সূৰ্যলৈ নাছাৰ ‘হট টিকট’

সূৰ্যৰ দৰে নক্ষত্ৰবোৰৰ পৰা নিউক্লীয় সংযোজন প্ৰক্ৰিয়াৰে তাপ আৰু পোহৰ উৎপন্ন হোৱাৰ লগতে অবিৰামভাৱে আধানযুক্ত কণিকা বিকিৰণ হয়৷ আৰু এই আধানযুক্ত কণিকাসমূহ তীব্ৰগতিৰে মহাকাশত সিচৰিত হৈ পৰে৷ এই আধানযুক্ত কণিকাসমূহক ‘সৌৰ বতাহ’ (Solar wind) বুলি জনা যায়৷ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনে এখন গোলাকাৰ ঢালৰ দৰে সূৰ্যৰ এই ভয়ানক বতাহজাকৰ পৰা আমাক ৰক্ষা কৰাৰ লগতে বাসোপযোগী পৰিবেশৰ সৃষ্টি কৰিছে৷

‘সৌৰ বতাহ’ সম্পৰ্কে প্ৰথম অৱস্থাত বিজ্ঞানীসকল সম্পূৰ্ণৰূপে অজ্ঞাত আছিল৷ প্ৰায় ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ মহাকাশ বিজ্ঞানী ইউজিন পাৰ্কাৰৰ (Eugene Parker) গৱেষণাই ‘সৌৰ বতাহ’ সম্পৰ্কত বহু ৰহস্যজনক তথ্য প্ৰকাশ কৰিছিল৷ প্ৰথম অৱস্থাত পাৰ্কাৰৰ গৱেষণা-পত্ৰখন কেইবাখনো আন্তঃৰাষ্টীয় গৱেষণা-পত্ৰিকালৈ পঠিয়াইছিল যদিও প্ৰকাশ কৰা হোৱা নাছিল৷ সেই সময়ৰ ‘এষ্ট্ৰ’ফিজিকেল জাৰ্নেল’ (Astrophysical journal)ৰ সম্পাদক তথা পাৰ্কাৰৰ সহকৰ্মী ভাৰতীয় মূলৰ বিজ্ঞানী সুব্ৰহ্মণ্যম চন্দ্ৰশেখৰে গৱেষণা-পত্ৰখন গুৰুত্ব সহকাৰে লৈ প্ৰকাশ কৰিছিল৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু তথ্য-প্ৰমাণৰ অন্তত বিজ্ঞানীসকল সৌৰ বতাহ সম্পৰ্কত নিশ্চিত হৈছিল৷ আৰু যাৰ ফলত বিজ্ঞানী পাৰ্কাৰৰ নামো বিদ্বান সমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল৷ সৌৰ বতাহ সম্পৰ্কত কৰা গৱেষণাৰ বাবে ইউজিন পাৰ্কাৰক বিভিন্ন সন্মানেৰে সন্মানীত কৰা হৈছিল৷ শেহতীয়াকৈ, অহা জুলাই মাহৰ ৩১ তাৰিখে উৎক্ষেপণ কৰিবলগীয়া, নাছাৰ (NASA) ঐতিহাসিক সূৰ্য অভিমূখী মহাকাশ যানখনৰ নামো বিজ্ঞানীজনৰ সন্মানৰ্থে ‘Parker solar probe’ ৰখা হৈছে৷

বিশ্বব্ৰহ্মাণ্ডক লৈ বিজ্ঞানীসকলৰ কৌতুহলৰ যেন সীমা নাই৷ এই কৌতুহলী মনৰ বাবেই নতুন নতুন তথ্য পোহৰলৈ আহে, সৃষ্টি হয় নতুন যুগৰ৷ তেনে কিছুমান কৌতুহলী মনেই জন্ম দিলে মানৱ ইতিহাসৰ অত্যন্ত ব্যয়বহুল আৰু সবাতোকৈ অধিক ভয়ানক মহাকাশ অভিযান “Parker Solar probe” মিছন৷ এই মহাকাশ যানখনে প্ৰায় চল্লিছ নিযুত মাইল সূৰ্যৰ কাষ চাপি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব৷ চল্লিছ নিযুত মাইল! আমাৰ দেখাত বহু দূৰ যেন লাগিলেও Astronomical scaleৰ ফালৰ পৰা ই বহুত কম দূৰত্ব৷ জানিব পৰা মতে ‘Parker solar probe’ মহাকাশ যানখনে ১৯৭৬ চনত সূৰ্য অভিমুখে যোৱা প্ৰথমখন মহাকাশযান Helios 2 তকৈ সাতগুণ বেছি দূৰত্ব অতিক্ৰম কৰি তথ্য সংগ্ৰহ কৰিব৷ ‘Parker Solar probe’য়েই হ’ব মানৱ ইতিহাসৰ প্ৰথমখন মহাকাশযান, যি সূৰ্যৰ বৰ্হিভাগৰ (Corona) পৰা সৰ্বনিম্ন দূৰত্বত উৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব৷

