ৰভেদ আদিৰ ওপৰত তিনি দশক ধৰি চলোৱা যি আন্দোলন তাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰোৰে গোড়া হিন্দুত্ববাদী এচাম ঘাতকে অতি নৃশংসভাৱে তেওঁলোকক হত্যা কৰিছিল৷ কেৱল দাভোলকাৰ আৰু পানচাৰেই নহয়, ২০১৫ চনত কৰ্নাটকৰ যুক্তিবাদী চিন্তক তথা কুসংস্কাৰ-অন্ধবিশ্বাসবিৰোধী প্ৰবক্তা M M Kalburgiকো ফেচিবাদী কয়দাৰে হত্যা কৰা হৈছিল৷ এইদৰে ধৰ্মৰ নামত ৰক্ষণশীল সমাজৰ উন্মাদ এটা চক্ৰই বিভিন্ন প্ৰকাৰে অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰোদ্ধে বিজ্ঞান-মনস্কতাৰ প্ৰচাৰ চলোৱা প্ৰগতিশীল, সংস্কাৰী মনিষীসকলৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাই আহিছে৷

যিখন দেশৰ সংবিধানত বৈজ্ঞানিক মানসিকতাৰ কথা কোৱা হৈছে, সেইখন দেশতেই বৈজ্ঞানিক মানসিকতা, যুক্তিবাদী চিন্তাৰে জনগণক সজাগ কৰিবলৈ চেষ্টা কৰা লোকসকলক হত্যা কৰা হৈছে অথবা মৃত্যুভয় দেখুওৱা হৈছে৷ কিন্তু এই ফেচিবাদী কয়দাৰে কিমান দিনলৈ ধৰ্মীয় আবেগৰ বাবে যুক্তবাদীসকলৰ মুখ বন্ধ কৰি বিজ্ঞানৰ সত্যক লুকুৱাই ৰাখিব? এইখিনিতে ন’বেল বঁটা বিজয়ী এচ. চন্দ্ৰশেখৰৰ ন’বেল বঁটা লোৱাৰ সময়ত দিয়া ভাষণৰ এটা বাক্য উল্লেখ কৰিব পাৰি, তেওঁ কৈছিল— “সত্যৰ মোহৰ হ’ল সৰলতা, সত্যৰ জ্যোতি হ’ল সৌন্দৰ্য৷”  গতিকে ফেচীবাদেৰে বিজ্ঞান নহয়; সৰলতা আৰু জ্যোতি— এই দুটাহে বৈজ্ঞানিক তথ্য তথা বিজ্ঞানীৰ চাব-মোহৰ৷ বিৱৰ্তনৰ প্ৰক্ৰিয়াত মানুহৰ চিন্তাধাৰাৰ আমূল পৰিৱৰ্তন ঘটাৰ ফলতহে ‘ডিজিটেল’, “বিশ্বায়ন’ আদি শব্দবোৰ আজি আমি শুনিবলৈ পাইছোঁ৷ অতীতত মানুহে প্ৰকৃতিৰ পৰিঘটনাবোৰৰ আঁৰত আলৌকিক শক্তিৰ হাত আছে বুলি, নিজৰ জ্ঞান-বিজ্ঞানৰ মাজত থকা ফাঁকবোৰত বিভিন্ন অন্ধবিশ্বাসৰ সৃষ্টি কৰি প্ৰকৃতিক নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল৷ কিন্তু আজিৰ বিজ্ঞানে প্ৰকৃতিৰ ৰহস্যসমূহ ভেদ কৰাত বহু পৰ্যায় আগবাঢ়ি গ’ল৷ বৰ্তমান Large hadron colliderত যি পৰ্য্যয়ৰ ব্যয়বহুল পৰীক্ষা-নিৰীক্ষা চলি আছে তাৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বহু তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে৷ বিৱৰ্তনৰ কোনোবা এটা পৰ্যায়ত মানুহৰ মস্তিস্কৰ ক্ষমতা উন্নত আৰু