ষ্টিফেন উইলিয়াম হকিং : এক নিষ্প্ৰাণ দেহৰ জ্যোতিৰ্ময় সত্তা

বহুসময়ত মানৱ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী বুলি অভিহিত এলবাৰ্ট আইনষ্টাইনৰ পিছৰ সময়ছোৱাত সবাতোকৈ জনাজাত, সৰ্বসাধাৰণ মানুহৰ মুখে মুখে চলি অহা বিজ্ঞানী এজনৰ নাম সুধিলে কাৰ কথা মনলৈ আহিব বাৰু? আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদ তত্ত্ব আৰু ভৰ-শক্তিৰ সমন্বয় সূত্ৰ, এই তত্ত্বই দিয়া অগতানুগতিক ফলাফলসমূহ অথবা তেওঁৰ জীৱনক লৈ প্ৰচাৰিত ভালেমান খুহুতীয়া কাহিনীয়ে তেওঁক জীৱনকালতে আধুনিক বিজ্ঞান জগতখনৰ নায়কত পৰিণত কৰিলে। কিন্তু তেওঁৰ মৃত্যুৰ পৰৱৰ্তী কালছোৱাত বিজ্ঞানত (পদাৰ্থবিজ্ঞান) এককভাৱে এনে কোনো আৱিষ্কাৰ হোৱা নাই, যিয়ে আমাৰ প্ৰচলিত দৃষ্টিভংগীৰ ভেটিটোকে সলাই দিব পাৰিছে। গতিকে সেইটো অৰ্থত, আইনষ্টাইনৰ পিছত এনে যুগান্তকাৰী বিজ্ঞানীও ওলোৱা নাই বুলিব পাৰি। আনকি প্ৰতিবছৰে কেবাগৰাকী বিজ্ঞানীয়ে নোবেল বঁটা লাভৰ খবৰ বিভিন্ন মাধ্যমযোগে সম্প্ৰচাৰ হয় যদিও এইসকলৰ অধিকাংশৰে নাম উচ্চাৰণ কৰিবলৈও আমি অসুবিধা পাওঁ, আৰু কেইদিনমান পিছতে সেই নামবোৰ পাহৰি যাওঁ। কিন্তু আইনষ্টাইনৰ মৃত্যুৰ পৰৱৰ্তী কালছোৱাৰ যিজন বিজ্ঞানীৰ নাম বিজ্ঞানৰ শিক্ষক-ছাত্ৰ নিৰ্বিশেষে সামান্য শিক্ষিত ব্যক্তিজনেও হয়তো শুনিছে, তেওঁৰ জীৱন সম্পৰ্কে দুই এটা কথা জানিব পাৰিছে; তেন্তে নিশ্চয়কৈ সেই বিজ্ঞানীজন হ'ব ব্ৰিটিছ জ্যোতিৰ্পদাৰ্থবিদ ষ্টিফেন হকিং। জীৱনৰ আদিভাগতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ কোনোমতে মৃত্যুৰ পৰা হাত সৰা, পিছলৈ পক্ষাঘাতগ্ৰস্ত হৈ হুইল চেয়াৰত বন্দী হৈও বিশ্বৰহস্য উদঘাটনৰ প্ৰয়াসত নিৰন্তৰভাৱে ব্ৰতী হোৱা, বিজ্ঞানবিষয়ক জনপ্ৰিয় গ্ৰন্থ ৰচনাৰে অভিলেখ গঢ়া ষ্টিফেন হকিঙো সম্প্ৰতি পৃথিৱীৰ অসংখ্য জনতাৰ অমল প্ৰেৰণাৰ উৎসত পৰিণত হৈছে, জীৱন্ত কিম্বদন্তি তথা এজন চেলিব্ৰিটি বিজ্ঞানীৰূপে সমাদৃত হৈছে।

যোৱা প্ৰায় অৰ্ধশতিকাজুৰি একনিষ্ঠভাৱে বিজ্ঞান চৰ্চা কৰা ষ্টিফেন হকিঙে তাত্ত্বিক জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান অসামান্য। অৱশ্যে বিজ্ঞানজগতত তেওঁৰ অৱদানখিনিৰ কথা জানিবলৈ জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ত্বৰ কিছু গভীৰতালৈ প্ৰৱেশ কৰিব লাগিব (সৌভাগ্যৰ কথা যে তেওঁ লিখা জনপ্ৰিয় বিজ্ঞানগ্ৰন্থসমূহে কঠিনতা পৰিহাৰ কৰি তেনে বিষয়সমূহ আমাৰ বাবে সহজবোধ্যৰূপত উপস্থাপন কৰিছে)। কিন্তু যিটো কাৰণৰ বাবে তেওঁ আজি সমগ্ৰ বিশ্ববাসীৰ মাজত খুবেই পৰিচিত আৰু আন বিজ্ঞানীবোৰৰ পৰা ব্যতিক্ৰমৰূপে চিহ্নিত, সেইটো হৈছে - তেওঁ দুৰাৰোগ্য ব্যাধিকো নেওচি নিজৰ জীৱনত আৰোহণ কৰা সুউচ্চ অৱস্থানখন । সেয়ে ষ্টিফেন হকিঙৰ জীৱন-কাহিনী মাত্ৰ এজন শীৰ্ষস্থানীয় বিজ্ঞানী বা কৃতী বিজ্ঞান লেখক হিচাপেই উল্লেখনীয় নহয়, বিজ্ঞানজগতৰ কোনো ভূ-ভাও নৰখা বা এইসম্পৰ্কে একো নজনা মানুহ এজনৰ বাবেও তেওঁৰ জীৱন এক আদৰ্শ হ'ব পাৰে সম্পূৰ্ণ পক্ষাঘাতগ্ৰস্ত হৈও প্ৰচণ্ড মানসিক শক্তিৰে অৰ্থপূৰ্ণ জীৱন গঢ় দিয়াত সফল হোৱা এজন ব্যক্তিৰ উদাহৰণস্বৰূপে। গতিকে ষ্টিফেনৰ জীৱনৰ ওপৰত আলোকপাত কৰিলে তেওঁৰ দুয়োটা দিশৰ উত্থানেই পৰিলক্ষিত হ'ব - এফালে এজন সফল বিজ্ঞানসাধকৰ জীৱনযাত্ৰা, আনফালে নিজৰ প্ৰতিৱন্ধকতা নেওচি স্বাভাৱিক জীৱন গঢ় দিয়াত সফল এজন ব্যক্তিবিশেষৰ কাহিনী।

ষ্টিফেনৰ ল'ৰালিকাল:

ষ্টিফেন উইলিয়াম হকিঙৰ জন্ম হৈছিল ১৯৪২ চনৰ ৮ জানুৱাৰীৰ দিনাখন, ইংলেণ্ডৰ অক্সফ'ৰ্ডত। দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ মাজতে জন্ম লোৱা ষ্টিফেন জন্মৰ সময়ত সম্পূৰ্ণ সুস্থ-সৱল আছিল। নিজৰ জন্মৰ কথা ওলালেই তেওঁ উল্লেখ কৰিবলৈ ভাল পাইছিল যে তেওঁৰ জন্ম বিখ্যাত জ্যোতিৰ্বিদ গেলিলিঅ' গেলিলিৰ মৃত্যুৰ ঠিক তিনিশ বছৰ পিছত হৈছিল। গতিকে মানৱ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীজনৰ লগত থকা সাদৃশ্যটোৱে নিশ্চয় তেওঁক যথেষ্ট গৌৰৱশালী কৰাৰ উপৰি প্ৰেৰণা যোগাইছিল। এটা উচ্চশিক্ষিত পৰিয়ালত জন্ম লোৱা ষ্টিফেন পৰিয়ালটোৰ সবাতোকৈ ডাঙৰ সন্তান। তেওঁৰ দেউতাক ফ্ৰেংক হকিং আছিল এজন ক্ৰান্তীয় ৰোগৰ গৱেষক। আনফালে মাতৃ ইছাবেল হকিঙো আছিল এগৰাকী উচ্চশিক্ষিত মহিলা।

শৈশৱৰ দিনকেইটা হকিং পৰিয়ালটো উত্তৰ লণ্ডনৰ হাইগেটত বাস কৰিছিল। তেওঁৰ দুই ভনী মেৰি আৰু ফিলিপা ক্ৰমে ওঠৰ মাহ আৰু পাঁচবছৰে সৰু। মেৰি প্ৰায় সমবয়সীয়া হোৱা বাবে শৈশৱৰ দিনকেইটা ষ্টিফেনে তাইৰ লগতেই বেছি খেলা-ধূলা কৰি সময় কটাইছিল। তিনি বছৰ বয়সত মাক-দেউতাকে ষ্টিফেনক হাইগেটৰ বায়ৰন স্কুলত নাম লগাই দিয়ে। কিন্তু প্ৰথম দিনাই স্কুলীয়া পৰিৱেশটোত ইমানবোৰ অচিনাকি ল'ৰা-ছোৱালী দেখি ষ্টিফেনে বৰকৈ ভয় খালে। সেইদিনা ষ্টিফেনৰ প্ৰতিক্ৰিয়া দেখি মাক-দেউতাকো বৰকৈ আতংকিত হ'ল আৰু পৰৱৰ্তী ডেৰ বছৰধৰি ষ্টিফেনক স্কুললৈ নপঠালে।

