ষ্টিফেন হকিং আৰু দুজন অবিস্মৰণীয় সম্পাদক

ষ্টিফেন হকিঙক কেৱল এজন বিজ্ঞানী বুলি ক’লে ভুল কৰা হ’ব৷ তেওঁ আছিল এজন বিজ্ঞানী আৰু এজন বিজ্ঞান লেখক, যি বিজ্ঞান জনপ্ৰিয়কৰণত বিৰল অৰিহণা যোগালে৷ তাৰোপৰি মানুহৰ জীৱনবোধ, পৰিৱেশতন্ত্ৰ, সামাজিক তথা ৰাজনৈতিক বিষয়ত দিগদৰ্শনকাৰী বক্তব্যও তেওঁ আগবঢ়াইছিল। যদি মোৰ ভুল হোৱা নাই তেন্তে ক’ব পাৰি – এনে বহুমাত্ৰিক বৈশিষ্টৰে বিশ্ববন্দিত হোৱা বিজ্ঞানী আছিল আৰু মাথোঁ দুজন, এজন এলবাৰ্ট আইনষ্টাইন আৰু আনজন বাৰ্ট্ৰাণ্ড ৰাছেল (বিজ্ঞসকলে এই দিশটোত বহল আলোচনা কৰিলে ভাল হ’ব)৷

হকিঙৰ প্ৰায় ৪০ বছৰ বয়সত ঘৰ চলাবলৈ, সন্তানৰ পঢ়াৰ খৰচ দিবলৈ ধনৰ নাটনি হৈছিল৷ তেতিয়াৰ এজন বিশ্ববিখ্যাত বিজ্ঞানী তথা সন্মানীয় অধ্যাপক হিচাপে আনসকলৰ দৰে তেওঁৰো ধনৰ নাটনি নহ’লহেঁতেন৷ কিন্তু তেওঁ যেন এখন সৰু-সুৰা হস্পিতেলেই অহৰহ লগত লৈ ফুৰিবলগীয়া হৈছিল৷ সেয়েহে সাধাৰণ পাঠকৰ বাবে তেওঁ এখন কিতাপ লিখিবলৈ মন কৰিলে৷ কিতাপখনৰ নাম হ’লগৈ A brief history of time (সময়ৰ এক সংক্ষিপ্ত ইতিহাস)।

চাইমন মিট্টন

“সময়ৰ এক সংক্ষিপ্ত ইতিহাস” হকিঙৰ প্ৰথম গ্ৰন্থ নহয়। এইখনৰ পূৰ্বে তেওঁৰ তিনিখনমান বিদ্যায়তনিক গ্ৰন্থ প্ৰকাশ হৈছিল। হকিং আছিল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত আৰু সেই সময়ত কেম্ব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছৰ (Cambridge University Press) এজন সম্পাদক আছিল চাইমন মিট্টন (Simon Mitton)। এখন বিদ্যায়তনিক কিতাপ সম্পাদনা কালত চাইমনে হকিঙক বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় সাধাৰণ পাঠকৰ সহজবোধ্য কিতাপ এখনো লিখিবলৈ পৰামৰ্শ দিলে। কথাষাৰ হকিঙৰ মনঃপূত হ’ল। দুয়োৰে অফিছো তেতিয়া ওচৰা-ওচৰি আছিল আৰু সেই নতুনকৈ ওলাবলগীয়া কিতাপখনৰ সম্পৰ্কে দুয়োৰে মাজত মাজে মাজে আলোচনাও চলিছিল।

সেয়া আছিল ১৯৮০ৰ পৰা ১৯৮২ চন। ১৯৮৩ চনৰ আগভাগত হকিঙে কিতাপখনৰ পাণ্ডুলিপি চাইমনৰ হাতত জমা দিলে। আৰু প্ৰথমেই হকিঙৰ চিধা কথা— তেওঁ গৱেষণাৰ বহু মূল্যৱান সময় একাষৰীয়া কৰি কিতাপখন লিখিছে, গতিকে তেওঁৰ ৰয়েল্টিৰ ধন বেছি হ’ব লাগিব। তেওঁক ধনৰ প্ৰয়োজন, তেওঁ কিতাপখন অধিক পাঠকৰ ওচৰলৈ যোৱাতো বিচাৰিছে, সেয়েহে তেওঁৰ স্পষ্ট মত যে কিতাপখন বিমান-বন্দৰবোৰৰ বিপণীবোৰতো উপলব্ধ হ’ব লাগিব।

