চ’ফিয়া কোভালেভস্কয়া

গণিতৰ ইতিহাসত পুৰুষ গণিতজ্ঞৰ তুলনাত মহিলা গণিতজ্ঞৰ সংখ্যা নিচেই কম যদিও একেবাৰে নোহোৱা নহয়। গণিত জগতলৈ অসামান্য বৰঙণি আগবঢ়োৱা চ’ফিয়া কোভালেভস্কয়া হ’ল ইউৰোপৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰী লাভ কৰা মহিলা। ১৮৫০ চনৰ ১৫ জানুৱাৰীত মস্কোত জন্ম গ্ৰহণ কৰা চ’ফিয়া আছিল মাক-দেউতাকৰ তিনিটা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান। চ’ফিয়াৰ দেউতাক ৰুছ সেনা-বাহিনীৰ লেফ্টেনেণ্ট জেনেৰেল আছিল, আৰু মাক আছিল জাৰ্মান মূলৰ এগৰাকী বিদুষী মহিলা। নিচেই কম বয়সতে চ’ফিয়াই গণিতৰ প্ৰতি প্ৰবল আকৰ্ষণ অনুভৱ কৰিছিল। চ’ফিয়াৰ খুৰাক আছিল গণিতৰ দুৰ্বাৰ প্ৰেমিক। তেওঁ চ’ফিয়াৰ সৈতে গণিতৰ বিষয়ে বহু কথা আলোচনা কৰিছিল। তদুপৰি ১১ বছৰ বয়সত চ’ফিয়াৰ কোঠাৰ বেৰৰ ফটোবিলাক অৱকলন গণিত আৰু অনুকলন গণিতৰ বিশ্লেষণেৰে সজাই দিয়া হৈছিল, যিয়ে কলন গণিতৰ প্ৰতি তেওঁৰ আকৰ্ষণ বঢ়োৱাত সহায় কৰিছিল। চ’ফিয়াৰ গণিতৰ প্ৰতি থকা ধাউতি দেখি তেওঁৰ অভিভাৱকে এগৰাকী ঘৰুৱা শিক্ষক নিযুক্তি দিয়ে। এই ঘৰুৱা শিক্ষকগৰাকীৰ সহযোগতেই চ’ফিয়াই কলন গণিতৰ অধ্যয়ন আৰম্ভ কৰে। একে সময়তে স্থানীয় যাজকৰ পুত্ৰৰপৰা তেওঁ নিষেধবাদৰো সম্যক জ্ঞান আহৰণ কৰে।

উচ্চ স্তৰত গণিত অধ্যয়নৰ সুস্পষ্ট প্ৰতিভা থকা সত্ত্বেও ৰুছিয়াত তেওঁ শিক্ষা সম্পূৰ্ণ কৰিবলৈ অপাৰগ হ’ল, কিয়নো সেই সময়ত ছোৱালীক ৰুছিয়াৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ অনুমতি দিয়া নহৈছিল। বিদেশত পঢ়িবলৈ যাবৰ বাবেও পিতৃ বা স্বামীৰ লিখিত অনুমতিৰ প্ৰয়োজন হৈছিল। চ’ফিয়াৰ পিতৃয়ে তেওঁক উচ্চ শিক্ষাৰ বাবে বিদেশলৈ পঠিয়াবলৈ কোনোপধ্যেই মান্তি হোৱা নাছিল। সেয়েহে বাধ্যত পৰি বিদেশত গণিত অধ্যয়নৰ সুবিধাৰ্থে ১৮৬৮ চনত চ’ফিয়াই এগৰাকী বিশেষ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও যুৱকজন অলপ খেয়ালি স্বভাৱৰ হোৱা বাবে তেওঁৰ বিবাহিত জীৱন বৰ সুখৰ নাছিল। যুৱকজনো পিছলৈ এগৰাকী বিখ্যাত বিজ্ঞানী হৈছিলগৈ; পিছলৈ ডাৰউইনৰ সৈতেও তেওঁ যুটীয়াভাৱে কাম সম্পাদন কৰিছিল।

বিয়াৰ পিছত দুয়ো একেলগে প্ৰথমে অষ্ট্ৰিয়া আৰু তাৰপিছত জাৰ্মানিলৈ যাত্ৰা কৰে। ১৮৬৯ চনত চ’ফিয়া জাৰ্মানিৰ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত দুবছৰ গণিত শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছত চ’ফিয়া বাৰ্লিনলৈ যাত্ৰা কৰে। বাৰ্লিনৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহতো সেই সময়ত মহিলাৰ অধ্যয়ন নিষিদ্ধ আছিল বাবে তেওঁ কাৰ্ল ৱেইৰষ্ট্ৰাছ নামৰ গণিতজ্ঞজনৰ সহযোগত ব্যক্তিগতভাৱে গণিত অধ্যয়ন কৰিবলৈ লয় আৰু ১৮৭৪ চনত গট্টিনগেন বিশ্ববিদ্যালয়ত আংশিক অৱকলজ সমীকৰণ, Dynamics of Saturn’s rings আৰু উপবৃত্তীয় অনুকল সম্বন্ধীয় তিনিটা গৱেষণামূলক প্ৰবন্ধ উপস্থাপন কৰে। ৱেইৰষ্ট্ৰাছৰ সহযোগতে চ’ফিয়াই গণিতত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় আৰু এই সময়তে তেওঁ বিখ্যাত ক’চ্চি-কোভালেভস্কী উপপাদ্যটো প্ৰকাশ কৰে, যিটোৱে আংশিক অৱকলজ সমীকৰণৰ এটা বিশেষ শ্ৰেণীৰ সমাধানৰ উপস্থিতিৰ চৰ্ত দিয়ে।