সাত বছৰৰ অন্তত সূৰ্যৰ নিকটতম দূৰত্বত উপস্থিত হোৱাকৈ নিৰ্মাণ কৰা মহাকাশযানখনত বিশেষ কিছুমান অত্যাধুনিক উচ্চমানৰ প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে৷ উল্লেখযোগ্য যে যাত্ৰাকালত যানখনক শুক্ৰগ্ৰহৰ মহাকৰ্ষণ শক্তিয়েও বিশেষ ভাৱে সহায় কৰিব৷ অৰ্থাৎ এক নিৰ্দিষ্ট দূৰত্বত শুক্ৰগ্ৰহৰ মহাকৰ্ষণ শক্তিয়ে যানখনক গতিশক্তি প্ৰদান কৰিব (সেই বিশেষ পৰিঘটনাটোকে সাধাৰণতে Gravity Assists বুলি কোৱা হয়) আৰু অধিক বেগেৰে সূৰ্যৰ কাষ চাপি যাব৷ আৰু এক নিৰ্দিষ্ট সময়ত গৈ বুধগ্ৰহৰ পৰা প্ৰায় দহ গুণ দূৰত্ব অতিক্ৰম কৰি সূৰ্যৰ অতি ওচৰৰ পৰা তথ্য সংগ্ৰহ কৰিব৷ সূৰ্যৰ একেবাৰে ওচৰত যানখনৰ গতিবেগ হ’ব প্ৰতিঘণ্টাত সাত লাখ কিলোমিটাৰ৷ ইমান তীব্ৰ বেগেৰে কিবা এটা বস্তুৱে পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ত্ৰিছ মিনিটতকৈও কম সময় লাগিব৷ সেই হিচাপৰ পৰা ‘Parker Solar probe’ যানখন, বৃহস্পতি গ্ৰহ অভিমুখে যাত্ৰা কৰা ‘Juno’ কৈও অধিক তীব্ৰবেগী যানৰূপে বিবেচিত হ’ব৷ অৰ্থাৎ ‘Parker Solar probe’খন হ’ব মানৱ নিৰ্মিত আটাইতকৈ দ্ৰুতবেগী মহাকাশ যান৷

সূৰ্যৰ বৰ্হিভাগৰ (Corona) উষ্ণতা প্ৰায় পাঁচ লাখ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈও অধিক৷ সেই কৰ’ণা অংশৰ পৰা চল্লিছ লাখ মাইল দূৰত্বত থাকি তথ্য সংগ্ৰহ কৰিবলৈ মহাকাশ যানখনত কি ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব বাৰু? মহাকাশযানখন গলি নাযাব নেকি? স্বাভাৱিকতেই সকলোৰে মনলৈ এই প্ৰশ্ন আহিব পাৰে৷ সূৰ্যৰ অকল্পনীয় উষ্ণতাপ্ৰৱণ পৰিবেশত পূৰ্বতকৈ ইমান ওচৰৰ পৰা তথ্য সংগ্ৰহ কৰাটো বিগত সময়চোৱাত বিজ্ঞানী-অভিযন্তাসকলৰ বাবে প্ৰত্যাহ্বানস্বৰূপ আছিল৷ বহুক্ষেত্ৰত আছিল প্ৰযুক্তিগত সীমাবদ্ধকতা৷ কিন্তু সীমাবদ্ধকতাই জানো সৃষ্টি কৰিব পাৰে বিজ্ঞান-প্ৰযুক্তিৰ জড়তা? বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত সীমাৱদ্ধকতাই সদায় নতুন দিগন্তৰ সন্ধান দিয়ে, সৃষ্টি কৰে ন ন উদ্ভাৱনৰ৷ তেনে এক উদ্ভাৱনৰেই নাম ‘ Parker solar probe’৷

