গুড উইল হাণ্টিং বিশ্বখ্যাত মাছাচুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন’লজিৰ এজন গণিতৰ অধ্যাপকে শিক্ষাৰ্থীসকলৰ মেধা আৰু বুদ্ধিমত্তা জুখি চোৱাৰ উদ্দেশ্যে এটা জটিল অংক শ্ৰেণীকোঠাৰ বাহিৰৰ ব’ৰ্ডখনত লিখি থৈ আহে৷ প্ৰশ্নটো লিখি থৈ অহাৰ কেইটামান ঘণ্টাৰ পাছতেই অংকটোৰ শুদ্ধ সমাধান বৰ্ডত দৃষ্টিগোচৰ হ’ল৷ অংকৰ প্ৰফেছাৰ গেৰাল্ড লেম্বুউৰ চকু কপালত৷...