সৰুৰে পৰাই ষ্টিফেনক পুতলা ট্ৰেইন চে'ট, উৰাজাহাজ আদি যান্ত্ৰিক বস্তুবোৰে বৰকৈ আকৰ্ষণ কৰিছিল। কৌতুহলৰ বশৱৰ্তী হৈ এই যান্ত্ৰিক সঁজুলিবোৰ খুলি-মেলি তন্নতন্নকৈ পৰীক্ষা কৰাত ষ্টিফেনৰ বৰ ৰাপ; অথচ খুঁচৰা বস্তুটো থান-থিত লগাই পুনৰ আগৰ দৰে কৰাত তেওঁ অকণো পাকৈত নাছিল। ষ্টিফেনে তেতিয়াই বুজি পাইছিল যে তাত্ত্বিক অনুসন্ধানৰ জোখাৰে পৰীক্ষা-নিৰীক্ষা চলোৱাত তেওঁ পাৰদৰ্শী নহয়। এইটো কাৰণতে পৰৱৰ্তী সময়ছোৱাতো ব্যৱহাৰিক বিজ্ঞানতকৈ তাত্ত্বিক বিজ্ঞানৰ দিশে তেওঁৰ মনটো বেছি ঢাল খাইছিল। কৈশোৰকালত তেওঁ নাও, উৰাজাহাজ আদিৰ আৰ্হি সাজি উলিওৱাৰ লগতে ৰ'জাৰ ফাৰ্নিহাফ নামৰ স্কুলীয়া বন্ধুজনৰ লগত কেইটামান অত্যন্ত জটিল খেলো  উলিয়াইছিল। পিছত শৈশৱৰ স্মৃতিচাৰণ কৰি ষ্টিফেনে কৈছে যে এই বিভিন্ন আৰ্হিবোৰ অথবা খেলবোৰ প্ৰস্তুত কৰাৰ মূলতেই আছিল কাৰ্য্যক্ষম বস্তু এটাৰ অন্তৰ্ভাগৰ প্ৰক্ৰিয়া জনাৰ বাবে থকা প্ৰৱল আগ্ৰহ। শৈশৱত গঢ় লৈ উঠা এই কৌতুহলী মনটোৱেই পিছলৈ বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে চলোৱা গৱেষণাকৰ্মত তেওঁৰ বাবে অত্যন্ত সহায়ক প্ৰতিপন্ন হৈছিল।

১৯৫০ চনত দেউতাকৰ কৰ্মথলী হেমষ্টিডৰ পৰা মিলহিললৈ সলনি হোৱাত গোটেই পৰিয়ালটো মিলহিলৰ নিকটৱৰ্তী চে'ন্ট আলবান্স নামৰ চহৰখনলৈ উঠি আহিল। তাত নতুনকৈ স্থাপিত "চিকিৎসা গৱেষণাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান"খনৰ পেৰাচাইট'ল'জি বিভাগত দেউতাকে মূৰব্বী অধ্যাপক হিচাপে যোগদান কৰিলে । চে'ন্ট আলবান্সৰ আনবোৰ মানুহৰ তুলনাত হকিং পৰিয়ালটো বেছি শিক্ষিত হোৱাত তেওঁলোকে ওচৰ-চুবুৰীয়াৰ লগত ভালদৰে মিলিব পৰা নাছিল। গোটেই পৰিয়ালটোত এটা অধ্যয়নৰ পৰিৱেশ বিৰাজ কৰিছিল। কেতিয়াবা আনকি খাবৰ সময়তো প্ৰত্যেকেই কিতাপ হাতত লৈ নিৰৱে অধ্যয়নৰত হৈ থাকিছিল। গতিকে ওচৰ-চুবুৰীয়াৰ দৃষ্টিত ষ্টিফেনহঁতৰ পৰিয়ালটো বেছ বুদ্ধিমান আৰু আত্মকেন্দ্ৰিক হিচাপে বিবেচিত হৈছিল। চে'ন্ট আলবান্সত দেউতাকে ষ্টিফেনক ছোৱালীৰ হাইস্কুলখনত নাম লগাই দিছিল। স্কুলখনত দহ বছৰৰ তলৰ ল'ৰাবোৰেও পঢ়িব পাৰে। চে'ন্ট আলবান্সৰ তাহতা নামৰ গণিতৰ শিক্ষকজনে ষ্টিফেনৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। স্কুলীয়া দিনবোৰত তেওঁ একেবাৰে উচ্চ মেধাৰ পৰিচয় দিয়া নাছিল যদিও মধ্যমীয়াধৰণৰ আছিল। কিন্তু স্কুলৰ সহপাঠীবোৰে তেওঁক 'আইনষ্টাইন' বুলি জোকাইছিল। হয়তো তেতিয়াই লগৰ ল'ৰাবোৰে ষ্টিফেনৰ মাজত আনতকৈ পৃথক কিবা এটা বিচাৰি পাইছিল।

ষ্টিফেনৰ তেতিয়া ছয়-সাতজনমান খুব ঘনিষ্ঠ বন্ধু— আজৰি সময়ত তেওঁলোকে বিভিন্ন প্ৰসংগৰ ওপৰত আলোচনা কৰে। দীঘলীয়া তৰ্কাতৰ্কিৰ সময়ত পদাৰ্থবিজ্ঞান, ঈশ্বৰৰ অস্তিত্ব আদিৰ পৰা ধৰ্মলৈ সকলো বিষয়েই ঠাই পায়। বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টিৰ মূলতে কোন আৰু ইয়াৰ স্ৰজন-পালনৰ বাবে এজন সৰ্বনিয়ন্তা ঈশ্বৰৰ প্ৰয়োজন আছেনে নাই- এনে বিষয়বোৰৰ চৰ্চায়ো তেওঁলোকৰ আড্ডা গৰম কৰি তুলিছিল। ষ্টিফেনৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰ আছিল মিলহিলত থকা দেউতাকৰ গৱেষণাগাৰটো। তেওঁ তাত থকা পতংগ-গৃহত বিভিন্ন ৰোগাক্ৰান্ত কীট-পতংগ চোৱাৰ উপৰি অণুৱীক্ষণ যন্ত্ৰটোৰ লগত সময় কটাই বৰ আমোদ পাইছিল। তেওঁ সৰুৰেপৰাই দেউতাকক আদৰ্শ হিচাপে লৈছিল। গতিকে দেউতাকৰ কাম-কাজ দেখি দেখি ষ্টিফেনৰো অনুভৱ হৈছিল যে ডাঙৰ হ'লে গৱেষণা কৰাতকৈ স্বাভাৱিক কাম একো হ'ব নোৱাৰে। কিন্তু সৰুৰেপৰাই গৱেষণা কৰাৰ হেঁপাহ থাকিলেও বিষয়ৰ ক্ষেত্ৰত দেউতাকৰ সৈতে তেওঁৰ মিল নাছিল। দেউতাকে ষ্টিফেনক ভৱিষ্যতে বিজ্ঞান পঢ়াটোকে বিচাৰিছিল যদিও পদাৰ্থবিজ্ঞান বা গণিততকৈ জীৱবিজ্ঞানক বেছি অগ্ৰাধিকাৰ দিয়াটো বিচাৰিছিল। কিয়নো দেউতাক ফ্ৰাংকৰ মতে গণিতজ্ঞসকলৰ ভৱিষ্যৎ এজন অধ্যাপক হোৱাটেই সীমাৱদ্ধ। কিন্তু ষ্টিফেনৰ জীৱবিজ্ঞান বিষয়টোৰ প্ৰতি সামান্যও আগ্ৰহ নাই। তেওঁৰ নিজৰ বিচাৰত জীৱবিজ্ঞান বিষয়টো অত্যাধিক বৰ্ণনাত্মক আৰু তাত বিশেষ কোনো মৌলিক কথা নাই। ষ্টিফেন পিছলৈ গৈ কেম্ব্ৰিজৰ গণিতৰ অধ্যাপক হ'লগৈ যদিও চে'ন্ট আলবান্সত সোতৰ বছৰ বয়সলৈ লাভ কৰা শিক্ষাৰ পিছত তেওঁৰ গণিতত কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা লোৱা নহ'ল। পিছলৈ উচ্চ পৰ্য্যায়ৰ গৱেষণাত প্ৰয়োজনীয় গাণিতিক অৰ্হতাখিনি তেওঁ নিজেই আয়ত্ব কৰি লৈছিল।

ষ্টিফেনৰ পদাৰ্থবিজ্ঞান অথবা জ্যোতিৰ্বিজ্ঞানত অত্যন্ত ৰাপ থাকিলেও স্কুলীয়া দিনত কিন্তু পদাৰ্থবিজ্ঞানেই আছিল আটাইতকৈ বিৰক্তিকৰ বিষয়। কাৰণ পদাৰ্থবিজ্ঞানৰ প্ৰাথমিক জ্ঞানখিনি খুবেই স্পষ্ট আৰু সহজ। ষ্টিফেনে তেতিয়া ৰসায়নবিজ্ঞানতহে ৰস বিচাৰি পাইছিল, কাৰণ ৰসায়নত বিস্ফোৰণৰ দৰে অদ্ভুত, অনাকাংক্ষিত ঘটনাবোৰো সঘনাই ঘটি থাকে। কিন্তু পদাৰ্থবিজ্ঞান পঢ়ি বিৰক্তি পালেও তেওঁৰ সেইটো বিষয়তে আছিল গভীৰ আস্থা। কাৰণ তেওঁৰ মনত শৈশৱৰ পৰা খুন্দিয়াই থকা প্ৰশ্নবোৰৰ উত্তৰ পোৱাৰ আশা তেওঁ কেৱল পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ হাততহে দেখা পাইছিল। ষ্টিফেনে বুজি পাইছিল যে তেওঁ জানিব বিচৰা "আমি ক'ৰ পৰা আহিছিলোঁ" অথবা "আমি ক'লৈ গৈ আছো" আদিৰ দৰে প্ৰশ্নৰ বন্ধ দুৱাৰ মুকলি কৰাৰ সামৰ্থ্য আছে মাত্ৰ পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰহে।

অক্সফ'ৰ্ড-কেম্ব্ৰিজৰ দিনবোৰ:

১৯৫৯ চনত সোতৰ বছৰ বয়সত ষ্টিফেনে দেউতাকৰ ইচ্ছানুসাৰে অক্সফ'ৰ্ডত পঢ়িবলৈ আহিল। আনবোৰ সহপাঠীতকৈ কম বয়সতে অক্সফ'ৰ্ডলৈ অহা ষ্টিফেনে প্ৰথম বছৰটো বৰকৈ নিঃসংগ অনুভৱ কৰিলে। অক্সফ'ৰ্ডত নাবিক সংঘ এটাৰ গুৰিয়াল হৈয়ো তেওঁ বৰ আহুকলীয়া অভিজ্ঞতাৰ সন্মুখীন হ'ল। অৱশ্যে ষ্টিফেনৰ সন্তুষ্টি এয়েই যে অন্ততঃ তেনেকৈ তেওঁ দুজনমান বন্ধু গোটাব পাৰিছিল।