পৃথিৱীতকৈ মহাকাশযানখনে প্ৰায় ৫২০ গুণ অধিক তাপ আৰু ‘সৌৰ বতাহ’ৰ সন্মুখিন হ’ব৷ অৰ্থাৎ প্ৰায় ১৩৭৭ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাৰ সন্মুখিন হ’বলগীয়া মহাকাশ যানখনত থাকিব ১১.৪৩ চেণ্টিমিটাৰ ডাঠ ‘Carbon-composite shield’ৰ বিশেষ ৰক্ষাকবচ৷ যি সূৰ্যৰ তাপ, চুম্বকীয় ক্ষেত্ৰ আৰু তেজস্ক্ৰীয় বিকিৰণৰ পৰা মহাকাশ যানৰ ভিতৰৰ অত্যাধুনিক যন্ত্ৰ-পাতিবোৰক ৰক্ষা কৰি পৃথিৱীসদৃশ পৰিৱেশতে সক্ৰিয় কৰি ৰখাত সহায় কৰিব৷ প্ৰায় ১৫০ কোটি ডলাৰ খৰচেৰে নিৰ্মিত মহাকাশযানখন এখন সৰু গাড়ীৰ সমান৷ উল্লেখযোগ্য যে যানখনে প্ৰায় ২৪ বাৰ সূৰ্যৰ অতি বিপদসংকুল ঠাইৰ মাজেৰে পাৰ হৈ তথ্য সংগ্ৰহ কৰিব৷ বিজ্ঞানীসকলৰ বিশ্বাস সূৰ্যৰ উত্তাপত বিলীন হোৱাৰ আগতেই মহাকাশ যানখনৰ পৰা প্ৰয়োজনীয় সকলো তথ্য আহৰণ কৰিব পৰা যাব৷

সৌৰ বতাহ এনে এক ভয়ানক মহাজাগতিক পৰিঘটনা যি নেকি কোনো আগজাননী নিদিয়াকৈয়ে পৃথিৱীৰ সকলো বৈদ্যুতিক সা-সামগ্ৰীৰ বিস্তৰ ক্ষতি কৰি আমাৰ ‘আধুনিক জীৱনযাত্ৰা’ক ক্ষন্তেকতেই কোঙা কৰি তুলিব পাৰে৷ বিজ্ঞানীসকলৰ বাবে ‘সৌৰ বতাহ’ কিন্তু আজিও এক নুবুজা সাথঁৰ৷ তদুপৰি কি শক্তিৰ দ্বাৰা এই ‘সৌৰ বতাহ’ত তীব্ৰবেগৰ সঞ্চাৰ হয়? সূৰ্যৰ বৰ্হিভাগৰ (Corona) উষ্ণতা, পৃষ্ঠভাগতকৈ (Photosphere) কিয় অধিক? সূৰ্যৰ বৰ্হিভাগৰ (Corona) মাজেদি তাপ আৰু শক্তিৰ সঞ্চাৰ কিদৰে হয়? বিগত ছটা দশক ধৰি ৰহস্যৰ আৱৰ্তত থকা বিজ্ঞানীসকলৰ এনে বহু কথাৰ উত্তৰ বিচাৰি যাব নাছাৰ ‘Parker solar probe’ মহাকাশ যানখনে৷ উল্লেখযোগ্য যে এই গৱেষণাৰ তথ্যই সূৰ্যৰ দৰে মহাবিশ্বৰ আন নক্ষত্ৰসমূহৰ জীৱন প্ৰক্ৰিয়াত ঘটা বহু ৰহস্যপূৰ্ণ তথ্যও পোহৰলৈ আনিব৷

কেনেডী মহাকাশ কেন্দ্ৰৰ (Kennedy space Centre) পৰা উৎক্ষেপণ কৰিবলগীয়া মহাকাশ যানখনে কঢ়িয়াই নিব এটা বিশেষ ‘ইলেক্ট্ৰনিক মাইক্ৰছিপ’৷ য’ত, ‘হট টিকট’ (Hot ticket) নামেৰে আৰম্ভ কৰা নাছাৰ এই প্ৰকল্পত, বিনামূলীয়াকৈয়ে ইচ্ছ্যুকসকলে নিজৰ নাম মহাকাশ যানখনৰ যোগেদি সূৰ্যলৈ পঠিয়াব পাৰিব৷ ‘হট টিকট’ শীৰ্ষক বিশেষ প্ৰকল্পটোৰ বাবে অভিনেতা উইলিয়াম চাটনাৰে (William Shatner) এটা প্ৰম’ছ’নেল ভিডিঅ’ মুকলি কৰিছে৷ জানিব পৰা মতে সেই বিশেষ ‘ইলেক্ট্ৰনিক মাইক্ৰছিপ’টোত বিজ্ঞানী ইউজিন পাৰ্কাৰৰ গৱেষণা-পত্ৰখনো লৈ যোৱা হ’ব৷ নাছাৰ এই ঐতিহাসিক মহাকাশ অভিযানৰ ‘হট টিকট’ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ শেষ সময় কেৱল ২৭ এপ্ৰিললৈকে৷

 

No Comments

Post A Comment