পাণ্ডুলিপিটো মোকোলাই চাইমনে দেখিলে কথাবোৰ সাধাৰণ পাঠকৰ বাবে দুৰূহ। কেইসপ্তাহমান সম্পাদনা কৰি হকিঙে পাণ্ডুলিপি পুনৰ জমা দিলে। কিন্তু তেতিয়াও সেইখন সাধাৰণ পাঠকৰ বাবে যোগ্য হৈ উঠা নাই। অত্যন্ত গভীৰতাপূৰ্ণ আৰু সংক্ষিপ্ত বৈজ্ঞানিক পৰিভাষাৰে গোটেই পাণ্ডুলিপিটো ভৰপূৰ। চাইমনৰ মতে, তাত থকা প্ৰতিটো সমীকৰণে কিতাপখনৰ বজাৰ নমাই আনিব।

এই বিষয়ৰ কিতাপ এইখনেই প্ৰথম নহয়। ইতিমধ্যে কেইবাখনো লিখা হৈছিল আৰু সেইবোৰ যথেষ্ঠ বিক্ৰীও হৈছিল। এই বিষয়ৰ গৱেষকৰূপে হকিং ইতিমধ্যে বিশ্বপ্ৰসিদ্ধ আৰু তেওঁ কিতাপখনত নিজৰ গৱেষণাৰ নতুন বস্তুও সন্নিবিষ্ট কৰিছে, বিশ্বব্ৰহ্মাণ্ডখন সম্পৰ্কে মানুহেনো এতিয়ালৈকে কিমান বুজিছে সেয়া তেওঁ তাত চৰ্চা কৰিছে। কিন্তু, তেওঁ বিচৰা দৰে ইমান পাঠকৰ মাজলৈ কিতাপ এখন নিয়াৰ চেষ্টা এটা বিদ্যায়তনিক প্ৰকাশন প্ৰতিষ্ঠানে কৰিব নোৱাৰে। সেয়েহে সংশোধিত পাণ্ডুলিপিটো লৈ তেওঁ এটা ব্যৱসায়িক প্ৰকাশন প্ৰতিষ্ঠান Bantam Booksৰ লগত চুক্তি কৰিলে।

পিটাৰ গুজাৰ্দি

Bantam Booksৰ হৈ হকিঙৰ লগত যোগাযোগ কৰিছিল প্ৰতিষ্ঠানটোৰ এজন সম্পাদক পিটাৰ গুজাৰ্দিয়ে (Petter Guzzardi)। হকিঙৰ কিতাপখন সম্পাদনাৰ দায়িত্বও তেওঁৰ হাততে পৰিল। পাণ্ডুলিপিৰ বক্তব্যবোৰক লৈ পিটাৰে অজস্ৰ প্ৰশ্ন আৰু আভিযোগ উত্থাপন কৰিবলৈ ধৰিলে। হকিঙে সেইবোৰ পুনৰাই লিখিব লগা হ’ল। কিন্তু, হকিঙে নতুন ধৰণে লিখাৰ পিছতো, পিটাৰ নিজে সন্তুষ্ট নোহোৱা পৰ্যন্ত, নিজে বুজি নোপোৱা পৰ্যন্ত অংশবোৰ তেওঁ বাৰে বাৰে নতুনকৈ লিখিব লগা হ’ল। একোটা অধ্যায় হকিঙে পুনৰ লিখি পঠিয়ায়, আৰু গুজাৰ্দিয়ে অজস্ৰ খুঁত উলিয়াই অসংখ্য প্ৰশ্নৰ দীঘল লিষ্ট এখনৰ সৈতে সেইখিনি পুনৰ ঘূৰাই পঠিয়ায়। এই কামবোৰ ইমান বেছি হৈছিল যে সম্পাদনা কাম শেষ নহ’বই বুলি হকিঙে ভাবিছিল। অৱশেষত সাধাৰণ পাঠকৰ বাবে আজিৰ ৰূপৰ কিতাপখন সম্পূৰ্ণ হৈ উঠিল। আৰু শেষত কিতাপখনত কেৱল এটা সমীকৰণহে থাকিলগৈ, ।

কিতাপখনৰ নামটোৱো পাণ্ডুলিপিত A brief history of time নাছিল। হকিঙে শিৰোনাম দিছিল From the big bang to black holes, আৰু উপ-শিৰোনামো আছিল A short history of time হে। পিটাৰে shortটো সলাই brief কৰালে। আৰু পূৰ্বৰ উপ-শিৰোনামটোহে মুখ্য শিৰোনাম কৰালে। প্ৰায় চাৰি বছৰৰ সম্পাদনাৰ পাছত, ১৯৮৮ চনত কিতাপখন প্ৰকাশ হ’ল।