অক্সফ'ৰ্ডত থকা দিনকেইটাত তেওঁৰ অধিকাংশ সময় অবাবত নষ্ট হৈছিল। প্ৰকৃততে সেই সময়ত পদাৰ্থবিজ্ঞানৰ পাঠ্যক্ৰমটো কষ্ট নকৰাকৈ চলিবপৰা ধৰণে প্ৰস্তুত কৰা হৈছিল। অক্সফ'ৰ্ডত নামভৰ্ত্তিৰ পূৰ্বে অৱত্তীৰ্ণ হ'ব লগা পৰীক্ষাটোৰ বাদে তিনিটা বছৰত তেওঁ বেলেগ কোনো পৰীক্ষাত অৱত্তীৰ্ণ হ'ব লগা নহ'ল। মাত্ৰ তিনিটা বছৰৰ শেষত অনুষ্ঠিত চূড়ান্ত পৰীক্ষাটোহে দিব লগা হৈছিল। ফলস্বৰূপে সেই তিনিটা বছৰত কোনো কামৰ বোজা নথকাত ষ্টিফেনৰ মন-মগজু এক অকৰ্মণ্য ভাৱে গ্ৰাস কৰিছিল। তেওঁৰ সহপাঠীসকলৰো একেই অৱস্থা। সেই তিনিটা বছৰত তেওঁ মাত্ৰ এহাজাৰ ঘণ্টামানহে কাম কৰিছিল, অৰ্থাৎ দৈনিক প্ৰায় এঘণ্টাকৈ। ইয়াৰ মূলতে আছিল সেইসময়ৰ অক্সফ'ৰ্ডৰ শিক্ষাব্যৱস্থাটো। তাত সেইসময়ত কৰ্মসংস্কৃতিতকৈ অকৰ্মণ্যতাহে যেন বেছি আদৰণীয় আছিল। অক্সফ'ৰ্ডত বিৰাজ কৰা আগ্ৰাসী পৰিৱেশটোত তেতিয়া এনে এটা ধাৰণা গঢ় লৈ উঠিছিল যে খুব কষ্ট কৰি পঢ়িলেতো বেছিভাগেই সফল হ'ব পাৰিব, গতিকে বেছি পঢ়া-শুনা নকৰাকৈয়ো ভাল ফলাফল দেখুওৱাজনহে প্ৰকৃত মেধাৱী। আনফালে ভাল ফলাফলৰ বাবে দিন-ৰাতি একাকাৰ কৰি পঢ়াজনক তাচ্ছিল্যসূচক নাম দি অৱজ্ঞা কৰা হৈছিল।

অক্সফ'ৰ্ডত তিনিটা শিক্ষাবৰ্ষৰ অন্তত অনুষ্ঠিত চূড়ান্ত পৰীক্ষাত ষ্টিফেনৰ ফলাফল প্ৰথম আৰু দ্বিতীয় বিভাগৰ ঠিক সোঁমাজত থাকিল। গতিকে বিভাগটো নিশ্চিত কৰিবলৈ তেওঁ সাক্ষাত্কাৰ দিবলগীয়া হ'ল। সাক্ষাত্কাৰীৰ সুমতিৰ ফলত কোনোমতে প্ৰথম বিভাগ পোৱাত তেওঁ কেম্ব্ৰিজত পঢ়াৰ সুযোগ পালে। গৱেষণা কৰাৰ সুযোগ নাপালে বিকল্প কৰ্মপন্থা হিচাপে তেওঁ অসামৰিক সেৱাত যোগদানৰ বাবেও আৱেদন জনাই থৈছিল।

১৯৬২ চনৰ অক্টোবৰ মাহত ষ্টিফেনে কেম্ব্ৰিজত স্নাতক বৰ্ষৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰিলে। সেইসময়ত ইংলেণ্ডৰ সবাতোকৈ প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানী আছিল ফ্ৰেড হয়ল, যিজন স্থিৰাৱস্থা তত্ত্বৰ (Steady-state theory) এজন মূল হোতা। স্বাভাৱিকতেই ষ্টিফেনে প্ৰথম পচন্দৰ বাছনি হিচাপে ফ্ৰেড হয়লৰ অধীনত গৱেষণা কৰিবলৈ আৱেদন জনাইছিল। কিন্তু পূৰ্বৰে পৰাই হয়লৰ অধীনত ভালেমান ছাত্ৰই গৱেষণা কৰাত ষ্টিফেনৰ সেই আশা পূৰণ নহ'ল। তাৰ পৰিৱৰ্তে তেওঁ অত্যন্ত অনিচ্ছা সত্ত্বেও ডেনিছ ছিয়ামা নামৰ অধ্যাপকজনৰ অধীনতহে কাম কৰিবলগা হ'ল।

সাম্প্ৰতিক সময়ৰ এজন আগশাৰীৰ ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰে তেতিয়া অধ্যাপক হয়লৰ অধীনত গৱেষণা চলাই আছিল। নাৰ্লিকাৰৰ সৈতে অংশ লোৱা গ্ৰীষ্মকালীন পাঠদান এটায়ো ষ্টিফেনক গৱেষণাৰ বাবে জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ব বিষয়টো বাছি ল'বলৈ অনুপ্ৰাণিত কৰিলে (গণিতচ'ৰাত জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ আছুটীয়া সাক্ষাত্কাৰটোত তেওঁ কেম্ব্ৰিজত পঢ়া দিনত ষ্টিফেন হকিঙৰ সান্নিধ্যৰ কথা উল্লেখ্য কৰিছে)। পোনতে নিৰাশ হ'লেও ষ্টিফেনে পিছলৈ হয়লৰ অধীনত গৱেষণা কৰিব নোপোৱাৰ বাবে আক্ষেপ কৰিবলগীয়া নহ'ল। তাৰ পৰিৱৰ্তে পিছলৈ তেওঁ হয়লৰ অধীনত গৱেষণা নকৰাটোতহে ভাল দিশ বিচাৰি পালে। হয়ল অত্যন্ত ব্যস্ত অধ্যাপক আৰু তেওঁ প্ৰায়েই কেম্ব্ৰিজৰ বাহিৰলৈ যাবলগীয়া হয়। সেইবাবে তেওঁ নিজৰ ছাত্ৰবোৰক পৰ্য্যাপ্ত সময় দিব নোৱাৰে। আনফালে ছিয়ামাক হকিঙে যেতিয়াই বিচাৰে তেতিয়াই লগ কৰিব পাৰে আৰু বিভিন্ন কথা আলোচনা কৰিব পাৰে। তদুপৰি হয়ল যিহেতু স্থিৰাৱস্থা তত্ত্বৰ এজন ঘাই সমৰ্থক, ষ্টিফেনে তেওঁৰ অধীনত গৱেষণা কৰা হ'লে তেওঁ নিজেও এই তত্ত্বৰ বিকাশত হাত উজান দিব লাগিলহেঁতেন। কিন্তু স্থিৰাৱস্থা তত্ত্বৰ তাত্ত্বিক ভেটি সময়ৰ লগে লগে দুৰ্বল হৈ পিছত এই তত্ত্বই বিদ্বৎ সমাজৰ পৰা সম্পূৰ্ণৰূপে আস্থা হেৰুৱাই পেলালে। গতিকে ষ্টিফেনে সেই সময়ত স্থিৰাৱস্থা তত্ত্বৰ সপক্ষে কিবা গৱেষণা কৰিলেও সেয়া অথলে গ'লহেঁতেন।

জীৱন-মৃত্যুৰ সন্ধিক্ষণত:

শৈশৱ, কৈশোৰ স্তৰ স্বাভাৱিকভাৱে পাৰ কৰি ষ্টিফেনৰ জীৱনো ছন্দোৱদ্ধ গতিত আগুৱাই গ'ল। তাৰুণ্যৰে সজীৱ মনৰ স্বপ্ন, প্ৰেম-ভালপোৱা, জীৱনত প্ৰতিষ্ঠা লাভৰ সংগ্ৰাম- একেটা সোঁতে ষ্টিফেনৰ জীৱনকো ব্যস্ততাৰ মাজত ৰাখিলে। তেওঁ নিজৰ প্ৰিয় ক্ষেত্ৰ পদাৰ্থবিজ্ঞানৰ গভীৰতাতো ক্ৰমান্বয়ে ভুমুকি মাৰিবলৈ লৈছে; কিন্তু সেই সময়তে তেওঁৰ জীৱনত সেই অস্বাভাৱিক পৰিৱৰ্তনে দেখা দিলে। মৃত্যুদূতৰূপী এই পৰিৱৰ্তনে সন্তৰ্পণে তেওঁৰ দেহত বাহ ল'লে আৰু জীৱনৰ স্বাভাৱিক গতিক পথৰুদ্ধ কৰাৰ উপক্ৰম হ'ল।

পঠনীয়:  শনি-বিশ্বাস আৰু বিজ্ঞান

অক্সফ'ৰ্ডৰ শেষৰটো বছৰৰ পৰা ষ্টিফেনে লাহে লাহে তেওঁৰ দেহক গ্ৰাস কৰি অহা জঠৰতা লক্ষ্য কৰিছিল। তেওঁৰ অনুভৱ হ'বলৈ ধৰিলে যে তেওঁ নিজৰ দেহক সম্পূৰ্ণ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা নাই। খোজ কাঢ়িবৰ সময়ত তেওঁৰ ভৰি থৰক-বৰক কৰা হ'ল, সৰু-সুৰা কাম কৰিবৰ সময়তো সমস্যাই দেখা দিলে। প্ৰথমে কথাবোৰ অৱজ্ঞা কৰি চলিছিল যদিও এবাৰ জুনিয়ৰ কমন ৰুমৰ চিৰিৰপৰা বাগৰি পৰাত তেওঁ চিকিৎসকৰ ওচৰলৈ গ'ল। চিকিৎসকে চাই-চিতিও কোনো ৰোগৰ লক্ষণ দেখা নাপালে। কেম্ব্ৰিজলৈ অহাৰ পিছতে তেওঁৰ দেহৰ জঠৰতা পূৰ্বতকৈও যথেষ্ট বৃদ্ধি পালে। বাঢ়ি অহা ৰোগৰ লক্ষণ দেখি ষ্টিফেনক মাকে ঘৰুৱা চিকিৎসকজনৰ ওচৰলৈ লৈ গ'ল। একৈশ বছৰ সম্পূৰ্ণ হোৱাৰ কিছুদিন পিছতেই পৰীক্ষা-নিৰীক্ষাৰ বাবে ষ্টিফেনক চে'ন্ট বাৰ্থাল'মিউ চিকিৎসালয়ত (চমুকৈ বাৰ্টছ চিকিৎসালয় নামেৰে জনাজাত) ভৰ্ত্তি কৰোৱা হ'ল। দুসপ্তাহ ধৰি ষ্টিফেনৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলিল।