জটিল হ’ল, আৰম্ভ হ’ল নানা প্ৰসংগত অনুসন্ধিৎসাজাত প্ৰশ্ন কৰাৰ৷ সেইদৰে অনুসন্ধিৎসু বহুতৰে মনত উদয় হোৱা স্বাভাৱিক প্ৰশ্ন— ঈশ্বৰ বা সৃষ্টিকৰ্তাই বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে যদি তেওঁক কোনে সৃষ্টি কৰিছে? আকৌ ঈশ্বৰ যদি স্বয়ম্ভু, তেন্তে এই মহাবিশ্ব স্বয়ম্ভু (পদাৰ্থবিজ্ঞানৰ কোৱাণ্টাম ফ্লাক্সুৱেচনৰ যোগেৰে সৃষ্টি) হ’ব কিয় নোৱাৰে? সঁচাকৈয়ে ঈশ্বৰ যদি মংগলময়, পৃথিৱীত তেন্তে কিয় ইমান মহাপাপ? বিজ্ঞানৰ উত্তৰণে আজিৰ মানুহৰ চিন্তা-বুদ্ধিক এনে এটা স্তৰলৈ আনিছে যে এনেবোৰ প্ৰশ্নৰ অৱতাৰণা অযুক্তিৰ বুলি দলিয়াই পেলাব পৰা বিধৰ নহয়৷ ইফালে বিশ্ববিশ্ৰুত বিজ্ঞানী ষ্টিফেন হকিঙে ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰি কৈছে— “অংকবিদ্যাৰ জ্ঞান যিসকলৰ পৰ্যাপ্ত নহয় কেৱল তেওঁলোকেই ঈশ্বৰত বিশ্বাস কৰিব পাৰে৷” (K. M. Shrimali, the age of iron and the religious revolution, new delhi, 2011, P-109.) ঠিক সেইদৰে আজিৰ পৰা বহু বছৰৰ আগতেই বহুজনৰ মনত এনে প্ৰশ্নৰ উদয় হৈছিল তাৰ ভিতৰত অন্যতম প্ৰথিতযশা বিজ্ঞানী তথা কলিকতা বিশ্ববিদ্যালয়ৰ প্ল্যাণ্ট ফিজিঅ’লজিৰ প্ৰাক্তণ অধ্যাপক তাৰক মোহন দাসৰ স্পষ্ট মত— বৈজ্ঞানিক পদ্ধতিৰে ঈশ্বৰৰ অস্তিত্ব প্ৰমাণিত নোহোৱালৈকে তেওঁ ঈশ্বৰত বিশ্বাস নকৰে৷ দ্বিতীয়তে ঈশ্বৰ, ধৰ্মৰ বিভাজনমূলক সামাজিক ভূমিকা সম্পৰ্কে সচেতন বিজ্ঞানীজনৰ মন্তব্য— “বিজ্ঞানৰ দৃষ্টিত মানুহৰ মাজত কোনো পাৰ্থক্য নাই৷ ধৰ্মৰ নামত মানুহেই পাৰ্থক্যৰ সৃষ্টি কৰিছে৷” (সুকুমাৰী ভট্টচাৰ্য, এয়োতি এবং, কলকতা, ২০০৪, পৃ: ২৮)৷ বিজ্ঞান-প্ৰযুক্তিৰ অৱদানৰ ওপৰত ভেঁজা দি বিভিন্ন কৌশলেৰে বিজ্ঞানক আক্ৰমণ কৰিব যোৱাসকলে ইয়াত ‘বৈজ্ঞানিক গোড়ামি’ৰ গোন্ধ পালেও, বিজ্ঞানী হিচাপে তেওঁলোকৰ কথাবোৰ অযুক্তিকৰো নহয়৷ সমগ্ৰ বিশ্বতে এতিয়া নিৰশ্বৰবাদলৈ গতি কৰাৰ যি এক প্ৰৱণতা বা অনুশীলন সেয়াও এক বৈজ্ঞানিক পৰিক্ৰমা। এই পৰিক্ৰমাতেই নতুন নতুন তথ্যৰে নতুন ধ্যান-ধাৰণা গ্ৰহণ কৰাৰ স্পষ্ট প্ৰমাণ পোৱা যায়৷ গতিকে বিজ্ঞানমনস্ক চিন্তা আৰু বিশ্লেষণে এনেবোৰ প্ৰশ্ন খণ্ডন নকৰি ফেচিবাদী কয়দাৰে মুখ বন্ধ কৰিব গ’লে সমাধান সূত্ৰ ওলাব জানো?