প্ৰকাশৰ লগে লগে কিতাপখনে অভিলেখ সৃষ্টি কৰিলে। দুৰদৰ্শন, মুকলি বক্তৃতা অনুষ্ঠান আদিলৈ হকিং নিমন্ত্ৰিত হ’ল, আলোচনীৰ বেটুপাতত তেওঁ স্থান লাভ কৰিলে। যাৰ ২১ বছৰ বয়সত চিকিৎসকে সন্দেহ কৰিছিল আৰু মাথোঁ দুবছৰহে জীয়াই থাকিব বুলি; সেই দুবছৰতকৈয়ো অধিক তেওঁ জীয়াই থাকিল, কিন্তু হুইলচেয়াৰত আবদ্ধ হৈ। প্ৰায় সম্পূৰ্ণ শৰীৰ অৱস, মাত-কথা অস্পষ্ট। পিটাৰ গুজাৰ্দিয়ে পাণ্ডুলিপিটো সম্পাদনা কৰি থকা কালত হকিঙে সেই সামান্য বাকশক্তিও চিৰদিনৰ বাবে হেৰুৱাব লগা হ’ল। ভাৱ প্ৰকাশৰ বাবে, তেওঁৰ হুইলচেয়াৰখনত বিশেষভাৱে নিৰ্মিত কম্পিউটাৰ সংলগ্ন কৰিব লগা হ’ল। ইমান দুৰ্যোগৰ পাছতো অত্যন্ত উচ্চ স্তৰৰ গৱেষণাৰ বাবে তেওঁ বিশ্বপ্ৰসিদ্ধি অৰ্জন কৰাৰ লগতে ইতিমধ্যে এক আশ্চৰ্যতো পৰিণত হৈছিল। কিন্তু, “বিশ্বপ্ৰসিদ্ধি” কথাটো ওপৰত কেইবাবাৰো উল্লেখ কৰা হৈছে যদিও, “বিশ্বপ্ৰসিদ্ধি”ৰো একোটা পৰিসৰ থাকে। কিতাপখন প্ৰকাশৰ লগে লগেহে হকিঙৰ পৰিচয় জনমানসলৈ বিয়পিবলৈ ধৰিলে। মানুহে দেখিবলৈ পালে, ইমান জটিলতাৰ পাছতো তেওঁৰ অৱস্থিতিত ফুটি উঠে এক জ্যোতিৰ্মান প্ৰশান্তি। সদায় নিৰুদ্বেগ, সপ্ৰতিভ তেওঁৰ কথা-বতৰা। তাৰোপৰি কথা-বতৰা আৰু আচৰণত সঘনাই থকে গম্ভীৰ ৰসিকতা আৰু দুষ্টালি। এটা সদা-সক্ৰিয় মন। তেওঁৰ এইবোৰ ৰূপে, কোনোবা একোটা অংগ নোহোৱা হোৱা মানুহকে কেৱল অনুপ্ৰেৰণা যোগোৱা নাছিল৷ প্ৰয়োজনীয় আটাইবোৰ কোষ, আটাইবোৰ স্নায়ু সক্ৰীয় হৈ থকাৰ পাছতো, আটাইবোৰ হাড়ে ঠিকমতে কাম কৰি থকাৰ পাছতো যিসকল মানুহে মানসিক অৱসাদজনিত বিকলাংগতাৰে লেপেট খাই পৰি থাকে তেওঁলোককো তেওঁৰ এই ৰূপবোৰে জগাই উঠাই দিছিল৷ এনেদৰে তেওঁৰ কাহিনী কোটি কোটি মানুহৰ অন্তৰৰ এটা সম্বলৰ দৰে হৈ পৰিল। জনসমানসত তেওঁ তাৰকাত পৰিণত হ’ল।

কেইবছৰমান আগৰে তথ্য মতে, কিতাপখন বিক্ৰী হৈছে এক কোটিৰ অধিক ক’পি। এই হিচাপত কোৱা হয়, বিশ্বৰ জনসংখ্যাৰ প্ৰতি ৭৫০জন মানুহৰ ভিতৰত এজনে কিতাপখন কিনিছে। গতিকে, নিশ্চয় বিশ্বৰ প্ৰতি ২০০-৩০০জন মানুহৰ ভিতৰত এজনে কিতাপখনৰ কথা জানে।