অৱশেষত ষ্টিফেনৰ ৰোগ চিনাক্ত হ'ল। ষ্টিফেন দুৰাৰোগ্য স্নায়ৱিক ৰোগ এমায়'ট্ৰ'ফিক লেটাৰেল স্ক্লেৰোচিছত (মটৰ নিউৰন ৰোগ বা লু গেৰিকৰ ৰোগ নামেৰেও জনাজাত) আক্ৰান্ত হৈছে। এই ৰোগে ক্ৰমান্বয়ে ঐশ্চিক পেশী (voluntary muscles) নিয়ন্ত্ৰণ কৰিব পৰা স্নায়ুবোৰ ধ্বংস কৰে যাৰ ফলস্বৰূপে ৰোগীজনে এটা সময়ত অংগ-সঞ্চালন ক্ষমতা হেৰুৱাই পেলায়। চিকিৎসকে জনালে যে ষ্টিফেনে ধীৰে ধীৰে কথা কোৱা, চলা-ফুৰা আনকি উশাহ লোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ'ব। তাতোকৈ ডাঙৰ কথা, তেওঁৰ জীৱনকালো আৰু খুব বেছি মাত্ৰ আঢ়ৈ বছৰ! . . . সংবাদটোৱে ষ্টিফেনৰ জীৱন আকাশ এক ক'লীয়া ডাৱৰে আগুৰি ধৰিলে। জীৱনত যিবোৰ দুৰ্যোগ হ'ব পাৰে বুলি আশংকা কৰা যায়, তেওঁ তাতোকৈ কঠিন সত্যৰ মুখামুখি হ'বলগীয়া হ’ল। ষ্টিফেনৰ অনুভৱ হ'ল— পৰিয়াল, সমাজৰ পৰা পৃথকে এতিয়া এক নিঃসংগ পথৰ পথিক তেওঁ। গতিকে ভৱিষ্যৎ জীৱনৰ পৰিকল্পনা, তেওঁৰ জিজ্ঞাসা- সমূলি বাদ দি এতিয়া মেলানি মাগিবলৈ প্ৰস্তুত হোৱাৰহে সময়। ষ্টিফেনৰ নিজকে খুব দুৰ্ভগীয়া যেন লাগিল। মাত্ৰ তেওঁৰ ক্ষেত্ৰতহে কিয় এনে হ'বলৈ পালে? তেওঁ সঁচাই আনতকৈ দুৰ্ভগীয়া হৈ জন্ম লৈছিল নেকি? - এনে উত্তৰবিহীন প্ৰশ্নবোৰৰ মাজত ডুব গ'লেও ষ্টিফেনে বেছিসময় নিজৰ দুৰ্ভাগ্যজনক পৰিস্থিতিক লৈ দুখ কৰিবলগীয়া নহ'ল। চিকিৎসালয়ত থাকোতেই তেওঁ কাষৰ বিচনাখনত লিউকেমিয়াত আক্ৰান্ত ল'ৰা এজন দেখিছিল। ল'ৰাটো পিছলৈ বৰ কৰুণভাৱে মৃত্যুমুখত পৰিছিল। ষ্টিফেনৰ অনুভৱ হ'ল- সঁচাকৈয়ে তেওঁতকৈও দুৰ্ভগীয়া বহু মানুহ এইখন পৃথিৱীতেই আছে। এই অনুভৱে ষ্টিফেনক নিঃসংগতাৰ অতল গৰ্ভৰপৰা মুক্ত কৰিলে। গতিকে ষ্টিফেনক তেওঁৰ নিজৰ পৰিস্থিতিয়ে মানসিকভাৱে সম্পূৰ্ণ ভাঙি পেলাব নোৱাৰিলে, আৰু কেতিয়াবা নিজকে দুৰ্ভগীয়া বুলি ভবাৰ থল পালেও তেওঁ সেই ল'ৰাটোৰ কথা মনত পেলায়।

মানুহৰ জীৱনত সংঘাত-প্ৰত্যাহ্বান অৱধাৰিত। কিন্তু সেই পৰিস্থিতিত মূৰ নোদোৱাকৈ সাহসেৰে থিয় দি থাকিব পাৰিলে পিছত সৌভাগ্যয়ো ভুমুকি মাৰে। ষ্টিফেনৰ জীৱনতো সেয়া বাৰে বাৰে প্ৰমাণিত হৈছে। আসন্ন মৃত্যুৰেখাই তেওঁৰ জীৱনৰ প্ৰতি থকা পূৰ্বৰ দৃষ্টিভংগী সলনি কৰি পেলালে। পূৰ্বে অৰ্থহীন যেন লগা জীৱনটোকে ষ্টিফেনে এতিয়া এক নতুন ৰূপত আৱিষ্কাৰ কৰিলে। যিদৰে চিকিৎসালয়ত দেখা ৰোগাক্ৰান্ত ল'ৰাটোৰ মাজেৰে তেওঁ দুৰ্ভগীয়া জনসাধাৰণৰ লগত নিজৰ এটা গভীৰ সামঞ্জস্য বিচাৰি পাইছিল, সেইদৰে প্ৰেয়সী জেন ৱাইল্ডৰ নিবিড় সান্নিধ্যয়ো ষ্টিফেনক বহুখিনি সাহস আৰু প্ৰেৰণা যোগালে। জেনে ষ্টিফেনক প্ৰবোধ দিছিল যে দুয়ো একেলগে আসন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব। এনেদৰে জেনৰ মধুৰ সান্নিধ্যই ষ্টিফেনৰ মানসিক হতাশাগ্ৰস্ততাৰ ভালেখিনি উপশম ঘটালে। পূৰ্বে মনলৈ অহা জীৱনৰ প্ৰতি এক বীতস্পৃহ ভাৱ সমুলি মাৰ গ'ল; তাৰ পৰিৱৰ্তে জীৱনৰ অৱশিষ্ট দিনকেইটাৰ প্ৰতিটো পল-অনুপল তেওঁৰ দৃষ্টিত মহামূল্যৱানস্বৰূপ হৈ পৰিল। ষ্টিফেনৰ নিজৰ ভাষাত—  "যেতিয়া তুমি আসন্ন মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা, তেতিয়াহে বুজিব পাৰিবা, জীয়াই থকাৰ প্ৰয়োজন কিমান আৰু কিমান কাম তোমাৰ কৰিব লগা আছে।"

১৯৬৩ চনত নৱবৰ্ষৰ পাৰ্টী এটাত হকিং আৰু জেনৰ প্ৰথম সাক্ষাৎ হৈছিল। সেইদিনা জেনৰ দেউতাকে দুয়োকে চিনাকি কৰি দিছিল। জেনে চে’ণ্ট আলবান্সত পঢ়ি থকা দিনতেই ষ্টিফেনক দেখা পাইছিল যদিও স্কুলীয়া দিনত দুয়োৰে চা-চিনাকি হোৱা নাছিল। ষ্টিফেনৰ কথা-বতৰা, চাল-চলনত এক দাম্ভিক মন প্ৰকাশ পাইছিল। কিন্তু জেনে বুজি পাইছিল যে ষ্টিফেন আন ল'ৰাবোৰতকৈ বেলেগ; আৰু তেওঁৰ আত্মগৌৰৱী যেন লগা বহিপ্ৰকাশো ল'ৰাজনৰ প্ৰখৰ বুদ্ধিদীপ্ত মনৰহে পৰিচায়ক। প্ৰথম দৰ্শনৰ কথা সুঁৱৰি জেনে তেওঁৰ "ট্ৰেভেলিং টু ইনফিনিটি" গ্ৰন্থখনত লিখিছে— "পিতাই যেতিয়া ষ্টিফেনৰ স'তে মোক চিনাকি কৰাই দিলে, তেতিয়া ভাব হ'ল অন্য পাঁচজন ল'ৰাৰ দৰে নহয় তেওঁ। মোৰ ভাল লাগিল সেয়াই। মাথোঁ ভাল লগাই নহয়, আকৃষ্টও হ'লোঁ।" (জেনে লিখা এই বাক্যকেইশাৰীৰ অনুবাদ পোনপটীয়াকৈ হেমন্ত কুমাৰ ভৰালীৰ 'প্ৰেম আৰু প্ৰতিভা' কিতাপখনৰ পৰা তুলি দিয়া হৈছে)।

হতাশাৰ মাজতো জীৱনৰ প্ৰতি সামান্য ধনাত্মক দৃষ্টিভংগী গঢ় লৈ উঠিল যদিও দীৰ্ঘম্যাদী কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত ষ্টিফেন অনিশ্চয়তাৰ সন্মুখীন হ'ল। হাতত খুব বেছি আৰু দুটা বছৰ! এনেক্ষেত্ৰত কি উদ্দমেৰে পঢ়া-শুনা আৰম্ভ কৰা যায়? পঢ়া-শুনাত মনেই বা বহে ক'ত! কিন্তু জেনৰ সান্নিধ্যই ষ্টিফেনৰ স্থবিৰ হ'ব খোজা জীৱনটোলৈ এটা গতিশীলতা আনি দিলে। অনিশ্চিত ভৱিষ্যতৰ কথা জানিও জেনে ষ্টিফেনৰ আগত বিয়াৰ কথা উলিয়ালে। বিয়াৰ পূৰ্বে চাকৰি এটা নহ'লে সংসাৰ নচলিব। আকৌ চাকৰি এটাৰ যোগ্য হ'বলৈ ষ্টিফেনক পি.এইচ.ডি. ডিগ্ৰী এটাৰ খুবেই প্ৰয়োজন। ইতিমধ্যে গৱেষণাৰ বিষয়বস্তু তেওঁৰ মূৰত পূৰ্বৰ পৰাই বাহ লৈ আছিল। এতিয়া পি.এইচ.ডি.ৰ খাতিৰত অনিশ্চয়তাৰ মাজতে ষ্টিফেনে গৱেষণা আৰম্ভ কৰি দিলে। এই নতুন কৰ্মব্যস্ততা তেওঁৰ ভালেই লাগিল। অৱশেষত ১৯৬৫ চনৰ ভিতৰত ষ্টিফেনৰ পি.এইচ.ডি.ৰ গৱেষণা সম্পূৰ্ণ হ'ল। ইয়াৰ পিছতে তেওঁ কেম্ব্ৰিজৰ অধীনস্থ কেয়াছ মহাবিদ্যালয়ত গৱেষক অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিলে। এনেদৰে অৰ্থোপাৰ্জনৰ পথ মুকলি হোৱাত জেন আৰু ষ্টিফেনৰ বিবাহৰ পথ প্ৰশস্ত হ'ল, আৰু ১৯৬৫ চনৰে জুলাই মাহত দুয়োৰে বিয়াখন সুকলমে সম্পন্ন হ'ল।