এচাম গোড়া ধৰ্মান্ধই সততে যুক্তিবাদী চিন্তা বা বিজ্ঞানমনস্কতাৰে চলা মানুহক দাম্ভিক, অহংকাৰী, ধৰ্মবিৰোধী, নাস্তিক আদি বিভিন্ন বিশেষণেৰে গৰিহনা দিয়া দেখা যায়৷ ঈশ্বৰৰ বিশ্বাস আৰু ধৰ্মীয় আবেগৰ লগত সম্পৰ্ক থকা অন্ধবিশ্বাসসমূহক বিৰোধিতা কৰা বাবে এনে পৰিস্থিতিৰ সততে সৃষ্টি হয়৷ তদুপৰি অন্ধবিশ্বাসৰ বিৰোধে যুক্তিবাদী চিন্তা আৰু বিজ্ঞানমনস্কতাৰে কথা কোৱা মানুহবোৰক নাস্তিক নহ’লেও নাস্তিক সজাই তুচ্ছ-তাচ্ছিল্য কৰাও দেখা যায়৷ এইক্ষেত্ৰত স্পষ্টবাদী বিজ্ঞানমনস্ক লোকৰ প্ৰতি সাধাৰণতে যি অহংকাৰৰ কথা উত্থাপন হয়, তাক ভগৎ সিঙে “Why I am an atheist” নামৰ ৰচনাটোত আৰম্ভণিতে লিখিছে যে ঈশ্বৰৰ বিশ্বাসৰ পৰা মুক্ত হোৱাৰ লগত অহংকাৰ, দম্ভৰ সম্পৰ্ক কি? তদুপৰি যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ কথা ওলালে বহু গোড়া ধাৰ্মিক আৰু জ্যোতিষীয়ে নিজৰ স্থিতিক প্ৰতিষ্ঠা কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ পাৰ্থক্য নুবুজি বিভিন্ন প্ৰকাৰে বিজ্ঞানক আক্ৰমণ কৰে৷ বিজ্ঞানৰ কথা ওলালে এচামে মাৰণাস্ত্ৰ, প্ৰদূষণ আদিৰ কথা কৈ বিজ্ঞানৰ বিধ্বংসী ৰূপটোৰ কথা কৈ তাচ্ছিল্য কৰা দেখা যায়৷ নিঃসন্দেহে প্ৰযুক্তিৰ অপব্যৱহাৰে মানৱ জাতিৰ ক্ষতি কৰিছে৷ ৰবীন্দ্ৰ নাথ টেগুৰৰ দৰে যুক্তিবাদী, বিজ্ঞানমনস্ক সাহিত্যিকে এই বিষয়টো তাহানিতেই হৃদয়ংগম কৰি কৈছিল— “আমি আমাৰ লোভৰ বাবে যন্ত্ৰক দোষ দিওঁ, মাতলামিৰ বাবে শাস্তি দিওঁ তালগছক৷” মানুহৰ অনুসন্ধিৎসু মনটো থকালৈকে বিজ্ঞানৰ ন-ন আৱিস্কাৰ হৈ থাকিব কিন্তু মানৱ জাতিৰ ক্ষতি নোহোৱাকৈ তাক প্ৰয়োগিক দিশত কেনেকৈ লগাব পাৰি সেই কথাও মানুহৰ ওপৰতেই নিৰ্ভৰ কৰিব৷ গতিকে অন্ধবিশ্বাসীয়ে অন্ধবিশ্বাসৰ কথাবোৰক প্ৰশ্ৰয় দিবলৈ এনেবোৰ বিষয়ত বিজ্ঞানক টানি অনাটো বাতুলতাৰ বাহিৰে একো নহয়৷ কথাটো এনেকুৱা ধৰণৰ যেতিয়া বৈজ্ঞানিক ধাৰণাৰ বিৱৰ্তন ঘটি সি প্ৰযুক্তিগত ধাৰণাৰ স্তৰ পায় আৰু যদি লাভ কৰে মানৱীয় পৰিবেশৰ উপযোগী একোটা প্ৰয়োগিক দিশ, তেতিয়াই সি আদৰ্শ হয়৷ উদাহৰণস্বৰূপে কথাটো এনেকুৱা ধৰণৰ— বিজ্ঞানী অট’হানে ‘পাৰমাণৱিক বিভঙ্গন’ (Nuclear fission) নামৰ বৈজ্ঞানিক ধাৰণাটো আৱিস্কাৰ কৰিছিল৷ যাৰ সহায়ত এনৰিক’ফাৰ্মিয়ে ইয়াৰ ভিত্তিত প্ৰচুৰ শক্তি উৎপাদনক্ষম যি ‘শৃংখল বিক্ৰিয়া'(Chain reaction)ৰ ধাৰণাটো আৱিস্কাৰ কৰিলে সি হ’ল প্ৰযুক্তিগত ধাৰণা৷ শক্তি নিৰ্গমৰ ধাৰণাৰ ভিত্তিত এফালে ওলাল পৰমাণু বোমা, আনফালে ওলাল পাৰমাণৱিক ৰিয়েক্টৰৰ পৰা বিদ্যুত শক্তি উৎপাদনৰ প্ৰক্ৰিয়া৷ প্ৰথমটোৰ ব্যৱহাৰ হ’ল ধ্বংসৰ কামত, আনহাতে দ্বিতীয়টোৱে এটা ধাৰণাক আদৰ্শলৈ ৰূপান্তৰ কৰিলে।