কিতাপখন ইমান মানুহৰ কাষলৈ যোৱাৰ কেইবাটাও কাৰণ আছে। কিন্তু, সেই সম্পাদক দুজনৰ অৱদানৰ কথা এবাৰ ভালকৈ ভাবি চাওকচোন। হকিঙৰ দৰেই তেওঁলোকৰ সেই অৱদানো কিংবদন্তী। হকিঙৰ মৃত্যুৰ পাছত শ্ৰদ্ধা জনাই কেইবাখনো আন্তঃৰাষ্ট্ৰীয় কাকত-আলোচনীয়ে দুয়োজন সম্পাদকৰ সেই অভিজ্ঞতাৰ স্মৃতিচাৰণো প্ৰকাশ কৰিছে।

সেই কিতাপখনত এটা যাদু আছে। পঢ়ি থাকোঁতে কাঠিন্যই আবৰি ধৰিলেও এটা মুহূৰ্তত শব্দ-বাক্য-বৰ্ণনাই এটা যাদু কৰি চাৰি পৃষ্ঠামান আগুৱাই লৈ যায়; চাৰি পৃষ্ঠামান আগুৱাই যাবলৈ পাঠকক বাধ্য কৰে। আৰু সেইখিনি গৈ গৈ আকৌ কাঠিন্যই আবৰি ধৰা যেন পাওঁতেই পুনৰ সি যাদু কৰি লৈ যায় আন কেইটামান পৃষ্ঠা পাৰ কৰি।

পাছৰ কালত হকিঙে কেইবাখনো কিতাপ লিখিছিল। তেওঁ এজন বিশ্ববিখ্যাত লেখক। বিশ্ববিখ্যাত লেখক হ’বলৈ এটা নিজত্ব থাকিবই লাগিব। কিন্তু, তেওঁ দৰে লেখক এজনৰ বাবেই একোজন সম্পাদকৰ গুৰুত্ব ইমান বেছি!! কিমান লিখন-পৰীক্ষণ-পুনৰলিখন!! সেই সম্পাদক দুজন নথকাহ’লে আজিৰ হকিঙক পোৱা নগ’লহেঁতেন। বিজ্ঞান জনপ্ৰিয়কৰণৰ কেইবাটাও ঢাপ জগতখন পিছুৱাই থাকিলহেঁতেন। গতিকে, সৰু পৰিসৰৰ একোজন লেখকৰ বাবে একোজন সম্পাদকৰ গুৰুত্ব কিমান বেছি!! এইটো কেৱল বিজ্ঞান লেখা বুলিয়েই নহয়, সকলো লেখাৰ ক্ষেত্ৰতে প্ৰযোজ্য। এই এটা অভাৱৰ বাবে আমাৰ কিমানবা লেখক ধেনা ৰূপতেই পৈণত বুলি চিনাকি হৈ সুস্বাদহীন কাৰণে সহজে হেৰাই গৈছে!! ইয়াৰ কুফল ভোগ কৰে সমাজে। হকিঙৰ মৃত্যুৰ পাছতে ছ’চিয়েল নেটৱৰ্কিং ছাইটত কিছুমান মানুহে কোৰাণ, বেদ-উপনিষদ, হনুমান চালিছা আদিৰ সাধুকথালৈ মনত পেলাইছে। সাধুৰ প্ৰতি মানুহৰ আগ্ৰহ সদায় বেছি, এতিয়াও আমি Game of Thronesৰ দৰে ছিৰিয়েল চাই ভাল পাওঁ, Mission: Impossible চিৰিজৰ চিনেমা চাই ভাল পাওঁ, শ্বেইক্সপীয়েৰৰ ডাইনীৰ কাহিনী পঢ়ি ভাল পাওঁ। সেই বৰ্ণনাবোৰে আমাক সহজে আকৰ্ষণ কৰে। বৈজ্ঞানিক সত্যবোৰ সেইধৰণৰ ৰোমাঞ্চকৰ ৰূপত নাপালে, “কোৰাণত লিপিবদ্ধ ব্যাখ্যাৰ পৰা আজিৰ বিজ্ঞানে চমকপদ ফল দেখুৱাব পাৰিছে”, “বেদতে সকলো আছিল”, “পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব হনুমান চালিছাতে সঠিকভাৱে দিয়া আছিল” আদি কথা কোৱা মানুহ ওলাবই। সেয়েহে হকিং আৰু সেই সম্পাদকদ্বয়ে মিলি চলোৱা কিংবদন্তীস্বৰূপ প্ৰচেষ্টাটো আমাৰ মাজত ব্যাপক হ’ব লাগিব।

Featured Image Courtesy : Annie Leibovitz.

No Comments

Post A Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.