বিয়াৰ পিছতো পৰিয়ালটো ভালদৰে এঠাইত থিতাপি ল'বলৈ নাপালে। ষ্টিফেন বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সন্মিলনত সঘনে ঘূৰি ফুৰিব লগা হ’ল; আনফালে জেনে তেতিয়াও ৱেষ্টফিল্ড মহাবিদ্যালয়ত নিম্ন-স্নাতক বৰ্ষৰ ছাত্ৰী হিচাপে শিক্ষাগ্ৰহণ কৰি আছিল। পিছলৈ ৰবাৰ্ট, লুচি আৰু টিম'থি নামৰ তিনিটা সন্তানেৰে হকিং দম্পতীৰ এটা ডাঙৰ পৰিয়াল গঢ় লৈ উঠিল। ইতিমধ্যে চিকিৎসকে দিয়া দুবছৰীয়া সময়সীমা উকলি গ'ল, কিন্তু চিকিৎসকে আশংকা কৰাধৰণে মৃত্যুৰ ভৱিষ্যৎবাণী নফলিয়ালে। মাত্ৰ তেওঁৰ স্বাস্থ্য ক্ৰমাগতভাৱে শোচনীয় পৰ্য্যায়লৈ গৈ থাকিল। প্ৰথমে চিৰিৰে উঠা-নমা কৰাত তেওঁৰ সমস্যা হ'বলৈ ধৰিলে। এটা সময়ত ঘৰৰ পৰা নিজৰ কাৰ্য্যালয় পাবলৈ তেওঁ লাখুটিৰ সহায় ল'ব লগা হ'ল। ১৯৭০ৰ দশকত ক্ৰমান্বয়ে লিখাৰ ক্ষমতাও হেৰুৱাবলৈ ধৰাত তেওঁ দৃশ্যমান মাধ্যমৰ সহায় ল'বলগীয়া হ'ল। প্ৰখৰ কল্পনাশক্তিৰ অধিকাৰী ষ্টিফেনে বিভিন্ন সমীকৰণক জ্যামিতিৰ সহায়ত বুজিব পৰা কৰি ল'লে। পদাৰ্থবিজ্ঞানী ৱাৰ্নাৰ ইজৰাইলে হকিঙৰ এই পদ্ধতিটোক মোৎজাৰ্টে মনৰ ভিতৰতে সৃষ্টি কৰা অপূৰ্ব সুৰৰ লগত তুলনা কৰিছে।

১৯৭৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছাডেনাস্থিত কেলিফ'ৰ্নিয়া ইনষ্টিটিউট অৱ টেকন'লজিত (কেলটেক) সন্মানীয় অতিথি অধ্যাপক হিচাপে যোগদান কৰিলে। জেনে ষ্টিফেনৰ বৰ্ধিত সমস্যালৈ চাই ঘৰতে এজন ছাত্ৰক ৰখাৰ কথা ভাবিলে যাতে তেওঁ ষ্টিফেনক কিছু কামত সহায় আগবঢ়াব পাৰে। ষ্টিফেনেও কথাটোত সন্মতি জনোৱাত বাৰ্ণাৰ্ড কেৰ নামৰ ছাত্ৰজনে ষ্টিফেনহঁতৰ পৰিয়ালতে থাকিবলৈ ল'লে। তেওঁ নিজৰ গৱেষণাৰ ক্ষেত্ৰত ষ্টিফেনৰ দিহা-পৰামৰ্শ পাই থাকিব, বিনিময়ত তেওঁ ষ্টিফেনক খোৱা-লোৱা, চলা-ফিৰা ইত্যাদি কামত সহায় কৰিব। ১৯৭৫ চনত ইংলেণ্ডলৈ ওভতাৰ পিছত ডন পেজ নামৰ আন এজন ছাত্ৰই সেই দ্বায়িত্বভাৰ ল'লে।

শোচনীয়ৰ পৰা অতি শোচনীয়লৈ:

কেইবছৰমান পিছত ষ্টিফেনৰ বাক-শক্তিও ধীৰে ধীৰে কমি আহিল। এটা সময়ত তেওঁৰ কথাবোৰ পৰিয়ালবৰ্গ আৰু ঘনিষ্ঠ সহযোগীসকলেহে বুজিব পৰা হৈ থাকিল। সভা-সমিতিয়ে বক্তৃতা দিবলৈ তেওঁৰ কথাবোৰ স্পষ্টকৈ বুজাবপৰা মানুহৰ আৱশ্যক হ'ল। ইফালে লাখুটি এৰি ষ্টিফেনে পেং লৈ অহা-যোৱা কৰিবলগীয়া হ'ল। পৰিস্থিতিলৈ চাই হকিং দম্পতীয়ে তেওঁৰ কাৰ্য্যালয় কেম্ব্ৰিজৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান বিভাগ"ৰ (Department of Applied Mathematics and Theoretical Physics) সমীপৰে এটা ঘৰ বন্দোৱস্ত কৰিলে। পিছত ১৯৬৯ চনৰ শেষৰপৰা ষ্টিফেনে চলা-ফিৰা কৰিবলৈ হুইলচেয়াৰৰ সহায় ল'লে।

১৯৮৫ চনত ছুইজাৰলেণ্ডৰ চাৰ্ন (CERN) ভ্ৰমণৰ সময়তে ষ্টিফেন নিউম'নিয়াত আক্ৰান্ত হ'ল। অতি সংকটজনক অৱস্থাত থকা ষ্টিফেনক বচাবলৈ চিকিৎসকলে ট্ৰেকিয়'ট'মী নামৰ অস্ত্ৰোপচাৰটো চলোৱাৰ বাহিৰে আন উপায় নাথাকিল। ট্ৰেকিয়'ট'মীৰ দ্বাৰা ডিঙিত বিন্ধা কৰি এটা পৃথক পথেৰে উশাহ-নিশাহৰ ব্যৱস্থা কৰা হয়। এনেদৰে ট্ৰেকিয়'ট'মীৰ ফলত ষ্টিফেন পুনৰবাৰ মৃত্যুৰ ওচৰৰ পৰা উভতি আহিল, কিন্তু নিজৰ কন্ঠস্বৰ চিৰদিনৰ বাবে হেৰুৱাই পেলালে।

ইয়াৰ পৰৱৰ্তী কেইটামান দিন তেওঁ মানুহৰ লগত সংযোগ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হ'ল। কোনোবাই এখন বানান ফলকত এটা এটাকৈ বৰ্ণ দেখুৱাই গ'লে ষ্টিফেনে চেলাউৰিৰ ইংগিতেৰে বিচৰা শব্দটো নিৰ্বাচন কৰে। যোৱা ২০১৪ বৰ্ষত মুক্তি পোৱা ষ্টিফেনৰ জীৱনভিত্তিক চলচ্চিত্ৰ "দ্য থিয়ৰি অৱ এভ্ৰিথিং"অত এডি ৰেডমেইনৰ অভিনয়ত ষ্টিফেনৰ এনে দুৰ্দশাগ্ৰস্ত সময়ৰ দৃশ্যবোৰ জীৱন্তৰূপত ফুটি উঠিছে। এনে প্ৰক্ৰিয়াৰে প্ৰৱন্ধ-পাতি লিখাটো বাদেই, মানুহৰ লগত দুই-এষাৰ কথা পতাও দুঃসাধ্য হৈ পৰিল। হতাশাগ্ৰস্ত হৈ ষ্টিফেনে ভাবিলে যে তেওঁৰ বৈজ্ঞানিক কেৰিয়াৰৰ ইমানতে ইতি পৰিল। এতিয়া আৰু খোৱা-শোৱাৰ বাহিৰে আন সকলো কামেই তেওঁৰ সাধ্যৰ বাহিৰত।

কিন্তু সম্পূৰ্ণ বাকৰুদ্ধ হৈ পৰা ষ্টিফেনৰ বাবে তেতিয়াও সকলো আশাৰ বাট মাৰ যোৱা নাছিল । ইতিমধ্যে এজন আগশাৰীৰ বিজ্ঞানী হিচাপে তেওঁৰ খ্যাতি ৰৈ-বৈ গৈছিল, ফলত বহু লোকেই তেওঁৰ দুৰাৰোগ্য ৰোগৰ বিষয়ে জানিব পাৰিছিল। কেলিফ'ৰ্নিয়াৰ ৱাল্ট ৱাল্ট'জ নামৰ কম্পিউটাৰ বিশেষজ্ঞজনেও তেওঁৰ সমস্যাটোৰ কথা জানিব পাৰিলে আৰু তেওঁ সাজি উলিওৱা 'ৱৰ্ডপ্লাচ' নামৰ কম্পিউটাৰ প্ৰগ্ৰেমটো ষ্টিফেনলৈ পঠিয়াই দিলে। প্ৰগ্ৰেমটোৰ দ্বাৰা ষ্টিফেনে হাত এখনৰ সহায়ত চুইচ টিপি সন্মুখৰ ডেক্সটপ পৰ্দাত উঠা ম্যেনুৰ পৰা শব্দ নিৰ্বাচন কৰিবলৈ সক্ষম হ'ল। পিছলৈ ডেভিদ মেছন নামৰ আন এজন লোকে (পিছলৈ ষ্টিফেনৰ দ্বিতীয় পত্নী হোৱা ইলেইন মেছনৰ স্বামী) তেওঁৰ হুইলচেয়াৰত এটা স্বৰ সংশ্লেষক আৰু পাৰ্ছনেল কম্পিউটাৰো সংযোগ কৰি দিলে। ফলত তেওঁ লিখা কথাবোৰ শ্ৰাৱ্যৰূপতো প্ৰকাশ কৰিব পৰা হ'ল। ষ্টিফেনে সামান্য সকাহ পালে; অন্ততঃ এই প্ৰক্ৰিয়াৰে তেওঁ মিনিটত তিনিটা পৰ্য্যন্ত শব্দ লিখিবলৈ সক্ষম হ'ল।

২০০৫ চনৰ পিছত তেওঁ হাতৰ আঙুলিৰ ওপৰতো নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। বৰ্তমান মাত্ৰ চকু দুটা লৰ-চৰ কৰিয়েই তেওঁ মিনিটত এটা শব্দৰ হাৰত মানুহৰ লগত সংযোগ ৰাখিছে। স্বাস্থ্যৰ এনে অৱনতিয়ে ষ্টিফেনক শীঘ্ৰেই 'Locked-in syndrome' নামৰ এক সম্পূৰ্ণ সংযোগহীন অৱস্থালৈ লৈ যোৱাৰ সম্ভাৱনা আছে। এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞই তেওঁৰ দেহত সঘনে পৰীক্ষা-নিৰীক্ষা চলাই আছে যাতে প্ৰয়োজনত মগজুৰ আভ্যন্তৰীণ সজ্জা বা মুখৰ প্ৰকাশভংগীক ভিত্তি কৰিয়েই তেওঁৰ মনৰ বুজ ল'ব পৰা যায়। ২০০৯ চনৰ পৰা তেওঁ নিজাকৈ হুইলচেয়াৰখন নিয়ন্ত্ৰণৰ ক্ষমতাও হেৰুৱাই পেলাইছে।

মৃত্যু গচকি আনা জয় জিনি...

