সৰলতৰ সমস্যা কেতবোৰ গণিতত অতি আমোদজনকভাৱে আত্মগমনকাৰী। পাটীগণিতৰ সমস্যা কেতবোৰ খুব সম্ভৱ সকলোতকৈ সৰলতৰ আৰু তুলনামূলকভাৱে স্বাভাৱিক। পাটীগণিতৰ নাম ল’লেই ইয়াৰ লগত এৰাব নোৱাৰাকৈ জড়িত স্বাভাৱিক সংখ্যাসমূহ, যেনে, 1, 2, 3, 4,...

অৱসৰ লোৱাৰ পাছত প্ৰফেছৰ ভলভলীয়াই এখন সংখ্যাৰ দোকান খুলিলে। বিভিন্ন ধৰ্মৰ, বিভিন্ন ৰূপৰ, বিচিত্ৰ চৰিত্ৰৰ অলেখ সংখ্যা তেখেতৰ দোকানত কিনিবলৈ পোৱা যায়। কেতিয়াবা ভাল মুডত থাকিলে গ্ৰাহকে বিনামূলীয়াকৈয়ো দুই এটা সংখ্যা তেখেতৰ পৰা পায়। এদিন ৰাতিপুৱা দোকান খুলি ইউক্লিড, আৰ্কিমিডিছ, অয়লাৰ, গাউছ, ৰামানুজন আদি গণিতজ্ঞসকলৰ...