পূৰ্বৰ তুলনাত অসমত বিজ্ঞানৰ মহাবিদ্যালয় আৰু বিজ্ঞানৰ উচ্চডিগ্ৰীৰ অভাৱ নাই, অভাৱ কেৱল বিজ্ঞানমনস্কতাৰ৷ বিজ্ঞানমনস্কতা গঢ় দিয়াৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানৰ বাহিৰেও সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক পৰিবেশৰো বহু অৰিহণা থাকে৷ কিন্তু বিজ্ঞানমনস্কতা প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ শাসক পক্ষৰ যি উদাসীন স্থিতি তাক শেহতীয়াকৈ ‘নমামি’ উৎসৱেই প্ৰমাণ কৰি দিলে৷ নমামিৰ দৰে বৃহৎ চৰকাৰী অনুষ্ঠান এটাত আন ৰাজ্যৰ পুৰোহিত আনি পূজা পতাতকৈ, দেশ-বিদেশৰ অভিজ্ঞ বিজ্ঞানী, অভিযন্ত্ৰাৰে এটা আলোচনা-চক্ৰৰ প্ৰয়োজনীয়তাহে অধিক আছিল!! গতিকে কেৱল পূজা-অৰ্চনাক গুৰুত্ব দিয়া শাসকীয় পক্ষৰ পৰা বিজ্ঞানমনস্কতা প্ৰসাৰৰ বাবে আমি আৰু কি আশা কৰিব পাৰো?

বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ অভূতপূৰ্ব সফলতাৰ সমান্তৰালকৈ ধৰ্মই সমাজৰ এচাম সুবিধাবাদী ব্যক্তিৰ হাতত পৰি ধৰ্মীয় বিশ্বাসৰ নামত যি বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ, শ্ৰেণী বিভাজনৰ এক বিকৃত ৰূপ পালে সেই কথা আজি সকলোৰে অনুমেয়৷ গতিকে ধৰ্মৰ লগত যুক্ত হৈ থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ আবেষ্টনীৰ পৰা মুক্ত হোৱাৰ লগতে ধৰ্মীয় মৌলবাদ আৰু গোড়ামী ত্যাগ কৰিব নোৱাৰিলে আমি কেতিয়াও সুস্থ আধুনিক সমাজ এখন আশা কৰিব নোৱাৰো৷ এখন সুস্থ সমাজৰ আশা তেতিয়াহে কৰিব পাৰি যেতিয়া সমাজৰ প্ৰতিজনেই ধৰ্ম, ঈশ্বৰৰ নামত চলা বিভিন্ন প্ৰকাৰৰ ৰাজনীতিৰ মেৰপাশৰ পৰা মুক্ত হৈ বিজ্ঞানমনস্ক সুস্থ চিন্তাৰে আগবাঢ়িবলৈ শিকিব৷ ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী মানেই আকৌ নাস্তিক বা ধৰ্মবিৰোধী নহয়৷ এই কথাটো গেলিলিঅ’ৰ উদাহৰণেই মোখনি মাৰিব পৰা যায়৷ ব্যক্তিগতভাৱে গেলিলিঅ’ ধৰ্মপৰায়ণ হ’লেও ধৰ্মীয় বিশ্বাসবশতঃ অন্ধতাক কিন্তু তেওঁ প্ৰশ্ৰয় দিয়া নাছিল৷ যাৰ বাবে ধৰ্মৰ বিপৰীতে দিয়া ক’পাৰনিকাছৰ সূৰ্যকেন্দ্ৰিক বিশ্ববিন্যাসৰ ধাৰণাটোক নিজে সমৰ্থন কৰাৰ লগতে প্ৰচাৰো কৰিছিল৷ সেয়েহে এবাৰ এজন যাজকে উপদেশ দিব বিচাৰোঁতে বিৰক্ত হৈ চিঠিত লিখিছিল— “The Bible was intended to teach men how to go heaven and not how the heavens go.”

3 Comments
  • Raju Kr Moran
    Posted at 11:46h, 29 August Reply

    ভাল লেখা হৈছে ৷ বহুদিনৰ বিৰতিত মোৰ পচন্দৰ বিষয়ত লেখা এটা পঢ়িবলৈ আৰু কিছু কথা জানিব পাৰিলোঁ ৷ আগলৈও পামবুলি আশা কৰিছোঁ ৷

  • দেৱাঞ্জন বৰা
    Posted at 23:12h, 02 July Reply

    প্ৰৱন্ধটো সময়োপযোগী হৈছে৷ ধৰ্ম আৰু বিজ্ঞান দুয়োটাৰে প্ৰকৃত উৰ্দেশ্য হৈছে মানৱৰ কৈল্যাণ সাধন৷ কিন্তুু ধৰ্মব্যৱস্থাৰ লগত জড়িত হৈ থকা কিছুমান কুসংস্কাৰ আৰু অন্ধবিশ্বাসে ধৰ্মৰ প্ৰকৃত উৰ্দেশ্যেত বাধাৰ সৃষ্টি কৰে৷ একেদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অপপ্ৰয়োগেে মানৱ সমাজলৈ ভাবুকিৰ সৃষ্টি কৰিছে৷ উচ্চ আধ্যাত্মিক চিন্তা আৰু বৈজ্ঞানিক চিন্তাধৰাৰ পৰিপুৰক প্ৰয়োগৰ দ্বাৰাহে এখন সুন্দৰ মানৱ সমাজ গঠন সম্ভৱ৷

  • Bhargob
    Posted at 11:18h, 12 July Reply

    বহুত ধন্যবাদ।

Post A Comment