স্বাস্থ্যৰ ক্ৰমাগত অৱনতিয়েও পিছে ষ্টিফেনৰ বৈজ্ঞানিক কেৰিয়াৰৰ উত্থানত বাধা দিব নোৱাৰিলে। ষ্টিফেনৰেই সৌভাগ্য যে যি মটৰ নিউৰন ৰোগে তেওঁৰ সমস্ত দেহক অসাৰ কৰি এখন হুইল চেয়াৰৰ গণ্ডীত বন্দী কৰি পেলাইছে, সেই ভয়ংকৰ ৰোগটোৱে কিন্তু মগজুৰ সঠিক কাৰ্য্যকলাপত বিশেষ কোনো ব্যাঘাত জন্মাব নোৱাৰিলে। তাতে তাত্ত্বিক পদাৰ্থবিজ্ঞানী হিচাপে ষ্টিফেনৰ বিজ্ঞানচৰ্চাৰ মূল গৱেষণাগাৰেই হৈছে তেওঁৰ মগজু। সেইবাবে শাৰীৰিকভাৱে নিশ্চল হ'লেও গভীৰ চিন্তা-চৰ্চাৰ মাজেৰে ষ্টিফেনে বিজ্ঞানচৰ্চা অব্যাহত ৰাখি গ'ল।

ষ্টিফেনে অক্সফ'ৰ্ডত পঢ়ি থকাৰ সময়ত বাৰবেক মহাবিদ্যালয়ৰ প্ৰায়োগিক গণিত বিভাগৰ ৰিডাৰ ৰ'জাৰ পেনৰ'জে কৃষ্ণগহ্বৰ বা ব্লেকহ'লৰ গঠন সম্পৰ্কে গভীৰভাৱে গৱেষণা চলাইছিল। এবাৰ পেনৰ'জৰ বক্তৃতা এটা শুনি ষ্টিফেন বৰকৈ প্ৰভাৱান্বিত হ'ল। পেনৰ'জে ইতিমধ্যে প্ৰমাণ কৰিছিল যে কৃষ্ণগহ্বৰবোৰ নিজৰেই মাধ্যাকৰ্ষণৰ প্ৰভাৱত পিছলৈ সংকুচিত হৈ এটা অসীম ঘনত্বৰ বিন্দুত পৰিণত হয়, যিটোক বিচিত্ৰতা (singularity) নামেৰে জনা যায়। এই বিচিত্ৰতাৰ আচৰণ বাহ্যিক জগতখনৰ পৰা সম্পূৰ্ণ পৃথক, পদাৰ্থবিজ্ঞানৰ নীতি-নিয়মসমূহ তাত অচল হৈ পৰে। পেনৰ'জৰ আৱিষ্কাৰে ষ্টিফেনৰ মনত যথেষ্ট চিন্তাৰ খোৰাক যোগালে। তেওঁ উপলব্ধি কৰিলে যে অনুৰূপ কথাটো হয়তো গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ ক্ষেত্ৰতেই খাপ খাব। ষ্টিফেনে এই বিষয়ত গৱেষণা আৰম্ভ কৰিলে আৰু বিষয়টো তেওঁৰ পি.এইচ.ডি. থেছিছৰ মূল বিষয়বস্তু হৈ পৰিল। সঁচাকৈয়ে গৱেষণাৰ অন্তত তেওঁ দেখুৱাবলৈ সক্ষম হ'ল যে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ প্ৰাৰম্ভিক মুহূৰ্তত হোৱা মহানাদ বিস্ফোৰণো এটা অসীম ঘনত্বৰ বিচিত্ৰতাৰ পৰাই হৈছে। গতিকে সময়ৰো নিশ্চয়কৈ এটা আৰম্ভণি আছে, কাৰণ বিচিত্ৰতাৰ পূৰ্বৰ ঘটনাবোৰ পদাৰ্থবিজ্ঞানৰ নীতি-নিয়মেৰে ব্যাখ্যাতীত। তেনেক্ষেত্ৰত সময়ৰ কোনো তাৎপৰ্য্য নাই। ষ্টিফেনৰ এই আৱিষ্কাৰৰ লগে লগে তেওঁ এজন আগশাৰীৰ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে।

পঠনীয়:  এটা জন্মদিনৰ এক অভিনৱ উপহাৰ

আৰম্ভণিৰ পৰাই ষ্টিফেনৰ গৱেষণাৰ মূল ভিত্তি আছিল আইষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব। কিন্তু অধ্যাপক পেনৰ'জৰ সৈতে কৰা গৱেষণাৰ পৰা এইটো স্পষ্ট হৈ পৰিল যে অসীম ঘনত্বৰ বিচিত্ৰতাত সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বও নিস্ক্ৰিয় হৈ পৰে। তদুপৰি বিচিত্ৰতাৰ দৰে ক্ষুদ্ৰ বিন্দুত বৃহদাকাৰ জগতখনৰ তত্ত্ব আপেক্ষিকতাবাদৰ প্ৰয়োগ কৰাটো নিৰৰ্থক যেন লাগিল। গতিকে ষ্টিফেন সমন্বিতে বিজ্ঞানীসকলৰ পৰৱৰ্তী লক্ষ্য হৈ পৰিল ক্ষুদ্ৰকাৰ জগতখনৰ পৰিচালক কোৱান্টাম তত্ত্বৰ সৈতে বৃহদাকাৰ জগতৰ আপেক্ষিকতাবাদ তত্ত্বৰ সমন্বয় সাধন। এনেদৰে প্ৰথমে কোৱান্টাম জগতখনৰ প্ৰতি আগ্ৰহী নাছিল যদিও পিছলৈ গৱেষণাৰ প্ৰয়োজনত ষ্টিফেনে কোৱান্টাম তত্ত্বৰ প্ৰতি মনোনিৱেশ কৰিবলগীয়া হ'ল।

কৃষ্ণগহ্বৰক বুজাৰ ক্ষেত্ৰত কোৱান্টাম তত্ত্ব প্ৰয়োগ কৰিবলৈ লওঁতেই ষ্টিফেনৰ জীৱনৰ সৰ্বোৎকৃষ্ট আৱিষ্কাৰটো পোহৰলৈ আহিল। ১৯৭৪ চনৰ এটা বিশেষ ক্ষণত ষ্টিফেনে প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হ'ল যে কৃষ্ণগহ্বৰবোৰে নিৰৱচ্ছিন্নভাৱে একধৰণৰ বিকিৰণ কৰি থাকে। পিছলৈ ই 'হকিং বিকিৰণ' নামেৰে জনাজাত হৈ পৰিল। আচলতে কোৱান্টাম-মেকানিকেল প্ৰভাৱৰ ফলত কৃষ্ণগহ্বৰৰ পৰা পদাৰ্থকণিকা নিৰ্গত হোৱা প্ৰক্ৰিয়াকে 'হকিং বিকিৰণ' বোলা হয়। ষ্টিফেনৰ এই আৱিষ্কাৰ প্ৰথমে আটাইৰে বাবে আচহুৱা-বিধৰ আছিল। আনকি প্ৰথমে ষ্টিফেনে নিজেও তেওঁৰ গণনাত কিবা ভুল হোৱা বুলি ভাবিছিল। কাৰণ কৃষ্ণগহ্বৰৰ সংজ্ঞা অনুসৰি তাৰ পৰা পদাৰ্থ, পোহৰ ৰশ্মি একোৱেই নিৰ্গত হ'ব নোৱাৰে। তেনেক্ষেত্ৰত কৃষ্ণগহ্বৰে বিকিৰণ কৰিব কেনেকৈ? গভীৰ চিন্তা-চৰ্চাৰ মূৰকত ষ্টিফেনে বুজি পালে যে সেই বিকিৰণবোৰ কৃষ্ণগহ্বৰৰ অন্তৰ্ভাগৰ পৰা আৱিৰ্ভাৱ নহয়, সিহঁতবোৰ বিকিৰণ হয় কৃষ্ণগহ্বৰৰ বহিঃআৱৰণ 'ঘটনা বলয়'ৰ (event horizon) সীমামূৰীয়া অঞ্চলৰ পৰাহে। 'ঘটনা বলয়'ত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত পদাৰ্থ-প্ৰতিপদাৰ্থৰ যুগ্ম উৎপন্ন হয়। এই যুগ্মবোৰৰ এটা কণিকা কৃষ্ণগহ্বৰত জাহ যোৱাৰ সমান্তৰালভাৱে আনটো সতীৰ্থ কণিকা বাহিৰলৈ ওলাই আহে। ফলত এজন বাহ্যিক নিৰীক্ষকৰ বাবে কৃষ্ণগহ্বৰৰ পৰা বিকিৰণ হোৱা যেন লাগে। পিছলৈ জেমছ বাৰ্দিন আৰু ব্ৰেণ্ডন কাৰ্টাৰৰ সৈতে তেওঁ তাপবিজ্ঞানৰ নিচিনাকৈ 'কৃষ্ণগহ্বৰ বলবিজ্ঞান'ৰ (black hole mechanics) চাৰিটা সূত্ৰ আগবঢ়ালে। সাম্প্ৰতিক সময়ৰ আন এগৰাকী আগশাৰীৰ পদাৰ্থবিজ্ঞানী মিছিঅ' কাকুৱে ষ্টিফেনৰ বিষয়ে কৈছে— "নিজৰ দেহৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থকা বিজ্ঞানীৰ দলবোৰতকৈ মাত্ৰ চকু দুটা লৰ-চৰ কৰিব পৰা হকিং এজন বেছি সৃজনীশীল ব্যক্তি।"

