ভাৰতৰ জনমানসত শনিৰ দৃষ্টি অতি ভয়ানক৷ পৰীক্ষাৰ ফলাফল ভাল নহ’লে, পঢ়িব নোৱাৰিলে, বিয়া-বাৰুৰ “যোগ নাহিলে", কামত বিফল হ'লে সন্দেহৰ আঙুলি যোৱা গ্ৰহটোৱেই হৈছে শনি৷ মহাকাশ বিজ্ঞানৰ বিস্ময়কৰ অভিযানসমূহৰ আগতেও শনি গ্ৰহ অমংগলৰ কাৰক বুলি ধৰা হৈছিল আৰু আজিৰ মহাকাশ বিজ্ঞানৰ চূড়ান্ত অগ্ৰগতিৰ সময়তো সেই একেই ধাৰণা, একেই...

এইচ. জি. ৱেলছে তেওঁৰ "ৱাৰ অৱ দা ৱৰ্ল্ডছ" গ্ৰন্থখনত মংগল গ্ৰহৰ পৰা অহা এক অচিন প্ৰাণীয়ে পৃথিৱীৰ বুকুত চলোৱা ধ্বংসলীলাৰ ৰোমাঞ্চকৰ বৰ্ণনা দিছিল। লেখকৰ কাল্পনিক সৃষ্টি সেই প্ৰাণীবিধে মাত্ৰ দুই-চাৰিদিনৰ ভিতৰতে লণ্ডন মহানগৰী আৰু কাষৰীয়া অঞ্চলবোৰ ছাৰখাৰ কৰি মৰিশালিত পৰিণত কৰিছিল। শেষত যেনিবা এবিধ অণুজীৱৰ...