১৮৮০ চনৰ প্ৰথম ভাগতেই চ’ফিয়া আৰু তেওঁৰ স্বামী আৰ্থিকভাৱে দুৰ্বল হৈ পৰে। চ’ফিয়া বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ প্ৰবলভাৱে আগ্ৰহী আছিল যদিও মহিলা হোৱাৰ দোষতে তেওঁক সেই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। আনকি চ’ফিয়াই স্বেচ্ছাই বিনামূলীয়া গণিত সম্বন্ধীয় বক্তৃতা দিয়াৰ প্ৰতি আগ্ৰহী আছিল যদিও সেই একে কাৰণতে এই ক্ষেত্ৰতো তেওঁৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনোৱা হোৱা নাছিল। সেয়েহে আৰ্থিক স্বচ্ছলতাৰ বাবে স্বামীয়ে আৰম্ভ কৰা ব্যৱসায়ত চ’ফিয়ায়ো আত্মনিয়োগ কৰাৰ কথা ভাবিলে আৰু স্বামীৰ সহকাৰী(assistant) হিচাপে কাম কৰিবলৈ ল’লে। আত্ম প্ৰচেষ্টাৰে দুয়ো আৰ্থিকভাৱে সবল হ’বলৈ সক্ষম হয়।

ইয়াৰ পিছত তেওঁলোক ৰুছিয়ালৈ ঘূৰি আহে যদিও চ’ফিয়াৰ অধ্যাপক হোৱাৰ আশা পুনৰ বিফল হোৱাত জাৰ্মানিলৈ প্ৰত্যাৱৰ্তন কৰে। এই সময়তে পূৰ্বৰেপৰা খেয়ালি স্বভাৱৰ স্বামীৰ মানসিক অস্থিৰতা বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত দুয়ো দূৰে দূৰে থাকিবলৈ লয়। তাৰ কিছুদিন পিছতে কোনো অজ্ঞাত কাৰণত দুয়ো প্ৰকৃত বিবাহিত দম্পতীৰ দৰে একেলগে থাকিবলৈ লয়। এই সময়ত চ’ফিয়াই এটি কন্যা সন্তান জন্ম দিয়ে। সন্তানটিক কিছুদিন নিজ হাতেৰে ডাঙৰ-দীঘল কৰাৰ পিছত চ’ফিয়াই তাইক তেওঁৰ ডাঙৰ বায়েকৰ হাতত গতাই দি পুনৰ গণিতৰ জগতখনত সোমাই পৰে।

১৮৮৩ চনত মানসিক অৱস্থাৰ অধিক অৱনতি ঘটা তেওঁৰ স্বামীয়ে আত্মহত্যা কৰে। সেই বছৰতে ৱেইৰষ্ট্ৰাছৰ এগৰাকী গৱেষক-ছাত্ৰ তথা গণিতজ্ঞৰ সহযোগত চ’ফিয়াই ছুইডেনৰ ষ্টকহ’ম বিশ্ববিদ্যালয়ত এগৰাকী ব্যক্তিগত-শিক্ষক হিচাপে নিযুক্তি পায়। ১৮৮৪ চনত তেওঁ এটি পাঁচ বছৰীয়া অধ্যাপকৰ পদত নিযুক্ত হয় আৰু আক্টা মেথেমেটিকা (Acta Mathematica) নামৰ প্ৰসিদ্ধ বিজ্ঞান পত্ৰিকাখনৰ সম্পাদক হয়। ১৮৮৯ চনত “Kovalevsky top” নামৰ বিখ্যাত আৱিষ্কাৰৰ বাবে French Academy of Science-এ চ’ফিয়াক “প্ৰিক্স ব’ৰ্ডিন” সন্মানেৰে সন্মানিত কৰে।

১৮৮৯ চনত চ’ফিয়াই ষ্টকহ’ম বিশ্ববিদ্যালয়ৰ আসনাধিষ্ঠিত অধ্যাপিকা পদত নিযুক্ত হয়। তেঁৱেই আছিল উত্তৰ ইউৰোপীয় বিশ্ববিদ্যালয়ত এনে পদ লাভ কৰা প্ৰথমগৰাকী মহিলা। যথেষ্ট আত্মপ্ৰচেষ্টা আৰু শিক্ষণীয় নিয়মৰ সাল-সলনিৰ বাবে পিছলৈ চ’ফিয়াই Russian Academy of Sciencesত এখন আসন লাভ কৰিবলৈ সক্ষম হয় যদিও তেওঁ কোনোদিনে ৰুছিয়াত অধ্যাপিকাৰ পদ লাভ কৰিবলৈ সক্ষম নহ’ল।

গাণিতিক আৱিষ্কাৰৰ উপৰি চ’ফিয়াই এখন স্মৃতিকথা, যুটীয়াভাৱে কেইখনমান নাটক আৰু এখন আত্মজীৱনীসদৃশ উপন্যাসো ৰচনা কৰে। ১৮৯১ চনত একচল্লিশ বছৰ বয়সত ইনফ্লুয়েঞ্জা ৰোগত ভোগা চ’ফিয়াৰ ছুইডেনত মৃত্যু হয়। ভাগ্য আৰু পৰিস্থিতিয়ে নিথৰুৱা কৰা এই গৰাকী গণিতজ্ঞৰ আত্মবিশ্বাস আৰু সাহস সঁচাকৈয়ে প্ৰশংসনীয়।

 

No Comments

Post A Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.