ষ্টিফেনৰ এনেবোৰ আৱিষ্কাৰৰ ফলত তেওঁ কম বয়সতে আগশাৰীৰ বিজ্ঞানীসকলৰ মাজত স্থান পালে। ইয়াৰ লগে লগে বহুতো উচ্চমানৰ বঁটা-বাহনেৰেও তেওঁ স্বীকৃতি লাভ কৰিলে। ১৯৭৪ চনত ষ্টিফেন ৰয়েল চ'ছাইটিৰ সভ্য হিচাপে মনোনীত হ'ল। ১৯৭৯ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সন্মানীয় লুকাছিয়ান অধ্যাপকৰ আসনখনৰ বাবে মনোনীত হয়। কম বয়সীয়া হকিঙৰ এনে উত্থান দেখি তেওঁৰ সহকৰ্মীসকল বৰকৈ স্তম্ভিত হৈছিল। এই আসনখনৰ বাবে মনোনীত হোৱাৰ লগে লগে তেওঁৰ নাম ছাৰ আইজাক নিউটন, চাৰ্লছ বেবেজ, পল ডিৰাক আদিৰ দৰে মহান বিজ্ঞানীৰ লগত একেখন তালিকাত স্থান পালে। যোৱা ২০০৯ চনলৈ ত্ৰিশটা বছৰ তেওঁ উক্ত আসনখনত অধিষ্ঠিত আছিল। ১৯৮৯ চনত তেওঁ ইংলেণ্ডৰ ৰাণীৰ পৰা 'কম্পেনিয়ন অৱ অনাৰ' সন্মান, ২০০৯ বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান "প্ৰেছিডেন্সিয়েল মেডেল অৱ ফ্ৰিডম"এৰেও বিভূষিত হৈছে। এইবোৰৰ উপৰি তেওঁ আডামছ বঁটা (১৯৬৬), এডিংটন মেডেল (১৯৭৫), এলবাৰ্ট আইনষ্টাইন বঁটা (১৯৭৮), ডিৰাক মেডেল (১৯৮৭)  আদি পদাৰ্থবিজ্ঞানৰ অনেক উচ্চপৰ্য্যায়ৰ সন্মান লাভ কৰিছে। পৃথিৱীৰ ভিন্ন প্ৰান্তৰ বহুতো বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰি প্ৰদান কৰিছে।

‘এ ব্ৰীফ হিষ্ট্ৰি অৱ টাইম' (A Brief History of Time) গ্ৰন্থখন ষ্টিফেন হকিঙৰ আন এক সুকীয়া পৰিচয়। বিশ্বব্ৰহ্মাণ্ডখনৰ স্বৰূপ বুজাৰ ক্ষেত্ৰত আধুনিক বিজ্ঞানে লাভ কৰা অগ্ৰগতিসমূহৰ খতিয়ান সৰ্বসাধাৰণ পাঠকৰ মাজত দাঙি ধৰাত এই গ্ৰন্থখনৰ ভূমিকা উল্লেখনীয়। বৰ্তমান বিজ্ঞানজগতৰ খুবেই চিনাকি পৰিভাষা কৃষ্ণগহ্বৰ বা ব্লেকহ'ল, মহানাদ বা বিগ বেং, টাইম মেছিন আদিৰ লগত তেওঁৰ নামটো অংগাংগীভাৱে জড়িত হোৱাৰ মূলতেও এইখন কিতাপ। ১৯৮৮ চনত প্ৰকাশ পোৱাৰ লগে লগে জনপ্ৰিয়তাৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা এই কিতাপখন এতিয়াও প্ৰকাশৰ সময়ৰ সমানেই সমাদৰ লাভ কৰি আহিছে। কিতাপখনৰ আধাৰত ১৯৯১ চনত একে নামেৰে এখন তথ্যচ্চিত্ৰও নিৰ্মাণ হৈছিল। ('এ ব্ৰীফ হিষ্ট্ৰি অৱ টাইম' কিতাপখনৰ অসমীয়া ভাৱানুবাদ প্ৰকাশ কৰিছে প্ৰশান্ত কুমাৰ বৰদলৈয়ে।) সহজবোধ্য ভাষাত কঠিন বিষয়কো মনোৰমকৈ বৰ্ণোৱাত সিদ্ধহস্ত ষ্টিফেনে ইয়াৰ পিছতো পাঠকৰ বাবে বহুকেইখন গ্ৰন্থ লিখি উলিয়াইছে । ইয়াৰ ভিতৰত 'The Universe in a nutshell', 'The Grand Design', 'A Briefer History of Time', 'The Theory of Everything', 'The Large Scale Structure of Space and Time', Black Holes and Baby Universes and Other essays' আদিৰ নাম ল'ব পাৰি। তাৰ মাজতে জীয়ৰী লুচিৰ লগ লাগি দুয়ো 'জৰ্জ' নামেৰে এশ্ৰেণীৰ কল্পবিজ্ঞানমূলক কাহিনীও লিখি উলিয়াইছে। ইয়াৰ উপৰি তেওঁ ইতিহাসৰ প্ৰখ্যাত গণিতজ্ঞসকলৰ উল্লেখনীয় কৰ্মসমূহ একত্ৰিত কৰি "God Created the Integers" নামৰ সংকলন এখনো সম্পাদনা কৰি উলিয়াইছে। ২০১৩ বৰ্ষত তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ 'মাই ব্ৰীফ হিষ্ট্ৰি' প্ৰকাশ পাইছে। নামটোৰ পৰা উমান পোৱাৰ দৰেই এই কিতাপখনত ষ্টিফেনে খুব সংক্ষিপ্তভাৱে তেওঁৰ জীৱনৰ ওপৰত আলোকপাত কৰিছে, কোনো কথাৰে অতিমাত্ৰা ব্যাখ্যা নাই।

সাংসাৰিক জীৱনৰ বেমেজালি:

যৌৱনৰ যি প্ৰেমে ষ্টিফেনক গভীৰ হতাশাৰ মাজতো আশাৰ ৰেঙণিৰে জীয়াই থকাৰ প্ৰেৰণা দিছিল, সেই প্ৰেমৰ বান্ধোন চিৰস্থায়ী নহ'ল। বিয়াৰ কেইবছৰমান পিছত ষ্টিফেনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেওঁলোকৰ ঘৰখন অনবৰতে নাৰ্ছ, লগুৱাৰে ভৰি থকা হ'ল। ষ্টিফেনৰ ক্ৰমবৰ্ধিত খ্যাতিৰ ফলতো তেওঁলোকৰ ঘৰুৱা জীৱনৰ বহু দিশ ৰাজহুৱা হ'বলৈ ধৰিলে। এনে এক পৰিৱেশত জীৱন কটোৱাটো জেনৰ বাবে অস্বস্তিকৰ হৈ পৰিল। ষ্টিফেনক মনে-প্ৰাণে ভাল পাইছিল যদিও সন্তান আৰু তেওঁৰ পৰিচৰ্য্যাৰ নামতে অধিকাংশ সময় কটাবলগীয়া হোৱাত জেনে পিছলৈ হতাশাত ভুগিছিল। নিজকে অৱহেলিত অনুভৱ কৰি জেনে নিজৰ জীৱনৰ ৰং হেৰুৱাই পেলালে। জেনে খ্ৰীষ্টধৰ্মত গভীৰ বিশ্বাস ৰখাৰ বিপৰীতে ষ্টিফেনৰ ধৰ্মীয় দৃষ্টিভংগীও আছিল সম্পূৰ্ণ পৃথক। তেওঁ আনকি ঈশ্বৰৰ অস্তিত্বক লৈও প্ৰশ্ন উত্থাপন কৰিছিল। সেই সময়তে জনাথন জনছ নামৰ স্থানীয় গীৰ্জাৰ অৰ্গেনবাদক এজনে ষ্টিফেনহঁতৰ ল'ৰা-ছোৱালীকেইটাৰ লগতে জেনকো সংগীত শিকাবলৈ লৈছিল। পিছলৈ জেন আৰু জনাথনৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পালে। আনফালে ষ্টিফেনৰো ইলেইন মেছন নামৰ তেওঁৰ পৰিচৰ্য্যাত নিয়োজিত নাৰ্ছগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। এসময়ত ষ্টিফেনে জেন-জনাথনৰ ঘনিষ্ঠতা অকণো সহ্য কৰিব নোৱাৰা হ'ল আৰু ১৯৯০ চনৰ জুলাই মাহত তেওঁ ইলেইন মেছনৰ লগত নতুন ঘৰ এখনলৈ গুচি গ'ল। ১৯৯৫ চনৰ ছেপ্টেম্বৰ মাহত ষ্টিফেনে ইলেইনক বিয়া কৰালে। ইয়াৰ নমাহ পিছত জেনে জনাথনৰ লগত বিবাহপাশত আৱদ্ধ হ'ল। এনেদৰে জেন-ষ্টিফেনৰ ২৫ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পৰিল।

২০০৬ বৰ্ষত ষ্টিফেন-ইলেইনৰ বিবাহ বিচ্ছেদ হৈছে আৰু তেতিয়াৰ পৰা ষ্টিফেনে অকলে সহকাৰী এজনৰ লগত থাকিবলৈ লৈছে । অৱশ্যে তেতিয়াৰ পৰা প্ৰথমা পত্নী জেন আৰু নিজৰ সতি-সন্ততিৰ লগত ষ্টিফেনে সুসম্পৰ্ক ৰক্ষা কৰি আহিছে।

নিষ্প্ৰাণ দেহৰ জ্যোতিৰ্ময় সত্তা:

বিবিচিযোগে প্ৰচাৰিত "ডিজাৰ্ট আইলেণ্ড ডিস্ক" এটা অতি জনপ্ৰিয় অনুষ্ঠান; এই অনুষ্ঠানটোত প্ৰতি সপ্তাহে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি এগৰাকীক আমন্ত্ৰিত কৰি নিৰ্জন দ্বীপত এটা বছৰ কটাবলগীয়া হ'লে তেওঁৰ নিৰ্বাচনত কি কিতাপ, গীতৰ ৰেকৰ্ড আৰু সামগ্ৰী এপদ উঠিব, তাক কেন্দ্ৰ কৰি আলোচনা আগবাঢ়ে। ১৯৯২ চনৰ বৰদিনৰ দিনাখন এই অনুষ্ঠানটোলৈ আমন্ত্ৰিত হৈছিল বিজ্ঞানী ষ্টিফেন হকিং। সেইদিনা সাক্ষাৎকাৰী ছু ললিয়ে আৰম্ভণিতেই ষ্টিফেনক সুধিলে— এটা স্বাভাৱিক জীৱনশৈলী, স্বাভাৱিক সংযোগমাধ্যমৰ পৰা বঞ্চিত ষ্টিফেনে ইতিমধ্যেই এটা নিৰ্জন দ্বীপত কটোৱাৰ লেখীয়া অভিজ্ঞতা অৰ্জন কৰিছে। এনে এটা জীৱন তেওঁৰ বাবে কিমান নিঃসংগপূৰ্ণ? ষ্টিফেনে উত্তৰত ক'লে যে তেওঁ নিজকে মানুহৰ স্বাভাৱিক কাৰ্য্যকলাপৰ পৰা বঞ্চিত বুলি নাভাবে। মাত্ৰ নিজৰ স্নায়ুৰ (মটৰ নিউৰন) কিছু বিসংগতি থকা বুলিহে গণ্য কৰে। কিন্তু উৎসাহ-উদ্দীপনাৰ দিশৰ পৰা নিজকে তেওঁ সম্পূৰ্ণ স্বাভাৱিক বুলি অনুভৱ কৰে।

সঁচাকৈয়ে সিদিনা অনুষ্ঠানটোত কোৱাৰ নিচিনাকৈ ষ্টিফেনে কোনোদিনে এনে ভাৱ দেখুওৱা নাই যে মানুহৰ সাধাৰণ কাৰ্য্যকলাপবোৰৰ পৰা বঞ্চিত তেওঁ এটা ট্ৰেজিক চৰিত্ৰ, বৰং তেওঁৰ জীৱনত যেন সেয়াই সবাতোকৈ স্বাভাৱিক। সমগ্ৰ অসাৰ শৰীৰ এটাৰে এখন হুইলচেয়াৰত আৱদ্ধ হ'লেও সাধাৰণ মানুহ এজনৰ আশা-আকাংক্ষা, অনুভূতিৰ পৰা তেওঁৰ চিন্তাধাৰা পৃথক আৰু সীমাৱদ্ধ নহয়। বৰং বহুক্ষেত্ৰত তেওঁৰ আগ্ৰহ আৰু সক্ৰিয়তা সুস্থ-সৱল মানুহ এজনতকৈও বেছি। তাত্ত্বিক পদাৰ্থবিজ্ঞান চৰ্চাৰ সমান্তৰালভাৱে আজৰি সময়ত তেওঁ গীত শুনি ভাল পায়। তেওঁ ইতিমধ্যে শূন্য মহাকাশৰ অভিজ্ঞতা লৈছে, চাবমেৰিনেৰে সমুদ্ৰগৰ্ভলৈ গৈছে, ভাৰ্জিন গেলেক্টিক নামৰ মহাকাশযানখনত ভ্ৰমণৰ বাবে আগতীয়াকৈ আসন সংৰক্ষণ কৰি তেওঁৰ মহাকাশ ভ্ৰমণৰ ইচ্ছাও বেকত কৰিছে।  অসাধাৰণ জীৱনীশক্তিৰ অধিকাৰী ষ্টিফেনে নিজক লৈ দুখ কৰাৰ পৰিৱৰ্তে আন মানুহকো হঁহুওৱাতহে অভ্যস্ত। সেইবাবেই বিকলাংগ, শাৰীৰিকভাৱে বাধাগ্ৰস্তসকলৰ বাবে তেওঁ সম্প্ৰতি আদৰ্শনীয় পুৰুষত পৰিণত হৈছে।

ষ্টিফেন ভিতৰৰপৰা এজন অত্যন্ত হাস্যৰসিক ব্যক্তি। তেওঁৰ কথা-বতৰা, লেখা-মেলা, আনকি ঘৰুৱা জীৱনতো তেওঁৰ মাজত এজন হাস্যৰসিক ব্যক্তিৰ চাপ দেখা যায়। সভা-সমিতিয়ে বক্তৃতা দিবৰ সময়ত তেওঁ খুহুতীয়া কথা কৈ শ্ৰোতাৰ মাজত হাঁহিৰ খলকনি তোলে। ২০১৪ বৰ্ষত জনপ্ৰিয় টেলিভিছন অনুষ্ঠান "লাষ্ট ৱিক টুনাইট"ৰ পৰিচালক জন অলিভাৰৰ সৈতে হোৱা সংক্ষিপ্ত সাক্ষাৎকাৰটোত ষ্টিফেনৰ ৰসিক মনটোৰ পূৰামাত্ৰাই প্ৰতিফলন ঘটিছে। বিজ্ঞানীমহলতো তেওঁৰ এই ৰসিক স্বভাৱটো কোনোগুণে কম নহয়। বিভিন্ন কথাৰ আগতীয়া ভৱিষ্যৎবাণী কৰি তেওঁ কেবাবাৰো সহকৰ্মী বিজ্ঞানীৰ লগত বাজী মাৰিছে। অধিকাংশ বাজীত তেওঁ নিজেই পৰাস্ত হৈছে যদিও প্ৰতিপক্ষক চুক্তি অনুসৰি প্ৰাপ্য আদায় দিয়াত পিছ হোঁহকা নাই। এইবোৰৰ ভিতৰত কেলটেকত থাকোতে অধ্যাপক কিপ থৰ্নৰ লগত দ্বৈত নক্ষত্ৰযুগল "চিগনাছ এক্স-১"ৰ অভ্যন্তৰত কৃষ্ণগহ্বৰ থকা-নথকাক লৈ কৰা বাজীটোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। 'হিগচ বছন' বা 'ঈশ্বৰ কণিকা'ৰ অস্তিত্ব প্ৰমাণ কৰাটো সম্ভৱ নহ'ব বুলিও তেওঁ পিটাৰ হিগছৰ সৈতে বাজী মাৰিছিল। কিন্তু ২০১২ বৰ্ষত সঁচাকৈয়ে 'ঈশ্বৰ কণিকা'ৰ আৱিষ্কাৰ হোৱাত তেওঁ মুক্তমনে পৰাজয় স্বীকাৰ কৰিছে।

শাৰীৰিকভাৱে তেওঁ নিজৰ দেহটোকে ইফাল-সিফাল কৰিবলৈ অক্ষম, কিন্তু নিজৰ মানসিক কল্পনাৰে তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ চুক-কোণ চলাথ কৰিব পাৰে, অতীতৰ শেষ প্ৰান্তৰ পৰা অনন্ত ভৱিষ্যতৰ আনটো মূৰত উপস্থিত হৈ সৃষ্টিৰ ৰহস্য উদঘাটনৰ প্ৰয়াসত নিৰন্তৰভাৱে ব্ৰতী হ'ব পাৰে। সন্দেহ নাই তেওঁ আজিৰ পৰ্য্যায়ত উপনীত হোৱাৰ অন্তৰালত পত্নী জেন, সহায়কাৰী নাৰ্ছ-কৰ্মচাৰী অথবা চিকিৎসকৰ ভূমিকা অপৰিসীম। কিন্তু তেওঁৰ নিচিনা শাৰীৰিকভাৱে নিঃকিন স্থিতিৰ পৰা জীৱনৰ শীৰ্ষত আৰোহণ কৰিবলৈ যি অসাধাৰণ মানসিক উত্তৰণ, প্ৰবল আশাবাদী মনৰ প্ৰয়োজন; সেয়া হয়তো মাত্ৰ ষ্টিফেনৰ ক্ষেত্ৰতহে সম্ভৱ।

অহা জানুৱাৰী মাহত ৭৫বছৰ পূৰ্ণ কৰিবলগীয়া ষ্টিফেনে এতিয়াও কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান বিভাগ"ৰ গৱেষণা সঞ্চালকৰ দায়িত্ব পালন কৰি আহিছে। সদ্যহতে তেওঁ অৱসৰৰ কোনো পৰিকল্পনা লোৱা নাই। নিজৰ শাৰীৰিক পৰিস্থিতিৰে তেওঁ মানৱ সমাজলৈ যিখিনি অমূল্য বৰঙণি যোগাব পাৰিলে, তাৰ বাবে ষ্টিফেন নিজৰ জীৱনটোক লৈ সুখী। নিজৰ অতীত জীৱনটোলৈ উভতি চাই সেয়ে ষ্টিফেনে দৃঢ়চিত্তে ক'ব পাৰিছে— "There should be no boundaries to human endeavor. We are all different. However bad life may seem, there is always something you can do, and succeed at. While there's life, there is hope." অৰ্থাৎ— "মানুহে কৰিবপৰা পুৰুষাৰ্থৰ কোনো সীমা থকা উচিত নহয়। প্ৰতিজন মানুহৰে স্বকীয়তা আছে। জীৱনটো যিমানেই কঠিন নহওক কিয়, তুমি কৰিবপৰা কিবা নহয় কিবা এটা কাম নিশ্চয় আছে যিটোত তুমি সফল হ'ব পাৰিবা। জীৱন থাকে মানে আশাও থাকিব।"

উৎস:

(১) My Brief History - Stephen Hawking.

(২) A Brief History of Time - Stephen Hawking.

(৩) Black Holes and Baby Universes and Other Essays - Stephen Hawking.

(৪) Travelling to Infinity: My life with Stephen - Jane Wilde.

(৫) Physics of the Impossible - Michio Kaku.

(৬) Oxford Dictionary of Physics.

(৭) ষ্টিফেন হকিং - অমূল্য কুমাৰ হাজৰিকা।

(৮) প্ৰেম আৰু প্ৰতিভা - হেমন্ত কুমাৰ ভৰালী।

(৯) বিজ্ঞানীৰ জীৱনৰ অন্য দিশ অন্য কথা - ড° দীনেশ চন্দ্ৰ গোস্বামী।

(১০) ইন্টাৰনেট।

Print Friendly, PDF & Email
No Comments

Post A Comment